Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Class 12 Business Chapter 11 বজাৰৰ্কৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 11 বজাৰৰ্কৰণ and select needs one.

Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 11 বজাৰৰ্কৰণ Solutions for All Subject, You can practice these here…

 

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংক : ১/৫ ) 

৫১। ‘দ্রব্য অনুযায়ী গ্রাহকৰ প্ৰতি ঢাল খােৱা আৰু দ্ৰব্যৰ বিকাশ গ্রাহকৰ দৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰা ’ – এই দুইটাই হ’ল বজাৰকৰণ পৰিচালনাৰ মূল ধাৰণা । এই ধাৰণা দুটা চিনাক্ত কৰা আৰু ইহঁতৰ মাজত পার্থক্য দেখুওৱা । 

উত্তৰঃ বজাৰকৰণৰ উক্ত ধাৰণা দুটা হ’ল– 

( a ) গতানুগতিক ধাৰণা ।

( b ) আধুনিক ধাৰণা । 

৫২। কিছুমান দ্রব্যৰ বিশেষ গুণ থাকে ? এইবােৰ বহুতাে গ্রাহকক আকর্ষিত কৰে । এনেকুৱা বিশেষ গুণ থকা দ্রব্যবােৰ চিনাক্ত কৰা আৰু ইয়াৰ বৈশিষ্ট্যবােৰ বৰ্ণনা কৰা । 

উত্তৰঃ উচ্চ শিখৰত পৰিচয়জ্ঞাপক নাম চিহ্ন যুক্ত উপভােক্তাৰ পন্য যেনে বিৰল তথা অতি উত্তম কলাত্মক কার্য বা প্রাচীন কোনাে সংগ্রহ , নির্দিষ্ট চুলিকটা চেলুন , নির্দিষ্ট কোনাে হােটেল আৰু ৰেষ্টুৰেণ্ট , সাজ পাৰ ইত্যাদি । এনে ধৰণৰ দ্রব্য ক্রয় কৰিবলৈ কিছুমান লােকে বহুত সময় আৰু প্রচেষ্টা আনকি দুৰ দুৰণিলৈকেও ভ্ৰমণ কৰে । এনেধৰণৰ দ্ৰব্যৰ বৈশিষ্ট্য হল– 

( ক ) যিহেতু অতি কম সংখ্যক লােকেহে ক্রয় কৰে , বিশেষ বৈশিষ্ট্যতাৰে উৎপন্ন দ্রব্যৰ চাহিদা সীমিত হয় । 

( খ ) এনে ধৰণৰ দ্ৰব্যৰ মূল্য অধিক আৰু ব্যয় বহুল হয় । 

( গ ) এনে ধৰণৰ দ্ৰব্য কম স্থানতহে পােৱা যায় । 

( ঘ ) বহুতাে বৈশিষ্ট্যতাপূর্ণ উৎপাদিত দ্রব্যৰ বাবে বিক্ৰীৰ পিছৰ সেৱা অতি গুৰুত্বপূর্ণ হয় । 

৫৩। পেকেজিং মানে কি ? পেকেজিংৰ কাৰ্যবােৰ কি কি ? 

উত্তৰঃ উৎপন্ন দ্রব্যৰ ধাৰণ পাত্র অথবা মেৰিওৱা বা চকা কাপােৰ কাগজৰ ৰূপাংকন বা আৰ্হিকৰণ কৰা আৰু সেইবােৰ প্ৰস্তুত কৰা কাৰ্যক পেকেজিং বা টোপােলাকৰণ বুলি কোৱা হয় । পেকেজিঙৰ কিছুমান গুৰুত্বপূৰ্ণ কার্য হৈছে— 

( ক ) উৎপন্ন দ্রব্য চিনাক্তকৰণ :- পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উদাহৰণস্বৰূপে ৰঙা ৰঙৰ কলগেট , অথবা প’ণ্ডচ ক্রীমৰ বয়াম এইবােৰৰ পেকেজৰ দ্বাৰাই সহজে চিনাক্ত কৰিব পাৰি । 

( খ ) উৎপম দ্রব্য সুৰক্ষা :- পেকেজিঙে উৎপন্ন দ্রব্যৰ নষ্ট , ভঙা , সৰকি যােবা , ক্ষয় – ক্ষতি হােৱা , জলবায়ুজনিত পৰিণতি আদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ব্যৱহাৰত সুবিধা দিয়া :- পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ , চলাবলৈ আৰু উপভোক্তাসকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । প্রসাধন সামগ্রী ঔষধ আৰু দন্তমনৰ টিউব হৈছে ইয়াৰ উদাহৰণ । 

