Class 12 Business Chapter 9 বিত্তীয় পৰিচালনা

Class 12 Business Chapter 9 বিত্তীয় পৰিচালনা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 9 বিত্তীয় পৰিচালনা and select needs one.

Class 12 Business Chapter 9 বিত্তীয় পৰিচালনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 9 বিত্তীয় পৰিচালনা Solutions for All Subject, You can practice these here…

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ১/৫ ) 

৩৭। কোম্পানী এটাৰ মূলধনৰ গাঁঠনিত প্ৰভাৱ পেলােৱা পাঁচটা কাৰক ব্যাখ্যা কৰা ।

উত্তৰঃ মূলধন গাঁথনি বাছনি নিৰ্দ্ধাৰণকাৰী গুৰুত্বপূর্ণ উপাদানসমূহ হ’ল – 

( ক ) নগদ প্রবাহৰ স্থিতি ( Cash flow Position ) :- ঋণ প্রয়ােগ কৰাৰ আগতে সম্ভাব্য নগদ প্রবাহৰ আকাৰ বিবেচনা কৰিব লাগে ।কিয়নাে নগদ প্রবাহে স্থিৰ নগদ পৰিশােধৰ দায়িত্ব বহন কৰাৰ উপৰিও অতিৰিক্ত ধন থকাৰ প্রয়ােজন । 

( খ ) সুদ অন্তর্ভুক্ত অনুপাত ( Interest Coverage Ratio ) :- এটা কোম্পানীৰ সুদ আৰু কৰ পৰিশােধৰ পূর্বে কিমানবাৰ সুদ বা দেনাৰ দায়িত্ব সামৰি লয় , এই অনুপাতে তাকেই সূচায় । ইয়াক তলত দিয়া ধৰণে গণনা কৰিব পাৰি –

 

( গ ) ঋণ সেৱা অন্তর্ভুক্ত অনুপাত ( Debt Service Coverage Ratio ) :- সুদ অন্তর্ভুক্ত অনুপাতত উল্লেখিত দোষসমূহৰ প্রতিপালন কৰে ঋণ সেৱা অন্তর্ভুক্ত অনুপাতে । কাম – কাজৰ পৰা উদ্ভৱ হােৱা নগদ লাভৰ ঋণৰ সেৱাৰ বাবে প্রয়ােজনীয় মুঠ নগদ আৰু অগ্রাধিকাৰ অংশ মূলধনৰ সৈতে তুলনা কৰা হয় । ইয়াক তলত দিয়া ধৰণে নির্ণয় কৰা হয় । 

( ঘ ) বিনিয়ােগৰ ওপৰত প্রত্যার্পন ( Return on Investment ) :-  যদি কোম্পানীৰ বিনিয়োগৰ ওপৰত প্ৰত্যাপর্ণ উচ্চ হয় , প্রতিটো অংশ উপার্জন বৃদ্ধি কৰিবলৈ কোম্পানীয়ে সমাংশৰ ব্যৱসায় প্রয়ােগ কৰিবলৈ বাছি ল’ব পাৰে , অর্থাৎ ঋণ ব্যৱহাৰৰ বাবে ইয়াৰ সামর্থ অধিক ।

( ঙ ) ঋণৰ ব্যয় ( Cost of Debt ) :- এটা প্রতিষ্ঠানৰ কম হাৰত ঋণ গ্ৰহণৰ সামৰ্থই অধিক ঋণ প্রয়ােগৰ বাবে ইয়াৰ সামৰ্থ বৃদ্ধি কৰে । 

( চ ) কৰৰ হাৰ ( Tax rate ) :- ঋণৰ ব্যয় কৰৰ হাৰৰ দ্বাৰা প্রভাবান্বিত হয় , যিহেতুকে সুদ এবিধ বাদ দিবলগীয়া খৰছ । 

( ছ ) সমাংশত ব্যয়ঃ ষ্টকৰ মালিকসকলে সাধাৰণ অংশৰ প্ৰতিদানত এনে হাৰ আশা কৰে যিটো তেওঁলােকে বহন কৰা বিপদশংকাৰ সমানুপাতিক হয় । কোম্পানীয়ে ঋণ বৃদ্ধি কৰিলে সাধাৰণ অংশধাৰকে সন্মুখীন হােৱা বিত্তীয় বিপদশংকা বৃদ্ধি হয় , ফলস্বৰূপে তেওঁলােকে আশা কৰা প্রতিদানৰ হাৰ বৃদ্ধি হয় । 

( জ ) ভাসমান ব্যয় ( Floatation Cost ) :- সম্পদ আহৰণৰ প্ৰক্ৰিয়াটো কিছুমান ব্যয় সন্নিবিষ্ট হৈ থাকে । অংশপত্ৰ আৰু ঋণপত্ৰৰ ৰাজহুৱা বিলিকৰণত যি ব্যয় হয় , বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লাভ কৰােতে সিমানখিনি ব্যয় নহ’বও পাৰে । এনে ধৰণৰ বিচাৰ বিবেচনাইও মূলধনৰ গাঁথনিত প্ৰভাৱ পেলাব পাৰে । 

