Class 12 Business Chapter 10 বিত্তীয় বজাৰ

Class 12 Business Chapter 10 বিত্তীয় বজাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Business Chapter 10 বিত্তীয় বজাৰ and select needs one.

Class 12 Business Chapter 10 বিত্তীয় বজাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Business Chapter 10 বিত্তীয় বজাৰ Solutions for All Subject, You can practice these here…

( ঘ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ ১/৫ ) 

৩৬। ‘চেবি’ ৰ নিয়ন্ত্রণমূলক আৰু বিকাশৰ লগত জড়িত কাৰ্য্যসমূহ বর্ণনা কৰা । 

উত্তৰঃ ‘চেবি’ ৰ নিয়ন্ত্রণমূলক আৰু বিকাশৰ লগত জড়িত কাৰ্য্যসমূহ হ’ল— 

( ক ) ষ্টক বিনিময় কেন্দ্র বা আন কোনাে প্রতিভূতি বজাৰৰ ব্যৱসায় নিয়ন্ত্রণ কৰা । 

( খ ) ব্যক্তি আৰু অনুষ্ঠানৰ কাম – কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা । 

( গ ) পাৰস্পৰিক নিধিকে ধৰি সমুহীয়া বিনিয়ােগ আচনিৰ কাম কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা । 

( ঘ ) প্রতিভূতি বজাৰত স্ব নিয়ন্ত্রিত সংগঠনৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্রণ কৰা । 

( ঙ ) প্রতিভূতি বজাৰৰ লগত সম্পর্কিত প্ৰৱঞ্চনামূলক আৰু অশুভ বেচা – কিনাৰ অনুশীলন নিষেধ কৰা । 

( চ ) বজাৰত বিনিয়ােগকাৰীৰ শিক্ষা আৰু মধ্যস্থতাকাৰীৰ প্রশিক্ষণ উন্নীত কৰা । 

( ছ ) প্রতিভূতিৰ ভিতৰুৱা বেচা – কিনা নিষিদ্ধ কৰা । 

( জ ) প্রতিভূতি বজাৰত কোম্পানি বিশেষৰ প্ৰায় সকলাে নিৰাপত্তা পত্র নির্দিষ্টকৈ কোনাে ক্রেতাৰ দ্বাৰা ক্ৰয় কৰাত আৰু কোম্পানি বিশেষ অধিগ্রহন কৰাক নিয়ন্ত্রণ কৰা । 

( ঝ ) ষ্টক বিনিময় কেন্দ্ৰবােৰৰ পৰিদর্শন , অনুসন্ধান আৰু হিচাপ পৰীক্ষণৰ লগতে প্ৰতিভূতি বজাৰৰ মধ্যস্থকাৰী স্ব – নিয়ন্ত্রিত অন্যান্য সংগঠনৰ ক্ষেত্ৰতো একেবােৰ উদ্দেশ্যত তথ্য তলৰ কৰা । 

( ঞ ) কেন্দ্রীয় চৰকাৰে প্ৰতিভূতি চুক্তি ( নিয়ন্ত্রণ ) আইন ১৯৫৬ চনৰ অধীনত আৰােপ কৰা কাৰ্য পালন কৰা আৰু ক্ষমতা অনুশীলন কৰা । 

৩৭। কিয় চেবিৰ সংস্থাপন কৰা হৈছিল ? চেবিৰ চাৰিটা উদ্দেশ্য ব্যাখ্যা কৰা । 

উত্তৰঃ বিনিয়ােগকাৰীৰ সংখ্যা অবিৰত ভাবে বৃদ্ধি পােৱা আৰু ষ্টক বিনিময় কেন্দ্ৰৰ কার্যকলাপ বৃদ্ধি হােৱাৰ সময়তে কোম্পানি সমূহত বিভিন্ন ধৰণৰ অনিয়মে গা কৰি উঠিছিল । এই অনিয়ম আৰু কুকর্মই বিনিয়ােগকাৰীৰ বিশ্বাসত মামৰে ধৰিছিল আৰু বিনিয়ােগকাৰীসকলৰ ওজৰ আপত্তি সংখ্যাধিক হৈছিল । প্রতিভূতি বজাৰসমূহৰ সুস্থ বিকাশ উন্নীতকৰণ আৰু বিনিয়ােগকাৰী সকলক সুৰক্ষা প্রদান কৰাৰ বাবে 1988 চনৰ 12 এপ্রিলত ভাৰত চৰকাৰে চেবি স্থাপন কৰিছিল । আৰু 1992 চনৰ 30 জানুৱাৰীত এখন অধ্যাদেশৰ জৰিয়তে চেবিক এক বিধিবদ্ধ পদবী দিয়া হৈছিল । এই আইনখনেই হৈছে ভাৰতীয় প্রতিভূতি আৰু বিনিময় পৰিষদ আইন 1992 . 

