Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন

Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন and select needs one.

Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত সংঘটিত হোৱা যৌন প্ৰজননৰ বিভিন্ন পৰিঘটনাস কি কি ? পৰিঘটনাসমূহৰ চিত্ৰৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ উদ্ভিদৰ যৌন প্ৰজননৰ পৰিঘটনাসমূহ তিনিটা ভাগত ভগাব পাৰি । প্ৰাক – নিষেচন , নিষেচন আৰু নিষেচনোত্তৰ কাল ।

(ক) প্ৰাক – নিষেচন :- ই হৈছে যৌন প্ৰজননৰ জননকোষৰ মিলনৰ পূৰ্বৰ পৰিঘটনা আৰু ইয়াক দুটা ভাগত ভগাব পাৰি ―

(১) জননকোষ গঠন :- ই পুং আৰু স্ত্ৰী জননকোষ সৃষ্টিৰ প্ৰক্ৰিয়া , এইবোৰ এগুণাত্মক ।

(২) জননকোষ স্থানান্তৰ :- পুং আৰু স্ত্ৰীজননকোষৰ গঠিত হোৱাৰ পিছত সিহঁতক নিষেচনৰ বাবে লগ লগোৱাটো অতি জৰুৰী । বেছিভাগ জীৱৰে পুংজননকোষ কেশৰযুক্ত আৰু স্ত্ৰীজননকোষ স্থিৰ আৰু বিভিন্ন উপায়েৰে এই পুংজনন কোষবোৰ গৈ স্ত্ৰীজননকোষৰ ওচৰ পায়গৈ যেনে ― পৰাগযোগ । পৰাগৰেণু গৰ্ভমুণ্ডত অংকুৰিত হৈ সৃষ্টি কৰা পৰাগ নলীকাই পুংজননকোষ ডিম্বকলৈ কঢ়িয়াই আনি ডিম্বাণুৰ ওচৰত এৰি দিয়ে ।

(খ) নিষেচন :- ই হৈছে পুং আৰু স্ত্ৰীজননকোষ লগ লাগি এটা যোজনকোষ সৃষ্টি কৰা প্ৰক্ৰিয়া ।

(গ) নিষেচনোত্তৰ কালৰ পৰিঘটনা : যোজনকোষ গঠনৰ পিছৰ কালৰ পৰিঘটনাসমূহৰ নিষেচনোত্তৰ কালৰ পৰিঘটনা বুলি কোৱা হয় । ইয়াক দুটা ভাগত ভগাব পাৰি ―    

(১) যোজনৰেণু :- যোজন কোষেই এটা প্ৰজন্মৰ প্ৰজাতিসমূহৰ লগত পৰৱৰ্ত্তী প্ৰজন্মৰ প্ৰজাতিৰ লানি নিছিগাকৈ সংযোগ স্থাপন কৰে । সকলো যৌন প্ৰজননকাৰী জীৱৰ দ্বিগুণ ক্ৰম’জ’ম যুক্ত যোজনৰেণু গঠন এটা চৰাচৰিত কাৰ্য্য ।

(২) ভ্ৰূণ গঠন :- যোজন কাষৰ পৰা ভ্ৰূণ গঠন হোৱা যি প্ৰক্ৰিয়া তাকে ভ্ৰূণ গঠন বুলি কোৱা হয় । ভ্ৰূণ গঠনৰ সময়ত যোজন কোষ মাইট’ছিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ কোষৰ সংখ্যা বৰ্দ্ধিত কৰে আৰু ক্ৰমে পৃথকীকৃত কৈ কিছুমান বিশেষ কলা আৰু অংগৰ গঠন কৰে ।