( ঝ ) নমনীয়তা ( Flexibility ) :- প্রতিষ্ঠান এটাই ইয়াৰ ঋণ গ্রহণৰ সম্ভাৱনীয়তা সম্পূর্ণভাবে ব্যৱহাৰ কৰিলে ইয়াৰ পুনৰ ঋণ গ্ৰহণৰ নমনীয়তা হেৰাই যায় । 

( ঞ ) নিয়ন্ত্রণ ( Control ) :- ঋণে সাধাৰণতে নিয়ন্ত্ৰণৰ মাত্রা কমাই নিদিয়ে । সাধাৰণ অংশৰ ৰাজহুৱা বিলিকৰণে কোম্পানীত ব্যৱস্থাপকৰ অধিকাৰ হ্ৰাস কৰিব পাৰে আৰু অধিগ্রহণৰ বাবে ইয়াক সুবিধাজনক কৰিব পাৰে ।এই উপাদানটোৱেও বিশেষভাবে মূলধন গাঁথনিত প্ৰভাৱ পেলাব পাৰে । 

৩৮। এটা ব্যবসায়ৰ মূলধনৰ গাঁঠনি নিৰূপন কৰােতে কি কি কাৰকে ক্রিয়া কৰিব পাৰে তাৰে যিকোনাে পাঁচটা চমুকৈ আলােচনা কৰা । 

উত্তৰঃ এটা ব্যবসায়ৰ মূলধনৰ গাঁঠনি নিৰূপন কৰােতে কি কি কাৰকে ক্রিয়া কৰিব পাৰে তাৰে যিকোনাে পাঁচটা তলত চমুকৈ আলােচনা কৰা হ’ল–

( ক ) নগদ প্রবাহৰ স্থিতি ( Cash flow Position ) :- ঋণ প্রয়ােগ কৰাৰ আগতে সম্ভাব্য নগদ প্রবাহৰ আকাৰ বিবেচনা কৰিব লাগে ।কিয়নাে নগদ প্রবাহে স্থিৰ নগদ পৰিশােধৰ দায়িত্ব বহন কৰাৰ উপৰিও অতিৰিক্ত ধন থকাৰ প্রয়ােজন । 

( খ ) সুদ অন্তর্ভুক্ত অনুপাত ( Interest Coverage Ratio ) :- এটা কোম্পানীৰ সুদ আৰু কৰ পৰিশােধৰ পূর্বে কিমানবাৰ সুদ বা দেনাৰ দায়িত্ব সামৰি লয় , এই অনুপাতে তাকেই সূচায় । ইয়াক তলত দিয়া ধৰণে গণনা কৰিব পাৰি –

( গ ) ঋণ সেৱা অন্তর্ভুক্ত অনুপাত ( Debt Service Coverage Ratio ) :- সুদ অন্তর্ভুক্ত অনুপাতত উল্লেখিত দোষসমূহৰ প্রতিপালন কৰে ঋণ সেৱা অন্তর্ভুক্ত অনুপাতে । কাম – কাজৰ পৰা উদ্ভৱ হােৱা নগদ লাভৰ ঋণৰ সেৱাৰ বাবে প্রয়ােজনীয় মুঠ নগদ আৰু অগ্রাধিকাৰ অংশ মূলধনৰ সৈতে তুলনা কৰা হয় । ইয়াক তলত দিয়া ধৰণে নির্ণয় কৰা হয় । 

( ঘ ) বিনিয়ােগৰ ওপৰত প্রত্যার্পন ( Return on Investment ) :-  যদি কোম্পানীৰ বিনিয়োগৰ ওপৰত প্ৰত্যাপর্ণ উচ্চ হয় , প্রতিটো অংশ উপার্জন বৃদ্ধি কৰিবলৈ কোম্পানীয়ে সমাংশৰ ব্যৱসায় প্রয়ােগ কৰিবলৈ বাছি ল’ব পাৰে , অর্থাৎ ঋণ ব্যৱহাৰৰ বাবে ইয়াৰ সামর্থ অধিক । 

( ঙ ) ঋণৰ ব্যয় ( Cost of Debt ) :- এটা প্রতিষ্ঠানৰ কম হাৰত ঋণ গ্ৰহণৰ সামৰ্থই অধিক ঋণ প্রয়ােগৰ বাবে ইয়াৰ সামৰ্থ বৃদ্ধি কৰে । 

৩৯। কাৰ্যকৰী মূলধনৰ সংজ্ঞা দিয়া আৰু কাৰ্যকৰী মূলধন আৰু স্থায়ী মূলধনৰ মাজত পার্থক্য দেখুওৱা । 

উত্তৰঃ কোম্পানীৰ দৈনন্দিন কাম – কাজৰ সফল সম্পাদনৰ অৰ্থে স্বকালীন সম্পত্তি অথবা চলিত সম্পত্তি যেনে নগদ ধন , বিক্রীযােগ্য নিৰাপত্তা পত্র , দেনাদাৰ , মজুত সম্ভাৰ আদিত বিনিয়ােগৰ বাবে সি অংশ বা পৰিমাণৰ মূলধনৰ প্রয়ােজন হয় সিয়েই হৈছে কার্যকৰী মূলধন । 

