Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Class 12 Business Chapter 11 বজাৰৰ্কৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 11 বজাৰৰ্কৰণ and select needs one.

Class 12 Business Chapter 11 বজাৰৰ্কৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 11 বজাৰৰ্কৰণ Solutions for All Subject, You can practice these here…

( গ ) চমু উত্তৰ দিয়া ( মূল্যাংক : ২/৪ ) 

৩৯। বজাৰকৰণৰ চাৰিটা কাৰ্য্য উল্লেখ কৰা । 

উত্তৰঃ বজাৰকৰণৰ কাৰ্যসমূহ হ’ল — 

( ক ) বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণঃ ই হৈছে এটা গুৰুত্বপূৰ্ণ কার্য । গ্রাহকসকলৰ প্রয়ােজনীয়তা চিনাক্ত কৰিবলৈ আৰু উৎপন্ন দ্রব্য আৰু সেৱাৰ সফল বজাৰকৰণৰ বাবে বিভিন্ন সিদ্ধান্ত গ্রহণ কৰিবলৈ বজাৰ তথ্য সংগ্রহ আৰু বিশ্লেষণকৰণৰ আৱশ্যক হয় । প্রতিষ্ঠানৰ সুবিধা – অসুবিধা আৰু ক্ষমতা অথবা দুর্বলতাসমূহৰ বিশ্লেষণ কৰি । সিদ্ধান্ত গ্রহণ কৰাত ই সহায় কৰে । 

( খ ) বজাৰ পৰিকল্পনাকৰণঃ সংগঠনৰ বজাৰকৰণ উদ্দেশ্যত উপনীত হােৱাৰ কাৰণে উপযুক্ত বজাৰকৰণ পৰিকল্পনা উন্নীত কৰা হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ৰূপ আৰু উন্নয়ন :- উৎপাদিত দ্রব্যৰ আৰ্হি প্ৰস্তুতকৰণ আৰু তাৰ উন্নয়ন সাধন কৰাতে হৈছে বজাৰকৰণৰ এক গুৰুত্বপূর্ণ কাম । দ্রব্যৰ ৰূপাংকনে নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকলৈ আকর্ষণ বঢ়োৱাত বৰঙণি যােগায় । 

( ঘ ) মানদণ্ডীকৰণ আৰু শ্ৰেণীবন্ধন :- মানদণ্ডীকৰণে পূর্ব নির্ধাৰিত নির্দিষ্টতাৰে পণ্য সামগ্রী উৎপাদন কৰাক বুজায় আৰু ইয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্যতাৰ লক্ষ্যত উপনীত হােৱাত সহায় কৰে । আনহাতে শ্রেণীবন্ধন হৈছে উৎপাদিত দ্রব্যৰ গুণ , আকাৰ আদিৰ ভিত্তিত বিভিন্ন ভাগত বিভক্ত কৰাৰ প্রক্রিয়া । 

৪০। বজাৰকৰণৰ মিশ্ৰণৰ চাৰিটা উপাদানৰ নাম লিখা আৰু আলােচনা কৰা । 

উত্তৰঃ বজাৰকৰণ মিশ্ৰণৰ উপাদানসমূহ হ’ল – 

( ক ) উৎপন্ন দ্রব্য ( Product ) :- উৎপন্ন দ্রব্য মানে পণ্য সামগ্রী অথবা সেৱা নাইবা মূল্যসম্পন্ন যিকোনাে বস্তু , যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । উৎপন্ন দ্রব্যৰ ধাৰণাই গ্রাহকসকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা , অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভুক্ত কৰে । 