( ঘ ) উৎপন্ন দ্রব্য উত্তীর্ণকৰণঃ পণ্য সামগ্ৰীৰ প্ৰৱৰ্তনৰ উদ্দেশ্যতাে পেকেজিঙৰ ব্যৱহাৰ হয় । গ্রাহকৰ মনােযােগ আকর্ষণ কৰিবলৈ নীলা , কলা পাখী বৰণীয়া আঁচনি ফটোগ্রাফ অথবা মুদ্ৰণৰ ব্যৱহাৰ কৰা হ’ব পাৰে । আত্ম সেৱাৰ জৰিয়তে ক্ৰয় কৰা ভাণ্ডাৰত পেকেজিঙৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ । 

৫৪। বিক্ৰী প্ৰৱৰ্ত্তন মানে কি ? ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ আমেৰিকান মার্কেটিং এছ’চিয়েশ্বনৰ সংজ্ঞা কমিটি মতে বিক্রী , উত্তীর্ণকৰণ মানে বজাৰকৰণ কার্যত ব্যক্তিক বিক্রী , বিজ্ঞাপন আৰু প্ৰচাৰৰ বাহিৰে সেইবােৰৰ কাৰ্যক বুজায় যিবােৰে ভােক্তাৰ ক্ৰয় আৰু ব্যৱসায়ীৰ ফসদ বিক্রী উন্নীত কৰে । 

গুৰুত্ব বা সুবিধাঃ ( i ) মনােযােগিতাৰ মূল্যঃ বিক্রী উত্তীর্ণকৰণৰ কাম কাজত উদগনিৰ ব্যৱহাৰে মানুহৰ মনােযােগ আকর্ষণ কৰে । 

( ii ) নতুন উৎপন্ন দ্রব্যৰ সুচনাত উপযােগী :- বিক্রী উত্তীর্ণকৰণ আহিলা বজাৰত নতুন উৎপন্ন দ্রব্যৰ সুচনা কৰােতে অতি ফলদায়ক হব পাৰে ।মানুহক ইতিমধ্যে নিয়মীয়াকৈ ক্ৰয় কৰি অহা আহৰণ ভংগ কৰাই নতুন উৎপন্ন দ্রব্য ক্রয় কৰােৱাত বিক্রী উত্তীর্ণ কৰণৰ আহিলাই পতিয়ন নিয়াব পাৰে । 

( iii ) সামগ্রিক উত্তীর্ণকৰণ প্ৰচেষ্টাত সবলঃ বিক্রী উত্তীর্ণকৰণৰ কাৰ্যৰ ৰূপাংকন ব্যক্তিগত বিক্রয়কৰণ আৰু বিজ্ঞাপনকৰণ প্ৰচেষ্টাৰ সন্মিলিত শক্তিতকৈ অধিক সবল ৰূপত প্রতিষ্ঠা কৰা হয় আৰু ইয়ে প্রতিষ্ঠান এটাৰ আন সকলাে ফলদায়ক প্রচেষ্টাৰ ওপৰত অৱস্থান কৰে । 

৫৫। বিজ্ঞাপনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ উদ্দেশ্যসমূহ বর্ণনা কৰা । 

উত্তৰঃ বিজ্ঞাপনৰ অৰ্থ হৈছে কোন নির্দিষ্ট দিশৰ প্রতি মন মনােযােগ আকর্ষিত কৰা । বিজ্ঞাপন হৈছে এনে এক কলা , যাৰ দ্বাৰা কোনাে ব্যক্তি ( উৎপাদনকাৰী বিক্রেতা ) আৰু ব্যক্তিৰ মত ; ধাৰণা নাইবা তেওঁৰ পণ্য সামগ্রী আৰু সেৱা সম্পর্কে জনসাধাৰণক অৱগত কৰােৱা হয় ।

বিজ্ঞাপনৰ মুখ্য উদ্দেশ্যসমূহ হ’ল–( ক ) নতুন উৎপাদিত দ্রব্যৰ বিষয়ে ভােক্তা সমাজক অৱগত কৰাৰ জৰিয়তে পণ্যৰ প্ৰতি ভােক্তাৰ মনােযােগ আকৰ্ষণ কৰা । 

( খ ) অব্যক্তিক এই বিজ্ঞাপনৰ জৰিয়তে ব্যক্তিৰে বা ব্যক্তিগত বিক্ৰীলৈ সমর্থন আগবঢ়োৱা আৰু বিক্রী পদ্ধতি সহজ কৰি তােলা ।

( গ ) প্রতিষ্ঠিত কোনাে দ্রব্যৰ প্রচলিত বজাৰ সহাৰি অক্ষুন্ন ৰখাৰ উপৰি ইয়াৰ বজাৰ সম্প্ৰসাৰণ কৰা । 