স্থায়ী আৰু কাৰ্যকৰী মূলধনৰ মাজত থকা পার্থক্য সমূহ হলঃ–( ক ) স্থিৰ মূলধন স্থায়ী সম্পত্তি যেনে ভূমি আৰু অট্টালিকা যন্ত্রপাতি আচবাব ইত্যাদিত বিনিয়ােগ কৰা হয় । আনহাতে কার্যকৰী মূলধন চলিত সম্পত্তি যেনে কেচাসামগ্রী দেনাদাৰ , প্রাপ্য বিল ইত্যাদিত বিনিয়ােগ কৰা হয় । 

( খ ) ব্যৱসায়ত ইয়াৰ মূল্য কমি গৈ থাকে । কিন্তু কার্যকৰী মূলধন সময়ে সময়ে উঠা নমা হৈ থাকে ।

( গ ) ব্যৱসায়ৰ স্থায়ী দীর্ঘকালীন প্রয়ােজনীয়তা পূৰণ কৰাৰ কাৰণে আৱশ্যক হয় । আনহাতে কার্যকৰী মূলধন হ্রস্বকালীন প্রয়ােজনীয়তা পূৰণ কৰাৰ কাৰণে আৱশ্যক হয় । 

( ঘ ) স্থায়ী সম্পত্তি প্রাৰম্ভিক কার্যকৰী মূলধন আৰু সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বিত্তায়নৰ বাবে স্থায়ী সম্পত্তিৰ প্ৰয়ােজন হয় । কিন্তু মজুৰি , কেচাসামগ্রী , ঘৰভাড়া , পন্য সামগ্ৰীৰ ভাড়া ইত্যাদিত হােৱা দৈনন্দিন খৰছ পূৰ কৰাৰ বাবে কার্যকৰী মূলধনৰ ব্যৱহাৰ হয় । 

( ঙ ) স্থিৰ মূলধন স্থায়ী সম্পত্তি সমূহত স্থায়ীভাবে বন্ধ হৈ থাকে আনহাতে কার্যকৰী মূলধন আদায় কৰিব পাৰি আৰু বাৰে বাৰে পুনৰ বিনিয়ােগ কৰিব পাৰি ।

৪০। ‘লাভাংশ বিতৰণৰ সিদ্ধান্ত এটা কোম্পানীয়ে কিছুমান কাৰক বিবেচনা কৰি লয় ’ এই বাক্যশাৰী বর্ণনা কৰা । 

উত্তৰঃ ‘লাভাংশ বিতৰণৰ সিদ্ধান্ত এটা কোম্পানীয়ে কিছুমান কাৰক বিবেচনা কৰি লয় ’ এই বাক্যশাৰী তলত বর্ণনা কৰা হ’ল– 

( ক ) উপার্জনঃ উপার্জন হল লভ্যাংশৰ সিদ্ধান্তৰ এক নিৰ্দ্ধাৰণকাৰী উপাদান । লভ্যাংশ চলিত আৰু পুৰ্বৰ উপাৰ্জনৰ পৰা পৰিশােধ কৰা হয় । 

( খ ) উপার্জনৰ সুস্থিৰতা :- লাভৰ সুস্থিৰতা থকা কোম্পানিয়ে উচ্চ পৰিমাণৰ লভ্যাংশ পৰিশােধ কৰিব পাৰে আৰু লাভৰ সুস্থিৰতা নথকা কোম্পানিয়ে কম পৰিমাণৰ লভ্যাংশ পৰিশােধ কৰা দেখা যায় । 

( গ ) বৃদ্ধিৰ সুযােগঃ সুস্থ বৃদ্ধিৰ সুযােগ থকা কোম্পানিয়ে প্রয়ােজনীয় বিনিয়ােগৰ বিত্তায়নৰ বাবে তেওঁলােকৰ উপাৰ্জনৰ পৰা অধিক পৰিমাণৰ ধন ৰাখি থয় । গতিকে বৃদ্ধি হৈ থকা কোম্পানি বৃদ্ধি নােহােৱা কোম্পানিৰ তুলনাত লভ্যাংশৰ পৰিমাণ কম । 

( ঘ ) নগদ প্রবাহৰ স্থিতি :- লভ্যাংশৰ সৈতে নগদৰ বহিঃ প্রবাহ জড়িত হৈ থাকে । এটা কোম্পানি লাভজনক হলেও নগদৰ নাটনি হব পাৰে । লভ্যাংশ ঘােষনাৰ বাবে কোম্পানিত যথেষ্ঠ পৰিমাণৰ নগদৰ প্ৰাপ্তিৰ প্রয়ােজন ।

