Class 12 Biology Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ

Class 12 Biology Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ and select needs one.

Class 12 Biology Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। মানুহৰ হিম’ফিলিয়া ৰোগৰ বংশগতি আলোচনা কৰা ।

উত্তৰঃ হিম’ফিলিয়া ৰোগত মানুহৰ ৰক্ত নলীকাৰ ক্ষতস্থানত তেজৰ চেকুৰা মৰা গুণটো নোহোৱা হয় । এনে হ’লে সাধাৰণ কটা ঘাৰ পৰা ওলোৱা তেজো বন্ধ নহয় । ফলত ৰোগী ৰক্তক্ষয় হৈ মৃত্যুৰ মুখত পৰে । মানুহৰ ক্ৰম’জমত থকা এটা পৰাহত জিনৰ কাৰণে হিমফিলিয়া ৰোগ হয় বুলি জনা যায় । ঊনৈছ আৰু বিছ শতিকাৰ আগভাগত ইউৰোপৰ ৰাজ পৰিয়ালবোৰত এই ৰোগ ব‍্যাপকভাৱে পৰিলক্ষিত হৈছিল । সম্ভৱতঃ ইংলেণ্ডৰ ৰাণী ভিক্টৰিয়াৰ X – ক্ৰম’জমত কিবা প্ৰকাৰে হিম’ফিলিয়াৰ জিন এটাই প্ৰৱেশ কৰে ।প্ৰাকৃতিক কাৰণতো এনে নতুন জিনৰ সৃষ্টি হ’ব পাৰে । ইউৰোপৰ অন্যান্য ৰাজ পৰিয়ালে ইংলেণ্ডৰ ৰাজপৰিয়ালৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ ফলত হিম’ফিলিয়া ৰোগ বিশেষকৈ স্পেইন আৰু ৰুছিয়াৰ ৰাজ – পৰিয়ালত বিয়পি পৰে । কিন্তু ইংলেণ্ডৰ সৌভাগ্য যে ৰাণী ভিক্ট’ৰিয়াৰ পুত্ৰ সপ্তম এডৱাৰ্ডে মাকৰ হিম’ফিলিয়া জিনবাহী X – ক্ৰম’জমৰ নাপালে আৰু তেওঁ বিয়া কৰোৱা ডেনমাৰ্কৰ কুঁৱৰী আলেকজেন্দ্ৰা হিম’ফিলিয়া জিনৰ পৰা সম্পূৰ্ণ মুক্ত আছিল । সেই কাৰণে ইংলেণ্ডৰ ৰাজ পৰিয়াল হিম’ফিলিয়াৰ পৰা মুক্ত হৈ থাকিল ।

হিম’ফিলিয়া ৰোগৰ কাৰক জিন ‘h’ X – ক্ৰম’জমত থকা পৰাহত জিন। ই Y – ক্ৰম’জমত নাথাকে । ইয়াৰ প্ৰভাৱী জিন ‘H’ স্বাভাৱিক জিন । ই কাটিলে তেজ গোট মৰাত সহায় কৰে ।

তালিকা :- মানুহৰ হিম’ফিলিয়া ৰোগ , হিম’ফিলিয়া ৰোগৰ বাহক আৰু হিম’ফিলিয়া ৰোগ মুক্ত পুৰুষ আৰু আৰু স্ত্ৰীৰ বিভিন্ন জনুৰূপ তলত তালিকাভুক্ত কৰা হ’ল ।

লিংগ জনুৰূপব‍্যক্তৰূপ 
পুৰুষXhYস্বাভাৱিক পুৰুষ
পুৰুষXhYহিম’ফিলিয়া ৰোগী
স্ত্ৰীXhXhস্বাভাৱিক স্ত্ৰী
স্ত্ৰীXHXhহিম’ফিলিয়া ৰোগমুক্ত (বাহক)
স্ত্ৰীXhXhহিম’ফিলিয়া ৰোগী

বিশেষ দ্ৰষ্টব‍্য :- ‘H’ জিন X – সংলগ্ন আৰু ই হিম’ফিলিয়া ৰোগৰ কাৰক নহয় ; ‘h’ জিন হিম’ফিলিয়া ৰোগৰ কাৰক জিন ।হিম’ফিলিয়া ৰোগৰ কাৰক X – সংলগ্ন পৰাহত জিন (h) ৰ বংশগতি তলত উল্লেখ কৰা উদাহৰণৰ পৰা সহজে বুজিব পাৰি ।

