Class 12 Biology Chapter 7 ক্ৰমবিকাশ

Class 12 Biology Chapter 7 ক্ৰমবিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 7 ক্ৰমবিকাশ and select needs one.

Class 12 Biology Chapter 7 ক্ৰমবিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 7 ক্ৰমবিকাশ Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। কেনেকৈ সালোক সংশ্লেষণকাৰী জীৱৰ আৱিৰ্ভাৱ হ’ল । আলোচনা কৰা । 

উত্তৰঃ ৰাসায়নিক বিবৰ্তনৰ ফলত সৃষ্টি হোৱা বৃহৎ অণু কিছুমান , যেনে ― বহু শৰ্কৰা , লিপিড , প্ৰ’টিন , নিউক্লিক এচিড সাগৰৰ পানীৰ লগত বিক্ৰিয়া কৰি ফেন সদৃশ ঘন কলডিয় গোট সৃষ্টি কৰিছিল । এইবিলাকক ক’ৱাছাৰভেট বোলা হয় । এইবিলাকৰ কোনো আৱৰণ নাছিল কিন্তু আদি কোষবিলাকৰ নিচিনা মুকুল সৃষ্টি কৰিব পাৰিছিল । পৰবৰ্তন কালত ক’ৱাছাৰভেটসমূহৰ চাৰিওফালে যেতিয়া স্নেহ আৰু প্ৰটিনৰ আৱৰণ সৃষ্টি হ’ল আৰু ভিতৰত নিউক্লিক এচিড জৈৱ ৰাসায়নিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে , তেতিয়া এই বিলাক ক্ৰমে আদিম জীৱকোষলৈ ৰূপান্তৰিত হ’ল । ক’বাছাৰভেটৰ কলয়ডিয় অৱস্থাৰ পৰা আদিম জীৱকোষ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ পৰা জৈৱ বিৱৰ্তন সূচনা হৈছিল বুল কোৱা হয় ।

অন‍্য তত্ত্ব মতে ৰাসায়নিক বিৱৰ্তনৰ ফলত বৃহৎ অণু যেনে ― প্ৰটিন আৰু নিউক্লিক এচিড লগ লাগি নিউক্লিয় প্ৰটিন সৃষ্টি হৈছিল । এই নিউক্লিয় প্ৰটিনেই আছিল ভাইৰাছৰ প্ৰাথমিক অৱস্থা । সেইবাবে ইয়াক প্ৰট’ভাইৰাছ আখ্যা দিয়া হৈছিল । এই প্ৰট’ভাইৰাছৰ পৰা ক্ৰমে ভাইৰাছ আৰু শেষত বেক্টেৰিয়া , প্ৰটয’ৱা আদি সৃষ্টি হৈছিল ।পৃথিৱীৰ আদিম অৱস্থাত বায়ুমণ্ডলত অক্সিজেন নাছিল । প্ৰথম সৃষ্ট জীৱই অবাত শ্বাস প্ৰক্ৰিয়াৰে জীৱন নিৰ্বাহ কৰিছিল । এনে বিজাৰিত পৰিৱেশ বহু হাজাৰ বছৰ ধৰি চলি আছিল । আৰু নতুনকৈ সৃষ্টি হোৱা সকলোবিলাক আদিম জীৱই সাগৰৰ পানীত মিহলি হৈ থকা ৰাসায়নিক দ্ৰব্যৰ পৰা পুষ্টি গ্ৰহণ কৰিছিল । এই গোটেইবিলাকেই পৰপুষ্ট আছিল । 