( খ ) মূল্য / দৰ ( Price ) :- দৰ হৈছে উৎপাদিত দ্রব্য লাভ কৰিবলৈ গ্রাহকসকলে দিব লগা মূল্যৰ পৰিমাণ । দ্রব্যৰ ক্ষেত্ৰত দৰস্তৰৰ চাহিদাই প্রভাবান্বিত কৰে । বজাৰ পৰিচালকে দৰ এনেদৰে নিৰ্দ্ধাৰণ কৰিব লাগে যাতে দ্রব্যসমূহ সফলভাবে বিক্রী কৰিবলৈ সমর্থ হয় । ইয়াৰােপৰি দৰ নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত গ্রাহক , ব্যৱসায়ীসকললৈ বাট্টা আৰু বাকীৰ চৰ্ত আদিৰাে সিদ্ধান্তগ্রহণ কৰিব লাগে যাতে গ্রাহকসকলে উৎপন্ন মূল্যৰ সৈতে মূল্যৰ দিশ উপলব্ধি কৰিব পাৰে । 

( গ ) স্থান ( Place ) :- ইয়ে প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক ক্রয় কৰিবলৈ সুবিধা দিয়ে । এই ক্ষেত্ৰত গুৰুত্বপূর্ণ সিদ্ধান্তৰ দিশে গ্রাহকক ঢুকি পাবলৈ ব্যৱসায়ী বা মধ্যস্থকাৰী বাছনি কৰা , মধ্যস্থকাৰীসকললৈ বাট্টাৰ ব্যৱস্থা কৰা আদিক অন্তর্ভূক্ত কৰে । 

( ঘ ) বৃদ্ধিকৰণ ( Promotion ) :- উৎপন্ন দ্রব্য আৰু সেৱাৰ প্রবর্তনে সেইবােৰ কাম কাজক অন্তর্ভূক্ত কৰে । বাৰে উৎপন্ন দ্রব্যৰ লভ্যতা , বৈশিষ্ট্য , সুবিধা আদি নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক অবগত কৰায় আৰু তেওঁলােকক ক্ৰয় কৰিবলৈ সন্মত কৰায় । বজাৰকৰণ সংগঠনসমূহে পণ্য বিক্ৰীৰ কাৰণে বিজ্ঞাপন , ব্যক্তিগত বিক্রয় , বাট্টা , নমুনা আদি ব্যৱহাৰত বেছি পৰিমাণৰ ধন খৰছ কৰে । 

৪১। গ্রাহকক বিজ্ঞাপনে আগবঢ়োৱা চাৰিটা সেৱাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ গ্রাহকক বিজ্ঞাপনে আগবঢ়োৱা চাৰিটা সেৱা হল— 

( ক ) ক্ৰয় সুবিধা :- বিজ্ঞাপনে ভােক্তাৰ ক্রয় কার্য সহজ কৰে । ইয়াৰ যােগেদি পন্য সামগ্রী বিক্ৰী দৰ স্থিৰ কৰা , পন্য প্রাপ্তি স্থল প্রকাশ কৰা কাৰ্যৰে ভােক্তাৰ ক্ৰয়ৰ সুবিধা হয় ।

( খ ) অনাবশ্যক মধ্যস্থকাৰীৰ বিলােপনঃ উৎপাদনকাৰীয়ে বিজ্ঞাপনৰ দ্বাৰা ইয়াৰ উৎপাদিত দ্রব্যৰ বাবে ভােক্তাৰ লগত প্রত্যক্ষ সম্পর্ক স্থাপন কৰিবলৈ বিচাৰে । এই কাৰ্যৰ দ্বাৰা পন্য সামগ্ৰীৰ দৰ বৃদ্ধি কৰাৰ লগতে উৎপাদনকাৰীৰ লাভৰ পৰিমাণ হ্রাসৰ কাৰণ হােৱা মধ্যস্থকাৰীৰ স্তৰ হ্ৰাস কিম্বা সম্ভৱপৰ স্থলত বিলােপ সাধনাে কৰা হয় । 

( গ ) গ্রাহকক শিক্ষিত কৰাঃ বিজ্ঞাপনে উৎপাদনকাৰীৰ নতুন উৎপাদিত সামগ্রী , সেইবােৰৰ ভিন্ন ব্যৱহাৰ সম্পর্কে জনাত সহায় কৰি গ্ৰাহকক পন্য সম্পর্কত শিক্ষা লাভ কৰাত সুযােগ দিয়ে । 

