Class 12 Biology Chapter 14 পৰিস্থিতিতন্ত্ৰ

Class 12 Biology Chapter 14 পৰিস্থিতিতন্ত্ৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 14 পৰিস্থিতিতন্ত্ৰ and select needs one.

Class 12 Biology Chapter 14 পৰিস্থিতিতন্ত্ৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 14 পৰিস্থিতিতন্ত্ৰ Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। পুখুৰীৰ কিয় পৰিৱেশতন্ত্ৰত উৎকৃষ্ট উদাহৰণ বুলি গণ্য কৰা হয় ? পুখুৰী এটি পৰিৱেশতন্ত্ৰ হিচাপে আলোচনা কৰা ।

উত্তৰঃ পুখুৰী পৰিস্থিতিতন্ত্ৰ (Pond Ecosystem) এটা সৰু পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ । ইয়াত পানীখিনি নিশ্চল । প্ৰকৃতিত পুখুৰীবোৰ ঋতুৰ লগত জড়িত । অৰ্থাৎ বাৰিষা প্ৰচুৰ পানী থাকে । অন‍্য সময়ত কম পানী থাকে । গাঁও অঞ্চলত ইয়াৰ গুৰুত্ব বেছি । ই বিভিন্ন ধৰণৰ শেলাই , জলজ উদ্ভিদ , পৰুৱা , মাছ , চৰাই আদিৰ বাসস্থান । পুখুৰীত মানুহে বহু কাৰ্য্য সম্পাদন কৰে । ইয়াক কাপোৰ ধোঁৱা , সাঁতোৰ , গা – ধোঁৱা , গৰু , ম’হ ধুওৱা পানী খোৱা আদি কামত ব‍্যৱহাৰ কৰা হয় আৰু ফলত প্ৰদূষিত হয়।

(ক) জৈৱিক উপাদান –

(১) উৎপাদক :- শেলাই , মেটেকা , এজ’লা , ভেঁট , পানীত গজা ঘাঁহ , ভেলিচনেৰিয়া , হাইড্ৰিলা , লতা জাতীয় উদ্ভিদ ইত্যাদিয়ে সৌৰশক্তিৰ দ্বাৰা খাদ্য উৎপাদন কৰে । 

(২) প্ৰাথমিক উপভোক্তা :- বিভিন্ন ধৰণৰ পোক – পৰুৱা , সৰু মাছ , পেৰামোচিয়াম , শামুক , কেঁচু ইত্যাদিয়ে উদ্ভিদৰ পৰা খাদ‍্য আহৰণ কৰে ।

(৩) দ্বিতীয় স্তৰ উপভোক্তা :- মাছ , ভেকুলী , জোক , কেকোঁৰা , মিছামাছ ইত্যাদিয়ে প্ৰাথমিক উপভোক্তাৰ পৰা খাদ‍্য পায় । 

(৪) উচ্চস্তৰৰ উপভোক্তা :- মানুহ , চৰাই , উদ , সাপ আদিয়ে দ্বিতীয় স্তৰৰ উপভোক্তাৰ পৰা শক্তি সংগ্ৰহ কৰে । মানুহ , চৰাই আৰু উদে মাছ খায় । চৰাইয়ে জোক , সাপ , ভেকুলী ইত্যাদি খায় । 

(৫) বিয়োজক :- উৎপাদক আৰু উপভোক্তাৰ মৃত্যুৰ পিছত মাটি আৰু পানীত থকা জীৱাণুবিলাকে সেইবিলাক পচাই পেলাই খাদ্য সংগ্ৰহ কৰে । বয়োজকৰ কাৰ্য্যৰ ফলত জৈৱিক পদাৰ্থ অজৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত হৈ পৰিৱেশত মুকলি হৈ পৰে । 