উদ্দেশ্য:–

( ক ) প্রতিভূতি বা নিৰাপত্তা পত্র বিলি কোম্পানিৰ দ্বাৰা উপযুক্ত লেন – দেন উন্নীত কৰােৱা আৰু আপেক্ষিক ভাৱে নিম্ন ব্যয়ত পুঁজি সংগ্ৰহৰ বজাৰ স্থান নিশ্চিত কৰা । 

( খ ) বিনিয়ােগকাৰীৰ সঞ্চয় প্রতিভূত বজাৰলৈ প্রবাহিত কৰাত তেওঁলােকক সুৰক্ষা দিয়া আৰু তেওঁলােকৰ বিনিয়োগ অধিকাৰ আৰু স্বার্থ সুৰক্ষিত কৰা । 

( গ ) প্রতিভূতি বজাৰৰ লেন – দেনকাৰী বা দালাল , সদাগৰ বেংক আদি মধ্যস্থতাকাৰীৰ লেন – দেনত উপযুক্ত অনুশীলন কৰােৱাত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ লগতে আচৰণ বিধানৰ প্ৰয়ােগ ঘটোৱা ।

৩৮। NSEI ৰ উদ্দেশ্যেসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ উদ্দেশ্যঃ ৰাষ্ট্রীয় প্রতিভূতি বিনিময় কেন্দ্র উদ্দেশ্য সমুহ হ’ল — 

( ক ) সকলাে ধৰণৰ প্ৰতিভূতিৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিত বেহা – বেপাৰৰ সুবিধা প্রতিষ্ঠাপিত কৰা । 

( খ ) যথাযথ জ্ঞাতকৰণ কৰ্মজালৰ জৰিয়তে গােটেই দেশ জুৰি বিনিয়ােগকাৰীসকলে সমভাবে ঢুকি পােৱাৰ নিশ্চয়তা প্রদান কৰা । 

( গ ) বৈদ্যুতিক বেহা – বেপাৰ পদ্ধতি ব্যৱহাৰ কৰি মুক্ত , সুদক্ষ আৰু স্বচ্ছ প্রতিভূতি বজাৰৰ ব্যৱস্থা কৰা । 

( ঘ ) তাৎক্ষণিক নিষ্পত্তিকৰণ চক্ৰ আৰু হিচাপ প্রবিষ্টি নিষ্পত্তিকৰণ স্থাপন কৰা । 

( ঙ ) আন্তর্জাতিক মানদণ্ড পৰিপুৰণ কৰা । 

৩৯। প্রতিভূতি বিনিময় কেন্দ্র এটাৰ যিকোনাে পাঁচটা কাৰ্য্য ব্যাখ্যা কৰা । 

উত্তৰঃ প্রতিভূতি বজাৰৰ কার্যাৱলীসমূহ হ’ল– 

( ক ) প্রতিভূতিৰ লেন – দেন :- অন্যান্য বজাৰৰ দৰে ষ্টক বিনিময় কেন্দ্রই অংশ পত্র , ঋণ পত্ৰ আদিৰ নিয়মীয়া ক্রয় – বিক্রয়ৰ সুবিধা দিয়ে । ইয়াৰ ফলত প্রতিভূতিৰ ধাৰকে ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে । অর্থাৎ এই বজাৰে প্ৰতিভূতিৰ তৰলতা আনে । 

