Class 12 Economics Chapter 17 ভাৰতত মানৱ মূলধন গঠন

Class 12 Economics Chapter 17 ভাৰতত মানৱ মূলধন গঠন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, HS 2nd year Economics Question Answer, ভাৰতত মানৱ মূলধন গঠন class 12 economic and select needs one.

Class 12 Economics Chapter 17 ভাৰতত মানৱ মূলধন গঠন

Join Telegram channel

Class 12 Economics Chapter 17 ভাৰতত মানৱ মূলধন গঠন can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 17 ভাৰতত মানৱ মূলধন গঠন gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 17 ভাৰতত মানৱ মূলধন গঠন

ভাৰতত মানৱ মূলধন গঠন

Chapter – 17

ECONOMICS

তৃতীয় খণ্ড

অতি চমু প্রশ্ন উত্তৰ

১। মানৱ মূলধন গঠন বুলিলে কি বুজা ? 

উত্তৰঃ ই হ’ল এক প্ৰক্ৰিয়া যাৰ সহায়ত দেশৰ জনসাধাৰণৰ শিক্ষা , কৌশল আৰু সামর্থক বৃদ্ধি কৰিব পৰা যায় । 

২। মানৱ সম্পদ কি ? 

উত্তৰঃ মানৱ সম্পদ হ’ল সেইবোৰ যাৰ শ্ৰমৰ দক্ষতা আৰু যোগ্যতা আছে । 

৩। বিশ্ব মানৱ সূচক ( WHI ) মতে ভাৰতৰ স্থান কিমান ? 

উত্তৰঃ ভাৰতৰ স্থান হ’ল ১২৮ । 

৪। সংক্রমিত অসুখ কি ? 

উত্তৰঃ যি ৰোগ বা ৰোগৰ বীজানু এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে , তেনে ৰোগকে সংক্ৰমিত ৰোগ ( Communicable diseases ) বোলে । 

৫। ‘ জন্ম সুৰক্ষা যোজনা’ৰ মুখ্য উদ্দেশ্য কি ? 

উত্তৰঃ দৰিদ্ৰতা সীমা ৰেখাৰ তলত বসবাস কৰা গৰ্ভৱতী মহীলা সকলক আর্থিক তথা আন আন সুবিধা উপলদ্ধ কৰোৱা । 

৬। অর্থনৈতিক প্রগতি মানে কি বুজা ? 

উত্তৰঃ দেশৰ প্ৰকৃত জাতীয় আয় বৃদ্ধি হোৱাকে অর্থনৈতিক প্রগতি বোলে ৷ 

৭। স্বাস্থ্যত বিনিয়োগৰ উপযোগিতা কি ? 

উত্তৰঃ এই বিনিয়োগে শ্রমিকক স্বাস্থ্যবান কৰি ৰাখে আৰু দীর্ঘ দিনলৈ কাম কৰিব পৰা সামৰ্থ আগবঢ়ায় । 

৮। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ স্বাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ ৬৫% , স্বাক্ষৰতাৰ হাৰ । 

৯। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান ( NRHM ) কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ ২০০৫-২০০৬ চনত । 

১০। দেশ এখনত মানৱ মূলধনৰ মূল উৎস দুটা কি কি ? 

উত্তৰঃ দেশ এখনত মানৱ মূলধনৰ মূল উৎস দুটা হ’ল— 

( a ) শিক্ষাত কৰা বিনিয়োগ । আৰু

( b ) স্বাস্থ্য , বৃত্তিগত প্রশিক্ষণ ইত্যাদি । 

১১। দেশ এখনৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশক সমূহ কি কি ? 

উত্তৰঃ দেশ এখনৰ শৈক্ষিক সাফল্যৰ নিৰ্দেশক সমূহ হ’ল— 

( a ) স্বাক্ষৰতাৰ হাৰ বৃদ্ধি ৷ 

( b ) আয়ৰ উৎসলৈ অৰিহণা । 

( c ) দেশৰ অৰ্থনৈতিক উন্নয়নৰ বৰঙণি । আৰু

( d ) জীৱন ধাৰণৰ সুন্দৰ মান । 

১২। ভাৰতবৰ্ষত শিক্ষা আহৰণৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য কিয় দেখা যায় ? 