(খ) অজৈৱিক উপাদান :- আন পৰিৱেশতন্ত্ৰত চলি থকাৰ নিচিনাকৈ কাৰ্বন – চক্ৰ , অক্সিজেন চক্ৰ , নাইট্ৰ’জেন চক্ৰ , ফছফ’ৰাছ চক্ৰ আদি নিয়ম মতে চলি থাকে । নাইট্ৰ’জেন , ফছফ’ৰাছ , ছালফাৰ আদি পাৰৰ পৰা বাগৰি অহা পানী আৰু মাটিৰ পৰা পোৱা হয় । পানীত উপৰিভাগত অক্সিজেন বেছিকৈ পোৱা যায় বাবে জৈৱিক প্ৰক্ৰিয়া পানীৰ তলতকৈ উপৰিভাগতহে বেছি হয় । 

এটি পৰিৱেশতন্ত্ৰত যিমানবিলাক উপাদান থাকিব লাগে তাৰ সকলোবিলাক পুখুৰীত থাকে বাবে পুখুৰীক পৰিৱেশতন্ত্ৰৰ এটি উৎকৃষ্ট উদাহৰণ বুলি গণ্য কৰা হয় । 

প্ৰশ্ন ২। বিয়োজন কি ? বিয়োজনৰ প্ৰণালী ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ বিয়োজন হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত মৃত প্ৰাণী বা উদ্ভিদৰ জটিল দৈৱ‍ অণুবোৰ বিয়োজকৰ উপস্থিতিত ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ অজৈৱ অণু যেনে CO পানী আদি উৎপন্ন কৰে । বিয়োজনত থকা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবোৰ হৈছে তলত দিয়া ধৰণৰ ― 

(ক) খণ্ডন :- বিয়োজনৰ এইটো প্ৰথম স্তৰ । ইয়াত ডেট্ৰিটাচবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ পৰিণত হয় । এই প্ৰক্ৰিয়াত ডেট্ৰিটিভৰাছবোৰ জড়িত হৈ থাকে । (যেনে – কেঁচু আদি)

(খ) নিক্ষালন :- এই প্ৰক্ৰিয়া জৰিয়তে পানীত দ্ৰবীভূত হোৱা পুষ্টিকৰ উপাদানবোৰ মাটিৰ তলত থকা তৰপলৈ যায় আৰু লৱণ হিচাপে বন্ধ হৈ পৰে ।

(গ) অপচয় :- এই প্ৰক্ৰিয়াৰ জৰিয়তে মৃত প্ৰাণী বা উদ্ভিদবোৰ বেক্টেৰিয়া বা ভেঁকুৰৰ সহায়ত ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ ৰূপান্তৰিত হয় ।

(ঘ) হিউমিফিকেছন :– এই প্ৰক্ৰিয়াৰ জৰিয়তে ডাঠ বৰণৰ কলয়ডীয় দ্ৰব্য উৎপন্ন হয় যাক হিউমাছ বোলে । এই হিউমাছে উদ্ভিদৰ বাবে পুষ্টিকৰ দ্ৰব‍্য জমা কৰি ৰাখে ।

(ঙ) খনিজীভৱন :- এই হিউমাছবোৰৰ অণুজীৱৰ উপস্থিতিত পুনৰ ভাঙোন ঘটে আৰু শেষত অজৈৱিক অণুবোৰ মাটিলৈ মুকলি কৰি দিয়ে । হিউমাছৰ পৰা অজৈৱিক অণুবোৰ মুকলি কৰি দিয়া এই প্ৰক্ৰিয়াটোক খনিজীভবন বোলে । বিয়োজনৰ ফলত ডাঠ ৰঙৰ , পুষ্টিকৰ দ্ৰব‍্যৰে পৰিপূৰ্ণ হিউমাছ উৎপন্ন হয় । শেষত হিউমাছৰ ভাঙোন ঘটি অজৈৱিক যৌগ যেনে , CO , HO , অন্য খনিজ পদাৰ্থ মাটিলৈ মুকলি হয় । 