উদাহৰণ 1 :- হিম’ফিলিয়া ৰোগাক্ৰান্ত পুৰুষ আৰু সাধাৰণ স্ত্ৰীৰ (নিৰোগী) মাজত বৈবাহিক সম্বন্ধ হ’লে ―হিম’ফিলিয়া ৰোগাক্ৰান্ত পুৰুষে সাধাৰণ স্ত্ৰীৰ (নিৰোগী) লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিলে তেওলোকৰ পৰা সৃষ্টি হোৱা F₁ জনুৰ আটাইবোৰ সন্তানেই (জীয়েক আৰু পুতেক) হিম’ফিলিয়া ৰোগমুক্ত হয় কিন্তু জীয়েক সন্তানবোৰ হিম’ফিলিয়া ৰোগাক্ৰান্ত হয় ।

উদাহৰণ 2 :- হিম’ফিলিয়া স্ত্ৰী ৰোগী আৰু স্বাভাৱিক পুৰুষৰ (নিৰোগী) মাজত বৈবাহিক সম্বন্ধ হ’লে ― যদি হিম’ফিলিয়া স্ত্ৰী ৰোগী আৰু স্বাভাৱিক পুৰুষৰ (নিৰোগী) মাজত বৈবাহিক সম্বন্ধ হয় তেন্তে তেওঁলোকৰ পৰা সৃষ্ট F₁ জনুৰ আটাইবোৰ পুৰুষ সন্তান (পুতেক) হিম’ফিলিয়া ৰোগাক্ৰান্ত আৰু আটাইবোৰ স্ত্ৰী সন্তান (জীয়েক) ৰোগমুক্ত কিন্তু বাহক হয় । ইয়াৰ কাৰণ এয়ে হে হিম’ফিলিয়া ৰোগাক্ৰান্ত স্ত্ৰী দুয়োডাল X – ক্ৰম’জমতে হিম’ফিলিয়া ৰোগৰ কাৰক পৰাহত জিন ‘h’ থাকে । অন‍্যহাতে স্বাভাৱিক পুৰুষৰ X – ক্ৰম’জমত হিম’ফিলিয়া কাৰকৰ প্ৰভাৱী জিন ‘H’ থাকে আৰু Y – ক্ৰম’জমত এই জিনৰ কোনো এলিল নাথাকে । F₁ জনুৰ পুৰুষ আৰু স্ত্ৰীৰ মাজত সংগম ঘটিলে F₂ জনুৰ স্ত্ৰী সন্তানৰ 50 % হিম’ফিলিয়া ৰোগমুক্ত আৰু 50 % হিম’ফিলিয়া ৰোগৰ বাহক । আনহাতে পুৰুষ সন্তানৰ 50 % হিম’ফিলিয়া ৰোগমুক্ত আৰু আন 50 % হিম’ফিলিয়া ৰোগাক্ৰান্ত । 

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ২। মানুহৰ কেনেকৈ লিংগ নিৰ্ণয় হয় ? 

উত্তৰঃ মানুহৰ লিংগ নিৰ্ণয় কৰে বিশেষ ক্ৰম’জমে । এই ক্ৰম’জমে X – ক্ৰম’জম আৰু Y – ক্ৰম’জম বোলে । মানুহৰ লিংগ XX – XY প্ৰকাৰ লিংগ নিৰূপন পদ্ধতিৰে হয় , যিটো সম জননকোষীয় স্ত্ৰী আৰু বিষম জননকোষীয় পুৰুষ লিংগ নিৰূপন পদ্ধতিৰ অন্তৰ্গত । এই পদ্ধতি অনুসৰি মাইকী মানুহবোৰ সম জননকোষীয় । কাৰণ , দ্বিগুণীয়া অৱস্থাত ইহঁতৰ কোষবোৰত 44 ডাল দৈহিক ক্ৰম’জম (A) ৰ লগত দুডাল X – ক্ৰম’জম থাকে , সেয়েহে সিহঁতে সৃষ্টি কৰা 100 % ডিম্বাণু দৈহিক ক্ৰম’জমৰ এগুণীয়া সংখ্যাৰ 22 ডাল আৰু এডাল X – ক্ৰম’জমযুক্ত ।

