Class 12 Economics Chapter 11 চৰকাৰ: কাৰ্যৱলী আৰু পৰিসৰ

Class 12 Economics Chapter 11 চৰকাৰ: কাৰ্যৱলী আৰু পৰিসৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 11 চৰকাৰ: কাৰ্যৱলী আৰু পৰিসৰ and select needs one.

Class 12 Economics Chapter 11 চৰকাৰ: কাৰ্যৱলী আৰু পৰিসৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 11 চৰকাৰ: কাৰ্যৱলী আৰু পৰিসৰ Solutions for All Subject, You can practice these here…

চৰকাৰ: কাৰ্যৱলী আৰু পৰিসৰ

দ্বিতীয় খণ্ড 

Chapter – 11

( ক ) অতি চমু প্ৰশ্নোত্তৰ :-

প্রশ্ন ১। অনা-কৰ ৰাজহৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ মাছুল বা অনুদান , জৰিমণা । 

প্রশ্ন ২। মূলধনী ব্যয়ৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ অংশ পত্র বিনিয়ােগ । 

প্রশ্ন ৩। এখন চৰকাৰে কেতিয়া বাজেট ঘাটিৰ সৃষ্টি কৰে ? 

উত্তৰঃ যেতিয়া আয়তকৈ ব্যয়ৰ পৰিমাণ বেছি হয় তেতিয়া ঘাটি বাজেট প্রস্তুত কৰে । 

প্রশ্ন ৪। ৰাজহ ঘাটি কি ?

উত্তৰঃ চৰকাৰৰ ৰাজহ প্রাপ্তিৰ অতিৰিক্ত ৰাজহ ব্যয়ক ৰাজহ ঘাটি বুলি কোৱা হয় । ৰাজহ ঘাটি = ৰাজহ ব্যয় – ৰাজহ প্রাপ্তি। 

প্রশ্ন ৫। ৰাজস্ব ঘাটি কি ? 

উত্তৰঃ ৰাজস্ব ঘাটি হৈছে চৰকাৰৰ ঋণ আৰু অন্যান্য দেনাৰ সমষ্টি ৰাজস্ব ঘাটি = মুঠ ব্যয় ঋণ আৰু’ অন্যান্য দেনাক বাদ দি মুঠ প্রাপ্তি । 

প্রশ্ন ৬। প্রাথমিক ঘাটি কি ? 

উত্তৰঃ ৰাজকোষীয় ঘাটিৰ পৰা সুদ পৰিশােধ বাদ দিলে প্রাথমিক ঘাটি পােৱা যায় । 

প্রশ্ন ৭ চৰকাৰী বাজেট কি ? 

উত্তৰঃ চৰকাৰী বাজেট হ’ল এটা বিত্তীয় বছৰৰ সাম্ভাব্য আয় আৰু ব্যয়ৰ ওপৰত যুগুত কৰা এক প্রতিবেদন । 

প্রশ্ন ৮। ৰাজস্ব নীতি কি ? 

উত্তৰঃ ৰাজস্ব নীতি হ’ল চৰকাৰৰ ব্যয় , ৰাজহ আৰু ঋণ নিয়ন্ত্রণ ব্যৱস্থাৰ মাধ্যমত যেতিয়া সম্পদৰ নিয়ােগ আৰু পুঁজিৰ প্ৰৱাহ ঘটাই দেশৰ উপার্জন , মূল্যস্তৰ , নিয়ােগ আৰু উৎপাদন স্তৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয় তাকেই ৰাজস্ব বাৰাজকোষীয় নীতি বােলে । 

প্রশ্ন ৯। শুদ্ধ নে অশুদ্ধ লিখাঃ 

( ক ) আয় কৰ এবিধ পৰােক্ষ কৰ । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ১০। খালী ঠাই পূৰণ কৰা । 

( ক ) ৰাজহ প্রাপ্তিতকৈ অধিক ৰাজহ ব্যয়ক কোৱা হয় ৰাজহ ………..।

উত্তৰঃ ঘাটি । 

প্রশ্ন ১১। কৰ ৰাজহৰ এটা উদাহৰণ উল্লেখ কৰা ।

উত্তৰঃ প্রত্যক্ষ কৰ । 

প্রশ্ন ১২। সত্য – অসত্য লিখা- 

( ক ) ‘বিক্ৰী কৰ এবিধ প্রত্যক্ষ কৰ’ । 

উত্তৰঃ অসত্য ( পৰােক্ষ কৰ ) 

( খ ) ‘প্রৱেশ কৰ এবিধ পৰােক্ষ কৰ’ । 

উত্তৰঃ সত্য ।

প্রশ্ন ১৩। ৰাজহুৱা দ্ৰব্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ ৰাজহুৱা উদ্যান । 

প্রশ্ন ১৪। ৰাজহুৱা দ্রব্য কি ?

উত্তৰঃ যিবােৰ দ্ৰব্য সমাজৰ সকলাে লােকে সমানে উপভােগ কৰিব পাৰে আৰু চৰকাৰে যােগান ধৰে , তাকে ৰাজহুৱা দ্রব্য বলে । 

প্রশ্ন ১৫। বাজেট ঘাটি আৰু বাণিজ্যিক ঘাটিৰ সংজ্ঞা দিয়া ? 

উত্তৰঃ বাজেট ঘাটি হ’ল এখন দেশৰ চৰকাৰৰ ৰাজহ প্রাপ্তিৰ পৰিমাণ চৰকাৰী ব্যয়তকৈ অধিক হােৱা । আনহাতে বাণিজ্যিক ঘাটি হ’ল এখন দেশৰ আমদানি মূল্য ৰপ্তানিৰ মূল্যতকৈ অধিক হােৱা । 

প্রশ্ন ১৬। পৰিকল্পনা বহির্ভূত ব্যয়ৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ প্রশাসনিক ব্যয় । 

প্রশ্ন ১৭। খালী ঠাই পূৰণ কৰা : 

( ক ) ডাকঘৰ সঞ্চয় হিচাপে হৈছে ………. ৰ এটা উদাহৰণ । ( মূলধন প্রাপ্তি / মূলধন ব্যয় ) 

উত্তৰঃ মূলধন প্রাপ্তি । 

প্রশ্ন ১৮৷ ৰাজহ প্রাপ্তি আৰু মূলধনী প্রাপ্তিৰ মাজৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ ৰাজহ প্রাপ্তি আৰু মূলধনী প্রাপ্তিৰ মাজৰ দুটা পার্থক্য 

( i ) ৰাজহ প্রাপ্তি পুনঃ পুনঃ চৰকাৰে লাভ কৰে । কিন্তু মূলধনী প্রাপ্তি কেতিয়াও পুনঃ পুনঃ চৰকাৰে লাভ কৰিব নােৱাৰে । 

( ii ) ৰাজহপ্রাপ্তিৰ হ্রস্বকালীন ফল জড়িত হৈ থাকে , কিন্তু মূলধনী প্রাপ্তিৰ প্ৰভাৱ দীর্ঘকালিন হৈ থাকে , কিন্তু মূলধনী প্রাপ্তিৰ প্ৰভাৱ দীর্ঘকালিন হয় । 

প্রশ্ন ১৯। ভাৰতবৰ্ষত কোন চনৰ পৰা GST বলবৎ হৈছে ? 