প্ৰশ্ন ৩। পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয় ? 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ প্ৰবাহ খাদ‍্য শৃংখলৰ দ্বাৰা হয় । এই শক্তি প্ৰবাহ একমুখী প্ৰয়োজনীয় পুষ্টিবোৰ (যেনে – কাৰ্বন , নাইট্ৰ’জেন , ফছফৰাছ আদি) চক্ৰীয়ভাৱে চলে আৰু শেষত পুনৰ উৎপাদকে ব‍্যৱহাৰ কৰে । ইয়াত শক্তিৰ পুনৰ ব‍্যৱহাৰ নহয় । এই শক্তিৰ প্ৰবাহত তাপ গতিবিদ‍্যাৰ সূত্ৰসমূহ প্ৰযোজ্য ।

তাপ গতি বিদ‍্যাৰ প্ৰথম সূত্ৰ অনুসৰি সূৰ্যৰ পোহৰ সেজীয়া গছে গ্ৰহণ কৰি জৈৱ ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ হয় আৰু শেষত সেই শক্তি ভক্ষকবোৰ গ্ৰহণ কৰে । তাপ গতি বিদ‍্যাৰ দ্বিতীয়সূত্ৰ অনুসৰি খাদ্য শৃংখলৰ মাজেৰে শক্তি প্ৰৱাহিত হওঁতে ,প্ৰত‍্যেক পৌষ্টিক স্তৰতে শক্তি সিঁচৰিত হয় । শক্তিৰ ক্ষয় হয় শ্বাস – প্ৰশ্বাস , গতি কৰা , দৌৰা আদি কামৰ জৰিয়তে । 

পৰিৱেশতন্ত্ৰৰ উপাংশসমূহ প্ৰধানকৈ দুই ধৰণৰ ― 

(ক) অজৈৱিক উপাংশ (A biotic components) :- অ’ডাম (১৯৭১) ৰ মতে পৰিৱেশতন্ত্ৰৰ অজৈৱিক উপাংশ তিনি ধৰণৰ হ’ব পাৰে ― 

(১) অজৈৱ দ্ৰব্য (Inorganic materials) – যেনে – পানী CO₂ , O₂ , N , CA , P আৰু ইয়াৰ বিভিন্ন যৌগসমূহ – নাইট্ৰেট , কাৰ্বনেট ইত্যাদি।

(২) জৈৱ যৌগ (Organic compounds) – যেনে – প্ৰ’টিন , কাৰ্বহাইড্ৰেট , স্নেহ ‌।

(৩) জলবায়ুৱিক উপাংশ (Climatic factors) – যেনে – বতাহ , বৰষুণ , বায়ুমণ্ডলৰ আৰ্দ্ৰতা , উত্তাপ , পোহৰ ইত্যাদি ।

(খ) জৈৱিক উপাংশ (Biotic components)

(১) উৎপাদক (Producers) – সেউজীয়া উদ্ভিদ ।

(২) উপভোক্তা (Consumers)

প্ৰাথমিক উপভোক্তা (Primary consumers) ― তৃণভোজী প্ৰাণী , যেনে – গৰু , ম’হ , ছাগলি , ফৰিং , হৰিণা ইত্যাদি ।গৌণ উপভোক্তা (Secondary consumers) – মাংসভোজী প্ৰাণী , যেনে – বাঘ , সিংহ আদি । 

তৃতীয় শ্ৰেণীৰ উপভোক্তা (Consumers of the third order) – শগুন , বাঘ আদি । 

(৩) বিয়োজক (Decomposers) – ভেঁকুৰ , বেক্টেৰিয়া আদি অণুজীৱবোৰ । 

প্ৰশ্ন ৪। পৰিৱেশতন্ত্ৰ মানে কি বুজা ? পৰিৱেশতন্ত্ৰৰ বিভিন্ন উপাদান বৰ্ণনা কৰা ।

উত্তৰঃ পৰিৱেশতন্ত্ৰ :- পৰিৱেশতন্ত্ৰ বুলিলে এনে একোটা নিৰ্দিষ্ট পৰিৱেশক বুজায় য’ত তাত থকা জৈৱ আৰু অজৈৱ কাৰকসমূহে পৰস্পৰ এনেভাৱে ক্ৰিয়া কৰে যে তাৰ ফলত সকলো জীৱৰ জীৱন – ধাৰণৰ বাবে ই এটা যৌথ সম্পদ ৰূপে পৰিগণিত হয় যাক স্বয়ং চালিত প্ৰণালী বোলা হয় ।