অন‍্যহাতে , পুৰুষ মানুহৰ কোষৰ দ্বিগুণীয়া অৱস্থাত 44 ডাল দৈহিক ক্ৰম’জমৰ (A) লগত X আৰু Y দুডাল ভিন্ন প্ৰকাৰৰ লিংগ ক্ৰম’জম থাকে । জননকোষ উৎপাদনৰ সময়ত ইহঁতে দুই প্ৰকাৰৰ শুক্ৰাণু ― 50% 22 ডাল দৈহিক ক্ৰম’জম আৰু এডাল X – ক্ৰম’জমযুক্ত আৰু 50% শুক্ৰাণু 22 ডাল দৈহিক ক্ৰম’জম লগত এডাল Y – ক্ৰম’জমযুক্ত X ক্ৰম’জমযুক্ত ডিম্বাণু আৰু X – ক্ৰম’জমযুক্ত শুক্ৰাণুৰ মাজত নিষেচন হ’লে যোজনকোষত 44 ডাল দৈহিক ক্ৰম’জমৰ লগত দুডাল X – ক্ৰম’জম লগ লাগে আৰু এনে যোজন কোষৰ পৰা মানুহৰ স্ত্ৰী ব‍্যক্তিৰ সৃষ্টি হয় । X – ক্ৰম’জমযুক্ত ডিম্বাণু Y – ক্ৰম’জমযুক্ত শুক্ৰাণুৰ দ্বাৰা নিষেচিত হ’লে তাৰ পৰা সৃষ্টি হোৱা যোজন কোষত 44 ডাল দৈহিক ক্ৰম’জমৰ লগত X আৰু Y লিংগ ক্ৰম’জম দুডাল লগ লাগে আৰু এনে যোজন কোষৰ পৰা পুৰুষ ব‍্যক্তিৰ সৃষ্টি হয় । 

তলত মানুহৰ XX – XY লিংগ নিৰূপণ পদ্ধতি দেখুওৱা হ’ল ।

XX – XY প্ৰকাৰ লিংগ নিৰূপণ পদ্ধতিৰ দ্বাৰা মানুহৰ লিংগ নিৰূপণ ।

প্ৰশ্ন ৩। ক্লাইনফেল্টাৰ লক্ষণ আৰু টাৰ্নাৰ লক্ষণৰ মাজত পাথৰ্ক‍্য কেনেকৈ কৰিবা ?

উত্তৰঃ ক্লাইনফেল্টাৰৰ লক্ষণ বা চিন্দ্ৰম : এই লক্ষণ থকা লোকৰ যৌন ক্ৰম’জম স্বাভাৱিক XY ৰ পৰিৱৰ্তে XXY থাকে । এনে ৰোগীৰ সম্পূৰ্ণ ক্ৰম’জমৰ থূপটোক 47 , XXY – ৰেও প্ৰকাশ কৰা যায় । এনে লোকক পুৰুষ বুলি ধৰা হয় যদিও পুৰুষ জননাংগ বৰ্ধন নহয় , গাৰ নোম তাকৰীয়া হয় আৰু কিছু পৰিমাণে স্তন গঠিত গাইনেক’মেষ্টিয়া ― gynaecomastia হয় ।ইয়াৰ উপৰিও লোকজন মানসিক ভাৱে বাধাগ্ৰস্ত হয় । আনফালে , টাৰ্নাৰৰ লক্ষণ বা টাৰ্নাৰৰ ছিন্দ্ৰম ।

(Turner’s Syndrome 44A + XO) :- স্ত্ৰী – লোকৰ যৌন ক্ৰম’জমত এটা মাত্ৰ X ক্ৰম’জম থাকিলে (যৌন ক্ৰম’জম = XO) তেওঁৰ গঢ়ত পুৰুষৰ লক্ষণ দেখা যায় । কান্ধ বহল আৰু নিতম্ব ঠেক হয় ; গাৰ নোম দীঘল হয় আৰু স্তৰ গঠন নহয় । অণ্ডাশয় বৰ্ধন নহয় কাৰণে সন্তান জন্ম দিব নোৱাৰে । এই ৰোগ জিনীয় সংকেত 45 , XO ৰেও প্ৰকাশ কৰা হয় ।

