Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা

Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা and select needs one.

Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 11 জীৱ প্ৰযুক্তিবিদ‍্যা Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। EcoRI ক ভিন্ন DNA ক ছেদ কৰিবলৈ ব‍্যৱহাৰ কৰা হয় পুৰ্ণগঠিত DNA সৃষ্টি কৰিবলৈ এটি নক্সাৰ সহায়ত দেখুওৱা ।

উত্তৰঃ   

প্ৰশ্ন ২। পলিমাৰেজ চেইন ৰিয়েকচন্ কি আৰু কেনেকৈ ইয়াক জিনৰ সংখ্যা বৃদ্ধিৰ বাবে ব‍্যৱহাৰ কৰিব পৰা যায় ? 

উত্তৰঃ পলিমেৰেজ শৃংখল বিক্ৰিয়া হৈছে আণৱিক জীৱবিজ্ঞানৰ এটা প্ৰক্ৰিয়া য’ত এটা জিন বা এটুকুৰা DNA ৰ বহুতো প্ৰতিলিপি পাবৰ বাবে ইয়াক বিৱৰ্ধন কৰা হয় । ইয়াক জিনৰ অংশসমূহ ৰূপান্তৰ কৰিবলৈ বহুল পৰিমাণে ব‍্যৱহাৰ কৰা হয় । এই প্ৰক্ৰিয়াটোত এটা আদি দ্ৰব্য , এটা টেমপ্লেট সূত্ৰ আৰু এটা বেক্টেৰিয়ামৰ (যাক Thermus aquaticus বোলে) তাপস্থিৰ DNA পলিমেৰেজ এনজাইম ব‍্যৱহাৰ কৰি ইন – ভিট্ৰ সংশ্লেষণৰ অনুক্ৰম পোৱা যায় । আদি দ্ৰব্যখিনি প্ৰসাৰিত হ’বলৈ এনজাইমটোৱে গাঁঠনিৰ সজ্জা dNTP (ডিঅ’ক্সিনিউক্লিয়টচাইড) ব‍্যৱহাৰ কৰে প্ৰথমে দ্বৈত সূত্ৰ থকা DNA অণুক উচ্চ উষ্ণতা প্ৰয়োগ কৰা হয় যাতে সূত্ৰ দুডাল ভাঙি এডাল এডাল হৈ পৰে । এই প্ৰক্ৰিয়াটোকে বিকৃতিকৰণ বোলে । ইয়াৰ পাছত এই ssDNA অণুক এটা টেমপ্লেট সূত্ৰ হিচাবে ব‍্যৱহাৰ কৰা হয় , DNA পলিমেৰেজ এনজাইমৰ দ্বাৰা নতুন সূত্ৰ সংশ্লেষণৰ ক্ষেত্ৰত আৰু এই প্ৰক্ৰিয়াটোক এনিলিং বোলে ‌। ইয়াৰ ফলস্বৰূপে পূৰ্বৰ DNA অণুবোৰ দুগুণ হয় । এই প্ৰক্ৰিয়াটো বিভিন্ন চক্ৰত কেইবাবাৰো পুনৰাবৃত্তি ঘটি থকাৰ ফলস্বৰূপে rDNA অংশৰ বহু প্ৰতিলিপি বা টুকুৰা উৎপন্ন হয় ।

প্ৰশ্ন ৩। আণৱিক কেঁচি কি ? DNA পুৰ্ণগঠত কৌশলত এইবিলাকৰ ভূমিকা ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ Restriction উৎসেচকক আণৱিক কেঁচি বুলিব পাৰি । দুই ধৰণৰ এনে উৎসেচক আছে । এবিধক কোৱা হয় Exomulease আৰু আন বিধক কোৱা হয় Endonuclase । প্ৰথম বিধে  DNA ৰ নিউক্লিয়টাইড ক্ৰম মূৰৰ পৰা কাটে আৰু দ্বিতীয় বিধে মাজৰ পৰা বিশেষ ক্ৰমত কাটে । এনে কাৰ্য্য অতি জটিল পৰ্য্যায়ৰ । কিন্তু উক্ত উৎসেচকে নিৰ্দিষ্ট ঠাই DNA ক বিচ্ছেদ কৰে । 

