Class 12 Economics Chapter 21 পৰিবেশ আৰু বহনক্ষম উন্নয়ন

Class 12 Economics Chapter 21 পৰিবেশ আৰু বহনক্ষম উন্নয়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, HS 2nd year Economics Question Answer, পৰিবেশ আৰু বহনক্ষম উন্নয়ন class 12 economic and select needs one.

Class 12 Economics Chapter 21 পৰিবেশ আৰু বহনক্ষম উন্নয়ন

Join Telegram channel

Class 12 Economics Chapter 21 পৰিবেশ আৰু বহনক্ষম উন্নয়ন can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 21 পৰিবেশ আৰু বহনক্ষম উন্নয়ন gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 21 পৰিবেশ আৰু বহনক্ষম উন্নয়ন

পৰিবেশ আৰু বহনক্ষম উন্নয়ন

Chapter – 21

ECONOMICS

তৃতীয় খণ্ড

অতি চমু প্রশ্ন উত্তৰ

১।  ” পৰিবেশ মানে কি ? 

উত্তৰঃ সমগ্র ভূমণ্ডলীয় উত্তৰাধিকাৰ আৰু সম্পদৰ সামগ্ৰিকতাকে পৰিবেশ বুলি কোৱা হয় । পৰস্পৰক প্ৰভাৱিত কৰা আটাইবোৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজৰ সম্বন্ধৰ অধ্যয়ণকে পৰিবেশে সূচায় । চৰাই , জীৱ – জন্তু , গছ – গছনি , বননি , মীনক্ষেত্র ইত্যাদি জৈৱিক উপাদান আৰু বায়ু , পানী , মাটি আদি অজৈৱিক উপাদানৰ অন্তর্ভুক্ত । 

২। দুটা পৰিবেশ সম্বন্ধীয় সমস্যা উল্লেখ কৰা ৷ 

উত্তৰঃ দুটা পৰিবেশ সম্বন্ধীয় সমস্যা তলত উল্লেখ কৰা হ’ল-

( ক ) প্ৰদূষণ । আৰু 

( খ ) সম্পদসমূহৰ ধ্বংস কৰণ । 

৩ । বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ সমূহ কি কি ? 

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ সমূহ হ’ল-

( ক ) বায়ু প্ৰদূষণ ।

( খ ) জল প্রদূষণ । আৰু

( গ ) শব্দ প্ৰদূষণ ।

৪। জলপ্ৰদূষণৰ দ্বাৰা হ’ব পৰা বেমাৰ / অসুখবোৰ কি কি ? 

উত্তৰঃ জলপ্ৰদূষণৰ দ্বাৰা হ’ব পৰা বেমাৰ / অসুখবোৰ হ’ল-

( ক ) জন্দিজ ( Jaundice ) ।

( খ ) ডায়েৰিয়া । আৰু

( গ ) হে’পাটাটিছ । 

৫। বায়ু প্ৰদূষণৰ দ্বাৰা হ’ব পৰা বেমাৰবোৰ কি কি ? 

উত্তৰঃ বায়ু প্ৰদূষণৰ দ্বাৰা হ’ব পৰা বেমাৰবোৰ হ’ল-

( ক ) অস্থামা / হাঁ – পানী । আৰু

( খ ) শ্বাস – প্রশ্বাসৰ সমস্যা । 

৬ । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা দুটা ব্যৱস্থাৰ উল্লেখ কৰা ৷ 

উত্তৰঃ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা দুটা ব্যৱস্থা হ’ল-

( ক ) জল নিয়ন্ত্ৰণ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইন , ১৯৭৪ । আৰু

( খ ) প্ৰদূষণ নিয়ন্ত্রণ আইন , ১৯৮৬ ।

৭। সম্পদৰ বিলুপ্তিকৰণ ( degradation ) কি ? 