প্ৰশ্ন ৪। মেণ্ডেলৰ পৰীক্ষা সম্পৰ্কে বৰ্ণনা কৰা ।

উত্তৰঃ বংশগতি সম্পৰ্কে মেণ্ডেলৰ সূত্ৰ তিনিটা তলত উল্লেখ কৰা হ’ল― 

(ক) প্ৰভাৱী আৰু অপ্ৰভাৱী সূত্ৰ :- দুটা পৰস্পৰ বিপৰীত লক্ষণযুক্ত (যেনে― ওখ – চাপৰ) দুটা জীৱৰ মাজত সংকৰণ ঘটালে জনুত পিতৃজনুৰ (P) দুটা লক্ষণৰ কেৱল এটাহে প্ৰকাশ পায় । প্ৰকাশ পোৱা লক্ষণটোক প্ৰভাৱী (Dominant) আৰু প্ৰকাশ নোপোৱা বা সুপ্ত অৱস্থাত থকা লক্ষণটোক অপ্ৰভাৱী বা পৰাহত ( Recessive) লক্ষণ বোলে ।

(খ) অন্তৰণ সূত্ৰ বা পৃথকীকৰণ সূত্ৰ বা জননকোষৰ বিশুদ্ধতা সূত্ৰ :- কোনো জীৱৰ সংকৰণ পৰীক্ষাৰ জনুত প্ৰভাৱী কাৰকৰ উপস্থিতিত অপ্ৰভাৱী কাৰকে লক্ষণ প্ৰকাশ কৰিব নোৱাৰে যদিও কাৰকটো জনুৰ অপত‍্যৰ দেহ কোষত অন‍্য কাৰকৰ লগত মিশ্ৰণ নোহোৱাকৈ আজীৱন থাকি যায় আৰু জনুৰ জননকোষ সৃষ্টিৰ সময়ত প্ৰভাৱী আৰু অপ্ৰভাৱী কাৰকসমূহৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ এটাই আনটোৰ পৰা পৃথক হৈ ওলাই আহে । এই সূত্ৰক জননকোষৰ বিশুদ্ধতা (Purity of gamet) সূত্ৰ বুলিও জনা যায় ।

(গ) স্বতন্ত্ৰ বিন‍্যাস সূত্ৰ :- এই সূত্ৰ অনুসৰি , দুযোৰ বা ততোধিক বিপৰীত ধৰ্মী লক্ষণ – বিশিষ্ট‍্য জীৱৰ মাজত সংকৰণ ঘটালে জনুত প্ৰজনকৰ লক্ষণবোৰৰ কাৰকসমূহ একেলগে থাকে যদিও জননকোষ সৃষ্টিৰ সময়ত ইহঁতে পৰস্পৰে পৰস্পৰৰ পৰা পৃথক হৈ স্বাধীনভাৱে যিকোনো বিপৰীত লক্ষণৰ কাৰকৰ লগত সম্ভৱ‍্য সকলো প্ৰকাৰে জননকোষলৈ সঞ্চাৰিত হয় । প্ৰজনকৰ বিভিন্ন লক্ষণৰ প্ৰতিযোৰ কাৰক স্বতন্ত্ৰভাৱে অন্তৰিত হয় , এযোৰ কাৰকে আনযোৰ কাৰকৰ অন্তৰণ প্ৰভাৱিত নকৰে । 

প্ৰশ্ন ৫। ক্ৰম’জম বিসংগতি সম্পৰ্কে এটি বৰ্ণনা দিয়া ।

উত্তৰঃ এডাল নাইবা অধিক ক্ৰম’জমৰ লোপ পোৱা নাইবা মাত্ৰাধিক হোৱা নাইবা অস্বাভাৱিক  সাজোন / বিন‍্যাসৰ ফলত ক্ৰম’জমীয় বিসংগতিৰে সৃষ্টি হয় । 

