Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন

Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন and select needs one.

Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। ভ্ৰূণ মানে কি ? দ্বিবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশৰ স্তৰ বৰ্ণনা কৰা । একবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ লগত কেনেকৈ পাৰ্থক্য কৰিবা ?

উত্তৰঃ ভ্ৰূণৰ বিকাশ :- গৰ্ভধানৰ পিছত ভ্ৰুণাণু কেনেকৈ ভ্ৰূণলৈ ৰূপান্তৰিত হয় এটি দ্বিবীজপত্ৰী ভ্ৰূণৰ উদাহৰণেৰে তলত তাৰ বৰ্ণনা দিয়া হ’ল ।

ভ্ৰূণানুটো প্ৰথমতে পথালিকৈ বিভক্ত হৈ দুটা অপত‍্য কোষত পৰিণত হয়।ওপৰৰ কোষটো ডিম্বক মূলৰ ফালে আৰু আনটো ডিম্বক ৰন্ধ্ৰৰ ফালে থাকে । ওপৰৰ কোষটোক শীৰ্ষকোষ আৰু তলৰ কোষটোক ভূমিকোষ বোলে । ভূমি কোষটো পথালিকৈ বিভক্ত হৈ এশাৰী কোষ সৃষ্টি কৰে । এনে কোষক ভ্ৰূণধৰ (Suspensor) বোলা হয় ।ভ্ৰূণধৰ মূৰৰ যিটো কোষ ডিম্বক ৰন্ধ্ৰৰ ফালে থাকে তাক হাইপ’ফাইচিচ (Hypophysis) বোলে । হাইপ’ফাইচিচ  বিভক্ত হৈ শেষত ভাবীমূলৰ (radicle) অগ্ৰভাগ বিকাশ হয় । ভাবীমূল সৃষ্টি হোৱাৰ পিছত ভ্ৰূণধৰ কাম নথকাত নষ্ট হৈ যায় ।

ভ্ৰূণাণু প্ৰথমতে বিভক্ত হৈ সৃষ্টি হোৱা শীৰ্ষ কোষটো দীঘলে আৰু পথালিকৈ বিভক্ত হৈ চাৰিটা কোষ সৃষ্টি কৰে । ইয়াক আদি ভ্ৰূণ বুলি কোৱা হয় । আদি ভ্ৰূণটো পুনৰ বিভক্ত হৈ আঠোটা কোষ সৃষ্টি কৰে । এই আঠোটা কোষৰ চাৰিটা ভ্ৰূণধৰৰ ফালে আৰু বাকী চাৰিটা বিপৰীত ফালে অৱস্থান কৰে । এই কোষকেইটা পুনৰ বিভক্ত হৈ এখন বেৰৰ নিচিনাকৈ তৰপ এটাৰ সৃষ্টি কৰে । তৰপটো আকৌ পথালিকৈ বিভক্ত হৈ চৰ্মজনন (dermatogen) বা ভৱিষ‍্যৎ গছৰ বাকলি গঠন কৰে । চৰ্মজনন ভিতৰফালে থকা আঠোটা কোষৰ ভ্ৰূণ কোষ (embryonal mass) বোলা হয় । ইয়াৰে ভ্ৰূণধৰৰ ফালে থকা কোষ চাৰিটাৰপৰা জন্মমূলৰ মূল অংশ আৰু অৱকাণ্ড(Hypocoty) আৰু বাকী চাৰিটাৰপৰা ভাবীকাণ্ড আৰু দুটা বীজপত্ৰ সৃষ্টি হয় ।এনেদৰে ভ্ৰূণকোষৰ বিভাজন হৈ ভ্ৰূণৰ বিভিন্ন অংশসমূহ সৃষ্টি হয় ।