উত্তৰঃ ( a ) উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ ৷ 

( b ) পর্যাপ্ত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ অভাৱ । আৰু

( c ) বিভিন্ন ঠাইত উপযুক্ত প্রশিক্ষণ আৰু কৌশলপ্ৰাপ্ত মানৱ মূলধনৰ অভাৱ ৷ 

চমু আৰু দীঘল প্রশ্ন উত্তৰ

১। মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা । 

উত্তৰঃ দেশৰ মানৱ সম্পদ সমূহক , মূলধনলৈ পৰিৱৰ্তন কৰাকে মানৱ মূলধন বোলে ৷ যেনে — ছাত্ৰ – ছাত্ৰীৰ দৰে মানৱ সম্পদক ডাক্তৰ বা ইঞ্জিনিয়াৰৰ দৰে মানৱ মূলধনলৈ পৰিৱৰ্তন কৰা ৷ আনহাতে , মানৱ উন্নয়ন মানে হ’ল মানুহৰ সৰ্বাংগীন বিকাশ । অর্থাৎ মানুহৰ শিক্ষা , স্বাস্থ্য , সংস্কৃতি ইত্যাদিৰ বিকাশ সাধন বা উন্নয়ন । 

২। মানৱ মূলধনৰ তুলনাত মানৱ উন্নয়নৰ ধাৰণা ব্যাপক বুলি কিয় ধৰা হয় ? 

উত্তৰঃ মানৱ উন্নয়নৰ পৰিপ্ৰেক্ষিতাত মানুহৰ লক্ষ্য মানুহ নিজেই । শিক্ষা আৰু স্বাস্থ্যত কৰা বিনিয়োগে শ্রম উপাদনশীল বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তেহে মানৱ কল্যাণ সাধিত হব । অর্থাৎ সকলো ব্যক্তিকে শিক্ষিত আৰু সুস্বাস্থ্যবান জীৱনৰ গৰাকী হোৱাৰ অধিকাৰ আছে আৰু সেয়েহে মানৱ উন্নয়নৰ ধাৰণাটো ব্যাপক । 

৩। মানৱ মূলধন গঠনত কোনবোৰ উপদানে অৰিহণা যোগায় ৷ 

উত্তৰঃ ( a ) শিক্ষাৰ স্তৰ ।

( b ) বৃত্তিগত প্রশিক্ষণ ।

( c ) নিয়োগ বজাৰ ।

৪। শিক্ষা আৰু স্বাস্থ্যখণ্ডক নিয়ন্ত্ৰণ কৰা দুটা চৰকাৰী প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰা । 

উত্তৰঃ শিক্ষা খণ্ডত :- ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ( NCERT ) ।

স্বাস্থ্য খণ্ডত :- স্বাস্থ্য বিভাগ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ( ICMR ) ।

৫। এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষা এক গুৰুত্বপূৰ্ণ সমল কিদৰে ব্যাখ্যা কৰা ৷ 

উত্তৰঃ শিক্ষা এটা জাতিৰ উন্নয়নৰ বাবে অপৰিহাৰ্য কাৰণ যেতিয়া মানুহে লিখিব পঢ়িব পাৰে , তেতিয়াহে সুদীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব আৰু তেতিয়াহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰা অইন পচন্দমূহ কৰিব পাৰিব । স্বাভাৱিকতে অর্থনৈতিক বৃদ্ধিলৈ শিক্ষিত ব্যক্তিজনৰ বৰঙণি অশিক্ষিত এজনৰ তুলনাত বেছি , কাৰণ এজন শিক্ষিত ব্যক্তিয়েহে দেশৰ উন্নয়নত আয় সৃষ্টি কৰিব পাৰে । প্রকৃত দিশত শিক্ষিত আৰু অশিক্ষিত হলে বৃহৎ জনসংখ্যা এখন দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আৰু সঠিক দিশত সামাজিক সাধনৰ বাবে সম্পদ হ’ব পাৰে । শিক্ষাত কৰা বিনিয়োগে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তেহে মানৱ কল্যাণ সাধিত হ’ব । 

