Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা

Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা and select needs one.

Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 12 উপভােক্তা সুৰক্ষা Solutions for All Subject, You can practice these here…

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ ) 

২৯। গ্রাহকৰ আইনগত সুৰক্ষাৰ বাবে কি কি বিভিন্ন ধৰণৰ আইন প্রণয়ন কৰা হৈছে ? 

উত্তৰঃ গ্ৰাহকৰ স্বার্থ সুৰক্ষিত কৰাত ভাৰত চৰকাৰে গৃহীত কৰা বিভিন্ন ধৰণৰ আইন সমূহ হল – 

( ক ) গ্রাহক সুৰক্ষা আইন 1986:-  1986 চনৰ গ্ৰাহক সুৰক্ষা আইনে গ্রাহকৰ স্বার্থ সুৰক্ষা আৰু গ্ৰাহকৰ স্বার্থ উন্নয়নৰ প্ৰতি সচেষ্ট । এই আইনে ত্রুটিপূর্ণ দ্রব্য , সেৱাৰ ঘাটি , অসাধু কার্যকলাপ আৰু আন প্ৰকাৰৰ শােষণ বা আক্রান্তৰ পৰা গ্ৰাহকক সুৰক্ষা প্রদান কৰে ।

( খ ) চুক্তি আইন 1872 :- এই আইনে এখন চুক্তি প্রতিজ্ঞাকাৰী পক্ষক বন্ধোনত আৱদ্ধ কৰাৰ বিভিন্ন পৰিস্থিতি বা চর্তসমূহৰ অৱস্থাৰ নির্দেশ দিয়াৰ লগতে চুক্তি ভংগৰ ফলশ্রুতি হিচাপে বিভিন্ন পক্ষই পাব পৰা সুৰক্ষাৰৰ নির্দেশ কৰে । 

( গ ) পণ্য বিক্রয় আইন 1930 :- যেতিয়া ক্ৰয় কৰা দ্রব্য , বিক্রী চর্ত মতে নহয় , তেতিয়া এই আইনে ক্রেতাক কিছুমান সুৰক্ষা আৰু সকাহ প্রদান কৰে । 

( ঘ ) অত্যাৱশ্যকীয় সামগ্রী আইন 1955ঃ এই আইনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যােগান , বিতৰণ , সামগ্ৰীৰ সমবিতৰণ নিশ্চিত কৰা আৰু মূল্য বৃদ্ধি ৰােধ কৰা , গােপন ভঁড়ালকাৰী , ক’লা ব্যৱসায়ী ইত্যাদিৰ বিপক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰে । 

( ঙ ) কৃষি উৎপন্ন ( মান অনুযায়ী স্তৰীকৰণ আৰু চিহ্নিতকৰণ ) আইন 1937 :- এই আইনে কৃষিজাত সামগ্ৰী আৰু মানদণ্ডৰ স্তৰ অনুযায়ী শ্রেণীবদ্ধকৰণৰ অনুমােদন কৰে ।

৩০ । এজন গ্রাহকৰ অধিকাৰ আৰু দায়িত্বসমূহ বর্ণনা কৰা । 

উত্তৰঃ গ্ৰাহক সুৰক্ষা আইনে গ্রাহকক ছটা অধিকাৰ প্ৰদান কৰিছে । এই অধিকাৰসমূহ তলত আলােচনা কৰা হ’ল– 

( ক ) সুৰক্ষাৰ অধিকাৰ :- জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্রব্য আৰু সেৱাৰ বিপক্ষে নিৰাপত্তা পােৱাৰ গ্ৰাহকৰ অধিকাৰ আছে । উদাহৰণস্বৰূপে বৈদ্যুতিক সা – সজুলি , প্রেচাৰ কুকাৰ , খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্রেড , গাখীৰ , আচাৰ , মাখন ইত্যাদি যিবােৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানি নচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে । 

( খ ) জানিবৰ অধিকাৰঃ গ্রাহক এজনে ক্রয় কৰিব বিচৰা দ্ৰব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাৰ অধিকাৰ আছে য’ত ইয়াৰ উপাদান , উৎপাদনৰ তাৰিখ , মূল্য , পৰিমাণ , ব্যৱহাৰৰ নির্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে । 