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ২। ‘বন্ধ‍্যতা জননকোষৰ মিলনত এটি প্ৰাকৃতিক বাধা’ । ইয়াৰ যথাৰ্থতা ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ বন্ধ‍্যতা বহুকাৰণে হ’ব পাৰে । কেতিয়াবা পুংজনন কোষ আৰু কেতিয়াবা স্ত্ৰীজননকোষ অক্ষম থাকে । কেতিয়াবা অন্তঃপ্ৰজননত বাধা দিবৰ বাবে একেটা ফুলৰ পৰাগৰেণু সেই ফুলৰ গৰ্ভদণ্ডৰ সংস্পৰ্শলৈ আহিলেও অংকুৰণ নহয় । ইতৰ পৰাগযোগ হ’লে উদ্ভিদৰ বংশগতি উন্নত হয় । বীজ আৰু ফল স্বাস্থ‍্যৱান হয় । প্ৰজাতিৰ বিৱৰ্তনৰ অৰিহণা যোগায় । গতিকে উদ্ভিদত যাতে ইতৰ পৰাগযোগ হয় তাৰ বাবে উদ্ভিদে নানা কৌশল অৱলম্বন কৰে । ইয়াৰ ভিতৰত উভয় লিংগী ফুলৰ স্ববন্ধ‍্যতা কৌশল উল্লেখযোগ্য । ইয়াৰ ফলত উভয় লিংগী ফুলতো স্ব – পৰাগযোগ নহৈ ইতৰ পৰাগযোগ হয় । মন কৰিবলগীয়া যে প্ৰকৃততে কোনো জননকোষ অক্ষম নহয় । এইবিলাক পৰস্পৰৰ বাবে অক্ষম কেৱল একে জোপা ফুলৰ বাবেহে । অন‍্য ফুলৰ বাবে নহয় । এই ব‍্যৱস্থাই কেৱল এটি প্ৰকৃত বাধা হিচাপে কাম কৰে যাতে স্ব – পৰাগন নহয় ।

প্ৰশ্ন ৩। ‘পৰাগযোগ গুপ্তবীজী উদ্ভিদৰ জীৱন চক্ৰ এটি অত‍্যন্ত প্ৰয়োজনীয় পৰিঘটনা ‌।’ এই উক্তি আলোচনা কৰা আৰু চমুকৈ পৰাগযোগ ঘটোৱাৰ বাবে দায়ী বিভিন্ন কাৰণিক সমূহৰ বৰ্ণনা দিয়া ।

উত্তৰঃ (১) স্বপৰাগযোগ :- যেতিয়া এটা ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু সেই ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয় , তাক স্বপৰাগযোগ বোলে । ইয়াত পৰাগ বাহিৰ হৈ যোৱা আৰু গৰ্ভমুণ্ডৰ গ্ৰহণীয়তাৰ মাজত (Syuchrony) থকাটো প্ৰয়োজন । উদাহৰণ অনুন্মিলন (অৰ্থাৎ , ফুল কেতিয়াও মেল নাখায়) ।

(২) ইতৰ পৰাগযোগ :- কোনো ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু সেই গছৰ অন‍্য ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়, তাকে ইতৰ পৰাগযোগ বোলে । ইয়াত পৰাগযোগ বাহকৰ প্ৰয়োজন ।

(৩) জেন’গেমি :- এডাল উদ্ভিদৰ ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু ভিন্ন উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে জেন’গেমি বোলে । এইটোৱে একমাত্ৰ পৰাগযোগ য’ত পৰাগযোগৰ সময়ত জিনীয়ভাৱে বিভিন্ন পৰাগ উৎপন্ন হয় ।

(১) অজৈৱিক বাহক 

(ক) বায়ু :-

(১) বায়ু পৰাগযোগত পোহৰ আৰু আঠাযুক্তহীন পৰাগৰ প্ৰয়োজন ।

(২) সুন্দৰ ভাৱে প্ৰকাশিত পুংকেশৰ থকা উচিত ।

(৩) গৰ্ভমুণ্ড পক্ষল হয় যাতে উৰি ফুৰা পৰাগৰেণু ইয়াত সহজে লাগি ধৰে ।

(৪) গৰ্ভাশয়ত এটা ডিম্ব আৰু পুষ্পবিন‍্যাসত বহুতো ফুল । উদাহৰণ ― ঘাঁহ ।

(খ) পানী :- কেৱল ৩০ শতাংশ উদ্ভিদ , অৰ্থাৎ একবীজপত্ৰী উদ্ভিদৰ পানীৰ দ্বাৰা পৰাগযোগ ঘটে ।