( ঘ ) বিক্ৰীৰ পৰিমাণ বৃদ্ধি আৰু বিক্ৰী ব্যয় হ্রাস কৰা । 

( ঙ ) পণ্যজ্ঞান সম্পর্কে তথ্য প্রচাৰৰ জৰিয়তে উপভােক্তাবাদৰ উন্নয়ন ঘটোৱা । 

৫৬। দ্রব্য এটাৰ দৰ নির্ণয় কৰােতে কি কি কাৰক বিবেচনা কৰা হয় চমুকৈ আলােচনা কৰা ।

উত্তৰঃ মূল্য নির্ধাৰণত প্ৰভাৱ পেলােৱা উপাদান সমূহ হ’ল— 

( a ) উৎপন্ন দ্রব্যৰ ব্যয়ঃ উৎপন্ন দ্রব্য বা সেৱাৰ দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলােৱ গুৰুত্বপূর্ণ উপাদান হৈছে উৎপন্ন দ্রব্য ব্যয় । ই দ্রব্যৰ উৎপাদন , বিতৰণ আৰু বিক্ৰীকৰণৰ ব্যয় অন্তর্ভূক্ত কৰে । ব্যয়ে সর্বনিম্ন স্তৰ অথবা কাৰখানাৰ মজিয়াৰ দৰ নিৰ্দ্ধাৰণ কৰে , যিটো দৰত দ্রব্য বিক্ৰী কৰিব পাৰে । ব্যয় বহল অর্থত তিনি প্ৰকাৰৰ– 

( ক ) স্থিৰ ব্যয় । 

( খ ) পৰিবর্তনীয় ব্যয় । আৰু 

( গ ) অর্ধ পৰিবর্তনীয় ব্যয় । 

( b ) উপযােগিতা আৰু চাহিদাঃ পণ্য অথবা সেৱাৰ বজাৰ চাহিদাই মূল্য নির্ধাৰণত বাৰুকৈয়ে প্ৰভাৱ পেলায় । যিহেতু সম্ভাব্য ক্রেতাসকল চাহিদাৰ দ্বাৰা প্ৰভাৱিত হয় সেয়ে দৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ক্রেতাৰ ক্ৰয় কৰাৰ ক্ষমতা , পৰিশােধ কৰাৰ ইচ্ছা , তেওঁলােকৰ পছন্দ ইত্যাদি বিষয়সমূহ বিবেচনা কৰা হয় । যদি কোনাে দ্রব্যৰ চাহিদা অস্থিতিস্থাপক । উচ্চ দৰ স্থিৰ কৰিব পাৰি । অন্যহাতে যদি চাহিদা স্থিতি স্থাপক হয় , তেনেক্ষেত্ৰত প্রতিষ্ঠানে উচ্চ দৰ স্থিৰ কৰাটো উচিত নহ’ব । 

( C ) প্রতিযােগিতা :- প্রতিযােগিতা থকা বজাৰত মূল্য নির্ধাৰণ কৰাটো এটা জটিল উপাদান । প্রতিযােগিসকলে সদৃশ পণ্যৰ বাবে কিমান দৰ নিৰ্দ্ধাৰণ কৰিছে আৰু সন্মুখত এই দৰ বৃদ্ধি বা হ্রাস কৰা সম্ভাৱনীয়তা থকা বিদ্যমান তথ্যপাতি সমূহেও দৰ নিৰ্দ্ধাৰণত প্ৰভাৱ পেলায় । 

( d ) গ্রাহকসকলৰ প্ৰকাৰঃ নির্দিষ্ট লক্ষ্যসম্পন্ন গ্রাহকসকলে দ্রব্যৰ মূল্য পৰিশােধ কৰিবলৈ সক্ষম হ’বই । সেই কাৰণে টি , ভি প্রস্তুতকাৰক সকলে কম আয় সম্পন্ন লোকৰ বাবে সস্তা দৰত টেলিভিছন প্রস্তুত কৰিছে আৰু উচ্চ আয় সম্পন্ন লােকৰ বাবে বেছিদামী ডিলাক্স আৰ্হিৰ টেলিভিছ প্রস্তুত কৰি উলিয়াই দিছে ।

( e ) চৰকাৰী নিয়ন্ত্রণ :- কিছুমান পণ্যৰ সর্বোচ্চ বিক্রী দাম চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়ে । কোনাে প্রতিষ্ঠানে বিধিবদ্ধ দৰতকৈ বেছি দৰ নিৰ্দ্ধাৰণ কৰিব নােৱাৰে । 

৫৭। ‘বাজাজ অটো’ৱে বজাৰত বিক্ৰী প্ৰৱৰ্তন / উন্নীতকৰণ কৰিব খােজে । তিনিটা বিক্রী প্ৰৱৰ্তনৰ উপায় উল্লেখ কৰা । 