ক্ৰমশঃ স্বপুষ্ট জীৱৰ আৱিৰ্ভাৱ হ’বলৈ ধৰিলে । হৰিৎকণা সৃষ্টিৰ ফলত সালোক সংশ্লেষণ ক্ৰিয়া আৰম্ভ হ’ল । তাৰ ফলত অক্সিজেন উদ্ভৱ হ’বলৈ ধৰিলে । বায়ুমণ্ডলত অক্সিজেন গোট খোৱাত ক্ৰমে বিজাৰিত পৰিৱেশ জাৰিত পৰিৱেশলৈ ৰূপান্তৰিত হ’ল । যিমানেই সেইজীয়া এক কোষৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে সিমানেই বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি পাবলৈ ধৰিলে । প্ৰথম সেউজীয়া এককোষী জীৱ যেনে , কিছুমান আদিম নীল সেউজীয়া শেলাইৰ উদ্ভৱ হৈছিল । শেষলৈ সংকোষকেন্দ্ৰীক এককোষী শেলাই আৰু পিছত ক্ৰমে বহুকোষী শেলাই সৃষ্টি হৈছিল । এইবিলাকৰ পৰা বিৱৰ্তনৰ ফলত সৰল স্থলজ উদ্ভিদ যেনে মছ আদিৰ উদ্ভৱ হৈছিল।

প্ৰশ্ন ২। জৈৱ বিৱৰ্তন মানে কি ? জৈৱ বিৱৰ্তনৰ সাক্ষ‍্য দিয়া । 

উত্তৰঃ পৃথিৱীত প্ৰথম অৱস্থাত সৃষ্টি হোৱা জীৱবোৰৰ গঠন একান্ত সৰল আছিল আৰু সিহঁত এককোষী আছিল । এই জীৱসমূহ প্ৰট’প্লাজমৰপৰাই সৃষ্টি হোৱা বুলি বহুতৰে বিশ্বাস । আদিম অৱস্থাত প্ৰাণী বা উদ্ভিদ বুলি বেলেগ বেলেগ গুণ বিশিষ্ট পৃথক শ্ৰেণী হিচাপে নাছিল । যুগ যুগ পৰিৱৰ্তন লগে লগে এইবোৰৰ গতি – সোঁত দুটা ভাগত বিভক্ত হ’বলৈ ধৰিলে আৰু লাহে লাহে আকৃতি , গঠন প্ৰণালী আদি সম্পূৰ্ণ সলনি হৈ প্ৰাণী আৰু উদ্ভিদ নামৰ দুটা ভাগৰ সৃষ্টি হ’ল ।কালক্ৰমত এককোষী জীৱসমূহেও বংশ বিস্তাৰ কৰিছিল । সিহঁতে জন্ম দিয়া সতি – সন্ততিবোৰৰ আকৃতি , গঠন আৰু জৈৱিক ক্ৰিয়াকলাপ ইত‍্যাদিৰ ক্ষেত্ৰত সিহঁতৰ পিতৃ – পুৰুষতকৈ যথেষ্ট উন্নত দেখা গৈছিল । এইদৰে পুৰুষানুক্ৰমে সিঁহতে উন্নত লাভ কৰাটো পৰিলক্ষিত হয় । ক্ৰমবিকাশৰ ধাৰা অনুসৰি এককোষী জীৱৰ পৰা বহুকোষী , বহুকোষীৰ পৰা জটিল আৰু জটিলতৰ প্ৰাণীৰ উদ্ভৱ হ’বলৈ ধৰিলে । এইদৰে ক্ষুদ্র ক্ষুদ্ৰ পৰিৱৰ্তনবোৰ একগোট হৈ সময়ত বেলেগ বেলেগ ৰূপত জীৱ আৰু উদ্ভিদৰ সৃষ্টি হয় । বৰ্তমান সময়ত দেখিবলৈ পোৱা নানা প্ৰকাৰৰ উদ্ভিদ , জীৱ – জন্তু আদি উক্ত ক্ৰমবিৱৰ্তনৰেই ফল মাথোন । 

এইদৰে ধাৰাবাহিকৰূপে সৰল একদেহী প্ৰাণীৰপৰা বিকশিত হৈ জটিলতাৰ প্ৰাণী আৰু উদ্ভিদৰ উৎপত্তি হোৱাকে উদ্ভিদ আৰু জীৱৰ ক্ৰমবিকাশ বা জৈৱ বিৱৰ্তন বোলে । 