উত্তৰঃ ই হ’ল বনজ সম্পদ আৰু কৃষি ভূমি সকলৰ কাৰৰ পৰিমাণ কমি যোৱা অৱস্থা ।

৮। বনাঞ্চল ধ্বংসকৰণ কি ? 

উত্তৰঃ বনাঞ্চল ধ্বংসকৰণ ( deforestation ) হ’ল বনাঞ্চল বা হাবি – জংঘলসমূহৰ ভৌগোলিক আকাৰৰ হ্ৰাসকৰণ প্ৰক্ৰিয়া ৷ 

৯। নৱীকৰণ যোগ্য ( renewable ) সম্পদ কি ? 

উত্তৰঃ যিবোৰ সম্পদ একৰ ব্যৱহাৰ কৰাৰ পিছতো ইয়াক বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায় , তাকে নৱীকৰণ যোগ্য সম্পদ বোলে । যেনে — জলজ সম্পদ , বনজ সম্পদ ইত্যাদি । 

১০। নৱীকৰণ অযোগ্য ( non – renewable ) সম্পদ কি ? 

উত্তৰঃ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াক দ্বিতীয় বাৰলৈ ব্যৱহাৰ কৰিব নোৱাৰি , তেনেবোৰ সম্পদকে নৱীকৰণ অযোগ্য সম্পদ বোলে । যেনে— কয়লা , গেছ ইত্যাদি খনিজ সম্পদবোৰ ৷ 

১১। সীমিত সম্পদসমূহৰ অত্যাধিক ব্যৱহাৰৰ বেয়া প্ৰভাৱ কি ? 

উত্তৰঃ সীমিত সম্পদসমূহৰ অত্যাধিক ব্যৱহাৰৰ বেয়া প্ৰভাৱসমূহ হ’ল-

( ক ) সম্পদসমূহৰ দুষ্প্ৰ্যপ্তা । আৰু

( খ ) পৰিবেশৰ ওপৰত হেঁচা । 

১২। বহনক্ষম বা অবিৰত ( Sustainable ) উন্নয়ণ কি ? 

উত্তৰঃ যি উন্নয়ণে ভৱিষ্যৎ প্রজন্মৰ উন্নয়নত বাধাৰ সৃষ্টি নকৰি , বৰ্ত্তমান প্ৰজন্মৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে , তেনে উন্নয়নকে বনক্ষম অবিৰত উন্নয় বোলে । 

১৩৷ বহনক্ষম উন্নয়ণৰ ধাৰণাটো ক’ত আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৮৭ চনত আমেৰিকাত অনুষ্ঠিত পৰিবেশ আৰু উন্নয়ন সম্বন্ধীয় বিশ্ব আয়োগত পোন প্ৰথম বাৰৰ বাবে এই ধাৰণাটো কৰা হৈছিল। 

১৪৷ অর্থনৈতিক উন্নয়ন কি ? 

উত্তৰঃ অৰ্থনৈতিক প্ৰগতি যেনে — জনমূৰি আয় বৃদ্ধি ইত্যাদি লগতে যদি এখন অৰ্থনীতিৰ সাংগঠনিক পৰিৱৰ্তন হয় , যেনে – সাংস্কৃতিক , স্বাস্থ্য , শিক্ষা ইত্যাদিৰ পৰিৱৰ্তন সম্ভৱ হয় , তেনে উন্নয়নকে অর্থনৈতিক উন্নয়ন বোলে । 

১৫। বহনক্ষম উন্নয়ণৰ এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ বৰ্ত্তমানৰ প্ৰজন্ম আৰু ভৱিষ্যত্ৰ প্ৰজন্মৰ মাজতে সমতা স্থাপন কৰা । 

১৬। শব্দ প্ৰদূষণ সৃষ্টিৰ উৎসসমূহ কি কি ? 