ডাউনৰ চিন্দ্ৰম :- এই জিনীয় বিসংগতিৰ কাৰণ হ’ল এডাল অতিৰিক্ত ক্ৰম’জম 21 নং উপস্থিত (ত্ৰিসমসূত্ৰী 21 – Trisomy of 21) । এই বিসংগতিটো পোন প্ৰথমতে লেঙ্ ডন ডাউন (Langdon Down) এ 1866 ত আৱিষ্কাৰ কৰিছিল । আক্ৰান্ত মানুহজন ঘূৰণীয়া মূৰ , কটা জিভা আৰু আংশিকভাৱে খোলা মুখেৰে সৈতে চুটি চাপৰ হয় । বিশেষ ধৰণৰ কুঞ্চন ভাঁজৰ সৈতে হাতৰ তলুৱা বহল হয় , শাৰীৰিক মনোপ্ৰেৰক আৰু মানসিক বিকাশ মন্থৰ হয় ।

ক্লাইনফেলটাৰৰ চিন্দ্ৰম :- এইবিধ জিনীয় বিংসগতিৰ উদ্ভিৱ হয় এডাল অতিৰিক্ত X ক্ৰম’জম থকাৰ ফলত আৰু ফলত ক্ৰম’জমীয় বিন‍্যাস 47, XXY কেৰিঅ’টাইপ সৃষ্টি হয় । এনে ধৰণৰ ব‍্যক্তিৰ সাধাৰণভাৱে পুৰুষ চৰিত্ৰৰ বিকাশ হয় , কিন্তু স্ত্ৰী চৰিত্ৰ বিকাশো (স্তনৰ বিকাশ যেনে , গাইনেক’মেষ্টিয়া ― Gynaecomastia) প্ৰকাশিত হয় এনেবোৰ ব‍্যক্তি বন্ধ‍্যা হয় । 

টাৰ্নাৰৰ চিন্দ্ৰম :- এনে ধৰণৰ বিসংগতি এডাল X ক্ৰম’জম কম হোৱাৰ ফলত উদ্ভৱ হয় , যেনে XO ৰ সৈতে 45 । এই স্ত্ৰী মানুহবোৰ বন্ধ‍্যা হয়; কাৰণ আন গৌণ জনন বৈশিষ্ট্যসমূহ নথকাকে ধৰি আন চৰিত্ৰসমূহৰ ওপৰিও ইহঁতৰ ডিম্বাশয় অৰ্দ্ধবিকশিত । 

প্ৰশ্ন ৬। ফেনাইলকেট’নিউৰীয়া সম্পৰ্কে টোকা লিখা ।

উত্তৰঃ এই ৰোগ দৈহিক ক্ৰম’জমত থকা অপ্ৰভাৱী জিনৰ পৰা সঞ্চাৰিত হয় । এনে ৰোগীৰ শৰীত ফিনাইল এলানিন হাইড্ৰক্সিলেজ নামৰ এনযাইমৰ অনুপস্থিতিৰ বাবে ৰোগীৰ তেজত ফিনাইল এলানিন্ যথেষ্ট পৰিমাণে পোৱা যায় । ফিনাইল এলানিন পিচত ফিনাইল পাইৰুভিক এছিড আৰু অন‍্যান‍্য কিছুমান পদাৰ্থলৈ ৰূপান্তৰ হয় । এইবোৰ দ্ৰব‍্য মস্তিষ্কৰ কোষত জমা হোৱাৰ বাবে ৰোগীয়ে মানসিক মন্থৰতাত ভোগে। ফিনাই এলানিন হাইড্ৰক্সিলেজে ফিনাইল এলানিনক টাইৰ’চিনলৈ ৰূপান্তৰিত কৰে । এনে ৰোগীৰ দেহৰ স্বাভাৱিক বৰণ অতি পাতল আৰু ৰোগী শাৰীৰিক ও মানসিক দুৰ্বল হয় । 

