Class 12 Economics Chapter 16 দৰিদ্ৰতা

Class 12 Economics Chapter 16 দৰিদ্ৰতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, hs 2nd year Economics Question Answer, দৰিদ্ৰতা class 12 economic and select needs one.

Class 12 Economics Chapter 16 দৰিদ্ৰতা

Join Telegram channel

Class 12 Economics Chapter 16 দৰিদ্ৰতা can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 16 দৰিদ্ৰতা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 16 দৰিদ্ৰতা

দৰিদ্ৰতা

Chapter – 16

ECONOMICS

তৃতীয় খণ্ড

অতি চমু প্রশ্ন উত্তৰ

১। দৰিদ্ৰতাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন দেশসমূহত গ্ৰহণ কৰা দৰিদ্ৰতাৰ বিভিন্ন সংজ্ঞাৰ মাজত যথেষ্ট পার্থক্য আছে । এই সকলো পাৰ্থক্যবোৰক আঁতৰাই বহুলভাৱে এইটো ক’ব পৰা যায় যে দৰিদ্ৰতা হ’ল এনেকুৱা এটি সমস্যা য’ত সমাজৰ এক শ্ৰেণীৰ মানুহ , নিজা কোনো দোষ নথকা সত্বেও জীয়াই থকাৰ বাবে কোনো এখন দেশৰ জনসংখ্যাৰ ভালেখিনি অংশ দীর্ঘকালৰ বাবে জীৱনৰ ন্যূন্যতম সুযোগ সুবিধাৰ পৰা বঞ্চিত হয়।ইয়াৰ ফলত সেই দেশ ক্রমান্বয়ে দৰিদ্ৰতাৰ এটি ভয়ানক চক্ৰৰ সন্মুখীন হৈ বিপাকত পৰে । 

২। দাৰিদ্ৰতাৰ সীমা ৰেখা কি ? 

উত্তৰঃ ই হ’ল আয় বিতৰণৰ এটা নির্দিষ্ট বিহু , যিয়েই কোনো শ্রেণীৰ মানুহক ধনী আৰু দুখীয়া , এই দুটা শ্ৰেণীত ভাগ কৰে । 

৩ । আপেক্ষিক দৰিদ্ৰতা কি ? 

উত্তৰঃ ই হ’ল নিম্নতম খোৱা সামগ্ৰীৰ উপভোগ্য নোহোৱা শ্ৰেণীৰ দৰিদ্ৰতা ।

৪। সম্পর্কিত দৰিদ্ৰতা কি ? 

উত্তৰঃ যেতিয়া দুখন দেশ বা দুজন ব্যক্তিৰ মাজৰ ধনী বা দুখীয়াৰ তুলনা কৰা হয় । 

৫। ভাৰতত দৰিদ্ৰতাৰ হিচাপ কি ভিত্তিত কৰা হয় ? 

উত্তৰঃ ( ক ) উপভোগ ব্যয়ৰ ভিত্তিত । আৰু 

( খ ) সামগ্ৰীৰ কেলৰি ভিত্তিত । 

৬। ভাৰতত দৰিদ্ৰতা সীমা ৰেখা নিৰ্দ্ধাৰণৰ বাবে উপভোগ ব্যয়ৰ পৰিমাণ কিমান । 

উত্তৰঃ গ্ৰাম্য অঞ্চলত – ২২৯ টকা , প্রতি মাহত । 

         নগৰ অঞ্চলত – ২৬৪ টকা , প্রতি মাহত ।

৭। ভাৰতত দৰিদ্ৰতা সীমা ৰেখা নিৰ্দ্ধাৰণৰ বাবে সামগ্ৰীৰ কেলৰি ভিত্তিত উপভোগ পৰিমাণ কিমান ? 

উত্তৰঃ গ্ৰাম্য অঞ্চলত – ১৪০০ কেলৰি প্ৰতিজনৰ বাবে প্রতিদিন ৷ 

         নগৰ অঞ্চলত – ২১০০ কেলৰি প্ৰতিজনৰ বাবে প্রতিদিন । 

৮। আয়ৰ অসমতা বুলিলে কি বুজা ? 