(১) উদ্ভিদবোৰত পাতল পৰাগ থাকিব লাগে ।

(২) ফিটাৰ দৰে দীঘল পৰাগক পানীৰ বৈদ্যুতিক শক্তিয়ে কঢ়িয়াই নিয়ে।

(৩) পৰাগ আঠাজাতীয় আৱৰণে আবৃত হৈ থাকে ।

উদাহৰণ :- ভেলিছনেৰিয়া , হাইড্ৰলিলা , জ’ষ্টেৰা ।

(২) জৈৱিক বাহক :- পতংগ :- পতংগবোৰ সহজাত পৰাগযোগৰ বাহক ।

(১) কিছুমান বিশেষ প্ৰজাতিৰ প্ৰাণীৰ দ্বাৰা প্ৰাণীপৰাগ ফুলৰ পৰাগযোগ ঘটে যাতে পৰাগ প্ৰাণীৰ দেহত লাগি ধৰে ।

(২) পতংগপৰাগী ফুলবোৰ ডাঙৰ , ভিন্নৰঙী , সুগন্ধি যুক্ত আৰু মৌৰসেৰে পৰিপূৰ্ণ হয় ।

(৩) কিছুমান সৰু ফুল একেলগ হৈ এটা পুষ্পবিন‍্যাসৰ আকাৰ লয় ।

(৪) আকৰ্ষণীয় সুগন্ধি যুক্ত হয় ।

(৫) সৌৰস আৰু পৰাগৰেণু ।

প্ৰশ্ন ৪। গুপ্তবীজীত পুংৰেণু মাতৃকোষৰ পৰা পৰাগৰেণু সৃষ্টি হোৱালৈকে সকলো পৰিঘটনা ক্ৰম হিচাপে বৰ্ণনা কৰা ।

উত্তৰঃ গুপ্তবীজী উদ্ভিদৰ ৰেণু গঠন : গুপ্তবীজী উদ্ভিদৰ কাণ্ডৰ বিকাশ হোৱা পুষ্পমুকুলবোৰৰ কোষবিলাক বিভেদন হৈ বেতু , পাহি , পুংকেশৰ আৰু গৰ্ভকেশৰ উৎপত্তি হয় । পুংকেশৰত থকা কিছুমান কোষৰপৰা ৰেণুৰ বিকাশ হয় ।প্ৰত‍্যেকডাল পুংকেশৰত দুটা অংশ থাকে ― পুংকেশৰৰ ঠাৰিক পুংদণ্ড আৰু পুংদণ্ডৰ মূৰত থকা শকত অংশত পৰাগকোষ বোলা হয় । প্ৰত‍্যেকটো পৰাগকোষৰ দুটা খলপা থাকে । এই খলপা দুটাক একোটা সংযোজকে সংলগ্ন কৰি ৰাখে । প্ৰত‍্যেক খলপাতে আকৌ দুটাকৈ পৰাগথলী থাকে । গতিকে প্ৰত‍্যেক পৰাগকোষত চাৰিটাকৈ পৰাগথলী পোৱা যাব । পৰাগথলীবিলাকৰ ভিতৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰেণু উৎপন্ন হয় ।