গ্রাহকৰ দায়িত্বসমূহ হ’ল – ( ক ) বুদ্ধিমান আৰু জ্ঞানসম্পন্ন দ্রব্য বাছনি কৰিবলৈ বজাৰত পাব পৰা দ্রব্য বা সেৱাৰ প্রতি সজাগ থাকিব লাগে । 

( খ ) গুণৰ নিশ্চয়তা প্রদান কৰিব পৰা মানদণ্ডযুক্ত দ্রব্যহে ক্ৰয় কৰা উচিত । যেনে বৈদ্যুতিক দ্রব্যৰ বাবে ISI চিহ্ন , গহনা পাতিৰ ক্ষেত্ৰত Hall Mark , কৃষিজাত দ্রব্যৰ ক্ষেত্ৰত Agmark ইত্যাদি চিহৰ বিচাৰ কৰিব লাগে । 

৩১। গ্রাহক সুৰক্ষা আইন , ১৯৮৬ মতে গ্রাহকক সুৰক্ষা প্রদান কৰাৰ উপায়বােৰ লিখা । 

উত্তৰঃ গ্রাহক সুৰক্ষা আইন 1986 চনৰ 9 নং ধাৰা মতে গ্রাহক সকলৰ বিবাদসমূহ ক্ষীপ্র আৰু সহজ সৰলভাবে উপশম কৰাৰ ব্যৱস্থা আছে । এই উদ্দেশ্যে জিলা , ৰাজ্যিক আৰু কেন্দ্রীয় স্তৰত একৰকম বিচৰালয় স্থাপিত কৰা হৈছে । এই বিচৰালয় পৰিষদে স্বাভাৱিক ন্যায়ৰ নীতি পর্যবেক্ষণ কৰিব আৰু গ্ৰাহকসকলক যথাযথ ক্ষতিপূৰণ দিয়াৰ কাৰণে কর্তৃত্ব লাভ কৰিব । ন্যায়িক বিচৰালয়ৰ নির্দেশ অমান্য কৰিলে শাস্তি বিধানৰ ব্যৱস্থা এই আইনত উল্লেখ আছে । 

গ্রাহক সুৰক্ষা আইনে তলত উল্লেখ কৰা প্ৰতিকাৰ অভিকৰণৰ ব্যৱস্থা কৰিছে –

( ক ) ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত জাননীৰ দ্বাৰা গ্রাহক বিবাদ উপশম বিচৰালয় অর্থাৎ জিলা বিচৰালয় স্থাপন কৰে ।

( খ ) ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমােদন সাপেক্ষে গ্রাহক বিবাদ উপশম আয়ােগ গঠন কৰে । এই আয়ােগক ৰাজ্যিক আয়ােগ বুলি জনা যায় । 

( গ ) কেন্দ্রীয় চৰকাৰৰ দ্বাৰা গ্রাহক উপশম আয়ােগ গঠন কৰে । ইয়াক জাতীয় আয়ােগ বুলি জনা যায় । 

৩২। সমাজতান্ত্রিকতাত গ্রাহক সুৰক্ষাৰ গুৰুত্ব বর্ণনা কৰা । 

উত্তৰঃ গ্রাহক সুৰক্ষাৰ গুৰুত্ব গ্রাহকৰ লগতে ব্যৱসায়ৰ বাবেও অতি গুৰুত্বপূর্ণ । 

( ক ) গ্রাহকৰ দৃষ্টিকোণৰ পৰা :- গ্ৰাহকৰ দৃষ্টিকোণৰ পৰা গ্রাহক সুৰক্ষাৰ গুৰুত্ব তলত দিয়া বিষয়সমূহৰ পৰা বুজিব পৰা যায় । 

( ১ ) গ্রাহকৰ অজ্ঞতাঃ বহু ক্ষেত্ৰতে গ্রাহকসকল তেওঁলােকৰ অধিকাৰ আৰু পাব পৰা সাহায্য সম্পর্কত জ্ঞাত নােহােৱা হেতুকে তেওঁলােকক শিক্ষা প্রদান কৰাতাে প্রয়ােজন যাতে গ্রাহক সজাগতাত উপনীত হ’ব পাৰি । 