সপুষ্পক উদ্ভিদৰ যোজন কোষ ডিম্বকৰ ভিতৰত সৃষ্টি হয় । নিষেচনৰ পিছত বৃত্তি , পাহি ,পুংস্তৱক আদি শুকাই যায় আৰ সুলকি পৰে । স্ত্ৰীস্তৱক উদ্ভিদৰ লগতে সংলগ্ন হৈ থাকে । যোজন কোষ ভ্ৰূণলৈ ৰূপান্তৰিত আৰু ডিম্বাণু বীজলৈ বিকশিত হয় । ভ্ৰূণকোষ্ঠ ফললৈ বিকশিত হয় যিয়ে সুৰক্ষাৰ বাবে এখন ডাঠ ফলত্বক গঠন কৰে ।

প্ৰশ্ন ২। নিষেচনোত্তৰ কাল কি ? চিত্ৰৰ সহায়ত সপুষ্পক উদ্ভিদৰ নিষেচনোত্তৰ কালৰ পৰিৱৰ্তনসমূহ চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ নিষেচনত পুং আৰু স্ত্ৰীজননকোষৰ মিলন ঘটি দ্বিগুণ সংখ্যক যোজনকোষৰ উৎপত্তি হয় । নিষেচনৰ পাছত যোজনকোষটোৰ কেইবাবাৰো বিভাজন হৈ ভ্ৰূণ গঠন হয় । নিষিক্ত ডিম্বকটোৰ পৰা বীজ গঠন হয় । বীজটোৰ ভিতৰত থকা ভ্ৰূণক এখন সুৰক্ষিত আৱৰণে আৱৰি থাকে ইয়াকে বীজপত্ৰ বোলে । বীজৰ বিকাশ ঘটিলে ফুলৰ আন অংশবোৰৰ সৰি পৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত ডিম্বাশয়ৰ গঠন হয় আৰু ক্ৰমান্বয়ে ডাঙৰ হৈ ফলৰ সৃষ্টি কৰে যাৰ বাহিৰৰ ফালে এখন পেৰকাপ নামাৰে এখন আৱৰণ থাকে ।

প্ৰশ্ন ৩। যদিও যৌন প্ৰজনন দীঘলীয়া , শক্তি খৰচ হোৱা জটিল প্ৰজনন প্ৰক্ৰিয়া তথাপি বহুতো পেটৰ প্ৰাণীয়ে ইয়াক বাছি লয় । এইটো কিয় হয় যুক্তিৰে দৰ্শোৱা ।

উত্তৰঃ যদিও যৌন প্ৰজননত অধিক সময় আৰু শক্তি লাগে তথাপি উচ্চস্তৰৰ জীৱবোৰে পুনৰ ইয়াকে কৰে নানান জটিলতাৰ সত্ত্বেও । ইয়াৰ কাৰণ হৈছে যৌন প্ৰজননত একে প্ৰজাতিৰ সাধাৰণতে দুবিধ জীৱৰ মাজত DNA পুনৰ বিন‍্যাসৰ ফলত নতুন প্ৰকৰণৰ উদ্ভৱ হয় । এই প্ৰকৰণৰ বাবে পৰিৱৰ্তিত পৰিৱেশত জীৱই অভিযোজন কৰি নিজকে খাপ খোৱাই ল’ব পাৰে । প্ৰকৰণৰ ফলস্বৰূপে উৎপৰিৱৰ্তন হ’ব পাৰে বাবে সৃষ্টি হোৱা জীৱৰ জীয়াই থকাৰ ক্ষমতা বাঢ়ি যায় । আনহাতে , অযৌন প্ৰজননৰ জৰিয়তে সৃষ্টি হোৱা জীৱৰ ক্ষেত্ৰত জিনীয় পাৰ্থক্য দেখা পোৱা নাযায় ।

প্ৰশ্ন ৪। কিছুমান উদ্ভিদ যেনে , গোলাপে ডাঙৰ উভয়লিংগি ফুল উৎপন্ন কৰে যদিও সিহঁতে ফল উৎপাদন কৰিব নোৱাৰে । এই গছবোৰে ফল প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণ দৰ্শোৱা ।