( খ ) তাৰল্য :- প্রতিভূতি বজাৰত পুৰণি বিত্তীয় পত্ৰৰ বেচা – কিনা নিয়মিত ভাৱে চলি থাকে । অর্থাৎ প্রয়ােজন হ’লে প্রতিভূতি কিনিব আৰু বেচিব পৰা সুবিধাৰ কাৰণে এইবােৰ তৰলতা আছে । ইয়াৰ ফলত সঞ্চয় কাৰীক প্রতিভূতি ক্ৰয় কৰাত অনুপ্রাণিত কৰে । কাৰণ দৰকাৰ মতে তেওঁ ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে । 

( গ ) হস্তান্তৰৰ সুবিধা :- ষ্টক বিনিময় কেন্দ্রত প্রতিভূতি ক্রয় – বিক্রয় কৰি হস্তান্তৰ কৰা সহজ । ইয়াত পঞ্জীয়ন ভূক্ত প্রতিভূতি সহজে কোম্পানিয়ে হস্তান্তৰ কৰে । 

( ঘ ) প্রতিভূতি তথ্যপাতি :- ষ্টক বিনিময় কেন্দ্ৰত লেন – দেন হােৱা অংশ পত্র , ঋণপত্র আদিৰ সঠিক তথ্য পাতিৰ অভিলেখ ৰখা হয় । সেইবােৰ প্ৰচাৰ কৰিলে সকলাে প্রকাৰ প্ৰতিভূতিৰ সবিশেষ তথ্য জানিব পাৰি । ইয়াৰ বাবে নিজৰ সুবিধামতে প্রতিভূতি বাছনি কৰি ক্ৰয় কৰিব পাৰি । 

( ঙ ) সঞ্চয় অনুপ্রেৰণাদায়ক :- প্রতিভূতিত বিনিয়ােগ কৰি লাভ উপার্জন হােৱা কাৰণে আৰু প্ৰতি ভূতি বিক্ৰী কৰি টকা পাব পৰা সুবিধাই সঞ্চয় কাৰীক অনুপ্রাণিত কৰে ।

৪০। নতুন প্রতিভূতিবােৰ প্ৰাথমিক বজাৰত মেলি দিয়াৰ পাঁচটা প্রক্রিয়া উল্লেখ কৰা ।

উত্তৰঃ প্রাথমিক বজাৰত নতুন নিৰাপত্তা পত্র বিলিৰ ধৰণ সমূহ হল— 

( ক ) অনুপত্ৰৰ জৰিয়তে প্ৰস্তাৱঃ এই প্রস্তাৱটো হৈছে প্রাথমিক পূজি বজাৰত ৰাজহুৱা কোম্পানি এটাই মূলধন সংগ্ৰহৰ কাৰণে আটাইতকৈ জনপ্রিয় পদ্ধতি । অনুষ্ঠানপত্র বিলিৰ জৰিয়তে জনসাধাৰণক বৰঙণি আগবঢ়াবলৈ আহ্বান জনায় । মূলধন সংগ্রহ কৰিবলৈ অনুষ্ঠান পত্ৰই বাতৰি কাকত আৰু আললাচনীত বিজ্ঞাপন দি বিনিয়ােগকাৰী সকলক প্রত্যক্ষভাবে আহ্বান জনায় । 

( খ ) বিক্ৰীৰ বাবে প্ৰস্তাৱ :- এই পদ্ধতিৰ অধীনত নিৰাপত্তাপত্রসমূহ জনসাধাৰণক প্রত্যক্ষভাবে বিলি নকৰি মধ্যস্থকাৰীৰ জৰিয়তে বিক্ৰীৰ বাবে প্ৰস্তাৱ দিয়া হয় । এই ক্ষেত্ৰত কোম্পানিয়ে চুক্তি কৰা দৰত দালালক বিক্রী কৰে আৰু দালালবােৰেও বিনিয়ােগ প্রতিষ্ঠান বা জনসাধাৰণক পুনৰ বিক্ৰী কৰে । 

( গ ) ব্যক্তিগত উপস্থাপন :- ব্যক্তিগত উপস্থাপন হৈছে কোম্পানিয়ে কোনাে প্রতিষ্ঠানিক বিনিয়ােগকাৰী আৰু বাছনিভুক্ত কিছুমান ব্যক্তিক দিয়া নিৰাপত্তা পত্ৰৰ আবন্টন । এই পদ্ধতিয়ে জনসাধাৰণক বিলি কৰি মূলধন সংগ্রহ কৰা পদ্ধতিতকৈ অতি তৎকালে মূলধন বৃদ্ধি কৰাত সহায় কৰে । 