( ২ ) অসংগঠিত গ্রাহকঃ অসংগঠিত গ্রাহক সকলক সংগঠিত কৰা দৰকাৰ যাতে তেনে সংগঠনে তেওঁলােকৰ স্বাৰ্থৰ প্ৰতি নজৰ দিব পাৰে । এই ক্ষেত্ৰত ভাৰতত কাম কৰি থকা গ্রাহক সংগঠনসমূহ শক্তিশালী নােহােৱা পর্যন্তগ্রাহকক সুৰক্ষা দিয়াৰ প্রয়ােজন । 

( ৩ ) ব্যাপক হাৰত গ্ৰাহকক শোষণঃ শোষণ মূল্যক আৰু অসাধু কার্যকলাপ যেনে ত্রুটিপূর্ণ আৰু অসুৰক্ষিত দ্রব্য , ভেজালকৰণ , ভূৱা বিজ্ঞাপন , গােপন ভড়াল , কলা বজাৰ ইত্যাদিৰ দ্বাৰা গ্রাহক শােষিত হােৱাৰ সম্ভাৱনীয়তা বেছি । বিক্রেতাৰ এনে অন্যায় আচৰণৰ পৰা গ্ৰাহকক সুৰক্ষা প্রদান কৰা প্রয়ােজন । 

৩৩। গ্রাহক সুৰক্ষা পথবােৰ কি কি ? বর্ণনা কৰা । 

উত্তৰঃ গ্রাহক সুৰক্ষাৰ উদ্দেশ্যত উপনীত হ’ব পৰা বিভিন্ন উপায়সমূহ হ’ল –

( ক ) ব্যৱসায় প্রতিষ্ঠানৰ আত্ম নিয়ন্ত্রণ :- দূৰদৰ্শী ব্যৱসায় প্রতিষ্ঠানে দীর্ঘম্যাদী স্বার্থৰ কথা চিন্তা কৰি গ্ৰাহকক উচিতভাবে সেৱা আগবঢ়ায় । গ্রাহকৰ ওজৰ আপত্তি নিষ্পত্তি কৰাৰ কাৰণে ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সেৱা আৰু বিবাদ কোষ প্রতিষ্ঠা কৰে । 

( খ ) ব্যৱসায় সংস্থা :- বেহা – বেপাৰ , বাণিজ্য আৰু ব্যৱসায় সংস্থা যেনে ভাৰতীয় উদ্যোগ আৰু বণিক সমিতিৰ সংঘ আৰু ভাৰতীয় উদ্যোগ সংঘই আচৰণ বিধি প্রস্তুত কৰে যাৰ আধাৰত ইয়াৰ সদস্যসকলে গ্রাহকৰ লগত কৰিবলগীয়া আচৰণৰ নির্দেশনা লাভ কৰে ।

( গ ) গ্রাহকৰ সজাগতাঃ এজন সচেতন গ্রাহকে যিকোনাে অসাধু ব্যৱসায়িক কার্যকলাপত নাইবা অবিবেকী শােষণৰ বিৰুদ্ধে মাত মাতিব পাৰে । 

( ঘ ) গ্রাহক সংগঠনঃ গ্রাহক সংগঠনসমূহে গ্ৰাহকৰ অধিকাৰ সম্পর্কে গ্রাহকক শিক্ষাদান আৰু তেওঁলােকৰ সুৰক্ষা প্রদানৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । এনে সংগঠনবােৰে ব্যৱসায় প্রতিষ্ঠানবােৰক অসাধু কার্য এৰাই চলা আৰু গ্ৰাহকক কৰা শােষণৰ পৰা আঁতৰি থকাৰ বাবে বাধ্য কৰিব পাৰে । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ২/৬ ) 

৩৪ । গ্রাহক এজনৰ অধিকাৰ আৰু দায়িত্ববােৰ বৰ্ণনা কৰা । 

উত্তৰঃ গ্রাহক এজনৰ অধিকাৰ আৰু দায়িত্ববােৰ তলত  বৰ্ণনা কৰা হ’ল–

( ক ) সুৰক্ষাৰ অধিকাৰ :- জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্রব্য আৰু সেৱাৰ বিপক্ষে নিৰাপত্তা পােৱাৰ গ্ৰাহকৰ অধিকাৰ আছে । উদাহৰণস্বৰূপে বৈদ্যুতিক সা – সজুলি , প্রেচাৰ কুকাৰ , খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্রেড , গাখীৰ , আচাৰ , মাখন ইত্যাদি যিবােৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানি নচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে । 