ইয়াৰ প্ৰণালী এনে ধৰণৰ ― বিশুদ্ধ ডি এন এ – ৰ অণুবিলাক ৰেষ্ট্ৰিকছন্ উৎসেচকৰ সৈতে ইনকিউবেট কৰি ৰেষ্ট্ৰিকছন্ উৎসেচক পাচনকাৰ্য্য সম্পাদন কৰা হয় । উৎসেচকৰ কাৰণে প্ৰয়োজনীয় আৰু সৰ্বশ্ৰেষ্ঠ পৰিৱেশ বা অৱস্থাতহে এই কাৰ্য্য সম্পন্ন কৰা হয় । ৰেষ্ট্ৰিকছন্ উৎসেচক পাচনকাৰ্য্যৰ অগ্ৰগতি ৰুধিবলৈ এগাৰোজ জেল ইলেক্ট্ৰফ’ৰেচিছৰ সহায় লোৱা হয় । ডি এন এ এটা ঋণাত্মকভাৱে আহিত অণু । গতিকে ই ধনাত্মক বিদ‍্যুত মূৰ বা ধনমূৰ লৈ গতি কৰে । এই প্ৰণালী বাহক ডি এন এৰ ক্ষেত্ৰতো পুনৰাবৃত্তি হয় ।ডি এন এ – ৰ সংযোগীকৰণৰ বিভিন্ন পদ্ধতি আছে । এটা নিৰ্দিষ্ট ৰেষ্ট্ৰিকছন উৎসেচকৰ সহায়ত মূল ডি এন এ আৰু বাহক ডি এন এ কটাৰ পিছত মূল ডি এন এৰ পৰা কাটি উলিওৱা মনে বিচৰা জিন আৰু কাটি উলিওৱা বাহকৰ মিশ্ৰণ কৰা হয় আৰু তাত লাইগেজ উৎসেচক কৰা হয়।ইয়াৰ ফলস্বৰূপেই ৰিকম্বিনেন্ট ডি এন এ – ৰ অধঃক্ষেপণ পোৱা যায়। 

এই উৎসেচকবিলাকে DNA ৰ জিন যিবিলাকক সাধাৰণ অণুবীক্ষণ যন্ত্ৰত দেখা না যায় সেই বিলাকক অতি সূক্ষ্মভাৱে কাটে যে এই পদ্ধতিক জিন চাৰজাৰিও বোলা হয় ।

প্ৰশ্ন ৪। যিকোনো DNA পুৰ্ণগঠন য’ত বিচৰা জিন থাকে তাৰ নিযুত সংখ্যাক প্ৰতিলিপি ব‍্যৱসায়ীক ভিত্তিত কেনেকৈ প্ৰস্তুত কৰা যায় ? কেনেকৈ ইয়াৰ বৰ্ধন কৰা হয় ? ব‍্যাখ‍্যা কৰা ।

উত্তৰঃ ছাত্ৰ – ছাত্ৰীয়ে নিজে কৰা ।

প্ৰশ্ন ৫। বংশগতি অভিযন্ত্ৰণৰ কল্পনা কেনেকৈ বিকাশ ঘটিল আলোচনা কৰা । 

উত্তৰঃ আনুবংশিক প্ৰযুক্তিবিজ্ঞান হ’ল কোনো বিশেষ জিনৰ চিনাক্তকৰণ , প্ৰয়োজন অনুসৰি তাৰ দূৰীকৰণ , জিনৰ গঠনৰ সংশোধন , এবিধ জীৱৰ জিন অন‍্য এবিধ জীৱৰ জিনলৈ ৰূপান্তৰিত কৰা আৰু আৱশ‍্যকবোধে এক বিশেষ জিনৰ গঠন আৰ্হিত বিজ্ঞানাগাৰত কৃত্ৰিম জিনৰ সংশ্লেষণ কৰি , তাক জীৱদেহত স্থাপন কৰা ইত্যাদি ।