৪১। কাৰ্যকৰী মূলধনৰ নিৰূপনত ক্রিয়া কৰা যিকোনাে পাঁচটা কাৰক ব্যাখ্যা কৰা । 

উত্তৰঃ কাৰ্যকৰী মূলধনৰ প্ৰয়ােজনীয়তাত প্ৰভাৱ পেলােৱা উপাদানসমূহ হ’ল– 

( ক ) ব্যৱসায়ৰ প্রকৃতি :- ব্যৱসায়ৰ মৌলিক প্রকৃতিয়ে প্রয়ােজনীয় কার্যকৰী মূলধনৰ পৰিমাণ প্ৰভাৱান্বিত কৰে । প্রস্তুতকাৰী সংগঠনতকৈ এটা কিনা – বেচাৰ লগত জড়িত সংগঠনক কম পৰিমাণৰ কাৰ্যকৰী মূলধনৰ প্রয়ােজন হয় । 

( খ ) কাম – কাজৰ মাত্রাঃ যিবােৰ সংগঠনৰ কাম – কাজৰ মাত্রা উচ্চ , মজুত পণ্যৰ পৰিমাণ , দেনাদাৰৰ প্রয়ােজন সাধাৰণতে উচ্চ হয় , তেনে ধৰণৰ সংগঠনবােৰক নিম্নমাত্রাত কাম – কাজ চলােৱা সংগঠনতকৈ বেছি পৰিমাণৰ কাৰ্যকৰী মূলধনৰ আৱশ্যক । 

( গ ) বাণিজ্য চক্রঃ বাণিজ্য চক্ৰৰ বিভিন্ন স্তৰৰ দ্বাৰাও কার্যকৰী মূলধনৰ প্ৰয়ােজনীয়তা প্ৰভাৱিত হয় । বাণিজ্য চক্ৰৰ সমৃদ্ধিৰ স্তৰত অধিক পৰিমাণৰ কাৰ্যকৰী মূলধনৰ প্রয়ােজন হয় । আনহাতে মন্দাৱস্তাত ইয়াৰ প্ৰয়ােজনীয়তা কমি যায় । 

( ঘ ) ঋতুজনিত কাৰকসমূহ :- কার্যকৰী মূলধনৰ প্ৰয়ােজনত ঋতুকালীন প্রভাৱ দেখা যায় । যেনে শীর্ষবিন্দুত উপনীত বতৰত অধিক পৰিমাণ কার্যকৰী মূলধনৰ প্রয়ােজন হয় আৰু নামি যােৱা অৱস্থাত ( Lean season ) এই মূলধনৰ প্ৰয়ােজন নিম্ন হয় । 

( ঙ ) উৎপাদন চক্রঃ উৎপাদন চক্ৰৰ সময়সীমা আৰু দৈর্ঘ্যই কেঁচা সামগ্ৰী আৰু খৰছৰ বাবে প্রয়ােজনীয় পুঁজিৰ পৰিমাণ প্রভাবান্বিত কৰে । ফলস্বৰূপে দীঘলীয়া প্ৰক্ৰিয়াৰ চক্ৰ থকা প্রতিষ্ঠানত কাৰ্যকৰী মূলধনৰ প্ৰয়ােজনীয়তা উচ্চ আৰু হূস্বকালীন প্রক্রিয়া চক্ৰ থকা প্রতিষ্ঠানত নিম্ন হয় । 

৪২। এটা কোম্পানীত বিত্ত পৰিচালকৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ কোম্পানি এটাও বিত্ত পৰিচালকে তলত দিয়া ধৰণে ভূমিকা পালন কৰে— 

( ক ) বিত্তীয় প্রয়ােজনীয়তাৰ মূল্যাংকনঃ বিত্তীয় পৰিচালকৰ সর্ব প্রথম কার্য হৈছে প্রতিষ্ঠানৰ বাবে বিত্তীয় প্রয়ােজনীয়তা মূল্যাংকন কৰা । প্রস্তাৱিত কোনাে প্রতিষ্ঠান স্থায়ী সম্পত্তি আহৰণৰ বাবে প্রয়ােজনীয় স্থায়ী মূলধন নিৰূপণ কৰা , চলিত সম্পত্তিৰ বাবে কার্যক্ৰী মূলধনৰ পৰিমান নিৰ্দ্ধাৰণ কৰাৰ লগতে ভবিষ্যৎ প্রয়ােজনৰ অৰ্থেপূজিৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰাত বিত্তীয় পৰিচালকে উল্লেখ যােগ্য ভূমিকা পালন কৰে । 

( খ ) উৎস বাছনি আৰু পুঁজি সংগ্রহ :- বিত্তীয় পৰিচালকৰ গুৰুত্বপূর্ণ কার্য হৈছে মূল্যাংকিত পুঁজি সংগ্রহৰ অৰ্থে উৎস বাছনি কৰা আৰু সেইমতে প্রয়ােজনীয় পুঁজি সংগ্রহ কৰা । এই ক্ষেত্ৰত অংশ বিলি , ঋণপত্র বিলি , বিত্তীয় অনুষ্ঠানৰ পৰা দীর্ঘম্যাদী ঋণ লাভ , বাণিজ্যিক বেংকৰ ঋণ লাভ আদি উৎসৰ পৰা পুঁজি সংগ্রহ কৰে । 