চিত্ৰ – ৪ : পৰাগকোষৰ প্ৰস্থচ্ছেদত পৰাগথলী আৰু ৰেণুৰ বিকাশ 

(ক) কোমলীয়া পৰাগকোষৰ প্ৰস্থচ্ছেদ । 

(খ) চাৰিটা প্ৰপ্ৰসূতক কোষৰ বিভেদন । 

(গ) প্ৰাথমিক ৰেণুজননকোষ ।

(ঘ) পৰাগকোষৰ প্ৰস্থচ্ছেদ ।

(ঙ) পূৰ্ণাংগ পৰাগকোষৰ প্ৰস্থচ্ছেদ ।

চিত্ৰ – ৪ : পুংকেশৰ (ক – খ) বিভিন্ন অংশ

(গ) পৰাগধানী প্ৰস্থচ্ছেদত পৰাগস্থলী পুংদণ্ডৰ আগত থকা কোষবিলাকৰ বিভাজন আৰু বৃদ্ধিৰ ফলত পৰাগকোষ সৃষ্টি হয় । পৰাগকোষৰ প্ৰথমাৱস্থাত সমজাতীয় কোষ কিছুমানৰ সমষ্টি হিচাপে সৃষ্টি হয় । শেষত বিকাশ হৈ ভিতৰত চাৰিটা খলপা সৃষ্টি হয় । খলপা সৃষ্টিৰ পিছত খলপাৰ ভিতৰফালে থকা অধস্তকীয় কলাৰ কিছুমান কোষৰ আকাৰ বৃদ্ধি পায় আৰু এইবিলাকত থকা কোষ কেন্দ্ৰীয়বিলাকো দেখাত ডাঙৰ হয় । এনে কোষবিলাকক প্ৰপ্ৰসূতক (archesporium) বোলা হয় । প্ৰপ্ৰসূতক প্ৰতি খলপাৰ গুৰিৰ ফালে থকা এটা মাত্ৰ কোষৰ পৰা উৎপন্ন হয় । গতিকে প্ৰত‍্যেক পৰাগকোষত চাৰিটাকৈ প্ৰপ্ৰসূতক কোষ সৃষ্টি হ’ব পাৰে । 

প্ৰত‍্যেক প্ৰপ্ৰসূতক কোষ দুভাগত পথালিকৈ বিভক্ত হয় ― বাহিৰফালে থকা ভাগটোৰ পৰা প্ৰাথমিক বহিত্বকীয় কোষ আৰু ভিতৰফালে থকা ভাগটোৰপৰা ৰেণুজননকোষ উৎপন্ন হয় । বহিত্বকীয় কোষটো কেইবাবাৰো দীঘলীয়া আৰু পথালিকৈ বিভাজিত হৈ পৰাগথলীৰ কেইবাতৰপীয়া বহিৰাৱৰণ সৃষ্টি কৰে । একেবাৰে ভিতৰৰস্তৰটোক (বহিৰাৱৰণৰ) টেপেটাম বোলা হয় । টেপেটাম শৰীৰ বৃত্তীয়ভাৱে ৰেণু জননকোষৰ বাবে অতি প্ৰয়োজনীয় । কাৰণ ৰেণু জননকোষ আৱশ‍্যকীয় খাদ‍্যবস্তু টেপেটামৰ যোগেদি পায় ।টেপেটামৰ ভিতৰৰফালে থকা ৰেণুজনন কোষৰ পৰা পৰাগ ৰেণু (pollen grain) উৎপন্ন হয় । প্ৰত‍্যেক পৰাগৰেণুত এটা নলীকা কোষকেন্দ্ৰ আৰু এটা জননক্ষম কোষকেন্দ্ৰ (Generative nucleus) থাকে । জননক্ষম কোষকেন্দ্ৰ পৰাগনলীত বিভাজন হৈ পুংজননকোষ সৃষ্টি হয় ।

এই দৰে পৰাগ কোষৰ পৰা আৰম্ভ কৰি পৰাগথলীত ৰেণু উৎপন্ন হোৱালৈকে বিকাশৰ যি দশা চলে তাকে ৰেণু উৎপত্তি দশা বা স্পৰ’জেনেচিচ বোলা হয় । পৰাগ ৰেণু ফুলৰ গৰ্ভমুণ্ডত পৰাৰ পাছত পৰাগ ৰেণুত জনন কোষ গঠন আৰু বিকাশৰ কাম আৰম্ভ হয় ।

প্ৰশ্ন ৫। ইতৰ পৰাগযোগ কাক বোলে ? ইতৰ – পৰাগযোগৰ আটাইতকৈ সুবিধাজনক কৌশলসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ এডাল উদ্ভিদৰ ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু ভিন্ন উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে জেন’গেমি বোলে । এইটোৱে একমাত্ৰ পৰাগযোগ য’ত পৰাগযোগৰ সময়ত জিনীয়ভাৱে বিভিন্ন পৰাগ উৎপন্ন হয় ।