জিন গৱেষণাৰ ফলত উক্ত প্ৰশ্নসমূহতে সমাধান ওলালে , ইয়াৰ সম্ভাৱ‍্য পৰিণতি সম্বন্ধেও বিজ্ঞানীসকলৰ মাজত বৰ্তমান নানা আলোচনা – বিলোচনা , মতানৈক‍্য আদিৰ সৃষ্টি হৈছে । জিনৰ ওপৰত যুগান্তকাৰী গৱেষণাই সমাজৰ যিদৰে নানান কল‍্যাণ সাধিব পাৰে বুলি আশা কৰা হৈছে , সেইদৰে ই আওপকীয়াভাৱে নানা বিপৰ্যয়ো আনিব পাৰে বুলি বহুতো আশংকা কৰিছে । অৱশ‍্যে তেওঁলোকে ইয়াৰ প্ৰতিবিধানৰ ব‍্যৱস্থাও কৰিছে ।

জিন গৱেষণাৰ সম্ভৱ‍্য সুফলসমূহ এনেধৰণৰ ― জিন গৱেষকসকলৰ মতে এনে গৱেষণাই অদূৰ ভৱিষ্যতে সেউজ বিল্পৱৰ যুগান্তৰ আনিব । মানৱ সমাজত যাৰ ফল হ’ব সুদূৰপ্ৰসাৰী । লগতে হয়তো হ’ব কৃষিজাত উদ্ভিদৰ গুণগত আৰু পৰিমাণগত উন্নয়ন । 

জিন গৱেষণাৰ আন এটি বহুমূলীয়া সম্ভাৱনা হ’ল ৰক্তক্ষৰণ , বহুমূত্ৰ আদি বংশগত ৰোগ নিৰাময় আৰু জন্মগত শাৰীৰিক ত্ৰুটি – বিচ‍্যুতি দূৰ কৰাৰ উপায় উদ্ভাৱন কৰা ।

এই গৱেষকসকলৰ মতে ইয়াৰ অন্য এক গুৰুত্বপূৰ্ণ সম্ভাৱনা এই যে ইয়াৰ ফলত অদূৰ ভৱিষ্যতে মানুহ বা আন জীৱৰপৰা কোনো বিশেষ জিন উলিয়াই নি , সেয়া কেতবোৰ বেক্টেৰিয়াৰ দেহত স্থাপন কৰি , সেইবোৰক ক্ষুদ্ৰাকাৰ কাৰখানা হিচাপে ব‍্যৱহাৰ কৰি ব‍্যৱসায়িক ভিত্তিত কিছুমান মূল‍্যৱান জৈৱ ৰাসায়নিক পদাৰ্থ (প্ৰতিৰক্ষী ,অন্তঃক্ষৰণ ৰস আদি) সংশ্লেষণ কৰিব পৰা যাব । 

জিন গৱেষণাই ভৱিষ্যতে পৰিয়াল পৰিকল্পনা এনেকুৱা ― জিন গৱেষণাৰ ফলস্বৰূপে অদূৰ ভৱিষ্যতে বিজ্ঞানাগাৰত কৃত্ৰিম উপায়েৰে মানুহ তৈয়াৰ কৰাও হ’ব পাৰে বুলি বিজ্ঞানীসকলে ভাবিছে । এই প্ৰক্ৰিয়াত অদূৰ ভৱিষ্যতে কোনোবাই যদি ইচ্ছা কৰি বা চখ কৰিয়ে এনেদৰে কৃত্ৰিমভাৱে মানুহ সৃষ্টি কৰে , তেন্তে সমাজত তাৰ প্ৰতিক্ৰিয়া কেনে হ’ব , সেয়া চিন্তা কৰিবলগীয়া কথা । এনে মানুহৰ তথাকথিত পিতৃ – মাতৃ , আত্মীয় – স্বজন আদি থাকিবনে । তদুপৰি তেনে মানুহৰ মানসিকতা , কাম – কাজ আদি কেনে হ’ব ? তেনে মানুহ প্ৰকৃতাৰ্থত মানুহ নে যন্ত্ৰ মানৱ হ’ব ? যদিও এইবোৰ কাৰ্য্যক্ষত্ৰত বৰ্তমানলৈকে প্ৰয়োগ কৰিব পৰা হোৱা নাহ । এনেবোৰ প্ৰশ্নই ইতিমধ্যে বিজ্ঞানীসকলক ব‍্যতিব‍্যস্ত কৰি তুলিছে । কাৰণ এটি ভয়ৰ কথাও আছে যে , পৰমাণু বোমাক ৰাজনৈতিক উদ্দেশ্যত অপব‍্যৱহাৰ কৰাৰ দৰে , এই প্ৰক্ৰিয়াকো যদি ৰাজনৈতিক স্বাৰ্থ পূৰণাৰ্থে ‘ডাঙৰ নেতা’ , সোনধ‍্যক্ষ আদি তৈয়াৰ কৰা কামত ব‍্যৱহাৰ কৰা হয় , তেতিয়া ?