( গ ) পূজি বিনিয়ােগৰ ওপৰত সিদ্ধান্ত গ্রহণ :- পূজি বিনিয়ােগৰ ওপৰত সিদ্ধান্ত গ্রহণে ব্যৱসায়ৰ সংগৃহীত পূজিৰ বিকল্প ব্যৱহাৰৰ বিচাৰেৰে উচ্চ প্রত্যর্পন যুজ কোনাে প্রকল্পত মাথােন বিনিয়ােগ কৰিবলৈ লােৱাৰ সিদ্ধান্তক বুজায় । লাভৰ পৰিমাণ বৃদ্ধিলৈ অধিক বৰঙণি যােগােৱা কোনাে প্রকল্প বাছনি কৰাৰ জৰিয়তে বিনিয়ােগ কৰাৰ সম্ভাব্য সর্বোত্তম কৰা হয় । 

( ঘ ) নগদ পৰিচালনা :- ব্যৱসায় প্রতিষ্ঠানলৈ প্রবাহিত হােৱা নগদ ধনৰ শিতান আৰু প্ৰতিষ্ঠানৰ পৰা বাহিৰলৈ প্রবাহিত হােৱা শিতানৰ সঠিক মূল্যায়ন কৰা আৰু ইয়াৰ জৰিয়তে নগদ ধনৰ নাটনি অথবা , সৃষ্টি নােহােৱাকৈ নগদ পৰিচালনা কৰা কার্যত বিত্তীয় পৰিচালকৰ দক্ষতাৰ আৱশ্যক হয় । সুস্থ অধ্যয়ন , বাস্তৱ বিশ্লেষনৰ জৰিয়তে এই কার্য সম্পাদনত বিত্তীয় পৰিচালকে ভূমিকা পালন কৰে । 

( ঙ ) তাৰল্যতা ৰক্ষণাবেক্ষন :- তাৰল্যতা মজুত ৰখাত বিত্তীয় পৰিচালকে দায়িত্ব পালন কৰে । প্ৰতিষ্ঠানৰ আৱশ্যকীয় কেচা – সামগ্রী ক্রয় , শ্রমিক মজুৰি প্ৰদান আৰু অন্যান্য ব্যয় সম্পাদন বাধাপ্রাপ্ত নহবলৈ তৰল সম্পত্তিৰ পৰিমাণ আৰু প্ৰকাৰ নিৰ্দ্ধাৰণ কৰা আৰু পূজিৰ নাটনি নহবলৈ তৰল সম্পত্তি তাৎক্ষনিক ভাবে নগদ পৰিবৰ্তন কৰাত সুবিধা প্রদান কৰিবলৈ বিত্তীয় পৰিচালকৰ দায়িত্ব দেখা যায় । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ২/৬ ) 

৪৩। মূলধনৰ গাঁঠনি বুলিলে কি বুজা ? মূলধনৰ গাঠনি নিৰূপণৰ বাবে কি কি কাৰক মন কৰিব লাগে ? 

উত্তৰঃ মূলধন গাঁথনিয়ে বিভিন্ন ধৰণৰ মূলধন যেনে মালিকীস্বত্ব মূলধন আৰু ঋণকৃত ( Borrowed Capital ) মূলধনৰ সংমিশ্ৰণক সূচায় । মালিকীস্বত্ব ( ownership capital ) মূলধনৰ অন্তৰ্গত মূলধনসমূহ হ’ল–সাধাৰণ অংশ , অগ্রাধিকাৰী অংশ মূলধন আৰু সংৰক্ষিত পুঁজি আৰু ৰাহি বা সঞ্চিত উপার্জন । আনহাতে ঋণকৃত মূলধনৰ অন্তৰ্গত পূজি সমূহ হ’ল– ঋণপত্র , ৰাজহুৱা জমা ইত্যাদি । এটা ব্যৱসায়ৰ মূলধন গাঁথনিয়ে লাভযােগ্যতা আৰু বিত্তীয় বিপদ শংকা উভয়কে প্রভাৱান্বিত কৰে । অর্থাৎ মূলধন গাঁথনিৰ সৈতে জড়িত সকলােবােৰ সিদ্ধান্তই অংশ ধাৰকসকলৰ সম্পদ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত । 

দ্বিতীয় অংশ :- ( ক ) নগদ প্রবাহৰ স্থিতি ( Cash flow Position ) :- ঋণ প্রয়ােগ কৰাৰ আগতে সম্ভাব্য নগদ প্রবাহৰ আকাৰ বিবেচনা কৰিব লাগে ।কিয়নাে নগদ প্রবাহে স্থিৰ নগদ পৰিশােধৰ দায়িত্ব বহন কৰাৰ উপৰিও অতিৰিক্ত ধন থকাৰ প্রয়ােজন । 

( খ ) সুদ অন্তর্ভুক্ত অনুপাত ( Interest Coverage Ratio ) :- এটা কোম্পানীৰ সুদ আৰু কৰ পৰিশােধৰ পূর্বে কিমানবাৰ সুদ বা দেনাৰ দায়িত্ব সামৰি লয় , এই অনুপাতে তাকেই সূচায় । ইয়াক তলত দিয়া ধৰণে গণনা কৰিব পাৰি –