পৰিৱেশতন্ত্ৰ উপাদান বা কাৰক ― পৰিৱেশতন্ত্ৰৰ কাৰক প্ৰধানকৈ দুবিধ ― জৈৱিক কাৰক আৰু অজৈৱিক কাৰক ।

জৈৱিক কাৰকসমূহ :- পৰিৱেশ সংৰক্ষণৰ কাৰণে সম্পাদন কৰা কৰ্য্য অনুসৰি জৈৱিক কাৰকসমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি । যেনে ―

(১) উৎপাদক ― পৰিৱেশত থকা সেউজীয়া উদ্ভিদবিলাকক উৎপাদক বোলে ‌।

(২) উপভোক্তা ― সেউজীয়া উদ্ভিদবোৰৰ বাহিৰে আন কোনো জীৱই সৌৰশক্তি পোনে পোনে আহৰণ কৰি জৈৱ দ্ৰব্য প্ৰস্তুত কৰিব নোৱাৰে । সেই আটাইবোৰেই উদ্ভিদৰ শৰীৰত থকা শক্তিপূৰ্ণ দ্ৰব্যবোৰ ব‍্যৱহাৰ কৰিহে দেহ গঠন কৰে আৰু শক্তিও লাভ কৰে । সেই কাৰণে তেনে জীৱসমূহক উপভোক্তা বোলা হয় । উপভোক্তাৰ ভিতৰত পৰে সকলো 

প্ৰাণী , কেতবোৰ ‘প্ৰটিষ্টা’ আৰু কেতবোৰ ‘মনেৰা’ ।

অধিক সূক্ষ্মভাৱে চালে দেখা যায় যে উপভোগৰ দ্ৰব্যবোৰ ক’ৰপৰা কেনেকৈ লাভ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তা জীৱবোৰ ইটোৰ পিছত সিটোকে কেইবাটাও স্তৰত অৱস্থিত হৈ থাকে । উপভোক্তাবোৰক সেইবাবে

(a) প্ৰাথমিক স্তৰৰ উপভোক্তা ,

(b) দ্বিতীয় স্তৰৰ উপভোক্তা আৰু

(c) তৃতীয় স্তৰৰ উপভোক্তা ভগোৱা হয় ।

(৩) বিয়োজক ― জীৱজগতত আৰু এক প্ৰকাৰৰ উপভোক্তা থাকে যিবিলাকক অনুজীৱ বোলা হয় । এইবোৰ জীৱন্ত উৎপাদক বা উপভোক্তাৰ পৰা শক্তি আহৰণ কৰিব নোৱাৰে । সেইবোৰে মৃত প্ৰাণী বা মৃত উদ্ভিদদেহৰ পৰাহে শক্তি আহৰণ কৰে । সেইবোৰ জীৱই বিভিন্ন এনফাইমৰ সহায়েৰে মৃতজীৱ দেহৰ জৈৱ দ্ৰব্যসমূহ বিশ্লেষণ কৰি , অৰ্থাৎ ৰাসায়নিকভাৱে বিয়োজন কৰি তাত থকা শক্তিমুক্ত কৰি নিজে ব‍্যৱহাৰ কৰে । ইয়াৰ ফলত মৃতজীৱ দেহৰ গঠনকাৰী জৈৱ দ্ৰব্যসমূহ বিভিন্ন অজৈৱ বস্তুলৈ পৰিণত হয়।ইয়াৰ কেতবোৰ বিভিন্ন লৱণ হিচাপে মাটিৰ লগত মিহলি হয় । আৰু কেতবোৰ গেছ হৈ বায়ুৰ লগত মিলি যায় । কাৰ্বন – ডাই – অক্সাইড ,।নাইট্ৰ’জেন আদি গেছ বায়ুমণ্ডললৈ ঘূৰি যায় । ফছফৰাছ , পটাছিয়াম , কেলছিয়াম আদি বিভিন্ন লৱণ হিচাপে মাটিত ৰৈ যায় । এইদৰে মৃত জীৱৰ দেহ ক্ৰমাত পচি নাইকীয়া হৈ যায় । ইয়াকে পচন হোৱা বোলে । এনেবোৰ পচনকাৰী অণুজীৱক বিয়োজন বোলা হয় । যেনে ― ভেঁকুৰ , মনেৰা , প্ৰটিষ্টা ইত্যাদি ।