উত্তৰঃ শব্দ প্ৰদূষণ সৃষ্টিৰ উৎসসমূহ হ’ল-

( ক ) কল – কাৰখানা ।

( খ ) গাড়ী মটৰৰ শব্দ । আৰু

( গ ) বাদ্য যন্ত্ৰ ( উচ্চস্বৰৰ )।

১৭। বহনক্ষম উন্নয়ণৰ ধাৰণাটো কোনে দিছিল ? 

উত্তৰঃ জি.এইচ. ব্রুন্দলেণ্ড ( G. H. Brundtland ) 

চমু আৰু দীঘল প্রশ্ন উত্তৰ

১। পৰিবেশ কার্যাৱলী কি ? 

উত্তৰঃ পৰিবেশৰ কাৰ্যাৱলী হ’ল ক্ৰমে –

( ক ) পৰিবেশে সম্পদৰ যোগান ধৰে । এই সম্পদসমূহৰ নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ অন্তর্ভুক্ত । নিঃশেষ বা অৱক্ষয় হোৱাৰ সম্ভাৱনাক নুই কৰি যিবোৰ সম্পদ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ সমাদক নবীকৰণযোগ সম্পদ বোলে । আনহাতে যিবোৰ সম্পদ উদঘাটন আৰু ব্যৱহাৰৰ ফলত নিঃশেষ হয় সেইবোৰ হল অনবীকৰণযোগ্য সম্পদ ।

( খ ) পৰিবেশে আৱৰ্জনা আত্মীকৰণ কৰে । 

( গ ) পৰিবেশে আনুবংশিক আৰু জীৱ বৈচিত্ৰ্যৰ সৃষ্টি কৰি জীৱন ধাৰণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে । আৰু

( ঘ ) পৰিবেশে নান্দনিক সেৱা আগবঢ়ায় । 

২। ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ ছয়টা কাৰক চিনাক্ত কৰা । 

উত্তৰঃ ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ ছয়টা কাৰক হ’ল – 

( ক ) নিৰ্বনানীকৰণৰ ফলত সৃষ্টি হোৱা উদ্ভিদৰ ক্ষতি সাধন । 

( খ ) ঘৰচীয়া জীৱ – জন্তু আৰু ইন্ধনৰ বাবে ঘাঁহ , বন আৰু গছ – গছনিৰ অৱহমক্ষম উচ্ছেদকৰণ ৷ 

( গ ) ঝুম খেতি । 

( ঘ ) অৰণ্যৰ ভূমি বেদখল । 

( ঙ ) বনজুই আৰু চৰণীয়া পথাৰৰ মাত্ৰাধিক ব্যৱহাৰ । আৰু

( চ ) ভূমি সংৰক্ষণৰ যথোপযুক্ত ব্যৱস্থাৰ অভাৱ । 

৩। পৰিবেশ ভাল প্রভাৱসমূহ কি কি ? 

উত্তৰঃ পৰিবেশ ভাল প্রভাৱসমূহ হ’ল-

( ক ) মানৱ কল্যাণ বৃদ্ধি ।

( খ ) উৎপাদনৰ পৰিমাণ বৃদ্ধি।

( গ ) উচ্চ অর্থনৈতিক উন্নয়নৰ হাৰ । আৰু

( ঘ ) ভৱিষ্যতৰ উন্নয়ণশীল পৰিসৰ ৷

৪। পৰিবেশৰ উন্নয়নসমূহ কি কি ? 

উত্তৰঃ পৰিবেশৰ উন্নয়নসমূহ হ’ল-

( ক ) স্বাস্থ্যৰ ওপৰত নেতিবাচক প্রভাৱ । 

( খ ) দেশৰ জনসংখ্যাৰ ওপৰত কু – প্রভাৱ ৷ আৰু

( গ ) দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰৰ ওপৰত বেয়া প্ৰভাৱ । 

৫। পৰিবেশ প্ৰদূষণৰ কাৰণবোৰ কি কি ? 