প্ৰশ্ন ৭। বংশাৱলী বিচাৰ কাক বোলে ? কেনেকৈ এনে বিচাৰ কৰিব পাৰি পৰামৰ্শ দিয়া । 

উত্তৰঃ মেণ্ডেলৰ সূত্ৰ অনুসন্ধান কৰি বিজ্ঞানীসকলে জানিবলৈ পালে যে মটৰ মাহৰ বংশগতিৰ দৰে অন‍্যান‍্য জীৱজন্তু আৰু মানুহৰো নিৰ্দিষ্ট বংশগতিৰ ধাৰা আছে । মানুহে যৌন প্ৰজনন কৰে বাবে পিতৃ আৰু মাতৃৰ বংশগতিৰ ধাৰা সন্তানে পায় । যৌন প্ৰজননৰ যোগেদি পিতৃ আৰু মাতৃৰ বংশৰ লগত জড়িত দুৰাৰোগ্য ব‍্যাধিও সন্তানে পায় । দেখা গৈছে যে মেণ্ডেলৰ বংশগতিৰ ধাৰামতে এনে ৰোগ বংশান্তৰিত হয় । গতিকে এনে ৰোগ থকা পিতা – মাতাৰ সকলো সন্তানৰ এনে ৰোগ দেখা নিদি সুপ্ত অৱস্থাত থাকি পিছৰ কোনোবা বংশত দেখা দিব পাৰে । কিছুমান ৰোগ কন্যা সন্তানৰ যোগে আৰু কিছুমান পুত্ৰ সন্তানৰ যোগে অন্তৰিক হয়।পিতৃ – মাতৃৰ উভয়ৰ বংশত ৰোগ থকা আৰু কেৱল পিতৃ বা কেৱল মাতৃৰ বংশত ৰোগ থকাৰ মাজত বহুতো পাৰ্থক্য আছে । বিভিন্ন বংশগত ৰোগৰ বংশান্তৰিক হোৱাৰ ধাৰাও বেলেগ বেলেগ । 

আমাৰ সমাজত বিয়া দিয়াৰ পূৰ্বে বংশগত ব‍্যাধিৰ কথা বিচাৰ কৰা হয় যদিও অনেক সময়ত অনেক কথা গুপ্ত ৰখা হয় বা যথেষ্ট গুৰুত্ব দিয়া নহয় । ইয়াৰ ফলস্বৰূপে বংশগত দুৰাৰোগ্য ব‍্যাধি সমাজত দিনে দিনে বিয়পি আছে । বংশগত ৰোগ থকা পুৰুষ বা মহিলা বিবাহ বন্ধনত আৱদ্ধ হ’ব নোৱাৰা কোনো আইন বা সামাজিক প্ৰতিবন্ধকতা নথকাৰ বাবে আৰু আমাৰ সমাজ এই বিষয়ত অধিক সচেতন নোহোৱাৰ বাবে সমাজত বংশগত ৰোগীৰ দিনে দিনে সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ ফলশ্ৰুতিত পৰিয়াল আৰু সমাজে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । 

উৎকৃষ্ট বংশগত চৰিত্ৰ চাই নিয়ন্ত্ৰিত বিবাহৰ ব‍্যৱস্থা কৰাৰ আদেশ যিহেতু সমাজে বা চৰকাৰে দিব নোৱাৰে সেই হেতু তেনেদৰে সমাজৰ বা দেশৰ জনসাধাৰণৰ বংশগত উৎকৰ্ষতা আনিব পৰা নাযায় । এনে ক্ষেত্ৰত সকলো বিবাহ উপযোগী পুৰুষ আৰু মহিলা বিবাহৰ পূৰ্বে বংশগত ৰোগ সম্পৰ্কে জ্ঞাত হোৱা অতি প্ৰয়োজন । বংশাৱলী সম্পৰ্কে পৰামৰ্শদাতা সকলে বিবাহ উপযোগী পুৰুষ আৰু মহিলাৰ বংশাৱলী অধ‍্যয়ন কৰি বিবাহৰ পিছত জন্ম হ’ব পৰা সন্তানে কোনো দুৰাৰোগ্য বংশগত ৰোগ বহন কৰিব নে নকৰে সেই সম্পৰ্কে ধাৰণা দিব পাৰে । ভৱিষ্যতে বংশগত ৰোগৰ পৰা অশান্তি হোৱাৰ আশংকা থাকিলে এনে সন্তান জন্ম দিয়া উচিত নহয় । ইয়াৰ ফলত যে কেৱল পাৰিবাৰিক অশান্তিয়ে ভঙ্গ হয় এনে সন্তানে সমাজৰ দায়বদ্ধতাও আনি দিয়ে ।