( খ ) জানিবৰ অধিকাৰঃ গ্রাহক এজনে ক্রয় কৰিব বিচৰা দ্ৰব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাৰ অধিকাৰ আছে য’ত ইয়াৰ উপাদান , উৎপাদনৰ তাৰিখ , মূল্য , পৰিমাণ , ব্যৱহাৰৰ নির্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে । 

গ্রাহকৰ দায়িত্বসমূহ হ’ল – ( ক ) বুদ্ধিমান আৰু জ্ঞানসম্পন্ন দ্রব্য বাছনি কৰিবলৈ বজাৰত পাব পৰা দ্রব্য বা সেৱাৰ প্রতি সজাগ থাকিব লাগে । 

( খ ) গুণৰ নিশ্চয়তা প্রদান কৰিব পৰা মানদণ্ডযুক্ত দ্রব্যহে ক্ৰয় কৰা উচিত । যেনে বৈদ্যুতিক দ্রব্যৰ বাবে ISI চিহ্ন , গহনা পাতিৰ ক্ষেত্ৰত Hall Mark , কৃষিজাত দ্রব্যৰ ক্ষেত্ৰত Agmark ইত্যাদি চিহৰ বিচাৰ কৰিব লাগে । 

৩৫। গ্রাহক সুৰক্ষা প্রদানৰ বাবে কি কি বিভিন্ন ধৰণৰ ৰাস্তা আছে ? গ্রাহক সংস্থা আৰু অনাচৰকাৰী সংস্থাৰ গুৰুত্ব এই ক্ষেত্ৰত কেনেকুৱা ব্যাখ্যা কৰা । 

উত্তৰঃ গ্রাহক সুৰক্ষাৰ উদ্দেশ্যত উপনীত হ’ব পৰা বিভিন্ন উপায়সমূহ হ’ল — 

( ক ) ব্যৱসায় প্রতিষ্ঠানৰ আত্ম নিয়ন্ত্রণ :- দূৰদৰ্শী ব্যৱসায় প্রতিষ্ঠানে দীর্ঘম্যাদী স্বার্থৰ কথা চিন্তা কৰি গ্ৰাহকক উচিতভাবে সেৱা আগবঢ়ায় । গ্রাহকৰ ওজৰ আপত্তি নিষ্পত্তি কৰাৰ কাৰণে ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সেৱা আৰু বিবাদ কোষ প্রতিষ্ঠা কৰে । 

( খ ) ব্যৱসায় সংস্থা :- বেহা – বেপাৰ , বাণিজ্য আৰু ব্যৱসায় সংস্থা যেনে ভাৰতীয় উদ্যোগ আৰু বণিক সমিতিৰ সংঘ আৰু ভাৰতীয় উদ্যোগ সংঘই আচৰণ বিধি প্রস্তুত কৰে যাৰ আধাৰত ইয়াৰ সদস্যসকলে গ্রাহকৰ লগত কৰিবলগীয়া আচৰণৰ নিৰ্দেশনা লাভ কৰে । 

( গ ) গ্রাহকৰ সজাগতাঃ এজন সচেতন গ্রাহকে যিকোনাে অসাধু ব্যৱসায়িক কার্যকলাপত নাই বা অবিবেকী শােষণৰ বিৰুদ্ধে মাত মাতিব পাৰে । 

গ্রাহকৰ স্বার্থ সুৰক্ষা আৰু উন্নয়নৰ বাবে গ্রাহক সংগঠন আৰু বেচৰকাৰী সংগঠনসমূহৰ ভূমিকা তলত উল্লেখ কৰা হ’ল — 

( ক ) সাধাৰণ ৰাইজক প্রশিক্ষণ কার্যসূচী , আলােচনা চক্ৰ আৰু কৰ্মশালাৰ আয়ােজন কৰি গ্রাহকৰ অধিকাৰ সম্পর্কে শিক্ষা দিয়া ।