উত্তৰঃ বাজাজ অটোৱে বজাৰ বিক্ৰী উন্নীতকৰণৰ বাবে তলত উল্লেখ কৰা উপায় অবলম্বন কৰে । 

( a ) ৰেহাই :- বিক্রী কৰিবলৈ সময়ে সময়ে ( নির্দিষ্ট সময়ৰ বাবে ) গাড়ী মটৰৰ স্বাভাৱিক মূল্যতকৈ কম মূল্যত বিক্ৰী কৰে । ইয়াৰ দ্বাৰা দ্ৰব্যৰ বিক্ৰী বৃদ্ধি হয় । 

( b ) বাট্টা :- দৰ তালিকাত উল্লেখ কৰা দৰতকৈ নিম্ন কোনাে দৰত দ্রব্যৰ বিক্ৰীৰ প্ৰস্তাৱ দিলে ইয়াক বাট্টা কার্য বুলি কোৱা হয় । বিশেষ কিছুমান ঋতুত বা দিনত যেনে বিশেষ পূজা বাট্টা , বিহুবাট্টা , ঈদবাট্টা ইত্যাদি । ইয়াৰ দ্বাৰা গ্রাহক কিছু পৰিমাণে আকর্ষিত হয় আৰু দ্রব্য ক্রয় কৰিবলৈ লয় । ফলত বিক্রী বৃদ্ধি হয় । 

( C ) বিনিময়ৰ প্ৰস্তাৱ :- এই ব্যৱস্থাত পূৰণি যান – বাহনৰ বিনিময়ত নতুন বাহন দিয়াৰ প্রস্তাব দিয়ে । এই ক্ষেত্ৰত উৎপাদকে পূৰণি যান বাহনৰ এটা স্থিৰ দাম নির্ধাৰণ কৰি লয় আৰু সেই দাম পৰিশােধ কৰাৰ পিছত নতুন বাহন দিয়ে । ফলত বিক্রী বৃদ্ধি হয় । 

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ২/৬ ) 

৫৮। ‘বিজ্ঞাপনত খৰচ কৰা টকা অথলে যায়’ । তুমি সন্মত হয়নে ? তােমাৰ উত্তৰৰ সমর্থন যুক্তি দিয়া । 

উত্তৰঃ ‘বিজ্ঞাপনত খৰচ কৰা টকা অথলে যায় । ” বিজ্ঞাপনৰ বিপক্ষে যুক্তিসমূহ হ’ল–

( ক ) ব্যয়লৈ বৃদ্ধি আনেঃ বিজ্ঞাপনকৰণৰ বিৰুদ্ধসকলে যুক্তি দর্শায় যে বিজ্ঞাপনকৰণে অপ্রয়ােজনীয়ভাবে উৎপন্ন দ্রব্যৰ ব্যয়লৈ বৃদ্ধি ঘটায় , যি সর্বশেষত ক্রেতাসকললৈ উচ্চ দৰত বােজা জাপি দিয়া হয় । 

( খ ) সামাজিক প্ৰমূল্য অৱক্ষয় কৰায় :- বিজ্ঞাপনে সামাজিক মূল্যবােধ নিম্নগামী কৰায়  আৰু বস্তুবাদৰ উত্তৰণ ঘটায় । মানুহে বিজ্ঞাপনৰ পৰা নতুন নতুন উৎপাদনৰ বিষয়ে জানিব পাৰি বর্তমানে ব্যৱহাৰ কৰি থকা বস্তুৰ অৱস্থাত অসন্তুষ্ট হয় আৰু তেওঁলােকৰ মাজত অসন্তুষ্টিৰ বীজ ৰােপণ কৰা হয় ।

( গ ) ক্রেতাসকলক বিভ্রান্ত কৰেঃ বহুতাে উৎপন্ন দ্রব্যৰ বিজ্ঞাপন এনেদৰে কৰা হয় যিবােৰে সদৃশ দাবী কৰে আৰু গ্ৰাহকসকলে কোনটো নির্দিষ্ট উৎপন্ন দ্রব্য ক্রয় কৰিব তাকে লৈ বিভ্রান্ত হয় । 

( ঘ ) নিম্নমানৰ উৎপন্ন দ্রব্য বিক্রীত উৎসাহিত কৰেঃ বিজ্ঞাপনে উচ্চস্তৰ আৰু নিম্নস্তৰ উৎপন্ন দ্রব্যৰ মাজত পার্থক্য নেদেখুৱায় আৰু মানুহক আনকি নিম্নস্তৰৰ উৎপন্ন দ্রব্যবোৰাে ক্ৰয় কৰাবলৈ প্ৰৰােচিত কৰায় । 