প্ৰশ্ন ৮। দৈহিক ক্ৰম’জমৰ বিজুতিৰ ফলত দেখা দিয়া যিকোনো বংশগতি ৰোগৰ নাম আৰু তাৰ লক্ষণ লিখা ।

উত্তৰঃ দৈহিক ক্ৰম’জমৰ জিনৰ বিজুতিৰ ফলত উৎপন্ন ৰোগ ― 

(ক) ফিনাইলকিট’নুৰিয়া :- এই ৰোগ দৈহিক ক্ৰম’জমত থকা অপ্ৰভাৱী জিনৰ পৰা সঞ্চাৰিত হয় । এনে ৰোগীৰ শৰীত ফিনাইল এলানিন হাইড্ৰক্সিলেজ নামৰ এনযাইমৰ অনুপস্থিতিৰ বাবে ৰোগীৰ তেজত ফিনাইল এলানিন্ যথেষ্ট পৰিমাণে পোৱা যায় । ফিনাইল এলানিন পিছত ফিনাইল পাইৰুভিক এছিড আৰু অন্যান্য কিছুমান পদাৰ্থলৈ ৰূপান্তৰ হয়। এইবোৰ দ্ৰব‍্য মস্তিষ্কৰ কোষত জমা হোৱাৰ বাবে ৰোগীয়ে মানসিক মন্থৰতাত ভোগে । ফিনাই এলানিন হাইড্ৰক্সিলেজে ফিনাইল এলানিনক টাইৰ’চিনলৈ ৰূপান্তৰিত কৰে । এনে ৰোগীৰ দেহৰ স্বাভাৱিক বৰণ অতি পাতল আৰু ৰোগী শাৰীৰিক ও মানসিক দুৰ্বল হয় । 

(খ) দৈহিক ক্ৰম’জমৰ সাংখ‍্যিক পৰিৱৰ্তনৰ বাবে হোৱা বংশগত ৰোগ :- মিঅ’ছিছৰ দ্বাৰা প্ৰজনন কোষ সৃষ্টি হোৱাৰ সময়ত কেতিয়াবা প্ৰত‍্যেক যোৰ সমৰূপী ক্ৰম’জম সঠিকভাৱে অন্তৰণ নোহোৱাৰ ফলত প্ৰত‍্যেক প্ৰজনন কোষত নিৰ্দিষ্ট এগুণীয়া  সংখ্যাক ক্ৰম’জম নাথাকি কোনো এটা বা দুটা ক্ৰম’জম কম বা বেছি থকা দেখা যায় । মিঅ’ছিছৰ সময়ত সমৰূপী ক্ৰম’জমৰ সঠিক অন্তৰণ নোহোৱা প্ৰক্ৰিয়াক ননডিছজাংছন বোলে । এনেদৰে এডাল বা দুডাল ক্ৰম’জমৰ কম বা বেছি হোৱাৰ বাবে স্বাভাৱিক ক্ৰম’জমৰ সংখ্যাৰ পৰিৱৰ্তন হোৱা অৱস্থাত এনিউপ্লইডি বোলা হয় । এনে হোৱাৰ ফলত যোজন কোষত আৰু পিচত সন্তানৰ সকলো দেহকোষতে ক্ৰম’জম সংখ্যাৰ তাৰতম্য হয়।তেনে অৱস্থাত সেই লোকৰ নানা অস্বাভাৱিক উপসৰ্গই দেখা দিয়ে। এনে এটি উপসৰ্গ বা আনুবংশিক ৰোগ তলত উল্লেখ কৰা হয় ।