উত্তৰঃ জুলাই , 2017 চনৰ পৰা । 

প্রশ্ন ২০। ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ ( ক ) ৰাজহ ব্যয় হ’ল চৰকাৰৰ নিয়মীয়া ব্যয় , আনহাতে মূলধনীজাতীয় দ্রব্যৰ ক্ষেত্ৰত হােৱা ব্যয়েই হ’ল মূলধনী ব্যয় । আৰু

( খ ) ৰাজহ ব্যয় হ’ল হ্রস্বকালীন , কিন্তু মূলধনী ব্যয় হ’ল দীর্ঘকালীন । 

প্রশ্ন ১৯। পৰিমাণগত ঋণ নিয়ন্ত্রণ পদ্ধতিতকৈ নির্বাচনমূলক ঋণ পদ্ধতিৰ দুটা শ্রেষ্ঠতাৰ দিশ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) নির্বাচনমূলক ঋণ নিয়ন্ত্রণে অনুৎপাদনমূলক খণ্ডলৈ ঋণ নিদি পােনপটিয়াকৈ উৎপাদনমূলক খণ্ডলৈ ঋণ প্রদান কৰাত মুদ্রাস্ফীতি অথবা অৱস্ফীতিৰ সমস্যা সমাধানত অধিক সহায়ক হয় । 

( খ ) এই পদ্ধতিৰ জৰিয়তে প্রত্যক্ষভাৱে ভােক্তা ঋণ নিয়ন্ত্রণ কৰি দেশৰ মুদ্রাস্ফীতি ৰােধ কৰাত সহায় কৰে ।

( খ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। ধৰাহ’ল মুঠ চৰকাৰী খৰচ G = 150 আৰু কৰ ৰাজহ T = 0.20Y । এতিয়া যদি ৰাষ্ট্ৰীয় আয়ৰ ( y ) স্তৰ 2000 হয় , তেন্তে চৰকাৰী বাজেটৰ চৰ্তটো কি ? 

উত্তৰঃ দিয়া আছে , y = 2000 G = 150 

                             T = 0.20y 

∴ কৰ ৰাজহ T = 0.20 ( 2000 ) = 400 

গতিকে চৰকাৰী ব্যয় G = 150 , T = 400 তকৈ সৰু সেয়েহে চৰকাৰী বাজেটখন ৰাহি বাজেট হব । 

প্রশ্ন ২। ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

ৰাজহুৱা দ্রব্য ব্যক্তিগত দ্রব্য
( i ) ৰাজহুৱা দ্রব্য চৰকাৰে নিয়ন্ত্রণ কৰে ।( i ) ব্যক্তি বা কোনাে ব্যক্তিগত প্রতিষ্ঠানে  নিয়ন্ত্রণ কৰে ।  
( ii ) এনে দ্ৰৱ্যসমূহ সকলাে লােকে উপভােগ কৰিব পাৰে ।( ii ) কিন্তু ব্যক্তিগত উপভােগ কার্য  উপভােক্তাৰ মাজত প্রদ্বিন্দ্বিতা থাকে ।  
( iii ) সামাজিক কল্যাণৰ বাবে ৰাজহুৱা দ্রব্যসমূহ যােগান ধৰে । ( iii ) ব্যক্তিগত লাভেই হ’ল মূল উদ্দেশ্য । 

প্রশ্ন ৩ চৰকাৰৰ আবণ্টন কার্য কি ? 

উত্তৰঃ আৱণ্টন কার্য মানে হ’লে — য’ত চৰকাৰে দেশৰ সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰি অর্থনৈতিক আৰু সামাজিক উৎকর্ষ সাধন কৰে । চৰকাৰৰ আৱণ্টন কাৰ্য্যসমূহ হ’ল — 

( ক ) দেশৰ সামগ্রিক প্ৰতিৰক্ষা সুনিশ্চিত কৰা । 

( খ ) ৰাস্তা ঘাট নির্মাণ আৰু মেৰামতি । 

( গ ) চৰকাৰী প্ৰশাসনীয় কাম – কাজ আদি । 

প্রশ্ন ৪। চৰকাৰৰ বিতৰণ কাৰ্য ব্যাখ্যা কৰা । 

উত্তৰঃ চৰকাৰৰ বিতৰণ কার্যসমূহ হল – 

( ক ) চৰকাৰৰ আয়ৰ আৰু ব্যয়ৰ নীতিৰ দ্বাৰা আয়ৰ সম – বিতৰণ কৰা । 

( খ ) দেশৰ সম্পদৰ উপযুক্তভাৱে ব্যৱহাৰ কৰি অর্থনৈতিক উন্নয়ন সাধন কৰা । 

( গ ) কৰ সংগ্ৰহ আৰু হস্তান্তৰ পৰিশােধৰ জৰিয়তে চৰকাৰে পৰিয়ালৰ ব্যয়যােগ্য আয় প্ৰভাৱিত কৰা । 

প্রশ্ন ৫। উদ্বৃত্ত বাজেট , ঘাটি বাজেট আৰু সুষম বাজেটৰ সংজ্ঞা দিয়া । 

উত্তৰঃ উদ্বৃত্ত বাজেট ( Surplus.budget ) :- হ’ল য’ত চৰকাৰী ৰাজহ ব্যয়তকৈ ৰাজহ প্রাপ্তি অধিক হয় তাকে উদ্বৃত্ত বা ৰাহি বাজেট বােলে । 

R > E    R হ’ল ৰাজহ , E হল ব্যয় । 

ঘাটি বাজেটঃ ( Deficit Budget ) :- য’ত চৰকাৰী ৰাজহ প্রপ্তিতকৈ ৰাজহ ব্যয় অধিক হয় । তাকে ঘাটি বাজেট বােলে । 

অৰ্থাৎ, R > E 

সুষম বাজেট ( Balanced Budget ) :- য’ত চৰকাৰৰ ৰাজহ প্রাপ্তি আৰু চৰকাৰী ব্যয়ৰ পৰিমাণ সমান হয় তাক সুষম বা সমবাজেট বােলে । অৰ্থাৎ, R = E

প্রশ্ন ৬। চৰকাৰী বাজেটৰ উপাদানবােৰ কি কি ? 

উত্তৰঃ চৰকাৰী বাজেটৰ উপাদানসমূহ হ’ল –

( i ) ৰাজহ বাজেট :- ( Revenue Budget ) ৰাজহ বাজেটত চলিত আয় আৰু ব্যয়সমূহ অন্তর্ভুক্ত কৰা হয় । অর্থাৎ চৰকাৰৰ ৰাজহ প্রাপ্তি আৰু সেই ৰাজহেৰে কৰা চৰকাৰী ব্যয় ৰাজহ বাজেটৰ অন্তর্ভুক্ত হয় । যেনেঃ কৰ ৰাজহ , অনাকৰ ৰাজহ আদি । 

( ii ) মূলধনী বাজেট :- মূলধনী সা – সম্পত্তি সংগ্ৰহ আৰু বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্রহ কৰা আয় – ব্যয়সমূহ মূলধনী বাজেটত অন্তর্ভুক্ত হয় । অর্থাৎ চৰকাৰৰ মূলধনী প্রাপ্তি আৰু ব্যয় মূলধনী বাজেটৰ অন্তর্ভুক্ত । যেনেঃ মূলধনী বিনিয়ােগ ঋণৰ পুনৰ প্রাপ্তি অন্যান্য ঋণ দেনা প্রাপ্তি আদি । 

প্রশ্ন ৭৷ চৰকাৰী বাজেটৰ মূলধন প্রাপ্তিৰ উপাদানবােৰ কি কি? 