ICR=EBIT/Interest

( গ ) ঋণ সেৱা অন্তর্ভুক্ত অনুপাত ( Debt Service Coverage Ratio ) :- সুদ অন্তর্ভুক্ত অনুপাতত উল্লেখিত দোষসমূহৰ প্রতিপালন কৰে ঋণ সেৱা অন্তর্ভুক্ত অনুপাতে । কাম – কাজৰ পৰা উদ্ভৱ হােৱা নগদ লাভৰ ঋণৰ সেৱাৰ বাবে প্রয়ােজনীয় মুঠ নগদ আৰু অগ্রাধিকাৰ অংশ মূলধনৰ সৈতে তুলনা কৰা হয় । ইয়াক তলত দিয়া ধৰণে নির্ণয় কৰা হয় । 

( ঘ ) বিনিয়ােগৰ ওপৰত প্রত্যার্পন ( Return on Investment ) :-  যদি কোম্পানীৰ বিনিয়োগৰ ওপৰত প্ৰত্যাপর্ণ উচ্চ হয় , প্রতিটো অংশ উপার্জন বৃদ্ধি কৰিবলৈ কোম্পানীয়ে সমাংশৰ ব্যৱসায় প্রয়ােগ কৰিবলৈ বাছি ল’ব পাৰে , অর্থাৎ ঋণ ব্যৱহাৰৰ বাবে ইয়াৰ সামর্থ অধিক ।

( ঙ ) ঋণৰ ব্যয় ( Cost of Debt ) :- এটা প্রতিষ্ঠানৰ কম হাৰত ঋণ গ্ৰহণৰ সামৰ্থই অধিক ঋণ প্রয়ােগৰ বাবে ইয়াৰ সামৰ্থ বৃদ্ধি কৰে । 

৪৪। ‘তুমি এটা কোম্পানীৰ বিত্ত পৰিচালকঃ কোম্পানীৰ কেন্দ্রীয় পৰিষদে তােমাক প্রয়ােজনীয় কাৰ্যকৰী মূলধনৰ পৰিমাণ নির্ণয় কৰিব দিলে ।তুমি কি কি কাৰক ইয়াৰ মান নির্ণয়ৰ বাবে বিবেচনা কৰিবা ? 

উত্তৰঃ ( ক ) ব্যৱসায়ৰ প্রকৃতি :- ব্যৱসায়ৰ মৌলিক প্রকৃতিয়ে প্রয়ােজনীয় কার্যকৰী মূলধনৰ পৰিমাণ প্ৰভাৱান্বিত কৰে । প্রস্তুতকাৰী সংগঠনতকৈ এটা কিনা – বেচাৰ লগত জড়িত সংগঠনক কম পৰিমাণৰ কাৰ্যকৰী মূলধনৰ প্রয়ােজন হয় । 

( খ ) কাম – কাজৰ মাত্রাঃ যিবােৰ সংগঠনৰ কাম – কাজৰ মাত্রা উচ্চ , মজুত পণ্যৰ পৰিমাণ , দেনাদাৰৰ প্রয়ােজন সাধাৰণতে উচ্চ হয় , তেনে ধৰণৰ সংগঠনবােৰক নিম্নমাত্রাত কাম – কাজ চলােৱা সংগঠনতকৈ বেছি পৰিমাণৰ কাৰ্যকৰী মূলধনৰ আৱশ্যক । 

( গ ) বাণিজ্য চক্রঃ বাণিজ্য চক্ৰৰ বিভিন্ন স্তৰৰ দ্বাৰাও কার্যকৰী মূলধনৰ প্ৰয়ােজনীয়তা প্ৰভাৱিত হয় । বাণিজ্য চক্ৰৰ সমৃদ্ধিৰ স্তৰত অধিক পৰিমাণৰ কাৰ্যকৰী মূলধনৰ প্রয়ােজন হয় । আনহাতে মন্দাৱস্তাত ইয়াৰ প্ৰয়ােজনীয়তা কমি যায় । 

( ঘ ) ঋতুজনিত কাৰকসমূহ :- কার্যকৰী মূলধনৰ প্ৰয়ােজনত ঋতুকালীন প্রভাৱ দেখা যায় । যেনে শীর্ষবিন্দুত উপনীত বতৰত অধিক পৰিমাণ কার্যকৰী মূলধনৰ প্রয়ােজন হয় আৰু নামি যােৱা অৱস্থাত ( Lean season ) এই মূলধনৰ প্ৰয়ােজন নিম্ন হয় । 

( ঙ ) উৎপাদন চক্রঃ উৎপাদন চক্ৰৰ সময়সীমা আৰু দৈর্ঘ্যই কেঁচা সামগ্ৰী আৰু খৰছৰ বাবে প্রয়ােজনীয় পুঁজিৰ পৰিমাণ প্রভাবান্বিত কৰে । ফলস্বৰূপে দীঘলীয়া প্ৰক্ৰিয়াৰ চক্ৰ থকা প্রতিষ্ঠানত কাৰ্যকৰী মূলধনৰ প্ৰয়ােজনীয়তা উচ্চ আৰু হূস্বকালীন প্রক্রিয়া চক্ৰ থকা প্রতিষ্ঠানত নিম্ন হয় । 