( ঙ ) কিছুমান বিজ্ঞাপন নিকৃষ্ট ৰুচিৰঃ বিজ্ঞাপনৰ বিৰুদ্ধে আন এক সমালােচনা হৈছে কিছুমান বিজ্ঞাপন নিকৃষ্ট ৰুচিৰ হয় । এইবােৰে এনেকুৱা নিদৰ্শন কৰে যে বহুতাে লােকৰ দ্বাৰা স্বীকৃত নহয় । কেতবােৰ বিজ্ঞাপনে নিয়ােগকর্তা আৰু নিয়ােজিতৰ মাজত বিকৃত সম্পর্ক প্রদর্শন কৰায় আৰু এইবােৰ অপৰাধজনক হয় । 

৫৯। “ আজিৰ বজাৰকৰণ ‘দ্রব্য সম্বন্ধীয় ’ নহৈ গ্রাহক সম্বন্ধীয়’হে ” — এই বাক্যশাৰী বজাৰকৰণৰ চৰিত্ৰৰ লগত সংগতি ৰাখি বৰ্ণনা কৰা । 

উত্তৰঃ উক্ত বাক্য শাৰী বজাৰকৰণৰ বৈশিষ্ট্যৰ দ্বাৰাই পৰিস্কাৰকৈ বুজিব পৰা যায় । তলত বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল । 

( a ) প্রয়ােজনীয়তা আৰু অভাৱঃ বজাৰকৰণ প্রক্রিয়াই ব্যক্তি বা ব্যক্তি সমষ্টিক তেওঁলােকৰ যি বস্তুৰ বাবে প্রয়ােজন হয় আৰু যি যি লাভ কৰিবলৈ বিচাৰে তাক লাভ কৰাত সহায় কৰে । 

( b ) বজাৰকৰণ সৃষ্টি কৰা :- বজাৰকৰণে কোনাে এক পন্য বা সেৱা ইয়াৰ আকাৰ , গুণ , জুতি আদি প্রয়ােজনীয় বৈশিষ্ট্য বা উপাদানেৰে পূৰ্ণ, নির্দিষ্ট দৰত নিৰ্ধাৰিত স্থানত লাভ কৰিব পৰা আৰু সেই নিচিনা আন আৱশ্যকীয় বিবেচনাৰে পন্য বা সেৱাৰ উপস্থাপন কৰে । 

( C ) গ্রাহক প্রমূল্যঃ গ্রাহক প্রমূল্যই গ্রাহকে পৰিশােধ কৰা দৰৰ বিবেচনাৰে লাভ কৰা উৎপন্ন দ্রব্য বা সেৱাৰ গুনগত মূল্যক বুজায় । বজাৰকৰণ প্রক্রিয়াই ক্রেতা বিক্রেতা মাজত উৎপন্ন দ্রব্য আৰু সেৱাৰ বিনিময়ৰ সুবিধা প্রদান কৰে । ক্রেতাসকলে ব্যয়ৰ সম্পর্কে তেওঁলােকৰ প্ৰয়ােজনীয়তা পূৰণ হােৱাত উৎপন্ন দ্রব্য বা সেৱাৰ উপকাৰৰ ধাৰণাৰে ক্রয় সিদ্ধান্ত গ্রহণ কৰে । 

( d ) বিনিময় ব্যবস্থা :- বজাৰকৰণ প্রক্রিয়াই বিনিময় ব্যৱস্থা বা পদ্ধতিৰ জৰিয়তে কার্য সম্পাদন কৰে । ক্রেতা বিক্রেতাই বিনিময় প্রক্রিয়াৰে তেওঁলােকৰ প্ৰয়ােজনীয়তা পূৰণ কৰে আৰু পাবলৈ বিচৰাটোক লাভ কৰে । 

৬০। বজাৰকৰণৰ ছটা মূখ্য কাৰ্যবৰ্ণনা কৰা । 

উত্তৰঃ বজাৰকৰণৰ কাৰ্যসমূহ হ’ল — 

( ক ) বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণ :- ই হৈছে এটা গুৰুত্বপূর্ণ কার্য । গ্রাহকসকলৰ প্রয়ােজনীয়তা চিনাক্ত কৰিবলৈ আৰু উৎপন্ন দ্রব্য আৰু সেৱাৰ সফল বজাৰকৰণৰ বাবে বিভিন্ন সিদ্ধান্তগ্ৰহণ কৰিবলৈ বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণৰ আৱশ্যক হয় । প্রতিষ্ঠানৰ সুবিধা – অসুবিধা আৰু ক্ষমতা অথবা দুর্বলতাসমূহৰ বিশ্লেষণ কৰি সিদ্ধান্ত গ্রহণ কৰাত ই সহায় কৰে । 