জিন গৱেষণাবোৰ ঘাইকৈ বেক্টেৰিয়া জীৱাণু আদিৰ জৰিয়তে কৰা হয়। বহুতো বিজ্ঞানীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এনে গৱেষণাৰ ফলত ঘটনাক্ৰমে কেতিয়াবা কোনো বেক্টেৰিয়া বা জীৱাণুৰ দেহত এনে নতুন জিন , গৱেষকৰ অজানিতে প্ৰৱেশ কৰিব পাৰে বা এইবোৰৰ দেহত থকা কোনো জিনৰ এনে গুণগত পৰিৱৰ্তন হ’ব পাৰে , যে তাৰ ফলতে ই ভয়াবহ ৰোগ সৃষ্টিকাৰী বীজাণুত পৰিণত হ’ব । এই ক্ষেত্ৰত এনে আশংকাও কৰা হৈছে যে , আমাৰ বৰ্তমান আৱিষ্কৃত কোনো ঔষধ এই নতুন বীজাণুক নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হ’ব ইত্যাদি । কিন্তু বিজ্ঞানীসকলে এই সকলোবোৰ সম্ভাৱনাৰ প্ৰতিবিধানৰ ব‍্যৱস্থাও ইতিমধ্যে কৰিছে ।

প্ৰশ্ন ৬। ৰিকম্বিনেন্ট DNA প্ৰযুক্তিবিদ‍্যা কি ? ৰিকম্বিনেন্ট DNA প্ৰযুক্তিবিদ‍্যাৰ প্ৰক্ৰিয়াৰ ওপৰত এটা চমু টোকা লিখা ।

উত্তৰঃ জিন ক্ল’নিং জিনীয় অভিযন্ত্ৰণৰ প্ৰধান আহিলা । এই প্ৰক্ৰিয়াত কোনো বাহকৰ গাত প্ৰয়োজনীয় DNA প্ৰতিষ্ঠাপন কৰি নতুন DNA ৰ সৃষ্টি কৰা হয় । আজিকালি বেক্টেৰিয়া কোষত থকা প্লাজমিডক বাহক হিচাপে লোৱা হয় । প্লাজমিড বেক্টেৰিয়া কোষত থকা ঘূৰণীয়া আকৃতিৰ DNA । প্লাজমিডৰ DNA বেক্টেৰিয়াৰ মূল জিন সংহতিৰ ওপৰঞ্চি থকা জিনৰ থূপ । ইয়াত কিছুমান লিংগীক চৰিত্ৰৰ,এন্টিবায়টিক প্ৰতিৰোধক আদি জিন থাকে । আকাৰত সৰু হোৱা বাবে প্লাজমিডবোৰক কোষত প্ৰতিষ্ঠাপন কৰা সহজ আৰু সেয়েহে এইবোৰক বাহক হিচাপে ব‍্যৱহাৰ কৰা হয় । ঘূৰণীয়া প্লাজমিড ডি এন এ ৰ এটা অংশ কাটি আঁতৰাই তাত আন কোনো কোষৰ প্ৰয়োজনীয় চৰিত্ৰযুক্ত DNA ৰ অংশ আনি জোৰা লগাই সংকৰ ডি এন এ সৃষ্টি কৰি অন‍্য কোষত প্ৰতিষ্ঠাপন কৰা হয় । এই প্ৰক্ৰিয়াটোক ৰিকমবিনেন্ট ডি এন এ প্ৰয়োগবিদ‍্যাও বোলে । 