ইতৰ – পৰাগযোগৰ কৌশলসমূহ :- (ক) একলিঙ্গতি :- একলিঙ্গ ফুলত ইতৰ – পৰাগযোগৰ বাহিৰে অন‍্য উপায় নাই । ক্ৰমবিৱৰ্তনৰ ফালৰ পৰা একলিঙ্গ ফুল উভয়লিঙ্গ ফুলতকৈ উৎপ্ৰৰ্য্যায়ৰ । গতিকে একলিঙ্গতা প্ৰকৃতিৰ এক অনন‍্য কৌশল বুলি ক’ব পৰা যায় । 

উদাহৰণ ― লাউ , মাকৈজোৱা , অমিতাৰ ফুল ।

(খ) স্ব – বন্ধ‍্যাত্ব :- কিছুমান উভয়লিঙ্গ ফুলত স্ব – পৰাগযোগৰ কোনো নাথাকিলেও স্ব – পৰাগযোগৰ ফলত গৰ্ভাধান নহয় । তেনে ফুলত বেলেগ ফুলৰ পৰা পৰাগৰেণু আহি থিতাপি ললেহে গৰ্ভাধান হয় । 

উদাহৰণ ― চাহ – গছৰ ফুল , জুনুকালতাৰ ফুল আদি ।

(গ) অসম পৰিণতি :- সচৰাচৰ উভয়লিঙ্গ ফুলত পুংস্তৱক আৰু স্ত্ৰীস্তৱক একে সময়ত পুষ্ট নহয় । এতেকে ইতৰ – পৰাগযোগৰ বাহিৰে অন‍্য উপায় নাই । 

উদাহৰণ ― ভেণ্ডি , নাৰ্জ্জী , কপাহ ।

(ঘ) অসম গৰ্ভদণ্ডী :- কিছুমান উভয়লিঙ্গ ফুলৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ বেলেগ বেলেগ দৈৰ্ঘ্যৰ থাকে । কোনো ফুলত পুংকেশৰ চুটি আৰু গৰ্ভকেশৰ দীঘল হয় । আকৌ আন এপাহ ফুলত তাৰ ওলোটা হয় । চুটি পুংকেশৰে দীঘল গৰ্ভকেশৰৰ মূলত পৰাগযোগ কৰিব নোৱাৰে । এনে ক্ষেত্ৰত বেলেগ বেলেগ ফুলৰ মাজত সমান দৈৰ্ঘ্যৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰৰ মাজত পৰাগযোগ হয় । প্ৰিমৰাজ ফুল ইয়াৰ এটি সুন্দৰ  উদাহৰণ ।

(ঙ) স্ব – সংগমৰোধী :- কোনো কোনো উভয়লিঙ্গ ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ একে সময়ত পূৰঠ হ’লেও স্ব – পৰাগযোগ হ’ব নোৱাৰে । এইবিলাক ফুলত পূৰঠ পুংকেশৰ আৰু স্ত্ৰীকেশৰ স্ব – পৰাগযোগ হোৱাত বাধা দিবৰ বাবে পৰস্পৰৰ পৰা ভাঁজ খাই আঁতৰি আহে । আন কিছুমানত পূৰঠ গৰ্ভমুণ্ড পাহিৰ ভাঁজৰ ভিতৰত সুমাই থাকে বা গৰ্ভমুণ্ডটো চক্ৰিকা এখনে ঢাকি ৰাখে ; যাতে পতঙ্গই পৰাগৰেণু কঢ়িয়াই আনি দিব নোৱাৰিলে পৰাগযোগ হ’ব নোৱাৰে ।

উদাহৰণ ― আকন ।

প্ৰশ্ন ৬। গৰ্ভাধান কাক বোলে ? ইয়াৰ গুৰুত্ব আৰু বীজ উৎপত্তি হোৱালৈকে গৰ্ভাধানোওৰ ঘটনা সমূহ বৰ্ণনা কৰা । 

উত্তৰঃ গৰ্ভধান :- পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মিলনকে গৰ্ভধান বা নিষেচন বোলা হয় । ষ্ট্ৰাচবাৰ্জাৰ নামৰ এজন বিজ্ঞানীয় ১৮৮৪ চনত এই গৰ্ভধান প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল । 