( ঘ ) ভোক্তাৰ উদ্ধৃত্ত সৃষ্টিঃ বিজ্ঞাপনে বহুতাে লােকৰ বাবে নির্দিষ্ট পন্য সামগ্ৰীৰ উপযােগিতা বৃদ্ধি কৰে । ই পন্য বিশেষ গুণাগুণ সম্পর্কে ভোক্তাৰ দৃষ্টি গােচৰ কৰাই পন্যৰ প্ৰতি আকৃষ্ট কৰা কাৰ্যৰে সমাদৰ তীব্ৰ কৰে । 

৪২। ‘পেকেজিং’ৰ চাৰিটা কাৰ্য বৰ্ণনা কৰা । 

উত্তৰঃ পেকেজিঙৰ কিছুমান গুৰুত্বপূর্ণ কার্য হৈছে—

( ক ) উৎপন্ন দ্রব্য চিনাক্তকৰণঃ পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উদাহৰণস্বৰূপে ৰঙা ৰঙৰ কলগেট , অথবা পণ্ডচ ক্রীমৰ বয়াম এইবােৰৰ পেকেজৰ দ্বাৰাই সহজে চিনাক্ত কৰিব পাৰি । 

( খ ) উৎপন্ন দ্রব্য সুৰক্ষা :- পেকেজিঙে উৎপন্ন দ্রব্যৰ নষ্ট , ভঙা , সৰকি যােৱা , ক্ষয় – ক্ষতি হােৱা , জলবায়ুজনিত পৰিণতি আদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । 

( গ ) উৎপন্ন দ্রব্যৰ ব্যৱহাৰত সুবিধা দিয়াঃ পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ , চলাবলৈ আৰু উপভোক্তাসকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । প্রসাধন সামগ্রী ঔষধ আৰু দন্তমঞ্জনৰ টিউব হৈছে ইয়াৰ উদাহৰণ ।

( ঘ ) উৎপন্ন দ্রব্য উত্তীর্ণকৰণঃ পণ্য সামগ্ৰীৰ প্রৱর্তনৰ উদ্দেশ্যতাে পেকেজিঙৰ ব্যৱহাৰ হয় । গ্রাহকৰ মনােযােগ আকর্ষণ কৰিবলৈ নীলা , কলা পাখীবৰণীয়া আঁচনি ফটোগ্রাফ অথবা মুদ্ৰণৰ ব্যৱহাৰ কৰা হ’ব পাৰে । আত্ম সেৱাৰ জৰিয়তে ক্ৰয় কৰা ভাণ্ডাৰত পেকেজিঙৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ । 

৪৩। ‘মানদণ্ডীকৰণ’ আৰু ‘শ্রেণীবন্ধন’ বজাৰকৰণৰ কাৰ্য্য হিচাপে ব্যাখ্যা কৰা । 

উত্তৰঃ মানদণ্ডী কৰণ :- মানদণ্ডীকৰণে পূর্ব নির্ধাৰিত নির্দিষ্টতাৰে পন্য সামগ্রী উৎপাদন কাক বুজায় যিয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্যতাৰ লক্ষ্যত উপনীত হােৱাত সহায় কৰে । ইয়ে ক্রেতাসকলক এই নিশ্চয়তা প্রদান কৰে যে পন্য সামগ্রী পূর্ব নির্ধাৰিত মানৰ গুণৰ , দৰৰ আৰু টোপােলাকৰণৰ সংগতিপূর্ণ হৈছে আৰু ইয়ে উৎপন্ন দ্রব্যৰ পৰিদর্শনপৰীক্ষণ আৰু মূল্যায়নৰ বাবে প্রয়ােজনীয়তা হ্রাস কৰিছে । শ্রেণীবন্ধন ( grading ) – শ্রেণীবন্ধন হৈছে কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যেনে গুন , আকাৰ আদিৰ ভিত্তিত উৎপন্ন দ্রব্য বিভিন্ন ভাগত বিভক্ত কৰাৰ প্রক্রিয়া ।ক্রমানুসৰি কৰণ / শ্রেণীবন্ধন নির্দিষ্টকৈ সেইবােৰ উৎপন্ন দ্রব্যৰ বাবে আৱশ্যকীয় যিবােৰ পূর্বনির্ধাৰিত নির্দিষ্টতা অনুসৰি উৎপাদন কৰা নহয় । 

