Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান

Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান and select needs one.

Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান Solutions for All Subject, You can practice these here…

দীঘল প্ৰশ্ন উত্তৰ

প্ৰশ্ন ২১।মুদ্ৰা আৰু মূলধনী বজাৰৰ মাজত পার্থক্য দেখুওৱা।

উত্তৰ:- মুদ্ৰা বজাৰ:-

(ক) মুদ্ৰা বজাৰৰ মাধ্যমেৰে সংগ্ৰহ কৰা ধন ৰাশি সাধাৰণতে কম সময়ৰ বাবে ব্যৱহৃত হয়  (এক বছৰৰ বেছি নহয়)।

(খ) মুদ্ৰা বজাৰত বিভিন্ন ধৰণৰ দলিল যেনে  বিল অফ এজেঞ্চ, ট্রেজাৰী বিল আদি ব্যৱহৃত হয়।

(গ) মুদ্ৰা বজাৰত সাধাৰণতে কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকবোৰে অংশ গ্ৰহণ কৰে।

(ঘ) লেন দেন বোৰ দালালৰ অবিহনে সংঘটিত হয়।

মূলধনী বজাৰ :-

(ক) মূলধনী বজাৰৰ ধন ৰাশি দীঘলীয়া সময়ৰ বাবে ব্যৱহৃত হয় ।

(খ) মূলধনী বজাৰত শ্বেয়াৰ , দিবেন্সাৰ আদি দলিল ব্যৱহৃত হয় ।

(গ) উন্নয়নী বেংক আৰু বীমা কোম্পানীসমূহে মূলধনী বজাৰত আগভাগ লয় ।

(ঘ) সকলো ধৰণৰ লেন দেন কেৱল দালালৰ যোগেদিহে হয় ।

প্ৰশ্ন ২২।উন্নয়নী বেংকৰ তিনিটা উদ্দেশ্য লিখা ?

উত্তৰ :- (i) অৰ্থনৈতিক বিকাশ সাধন কৰা ।

(ii) উদ্যোগ স্থাপন কৰা আৰু নিয়োগৰ সুবিধা প্ৰদান কৰা ।

(iii) গাঁৱলীয়া অঞ্চল সমূহৰ উন্নতি সাধন কৰা ।

প্ৰশ্ন ২৩।আন্তৰ্জাতিক বিত্ত নিগমৰ কাৰ্যাৱলী আৰু উদ্দেশ্য সমূহ চমুকৈ আলোচনা কৰা । 

উত্তৰ :- উদ্দেশ্য :- (i) ইকনমিক কমিচন ফৰ এণ্ড ফাৰ ইষ্ট (ECAFE)   ৰ অন্তৰ্গত দেশসমূহৰ আৰ্থিক উন্নয়নৰ উদ্দেশ্য চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিনিয়োগ উন্নীত কৰা ।

(ii) আঞ্চলিক, উপ আঞ্চলিক,  জাতীয় ক্ষেত্ৰত আৰ্থিক উন্নয়নৰ হকে বিত্তৰ যোগান ধৰা বিশেষকৈ অনুন্নত আৰু সৰু অঞ্চলৰ উন্নতিৰ সুবিধা কৰা ।

(iii) সদস্য দেশৰ উন্নতিকল্পে আৰু সেইবোৰৰ সম্বল সঠিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সভ্যসকলৰ পৰিকল্পনাঃ আৰু আঁচনিৰ সমন্বয় সাধন কৰা।

(iv) আৰ্থিক উন্নয়নৰ প্ৰকল্প আৰু আঁচনি প্ৰস্তুত কৰা আৰু কাৰ্যকৰী কৰাত কাৰিকৰী সাহায্য প্ৰদান কৰা। 

(v) সংযুক্ত জাতি সংঘৰ বিভিন্ন অংগ আৰু আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ সহযোগিতা উন্নয়নৰ কাৰণে বিনিয়োগ কৰা ইত্যাদি । 