অজৈৱ কাৰক ―

(১) পানী আৰু বায়ু :- পানী জীৱকোষ গঠন আৰু ক্ৰিয়াৰ এটা প্ৰধান উপাদান । কোষপ্ৰৰসত থকা 70 – 80 % পানীয়ে দ্ৰাৱক অথবা বিক্ৰিয়ক হিচাপে কোষৰ প্ৰায় সকলো ক্ৰিয়াতে ভাগ লয় । পানীৰ অবিহনে প্ৰ’ট’প্লাজম সজীৱ নহয় । পানীৰ মাধ্যমত অজৈৱ লৱণ প্ৰাথমিক উৎপাদক উদ্ভদ দেহৰ শৰীৰত সোমায় । জীৱদেহ গঠন আৰু বৃদ্ধিত পানীৰ ভূমিকা সৰ্বাধিক ।

বায়ুমণ্ডলত থকা অক্সিজেন , কাৰ্বন -ডাই – অক্সাইড আৰু নাইট্ৰ’জেন জীৱজগতৰ বাবে অপৰিহাৰ্য ।

(২) মাটি :- মাটিৰ গুণাগুণৰ ওপৰত পৰিৱেশৰ প্ৰবৃতি নিৰ্ভৰ কৰে । মাটি হ’ল জীৱজগতৰ প্ৰয়োজনীয় অজৈৱ লৱণসমূহৰ ভাণ্ডাৰ । পৰিৱেশত একমাত্ৰ উৎপাদক সেউজীয়া উদ্ভিদবোৰে দেহ গঠন আৰু জীৱন ক্ৰিয়াৰ কাৰণে প্ৰয়োজনীয় নাইট্ৰ’জেন , কেলছিয়াম , পটাছিয়াম, ছালফাৰ , ফছফৰাছ , লৌহ আদি মাটিৰ পৰাই আহৰণ কৰে ।

(৩) তাপ :- তাপ পৰিৱেশৰ ভৌতিক আৰু জৈৱিক ক্ৰিয়াসমূহক প্ৰভাৱিত কৰে । পৰিৱেশৰ তাপমাত্ৰাৰ পৰিৱৰ্তন হ’লে জীৱসমূহৰ জৈৱিক ক্ৰিয়াত ব‍্যাঘাত সৃষ্টি কৰে । স্থানৰ অক্ষাংশ , কাল , উচ্চতা , মাটিৰ ঢাল , সাগৰ বা বৃহৎ জলাশয়ৰ সান্নিধ্য আদিয়ে পৰিৱেশৰ তাপমান নিয়ন্ত্ৰণ কৰে ।

(৪) পোহৰ :- পৃথিৱীৰ সকলো জীৱৰ কাৰণে শক্তিৰ একমাত্ৰ উৎস হৈছে সূৰ্যৰ পোহৰ । এই পোহৰ শক্তি সেউজীয়া উদ্ভিদে আহৰণ কৰি আন সকলো জীৱক যোগান ধৰে । 

(৫) বৰষুণ :- পৃথিৱীৰ বিভিন্ন ঠাইত বৰষুণৰ তাৰতম্য অনুসৰি উদ্ভিদৰ বিভিন্নতা দেখা যায় আৰু তাৰ ফলস্বৰূপে প্ৰাণীৰো বিচিত্ৰতা আহি পৰে ।

প্ৰশ্ন ৫। ইক’লজিকেল পিৰামিড কাক বোলে ? 