৬। তলত উল্লেখ কৰাবোৰক মানৱ মূলধন গঠনৰ উৎস হিচাপে আলোচনা কৰা । 

( ক ) স্বাস্থ্য আন্তঃগাঁথনি ।

( খ ) প্ৰব্ৰজনত কৰা ব্যয় । 

উত্তৰঃ ( ক ) ব্যক্তিৰ উন্নয়নত স্বাস্থ্য যেনেকৈ দৰকাৰী জাতিৰ উন্নয়নৰ বাবেও ই অতিকৈ প্রয়োজনীয় । স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত এজন ৰুগ্ন শ্রমিক কামত অনুপস্থিত থাকিবলৈ বাধ্য । যাৰ ফলত উৎপাদন হ্রাস পায় । সেই কাৰণে স্বাস্থ্যত ব্যয় কৰা মানে মানৱ মূলধন গঠনত ব্যয় কৰা আৰু এই ব্যয় অতি প্রয়োজনীয়। 

উত্তৰঃ ( খ ) মানুহে প্ৰব্ৰজন কৰে নিজৰ ঠাইতকৈ বেছি আযৰ কাম পোৱাৰ আশাত । কাৰিকৰীভাৱে শিক্ষিত লোক যেনে— ডাক্তৰ , ইঞ্জিনিয়াৰসকলে অন্য দেশতলৈ প্ৰব্ৰজন কৰাৰ উদ্দেশ্যও বেছি দৰমহাৰ সুযোগ । এনে প্ৰব্ৰজনত নিহিত হৈ থাকে যাতায়াত ব্যয় , নতুন ঠাইত বসবাসৰ উচ্চ ব্যয় আৰু জটিল সামাজিক সাংস্কৃতিক অৱস্থাত জীৱন যাপন কৰাৰ মানসিক কষ্ট । নতুন ঠাইত অৰ্জন কৰা উচ্চ আয়ৰ গুৰুত্ব এনে খৰচৰ তুলনাত অধিক , সেয়েহে প্ৰব্ৰজনৰ বাবে  হোৱা খৰচো মানৱ মূলধন গঠনৰ উৎস । 

৭। মানৱ মূলধনত কৰা বিনিয়োগে বৃদ্ধিত কিদৰে অৰিহণা যোগায় ? 

উত্তৰঃ মানৱ মূলধন হ’ল প্ৰব্ৰজন তথা ব্যক্তিৰ প্ৰশিক্ষণ , স্বাস্থ্য আৰু শিক্ষা শিতানত কৰা বিনিয়োগৰ ফলশ্ৰুতি । মানৱ মূলধনৰ শক্তিত বিনিয়োগৰ ফলতে দেশ এখনৰ উন্নয়ন দ্ৰুতৰ হয়৷ মানৱ মূলধন সমাৰ্থক যিকোনো উন্নয়ন কৌশলতে বিনিয়োগক মূল ভূমিকা দিব লাগিব ৷ প্ৰকৃততে দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আৰু সঠিক দিশত সামাজিক সাধনৰ বাবে কৰা বিনিয়োগ এটা সময়ত সম্পদ হৈ গঢ় লৈ উঠিব পাৰে । 