উত্তৰঃ সমাজত আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য বা খেলিমেলি সমূহকে আয়ৰ অসমতা বোলে । 

৯। দৰিদ্ৰতা দূৰীকৰণ আঁচনি সমূহৰ লক্ষ্য কি ? 

উত্তৰঃ স্ব – নিৰ্ভৰশীলতাক উদ্‌গনি যোগোৱা আৰু লগতে আনুসাংগিক মজুৰি ভিত্তিক নিয়োগৰ সুবিধা প্ৰদান কৰা । 

১০। ১৯৯৯-২০০০ চন আৰু ২০০৪-০৫ চনত ভাৰতত কিমান শতাংশ মানুহ দৰিদ্ৰতা সীমা ৰেখাৰ তলত আছিল ? 

উত্তৰঃ ১০০০ – ২০০০ চনত – ২৬% 

         ২০০৪ – ২০০৫ চনত ২২% 

চমু আৰু দীঘল প্রশ্ন উত্তৰ

১। ‘ কামৰ বাবে খাদ্য ’ কাৰ্যসূচীয়ে কি বুজায় ? 

উত্তৰঃ ‘ কামৰ বাবে খাদ্য ’ কাৰ্যসূচীখন তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাত ( ১৯৬১-৬৬ ) চনত আৰম্ভ হৈছিল । এই আঁচনিখনৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্মসংস্থানৰ সুবিধা বৃদ্ধিৰ চেষ্টা কৰা হৈছিল । 

২। গাঁও আৰু নগৰ অঞ্চল প্রত্যেকৰে স্ব – নিয়োগৰ সুবিধাৰ এটাকৈ উদাহৰণ দিয়া ৷ 

উত্তৰঃ গাঁও অঞ্চলৰ স্ব – নিয়োগৰ সুবিধা হ’ল ক্ষুদ্ৰ আৰু কুটিৰ শিল্প । নগৰ অঞ্চলৰ স্ব নিয়োগৰ সুবিধা হ’ল নৈমিত্তিক শ্রমিক , কমাসকল , মুচি , নাপিত ইত্যাদি । 

৩। আয় উপাৰ্জনকাৰী পৰিসম্পদ সৃষ্টিয়ে কেনেদৰে দৰিদ্ৰতাৰ সমস্যা সমাধান কৰিব পাৰে ?

উত্তৰঃ দৰিদ্ৰতা সমস্যা সমাধান কৰিবলৈ নীতি নির্ধাৰকসকলে ভাবে যে, ক্রমবৰ্দ্ধমান পৰিসম্পদ আৰু কৰ্ম সৃষ্টিৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্ম সংস্থানৰ সুবিধা বৃদ্ধি কৰিব পৰা যায় ৷ কেৱল বিশেষ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচীৰ জৰিয়তে এয়া সম্ভৱ হ’ব পাৰে ৷ এনে কিছুমান আঁচনি বা কাৰ্যসূচী হ’ল – গ্রামীণ নিয়োগ সৃষ্টি আঁচনি ( REGP ) , প্রধানমন্ত্রী ৰোজগাৰ যোজনা ( PMRY ) , স্বর্ণজয়ন্তী চহকী ৰোজগাৰ যোজনা ( SJSRY ) ইত্যাদি । 

৪। দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্রি – মাত্ৰিক ব্যৱস্থা সম্পর্কে চমুকৈ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে চৰকাৰ গ্ৰহণ কৰা পদক্ষেপসমূহ ত্রিমাত্রিক । 

প্ৰথমটো হৈছে — বৃদ্ধিমুখী পদক্ষেপ । এই পদক্ষেপত আশা কৰা হৈছে যে অর্থনৈতিক বৃদ্ধিৰ ফলসমূহ অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনি আৰু জনমূৰি আয়ৰ খৰতকীয়া বৃদ্ধিৰ সুফলবোৰ সমাজৰ সকলো অংশলৈ প্ৰসাৰিত হ’ব আৰু এইবোৰ সমাজৰ দুখীয়া অংশলৈ নিগৰি যাব । 

দ্বিতীয়টো হৈছে , বিশেষ দৰিদ্ৰতা দূৰীকৰণ আঁচনিৰ জৰিয়তে দুখীয়াসকলৰ বাবে আয় আৰু কৰ্ম সংস্থানৰ সুবিধা বৃদ্ধি কৰা । 