( খ ) বজাৰ পৰিকল্পনাকৰণঃ সংগঠনৰ বজাৰকৰণ উদ্দেশ্যত উপনীত হােৱাৰ কাৰণে উপযুক্ত বজাৰকৰণ পৰিকল্পনা উন্নীত কৰা হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ৰূপ আৰু উন্নয়ন :- উৎপাদিত দ্রব্যৰ আৰ্হি প্ৰস্তুতকৰণ আৰু তাৰ উন্নয়ন সাধন কৰাতে হৈছে বজাৰকৰণৰ এক গুৰুত্বপূৰ্ণ কাম । দ্রব্যৰ ৰূপাংকনে নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকলৈ আকর্ষণ বঢ়োৱাত বৰঙণি যােগায় । 

( ঘ ) মানদণ্ডীকৰণ আৰু শ্রেণীবন্ধন :- মানদণ্ডীকৰণে পূর্ব নির্ধাৰিত নির্দিষ্টতাৰে পণ্য সামগ্রী উৎপাদন কৰাক বুজায় আৰু ইয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্যতাৰ লক্ষ্যত উপনীত হােৱাত সহায় কৰে । আনহাতে শ্রেণীবন্ধন হৈছে উৎপাদিত দ্রব্যৰ গুণ , আকাৰ আদিৰ ভিত্তিত বিভিন্ন ভাগত বিভক্ত কৰাৰ প্রক্রিয়া । 

( ঙ ) টোপােলাকৰণ আৰু বস্তুৰ গাত লগােৱা নিদর্শনঃ টোপােলাকৰণে উৎপন্ন দ্রব্যৰ টোপােলা বা পেকেজৰ বাবে ৰূপাংকন কৰাক বুজায় । লেবেল কৰণে টোপােলাৰ ওপৰত লগাব লগা কাগজৰ টুকুৰাৰ ৰূপাংকন কৰাক বুজায় আৰু এই লেবেলত নাম আদি লিখা থাকে । 

( চ ) পৰিচয়জ্ঞাপক চিহ্নকৰণ :- পৰিচয় জ্ঞাপক নামে উৎপন্ন দ্রব্যৰ ভিন্নতা বা বৈষম্য সৃষ্টি , অর্থাৎ প্রতিষ্ঠান এটাৰ উৎপন্ন দ্রব্য প্রতিযােগী প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ পৰা পৃথকে প্রতিষ্ঠা কৰাত ভেটিৰ ব্যৱস্থা গ্রহণত সহায় কৰে । ইয়ে প্রতিদানৰ প্রতিষ্ঠানটোক গ্রাহকৰ আনুগত্য স্থাপন কৰাত আৰু ইয়াৰ বিক্ৰী উত্তীর্ণ কৰাত সহায় কৰে ।

৬১। ‘বিতৰণৰ মাধ্যম’ বুলিলে কি বুজা ? ইয়াৰ বিভিন্ন প্রকাৰবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ দ্ৰব্যৰ কায়িক বিতৰণ হৈছে বিপনন কৰণৰ মিশ্ৰণৰ চতুর্থ গুৰুত্বপূর্ণ উপাদান । ই , পণ্য বিতৰণ উপযুক্ত স্থানত উৎপন্ন দ্রব্য আৰু সেৱাৰ প্রাপ্তি ঘটোৱাৰ লগত জড়িত হয় যাতে মানুহে সেইবােৰ ক্ৰয় কৰিব পাৰে । 

বিতৰণ প্ৰণালীৰ প্ৰধান প্ৰকাৰবােৰ হ’ল— ( ক ) প্রত্যক্ষ প্রণালী ( শূন্যস্তৰ ) :- ই হৈছে অতি সৰল আৰু চমু বিতৰণ প্ৰণালী য’ত প্রস্তুত কাৰকে কোনাে মধ্যস্থ কাৰীক জড়িত নকৰি উপভােক্তালৈ প্রত্যক্ষভাবে পণ্য সামগ্ৰীৰ ব্যৱস্থা কৰে । ইয়াক শূন্য স্তৰৰ প্ৰণালী বুলিও কোৱা হয় । কিয়নাে প্রস্তুতকাৰী আৰু উপভোক্তাৰ মাজত পােনপটীয়া আৰু প্রত্যক্ষ সম্পর্ক স্থাপন হােৱাতাে ইয়াৰ বিশেষ লক্ষণ , অর্থাৎ কোনাে মধ্যস্থকাৰী নাথাকে । 