উত্তৰঃ গোলাপ হৈছে নগ্নবীজী উদ্ভিদ ; সেয়ে ইহঁতৰ গুটিবোৰ ফলেৰে আবৃত হৈ নাথাকে । ইয়াৰ ভ্ৰূণকোষ্ঠৰ গঠন নহয় সেয়ে ফল গঠন হ’ব নোৱাৰে । নিষেচনৰ পিছত ইয়াৰ বীজৰ সৃষ্টি হয় কিন্তু ভ্ৰণকোষ্ঠৰ অবিহনে ফলৰ সৃষ্টি হ’ব নোৱাৰে ।

প্ৰশ্ন ৫। সপুষ্পক উদ্ভিদত পোৱা বিভিন্ন প্ৰকাৰৰ লিংগতাবোৰ লিখা । প্ৰতিটোৰে উদাহৰণৰ সৈতে বৰ্ণনা কৰি সিহঁতৰ সাধাৰণ নাম আৰু বৈজ্ঞানিক নাম উল্লেখ কৰা ।

উত্তৰঃ সপুষ্পক উদ্ভিদ পোৱা বিভিন্ন প্ৰকাৰৰ লিংগতাবোৰ হ’ল ― একলিংগি আৰু উভয়লিংগি ।

একলিংগি :- যিবোৰ সপুষ্পক উদ্ভিদৰ একেডাল গছত এবিধহে লিংগৰ ফুল থাকে ।তাকে একলিংগি উদ্ভিদ বোলে । ইয়াৰ একলিংগি পুংপুষ্পক বা পুংকেশৰধাৰী আনহাতে স্ত্ৰীপুষ্পক স্ত্ৰীপুষ্প বা গৰ্ভকেশৰী পুষ্প বুলি কোৱা হয় ।

উদাহৰণস্বৰূপে ― অমিতা । 

সাধাৰণ নাম ― অমিতা গছ ।

বৈজ্ঞানিক নাম ― কেৰিয়া পাপায়া ।

উভয়লিংগি :- কিছুমান সপুষ্পক উদ্ভিদত পুং আৰু স্ত্ৰী দুয়োবিধ পুষ্প একেলগে একেজোপা গছতে হয় যাক উভয়লিংগি বা সমসূত্ৰ সমবাসী বোলে । উদাহৰণস্বৰূপে ― নাৰিকল ।

সাধাৰণ নাম ― নাৰিকল গছ ।

বৈজ্ঞানিক নাম ― কোকোজ নুচিফেৰা ।

প্ৰশ্ন ৬। যদিও গোলাপ ফুলে সুন্দৰ ডাঙৰ আকৰ্ষণীয় উভয়লিংগী ফুল বহন কৰে তথাপিও কাচিৎহে ফল উৎপন্ন হয় । গোলাপ ফুলত ফল নধৰাৰ কাৰণবোৰ আলোচনা কৰা ।

উত্তৰঃ গোলাপফুলৰ গছত ৰঙীন,আকৰ্ষণীয় উভয়লিংগী ফুল ফুলে যদিও কাচিৎহে ফলৰ বিকাশ হয় । কাৰণ ইয়াৰ বীজ নগ্ন অৱস্থাত থাকে ।নিষেচনৰ পিছত যোজন কোষৰ বিকাশ ঘটে আৰু যোজন কোষৰ পৰাই ভ্ৰূণ আৰু ডিম্ব গঠন কৰে । পৰৱৰ্তী কালত ই বীজ গঠন কৰে । কিন্তু ডিম্বাশয়টোৱে ফললৈ ৰূপান্তৰ হয় । স্বাভাৱিকতে গোলাপে অংগজ প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে ।

প্ৰশ্ন ৭। প্ৰাণীৰ ক্ষেত্ৰত পোৱা অযৌন প্ৰজননৰ বিভিন্ন প্ৰকাৰবোৰ উদাহৰণসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ প্ৰাণীদেহত দেখা বিভিন্ন প্ৰকাৰৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া সমূহ হ’ল ―