তৃতীয়টো হৈছে , জীৱন ধাৰণৰ বাবে জনসাধাৰণক নিম্নতম মৌলিক সুবিধাসমূহ প্ৰদান কৰা ৷ যেনে – ৰেহাই মূল্যত খাদ্য শস্য যোগানৰ ব্যৱস্থা , শিক্ষা , স্বাস্থ্য , পানী যোগান ইত্যাদি । 

৫। বয়োজ্যেষ্ঠ লোক , দৰিদ্ৰ আৰু নিঠৰুৱা মহিলাসকলৰ সহায়ৰ বাবে চৰকাৰে কি কি আঁচনি গ্ৰহণ কৰিছে । 

উত্তৰঃ বয়োজ্যেষ্ঠ লোকৰ বাবে – ৰাষ্ট্ৰীয় সামাজিক সাহার্য আঁচনি ( NSAP ) দৰিদ্ৰ লোকৰ বাবে – সম্পূৰ্ণ গ্রামীণ ৰোজগাৰ যোগান ( SGRY ) মহিলাসকলৰ বাবে – গ্ৰাম্য অঞ্চলৰ মহিলা আৰু শিশু উন্নয়ন আঁচনি ( DWCRA ) 

৬। নিয়োগহীনতা আৰু দাৰিদ্ৰতাৰ মাজত কিবা সম্পর্ক আছে বুলি তুমি ভাবানে ? ব্যাখ্যা কৰা । 

উত্তৰঃ নিয়োগ আৰু কৰ্মসংস্থান ব্যৱস্থাৰ প্ৰকৃতিৰ লগত দৰিদ্ৰতাৰ ঘনিষ্ঠ সম্পর্ক আছে । গাঁও আৰু নগৰ এলেকা উভয়তে নিয়োগহীনতা নাইবা অর্ধনিয়োগ তথা কামৰ নৈমিত্তিক আৰু অনিয়মীয়া প্ৰকৃত্তিয়ে দুখীয়াসকলক ঋণগ্ৰস্ততাত নিমজ্জিত কৰায় আৰু ই পুনৰাই দৰিদ্ৰতাৰ সমস্যা প্রবল কৰে ৷ গতিকে নিয়োহীনতা হৈছে দৰিদ্ৰতাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহৰ অন্যতম । 

৭। আপেক্ষিক দৰিদ্ৰতা আৰু পৰম দৰিদ্ৰতাৰ মাজত পার্থক্য কি ? 

উত্তৰঃ আপেক্ষিক দৰিদ্ৰতা হ’ল দৰিদ্ৰতা পৰিমাপৰ ব্যৱস্থা বা উপায় । আপেক্ষিক দৰিদ্ৰতাই , দৰিদ্ৰতাৰ মাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা উপায়ৰ অন্যতম দুটা হ’ল – ন্যূনতম প্রযোজনীয় কেল’ৰি আৰু জনমূৰি ব্যায় । এই সন্দৰ্ভত ন্যূনতম প্রয়োজনী কেল’ৰি গ্ৰামাঞ্চলতৰ লোক এজনৰ বাবে ২৪০০ আৰু চহৰৰ এজন লোকৰ বাবে ২১০০ বুলি নিৰ্দ্ধাৰণ কৰা হয় । ইয়াৰ ভিত্তিতে ১৯০০-২০০০ চনত গ্ৰামাঞ্চলৰ এজন ব্যক্তিৰ ভোগ ব্যয় প্রতিমাহে ৩২৮.০০ টকা আৰু চহৰ অঞ্চলত এই ভোগ ব্যয় ৪৫৪.০০ টকা । 

আনহাতে , পৰম দৰিদ্ৰতাৰ ধাৰণাটো তুলনাৰ পৰা আবির্ভাব হয় । ইয়াৰ অৰ্থ হ’ল যে এখন দেশ , আন এখন দেশৰ তুলনাৰ কিমান দৰিদ্ৰ৷ যেনে – ভাৰত , আমেৰিকাৰ তুলনাত দাৰিদ্ৰ কিন্তু , ভাৰত , বাংলাদেশৰ তুলনাত ধনী । 