( ঘ ) অধিকাৰ সাপেক্ষে অংশ পত্র :- কোম্পানিৰ চৰ্ত সাপেক্ষে আগৰ অংশ ধাৰকসকলক নতুন অংশ পত্র বিলি কৰি বৰঙণি আগবঢ়াবলৈ সুবিধা প্রদান কৰা হয় । অংশধাৰকসকলে ইতিমধ্যেই ধাৰণ কৰা অংশৰ সংখ্যাৰ সমানুপাতিক ভিত্তিত নতুন অংশ ক্ৰয় কৰিবলৈ ‘ অধিকাৰ প্ৰস্তাৱ আগবঢ়োৱা হয় । 

( ঙ ) বৈদ্যুতি প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ :- ষ্টক বিনিময় কেন্দ্ৰৰ অনলাইন পদ্ধতিৰ জৰিয়তে জনসাধাৰণক অংশ বিলি কৰাৰ কাৰণে ষ্টক বজাৰৰ সৈতে কোম্পানিয়ে চুক্তিবদ্ধ হােৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । ইয়াক প্ৰাৰম্ভিক ৰাজহুৱা প্রস্তাৱ বুলি কোৱা হয় । ষ্টক বিনিময় কেন্দ্ৰৰ সৈতে বৈদ্যুতিক সংযােগ ঘটাবলৈ বিলি কৰা কোম্পানিয়ে এজন পঞ্জীয়ক নিযুক্তি দিয়ে । 

৪১। ‘চেবি ভাৰতীয় মূলধনী বজাৰৰ নিয়ন্ত্রক ’ — মন্তব্য দিয়া । 

উত্তৰঃ ভাৰতীয় মূলধনী বজাৰ নিয়ন্ত্রনত চেবিৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল–

( ক ) চেবিয়ে প্রতিভূতি বজাৰৰ বিনিয়ােগকাৰী আৰু মধ্যস্থতা কাৰী সকলৰ শিক্ষা আৰু প্রশিক্ষণ উন্নীত কৰে । 

( খ ) প্রাথমিক আৰু গৌন পূজি বজাৰৰ বাবে উপদেষ্টা সমিতি গঠন কৰে । 

( গ ) চেবিয়ে প্রতিভূতি বজাৰত লগত সম্পর্কিত প্ৰৱঞ্চনা আৰু অভব্য ব্যৱসায় অনুশীলন দমন কৰে । 

( ঘ ) বৈদেশিক প্রতিষ্ঠানগত বিনিয়ােগকাৰীৰ প্ৰৱেশৰ বাবে নিয়মাৱলী প্রস্তুত কৰা । 

৪২। প্রতিভূতি বিনিময় কেন্দ্র এটা প্রতিভূতি কিদৰে ক্রয় বিক্রয় কৰা হয় তাৰ প্ৰণালীবােৰ আলােচনা কৰা ।

উত্তৰঃ ষ্টক বজাৰত প্ৰতিভূতি ক্রয় বিক্রয় কৰা প্রণালীবােৰ হল— 

( ক ) দালাল নির্বাচনঃ যিহেতুকে প্রতিভূতি বিনিময় কেন্দ্ৰৰ মজিয়াত অস্বীকৃত কোনো ব্যক্তিকে নিৰাপত্তা পত্ৰৰ লেনদেন কৰিবলৈ নিদিয়ে সেয়ে সম্ভাব্য বিনিয়ােগকাৰী সকলে তেওঁলােকৰ সঞ্চয়ৰ বিনিয়ােগলৈ পৰিৱৰ্তিত কৰিবলৈ বিচাৰিলে কেন্দ্ৰৰ দ্বাৰা স্বীকৃত কোনাে দালাল তথা সভ্যৰ ওপৰত নিৰ্ভৰশীল হবই লাগিব । 