৪৪। ‘মজুতকৰণ আৰু পৰিবহন’ ক বজাৰকৰণৰ কাৰ্য্য হিচাপে আলােচনা কৰা । 

উত্তৰঃ মজুতকৰণ :- পন্যৰ উৎপাদন আৰু বিক্ৰীৰ মাজত সময় ব্যৱধান থাকে উৎপন্ন দ্রব্যৰ অনিয়মীয়া চাহিদা অথবা ঋতুগত উৎপাদনৰ বাবে অনিয়মীয়া যােগানৰ ক্ষেত্ৰতাে চাহিদা অনিয়মীয়া হ’ব পাৰে । কিন্তু বজাৰত এই উৎপন্ন দ্রব্যবােৰৰ সুচল প্রবাহ ৰক্ষা কৰিবলৈ উৎপন্ন দ্রব্যবােৰৰ উচিত মজুতৰ প্রয়ােজন । চাহিদাৰ আকষ্মিকতা পূৰণ কৰিবলৈ পন্য সামগ্রী যথেষ্ট মজুতকৰণ প্রয়ােজন হয় ।

পৰিবহন :- পৰিবহনে এঠাইৰ পৰা আন ঠাইলৈ পন্য সামগ্রী কঢ়িওৱাৰ লগত জড়িত । উৎপাদন  কাৰীয়ে বিভিন্ন এলেকাত সিচৰিত হৈ থকা গ্রাহকক তেওঁলােকৰ প্ৰয়ােজনীয় পন্য সামগ্রী পৰিবহনৰ দ্বাৰা উপভােক্তাৰ স্থানলৈ কঢ়িয়াই নি সুবিধা প্রদান কৰে । পৰিবহনৰ দ্বাৰা ভােক্তাৰ স্থান উপযােগিতা , সময় উপযােগিতা ইত্যাদি পুৰণ কৰা হয় । 

৪৫। দ্রব্য বুলিলে কি বুজা ? দ্রব্যৰ পেকেজিং কিয় দৰকাৰী ? 

উত্তৰঃ দ্রব্য মানে পন্য সামগ্রী অথবা সেৱা নাইবা মূল্য সম্পন্ন যিকোনাে বস্তু , যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । উৎপন্ন দ্রব্যৰ ধাৰণাই গ্রাহক সকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা , অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভূক্ত কৰে । 

দ্রব্যৰ পেকেজিং দৰকাৰী কাৰণ পেকেজিঙে উৎপন্ন দ্রব্য চিনাক্তকৰণত সহায় কৰে । উৎপন্ন দ্রব্যৰ , অন্তর্বস্তু নষ্ট , ভঙা , সৰকি যােৱা , ক্ষয় ক্ষতি হােৱা ইত্যাদিৰ পৰা সুৰক্ষিত উৎপন্ন দ্রব্যৰ ৰূপে এনে ধৰণৰ মজুতকৰণ , বিতৰণ আৰু পৰিবহনত আৱশ্যক হয় । ইয়াৰােপৰি উৎপন্ন দ্রব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰতাে পেকেজিং দৰকাৰী । পেকেজৰ আকাৰ আৰু আকৃতি এনে ধৰণৰ হােৱা উচিত যাতে সেইবােৰ খুলিবলৈ চলাবলৈ আৰু উপভোক্তা সকলৰ ব্যৱহাৰৰ বাবে সুবিধাজনক হয় । যেনে প্ৰসাৰণ সামগ্রী , ঔষধ ইত্যাদি । 