৮। ধৰি লোৱা হ’ল , তুমি এখন গাঁৱৰ বাসিন্দা ৷ ইয়াৰ দৰিদ্ৰতা সমস্যা নিয়ন্ত্ৰণৰ বাবে কেইটামান ব্যৱস্থাৰ পৰামৰ্শ দিয়া ৷ 

উত্তৰঃ পৰামৰ্শ সমূহ হ’ল—

( a ) জনসংখ্যাৰ হেঁচা কমোৱা । 

( b ) উচ্চ স্তৰৰ শিক্ষা আৰু কৌশলগত আৰ্হিৰ প্ৰৱৰ্তন । 

( c ) ঋণ গ্ৰস্ততা আঁতৰ কৰা । 

( d ) উচ্চ পৰ্যায়ৰ মূলধন গঠন আৰু প্ৰয়োজনীয় আন্তঃগাঠনিৰ যোগান। 

( e ) আয় আৰু সম্পদসমূহৰ সমবিতৰণ । ইয়াৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থা ৰাজ সাহায্য , বিভিন্ন আঁচনি আৰু প্ৰকাশ সমূহৰ ৰূপায়ন ইত্যাদি গঢ়ি তোলা । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

৯ ৷ গ্ৰাম্য দৰিদ্ৰতা আৰু নগৰীয়া দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য বুজাই দিয়া। গাঁৱৰ পৰা নগৰ অঞ্চললৈ দৰিদ্ৰতাই স্থান সলনি কৰিছে বুলি কোৱা কথাষাৰ সঁচানে ? দৰিদ্ৰতাৰ অনুপাতৰ গতিধাৰাৰ ভিত্তিত তোমাৰ উত্তৰ প্ৰতিপন্ন কৰা । 

উত্তৰঃ গ্ৰাম্য দৰিদ্ৰতা হ’ল যিসকল দৰিদ্ৰ লোক গাঁও অঞ্চলত বসবাস কৰে । এওঁলোকৰ এক বৃহৎ অংশই ক্ষুদ্র কৃষক । গ্রাম্য অঞ্চলত বিশেষকৈ , এতিয়াও দ্রুতহাৰত জনসংখ্যা বৃদ্ধি , কৰ্ম সংস্থানৰ বিকল্প উৎসৰ অভাৱ , ক্ষুদ্ৰ আকাৰৰ কৃষি ভূমি , ঋণগ্রস্ততা ইত্যাদি বিভিন্ন কাৰণে গ্ৰাম্য দৰিদ্ৰতাৰ ধাৰণাটো অধিক ব্যাপক আৰু গভীৰ কৰি তুলিছে । 

আনহাতে , নগৰীয়া দৰিদ্ৰ সকল হৈছে মূলতঃ গ্ৰাম্য দুখীয়াৰ আধিক্যই সৃষ্টি কৰা উদ্ধৃত লোকৰ বহিঃপ্রবাহৰ ফল । গ্রাম্যাঞ্চলৰ অতিৰিক্ত লোকসকলে নিয়োগ আৰু জীৱিকাৰ উপায়ৰ সন্ধানত নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰে । কিন্তু নগৰৰ উদ্যোগীকৰণে এই আটাইবোৰ লোককে সংস্থান দিব পৰা নাই । গতিকে নগৰীয়া দুখীয়াসকলৰ সৰহ সংখ্যকেই হয় নিবনুৱা নাইবা নৈমিত্তিক শ্রমিক হিচাপে অনিয়মীয়াভাৱে নিয়োজিত।এই অনিয়মীয়া শ্রমিকসকলে নগৰৰ দৰিদ্ৰতা হিচাপে জনা যায় । 

দৰিদ্ৰতাৰ সমস্যা , যিটোৰ মাত্ৰাধিক্য মূলতঃ গ্ৰাম্যঞ্চলতে আছিল তাৰো নগৰ অঞ্চললৈ স্থানান্তৰ ঘটিছে । ১৯৯০ ৰ দশকত গ্রামাঞ্চলত পৰম দৰিদ্ৰ লোকৰ সংখ্যা হ্রাস পাইছে আনহাতে নগৰৰ অঞ্চলত এই পৰিমাণ বৃদ্ধি পাইছে । ১৯৭৩-৭৪ চনত দুখীয়া লোকৰ ৪০% তকৈয়ো অধিকে গ্রামাঞ্চলত বাস কৰিছিল আৰু ১৯৯৯-২০০০ চনত এই অনুপাত হ্ৰাস পাই , নগৰ অঞ্চলৰ দৰিদ্ৰতাৰ পৰিমাণ বৃদ্ধি হৈছিল ।

১০। ভাৰতৰ দৰিদ্ৰতাৰ মূল কাৰণ সমূহ কি কি ? 