৮। এটা জাতিৰ অৰ্থনৈতিক উন্নয়নত শিক্ষাৰ ভূমিকা আলোচনা কৰা । 

উত্তৰঃ শিক্ষা এটা জাতিৰ উন্নয়নৰ বাবে অপৰিহাৰ্য কাৰণ যেতিয়া মানুহে লিখিব পঢ়িব পাৰে , তেতিয়াহে সুদীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব আৰু তেতিয়াহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰা অইন পচন্দমূহ কৰিব পাৰিব । স্বাভাৱিকতে অর্থনৈতিক বৃদ্ধিলৈ শিক্ষিত ব্যক্তিজনৰ বৰঙণি অশিক্ষিত এজনৰ তুলনাত বেছি , কাৰণ এজন শিক্ষিত ব্যক্তিয়েহে দেশৰ উন্নয়নত আয় সৃষ্টি কৰিব পাৰে । প্রকৃত দিশত শিক্ষিত আৰু অশিক্ষিত হ’লে বৃহৎ জনসংখ্যা এখন দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বান্বিত কৰাৰ বাবে আৰু সঠিক দিশত সামাজিক সাধনৰ বাবে সম্পদ হ’ব পাৰে । শিক্ষাত কৰা বিনিয়োগে শ্ৰমৰ উৎপাদনশীলতা বৃদ্ধি নকৰিলেও ইয়াৰ জৰিয়তেহে মানৱ কল্যাণ সাধিত হ’ব । 

৯। শিক্ষাত কৰা বিনিয়োগ কেনেদৰে অর্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰে আলোচনা কৰা । 

উত্তৰঃ দক্ষভাৱে কাৰ্য সম্পাদন কৰিবলৈ যথেষ্ট পৰিমাণৰ নিপুনতা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন ৷ এজন শিক্ষিত ব্যক্তিৰ শ্ৰম নিপুণতা , অশিক্ষিত ব্যক্তি এজনৰ তুলনাত বেছি , সেয়েহে তেওঁ বেছি আয় উপাৰ্জন কৰিবলৈ সক্ষম আৰু এইদৰে শিক্ষাত কৰা বিনিয়োগ দেশৰ অৰ্থনৈতিক বৃদ্ধিত অৱদান যোগোৱাত বেছি দ্রুত । 

১০৷ এজন ব্যক্তিৰ বাবে বৃত্তিগত প্রশিক্ষণৰ আৱশ্যকতা কি আলোচনা কৰা । 

উত্তৰঃ ( a ) স্ব – নিৰ্ভৰশীল বা আত্ম নিৰ্ভৰশীল হ’বলৈ শিকায় । 

( b ) নিজৰ দক্ষতা তথা নিপুনতা বিকাশত অৰিহণা যোগায় । 

১১। মানৱ মূলধন আৰু অৰ্থনৈতিক বৃদ্ধিৰ মাজৰ সম্পৰ্ক আলোচনা কৰা । 

উত্তৰঃ মানৱ মূলধন শ্রমিকৰ দক্ষতা বৃদ্ধি কৰে , উদ্ভাৱন শক্তি বৃদ্ধি কৰাৰ লগতে নতুন প্রযুক্তি গ্রহণত সহায় কৰে , সমাজত হোৱা পৰিৱৰ্তন আৰু বৈজ্ঞানিক প্ৰগতিৰ বিষয়ে জ্ঞান দিয়ে , আয় সৃষ্টিৰ ক্ষমতা বৃদ্ধি কৰে ইত্যাদি আৰু এইদৰে অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগাই দুয়োটাৰ মাজত দৃঢ় সম্পর্ক স্থাপন কৰে । 

১২। ভৰতত স্ত্রী শিক্ষা প্ৰসাৰৰ আৱশ্যকতা ব্যাখ্যা কৰা । 

উত্তৰঃ ( a ) স্ত্রী শিক্ষাই মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতা আনে । 

( b ) সামাজিক অৱস্থান উন্নত কৰে । 

( c ) জন্মৰ হাৰ তথা মহিলা আৰু শিশুৰ স্বাস্থ্য যত্নৰ ক্ষেত্ৰত ইতিবাচক প্রভাৱ পেলায় । 

১৩। ভাৰতত মানৱ মূলধন গঠনৰ প্ৰধান সমস্যাবোৰ কি কি ? 