চিত্ৰ :- প্ৰাচীন পৃথিৱী বিৱৰ্তন হৈ সৃষ্টি হোৱা সংগঠিত আদি কোষ 

জৈৱ বিৱৰ্তনৰ সাক্ষ‍্যসমূহ – জৈৱ বিৱৰ্তনৰ সপক্ষে পোৱা সাক্ষ‍্যসমূহৰ নাম উল্লেখ কৰা হ’ল ― 

(১) জীৱাশ্মৰ সাক্ষ‍্য ।

(২) ভ্ৰূণতত্ত্বৰ সাক্ষ‍্য ।

(৩) শাৰীৰিক আৰু আভ‍্যন্তৰীণ গঠনৰ সাক্ষ‍্য ।

(৪) শ্ৰেণীবদ্ধতা বা প্ৰণালীবদ্ধতাৰ সাক্ষ‍্য ।

(৫) শৰীৰ বিজ্ঞান সম্বন্ধীয় সাক্ষ‍্য । 

(৬) ভৌগোলিক বিস্তৃতিৰ সাক্ষ‍্য ।

(৭) ক্ষয়প্ৰাপ্ত গঠন প্ৰণালীৰ সাক্ষ‍্য ।

প্ৰশ্ন ৩। জীৱশ্ম কি ? জীৱশ্ম কেনেকৈ সৃষ্টি হৈছিল ? 

উত্তৰঃ যুগ যুগ ধৰি পৃথিৱীৰ উপৰিভাগৰ পৰ্যায় ক্ৰমে স্তৰে স্তৰে বিভিন্ন প্ৰকাৰে গেদীয় শিল জমা হৈ তৈয়াৰ হৈছে ।নানা ধৰণৰ কাৰণবশত : প্ৰাণী আৰু উদ্ভিদৰ দেহ গেলি – পচি নগৈ শিলাকৃতি অৱস্থালৈ ৰূপান্তৰিত হয় । এইবোৰকে জীৱাশ্ম বোলা হয় । কেতিয়াবা ইহঁতৰ সম্পূৰ্ণ শিলাকৃতি অৱস্থাত অথবা এইবোৰৰ শিলৰ ওপৰত থকা সাঁচ পোৱা যায় ‌।

বিভিন্ন যুগত তৈয়াৰ হোৱা বিভিন্ন স্তৰবোৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহে ভালকৈ প্ৰমাণ কৰি দিয়ে কিদৰে বিভিন্ন যুগত এটা সূক্ষ্ম গতিত উন্নত আৰু জটিল আকৃতিৰ প্ৰাণীসমূহৰ বিকাশ হৈছে । আটাইতকৈ প্ৰাচীন যুগৰ শিলাস্তৰত আদিম আৰু সৰল প্ৰাণী আৰু উদ্ভিদৰ অস্তিত্ব পোৱা গৈছে । ইয়াৰ পৰৱৰ্তী শিলাস্তৰত পোৱা গৈছে সেইবোৰণকৈ জটিল উন্নত ধৰণৰ উদ্ভিদ আৰু প্ৰাণী যেনে ― উন্নত সামুদ্ৰিক শেলাই , মচ জাতীয় উদ্ভিদ , ঢেকীয়া জাতীয় উদ্ভিদ , নগ্নবীজী উদ্ভিদ , উন্নত ধৰণৰ অমেৰুদণ্ডী প্ৰাণী আৰু নিম্নখাপৰ মেৰুদণ্ডী প্ৰাণী ।

ইয়াৰ পিছৰ শিলাস্তৰত দেখা গৈছে ঢেকীয়া জাতীয় উদ্ভিদসমূহ লাহে লাহে লুপ্ত হৈ যাব ধৰিছে আৰু নগ্নবীজী উদ্ভিদ বৃদ্ধি পাইছে । 