( খ ) দালালৰ নিয়ােজন :- দ্বিতীয় পর্যায়ত সংশ্লিষ্ট সম্ভাব্য ক্রেতাৰ হৈ নিৰাপত্তা পত্ৰৰ লেনদেন কৰিবলৈ ইচ্ছুক হয়নে নহয় এই মর্মে অনুসন্ধান কৰি জানি লয় । সেইদৰে দালাল জনেও সম্ভাব্য ক্রেতা বা বিনিয়ােগকাৰী জনৰ বিষয়ে জানিবলগীয়া খিনি জানি লৈ সন্তুষ্ট হলে কার্য সম্পাদনৰ বাবে যাৱতীয় পদক্ষেপ গ্রহনেৰে সংশ্লিষ্ট বিনিয়ােগকাৰী ক্রেতাৰ প্ৰস্তাৱ গ্ৰহন কৰে । এই প্রক্রিয়াকে দালালৰ নিয়ােজন বুলি কোৱা হয় । 

( গ ) ফৰমাছ দাখিল :- বিনিয়ােগকাৰীয়ে কোম্পানিৰ নিৰাপত্তা পত্ৰৰ বাবে ক্রয় বিক্রয় ফৰমাছ দালালৰ ওচৰত দাখিল কৰে । অৱশ্যে নিৰাপত্তা পত্ৰৰ বাছনি কৰাৰ ক্ষেত্ৰত অভিজ্ঞ দালালৰ অভিজ্ঞতাক যথেষ্ট গুৰুত্ব সহকাৰে লােৱা হয় আৰু ভালেমান ক্ষেত্ৰত দালালৰ উপদেশ মর্মেই নিৰাপত্তা পত্ৰৰ বাছনি কৰা হয় । 

( ঘ ) চুক্তি সম্পাদনঃ প্রতিভূতি বিনিময় কেন্দ্ৰৰ লেনদেন সংঘটিত হােৱা বেহা বেপাৰৰ মজিয়াক বিভিন্ন ভাগত ভাগ কৰি প্রতি ভাগক “ ট্রেডিংপষ্ট” হিচাপে বিভক্ত কৰা হয় । গ্রাহকৰ দ্বাৰা নিয়ােজিত দালাল বা তেওঁৰ দ্বাৰা অনুমােদিত এজেন্টে নির্দিষ্ট “ ট্রেডিং প’ষ্ট” ত প্ৰৱেশ কৰি ক্রয় বা বিক্রয়ৰ ফৰমাছৰ নিৰাপত্তা পত্র সংগ্রহ কৰে । ক্রেতা আৰু বিক্রেতা উভয় পক্ষৰ দালালৰ পৰা ক্রয় বা বিক্রয়ৰ সন্মতি সাপেক্ষে নির্দিষ্ট পষ্টত নির্দিষ্ট কোনাে সংকেত লাভ কৰি ক্রয় বিক্রয় কৰা চুক্তিত চুক্তিবদ্ধ হয় ? 

( ঙ ) লেনদেন নিষ্পত্তি কৰা :- লেনদেন সংঘটিত হােৱাৰ লগে লগে প্রতিভূতি বিনিময় কেন্দ্ৰৰ মজিয়াত নগদ ধনৰ আদান প্রদান হৈ নিষ্পত্তি হােৱা লেনদেন হ’ল আটাইতকৈ সহজ যাক “ থিতাতে হােৱা লেনদেন ” বােলা হয় । এই ক্ষেত্ৰত ক্রেতা আৰু বিক্রেতাৰ দালালৰ মাজত নিৰাপত্তা পত্ৰৰ নির্দিষ্ট মূল্য প্রদান আৰু প্ৰাপ্তিৰ লগে লগেই সংশ্লিষ্ট ক্রেতালৈ নিৰাপত্তা পত্ৰৰ হস্তান্তৰৰ নির্দিষ্ট প্রপত্র , অংশ প্রমাণ পত্ৰ আদিৰ হস্তাকৰি দিয়ে ।

( ঙ ) দীঘল প্রশ্ন উত্তৰ ( মূল্যাংকঃ২/৬ ) 