৪৬। উৎপাদনকাৰীলৈ বিজ্ঞাপনে আগবঢ়োৱা চাৰিটা সুবিধা বর্ণনা কৰা । 

উত্তৰঃ উৎপাদনকাৰীলৈ বিজ্ঞাপনে আগবঢ়োৱা সুবিধা চাৰিটা হলঃ 

( ক ) বৰ্দ্ধিত বিক্রী উৎপাদনকাৰীৰ বাবে বিজ্ঞাপন প্রধান উদ্দেশ্য হৈছে ইয়াৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰী বৃদ্ধি কৰা তেওঁলােকে উৎপাদন ব্যাপক মাত্ৰাৰ সামগ্রী বিজ্ঞাপনৰ মাধ্যমত ভােক্তাক জ্ঞাত কৰা হয় , যাৰ দ্বাৰা বিক্রী বৃদ্ধি হয় ।

( খ ) স্থিৰ চাহিদা – বিজ্ঞাপনে উৎপাদনকাৰীৰ পন্য সামগ্ৰীৰ চাহিদাৰ উত্থান পতন প্রতিৰোধ কৰে আৰু সকলাে ঋতুতে বিশেষ বিশেষ পন্যৰ চাহিদা সুস্থিৰ কৰাত বৰঙণি যােগায় । 

( গ ) মজুত সম্ভাৰ সর্বনিম্ন কৰা – সু – সংগঠিত বিজ্ঞাপন অভিযানে পন্যৰ প্রতি সন্তোষজনক সহাৰি লাভ কৰি বিক্ৰী খৰতকীয়া কৰে । ইয়াৰ ফলস্বৰূপে উৎপাদনকাৰীৰ বিক্ৰীযােগ্য পন্যৰ মজুত সর্বনিম্ন কৰাত সহায় হয় আৰু পুনৰ উৎপাদনৰ প্রতি তেওঁলােক অনুপ্রাণিত হয় । 

( ঘ ) সুনাম সৃষ্টি – পন্যৰ মাত্র বিশিষ্টতাৰ সঘন প্ৰচাৰৰ দ্বাৰা কোনাে ব্যৱসায়ীৰ পন্যৰ ওপৰত বিজ্ঞাপনে সংশ্লিষ্ট উৎপাদনকাৰীৰ সুনাম সৃষ্টি কৰে । 

৪৭। ‘পেকেজিং’ আৰু লেবেলিংৰ গুৰুত্ব বজাৰকৰণত কেনেকুৱা আলােচনা কৰা । 

উত্তৰঃ পেকেজিংৰ গুৰুত্ব –( i ) পন্য সামগ্রীৰ পৰিবহন কৰণত , মজুতকৰণত আৰু ব্যৱহাৰৰ সময়ত পেকেজিঙে ৰক্ষণাবেক্ষণ দিয়ে । 

( ii ) ইয়ে ব্রেণ্ডিং আৰু বিজ্ঞাপনকৰণত সুবিধা প্রদান কৰে । 

( iii ) পন্যদ্রব্য ব্যক্তিত্ব অথবা চিনাক্তকৰণত সন্মান দিয়ে । 

( iv ) বজাৰত পন্য সামগ্ৰীৰ আকর্ষনীয় প্রদর্শনত উপকাৰী বা সহায়ক হয় । 

লেবেলিংৰ গুৰুত্ব –( ক ) স্পষ্ট লেবেলিংৰ দ্বাৰা পন্য সামগ্রী চিনাক্তকৰণত সহজ কৰি তােলে । 

( খ ) পন্য সামগ্ৰীৰ ব্যৱহাৰ সম্পৰ্কত ব্যৱসায়ী আৰু ভােজাক চমু নির্দেশাৱলী প্রদান কৰি উৎপাদনকাৰীসকলক সামর্থ কৰি তােলে । 