উত্তৰঃ পৰিবেশ প্ৰদূষণৰ কাৰণবোৰ হ’ল-

( ক ) জনসংখ্যা দ্ৰুত বৃদ্ধি ।

( খ ) অত্যাধিক নগৰীকৰণৰ প্ৰৱণতা । 

( গ ) পৰিৱহণ ব্যৱস্থাৰ দ্ৰুত আৰু অপৰিলক্ষিত উন্নয় । আৰু

( ঘ ) ব্যাপক আৰু গভীৰ দৰিদ্ৰতা । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

৬। প্ৰদূষণ ৰোধ কৰাৰ কেইটামান ব্যৱস্থা বা পৰামৰ্শ দিয়া । 

উত্তৰঃ প্ৰদূষণ ৰোধ কৰাৰ কেইটামান ব্যৱস্থা বা পৰামৰ্শ হ’ল-

( ক ) অত্যাধিক গছ – পুলি ৰোপন ।  

( খ ) ৰাইজলৈ যোগান ধৰা বিভিন্ন পানীৰ উৎস সমূহ পৰিষ্কাৰ কৰা । 

( গ ) প্ৰদূষণক উদ্‌গনি দিয়া কল – কাৰখানা , গাড়ী – মটৰ ইত্যাদিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা । আৰু

( ঘ ) আৱৰ্জনা সমূহ পৰিষ্কাৰৰ বাবে উপযুক্ত পৰিচালনা ব্যৱস্থা গ্ৰহণ কৰা । 

৭। বনাঞ্চল ধ্বংসৰ বাবে সৃষ্টি হোৱা সমস্যা কি কি ? 

উত্তৰঃ বনাঞ্চল ধ্বংসৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহ হ’ল-

( ক ) বৰষুণৰ পৰিমাণ কমি যোৱা । 

( খ ) ভূমিঙ্খলন হোৱা । 

( গ ) বনাঞ্চল সমূহৰ উৎপাদিকাৰ পৰিমাণ হ্রাস । আৰু

( ঘ ) ভৈয়াম অঞ্চলত বানপানীৰ সৃষ্টি । 

৮। বনাঞ্চল ধ্বংসৰ কাৰণ সমূহ কি কি ? 

উত্তৰঃ বনাঞ্চল ধ্বংসৰ কাৰণ সমূহ হ’ল –

( ক ) দ্ৰুত নগৰীকৰণ প্ৰক্ৰিয়া । 

( খ ) জনসংখ্যা বৃদ্ধি , চাহিদা বৃদ্ধি কৰিছে , বিশেষকৈ কাঠ , খৰি ইত্যাদিৰ বাবে । আৰু

( গ ) চোৰাং চিকাৰীৰ বৰ্দ্ধিত কাৰ্য্যকলাপ । 

৯। অর্থনৈতিক উন্নয়নৰ বৈশিষ্ট্য লিখা । 

উত্তৰঃ অর্থনৈতিক উন্নয়নৰ বৈশিষ্ট্য হ’ল-

( ক ) দীৰ্ঘম্যাদী প্রক্রিয়া । 

( খ ) অবিৰত প্ৰক্ৰিয়া । 

( গ ) প্রকৃত জনমূৰি আয়ৰ বৃদ্ধি । আৰু

( ঘ ) অর্থনৈতিক কল্যাণৰ বৃদ্ধি । 

১০। বহনক্ষম উন্নয়নৰ বৈশিষ্ট্য লিখা । 

উত্তৰঃ বহনক্ষম উন্নয়নৰ বৈশিষ্ট্য হ’ল-

( ক ) বৰ্ত্তমান আৰু ভৱিষ্যৎ প্রয়োজনীয়তাৰ মাজত সমতা স্থাপন । 

( খ ) সম্পদ সমূহৰ কাম্য ব্যৱহাৰ ৷ 

( গ ) প্ৰদূষণ সৃষ্টিত বাধা । 

( ঘ ) উন্নয়নৰ কোনো নিৰ্দ্ধাৰিত সীমা নাই । 

১১৷ পাৰিপাৰ্শ্বিক অৱনতি বুলিলে কি বুজা ? এই অৱনতি ৰোধৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা । 