উত্তৰঃ চৰকাৰী বাজেটৰ মূলধন প্রাপ্তিৰ উপাদান সমূহ হ’ল— 

( ক ) ঋণৰ পুনৰ প্রাপ্তি :- কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত দিয়া ঋণৰ পুনৰ প্রাপ্তিক অন্তর্ভুক্ত কৰা হয় । 

( খ ) ঋণ আৰু অন্যান্য দেনা :- ঋণে দেনাৰ সৃষ্টি কৰে আৰু সেয়ে ঋণৰ জৰিয়তে সংগৃহীত পুঁজিক মূলধনী প্রাপ্তি হিচাবে গণ্য কৰা হয় । 

( গ ) অন্যান্য প্রাপ্তি :- ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নির্বিয়ােগকৰণ এনে ধৰণৰ প্রাপ্তি । ঋণ আৰু চৰকাৰী ঋণৰ পুনৰ প্রাপ্তিক বাদ দি অন্যান্য প্রাপ্তিসমূহ অন্যান্য প্রাপ্তিৰ অন্তৰ্গত । 

প্রশ্ন ৮। চৰকাৰী বাজেটৰ পৰিকল্পনা বহির্ভূত তিনিটা প্রধান বিষয় উল্লেখ কৰা । 

বা , চৰকাৰী বাজেটৰ অপৰিকল্পিত ব্যয়ৰ দুটা মুখ্য বিষয় উল্লেখ কৰা । 

উত্তৰঃ চৰকাৰী বাজেটৰ পৰিকল্পনা বর্হিভুত তিনিটা প্রধান বিষয় হল— 

১। প্রাকৃতিক দুর্যোগৰ বাবে কৰা ব্যয় যেনেও ভূমিকম্প , বানপানী আদি । 

২। যুদ্ধ বিগ্ৰহৰ বাবে হােৱা ব্যয় আৰু ক্ষতিপূৰণৰ বাবে প্ৰতিৰক্ষা সেৱা । 

৩। অন্যান্য অনুমােদিত ব্যয় আদি । যি পঞ্চবার্ষিক পৰিকল্পনাত অন্তর্ভুক্ত নহয় । যেনে— ৰাজকীয় সাহাৰ্য্য । 

প্রশ্ন ৯। চৰকাৰী বাজেটৰ ৰাজহ হিচাপত কি থাকে ? 

উত্তৰঃ চৰকাৰী বাজেটৰ ৰাজহ হিচাবত কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ প্রাপ্তি হিচাব অন্তর্ভুক্ত থাকে । কৰ ৰাজহৰ প্রত্যক্ষ কৰ আৰু পৰােক্ষ কৰৰ পৰা লাভ কৰা ৰাজহ আৰু ব্যয়ৰ হিচাব থাকে । অন্যহাতে অনাকৰ ৰাজহৰ পৰা সংগ্ৰহ কৰা মাচুল , বাণিজ্যিক ৰাজহ , জৰিমনা , চৰকাৰী সম্পত্তিৰ আয় , বিশেষ খাজনা , দান – অনুদান অন্যান্য প্রশাসনীয় ৰাজহৰ হিচাব থাকে । 

প্রশ্ন ১০৷ চৰকাৰী কৰাৰােপণৰ পুনৰবিতৰণাত্মক উদ্দেশ্যটো স্পষ্ট কৰা । 

উত্তৰঃ চৰকাৰী কৰৰ এটা উদ্দেশ্য হ’ল অর্থনীতিত আয়ৰ সমবিতৰণ নীতিৰ উৎকর্য , সাধন কৰা । এটা উপযুক্ত কৰ নীতিয়ে সমাজৰ ধনী – দুখীয়াৰ মাজত বৈষম্য দূৰ কৰি আয়ৰ সমবিতৰণ কৰা । সমাজৰ সম বিতৰণ নীতিৰ উদ্দেশ্য হ’ল কৰৰ জৰিয়তে সংগৃহীত আয় দৰিদ্রতা দূৰীকৰণ কাৰ্যসূচীৰে নির্মূল কৰা । এনেদৰে চৰকাৰী কৰ ব্যৱস্থাৰ উপযুক্ত নীতিৰ জৰিয়তে সমাজৰ আয়ৰ বিতৰণৰ ক্ষেত্ৰত অক্ষমতা দূৰ কৰাই হ’ল প্রধান উদ্দেশ্য ।

প্রশ্ন ১১। ‘ কাগজী কৰ ‘ বুলিলে কি বুজা ? উদাহৰণ সহ উল্লেখ কৰা ।

উত্তৰঃ যি কৰ পদ্ধতিত কৰ দাতাই ইলেক্ট্রনিক পদ্ধতিৰ পৰিৱৰ্তে কৰ পৰিশােধ পত্ৰৰ যােগেদি কৰে তেনেধৰণৰ পদ্ধতিক কাগজী কৰ বােলে । যেনে— আয়কৰ , সম্পত্তিৰ কৰ আদি । এনে কৰ ফ্রেব্রুৱাৰী আৰু মাৰ্চৰ ভিতৰত দাখিল কৰিব লাগে । ইয়াক White Tax বুলিও কোৱা হয় । 

প্রশ্ন ১২। ২০০৫-০৬ বাজেট বর্ষত দুবিধ নতুন কৰৰ সূচনা কৰা হয় । কৰ দুবিধ কি কি ? 

উত্তৰঃ সেৱা কৰ আৰু Vat Tax ২০০৫-০৬ বর্যত অন্তর্ভুক্ত কৰা হয় । 

প্রশ্ন ১৩। চৰকাৰৰ ঘাটি কিদৰে হ্ৰাস কৰিব পাৰি ? 

উত্তৰঃ কৰৰ হাৰ বৃদ্ধি কৰি বা ব্যয় হ্রাস কৰি চৰকাৰী ঘাটি বিত্তৰ ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ চেষ্টা চলাব লাগিব । চৰকাৰী খণ্ডৰ উদ্যোগসমূহৰ অংশপত্র বিক্ৰী কৰি চৰকাৰী প্ৰাপ্তিৰ পৰিমাণ বৃদ্ধিৰ জৰিয়তেও বিত্তীয় ঘাটি হ্রাস কৰিব পাৰি । এই ক্ষেত্ৰত চৰকাৰী ব্যয় হ্রাস কৰি ঘাটি বিত্তৰ পৰিমাণ হ্রাস কৰাত গুৰুত্ব দিব লাগিব । সর্বশেষত চৰকাৰে শাসন ব্যৱস্থা পৰিকল্পনাৰ আঁচনিৰ জৰিয়তে ঘাটি হ্রাসকৰণত সফলতা লাভ কৰিব পাৰে । 

প্রশ্ন ১৪। মূলধন ব্যয়ৰ অন্তর্ভুক্ত তিনিটা বিষয় উল্লেখ কৰা । 

উত্তৰঃ মূলধন ব্যয় হিচাপে ভূমি অধিগ্রহণ , গৃহ নির্মাণ , যন্ত্রপাতি , অংশপত্র বিনিয়ােগ , ৰাজ্যিক চৰকাৰ আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু বিভিন্ন দল বা সংগঠনলৈ কেন্দ্রীয় চৰকাৰে প্ৰদান কৰা ঋণ আৰু আগধনসমূহ সামৰি লােৱা হয় ।

প্রশ্ন ১৫। ৰাজহুৱা দ্ৰব্যৰ ক্ষেত্ৰত কিদৰে , মুক্ত বিচৰণ ’ সমস্যা উদয় হয় ব্যাখ্যা কৰা । 