৪৫। ‘কোম্পানী এটাৰ মূলধনৰ গাঠনি নির্ণয়ত বহুতাে কাৰকে ক্রিয়া কৰে ’ — যিকোনাে ৬ টা কাৰক বর্ণনা কৰা । 

উত্তৰঃ মূলধন গাঁথনিয়ে বিভিন্ন ধৰণৰ মূলধন যেনে মালিকীস্বত্ব মূলধন আৰু ঋণকৃত ( Borrowed Capital ) মূলধনৰ সংমিশ্ৰণক সূচায় । মালিকীস্বত্ব ( ownership capital ) মূলধনৰ অন্তৰ্গত মূলধনসমূহ হ’ল–সাধাৰণ অংশ , অগ্রাধিকাৰী অংশ মূলধন আৰু সংৰক্ষিত পুঁজি আৰু ৰাহি বা সঞ্চিত উপার্জন । আনহাতে ঋণকৃত মূলধনৰ অন্তৰ্গত পূজি সমূহ হ’ল– ঋণপত্র , ৰাজহুৱা জমা ইত্যাদি । এটা ব্যৱসায়ৰ মূলধন গাঁথনিয়ে লাভযােগ্যতা আৰু বিত্তীয় বিপদ শংকা উভয়কে প্রভাৱান্বিত কৰে । অর্থাৎ মূলধন গাঁথনিৰ সৈতে জড়িত সকলােবােৰ সিদ্ধান্তই অংশ ধাৰকসকলৰ সম্পদ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত । 

দ্বিতীয় অংশ :- ( ক ) নগদ প্রবাহৰ স্থিতি ( Cash flow Position ) :- ঋণ প্রয়ােগ কৰাৰ আগতে সম্ভাব্য নগদ প্রবাহৰ আকাৰ বিবেচনা কৰিব লাগে ।কিয়নাে নগদ প্রবাহে স্থিৰ নগদ পৰিশােধৰ দায়িত্ব বহন কৰাৰ উপৰিও অতিৰিক্ত ধন থকাৰ প্রয়ােজন । 

ICR=EBIT/Interest

( গ ) ঋণ সেৱা অন্তর্ভুক্ত অনুপাত ( Debt Service Coverage Ratio ) :- সুদ অন্তর্ভুক্ত অনুপাতত উল্লেখিত দোষসমূহৰ প্রতিপালন কৰে ঋণ সেৱা অন্তর্ভুক্ত অনুপাতে । কাম – কাজৰ পৰা উদ্ভৱ হােৱা নগদ লাভৰ ঋণৰ সেৱাৰ বাবে প্রয়ােজনীয় মুঠ নগদ আৰু অগ্রাধিকাৰ অংশ মূলধনৰ সৈতে তুলনা কৰা হয় । ইয়াক তলত দিয়া ধৰণে নির্ণয় কৰা হয় । 

( ঙ ) ঋণৰ ব্যয় ( Cost of Debt ) :- এটা প্রতিষ্ঠানৰ কম হাৰত ঋণ গ্ৰহণৰ সামৰ্থই অধিক ঋণ প্রয়ােগৰ বাবে ইয়াৰ সামৰ্থ বৃদ্ধি কৰে । 

৪৬। কাৰ্যকৰী মূলধন কি ? কাৰ্যকৰী মূলধনক ক্রিয়া কৰা যিকোনাে চাৰিটা কাৰক ব্যাখ্যা কৰা । 

উত্তৰঃ কোম্পানীৰ দৈনন্দিন কাম – কাজৰ সফল সম্পাদনৰ অৰ্থে হ্রস্বকালীন সম্পত্তি অথবা চলিত সম্পত্তি যেনে নগদ ধন , বিক্রীযােগ্য নিৰাপত্তা পত্র , দেনাদাৰ , মজুত সম্ভাৰ আদিত বিনিয়ােগৰ বাবে সি অংশ বা পৰিমাণৰ মূলধনৰ প্ৰয়ােজন হয় সিয়েই হৈছে কার্যকৰী মূলধন । 

দ্বিতীয় অংশঃ ( ক ) ব্যৱসায়ৰ প্রকৃতি :- ব্যৱসায়ৰ মৌলিক প্রকৃতিয়ে প্রয়ােজনীয় কার্যকৰী মূলধনৰ পৰিমাণ প্ৰভাৱান্বিত কৰে । প্রস্তুতকাৰী সংগঠনতকৈ এটা কিনা – বেচাৰ লগত জড়িত সংগঠনক কম পৰিমাণৰ কাৰ্যকৰী মূলধনৰ প্রয়ােজন হয় । 

( খ ) কাম – কাজৰ মাত্রাঃ যিবােৰ সংগঠনৰ কাম – কাজৰ মাত্রা উচ্চ , মজুত পণ্যৰ পৰিমাণ , দেনাদাৰৰ প্রয়ােজন সাধাৰণতে উচ্চ হয় , তেনে ধৰণৰ সংগঠনবােৰক নিম্নমাত্রাত কাম – কাজ চলােৱা সংগঠনতকৈ বেছি পৰিমাণৰ কাৰ্যকৰী মূলধনৰ আৱশ্যক । 