উত্তৰঃ ( a ) সৰহ সংখ্যক জনতাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে ৷ 

( b ) উচ্চ শিক্ষা আৰু বিশেশীকৃত স্বাস্থ্য যত্ন লাভৰ ববে সমর্থ নহয় । 

( c ) গাঁৱৰ পৰা চহৰলৈ মানৱ মূলধনৰ প্ৰব্ৰজন আৰু ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যা ।

( d ) নিম্ন মানৰ আন্তঃগাথনি আৰু মূলধন গঠন । 

( c ) প্রশিক্ষণ প্রাপ্ত আৰু কৌশলগত শ্ৰমিকৰ অভাৱ । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

১৪ ৷ মানৱ মূলধন গঠনৰ গুৰুত্ব ক’ত ? 

উত্তৰঃ ( ক ) ৰাষ্ট্ৰীয় সম্পদ সমূহৰ উদ্‌ঘাটন । 

( খ ) সম্পদ সমূহৰ কাম্য ব্যৱহাৰ । 

( গ ) উৎপাদন কৌশল সমূহৰ উন্নত ব্যৱহাৰ ৷ 

( ঘ ) উচ্চ অর্থনৈতিক উন্নয়নৰ হাৰ ৷ 

( ঙ ) উৎপাদনৰ পৰিমাণ বৃদ্ধি । 

১৫। মানৱ উন্নয়ন সূচকৰ উপাদান বোৰ কি কি ? 

উত্তৰঃ ( ক ) জীৱন ধাৰণৰ প্ৰত্যাশিত আয়ুস ( গড় আয়ুস ) ।

( খ ) জ্ঞানৰ স্তৰ ( স্বাক্ষৰতা ) ।

( গ ) জনমূৰি আয় ( জীৱন ধাৰণৰ মানদণ্ড )

১৬। শিক্ষা ব্যৱস্থাই সন্মুখীন হোৱা অসুবিধা সমূহ কি কি ? 

উত্তৰঃ ( ক ) অসমান উন্নয়ন । 

( খ ) সম্পদ সমূহৰ অপচয় । 

( গ ) পৰীক্ষা কেন্দ্ৰিক শিক্ষা ব্যৱস্থা ৷ 

( ঘ ) ভাৰতীয় ভাষা সমূহক অৱজ্ঞা । 

( ঙ ) ব্যয় বহুল উচ্চ শিক্ষা ব্যৱস্থা ।

১৭ । শিক্ষা ব্যৱহাৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা কিছুমান প্রচেষ্টা উল্লেখ কৰা ৷ 

উত্তৰঃ ( ক ) প্রথমিক শিক্ষাৰ প্ৰচলন ৷ 

( খ ) বৃত্তিগত শিক্ষাৰ প্ৰচলন ৷ 

( গ ) গৱেষণা কেন্দ্ৰ স্থাপন । 

( ঘ ) ছোৱালী বোৰলৈ বিনামূলীয়া শিক্ষা । 

( ঙ ) ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান । 

( চ ) ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় ফে’লছিপ কাৰ্য্যক্রম । 

১৮ । স্বাস্থ্যৰ ব্যৱস্থা সমূহে সন্মুখীন হোৱা অসুবিধা সমূহ লিখা । 

উত্তৰঃ ( ক ) স্বাস্থ্য সম্বন্ধীয় সুবিধা সমূহৰ বৈষম্যমূলৰ বিতৰণ । 

( খ ) আন্তঃ গাঁথনি মূলক সুবিধাৰ অভাৱ ৷ 

( গ ) উপযুক্ত প্রশিক্ষণ প্রাপ্ত ব্যক্তিৰ অভাৱ ৷ 

( ঘ ) নিম্নমানৰ পৰিস্কাৰ – পৰিছন্নতা ব্যৱস্থা ৷ 

১৯। ভাৰতত স্বাস্থ্য আৰু মেডিকেল সুবিধাৰ প্ৰভাৱ সমূহ কি কি ? 