উত্তৰঃ ৰাজহুৱা দ্রব্যবােৰৰ উপভােগ কার্য বিভাজ্য নহয় আৰু ইয়াৰ উপভােগৰ ক্ষেত্ৰত পৰিত্যাগৰ নীতি প্রযােজ্য নহয় । সেয়ে ভােক্তাই কোনাে মূল্য প্রদান নকৰাকৈ ৰাজহুৱা দ্রব্যবােৰ ভােগ কৰিব পাৰে বাবেই ইয়াক মুক্ত বিচৰণৰ সমস্যা বুলি কোৱা হয় । 

প্রশ্ন ১৬। এটি অর্থ ব্যৱস্থাত অতিৰিক্ত চাহিদাৰ সমস্যা দূৰ কৰিবলৈ ৰাজকোষীয় নীতিৰ যিকোনাে দুটা ব্যৱস্থা লিখা । 

উত্তৰঃ ( ক ) কৰৰ হাৰ বৃদ্ধি বা নতুন কৰ আৰােপ কৰি । আৰু

( খ ) চৰকাৰী ব্যয় হ্রাস কৰি । 

প্রশ্ন ১৭। এখন দেশৰ মুদ্ৰাৰ উৰ্ধবমূল্যায়ন কি ? 

উত্তৰঃ মুদ্ৰাৰ উৰ্ধবমূল্যায়নে এখন দেশৰ মুদ্ৰাৰ মূল্য অন্য এখন দেশৰ মুদ্ৰাৰ মূল্যত বৃদ্ধি হােৱা বুজায় । 

প্রশ্ন ১৮। চৰাকী বাজেটৰ অপৰিকল্পিত ব্যয়ৰ যিকোনাে দুটা বিষয় উল্লেখ কৰা । 

উত্তৰঃ পৰিকল্পনা বহির্ভূত বা অপৰিকল্পিত ব্যয় হ’ল চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ লগত সম্পর্কহীন ব্যয় । যেনেঃ প্রাকৃতিক দুর্যোগ , দুর্ঘটনা , যুদ্ধ – বিগ্রহ আদিৰ বাবে চৰকাৰে কৰা সাহায্য আৰু প্ৰতিৰক্ষামূলক ব্যয় আদি অপৰিকল্পিত ব্যয় । এই ব্যয়ৰ বাবে আগতীয়াকৈ অনুমান কৰা নহয় । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

( গ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১৷ পৰিকল্পনা আৰু পৰিকল্পনা বহির্ভূত ব্যয়ৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ পৰিকল্পিত আৰু পৰিকল্পনা বহির্ভূত ব্যয়ৰ মাজত পার্থক্যসমূহ হ’ল–

১। পৰিকল্পিত ব্যয় বুলিলে চৰকাৰে বছৰটোত চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনৰ কাৰ্যসূচীত কৰিবলগীয়া ব্যয়ক বুজায় । ই অর্থনীতিৰ বিভিন্ন খণ্ডৰ লগত জড়িত কেন্দ্রীয় পৰিকল্পনাৰ কাৰ্যসূচী ৰূপায়ণত কৰা ব্যয় । উদাহৰণস্বৰূপে ৰাজ্যিক পৰিকল্পনালৈ চৰকাৰে দিয়া ব্যয় ইয়াৰ অন্তৰ্গত । 

২। পৰিকল্পনা বহির্ভূত ব্যয় হ’ল চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ লগত সম্পর্কহীন ব্যয়সমূহক পৰিকল্পনা বহির্ভূত ব্যয় বােলা হয় । যেনেঃ প্রাকৃতিক দুর্যোগ , দুর্ঘটনা , যুদ্ধ – বিগ্রহ আদিৰ বাবে চৰকাৰে কৰা সাহায্য আৰু প্ৰতিৰক্ষামূলক ব্যয় আদি পৰিকল্পনা বহির্ভুত ব্যয় । এনেবােৰ ব্যয়ৰ বাবে আগতীয়াকৈ অনুমান কৰা নহয় । 

প্রশ্ন ২। ( ক ) চৰকাৰী ৰাজহৰ উৎসৱােৰ কি কি ? চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ চৰকাৰী ৰাজহৰ উৎসসমূহ হ’ল— 

১। কৰ ৰাজহ । আৰু 

২। অনাকৰ ৰাজহ । 

১। কৰ ৰাজহ হৈছে এক বাধ্যতামূলক বৰঙণি যি জনসাধাৰণে নায্যমতে চৰকাৰক পৰিশােধ কৰিব লাগে । এই ৰাজহ দুইপ্রকাৰৰ , যেনে — 

( i ) প্রত্যক্ষ কৰ। আৰু 

( ii ) পৰােক । 

প্রত্যক্ষ কৰ কৰদাতাই নিজৰ উপার্জন আৰু সম্পত্তিৰ ওপৰত পৰিশােধ কৰিব লাগে , যেনেঃ আয়কৰ , সম্পত্তিক , নিগম কৰ আদি । পৰােক্ষ কৰ হৈছে যি কৰ জনসাধাৰণে অন্য ব্যক্তি বা প্রতিষ্ঠানৰ জৰিয়তে পৰিশােধ কৰে তেনে কৰক বুজায় । যেনেঃ বিক্ৰী কৰ , আবকাৰী শুল্ক, আমদানি কৰ ইত্যাদি । 

২। অনাকৰ ৰাজহ হ’ল কৰৰ বাহিৰে অন্যান্য উৎসৰ পৰা চৰকাৰে যি কৰ সংগ্ৰহ কৰে তাক অনাকৰ ৰাজহ বােলে । যেনেঃ ব্যৱসায়িক ৰাজহ, যেনে— ৰেল সেৱা , বিদ্যুৎ সেৱা আদি । সুত প্রাপ্তি যেনে Dividend Fund , সুত আদি প্রশাসনিক ৰাজহ যেনেঃ অনুজ্ঞাপত্ৰ জৰিমনা , বিদ্যালয়ৰ মাচুল , আইন ভংগৰ মাচুল ইত্যাদি । 

প্রশ্ন ২। ( খ ) ৰাজহ ঘাটি বুলিলে কি বুজা ? ৰাজহ ঘাটিৰ ফলত উদ্ভৱ হােৱা তিনিটা পৰিস্থিতি ব্যাখ্যা কৰা । 

উত্তৰঃ ওচৰকাৰৰ বাজেট ৰাজহ শিতানত অন্তর্ভুক্ত হােৱা মুঠ বাজহ ব্যয়তকৈ যদি উক্ত শিতানত অন্তর্ভুক্ত হােৱা ৰাজহ আয় বা ৰাজহ প্রাপ্তিৰ পৰিমাণ কম হয় , তেতিয়া তাক ৰাজহ ঘাটি হিচাপে আখ্যা দিয়া হয় । ৰাজহ ঘাটিৰ ফলত উদ্ভৱ হােৱা তিনিটা পৰিস্থিতি হল– 

( ক ) যেতিয়া চৰকাৰৰ ৰাজহ ঘাটি হয় , তেতিয়া চৰকাৰৰ সঞ্চয় আৰু বিনিয়ােগ নাইকিয়া হয় । 

( খ ) এনে পৰিস্থিতিত চৰকাৰী বিনিয়ােগ আৰু উপভােগ ব্যয়ৰ বাবে প্রয়ােজন হােৱা বিত্ত সংগ্রহ কৰিবলৈ চৰকাৰে দেশীয় আৰু বিদেশী নাগৰিক , আৰু বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ ল’বলৈ বাধ্য হয় । 