( খ ) সাময়িক আলােচনী পত্রিকা আৰু অন্যান্য প্রকাশৰ দ্বাৰা গ্ৰাহকৰ সমস্যা , আইনগত প্রতিবেদন , পাচ পৰা সাহাৰ্য আৰু অন্যান্য স্বার্থ জড়িত বিষয়ৰ দ্বাৰা গ্ৰাহকক জ্ঞান প্ৰদান কৰা । 

( গ ) ক্ষমতাপ্রাপ্ত পৰীক্ষাগাৰত প্রতিযােগি ব্ৰাণ্ডৰ গ্ৰাহকৰ দ্ৰব্যৰ তুলনামূলক পৰীক্ষা চলােৱা আৰু গ্ৰাহকৰ লাভৰ বাবে তাৰ ফলাফল প্রকাশ কৰা । 

৩৬। গ্রাহক সুৰক্ষা আইনে ৬ ধৰণৰ সুৰক্ষা প্রদান কৰে । সেইবােৰ কি কি ? 

উত্তৰঃ গ্রাহক সুৰক্ষা আইনে গ্রাহকক ছটা অধিকাৰ প্ৰদান কৰিছে । এই অধিকাৰসমূহ তলত আলােচনা কৰা হ’ল— 

( ক ) সুৰক্ষাৰ অধিকাৰঃ জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্রব্য আৰু সেৱাৰ বিপক্ষে নিৰাপত্তা পােৱাৰ গ্ৰাহকৰ অধিকাৰ আছে । উদাহৰণস্বৰূপে বৈদ্যুতিক সা – সজুলি , প্রেচাৰ কুকাৰ , খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্রেড , গাখীৰ , আচাৰ , মাখন ইত্যাদি যিবােৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানিনচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে । 

( খ ) জানিবৰ অধিকাৰঃ গ্রাহক এজনে ক্রয় কৰিব বিচৰা দ্ৰব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাৰ অধিকাৰ আছে যত ইয়াৰ উপাদান , উৎপাদনৰ তাৰিখ , মূল্য , পৰিমাণ , ব্যৱহাৰৰ নির্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে । 

( গ ) বাছনি কৰাৰ অধিকাৰ :- বিভিন্ন দ্রব্যৰ মাজৰ পৰা প্ৰতিযােগিতামূলক মূল্যত গ্রাহকে বাছনি কৰি লােৱাৰ স্বাধীনতা আছে । বজাৰ কাৰীয়ে দ্ৰব্যৰ গুণগত মানদণ্ড , ব্ৰাণ্ড , মূল্য আকাৰ ইত্যাদি অনুসৰি দ্ৰব্য আগবঢ়াব লাগে যাতে গ্রাহকে এইবােৰৰ পৰা বাছনি কৰি ল’ব পাৰে । 

( ঘ ) বিচাৰত শুনানী লাভৰ অধিকাৰঃ কোনাে গ্রাহকে দ্রব্য বা সেৱাৰ দ্বাৰা অসন্তুষ্ট হলে আপত্তি দাখিল কৰিব পাৰে আৰু তেতিয়া শুনানী লাভ কৰাৰ অধিকাৰ পায় । সেয়ে দূৰদৃষ্টি সম্পন্ন ব্যৱসায় প্রতিষ্ঠানে গ্রাহক সেৱা আৰু বিবাদ কোষ প্রতিষ্ঠা কৰি গ্ৰাহকক সহায় কৰি আছে । 

( ঙ ) নিষ্পত্তিকৰণবিচৰাত অধিকাৰঃ কোনাে দ্রব্য বা সেৱা গ্ৰাহকৰ আশা কৰা মতে কম হয় তেতিয়া গ্রাহকে সকাহ পােৱাৰ অধিকাৰ আছে । গ্রাহক সুৰক্ষা আইনে ব্যৱস্থা কৰা সকাহৰ ভিতৰত দ্রব্যৰ বদলিকৰণ, দ্রব্যত থকা ত্রুটি দূৰ কৰা , গ্রাহকৰ ক্ষতিৰ বিপৰীতে ক্ষতি পূৰণ আদায় দিয়া ইত্যাদিবােৰ অন্তর্ভুক্ত হৈ থাকে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top