গৰ্ভধান প্ৰণালী :- পৰাগযোগৰ পিছত গৰ্ভমুণ্ডৰ পৰা এক প্ৰকাৰৰ মিঠা ৰস নিৰ্গত হয় । এই ৰসত পৰাগ ৰেণুবোৰ অংকুৰিত হয় । প্ৰথমতে পৰাগৰেণুৰ কোষকেন্দ্ৰটো বিভক্ত হৈ দুটা কোষকেন্দ্ৰত পৰিণত হয় ― ইয়াৰে এটাক নলীকা কোষকেন্দ্ৰ আৰু আনটোক জননক্ষম কোষকেন্দ্ৰ বোলা হয় । 

এই সময়তে ৰেণু বহিত্বকখন অংকুৰণ ৰন্ধ্ৰত ফাটি যায় আৰু লগে লগে ৰেণু অন্তত্বকখন এটা নলীকা আকাৰত বাঢ়ি ওলাই আহে । নলীকাটো ক্ৰমাৎ গৰ্ভমুণ্ডইদি সোমাই গৰ্ভদণ্ডৰ মাজেদি তললৈ বাঢ়ি যায় আৰু শেষত গৰ্ভাশয়ৰ ওচৰ পায়গৈ । এই সময়ত নলীকা কোষকেন্দ্ৰ আৰু জননক্ষম কোষকেন্দ্ৰ দুয়োটাই নলীকাৰ আগত থিতাপি লয় । কিন্তু নলীকা কোষকেন্দ্ৰটো অৱশেষত মৰি যায় আৰু জননক্ষম কোষকেন্দ্ৰটো দুটা পুংজনন কোষত পৰিণত হয় । 

নলীকাটো ক্ৰমাৎ গৰ্ভাশয়ৰ দাঁতিয়েদি আগবাঢ়ি আহি ঘূৰি গৈ ডিম্বকৰন্ধ্ৰৰ মাজেৰে সোমাই ভ্ৰুণস্থলিত প্ৰবেশ কৰে । ইয়াক ডিম্বকৰন্ধ্ৰীয় গৰ্ভধান বোলা হয় । কেতিয়াবা কেতিয়াবা নলীকাটো ডিম্বক মূলৰ মাজেদি ভ্ৰূণস্থলীত প্ৰবেশ কৰে । ইয়াক ডীম্বকমূলীয়া গৰ্ভধান বোলা হয় । ইয়াৰ পাছত নলীকাটোৰ আগটো ফাটি পুংজননকোষ দুটা বাহিৰ হৈ এটা স্ত্ৰীজননকোষৰ লগত আৰু আনটো নিশ্চিত কোষকেন্দ্ৰটোৰ লগত লগ লাগে । ইয়াকেই গৰ্ভধান বোলে । গৰ্ভধানৰ পাছত ডিম্বকৰ পৰিৱৰ্তন ঘটে । নিষিক্ত স্ত্ৰীজননকোষৰ চাৰিওফালে চেলুলজৰ এখন বেৰ গঠন হয় । 

আৰু এই অৱস্থাত ইয়াক ভ্ৰূণাণু  বোলা হয় । ভ্ৰুণাণুৰ বিভাজন হৈ দুটা কোষত পৰিণত হয় । ইয়াৰে এটা কোষৰ বিকাশ হৈ ভ্ৰূণৰ আৰু কোষ ভ্ৰূণত পৰিণত হয় । নিষিক্ত নিশ্চিত কোষকেন্দ্ৰটোক ‘আদি শস‍্য কোষকেন্দ্ৰ’ বোলা হয় । আদি শস‍্য কোষকেন্দ্ৰটো বিভক্ত হৈ অসংখ‍্য মুক্ত কোষকেন্দ্ৰৰ সৃষ্টি হয় । শেষত এই মুক্ত কোষকেন্দ্ৰবোৰ কোষাৰন্ধ্ৰ হৈ এটা কলাত পৰিণত হয় । ইয়াক শস‍্য বোলা হয় । পূৰঠ হোৱাৰ পাছত কিছুমান বীজত শস‍্য নাথাকে ।

চিত্ৰ – ৪ : পৰাগকোষৰ প্ৰস্থচ্ছেদত পৰাগথলী আৰু ৰেণুৰ বিকাশ

গৰ্ভধানৰ পাছত ডিম্বকত্বক দুখন পৰিৱৰ্তিত হৈ বীজত্বক হয় । ডিম্বকৰ ঠাৰি আৰু নাভী যথাক্ৰমে বীজৰ ঠাৰি আৰু নাভীত পৰিণত হয় ।