( গ ) চৰকাৰে গ্ৰহণ কৰা ঋণ আৰু ঋণৰ বাবে দিব লগা সুদৰ পৰিমাণ বৃদ্ধি হােৱা ফলস্বৰূপে চৰকাৰে চৰকাৰী ব্যয় কর্তন কৰিবলৈও বাধ্য হয় । যিহেতু ৰাজহ ব্যয়ৰ এটা প্রধান অংশই হ’ল প্রতিশ্রুতিবদ্ধ ব্যয় , সেয়েহে এনেকুৱা ব্যয় কমাব নােৱাৰি। এনে ক্ষেত্ৰত চৰকাৰে প্ৰায়ে উৎপাদনশীল মূলধন ব্যয় বা কল্যাণকামী ব্যয় হ্রাস কৰাহে পৰিলক্ষিত হয় । ইয়াৰ ফলস্বৰূপে দেশৰ অর্থনৈতিক বৃদ্ধিৰ হাৰ নিম্নগামী হয় আৰু ই কল্যাণ সাধনত প্রতিকূল অৱস্থাৰ সৃষ্টি কৰে । 

প্রশ্ন ৩। কৰ – ৰাজই আৰু অনাকৰ ৰাজহৰ মাজৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ কৰ ৰাজহঃ কৰ ৰাজহ হ’ল যি কৰ চৰকাৰে বিভিন্ন বাজহৰ জৰিয়তে সংগ্রহ কৰে তেনে কৰক কৰ ৰাজহ বুলি কোৱা হয় । যেনেঃ প্রত্যক্ষ কৰ আৰু পৰােক্ষ কৰ ।

অনাকৰ ৰাজহঃ অনাকৰ ৰাজহ হ’ল যি কৰ চৰকাৰে কৰৰ উপৰিও অন্যান্য উৎসৰ পৰা সংগ্রহ কৰে তাক অনাকৰ ৰাজহ বুলি কোৱা হয় , অনাকৰ ৰাজহৰ মূল উৎস হ’ল ) ব্যৱসায়িক ৰাজহ ( Commercial Reviewed ) , যেনেঃ ৰেল সেৱা , বিদ্যুৎ সেৱা আদি। 

( ii ) সুত প্রাপ্তি যেনেঃ dividend , লাভ , সূত আদি । 

( iii ) প্রশাসনিক ৰাজহ যেনেঃ অনুজ্ঞা পত্র , জৰিমনা , বিদ্যালয় মহাবিদ্যালয়ৰ মাচুল , আইন ভংগৰ মাচুল আদি ।

প্রশ্ন ৪। চৰকাৰী ঘাটি আৰু চৰকাৰী ঋণৰ মাজৰ সম্পর্ক উলিওৱা । 

উত্তৰঃ চৰকাৰী ঘাটি হ’ল যেতিয়া চৰকাৰৰ ৰাজহ প্রাপ্তিতকৈ ৰাজহ ব্যয় অধিক হয় সেয়ে চৰকাৰী ঘাটি । 

চৰকাৰী ঋণ হ’ল চৰকাৰে দেশৰ বিভিন্ন কাম – কাজৰ বাবে অন্যান্য দেশীয় বা আন্তৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানৰ পৰা যি ঋণ লয় সেয়ে হ’ল চৰকাৰী ঋণ । 

চৰকাৰী ঘাটিসমূহ হ’ল ৰাজহ ঘাটি , ৰাজকোষীয় ঘাটি আদি । অন্যহাতে চৰকাৰী ঋণসমূহ হ’ল অন্তঃদেশীয় ঋণ , আৰু আন্তঃৰাষ্ট্ৰীয় আদি । 

চৰকাৰী ঘাটিয়ে ঘাটি বাজেটৰ সৃষ্টি কৰে আৰু চৰকাৰী ঋণে ঋণৰ বােজাৰ সৃষ্টি কৰে । গতিকে চৰকাৰী ঘাটি আৰু ঋণৰ সম্পর্ক আছে । এখন দেশত চৰকাৰী ৰাজহ ঘাটিয়ে চৰকাৰী ঋণৰ সৃষ্টি কৰে । যেতিয়া ঘাটি বাজেটৰ সন্মুখীন হয় তেতিয়া বিনিয়ােগৰ পৰিমাণ কমি যায় আৰু উৎপাদন হ্রাস হয় , খণ্ড জাতীয় আয়ৰ পৰিমাণ কমি যায় ; সেয়ে চৰকাৰী ঋণৰ সহায়ত ঘাটি পূৰণ কৰিবলগীয়া হয় । 

প্রশ্ন ৫। চৰকাৰী বাজেটৰ মূল উদ্দেশ্যবােৰ কি কি ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ চৰকাৰী বাজেটৰ মূল উদ্দেশ্যসমূহ হ’ল — 

১। অর্থনৈতিক বিকাশ সাধন :- ইয়াত বছৰটোৰ বাবে দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে কিছুমান কার্যাৱলী হাতত লােৱা হয়। 

২। আয়ৰ অসমতা :- আয়ৰ অসমতা হ্রাস কৰিবৰ বাবে এখন দেশত বাজেট প্রস্তুত কৰা । যিয়ে নেকি সমাজৰ ধনী আৰু দুখীয়াসকলৰ মাজত সমতা স্থাপনৰ বাবে আঁচনি গ্ৰহণ কৰে । 

৩। দৰৰ স্থিৰতা :- দৰৰ স্থিৰতাৰ বাবে বিশেষকৈ সামগ্ৰী আৰু সেৱাৰ উপযুক্ত মজুত বাবে বাজেট গঠন কৰা হয় । 

৪। ৰাজহুৱা :- প্রতিষ্ঠানসমূহ সঠিকভাৱে পৰিচালনা কৰি ৰাজহ সংগ্ৰহৰ উপযােগী কৰি তুলিব পাৰে । ই এক চৰকাৰী বাজেটৰ উদ্দেশ্য । 

প্রশ্ন ৬। এখন অর্থনীতিৰ সুস্থিৰ নিয়ন্ত্ৰকৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ সমানুপাতিক আয় কৰে এখন অর্থনীতিক ঊর্ধ্বমুখী নিম্নমুখী গতিৰ পৰা সুস্থিৰ অৱস্থালৈ আনিব পাৰে । আকৌ কল্যাণ হস্তান্তৰ কৰণেও দেশৰ আয় সুস্থিৰে ৰখাত সহায় কৰে। এখন অর্থনীতিয়ে অভিবৃত্তি বা মুদ্রাস্ফীতিৰ সন্মুখীন হােৱাৰ সময়ত যেতিয়া নিয়ােগৰ হাৰ অধিক হয় তেতিয়া উচ্চ উপভােগ ব্যয়ৰ পৰিমাণ হ্রাস কৰিবলৈ চৰকাৰে কৰৰ সহায়ত ব্যয়যােগ্য আয়ৰ পৰিমাণ হ্রাস কৰি অর্থনৈতিক সুস্থিৰতা ৰক্ষা কৰাৰ চেষ্টা কৰে । এইদৰে অর্থনৈতিক সুস্থিৰতা ৰক্ষার্থে চৰকাৰে গ্ৰহণ কৰা ৰাজকোষীয় পদ্ধতিত কিছুমান স্বয়ংক্রিয় নিয়ন্ত্ৰৰ ভূমিকা অন্তর্ভুক্ত হৈ থাকে । 