উত্তৰঃ ( ক ) জন্ম হাৰ , ১৯৫১ চনৰ ৪০ প্রতি হাজাৰ জনৰ বিপৰীতে , ২০০৬ চনত জন্ম হাৰ ২৩.৫ প্রতি হাজাৰলৈ কমি আহিছিল ৷ 

( খ ) মৃত্যুৰ হাৰ প্ৰতি হাজাৰত , ১৯৫১ চনত ২৭ জনৰ বিপৰীতে , ২০০৬ চনত ৭.৫ জনলৈ কমি আহিছিল ৷ 

( গ ) জীৱন নিৰ্বাহৰ প্রত্যাশিত আয়ুস ১৯৫১ চনৰ ৩২ বছৰৰ পৰা ২০০১-০৬ চনত ৬৫ বছৰলৈ বৃদ্ধি৷ 

( ঘ ) শিশুৰ মৃত্যুৰ হাৰ ১৯৫১ চনৰ প্রতি হাজাৰত ১৪৬ জনৰ পৰা ২০০৬ চনত ৫৭ জনলৈ হ্রাস । 

( ঙ ) বিজ্ঞান তথা স্বাস্থ্য সম্বদ্ধীয় গৱেষণাৰ কাম আৰম্ভ ৷ 

২০। স্বাস্থ্য ব্যৱহাৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা কিছুমান প্ৰচেষ্টা উল্লেখ কৰা ৷ 

উত্তৰঃ ( ক ) ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ( NHP ) , ২০০২। 

( খ ) স্বাস্থ্য সেৱাৰ নামত ব্যয় বৃদ্ধি । 

( গ ) ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান ( NRHM ) । 

( ঘ ) ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা ( NHIY ) । 

( ঙ ) বয়সস্থ সকলৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্য্যসূচী।

২১। ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি , ২০০২ ( NHP , ২০০২ ) ৰ মুখ্য উদ্দেশ্য কি ? 

উত্তৰঃ সৰ্বসাধাৰণ লোকৰ বাবে ভাল স্বাস্থ্যৰ ব্যৱস্থা কৰা । ইয়াৰ বাবে আহিবলগীয়া দুটা দশকত কিছুমান লক্ষ্য স্থিৰ কৰা হৈছে , যেনেঃ – ক’লা জ্বৰ নিৰ্মূলকৰণ , ২০১০ চনৰ ভিতৰত অন্ধতাৰ পৰিমাণ ০.৫% হ্রাস কৰা , জন স্বাস্থ্য সেৱা ৭৫% লৈ বৃদ্ধি কৰা ইত্যাদি । 

২২। গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য সেৱাৰ কিছুমান অনুষ্ঠানৰ নাম লিখা ৷ 

উত্তৰঃ ( ক ) প্রাথমিক স্বাস্থ্য কেন্দ্র ( PHC ) 

( খ ) পৰিয়াল – পৰিকল্পনা সেৱাৰ বাবে উপ – কেন্দ্র ৷ 

( গ ) মাল্টি পাৰপচ্ ওৱাৰ্ক’চ স্কীম ( MWS ) 

( ঘ ) ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান ( NRHM ) 

( ঙ ) সমূহীয়া স্বাস্থ্য কেন্দ্র ( CHC ) 

২৩। ২০০৬ চনৰ ভাৰতত জন্ম হাৰ আৰু মৃত্যু হাৰ কিমান আছিল ? 

উত্তৰঃ জন্ম হাৰ – ২৩.৫ প্রতি হাজাৰত । 

         মৃত্যু হাৰ -৭.৫ প্রতি হাজাৰত । 

২৪। বৰ্ত্তমান ভাৰতত , পুৰুষ – মহিলা আৰু গ্ৰাম – নগৰ ত স্বাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ পুৰুষৰ হাৰ – ৭৬% 

         মহিলাৰ হাৰ – ৫৪% 

আকৌ , গ্ৰাম্য অঞ্চলৰ স্বাক্ষৰতাৰ হাৰ – ৫৯.৪% নগৰ অঞ্চলৰ স্বাক্ষৰতাৰ হাৰ ৮০.৩%

1 thought on “Class 12 Economics Chapter 17 ভাৰতত মানৱ মূলধন গঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top