প্ৰশ্ন ৭। অধোমুখী ডিম্বকত কিদৰে নিষেচন ঘটে এটা দীৰ্ঘচ্ছেদৰ চিত্ৰ অংকণ কৰি বিভিন্ন অংশসমূহ নিৰ্দেশ কৰা ।

উত্তৰঃ            

প্ৰশ্ন ৮। ভ্ৰূণ কি ? দ্বিবীজপত্ৰী ভ্ৰূণৰ বিকাশ প্ৰক্ৰিয়া চিত্ৰ সহ বৰ্ণনা কৰা।

উত্তৰঃ ভ্ৰূণৰ বিকাশ :- গৰ্ভধানৰ পিছত ভ্ৰুণাণু কেনেকৈ ভ্ৰূণলৈ ৰূপান্তৰিত হয় এটি দ্বিবীজপত্ৰী ভ্ৰূণৰ উদাহৰণেৰে তলত তাৰ বৰ্ণনা দিয়া হ’ল ।

ভ্ৰূণাণুটো প্ৰথমতে পথালিকৈ বিভক্ত হৈ দুটা অপত‍্য কোষত পৰিণত হয়।ওপৰৰ কোষটো ডিম্বক মূলৰ ফালে আৰু আনটো ডিম্বক ৰন্ধ্ৰৰ ফালে থাকে । ওপৰৰ কোষটোক শীৰ্ষকোষ আৰু তলৰ কোষটোক ভূমিকোষ বোলে । ভূমি কোষটো পথালিকৈ বিভক্ত হৈ এশাৰী কোষ সৃষ্টি কৰে । এনে কোষক ভ্ৰূণধৰ  বোলা হয় । 

ভ্ৰূণধৰ মূৰৰ যিটো কোষ ডিম্বক ৰন্ধ্ৰৰ ফালে থাকে তাক হাইপ’ফাইচিচ বোলে । হাইপ’ফাইচিচ বিভক্ত হৈ শেষত ভাবীমূলৰ অগ্ৰভাগ বিকাশ হয়।ভাবীমূল সৃষ্টি হোৱাৰ পিছত ভ্ৰূণধৰ কাম নথকাত নষ্ট হৈ যায় ।

ভ্ৰূণাণু প্ৰথমতে বিভক্ত হৈ সৃষ্টি হোৱা শীৰ্ষ কোষটো দীঘলে আৰু পথালিকৈ বিভক্ত হৈ চাৰিটা কোষ সৃষ্টি কৰে । ইয়াক আদি ভ্ৰূণ বুলি কোৱা হয় । আদি ভ্ৰূণটো পুনৰ বিভক্ত হৈ আঠোটা কোষ সৃষ্টি কৰে । এই আঠোটা কোষৰ চাৰিটা ভ্ৰূণধৰৰ ফালে আৰু বাকী চাৰিটা বিপৰীত ফালে অৱস্থান কৰে । এই কোষকেইটা পুনৰ বিভক্ত হৈ এখন বেৰৰ নিচিনাকৈ তৰপ এটাৰ সৃষ্টি কৰে । তৰপটো আকৌ পথালিকৈ বিভক্ত হৈ চৰ্মজনন বা ভৱিষ‍্যৎ গছৰ বাকলি গঠন হয় কৰে । চৰ্মজননৰ ভিতৰফালে থকা আঠোটা কোষক ভ্ৰূণ কোষ বোলা হয় । ইয়াৰে ভ্ৰূণধৰৰ ফালে থকা কোষ চাৰিটাৰপৰা জন্মমূলৰ মূল অংশ আৰু অৱকাণ্ড আৰু বাকী চাৰিটাৰপৰা ভাবীকাণ্ড আৰু দুটা বীজপত্ৰ সৃষ্টি হয়।এনেদৰে ভ্ৰূণকোষৰ বিভাজন হৈ ভ্ৰূণৰ বিভিন্ন অংশসমূহ সৃষ্টি হয় ।