৪৩। মুদ্রা বজাৰৰ আহিলাসমূহ চমুকৈ ব্যাখ্যা কৰা— 

( ক ) কোষাগাৰ বিল ।

( খ ) বাণিজ্যিক দলিল ।

( গ ) আমানত প্রমাণ পত্র । 

উত্তৰঃ ( ক ) কোষাগাৰৰ বিলঃ ভাৰত চৰকাৰে হ্রস্বকালীন সময়ৰ কাৰণে ঋণ গ্রহণ কৰা এক আহিলা হৈছে কোষাগাৰৰ বিল । ইয়াৰ ম্যাদৰ সময় এবছৰতকৈ কম । হ্রস্বকালীন পূজিৰ প্রয়ােজন পূৰণ কৰাৰ কাৰণে ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্রীয় চৰকাৰৰ হৈ বিলি কৰা এই আহিলাক জিৰ কুপণ বণ্ড ( Zero Coupon Bond ) হিচাপে জনা যায় । এই বিলসমূহ প্রতিশ্রুতি পত্ৰৰ ৰূপত বিলি কৰা হয় । 

( খ ) বাণিজ্যিক দলিল :- বাণিজ্যিক দলিল হৈছে স্থিৰ ম্যাদৰ অন্তত পৰিশােধ কৰা আৰু পৃষ্ঠাংকনৰ দ্বাৰা হস্তান্তৰযােগ্য আৰু স্থানান্তৰ যােগ্য বন্ধক মুক্ত হ্রস্বকালীন প্রতিশ্রুতি পত্র । এই দলিল সমূহ বৃহৎ বিত্তবান কোম্পানীসমূহে হ্রস্বকালীন পুঁজি বৃদ্ধি কৰিবলৈ বজাৰৰ হাৰতকৈ কম সুদৰ হাৰত বিলি কৰে । সাধাৰণতে ইয়াৰ ম্যাদৰ সময় ১৫ দিনৰ পৰা ( পােন্ধৰ দিন ) এবছৰ পর্যন্ত ধৰা হয় । 

( গ ) আমানতৰ প্ৰমাণ পত্রঃ আমানত প্রমাণ পত্ৰ হৈছে বাণিজ্যিক বেংক আৰু উন্নয়নমূলক বিত্তীয় প্রতিষ্ঠানসমূহে বাহকৰ ৰূপত বিলি কৰা বন্ধক মুক্ত , হস্তান্তৰযােগ্য এক হ্রস্বম্যাদী আহিলা ।

৪৪। প্রতিভূতি বিনিময় কেন্দ্ৰৰ কাৰ্য্যসমূহ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ প্ৰতিভূতি বজাৰৰ কার্যাৱলীসমূহ হ’ল— 

( ক ) প্রতিভূতিৰ লেন – দেন :- অন্যান্য বজাৰৰ দৰে ষ্টক বিনিময় কেন্দ্রই অংশ পত্র , ঋণ পত্র আদিৰ নিয়মীয়া ক্রয় – বিক্রয়ৰ সুবিধা দিয়ে । ইয়াৰ ফলত প্রতিভূতিৰ ধাৰকে ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে । অর্থাৎ এই বজাৰে প্ৰতিভূতিৰ তৰলতা আনে । তাৰল্য প্রতিভূতি বজাৰত পুৰণি বিত্তীয় পত্ৰৰ বেচা – কিনা নিয়মিত ভাৱে চলি থাকে । অর্থাৎ প্রয়ােজন হলে প্রতিভূতি কিনিব আৰু বেচিব পৰা সুবিধাৰ কাৰণে এইবােৰৰ তৰলতা আছে । ইয়াৰ ফলত সঞ্চয় কাৰীক প্রতিভূতি ক্ৰয় কৰাত অনুপ্রাণিত কৰে । কাৰণ দৰকাৰ মতে তেওঁ ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে ।

( গ ) হস্তান্তৰৰ সুবিধা :- ষ্টক বিনিময় কেন্দ্ৰত প্ৰতিভূতি ক্রয় – বিক্রয় কৰি হস্তান্তৰ কৰা সহজ । ইয়াত পঞ্জীয়ন ভূক্ত প্রতিভূতি সহজে কোম্পানিয়ে হস্তান্তৰ কৰে । 