ৰিকমবিনেন্ট ডি এন এ প্ৰয়োগবিদ‍্যাত প্লাজমিড নাইবা ভাইৰাছ ডি এন এ ক বাহক হিচাপে ব‍্যৱহাৰ কৰা হয় । ৰেছট্ৰিকছন এণ্ড’নিউক্লিয়েজ উৎসেচকৰ দ্বাৰা বাহক DNA ৰ অংশ এটা কাটি পেলোৱা হয় আৰু তাত বেলেগ কোষৰ পৰা আহৰণ কৰা প্ৰয়োজনীয় ডি এন এ ৰ নিৰ্দিষ্ট অংশ প্ৰতিষ্ঠাপন কৰা হয় । লাইগেজ উৎসেচকে বাহক DNA লগত উপস্থাপক প্ৰয়োজনীয় DNA ৰ মূৰ দুটা লগ লগোৱা কাৰ্য্যত সহায় কৰে।এনেদৰে সৃষ্টি কৰা এই সংকৰ DNA কোনো এক বেক্টেৰিয়া কোষত প্ৰতিষ্ঠাপন কৰাৰ পিছত তাৰ প্ৰতিলিপি সৃষ্টি কৰি বিশুদ্ধকৰণ কৰা হয় । সাধাৰণতে প্ৰতিলিপি সৃষ্টিৰ বাবে ই কলি বেক্টেৰিয়া ব‍্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ DNA ৰ আণৱিক গঠন ভালদৰে জনা আছে ।

প্ৰশ্ন ৭। বায়’ৰিয়েক্টৰ কি ? বায়’ৰিয়েক্টৰৰ এটা চিহ্নিত চিত্ৰ আঁকি কাৰ্য্যৱলী বৰ্ণনা কৰা ।

উত্তৰঃ বায়’ৰিয়েক্টৰ বা ফাৰ্মেন্টাৰ এটা ষ্টিলৰ আহিলা যিটোত প্ৰায় 500000 dm³ পৰ্যন্ত পানী জমা কৰিব পৰা যায় । ইয়াত উষ্ণতা নিয়ন্ত্ৰণ কৰিব পৰা ব‍্যৱস্থাও আছে । ইয়াত সকলো পদাৰ্থকে সাৱধানে মিহলি কৰা হয় যাতে অনুজীৱবোৰে সিঁহতৰ পুষ্টিক আহৰণ কৰিব পাৰে আৰু কিছুমান যাতে তলীত জমা নহয় । 

এই আহিলাটোত বিশেষ বায়ুৰ তাপৰ আৰু PH ৰ মাপকৰ দ্বাৰা নিৰ্দিষ্ট কৰি ৰখা হয় । ইয়াৰ উপাংশসমূহ হ’ল ― ইন’কুল’ছন প’ৰ্ট , নিউট্ৰিয়েন্ট প’ৰ্ট , এন্টিফ’ম প’ৰ্ট , আৰু PH প’ৰ্ট । ইয়াৰ চিত্ৰ তলত দিয়া ধৰণৰ 

গুৰুত্ব :- এটা নিয়ন্ত্ৰিত কক্ষত বিচৰা মতে অনুজীৱৰ উৎপাদন বঢ়াব পৰা কৌশলটোকে বায়’ৰিয়েক্টৰ বোলে । গৱেষণাগাৰত সৰু বায়’ৰিয়েক্টৰ ব‍্যৱহাৰ কৰিলেও অনুজীৱৰ কম সময়ত বংশ বৃদ্ধিৰ কাৰণেই ইয়াক ব‍্যৱহাৰ কৰা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top