ইয়াৰ পিছৰ শিলাস্তৰ সমূহত দ্বিবীজীয় উদ্ভিদ আৰু স্তন‍্যপায়ী প্ৰাণীসমূহৰ অৱস্থিতিৰ সাক্ষ্য পোৱা যায় । আনহাতে সেই কালছোৱাত ঢেকীয়া জাতীয় আৰু নগ্নবীজী উদ্ভিদ ক্ৰমান্বয়ে লুপ্ত হৈ যাব ধৰিছে । ইয়াৰ পিছৰ সময়ছোৱাত দ্বি – বীজপত্ৰী উদ্ভিদ আৰু স্তন্যপায়ী প্ৰাণীসমূহে বিস্তাৰ লাভ কৰে আৰু লগতে একবীজপত্ৰী উদ্ভিদ , সৰীসৃপ আৰু পক্ষী দেখা দিয়ে । ইয়াৰ পিছৰ পৃথিৱীখনৰ উপৰিভাগত উন্নত ধৰণৰ গছ – গছনিৰ অটব‍্য হাবিৰে ভৰি পৰে আৰু উন্নত শ্ৰেণীৰ পক্ষী আৰু স্তন‍্যপায়ী প্ৰাণীৰ অস্তিত্বৰ প্ৰমাণ পোৱা যায় । ইয়াৰ পিছৰ কালত ডাঙৰ গছ – গছনি আদিৰ বিলুপ্তি হৈ হাবি ক্ৰমে হ্ৰাস হ’বলৈ ধৰে আৰু লগত বৃহদাকাৰ স্তন‍্যপায়ী প্ৰাণীসমূহ এই পৃথিৱীৰ পৰা লুপ্ত হয় । অৱশেষত বৰ্তমান যুগত পৃথিৱীত মানুহ আৰু শাক – বন জাতীয় উদ্ভদে একাধিপত‍্য স্থাপন কৰিলে । গতিকে জীৱশ্মবোৰ অধ‍্যয়ন কৰি আদিমকালৰ পৰা বৰ্তমানলৈকে জীৱৰ এটা সূক্ষ্ম পৰিৱৰ্তন হৈ বৰ্তমান অৱস্থা পাইছে তাৰে আভাস পোৱা যায় । আকৌ কেতবোৰ উদ্ভিদ আৰু প্ৰাণীৰ জীৱাশ্মই জৈৱ বিৱৰ্তনত উদ্ভৱ হোৱা দুটা শ্ৰেণীৰ মধ‍্যৱৰ্তী অৱস্থাৰ কথা সোঁৱৰাই দিয়ে । যেনে ― গুটি লগা ঢেকীয়া আৰু আৰ্কিওপটেৰিক্স ।

প্ৰশ্ন ৪। ডাৰউইনৰ প্ৰকৃতি বৰণ বা ডাৰউইন তত্ত্ব আলোচনা কৰা । 

উত্তৰঃ চালৰ্চ ডাৰউইনে আৱিষ্কাৰ কৰা প্ৰাকৃতিক মতবাদকেই ডাৰউইনিজম্ বা ডাৰউইন তত্ত্ব বুলি কোৱা হয় । ১৮৫২ চনত তেওঁ বিখ্যাত ‘প্ৰজাতিৰ উৎপত্তি’ (Origin of pecies) প্ৰকাশ কৰে । ইয়াত তেওঁ ‘প্ৰাকৃতিক নিৰ্বাচন মতবাদ’ সুস্পষ্টভাৱে দাঙি ধৰে । এই মতবাদৰ মূল নীতিকেইটা হ’ল ― 

(ক) জীৱন – সংগ্ৰাম ।

(খ) সজ্জনৰ উদ্ধাৰ বা প্ৰাকৃতিক নিৰ্বাচন । আৰু

(গ) ন – প্ৰজাতিৰ উৎপত্তি ।

(ক) জীৱন – সংগ্ৰাম :- প্ৰতিকূল পৰিৱেশ আৰু বাসস্থান বিচাৰি জীৱৰ মাজত প্ৰতিদ্বন্দ্বিতা চলিব লাগিছে । ইয়াৰ ফলত বহুতো প্ৰাণীয়েই মৃত্যুবৰণ কৰিবলগীয়াত পৰিছে । এই জীৱন সংগ্ৰামক আকৌ তিনিটা উপভাগত ভাগ কৰিব পাৰি ― অন্তঃপ্ৰজাতি সংগ্ৰাম আৰু পৰিৱেশ সংগ্ৰাম ।