প্ৰশ্ন ২৪।ভাৰতীয় উদ্যোগিক বিত্ত নিগমৰ পাঁচটা কাৰ্যাৱলী লিখা ।

উত্তৰ :- কাৰ্যাৱলী :- (i) ভাৰতীয় টকা আৰু বৈদেশিক মুদ্ৰাৰে দীৰ্ঘম্যাদী ঋণ যোগান ধৰা।

(ii) কোম্পানীৰ সমাংশ,অগ্ৰাধিকাৰ অংশ আৰু ঋণ পত্ৰ ৰ অবলেখন কৰা। 

(iii) কোম্পানীৰ সমাংশ, অগ্ৰাধিকাৰ অংশ আৰু ঋণ পত্ৰলৈ মূলধন হিচাপে বৰঙণি আগবঢ়োৱা। 

প্ৰশ্ন ২৫।ভাৰতীয় উদ্যোগিক বিকাশ বেংকৰ কাৰ্যাৱলী সমূহ লিখা। 

উত্তৰ :- (i) উদ্যোগ বিকাশৰ শীৰ্ষ প্ৰতিষ্ঠান হিচাপে ই উদ্যোগৰ প্ৰকল্প প্ৰৱৰ্তন আৰু বিকাশৰ কাৰণে কাম কৰে ।

(ii) উদ্যোগৰ সম্প্ৰসাৰণ , প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগ , ব্যৱস্থাপনা , আৰু প্ৰশাসনীয় দিশত সেৱা আগবঢ়োৱা ।

(iii) চৰকাৰৰ অনুমোদিত উদ্যোগৰ ক্ষেত্ৰত ই আন বিত্তীয় প্ৰতিষ্ঠান ক পুনৰ বিত্তৰ যোগান দিব পাৰে । 

(iv) উদ্যোগৰ উন্নয়ন আৰু প্ৰবর্তনৰ ক্ষেত্ৰত ই অন্যান্য বিত্তীয় অনুষ্ঠানৰ কাম কাজৰ সমন্বয় সাধন কৰে। 

(v) উদ্যোগৰ পুঁজি সৰবৰাহ কাৰণে ঔদ্যোগিক বিকাশ বেংকে সেইবোৰৰ মূলধনী অংশ পত্ৰ ,ঋণ পত্ৰ আদিৰ অবলেখন বা ক্ৰয় কৰে  ইত্যাদি ।

প্ৰশ্ন ২৬।ৰাজ্যিক বিত্তীয় নিগমৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ :- দেশৰ ৰাজ্যসমূহত উদ্যোগিককৰণৰ সুবিধাৰ্থে 1951 চনত ভাৰত চৰকাৰে ‘ৰাজ্যিক বিত্তীয় নিগম আইন প্ৰণয়ন কৰে।এই আইনৰ ব্যৱস্থাৰ ভিত্তিত দেশত 18 টা বিত্ত নিগম প্ৰতিষ্ঠা কৰি দেশৰ বিভিন্ন ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ বিত্তীয় সাহায্য আগবঢ়াই    আহিছে । নতুন পুৰণি সকলো উদ্যোগৰ প্ৰতিস্থাপন, আধুনিককৰণ, নবিকৰণ,সম্প্ৰসাৰণ আৰু ভিন্নমূখীকৰণত আৱশ্যকীয় বিত্তীয় সাহায্য যোগান ধৰা এই নিগমৰ অন্যতম উদ্দেশ্য উদ্যোগিক প্ৰতিষ্ঠানৰ ঋণ পত্ৰলৈ বৰঙণি আগবঢ়োৱা অথবা ঋণ বা আগধন মঞ্জুৰ কৰা , উদ্যোগিক প্ৰতিষ্ঠানে নিগমৰ লগত পাৰস্পৰিক  সন্মতিৰে গ্ৰহণ কৰা ঋণৰ বিপৰীতে জামিন স্বীকৃতি দিয়া আৰু উদ্যোগিক প্ৰতিষ্ঠানে বিলি কৰা ষ্টক , অংশ , ঋণ পত্ৰ আৰু বেণ্ড অবলেখন কৰা ইত্যাদি । ৰাজ্যিক নিগম মজলিয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে  ৰাজ্যৰ ভিতৰত কাম কৰে। 