উত্তৰঃ দেশসমূহে ঔদ্যোগিকৰণ আৰম্ভ কৰাৰ আগত পৰিবেশমূলক সম্পদ আৰু সেৱাসমূহৰ চাহিদা ইয়াৰ যোগানৰ তুলনাত কম আছিল । ফলত প্ৰদূষণৰ পৰিমাণসমূহৰ উদঘাটনৰ হাৰ ইয়াৰ পুনৰ সৃষ্টিৰ হাৰতকৈ কম আছিল । গতিকে পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ উদ্ভৱ হোৱা নাছিল । কিন্তু জনসংখ্যা বিস্ফোৰণ আৰু বৰ্দ্ধিত জনসংখ্যাৰ আৱশ্যকতা পূৰণৰ বাবে ঔদ্যোগিক বিপ্লৱৰ সূচনাৰ পিছত সকলো সলনি হ’ল । পৰিৱেশৰ বিশেষণ ক্ষমতাৰ ওপৰত হেঁচা অত্যাধিক ভাৱে বৃদ্ধি পালে ৷ পৰিৱেশ মানৰ ক্ষেত্ৰত যোগান চাহিদা সমিলমিল ব্যাহত হ’ল । পৰিৱেশমূলক সম্পদ আৰু সেৱাৰ চাহিদা বৃদ্ধি হৈছে । কিন্তু মাত্ৰাধিক ব্যৱহাৰ আৰু অপব্যৱহাৰৰ বাবে ইয়াৰ যোগান সীমিত হৈছে।ফলত আৱৰ্জনা সৃষ্টি আৰু প্ৰদূষণৰ দৰে পৰিবেশ সম্পৰ্কীয় সমস্যা সমূহ সম্প্রতি অতি সংকটজনক অৱস্থাৰ উপনীত হৈছে । 

এই অৱনতি ৰোধৰ বাবে আমাৰ প্ৰয়োজন হ’ল বহনক্ষম উন্নয়ন – 

( ক ) পৰিবেশৰ বহনক্ষমতাৰ ভিতৰত জনসংখ্যা সীমিতকৰণ । পৰিবেশৰ বহনক্ষমতা হৈছে জাহাজৰ অনুমোদিত বোজাৰ সীমা চিহ্নক সূচোৱা ইয়াৰ ধৰ্ম বহনক্ষমতা নিৰ্দেশক ৰেখাডালৰ লেখীয়া । অৰ্থনীতিৰ বাবে এই ৰেখাডালৰ অবিহনে জনসংখ্যা ৰেখাড়ালে পৃথিৱীৰ বহনক্ষমতাক চেৰাই যাব , যিয়ে বহনক্ষম উন্নয়নক বাধা প্রাপ্ত কৰিব । 

( খ ) প্রযুক্তিমূলক প্রগতি নিয়োজিত আহিলা ব্যয়ী হোৱাৰ পৰিবৰ্তে নিয়োজিত আহিলা কুশলী হে হ’ব লাগিব । 

( গ ) নবীকৰণযোগ্য সম্পদসমূহ বহনক্ষমতাৰ ভিত্তিত আহৰণ কৰা উচিত অৰ্থাৎ আহৰণৰ হাৰ পুনৰ হাৰতকৈ অধিক হ’ব নালাগে । 

( ঘ ) অনবীকৰণযোগ্য সম্পদসমূহৰ অৱক্ষয়ৰ হাৰ নবীকৰণযোগ্য বিকাশ সৃষ্টিৰ হাৰতকৈ অধিক হ’ব নালাগে । আৰু 

( ঙ ) প্ৰদূষণৰ ফলত উদ্ভৱ হোৱা অদক্ষতাসমূহ শুধৰাব লাগিব ।

1 thought on “Class 12 Economics Chapter 21 পৰিবেশ আৰু বহনক্ষম উন্নয়ন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top