(খ) শসজ্জনৰ উদ্ধাৰ বা প্ৰাকৃতিক নিৰ্বাচন :- জীৱন সংগ্ৰামত যিবিলাক প্ৰসস্ত বৈচিত্ৰ‍্য আহৰণ কৰিব পাৰে সেইবোৰে উৎকৃষ্টভাৱে জীয়াই থাকি বংশবিস্তাৰ কৰে । হাবাৰ্ট স্পেন্সাৰৰ মতে ই হ’ল সজ্জনৰ উদ্ধাৰ । কিন্তু ডাৰউইনে ইয়াক প্ৰাকৃতিক নিৰ্বাচন বুলি কৈছিল । এনেকুৱা প্ৰাকৃতিক নিৰ্বাচনত যিবিলাকৰ ক্ষেত্ৰত বৈচিত্ৰ্য দেখা যায় , সেইবোৰে জীয়াই থাকিব বা বংশবৃদ্ধি কৰিব পাৰে । যিবোৰে লক্ষণৰ বৈচিত্ৰ্যতা আনিব নোৱাৰে , সেইবোৰ ধ্বংসপ্ৰাপ্ত হয় । গতিকে সজ্জনৰ উদ্ধাৰে যথেষ্ট নহয়; জীৱবোৰে পৰিৱৰ্তিত প্ৰকৃতিৰ লগত খাপ খুৱাব পৰা উচিত । 

(গ) ন – প্ৰজাতিৰ উৎপত্তি :- পৰস্তজীৱীৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খুৱাই চলিবলৈ কৰা অভিযোজনৰ ফলত নতুন গঠন আনকি নতুন স্বভাৱ হোৱা দেখা যায় , এই চৰিত্ৰবোৰ যেতিয়া বংশানুক্ৰমে সতি – সন্ততিৰ গালৈ যায় ফলস্বৰূপে কেইটামান চামৰ পাছত সম্পূৰ্ণ নতুন প্ৰজাতিৰ এটাৰ আগৰ প্ৰজাতিৰ পৰা উৎপত্তি হয় ।

প্ৰশ্ন ৫। ডাৰউইনৰ সাধাৰণ পূৰ্ব পুৰুষ আৰু অনুকূলন প্ৰসাৰণ সম্পৰ্কে লিখা ।

উত্তৰঃ জীৱৰ বিৱৰ্তন সম্পৰ্কে ডাৰৱিনৰ মতবাদৰ গুৰিতে যি কথা আছে সেইটো হ’ল ― আজি পৃথিৱীত যি বিভিন্ন ধৰণৰ জীৱ দেখিবলৈ পোৱা যায় তাৰ সকলোবিলাক কিছুমান আদি পুৰুষৰ পৰা উদ্ভৱ হৈছে । বিভিন্ন সময়ত।পৰিৱেশৰ লগত খাপ খুৱাবলৈ জীৱ সম্প্ৰদায়ে যি সংগ্ৰাম কৰিবলগীয়া হয় তাৰ ফলত জীৱসমূহৰ মাজত বিভিন্ন পৰিৱৰ্তনে দেখা দিয়ে । এনে পৰিৱৰ্তনসমূহ ইমান ধীৰ গতিত হয় যে হাজাৰ হাজাৰ বছৰ ধৰি চলা সূক্ষ্ম পৰিৱৰ্তন সমূহ লগ লাগিহে শেষত পৰিৱৰ্তন চকুত পৰা হয় । 