( গ ) পন্যদ্রব্যৰ দৰ স্পষ্টকৈ লিপিবদ্ধ কৰাত ব্যৱহাৰ কৰিব পাৰি যাৰ ফলত খুচুৰা বিক্রেতাই গ্রাহকৰ পৰা বেছি দাম ধার্য কৰিব নােৱাৰে । 

( ঘ ) পন্য দ্রব্যৰ বিশেষ বৈশিষ্ট্য উল্লেখ কৰি ই প্ৰৱর্তনৰ সজুলি হিচাপে কাম কৰে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডপৰিচালনাৰ নীতি আৰু কার্য
Chapter 1পৰিচালনাৰ প্রকৃতি আৰু তাৎপর্য ।
Chapter 2পৰিচালনাৰ নীতি ।
Chapter 3ব্যৱসায় / ব্যৱসায়িক পৰিৱেশ ।
Chapter 4পৰিকল্পনাকৰণ ।
Chapter 5সংগঠনকৰণ ।
Chapter 6কর্মচাৰী নিযুক্তকৰণ ।
Chapter 7নির্দেশিতকৰণ ।
Chapter 8নিয়ন্ত্রণকৰণ ।
দ্বিতীয় খণ্ডব্যৱসায়িক বিত্ত আৰু ৰজাৰৰ
Chapter 9বিত্তীয় পৰিচালনা ।
Chapter 10বিত্তীয় বজাৰ ।
Chapter 11বজাৰকৰণ ।
Chapter 12উপভােক্তা সুৰক্ষা ।

৪৮। বজাৰকৰণৰ চাৰিটা গুৰুত্বপূর্ণ উপাদান ব্যাখ্যা কৰা । 

উত্তৰঃ বজাৰকৰণ মিশ্ৰণৰ উপাদানসমূহ হলঃ 

( ক ) উৎপন্ন দ্রব্য ( Product ) :- উৎপন্ন দ্রব্য মানে পণ্য সামগ্রী অথবা সেৱা নাইবা মূল্যসম্পন্ন যিকোনাে বস্তু , যাক বিনিময়ৰ বাবে বজাৰলৈ বিক্ৰীৰ বাবে আগবঢ়োৱা হয় । উৎপন্ন দ্রব্যৰ ধাৰণাই গ্রাহকসকললৈ উৎপন্ন দ্রব্য অথবা বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱা , অভিযােগ নিষ্পত্তি কৰা অতিৰিক্ত যন্ত্রাংশ প্রাপ্ত কৰাকো অন্তর্ভুক্ত কৰে । 

( খ ) মূল্য / দৰ ( Price ) :- দৰ হৈছে উৎপাদিত দ্রব্য লাভ কৰিবলৈ গ্রাহকসকলে দিব লগা মূল্যৰ পৰিমাণ । দ্রব্যৰ ক্ষেত্ৰত দৰস্তৰৰ চাহিদাই প্রভাবাম্বিত কৰে । বজাৰ পৰিচালকে দৰ এনেদৰে নিৰ্দ্ধাৰণ কৰিব লাগে যাতে দ্রব্যসমূহ সফলভাবে বিক্রী কৰিবলৈ সমর্থ হয় । ইয়াৰােপৰি দৰ নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত গ্রাহক , ব্যৱসায়ী সকললৈ বাট্টা আৰু বাকীৰ চৰ্ত আদিৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে যাতে গ্রাহকসকলে উৎপন্ন মূল্যৰ সৈতে মূল্যৰ দিশ উপলব্ধি কৰিব পাৰে । 