( খ ) পৰােক্ষ প্রণালী :- উৎপানকাৰীয়ে যেতিয়া উৎপন্ন দ্রব্য উৎপাদন কেন্দ্ৰৰ পৰা উপভােক্তাৰ কেন্দ্ৰলৈ এক বা একাধিক মধ্যস্থকাৰী নিয়ােগ কৰায় , তেন্তে তেনে বিতৰণ প্রণালীক পৰােক্ষ প্রণালী বুলি কোৱা হয় । এই প্রণালী তলত ব্যাখ্যা কৰা ৰূপত প্রকাশিত – 

( ১ ) প্রস্তুতকাৰী – খুচুৰা উপভােক্তা ( এক স্তৰীয় প্রণালী ) :- এই বিতৰণ ব্যৱস্থাত একক মধ্যস্থকাৰী , অর্থাৎ খুচুৰা বিক্রেতাসকলক প্রস্তুতকাৰী আৰু উপভােক্তাৰ মাজত ব্যৱহাৰ কৰা হয় । পণ্য সামগ্রী প্রস্তুতকাৰীৰ পৰা খুচুৰা বিক্রেতাসকললৈ পাৰ কৰি দিয়া হয় , যিসকলে সেইবােৰ চুড়ান্ত বা সর্বশেষ ব্যৱহাৰকাৰীলৈ বিক্ৰী কৰে । 

( ২ ) প্রস্তুতকাৰী – পাইকাৰী —খুচুৰা বিক্রেতা উপভােক্তা ( দ্বিস্তৰযুক্ত প্রণালী ) :- প্ৰায়বােৰ উপভােক্তা দ্রব্য যেনে চাবােন , তেল , কাপােৰ , চাউল , চেনী , মাহজাতীয় খাদ্য শস্য আদিৰ বিতৰণ জালিকাত অৱলম্বন কৰা বিতৰণ প্ৰণালী হৈছে এই দ্বি স্তৰযুক্ত প্রণালী ৷ ইয়াত পাইকাৰী বিক্রেতা আৰু খুচুৰা বিক্রেতাই প্রস্তুতকাৰী আৰু উপভােক্তাসকলৰ মাজত মধ্যস্থতা কৰে । 

( ৩ ) প্রস্তুতকাৰী – প্রতিনিধি –পাইকাৰী খুচুৰা উপভােক্তা ( ত্রিস্তযুক্ত প্রণালী ) :- এই প্রণালীৰ প্রস্তুতকাৰীসকলে তেওঁলােকৰ নিজৰ বিক্ৰীকৰণ প্রতিনিধি বা দালালৰ ব্যৱহাৰ কৰে , যিসকলে পাইকাৰী বিক্রেতাসকলৰ লগত আৰু পিচত খুচুৰা বিক্রেতাসকলৰ লগত যােগাযােগ স্থাপন কৰে । 

৬২। ‘প্ৰৱৰ্তন মিশ্রণ’ কি ? ইয়াৰ বিভিন্ন উপাদানবােৰ বৰ্ণনা কৰা । 

উত্তৰঃ উত্তীর্ণকৰণ মিশ্রণে যােগাযােগৰ উদ্দেশ্যত সফল হ’বলৈ এটা সংগঠনৰ দ্বাৰা ব্যৱহৃত প্ৰৱর্তনিক আহিলাসমূহৰ সংযােজন কৰাক বুজায় । বিপনন কাৰীয়ে তেওঁলােকৰ প্ৰতিষ্ঠানৰ দ্রব্যবােৰৰ বিষয়ে ক্রেতাক অৱগত কৰিবলৈ আৰু ক্ৰয়ৰ সন্মত কৰাবলৈ যােগাযােগৰ বিভিন্ন আহিলা ব্যৱহাৰ কৰে । এই আহিলাসমূহ হ’ল– 

( ক ) বিজ্ঞাপন ।

( খ ) ব্যক্তিগত বিক্রয় ।

( গ ) বিক্রী উত্তীর্ণকৰণ আৰু প্ৰচাৰ । 

এই আহিলাবােৰক উত্তীর্ণকৰণ মিশ্রণৰ উপাদান বুলিও কোৱা হয় ।

( a ) বিজ্ঞাপন :- বিজ্ঞাপনৰ অৰ্থ হৈছে কোনাে নির্দিষ্ট দিশৰ প্রতি মনােযােগ আকর্ষিত কৰাই হৈছে এনে এক ক’লা , যাৰ দ্বাৰা কোনাে ব্যক্তি উৎপাদনকাৰী বিক্রেতা আৰু ব্যক্তিৰ মত ধাৰণা নাইবা তেওঁৰ পন্য সামগ্ৰী আৰু সেৱা সম্পর্কে জনসাধাৰণক অৱগত কৰােৱা হয় । 