এটা জাতৰ আদি পুৰুষৰ পৰা বিভিন্ন পৰিৱেশত বিভিন্ন আকৃতিৰ , বিভিন্ন স্বভাৱৰ জীৱৰ সৃষ্টি হ’ব পাৰে । তেনে প্ৰত‍্যেক জীৱ আদি পুৰুষৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ নতুন প্ৰজাতিৰ জন্ম দিয়ে । নতুন পৰিৱেশত উপস্থিত হোৱা কোনো জীৱৰ বংশধৰবিলাকৰ সকলোবোৰে পৰিৱেশৰ লগত খাপ খাব নোৱাৰে । পৰিৱেশে এনেবিলাককে বাছি লয় যিবিলাকৰ জিন – জোটকে পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাবলৈ নিজকে অধিক সক্ষম কৰি তোলে । বাকী জীৱ ব‍্যক্তিসমূহ বিলুপ্ত হৈ যায় । নতুন পৰিৱেশত খাপ খাই লব পৰা জীৱগোষ্ঠী যদি যৌন প্ৰজননৰ ক্ষেত্ৰত মূল জীৱগোষ্ঠীৰ পৰা বিচ্ছিন্ন হৈ পৰে , তেতিয়া নতুন পৰিৱেশত গঢ় লৈ উঠা জনসমষ্টিৰ মাজতহে প্ৰজনন কৰে । এনেধৰণৰ নতুন গোষ্ঠী মূল গোষ্ঠীৰ পৰা ক্ৰমশঃ বিচ্ছিন্ন আৰু পৰিৱৰ্তিত হৈ শেষত যেতিয়া নিজৰ মাজত প্ৰজনন কৰিবলৈ সক্ষম হয় , তেতিয়া মূল প্ৰজাতিৰ পৰা পৃথক এক প্ৰজাতিৰ সৃষ্টি কৰে । এই নতুন প্ৰজাতিৰ কোনো কোনো জীৱ ব‍্যক্তিয়ে যদি অন‍্য স্থানলৈ প্ৰব্ৰজন কৰে আৰু যদি পৰিৱেশ আগতকৈ ভিন্ন হয় তেতিয়া সেই ভিন্ন পৰিৱেশত লগত নিজকে খাপ খুৱাবলৈ যত্নপৰ হয় । 

নতুন পৰিবেশত নিজকে খাপ খুৱাবলৈ কৰা চেষ্টাৰ ফলত যিবিলাকৰ দৈহিক , শৰীৰবিদ‍্যা সম্পৰ্কীয় আৰু বংশগতি সম্পৰ্কীয় ৰূপান্তৰ ঘটে সেইবিলাকে পৰিণতিত নতুন প্ৰকাৰৰ জন্ম দিয়ে । এনেকৈ ক্ৰমে এটা প্ৰজাতিৰ জীৱই বিভিন্ন স্থানত গৈ নতুন নতুন প্ৰজাতিৰ সৃষ্টি কৰে ‌। ইয়াকে অনুকূলীয় প্ৰসাৰণ বোলা হয় । এনে নতুন প্ৰজাতি যদি আকৌ কোনো নতুন পৰিৱেশলৈ প্ৰব্ৰজন কৰে তেতিয়া তাৰ ব‍্যক্তিসমূহৰ মাজত ধীৰে ধীৰে পৰিৱৰ্তন আহে । পৰিৱৰ্তনসমূহ গোট খাই নতুন প্ৰজাতিৰ সৃষ্টি হয় । এনেকৈ এটা প্ৰজাতিৰ জীৱৰ পৰা অসংখ্য নতুন নতুন প্ৰজাতিৰ সৃষ্টি হয় ।

প্ৰশ্ন ৬। হাৰ্ডি ওয়েনবাৰ্গৰ নীতি আলোচনা কৰা কেতিয়া সন্তলতা বিঘ্নিত হয় ? 