প্ৰশ্ন ৯। তলত দিয়াবোৰ আলোচনা কৰা ―

(ক) বীজপত্ৰ বিকাশ প্ৰক্ৰিয়াৰ আগতে ভ্ৰূণৰ বিকাশ ঘটে ।

উত্তৰঃ ত্ৰিগুণীয় ভ্ৰূণপোষ কোষকেন্দ্ৰটো প্ৰথমতে আমি পিছত কেইবাবাৰো অবাধ নিউক্লীয় বিভাজনেৰে বিভক্ত হৈ অসংখ্য মুক্ত কোষকেন্দ্ৰৰ সৃষ্টি কৰে । ভ্ৰূণপোষত সঞ্চিত খাদ্য পোৱা যায় আৰু পুষ্টি কলা হিচাপে গঠনাত্মক ভ্ৰূণটোৰ কাৰণে সহায়ক হয় । সাধাৰণতে যোজন কোষটো বিভাজিত হৈ প্ৰাথমিক ভ্ৰূণপোষ কোষ গঠন কৰে । নিষেচনৰ পিছত যোজনকোষটো কেইবা ঘন্টাৰ পৰা কেইবাদিন বা সপ্তাহ পৰ্যন্ত বিশ্ৰাম অৱস্থাত থাকিব পাৰে । এইটো অৱশ‍্যে প্ৰজাতি ভেদে বেলেগ বেলেগ হ’ব পাৰে ।

উল্লেখনীয় যে একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ ক্ষেত্ৰত ভ্ৰূণ বিকাশত প্ৰাথমিক অৱস্থাত কোনো প্ৰভেদ চকুত নপৰে যদিও পৰৱৰ্তী কালছোৱাত এই পাৰ্থক্য দেখিবলৈ পাওঁ ।

(খ) সপুষ্পক উদ্ভিদত বীজৰ উৎপাদন এটা সুবিধাজনক দিশ ।

উত্তৰঃ বীজক উদ্ভিদৰ শৰীৰ বৃত্তীয় ক্ৰিয়াৰ ফল বুলিব পাৰি । বীজত গছ বা উদ্ভিদ এপোৰ ক্ষুদ্ৰ সংস্কৰণ এটা থাকে , যাক এখন আৱৰণিয়ে ঢাকি ৰাখে , ভৱিষ্যতৰ কাৰণে আৱশ‍্যক হোৱা খাদ্য সঞ্চিত ৰূপত থাকে,সামান্য পৰিমাণৰ আৰ এন এ থাকে যিয়ে কোষৰ বিপাক ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে । 

আমি সকলোৱে জানো যে বীজত বা কোষত পানীৰ পৰিমাণ কমি গ’লে কোষটো মৃত কোষলৈ পৰিৱৰ্তিন হয় । মন কৰিবলগীয়া যে ৪০ – ৭৫% শতাংশ পানী কোষলৈ মৃতবস্থা লাভ কৰে যদিও বীজত প্ৰায় ১০ – ১৫% পানী থাকিলেও সজীৱ অৱস্থাতে থাকিব পাৰে । বীজৰ সুপ্তাৱস্থাত প্ৰাণীৰ শীত নিদ্ৰাৰ দৰে কাৰ্য্য কৰে । বীজত সাধাৰণতে হঠাতে ভ্ৰূণটোৱে নিষ্ক্ৰিয় হয় আৰু সুপ্তাৱস্থা লাভ কৰে আৰু বৃদ্ধিত বাধা পায় । খাদ্য বস্তুবোৰ পৰিৱৰ্তনহীন আৰু অবাত শ্বসন ঘটাবলৈ আৰম্ভ কৰে । উচ্চ উষ্ণতা আৰু নিম্ন উষ্ণতাত বীজটো জীয়াই থাকে । অংকুৰণৰ সময়ত বীজটোৱে ৰাসায়নিক ৰোধকৰ বিৰুদ্ধে কাৰ্য্য কৰে আৰু বৃদ্ধি হৰম’ন নিঃসৰণ কৰে । এইদৰেই আমি ক’ব  পোৰো যে সপুষ্পক উদ্ভিদৰ বীজ ধাৰণ কৰাটো এটা সুবিধা ।

2 thoughts on “Class 12 Biology Chapter 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top