ৰাজ্যিক বিত্তীয় নিমগৰ পুঁজি সম্বল কেবাটাও উৎসৰ পৰা আহে । অংশ পত্ৰ ৰ ধন , সংৰক্ষণ তহবিল , ঋণ পত্ৰ বিক্ৰী কৰি পোৱা নিধিৰ উপৰিও ই ৰিজাৰ্ভ বেংক , ভাৰতীয় ক্ষুদ্ৰ  উদ্যোগৰ বিকাশৰ বেংক আৰু ৰাজ্য চৰকাৰ আদিৰ পৰা ঋণ লয়।তাৰোপৰি আন্তৰ্জাতিক উন্নয়ন সংস্থাৰ পৰাও ই সাহায্য পায় ।ই ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়বোৰৰ আমানত জমা ৰাখে ।

Sl. No.সূচী-পত্ৰ
Chapter 1ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Chapter 2ভাৰতীয় ৰিজাৰ্ভ বেংক
Chapter 3বিত্তীয় বজাৰ
Chapter 4অনা বেংক বিত্তীয় অনুষ্ঠান
Chapter 5হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ
Chapter 6চেকৰ সংগ্ৰহ আৰু পৰিশোধ
Chapter 7পুঁজি নিয়োগ

প্ৰশ্ন ২৭।কৃষি আৰু গ্ৰামোন্নয়নৰ জাতীয় বেংক নৱাৰ্ডৰ কাৰ্যাৱলীসমূহ লিখা।

উত্তৰ :- ( i) কৃষি উৎপাদন, কৃষি ফচলৰ সংৰক্ষণ, ক্ৰয়- বিক্ৰয়ৰ ক্ষেত্ৰত বাণিজ্যিক বেংক আঞ্চলিক গ্ৰাম্য বেংক আৰু সমবায় বেংকে যি ঋণ দিয়ে , নাৱাৰ্ড তাৰ পূণৰ বিত্ত যোগান দিয়ে। 

(ii) কুটিৰ শিল্প ,ক্ষুদ্ৰ উদ্যোগ ,গ্ৰাম্য উদ্যোগৰ বেংক দিয়া ঋণৰ পুনবীৰ্ত্তন কৰে । 

(iii) নাৱাৰ্ডে ৰাজ্যিক সমবায় বেংক , ভূমি উন্নয়ন বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকক হ্ৰস্বম্যাদী, মাধ্যকালীন আৰু দীৰ্ঘম্যাদী ঋণ দিয়ে। 

(iv) সমবায় খণ্ডত মূলধনী পুঁজিৰ যোগান ধৰিবলৈ ৰাজ্য চৰকাৰ সমূহক 20 বছৰ  পৰ্যন্ত ম্যাদৰ ঋণ দিয়ে । 

(v) কেন্দ্ৰীয় চৰকাৰ ,ৰাজ্য চৰকাৰ , পৰিকল্পনাঃ আয়োগ আৰু অন্যান্য সৰ্বভাৰতীয় অনুষ্ঠানে  কৃষি আৰু গ্ৰাম্য উন্নয়ন কাৰ্যত লিপ্ত হলে সেইবোৰৰ মাজত নাৱাৰ্ডে সমন্বয়  সাধন কৰে। 