( b ) ব্যক্তিগত বিক্রয়কৰণঃ পন্য দ্রব্য বিক্ৰী কৰাৰ উদ্দেশ্য এক বা একাধিক সম্ভাব্য গ্রাহকৰ সৈতে আলাপ বা কথােপকথনৰ ৰূপ বার্তাৰ মৌখিক ভাবে উপস্থাপন কৰাই হৈছে ব্যক্তিগত বিক্রয়কৰণ । ই এক ব্যক্তিগত ৰূপৰ যােগাযােগ । 

( c ) বিক্রী উত্তীর্ণকৰণঃ ইয়ে হ্রস্বকালীন এক উদগনি বা প্ৰেৰণাক বুজায় , যাক কোনাে উৎপন্ন দ্রব্য বা সেৱাৰ তাৎক্ষণিক ক্ৰয় কৰাবলৈ ক্রেতাসকলক অনুপ্রাণিত কৰাৰ উদ্দেশ্য গ্ৰহণ কৰা হয় । ইয়ে কোম্পানিৰ বিক্ৰী উন্নত কৰিবলৈ ব্যৱহাৰ কৰা সকলাে প্রকাৰৰ বৃদ্ধিকাৰক প্রচেষ্টাক অন্তর্ভূক্ত কৰে । 

( d ) প্রচাৰঃ ই বিজ্ঞাপন কৰণ সদৃশ । বিশেষকৈ ইয়াৰ অব্যক্তিক ৰূপত যােগাযােগৰ বৈশিষ্ট্যৰে প্ৰচাৰ হৈছে এক বিজ্ঞাপন কৰণ । ই যােগাযােগৰ এক অন্যপৰিশােধ বা মূল্য পৰিশােধ বিহীন ৰূপ । 

৬৩। বিক্ৰী প্ৰৱৰ্তন আৰু বিজ্ঞাপনৰ মাজত ছটা পার্থক্য দেখুওৱা । 

উত্তৰঃ বিজ্ঞাপন আৰু বিক্ৰী উত্তীর্ণকৰণৰ মাজত থকা পার্থক্য সমূহ হ’ল—

৬৪। শিল্প দ্রব্য কি ? ইয়াৰ পাঁচটা উল্লেখনীয় বৈশিষ্ট্য বর্ণনা কৰা । 

উত্তৰঃ যিবােৰ দ্ৰব্য অন্য উৎপন্ন দ্রব্যৰ উৎপাদনত নিয়ােজিত শক্তি হিচাপে ব্যৱহাৰ হয় তাকে ঔদ্যোগিক উৎপন্ন দ্রব্য বুলি কোৱা হয় । যেনে কেচা সামগ্রী , যন্ত্রপাতি , আহিলা ইত্যাদি । 

বৈশিষ্ট্যঃ ক্রেতাৰ সংখ্যা :- উপভােক্তাৰ বাবে ঔদ্যোগিক উৎপন্ন দ্রব্য হিচাপে কুহিয়াৰ ক্রয় কৰে আৰু উপভােক্তাৰ বাবে চেনী উৎপাদিত হয় কৌটি কৌটি লােকৰ ক্ৰয়ৰ বাবে । 

প্রণালীৰ স্তৰঃ ক্রেতাৰ সংখ্যা সীমিত হােৱা কাৰণে ঔদ্যোগিক উৎপন্ন দ্রব্য সাধাৰণতে চুটি বিতৰণ প্ৰণালী , অর্থাৎ প্রত্যক্ষ ভাৱে বিক্ৰী কৰা হয় নহলে একক প্ৰণালীৰ বিক্ৰী কৰা হয় । 

উদ্ভুত চাহিদা :- ঔদ্যোগিক উৎপন্ন দ্রব্যৰ বাবে চাহিদাৰ উদ্ভৱ হয় , উপভােক্তাৰ দ্ৰব্যৰ পৰা উদাহৰণস্বৰূপে চামৰাৰ চাহিদা জোতাৰ লগতে আন চামৰাৰ উৎপন্ন দ্রব্যৰ চাহিদাৰ পৰা উদ্ভৱ হয় । 

কাৰিকৰী বিবেচনাৰ ভূমিকাঃ কাৰিকৰী বিবেচনাই ঔদ্যোগিক উৎপন্ন দ্রব্যৰ ক্ৰয়ত অধিকতৰ তাৎপর্যপূর্ণ বহন কৰে । কাৰণ এই উৎপন্ন দ্রব্যবােৰ জটিল প্রকৃতিৰ আৰু এইবােৰ ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে ক্রয় কৰা হয় । 

ভৌগােলিক কেন্দ্রীভূত কৰণ :- নির্দিষ্ট স্থান বা অঞ্চলত উদ্যোগৰ অৱস্থিতিৰ কাৰণে ভৌগােলিকভাবে ঔদ্যোগিক বজাৰ অতিকৈ কেন্দ্রীভূত প্ৰকৃতিৰ হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top