উত্তৰঃ হাৰ্ডি – ৱেইনবাৰ্গ সূত্ৰটোৱে কৈছে যে এটা জীৱগোষ্ঠীৰ এলিলৰ পৰিমাণ পুৰুষ ধৰি স্থিৰ আৰু ধ্ৰুৱক । এটা ডিপ্লইডত p আৰু q এ এলিল A আৰু এলিল a ৰ পৰিমান বুজায় । জীৱগোষ্ঠী এটাৰ AA ৰ পৰিমাণ হৈছে p² । একেদৰে aa আৰু q² । সেয়ে , Aa । একেদৰে , 3 টা এলিলৰ কাৰণ এইটো trinomial expansion হ’ব । জিন প্ৰব্ৰজন বা জিন প্ৰবাহ , জিনীয় বিচ‍্যুতি , উৎপৰিৱৰ্তন , জিনীয় পুনৰ সংযোজন আৰু প্ৰাকৃতিক নিৰ্বাচন ― এই পাঁচটা কাৰকে হাৰ্ডি – উইনৰ্বা সাম‍্য অৱস্থাক প্ৰভাৱিত কৰে । 

প্ৰশ্ন ৭। উদাহৰণ সহ ব‍্যাখ‍্যা কৰা “নৃতত্বীয় ক্ৰিয়া প্ৰজাতি এটাৰ ক্ৰমবিকাশৰ কাৰণ হয় ।”

উত্তৰঃ ক্ৰমবিকাশৰ দ্বাৰা বিভিন্ন পৰিৱেশত সৈতে খাপ খাব পৰা বিভিন্ন আচৰণৰ আৰু বিভিন্ন প্ৰজনন গুণ বিশিষ্ট জীৱসমূহ একেটা জীৱৰ পৰাই উৎপত্তি হয় ।এই কাৰণেই জীৱবোৰে সমসংস্থ আৰু সমবৃত্তিক আচৰণ দেখুৱাই । এই অংশসমূহৰ দ্বাৰাই পূৰ্বজীৱসমূহৰ মাজৰ সম্পূৰ্ক স্পষ্ট কৰিব পাৰো । 

উদাহৰণস্বৰূপে গোলাপাগোছ দ্বীপপুঞ্জত পোৱা বিভিন্ন প্ৰকাৰৰ ফিন্স চৰাইবোৰৰ পৰাই।ডাৰউইনে মন্তব্য কৰিছিল এইবোৰ একেটা প্ৰজাতিৰ পৰাই আহিছে , মাথোন পৰিবেশ , খাদ্য , আচৰণ অনুযায়ী সামান‍্য পৰিৱৰ্তন ঘটিছে । সেয়েহে ইয়াক এনথ্ৰ’প’জেনিক প্ৰক্ৰিয়া বুলি কোৱা হয় । 

প্ৰশ্ন ৮। কৃত্ৰিম নিৰ্বাচন কি ? কৃত্ৰিম নিৰ্বাচন প্ৰক্ৰিয়াই প্ৰাকৃতিক নিৰ্বাচনত প্ৰভাৱ পেলাইনে ? 

উত্তৰঃ মানুহে নিজৰ সুবিধাৰ কাৰণে উন্নত জাতৰ বা অনুবংশীয় গুণ বিশিষ্ট জীৱসমূহক পৃথকীকৰণ কৰা প্ৰক্ৰিয়াকে কৃত্ৰিম নিৰ্বাচন বোলে । ইয়াক সেয়ে মানৱসৃষ্ট নিৰ্বাচন বুলিও কোৱা হয় ।কৃত্ৰিম নিৰ্বাচনে কিদৰে প্ৰাকৃতিক নিৰ্বাচনত প্ৰভাৱ পেলায় তাক তলৰ তথ‍্যৰ পৰাই বুজিব পাৰো ― 

(ক) মানুহে তেওঁলোকক আৱশ‍্যক হোৱা গুণৰ জীৱসমূহকহে নিৰ্বাচন কৰে যিটো হয়তো প্ৰাকৃতিক ভাৱে নিৰ্বাচন নহ’লেহেঁতেন । 