( ঘ ) প্রতিভূতি তথ্যপাতি :- ষ্টক বিনিময় কেন্দ্ৰত লেন – দেন হােৱা অংশ পত্র , ঋণপত্র আদিৰ সঠিক তথ্য পাতিৰ অভিলেখ ৰখা হয় । সেইবােৰ প্ৰচাৰ কৰিলে সকলাে প্ৰকাৰ প্রতিভূতিৰ সবিশেষ তথ্য জানিব পাৰি । ইয়াৰ বাবে নিজৰ সুবিধামতে প্রতিভূতি বাছনি কৰি ক্ৰয় কৰিব পাৰি । 

( ঙ ) সঞ্চয় অনুপ্ৰেৰণাদায়ক :- প্রতিভূতিত বিনিয়ােগ কৰি লাভ উপার্জন হােৱা কাৰণে আৰু প্ৰতি ভূতি বিক্ৰী কৰি টকা পাব পৰা সুবিধাই সঞ্চয় কাৰীক অনুপ্রাণিত কৰে । 

( চ ) পূজিৰ প্রবাহ :- ষ্টক বিনিময় কেন্দ্ৰত প্ৰতিভূতি বেচা কিনা হ’লেও ইয়াৰ ফলত প্রতিভূতি প্ৰৱর্তনকাৰী প্ৰতিষ্ঠানৰ পুঁজিৰ পৰিমাণৰ সলনি নহয় । বৰং প্রতিভূতি বেচা কিনাৰ সুবিধাৰ কাৰণে নতুন বিনিয়ােগ বৃদ্ধি হয় । অর্থাৎ পুঁজিৰ প্রবাহ ঘটে । 

( ছ ) যৌথ কোম্পানিৰ প্ৰগতিঃ ষ্টক বিনিময় কেন্দ্ৰৰ প্ৰগতিৰ লগে লগে দেশত যৌথ কোম্পানিৰ পূজি সংগ্ৰহৰ সুবিধা হয় । ইয়াৰ ফলত কোম্পানি গঠন যথেষ্ঠ বৃদ্ধি পায় । 

( জ ) আর্থিক অৱস্থাৰ প্ৰতিচ্ছবিঃ প্রতিভূতি বজাৰে দেশৰ আর্থিক অৱস্থাৰ বিষয়ে সঠিক সম্ভেদ দাঙি ধৰে । সেয়ে ষ্টক বিনিময় কেন্দ্রক দেশৰ আর্থিক অৱস্থাৰ প্রতিচ্ছবি বােল । 

৪৫। নতুন বিলি বজাৰৰ কাৰ্য্যসমূহ বর্ণনা কৰা ।

উত্তৰঃ নতুন বিলি বজাৰৰ কাৰ্যসমূহ হ’ল— 

( ক ) নতুন বিলি বজাৰত সঞ্চয় সমূহ বিভিন্ন খণ্ডত বণ্টন কৰা হয় । 

( খ ) ই প্রতিভূতি পত্ৰৰ নতুন বিলিৰ ক্রয় বিক্রয় কৰে ।

( গ ) যিবিলাকৰ উদ্বৃত্ত পূজি থাকে আৰু সেই পূজি সমূহ উৎপাদন মূলক কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে তেওঁলােকৰ মাজত যােগসূত্ৰকাৰী হিচাপে কার্য কৰে । 

( ঘ ) দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে সঞ্চয়সমূহ ব্যৱহাৰ কৰা হয় । 

( ঙ ) সমাংশ আৰু ঋণৰ দীর্ঘম্যাদী আহিলাসমূহৰ লেনদেন কৰে । 

( চ ) দীর্ঘম্যাদী বিনিয়ােগৰ ধৰণ প্ৰাথমিক বজাৰৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয় । 

( ছ ) সঞ্চয় সংগ্রহৰ বাবে বহুতো মধ্যস্থকাৰীক সেৱা আগবঢ়াবলৈ নতুন বিলি বজাৰ ব্যৱহাৰ হয় । 

৪৬। NSET আৰু OTCEI ৰ মাজত পার্থক্য দেখুওৱা । তলৰ ভেটি কেইটা লৈ–

( a ) প্রতিষ্ঠাৰ চন ।

( b ) প্ৰাপ্ত মূলধন ।

( C ) ক্রয় – বিক্রয় প্রতিভূতি ।

 ( d ) উদ্দেশ্য ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top