প্রশ্ন ৭। ঋণৰ ক্ষেত্ৰত বিকাৰ্ডোৰ সমতাৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ এজন মহান অর্থনীতিবিদ ডেভিদ বিকার্ডোৱে যুক্তি আগবঢ়াইছে যে বেছি ঘাটিৰ সময়ত মানুহে বেছি সঞ্চয় কৰে। ইয়াক সমতা বুলি কোৱা হয় , কাৰণ কৰ আৰু চৰকাৰী ঘাটি বিত্ত যােগানৰ দুটা সমতুল্য উপায় । বর্তমান চৰকাৰে ঋণ গ্রহণ কৰি ইয়াৰ বর্ধিত ব্যয়ৰ চাহিদা পৰিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই ঋণ ভৱিষ্যতে জনসাধাৰণৰ ওপৰত ধার্য কৰি পৰিশােধ কৰিব লগীয়া হয় । তেতিয়া অর্থনীতিত ইয়াৰ যি প্ৰভাৱ পৰিব ঠিক একেই প্ৰভাৱ বা সংঘাত অর্থনীতিত পৰিব যদিহে চৰকাৰে ইয়াৰ বর্ধিত ব্যয়ৰ চাহিদা বর্তমানে অধিক কৰ বৃদ্ধি কৰি সংগ্ৰহ কৰে । 

প্রশ্ন ৮। আনুপাতিক আয় কৰে কিদৰে স্বয়ংক্রিয় নিয়ন্ত্রক কাম কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ  সমানুপাতিক আয় কৰে এখন অর্থনীতিক ঊর্ধ্বমুখী নিম্নমুখী গতিৰ পৰা সুস্থিৰ অৱস্থালৈ আনিব পাৰে । আকৌ কল্যাণ হস্তান্তৰ কৰণেও দেশৰ আয় সুস্থিৰে ৰখাত সহায় কৰে । এখন অর্থনীতিয়ে অভিবৃত্তি বা মুদ্রাস্ফীতিৰ সন্মুখীন হােৱাৰ সময়ত যেতিয়া নিয়ােগৰ হাৰ অধিক হয় তেতিয়া উচ্চ উপভােগ ব্যয়ৰ পৰিমাণ হ্রাস কৰিবলৈ চৰকাৰে কৰৰ সহায়ত ব্যয়যােগ্য আয়ৰ পৰিমাণ হ্রাস কৰি অর্থনৈতিক সুস্থিৰতা ৰক্ষা কৰাৰ চেষ্টা কৰে । এইদৰে অর্থনৈতিক সুস্থিৰতা ৰক্ষার্থে চৰকাৰে গ্ৰহণ কৰা ৰাজকোষীয় পদ্ধতিত কিছুমান স্বয়ংক্রিয় নিয়ন্ত্ৰৰ ভূমিকা অন্তর্ভুক্ত হৈ থাকে । 

( ঘ ) দীঘলীয়া উত্তৰৰ প্ৰশ্নাৱলীঃ 

প্রশ্ন ১। চৰকাৰী বাজেটৰ উপাদানবােৰ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ চৰকাৰী বাজেটৰ উপাদানসমূহ হ’ল –

( i ) ৰাজহ বাজেট :- ( Revenue Budget ) ৰাজহ বাজেটত চলিত আয় আৰু ব্যয়সমূহ অন্তর্ভুক্ত কৰা হয় । অর্থাৎ চৰকাৰৰ ৰাজহ প্রাপ্তি আৰু সেই ৰাজহেৰে কৰা চৰকাৰী ব্যয় ৰাজহ বাজেটৰ অন্তর্ভুক্ত হয় । যেনেঃ কৰ ৰাজহ , অনাকৰ ৰাজহ আদি । 

( ii ) মূলধনী বাজেট :- মূলধনী সা – সম্পত্তি সংগ্ৰহ আৰু বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্রহ কৰা আয় – ব্যয়সমূহ মূলধনী বাজেটত অন্তর্ভুক্ত হয় । অর্থাৎ চৰকাৰৰ মূলধনী প্রাপ্তি আৰু ব্যয় মূলধনী বাজেটৰ অন্তর্ভুক্ত । যেনেঃ মূলধনী বিনিয়ােগ ঋণৰ পুনৰ প্রাপ্তি অন্যান্য ঋণ দেনা প্রাপ্তি আদি । 

প্রশ্ন ২। চৰকাৰী বাজেট প্রসংগত ৰাজহ ঘাটি , ৰাজস্ব ঘাটি আৰু প্রাথমিক ঘাটিৰ ধাৰণাৰােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ চৰকাৰী বাজেটৰ প্ৰসংগত ৰাজহ ঘাটি হ’ল চৰকাৰৰ ৰাজহ প্রাপ্তিৰ অতিৰিক্ত ৰাজহ ব্যয়ক ৰাজহ ঘাটি বােলা হয় । 

ৰাজহ ঘাটি = ৰাজহ ব্যয় – ৰাজহ প্রাপ্তি । 

আকৌ ৰাজস্ব ঘাটি হ’ল চৰকাৰৰ ঋণ আৰু অন্যান্য দেনাক বাদ দি পােৱা মুঠ প্রাপ্তিক বুজায় । 

প্রাথমিক ঘাটি হল ৰাজকোষীয় ঘাটিৰ পৰা সুদ পৰিশােধ বাদ দিলে প্রাথমিক ঘাটি পােৱা যায় । 

প্রাথমিক ঘাটি = ৰাজকোষীয় ঘাটি – সুদ পৰিশােধ । 

প্রাথমিক ঘাটি ০ ( শূণ্য ) হ’লে চৰকাৰে কেৱল সুদ পৰিশােধ কৰিবলৈ ঋণৰ আশ্রয় লব লগা হয় । 

অর্থাৎ ০ = ৰাজকোষীয় ঘাটি – সুদ পৰিশােধ । 

প্রশ্ন ৩। চৰকাৰী ঋণ এটা বােজা নেকি ? ব্যাখ্যা কৰা । 

উত্তৰঃ চৰকাৰী ঋণ এটি বােজা নেকি এই সন্দৰ্ভত তলত আলােচনা কৰা হৈছে –

চৰকাৰী ঋণে বােজা আৰােপ কৰেনে নকৰে সেয়া নিৰ্ভৰ কৰে চৰকাৰে ঋণসমূহ কেনেদৰে প্রয়ােগ কৰিছে তাৰ ওপৰত । যদি চৰকাৰে ঋণ বিনিয়ােগমূলক কামত প্রয়ােগ কৰি তাৰ লাভৰ অংশৰে ঋণ পৰিশােধ কৰি যায় তেনে ঋণ উৎপাদনমূলক বা ফলপ্রসূ । কিন্তু যেতিয়া চৰকাৰী ঋণৰ পৰা উৎপাদন নহয় তেতিয়া দেশখনত এই ঋণ বােজাস্বৰূপ হৈ পৰে । গতিকে চৰকাৰী ঋণে তলত দিয়া কার্যসমূহত বােজা আৰােপ কৰে । সেইবােৰ হ’ল— 

( a ) দীর্ঘকালীন ঋণৰ বােজা অধিক হলে ।

( b ) যেতিয়া ঋণ পৰিশােধ কৰিব নােৱাৰে এই ঋণ নতুন প্রজন্মৰ বাবে বােজা হ’ব পাৰে । 

( c ) অতিৰিক্ত ঋণৰ ফলত এখন দেশে ব্যৱসায় বাণিজ্য ৰপ্তানি জাতীয় দ্রব্য সামগ্রী হেৰুৱাব পাৰে ।

( d ) উন্নয়নশীল দেশসমূহত বাবে ঋণৰ অত্যাধিক হেঁচাই ঋণ ( Debt Trap ) ৰ সৃষ্টি কৰে ।

প্রশ্ন ৪। এখন অর্থনীতিৰ উপভােগ কার্য এনে ধৰণৰ C = 300 + 0.75y , বিনিয়ােগ ব্যয় ( l ) 250 আৰু চৰকাৰী খৰচ 200 , এতেকে নির্ণয় কৰা :

( ক ) আয়ৰ ভাৰসাম্য স্তৰ কি ? 