( গ ) স্থান ( Place ) :- ইয়ে প্রতিষ্ঠানৰ উৎপন্ন দ্রব্যৰ নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক ক্রয় কৰিবলৈ সুবিধা দিয়ে । এই ক্ষেত্ৰত গুৰুত্বপূর্ণ সিদ্ধান্তৰ দিশে গ্রাহকক ঢুকি পাবলৈ ব্যৱসায়ী বা মধ্যস্থকাৰী বাছনি কৰা , মধ্যস্থকাৰী সকললৈ বাট্টাৰ ব্যৱস্থা কৰা আদিক অন্তর্ভূক্ত কৰে । 

( ঘ ) বৃদ্ধিকৰণ ( Promotion ) :- উৎপন্ন দ্রব্য আৰু সেৱাৰ প্রবর্তনে সেইবােৰ কাম কাজক অন্তর্ভূক্ত কৰে যিবােৰে উৎপন্ন দ্রব্যৰ লভ্যতা , বৈশিষ্ট্য , সুবিধা আদি নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকসকলক অবগত কৰায় আৰু তেওঁলােকক ক্ৰয় কৰিবলৈ সন্মত কৰায় । বজাৰকৰণ সংগঠনসমূহে পণ্য বিক্ৰীৰ কাৰণে বিজ্ঞাপন , ব্যক্তিগত বিক্রয় , বাট্টা , নমুনা আদি ব্যৱহাৰত বেছি পৰিমাণৰ ধন খৰছ কৰে । 

৪৯। ব্যক্তিগত বিক্রয়কৰণৰ চাৰিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ পণ্য সামগ্রী আৰু সেৱাৰ বজাৰকৰণত ব্যক্তিগত বিক্রয়কৰণে এক অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । ব্যৱসায়ী , গ্রাহক আৰু সমাজলৈ ব্যক্তিগত বিক্রয়কৰণৰ ভূমিকাসমূহ হ’ল – 

( ক ) ব্যৱসায়ীৰ প্ৰতি গুৰুত্বঃ ব্যৱসায় সংগঠনৰ প্ৰতি ব্যক্তিগত বিক্রয়কৰণৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল – 

( ১ ) সার্থক বা ফলদায়ক আহিলা ।

( ২ ) নমনীয়তাৰ আহিলা ।

( ৩ ) প্রচেষ্টাৰ অপব্যয় সর্বনিম্ন কৰায় ।

( ৪ ) উপভােক্তাৰ মনােযােগ বুজা ।

( ৫ ) সম্পর্ক দীর্ঘস্থায়ী কৰােৱা ।

( ৬ ) ব্যক্তিগত সম্বন্ধ ।

( ৭ ) সূচনা পর্যায়ত ভূমিকা । আৰু 

( ৮ ) গ্রাহকৰ সৈতে সংযােগ । 

( খ )গ্রাহকসকলৰ প্ৰতি গুৰুত্বঃ গ্ৰাহকসকল ব্যক্তিগত বিক্রয়কৰণৰ দ্বাৰা নিম্নোক্ত উপায়েৰে উপকৃত হয় । 

( ১ ) প্রয়ােজনীয়তা চিনাক্তকৰণত সহায় ।

( ২ ) শেহতীয়া বজাৰৰ তথ্য লাভ ।

( ৩ ) বিশেষজ্ঞৰ পৰামৰ্শ লাভ । আৰু

( ৪ ) গ্রাহকসকলক প্ৰভাৱিত কৰা । 

( গ ) সমাজৰ প্ৰতিগুৰুত্বঃ সমাজ এখনলৈ ব্যক্তিগত বিক্রয় নির্দিষ্ট উপকাৰসমূহ হৈছে –

( ১ ) শেহতীয়াচাহিদাৰ পৰিবর্তন আনে ।

( ২ ) নিয়ােগৰ সুবিধা সৃষ্টিকৰে ।

( ৩ ) জীৱিকাৰ সুযােগ আনে ।

( ৪ ) বিক্রয় লােকৰ গতিশীলতা ।

( ৫ ) উৎপন্ন দ্রব্যৰ মানদণ্ড বঢ়ায় । 

৫০। বিতৰণ প্ৰণালীৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ বিতৰণ প্ৰণালীৰ প্ৰধান প্ৰকাৰবােৰ হ’ল – 