( গ ) বাণিজ্য চক্রঃ বাণিজ্য চক্ৰৰ বিভিন্ন স্তৰৰ দ্বাৰাও কার্যকৰী মূলধনৰ প্ৰয়ােজনীয়তা প্ৰভাৱিত হয় । বাণিজ্য চক্ৰৰ সমৃদ্ধিৰ স্তৰত অধিক পৰিমাণৰ কাৰ্যকৰী মূলধনৰ প্রয়ােজন হয় । আনহাতে মন্দাৱস্তাত ইয়াৰ প্ৰয়ােজনীয়তা কমি যায় । 

( ঘ ) ঋতুজনিত কাৰকসমূহ :- কার্যকৰী মূলধনৰ প্ৰয়ােজনত ঋতুকালীন প্রভাৱ দেখা যায় । যেনে শীর্ষবিন্দুত উপনীত বতৰত অধিক পৰিমাণ কার্যকৰী মূলধনৰ প্রয়ােজন হয় আৰু নামি যােৱা অৱস্থাত ( Lean season ) এই মূলধনৰ প্ৰয়ােজন নিম্ন হয় । 

( ঙ ) উৎপাদন চক্রঃ উৎপাদন চক্ৰৰ সময়সীমা আৰু দৈর্ঘ্যই কেঁচা সামগ্ৰী আৰু খৰছৰ বাবে প্রয়ােজনীয় পুঁজিৰ পৰিমাণ প্রভাবান্বিত কৰে । ফলস্বৰূপে দীঘলীয়া প্ৰক্ৰিয়াৰ চক্ৰ থকা প্রতিষ্ঠানত কাৰ্যকৰী মূলধনৰ প্ৰয়ােজনীয়তা উচ্চ আৰু হূস্বকালীন প্রক্রিয়া চক্ৰ থকা প্রতিষ্ঠানত নিম্ন হয় । 

৪৭। স্থায়ী মূলধন কি ? স্থানীয় মূলধনৰ নিৰূপণত ক্রিয়া কৰা যিকোনাে চাৰিটা কাৰক ব্যাখ্যা কৰা । 

উত্তৰঃ কোম্পানীৰ মূলধনীকৰণত ইয়াৰ সৰ্বমুঠ পৰিমাণৰ পৰা স্থায়ী প্রকৃতিৰ বিভিন্ন সম্পত্তি , যেনে কলকবজ্জা আৰু যন্ত্রপাতি , ভূমি আৰু ভৱন , আচবাব , গাড়ী , মটৰ , কৃতিস্বত্ব আদিৰ ক্রয় , সংগ্রহ কিম্বা নিৰ্মাণৰ অৰ্থে ব্যৱহাৰ কৰা মূলধনৰ পৰিমাণকে স্থায়ী মূলধন বেলা হয় । 

দ্বিতীয় অংশ :-  ( ক ) ব্যৱসায়ৰ প্ৰকৃতিঃ ব্যৱসায়ৰ প্ৰকৃতিয়ে স্থায়ী মূলধনৰ প্ৰয়ােজনীয়তাৰ ওপৰত প্ৰভাৱ পেলায় । যেনে কিনা – বেচা কৰা প্ৰতিষ্ঠানৰ তুলনাত উৎপাদনকাৰী সংগঠনত স্থায়ী সম্পত্তিত বিনিয়ােগৰ প্রয়ােজন বেছি হয় । 

( খ ) কাৰ্যৰ পৰিসীমাঃ উচ্চ পৰিসীমাত কাম-কাজ চলাই থকা বৃহৎ সংগঠনক ক্ষুদ্র সংগঠনৰ তুলনাত স্থায়ী সম্পত্তিত অধিক বিনিয়ােগৰ আৱশ্যক হয় । 

( গ ) কৌশলৰ বাছনি :- কিছুমান সংগঠন মূলধন কেন্দ্রীক আৰু কিছুমান সংগঠন শ্রম কেন্দ্রীক । মূলধন কেন্দ্রীক সংগঠনত স্থায়ী মূলধনৰ আৱশ্যকতা অধিক হয় । আনহাতে শ্রম কেন্দ্রীক সংগঠনবােৰক স্থায়ী সম্পত্তিত কম বিনিয়ােগৰ প্রয়ােজন হয় । 

( ঘ ) প্রযুক্তিবিদ্যাৰ উন্নীতকৰণঃ যিবােৰ উদ্যোগত সম্পত্তিবােৰ অতি সােনকালে অপ্রচলিত হৈ পৰে তেনে সম্পত্তিবােৰ সলনিকৰণ অতি জৰুৰী হৈ পৰে । এনে ক্ষেত্ৰত স্থায়ী সম্পত্তিত অধিক বিনিয়ােগৰ প্ৰয়ােজন হয় । 

( ঙ ) বৃদ্ধিৰ ভৰসা :- সংগঠনৰ অধিক বৃদ্ধি হলে সাধাৰণতে স্থায়ী সম্পত্তিত অধিক বিনিয়ােগৰ আৱশ্যক হয় । ফলস্বৰূপে অধিক স্থায়ী মূলধনৰ আৱশ্যক হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top