(ক) দ্বি – বিভাজন :- এইটো অতি সাধাৰণ তথা সৰল প্ৰকাৰৰ অযৌন প্ৰজনন ইয়াক সাধাৰণতে এককোষী প্ৰাণী আৰু নিম্নস্তৰৰ প্ৰাণীদেহত পোৱা যায় ।এই প্ৰক্ৰিয়াত জীৱকোষটো সমানে দুটা ভাগত বিভক্ত হয় । এই বিভাজন দীঘলে দীঘলে অথবা পথালিকৈও হ’ব পাৰে । উদাহৰণস্বৰূপে এমিবা , ইউগ্লিনা , পেৰামেছিয়াম আদি প্ৰাণীবোৰে দ্বি – বিভাজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে ।

(খ) বহু বিভাজন :- এইটো একপ্ৰকাৰৰ দ্বি – বিভাজন । ইয়াত এটা কোষৰ বিভাজন ঘটি দুটাই গঠন হয় যদিও বাৰে বাৰে বা সঘনাই হোৱা দ্বি – বিভাজনৰ কাৰণে বহু সংখ্যক অপত‍্য কোষৰ সৃষ্টি কৰিব পাৰে । সাধাৰণতে প্ৰতিকুল পৰিৱেশত এমিবা , এন্টামিবা আদিয়ে এই প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে ।

(গ) মুকুলোদগম :- কিছুমান নিম্নখাপৰ বহুকোষী প্ৰাণীৰ দেহৰ কিছুমান অংশত কোষ বিভাজনৰ দ্বাৰা কিছুমান এককোষী অথবা বহুকোষী প্ৰবৰ্ধ ওলায় এইবোৰক মুকুল বোলে । মুকুলবোৰ ডাঙৰ হৈ মাতৃ গুণ বিশিষ্ট হয় আৰু মাতৃ দেহৰ পৰা পৃথক হৈ স্বাধীনভাৱেজীৱন যাপন কৰে।মুকুলৰ সৃষ্টি প্ৰাণীদেহৰ বাহিৰত হ’লে বহিঃমুকুল আৰু প্ৰাণীদেহৰ ভিতৰত হ’লে অন্তঃমুকুল বোলে । হাইড্ৰা , স্কাইফা আদিত বহিঃমুকুল আৰু স্পঞ্জিলাৰ দেহত অন্তঃমুকুল দেখা যায় ।

(ঘ) ভাঙন :- এই ধৰণৰ অযৌন প্ৰজননত মাতৃদেহটো ভাঙি দুটা বা তাতোধিক খণ্ডত বিভক্ত হয় আৰু প্ৰতিটো খণ্ডৰ পৰাই এটাকৈ নতুন জীৱন সৃষ্টি হয় । এনে প্ৰজনন সাধাৰণতে তৰামাছ চেপেটা কৃমি আদিৰ ক্ষেত্ৰত দেখা যায় ।

(ঙ) প্লাজম’ট’মি :- ইয়াত কোষৰ প্ৰৰসখিনি বিভাজিত হয় কিন্তু কোষকেন্দ্ৰৰ বিভাজন নহয় । সেয়েহে প্ৰতিটো অপত‍্য কোষত কোষকেন্দ্ৰ নাথাকিবও পাৰে । অ’পেলিনাত এই প্ৰকাৰৰ অযৌন প্ৰজনন দেখা যায় ।

(চ) গেমুল গঠন :- স্পঞ্জ অথবা স্পঞ্জিলাৰ দেহত কিছুমান অন্তঃমুকুল গঠন হয় । এইবোৰক গেমুল বোলে । এই গেমুলৰ অংকুৰণ ঘটি অপত্য জীৱৰ সৃষ্টি হয় ।

(ছ) পুনৰজীৱন :- কোনো প্ৰাণীৰ দেহৰ কোনো কোনো অংগৰ পৰা একোটা অপত্য জীৱৰ সৃষ্টি কৰিব পাৰে । যেনে প্লেনেৰিয়া , চিলেনটাৰাটা আৰু কন্টকচৰ্মী প্ৰাণী ।

3 thoughts on “Class 12 Biology Chapter 1 জীৱৰ প্ৰজনন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top