প্ৰশ্ন ২৮।ৰাজ্যিক ঔদ্যোগিক উন্নয়ন নিগম কাৰ্যাৱলী সমূহ লিখা ।

উত্তৰ :- (i) ই উদ্যোগিক দায়িত্ব বাঁহী পুঁজি অৰ্থাৎ অংশ পুঁজিৰ যোগান দিয়ে।

(ii) প্ৰত্যক্ষ ঋণ দানৰ উপৰিও ঋণৰ জ্ঞাৰণটি আৰু লীজ সম্পৰ্কত বিত্ত  যোগান দিয়ে। 

(iii) উদ্যোগিকৰণ অনুপ্ৰাণিত কৰিবলৈ কিছুমান বিশেষ আঁচনি ৰূপায়ন কৰে।

(iv) উদ্যোগৰ সম্ভাৱনা সম্পৰ্কীয় জৰীপ চলাই সম্ভাব্য উদ্যোগৰ বাছনি কৰি সেইবোৰৰ প্ৰকল্প প্ৰস্তুত কৰে।এইবোৰ উদ্যোগ প্ৰতিষ্ঠানত উদগনি যোগায়।

(v) উদ্যোগ স্থাপনৰ স্থান , উদ্যোগ পাম , উদ্যোগ প্ৰতিষ্ঠানৰ ঘৰ আৰু অন্যান্য সুবিধাৰ ব্যৱস্থা কৰে। 

(vi) ই নিজাকৈ বা যুটীয়াভাৱে স্থাপনো কৰে।

প্ৰশ্ন ২৯।মুদ্ৰা বজাৰৰ উমৈহতীয়া পুঁজিৰ ওপৰত এটি টোকা লিখা। 

উত্তৰ :- মুদ্ৰা বজাৰৰ উমৈহতীয়া পুঁজি 1991 চনৰ এপ্ৰিল মাহত আৰম্ভ কৰা হৈছিল ।ইয়াৰ দ্বাৰা যমকাৰীসকলক মুদ্ৰাৰ বজাৰত কম সময়ৰ বাবে ধন বিনিয়োগ কৰি অধিক উপকৃত কৰাৰ চেষ্টা কৰা হৈছিল।এই পদ্ধতিয়ে সৰু বিনিয়োগ কাৰী আৰু মুদ্ৰা বজাৰৰ মাজৰ দূৰত্ব কমাইছিল আৰু বিনিয়োগকাৰী সকলক অধিক ধন ঘটাৰ সুবিধা কৰি দিছিল লগতে মুদ্ৰা বজাৰখনকো টনকিয়াল কৰিছিল।

এই বজাৰৰ অংশ গ্ৰহনকাৰী সকল হল  – (ক) অনুসূচীত বিভিন্ন বাণিজ্যিক বেংক আৰু ৰাজহুৱা বিত্তীয় অনুষ্ঠানবোৰ।

(খ) ওপৰত উল্লেখ কৰা অনুষ্ঠানসমূহৰ তলতিয়া সংগঠনবোৰ যিবোৰ এই পুঁজি নিবেশত পাৰ্গত।

(গ) ব্যক্তিগত খণ্ডৰ উমৈহতীয়া পুঁজিৰ সংগঠন ইত্যাদি। 

প্ৰশ্ন ৩০।সাধাৰণ বীমা নিগনিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :- সাধাৰণ বীমা বুলিলে অগ্নিবিমা , নৌ বীমা , আকস্মিক দুৰ্ঘটনা বীমা , সম্পত্তি বীমা , মটৰ গাড়ী বীমা আদিক সামৰি লয়।1972 চনৰ  নৱেম্বৰ মাহত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় কৰি বীমা ব্যৱসায় চৰকাৰে নিয়ন্ত্ৰণ কৰে।বর্তমান ভাৰতীয় সাধাৰণ বীমা নিগমৰ লগতে আন চাৰিটা কোম্পানীয়ে সহযোগী প্ৰতিষ্ঠান হিচাপে বীমা ব্যৱসায় চলায় । 

সেইবোৰ হৈছে :- ( i) নেচনেল ইঞ্চুৰেঞ্চ কোম্পানী ।

(ii) নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী ।   

(iii) অৰিয়েণ্টেল ফায়াৰ এণ্ড জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী । আৰু  