( ক ) প্রত্যক্ষ প্রণালী ( শূন্যস্তৰ ) :- ই হৈছে অতি সৰল আৰু চমু বিতৰণ প্ৰণালী য’ত প্রস্তুত কাৰকে কোনাে মধ্যস্থকাৰীক জড়িত নকৰি উপভভাক্তালৈ প্ৰত্যক্ষভাবে পণ্য সামগ্রী ব্যবস্থা কৰে । ইয়াক শূন্য স্তৰৰ প্রণালী বুলিও কোৱা হয় । কিয়নাে প্রস্তুতকাৰী আৰু উপভোক্তাৰ মাজত পােনপটীয়া আৰু প্ৰত্যক্ষ সম্পর্ক স্থাপন হােৱাতো ইয়াৰ বিশেষ লক্ষণ , অর্থাৎ কোনাে মধ্যস্থকাৰী নাথাকে । 

( খ ) পৰােক্ষ প্রণালীঃ উৎপানকাৰীয়ে যেতিয়া উৎপন্ন দ্রব্য উৎপাদন কেন্দ্ৰৰ পৰা উপভােক্তাৰ কেন্দ্ৰলৈ এক বা একাধিক মধ্যস্থকাৰী নিয়ােগ কৰায় , তেন্তে তেনে বিতৰণ প্ৰণালীক পৰােক্ষ প্রণালী বুলি কোৱা হয় । এই প্রণালী তলত ব্যাখ্যা কৰা ৰূপত প্রকাশিত হয় । 

( ১ ) প্রস্তুতকাৰী – খুচুৰা উপভােক্তা ( এক স্তৰীয় প্ৰণালী ) :- এই বিতৰণ ব্যৱস্থাত একক মধ্যস্থকাৰী , অর্থাৎ খুচুৰা বিক্রেতাসকলক প্রস্তুতকাৰী আৰু উপভােক্তাৰ মাজত ব্যৱহাৰ কৰা হয় । পণ্য সামগ্রী প্রস্তুতকাৰীৰ পৰা খুচুৰা বিক্রেতা সকললৈ পাৰ কৰি দিয়া হয় , যিসকলে সেইবােৰ চুড়ান্ত বা সর্বশেষ ব্যৱহাৰকাৰীলৈ বিক্রী কৰে । 

( ২ ) প্রস্তুতকাৰী –পাইকাৰী —খুচুৰা বিক্রেতা উপভােক্তা ( দ্বিস্তৰযুক্ত প্রণালী ) :- প্ৰায়বােৰ উপভােক্তা দ্রব্য যেনে চাবােন , তেল , কাপােৰ , চাউল , চেনী , মাহজাতীয় খাদ্য শস্য আদিৰ বিতৰণ জালিকাত অৱলম্বন কৰা বিতৰণ প্রণালী হৈছে এই দ্বি স্তৰযুক্ত প্রণালী । ইয়াত পাইকাৰী বিক্রেতা আৰু খুচুৰা বিক্রেতাই প্রস্তুতকাৰী আৰু উপভােক্তাসকলৰ মাজত মধ্যস্থতা কৰে । 

( ৩ ) প্রস্তুতকাৰী – প্রতিনিধি –পাইকাৰী – খুচুৰা — উপভােক্তা ( ত্রিস্তৰযুক্ত প্রণালী ) :- এই প্রণালীৰ প্ৰস্তুতকাৰীসকলে তেওঁলােকৰ নিজৰ বিক্ৰীকৰণ প্রতিনিধি বা দালালৰ ব্যৱহাৰ কৰে , যিসকলে পাইকাৰী বিক্রেতাসকলৰ লগত আৰু পিচত খুচুৰা বিক্রেতাসকলৰ লগত যােগাযােগ স্থাপন কৰে ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top