( খ ) যদি চৰকাৰী ব্যয় 100 বৃদ্ধি পায় ; ভাৰসাম্যত কি পৰিবৰ্তন হ’ব ? 

প্রশ্ন ৫। ধৰা হ’ল এটা নির্দিষ্ট অর্থনীতিৰ উপভােগ কার্য হ’ল C = 150 + 0.6y , বিনিয়ােগ 150 ৰ সমান , চৰকাৰী ক্রয় 120 আৰু সৰ্বমুঠ কৰ ( যেনে মুঠ মাঠ কৰ বিয়ােগ হস্তান্তৰ ) 100 এতিয়া , 

( ক ) আয়ৰ ভাৰসাম্য স্তৰটো কি ? 

( খ ) চৰকাৰী ব্যয় গুণিতক আৰু কৰ গুণিতকৰ মূল্য নিৰূপণ কৰা 

( গ ) যদি চৰকাৰী ব্যয় 100 বৃদ্ধি হয় , ভাৰসাম্য আয়ৰ পৰিৱৰ্তন দেখুওৱা । 

প্রশ্ন ৬৷ ধৰা হ’ল উপভােগ কার্য C = 80 + 0.9y চৰকাৰী ব্যয় ( a ) = 120 আৰু মুঠ কৰ ৰাজহ কার্য T = 0.10y 

ওপৰৰ তথ্যৰ পৰা –

( ক ) আয়ৰ ভাৰসাম্য স্তৰ নির্ণয় কৰা ।

( খ ) আয়ৰ ভাৰসাম্য স্তৰত কৰ ৰাজহ ( T ) কি ? 

( গ ) চৰকাৰৰ সুষম বাজেট থাকেনে ? 

( খ )  ∴ ভাৰসাম্য আয়ত কৰ ৰাজহ T = 200 

( গ ) যিহেতু চৰকাৰী ব্যয় ( G ) 120 আৰু কৰ ৰাজহ T = 200 অর্থাৎ G < T 

∵ চৰকাৰী বাজেট ভাৰসাম্য বা Balance নহয় ই হ’ল ৰাহি বাজেট । 

প্রশ্ন ৭৷ ধৰা হ’ল এখন অর্থনীতিত উপভােগ কার্য হ’ল C = 100+ 0.80y , বিনিয়ােগ ( I ) হ’ল 50 , চৰকাৰী ব্যয় ( G ) 100 ৰ সমান আৰু মুঠ ৰাজহ ( TR ) 150 এতিয়া , 

( ক ) আয়ৰ ভাৰসাম্য স্তৰ আৰু আয়ৰ গুণিতক উলিওৱা । 

( খ ) যদি চৰকাৰী ব্যয় 50 বৃদ্ধি পায় , ভাৰসাম্য আয়ত তাৰ প্ৰভাৱ কি হ’ব ? 

উত্তৰঃ  

∴ ভাৰসাম্য আয় ( y ) বৃদ্ধি হ’ব । 

∴ মুঠ ভাৰসাম্য আয় 500 + 250 = 750 

প্রশ্ন ৮। চৰকাৰী বাজেট কি ? ৰাজহ বাজেট আৰু মূলধনী বাজেট পার্থক্য ব্যাখ্যা কৰা ।

উত্তৰঃ চৰকাৰে প্ৰতিটো বিত্তীয় বছৰৰ বাবে চৰকাৰৰ প্রত্যাশিত আয় আৰু ব্যয়ৰ হিচাপৰ বিবৃতি উত্থাপন কৰে । চৰকাৰে এই প্রস্তাৱিত ব্যয় আৰু সম্ভাৱ্য আয়ৰ বছৰেকীয়া বিত্তীয় বিৱৰণক চৰকাৰী বাজেট বুলি কোৱা হয় । এই বাজেটে ৰাজহ হিচাপৰ ওপৰত হােৱা ব্যয়ক অন্য ব্যয়ৰ পৰা পৃথক কৰে । সেইবাবে চৰকাৰী বাজেটক দুটা ভাগত ভাগ কৰিব পাৰি । ইয়াৰে এটা ভাগ হৈছে –

( i ) ৰাজহ বাজেট । আৰু

( ii ) মূলধনী বাজেট । 

ৰাজহ বাজেট আৰু মূলধনী বাজেটৰ পাৰ্থক্যঃ 

( ক ) ৰাজহ বাজেটত চৰকাৰৰ চলিত প্রাপ্তি আৰু সেই প্রাপ্তিৰ পৰা কৰিব পৰা ব্যয়ৰ হিচাপ , অন্তর্ভুক্ত হয় । আনহাতে মূলধনী বাজেটত চৰকাৰৰ মূলধনী প্রাপ্তি আৰু ব্যয় অন্তর্ভুক্ত হয় । 

( খ ) ৰাজহ বাজেটত চৰকাৰৰ চলিত আয়ব্যয়সমূহ অন্তর্ভুক্ত হয় ; আনহাতে মূলধনী বাজেটত মূলধনী সা – সম্পত্তি সংগ্রহ আৰু বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয় – ব্যয় অন্তর্ভুক্ত হয় । 

( গ ) ৰাজহ বাজেটত কৰ ৰাজহ আৰু অনাকৰ ৰাজহ অন্তর্ভুক্ত হয় ; কিন্তু মূলধনী বাজেটত এইবােৰ নাথাকে । 

( ঘ ) ৰাজহ বাজেটৰ ৰাজহ ব্যয়ত পৰিকল্পনাৰ ৰাজহ ব্যয় থাকে , কিন্তু মূলধনী বাজেটৰ মূলধনী ব্যয়ত পৰিকল্পনাৰ মূলধনী ব্যয়ৰ লগতে পৰিকল্পনা বহির্ভূত ব্যয় থাকে । 

প্রশ্ন ৯। ৰাজকোষীয় নীতি কি ? চৰকাৰী ব্যয়ৰ পৰিৱর্তনে কিদৰে ভাৰসাম্য আয় স্তৰক প্ৰভাৱিত কৰে লিখা । 

উত্তৰঃ চৰকাৰী ব্যয় , ৰাজহ আৰু ঋণ নিয়ন্ত্রণ ব্যৱস্থাৰ জৰিয়তে যেতিয়া সম্পদ নিয়ােগ আৰু পুঁজিৰ প্ৰবাহ ঘটাই দেশৰ উপার্জন , মূল্যস্তৰ , নিয়ােগ আৰু উৎপাদনৰ স্তৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয় তাকেই ৰাজকোষীয় নীতি বোলে । চিত্ৰৰ সহায়ত চৰকাৰী ব্যয়ৰ পৰিৱর্তনে কিদৰে ভাৰসাম্য আয়ৰস্তক প্রভাবিত কৰে দেখুওৱা হলঃ–