উত্তৰঃ এটা পৰিৱেশৰ পিৰামিড হৈছে বিভিন্ন পৰিৱেশৰ আধাৰবোৰ যেনে প্ৰতিটো ট্ৰফিক স্তৰত থকা একক জীৱৰ সংখ্যা , শক্তিৰ পৰিমাণ বা প্ৰতিটো ট্ৰফিক স্তৰত থকা জৈৱ আয়তনৰ পৰিমাণ আদিক একোটা গ্ৰাফৰ সহায়ত উপস্থাপন । পৰিৱেশৰ পিৰামিডৰ একেবাৰে তলত স্তৰত উৎপাদকবোৰ থাকে আৰু একেবাৰে ওপৰৰ স্তৰত উচ্চ শ্ৰেণীৰ উপভোক্তাবোৰ থাকে ।

মুঠতে তিনি প্ৰকাৰৰ পিৰামিড হৈছে ― 

(ক) সংখ্যাৰ পিৰামিড 

(খ) শক্তিৰ পিৰামিড 

(গ) জৈৱ আয়তনৰ পিৰামিড ।

সংখ্যাৰ পিৰামিড :- এটা পৰিস্থিতিতন্ত্ৰক থকা খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত থকা স্বতন্ত্ৰৰ সংখ্যাক গ্ৰাফৰ সহায়ত উফস্থাপন কৰি দেখুওৱাকে সংখ্যাৰ পিৰামিড বোলে । এই পিৰামিডটো উৎপাদকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি উৰ্ধমুখী বা নিম্নমুখী হ’ব পাৰে । উদাহৰণস্বৰূপে এখন ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰৰ সংখ্যাৰ পিৰামিড হৈছে উৰ্ধমুখী । ইয়াৰ খাদ্য শৃংখলত উৎপাদকৰ সংখ্যাৰ (উদ্ভিদ) ওপৰত তৃণভোজী নিগনি থাকে তাৰ ওপৰত দ্বিতীয় শ্ৰেণীৰ উপভোক্তা সাপ থাকে আৰু তাৰো ওপৰত তৃতীয় শ্ৰেণীৰ উপভোক্তা ঈগল থাকে । এতেকে উৎপাদকৰ স্তৰত একখ জীৱৰ সংখ্যা আটাইতকৈ বেছি হয় । আনহাতে দি আটাইতকৈ ওপৰত থকা মাংসহাৰী সংখ্যা খুব কম হয় ।

আনহাতে , পৰজীৱী খাদ্য শৃংখলত সংখ্যাৰ পিৰামিড খাদ্য শৃংখলত , সংখ্যাৰ পিৰামিড নিম্নগামী বা ওলোটা হয় । এই ধৰণৰ খাদ্য শৃংখলত , এজোপা গছে (উৎপাদক) খাদ্যৰ যোগান ধৰে বিভিন্ন ফল খোৱা চৰাইলৈ , যিয়ে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কীট – পতংগক সহায় কৰে ।

জৈৱ ভৰৰ পিৰামিড :- এটা পিৰামিডৰ জৈৱ ভৰ হৈছে পৰিৱেশতন্ত্ৰৰ ট্ৰফিক স্তৰত থকা জৈৱিক দ্ৰব্যবোৰৰ মুঠ পৰিমাণ যাক গ্ৰাফৰ জৰিয়তে উপস্থাপন কৰিব পাৰি । ই থিয় বা ওলোটা হ’ব পাৰে । ই ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ ক্ষেত্ৰত থিয় হ’ব পাৰে , কাৰণ উৎপাদক স্তৰত থকা জৈৱ ভৰ ট্ৰফিক স্তৰৰ উচ্চ স্তৰত থকা মাংসভোজীতকৈ বহু বেছি হয় । এই জৈৱ ভৰৰ পিৰামিডটো এটা পুখুৰী পৰিস্থিতিতন্ত্ৰৰ সৈতে ওলোটা হ’ব পাৰে । কাৰণ জুপ্লাংকটনৰ জৈৱ ভৰতকৈ মাছৰ জৈৱ ভৰৰ সংখ্যা বহু বেছি ।