(খ) কৃত্ৰিম নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিতজীৱবোৰে বংশবৃদ্ধি কৰাৰ ফলত প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত জীৱবোৰে বংশ বৃদ্ধি কৰিব নোৱাৰা হৈছে ।

(গ) কৃত্ৰিম প্ৰক্ৰিয়া মানুহে কৰে য’ত প্ৰাকৃতিক নিৰ্বাচনৰ কোনো ভূমিকা নাথাকে । উদাহৰণস্বৰূপে মানুহে বেছি গাখীৰ উৎপাদনৰ কাৰণে উচ্চ উৎপাদনক্ষম গাই গৰুক নিৰ্বাচন কৰে । এই নিৰ্বাচন প্ৰক্ৰিয়াৰ কাৰণে সৰু পোৱালীৰ পৰা নিৰ্বাচিত কৰে । কেইবাটাও প্ৰজাতিৰ বংশলৈকে এই প্ৰক্ৰিয়া চলি থাকে য’ত প্ৰাকৃতিক নিৰ্বাচনৰ কোনো ভূমিকাই দেখা পোৱা নাযায় ।

প্ৰশ্ন ৯। ‘স্তন‍্যপায়ী আৰু পক্ষী সৰীসৃপৰ পৰা বিকশিত হৈছে ।” এই উক্তিটোৰ যুক্তিযুক্ততা ভ্ৰূণীয় সাক্ষ‍্যৰ তুলনামূলক অধ‍্যয়নৰ দ্বাৰা কিদৰে প্ৰতিস্থিত কৰিব পাৰি ।

উত্তৰঃ ভ্ৰূণবিজ্ঞানৰ সাক্ষৰ পৰা দেখা যায় যে পক্ষী আৰু স্তন‍্যপায়ী প্ৰাণীসমূহ সৰীসৃপৰ পৰা উৎপত্তি হৈছে । যেনে ― 

(ক) ভ্ৰূণৰ বিকাশ প্ৰক্ৰিয়া স্তন‍্য পায়ী আৰু পক্ষীৰ দেহত যিদৰে দেখা যায় একেদৰে সৰীসৃপৰ ক্ষেত্ৰতো দেখা যায় ।

(খ) সৰীসৃপৰ নিচিনাকৈ পক্ষী আৰু স্তন‍্যপায়ী প্ৰাণীৰ ভ্ৰূণৰ বিকাশত বিভেদন , মৰুলা , ব্লাষ্টুলা আৰু গেষ্ট্ৰলা প্ৰক্ৰিয়া সংঘটিত হয় আৰু শেষত ত্ৰিস্তৰীয় ভ্ৰূণৰ সৃষ্টি কৰে । 

(গ) সকলোৰে একে ধৰণৰ পৃষ্ঠদণ্ড , নেজ , চকু , আৰু কৰ্ণৰ বিকাশ প্ৰক্ৰিয়া ।

(ঘ) ভ্ৰূণ অৱস্থাত পক্ষী সৰীস্বৃপৰ একেবাৰে নিকটৱৰ্তী ।

(ঙ) হ্ৰদযন্ত্ৰৰ বিকাশ প্ৰক্ৰিয়াত স্পষ্টয়ে সৰীসৃপৰ হৃদযন্ত্ৰ ত্ৰিকোষ্টীয় আনহাতে পক্ষী আৰু স্তন্যপায়ী চতুকোষ্ঠীয় ।

(চ) পক্ষীক ৰূপান্তৰিত সৰীসৃপ বুলি কোৱা হয় কাৰণ পক্ষীদেহত সৰীসৃপৰ বহুতো গুণ দেখা যায় কাৰণে ।

(ছ) অৰ্কিঅ’পটূৰিক্স নামৰ জীৱবিধে পক্ষী আৰু সৰীসৃপৰ সম্বন্ধ আৰু ডাকবিল প্লেটীপাছ স্তন‍্যপায়ী আৰু সৰীসৃপৰ সম্পৰ্কক স্পষ্ট কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top