(গ) ট্ৰাইছ’মি ― 21 বা ডাউনৰ লক্ষণ বা ডাউনৰ চিন্দ্ৰম :- এই লক্ষণৰ লোক 21 – তম ক্ৰম’জম তিনিডাল পোৱা যায় । এই অৱস্থাক ‘ 21 – ক্ৰম’জমৰ ত্ৰয়ী ‘ বা ট্ৰাইছ’মি 21 বোলা হয় । এই লক্ষণক মঙ্গোলিজম এ বোলা হয় । এই ৰোগ প্ৰথমে লেংডন ডাউন নামৰ বৈজ্ঞানিকে 1866 চনত আৱিষ্কাৰ কৰিছিল ।এই বংশগত ৰোগৰ প্ৰকৃত আনুবংশিক কাৰণ হ’ল তিৰোতা মানুহৰ ডিম্বাণু জননকোষ গঠনৰ সময়ত 21 নং দৈহিক সমৰূপী ক্ৰম’জমযোৰৰ ননডিছজাংছন । 45 বছৰীয়া বা তাতোকৈ অধিক বয়সৰ তিৰোতা মানুহৰ ডিম্বাণু জনন প্ৰক্ৰিয়াত 21 দৈহিক সমৰূপী ক্ৰম’জম যোৰ সঠিকভাৱে অন্তৰণ নোহোৱাত দুই ধৰণৰ অস্বাভাৱিক ডিম্বকোষৰ সৃষ্টি এগুণীয়া ক্ৰম’জমৰ সংখ্যা 23 ডালৰ পৰিবৰ্তে এটা কোষত 24 (n + 1) ডাল ক্ৰম’জম থাকে আৰু আনটো কোষত ক্ৰম’জমৰ সংখ্যা হয় 22 (n – 1) । যদি (n+ 1) ক্ৰম’জমযুক্ত ডিম্বাণু এটা স্বাভাৱিক সংখ্যক (n) ক্ৰম’জমযুক্ত শুক্ৰাণুৰ দ্বাৰা নিষেচন হয় , তেতিয়া ইয়াৰ ফলত উদ্ভৱ হোৱা যোজন কোষৰ ক্ৰম’জমৰ সংখ্যা স্বাভাৱিক সংখ্যা 46 ৰ পৰিৱৰ্তে 47 ডাল হয়গৈ । 21 নং ক্ৰম’জমৰ তিনিডাল থকা এই অস্বাভাৱিক যোজন কোষৰ পৰা সৃষ্টি হোৱা ব‍্যক্তিৰ ক্ষেত্ৰত ডাউনৰ লক্ষণ পোৱা যায় । এই লক্ষণবোৰ হৈছে ― 

আক্ৰান্ত ব‍্যক্তিৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ বাধাপ্ৰাপ্ত হয় ; আঙুলি মূৰৰ আৰু হাতৰ তলুৱাৰ ৰেখাসমূহ অস্বাভাৱিক হয় । চকুৰ ওপৰ বাদু ওলোমা হয় (মঙ্গোলীয় জাতীৰ লোকৰ দৰে) মানসিকভাৱে অধিক বাধাপ্ৰাপ্ত আৰু লিউকিমিয়া ৰোগৰ প্ৰৱণতা অধিক হয় । ইয়াৰ উপৰিও মানুহজনৰ মূৰ সৰু হয় , বহল জিভা আৰু খোলা মুখেৰে চুটি – চাপৰ হয় ।

প্ৰশ্ন ৯। পুনেট বাকছ ব‍্যৱহাৰ কৰি স্বতন্ত্ৰ বিন‍্যাস সূত্ৰটো ব‍্যাখ‍্যা কৰা । 

উত্তৰঃ কোনো জীৱৰ দুযোৰ বা তাতোধিক বিপৰীত ধৰ্মী চৰিত্ৰৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত‍্য জনুত চৰিত্ৰবোৰ একত্ৰিত হয় যদিও পিছত জননকোষ উৎপাদনৰ সময়ত ইহঁতে পৰস্পৰ।পৰস্পৰৰ পৰা পৃথক হৈ প্ৰতিটো চৰিত্ৰক স্বাধীনভাৱে যিকোনো বিপৰীত চৰিত্ৰৰ লগত সাম্ভাব্য সকলো প্ৰকাৰে সঞ্চাৰিত হয় । দ্বি সংকৰণ জননত চৰিত্ৰবোৰে 9 : 3 : 3 : 1 অনুপাতত প্ৰকাশ পায় । 

(1)  হালধীয়া ঘূৰণীয়া : 1 , 2 , 3 , 4 , 5 , 7 , 9 , 10 , 13 = 9

(2) হালধীয়া খহতা : 6 , 8 , 14 = 3

(3) সেউজীয়া ঘূৰণীয়া : 11 , 12 , 15 = 3

(4) সেউজীয়া খহতা : 16 = 1

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top