প্ৰশ্ন ৬। এটি উন্মুক্ত শিলত অনুক্ৰম কেনেকৈ হয় চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ উন্মুক্ত শিলত কোনো ধৰণৰ মাটি আৰু পানী নথকাৰ বাবে উদ্ভিদ গজিব নোৱাৰে । এনে স্থানত Lichen নামৰ এক ধৰণৰ সহজীৱীয়ে প্ৰথম বসতি স্থাপন কৰে । Lichen এনে চৰম অৱস্থাত জীয়াই থাকিব পাৰে । Lichen য়ে এক ধৰণৰ এছিডৰ দ্বাৰা খনিজ লোণ দ্ৰৱিত কৰে । এই খনিজ লোণ লাইকেন পুষ্টি হিচাপে গ্ৰহণ কৰে । শিলৰ ফাটবিলাকত আৰু থেলাছৰ আশে আশে জমা হোৱা ধূলিৰ পৰাও পুষ্টি গ্ৰহণ কৰে । পুৰণি লাইকেনৰ দেহ মৰি যোৱাৰ পিছত পচি গৈ সামান্য কিছু মাটি বা হিউমাছৰ সৃষ্টি হয় । এই অৱস্থা মছ জাতীয় ক্ষুদ্ৰ উদ্ভিদৰ বাবে উপযোগী । মছে ক্ৰমে লাইকেনক আঁতৰাই সম্পূৰ্ণ আধিপত্য স্থাপন কৰে । 

যেতিয়া মছবিলাক মৰি পচিগৈ অধিক মাটি সৃষ্টি কৰে । তেতিয়া তাৰ ফলত সেই ঠাইত ক্ৰমে ঢেকীয়া জাতীয় উদ্ভিদ আৰু শেষত অন্যান্য সপুষ্পক উদ্ভিদে বসতি স্থাপন কৰি এটি চৰম সম্প্ৰায় প্ৰতিষ্ঠা কৰে । শেষত শিলডোখৰ সম্পূৰ্ণ মাটিৰে ঢাক খাই পৰে আৰু তাত বিভিন্ন ধৰণৰ উদ্ভিদে জন্মে । এটি উন্মুক্ত শিলত যেনেকৈ বিভিন্ন সম্পদায়ৰ অনুক্ৰমণ হয় তেনেকৈ একোটা বিৰাট অঞ্চলতো হয় । তাৰ ফলত এটা সময়ত কোনো উদ্ভিদ নথকা অঞ্চলত এখন অটব‍্য বননি সৃষ্টি হ’ব পাৰে।এটা উন্মুক্ত অঞ্চলত প্ৰথম বসতি স্থাপন কৰা । সম্প্ৰদায়ক প্ৰাথমিক সম্প্ৰদায় বুলি কোৱা হয় । পৰৱৰ্তী সম্প্ৰদায়ক গৌণ সম্প্ৰদায় বোলে । সৰ্বশেষতে আৱিৰ্ভাৱ হোৱা সম্প্ৰদায়ে যি স্থায়ী ৰূপ পায় তাক চৰম সম্প্ৰদায় বোলা হয় ।

কোনো সময়ত প্ৰাকৃতিক কাৰণত কোনো অঞ্চল প্লাৱিত হৈ মাটি খহি গৈ সেই অঞ্চলত থকা জীৱ সম্প্ৰদায় নিশ্চিহ্ন হ’ব পাৰে । পুখুৰী এটি ক্ৰমে পোত যাব পাৰে আৰু তাৰ আগতে থকা জীৱ সম্প্ৰদায় নাইকিয়া হ’ব পাৰে । প্ৰথমে থকা জীৱ সম্প্ৰদায় নোহোৱা হ’লে বা পৰিস্থিতিৰ পৰিৱৰ্তন হ’লে নতুন জীৱ সম্প্ৰদায়ৰ অনুক্ৰমণ ঘটে ।

2 thoughts on “Class 12 Biology Chapter 14 পৰিস্থিতিতন্ত্ৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top