প্রচলিত কৰৰ হাৰ অপৰিবৰ্তিত বুলি ধৰি লৈ চৰকাৰী ক্ৰয়ৰ ( G ) পৰিমাণবােৰ বিবেচনা কৰিব পাৰাে । যেতিয়া G , T তকৈ অধিক হয় , তেতিয়া অর্থনীতিখনত ( চৰকাৰৰ ) ঘাটি বাজেটৰ উদ্ভৱ হয় । কিয়নাে চৰকাৰী ক্রয় ( G ) ৰ বৃদ্ধি হ’ল সৰ্বমুঠ ব্যয়ৰ এটা উপাংশ আৰু সেয়েহে পৰিকল্পিত অর্থনীতিত G ৰ বৃদ্ধি হ’লে সৰ্বমুঠ ব্যয়ৰো বৃদ্ধি হ’ব । ইয়াৰ ফলস্বৰূপে সামগ্রিক চাহিদাসূচী AD লৈ স্থানান্তৰিত হয় । দ্রব্য সামগ্ৰীৰ উৎপাদনৰ প্ৰাৰম্ভিক স্তৰত , যােগানতকৈ চাহিদা অধিক হয় আৰু সেইবাবে ব্যৱসায় প্রতিষ্ঠানবােৰে উৎপাদনৰ পৰিমাণ সম্প্ৰসাৰণ কৰে । এই ক্ষেত্ৰত নতুন ভাৰসাম্য অৱস্থান হ’ব E ‘ ইয়াত গুণক কৌশলৰ প্ৰভাৱ পৰিলক্ষিত হয় । এই প্রক্রিয়াত চৰকাৰী ব্যয় গুণকৰ সমীকৰণটো তলত দিয়া ধৰণৰ হ’ব— 

চিত্রত দেখুওৱাৰ দৰে চৰকাৰী ব্যয় G ৰ পৰা G লৈ বাঢ়ি যােৱাৰ ফলত ভাৰসাম্য আয় Y ৰ পৰা Y¹ লৈ বাঢ়ি যায় । 

প্রশ্ন ১০। বাজেট ঘাটি কি ? বাজেট ঘাটিৰ তিনিটা প্রকাৰ কি কি ? 

উত্তৰঃ বাজেট ঘাটি হৈছে এনে এক অর্থনৈতিক অৱস্থা য’ত চৰকাৰী ব্যয়ৰ পৰিমাণ চৰকাৰী ৰাজহতকৈ অধিক হয় । বাজেট ঘাটিৰ তিনিটা প্ৰকাৰ তলত উল্লেখ কৰা হ’ল— 

( i ) ৰাজহ ঘাটি :- চৰকাৰৰ বাজেট বাজহ শিতানত অন্তর্ভুক্ত হােৱা মুঠ ৰাজহ ব্যয়তকৈ যদি উক্ত শিতানত অন্তর্ভুক্ত হােৱা ৰাজহ আয় বা ৰাজহ প্রাপ্তিৰ পৰিমাণ কম হয় , তাকে ৰাজহ ঘাটি বােলে । 

( ii ) প্রাথমিক ঘাটি :- ৰাজকোষীয় ঘাটিৰ পৰা সুদ পৰিশােধৰ পৰিমাণ বাদ দিলে প্রাথমিক ঘাটি পােৱা যায় । 

( iii ) ৰাজকোষীয় ঘাটি :- ৰাজকোষী ঘাটি হৈছে এনে এক অর্থনৈতিক অবস্থা য’ত চৰকাৰী মুঠ ব্যয় চৰকাৰী আয়তকৈ অধিক হয় , য’ত চৰকাৰী আয়ত চলিত বিত্তীয় বৰ্ষৰ ঋণৰ পৰিমাণ অন্তর্ভুক্ত নহয় । 

প্রশ্ন ১১। প্রত্যক্ষ কৰ আৰু পৰােক্ষ কৰৰ মাজৰ চাৰিটা পার্থক্য লিখা । 

উত্তৰঃ প্রত্যক্ষ কৰ আৰু পৰােক্ষ কৰৰ মাজৰ চাৰিটা পার্থক্য হল— 

( i ) প্রত্যক্ষ কৰ আয় অথবা লাভৰ ওপৰত আৰােপ কৰে , কিন্তু পৰােক্ষ কৰ দ্ৰব্য আৰু সেৱাৰ ওপৰত আৰোপ কৰে । 

( ii ) প্রত্যক্ষ কৰৰ প্রথম ঠেকা আৰু কৰৰ শেষভাৰ একেজন ব্যক্তিৰ ওপৰত পৰে ; কিন্তু পৰােক্ষ কৰৰ ক্ষেত্ৰত প্রথম ঠেকা যিজনৰ ওপৰত পৰে কৰৰ শেষ বােজা অন্য এজন ব্যক্তিৰ ওপৰত পৰে । 

( iii ) প্রত্যক্ষ কৰে আয়ৰ অসমতা হ্রাস কৰে কিন্তু পৰােক্ষ কৰে আয়ৰ অসমতা বৃদ্ধি কৰে । 

( iv ) প্রত্যক্ষ কৰে চাহিদা হ্রাস কৰি মুদ্রাস্ফীতি ৰােধ কৰাত সহায় কৰে; কিন্তু পৰােক্ষ কৰে দ্রব্যৰ দৰ বৃদ্ধি কৰি মুদ্রাস্ফীতি হােৱাত সহায় কৰে । 

প্রশ্ন ১২। ঘাটি বাজেট কি ? উন্নয়নশীল অর্থনীতিৰ ক্ষেত্ৰত ৰাহি বাজেটতকৈ ঘাটি বাজেটক কিয় উপযােগী হিচাপে বিবেচনা কৰা হয় ?

উত্তৰঃ এখন দেশৰ চৰকাৰী ৰাজহ প্রাপ্তিতকৈ চৰকাৰী ব্যয় অধিক হয় , তাকে ঘাটি বাজেট বােলে ।

উন্নয়নশীল দেশত চৰকাৰৰ কৰৰ জৰিয়তে ৰাইজ সংগ্রহ সীমিত । উন্নয়নশীল দেশৰ যেনে ভাৰতবৰ্ষৰ ক্ষেত্ৰত চৰকাৰে সাধাৰণ লােকৰ উন্নয়নৰ কাৰণে বিশেষভাৱে বিনিয়ােগ কৰিব লগা হয় । যেনে— শিক্ষাত বিনিয়ােগ , স্বাস্থ্যত , দৰিদ্রতা দূৰীকৰণত বিনিয়ােগ । তাৰােপৰি উন্নয়নৰ কাৰণে আন্তঃগাঁথনিৰ প্রয়ােজন । এই আন্তঃগাঁথনি যেনে— পৰিবহন আৰু যােগাযােগ , বেংক ব্যৱস্থা , জলসিঞ্চন ব্যৱস্থা আদিৰ ক্ষেত্ৰত বিশেষ ব্যয়ৰ প্রয়ােজন হয় । সেয়েহে উন্নয়নৰ কাৰণে এনে দেশত ৰাজহ সংগ্ৰহতকৈ চৰকাৰী ব্যয় অধিক হয় । গতিকে ঘাটি বাজেটেহে এনে দেশৰ বিশেষ অর্থনৈতিক উন্নয়নৰ পথ মুকলি কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top