উত্তৰঃ ভাৰতৰ দৰিদ্ৰতাৰ মূল কাৰণ সমূহ হ’ল–

( ক ) নিম্ন অর্থনৈতিক উন্নয়নৰ হাৰ । 

( খ ) জনসংখ্যাৰ দ্ৰুত বৃদ্ধি । 

( গ ) বৃটিছ শাসনৰ কালত শোষণ । 

( ঘ ) নিবনুৱাৰ সংখ্যা বৃদ্ধি ৷ 

( ঙ ) ভাৰতীয় কৃষিৰ অনগ্ৰসৰতা । 

( চ ) নিম্ন মানৰ মূলধন গঠন । আৰু

( ছ ) সামাজিক উপাদান যেনে- অজ্ঞতা , অন্ধবিশ্বাস , নিৰক্ষৰতা , জাতি – বর্ণ – ধৰ্ম ইত্যাদি। 

১১। ভাৰতত দৰিদ্ৰতাদূৰীকৰণ বাবে পৰামশ দিয়া৷ 

উত্তৰঃ ভাৰতত দৰিদ্ৰতাদূৰীকৰণ বাবে পৰামশ হ’ল–

( ক ) জনসংখ্যা নিয়ন্ত্রণ । 

( খ ) মুদ্রাস্ফীতি নিয়ন্ত্রণ । 

( গ ) বিনিয়োগৰ পৰিমাণ বৃদ্ধি ৷ 

( ঘ ) ক্ষুদ্ৰ আৰু কুটিৰ শিল্প সমূহক উদ্‌গনি । আৰু

( ঙ ) আয়ৰ অসমতাৰ পৰিমাণ হ্রাস । 

১২। ভাৰত চৰকাৰে গ্ৰহণ কৰা কেইখনমান দৰিদ্ৰতা মোচন আঁচনিৰ নাম লিখা । 

উত্তৰঃ ভাৰত চৰকাৰে গ্ৰহণ কৰা কেইখনমান দৰিদ্ৰতা মোচন আঁচনিৰ নাম হ’ল–

( ক ) জৱাহৰ ৰোজগাৰ যোজনা ( JRY ) 

( খ ) প্রধানমন্ত্ৰীৰ ৰোজগাৰ যোজনা ( PMRY ) 

( গ ) স্বর্ণজয়ন্তী গ্রাম স্বৰোজগাৰ যোজনা ( SGSY ) 

( ঘ ) সম্পূৰ্ণ গ্রামীণ ৰোজগাৰ যোজনা ( SGRY ) 

( ঙ ) প্রধানমন্ত্রী গ্রাম – সড়ক যোজনা ( PMGSY ) 

( চ ) স্বর্ণজয়ন্তী চহৰী ৰোজগাৰ যোজনা ( SSRY )  

( ছ ) অন্ত্যেদয়া অন্ন যোজনা ( AAY ) আৰু

( জ ) ইন্দিৰা আৱাস যোজনা ( IAY ) 

১৩। ভাৰতত দৰিদ্ৰতা নিমূল আঁচনি সমূহ সফল নোহোৱাৰ কাৰণ কি কি ? 

উত্তৰঃ ভাৰতত দৰিদ্ৰতা নিমূল আঁচনি সমূহ সফল নোহোৱাৰ কাৰণসমূহ হ’ল–

( ক ) অপৰ্য্যাপ্ত সম্পদৰ পৰিমাণ । 

( খ ) উপযুক্ত ভাৱে ৰূপায়ণৰ অভাৱ ৷ 

( গ ) জনসাধাৰণৰ সহযোগিতাৰ অভাৱ ৷ 

( ঘ ) আন্তঃ গাঁথনি সুবিধাৰ অভাৱ ৷ আৰু

( ঙ ) দৰিদ্ৰ সমূহক চিনাক্তকৰণত অসুবিধা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top