(iv) ইউনাইটেড ইঞ্চুৰেঞ্চ কোম্পানী সাধাৰণ বীমা নিগম এক প্ৰকাৰ বিনিয়োগ অনুষ্ঠান।

সাধাৰণ বীমা নিগমে কিস্তিৰ বিনিময়ৰ কোনো সম্পত্তি অগ্নিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হলে বিমকৃত সম্পত্তিৰ মূল্য বা বিমাপত্ৰত লিখা টকাৰ যিটো কম হয়।সেই পৰিমাণ ক্ষতিপূৰণ দিয়ে।সেইদৰে আকস্মিক দুৰ্ঘটনা, সময়ত বীমা , নৌ বীমা , মাতৰ গাড়ীৰ বিমকৃত মূল্য বা প্ৰকৃত ক্ষতিৰ পৰিমাণ নিগমে আদায় দিয়ে।ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্দিষ্ট বীমা চুক্তি মতে নিগমে আদায় দিয়ে।প্ৰকৃত ক্ষতি বিমকৃত টকাৰ পৰিমাণতকৈ কম হলে ,সেই পৰিমাণ ক্ষতিপূৰণ হিচাপে দিয়ে। 

প্ৰশ্ন ৩১।আন্তৰ্জাতিক বিত্ত নিগমৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :- আন্তৰ্জাতিক বিত্ত নিমজ 1956 চনৰ 20 জুলাই তাৰিখে প্ৰতিষ্ঠা কৰা হয়।ই বিশ্ব বেংকৰ স্বীকৃতি প্ৰথম প্ৰতিষ্ঠান যদিও ইয়াৰ এটা সুকীয়া সত্বা আছে ।ইয়াৰ সাদস্যভুক্ত হবলৈ হলে আগতে বিশ্ব বেংকৰ সভ্য হব লাগে।এই নিগমৰ মূল্য উদ্দেশ্য হৈছে  ব্যক্তিগত খণ্ডৰ আৰ্থিক কাম কাৰ্যত পুঁজিৰ সৰবৰাহ কৰে ।ব্যক্তিগত খণ্ডত উদ্যোগৰ প্ৰগতি দ্ৰুততৰ কৰাৰ কাৰণে ইয়াক প্ৰতিষ্ঠা কৰা হয় ।এই লক্ষ্য সাধনৰ নিগমে ব্যক্তিগত পুঁজি , বিনিয়োগৰ সুবিধা আৰু দক্ষতা আদান প্ৰদানত গুৰুত্বপূৰ্ণ ভুমিকা লয়।ইয়াৰ ফলত যিবোৰ ব্যক্তিগত খণ্ডৰ উদ্যোগে সুবিধাজনক ভাবে পৰ্যাপ্ত পৰিমানে অন্য উৎসৰ পৰা ঋণ নাপায় ,সেই খণ্ডবোৰলৈ প্ৰত্যক্ষ বা পৰোক্ষ পুঁজিৰ প্ৰবাহ ঘটায়।নিগমৰ কৰ্মকৰ্তা সকলে উচিত বিবেচনা কৰিলে নিজে সদস্য দেশৰ এলেকাত প্ৰতিষ্ঠা কৰিবলগীয়া উদ্যোগৰ অংশ পুঁজি আৰু ঋণ পুঁজিৰ যোগান দিব পাৰে। 1996 চনৰ জোনত ইয়াৰ সদস্য সংখ্যা হল 181। 

প্ৰশ্ন ৩২।আন্তৰাষ্ট্ৰীয় উন্নয়নী সংগঠনৰ ওপৰত এটি চমুটোকা লিখা। 

উত্তৰ :- বিশ্ব বেংকৰ অনুমোদন ক্ৰমে 1960 চনত আন্তৰাষ্ট্ৰীয় উন্নয়নো সংগঠনৰ স্থাপন কৰে।ইয়াৰ মুখ্য উদ্দেশ্য আছিল অনুন্নত দেশবোৰক বিত্তীয় সাহায্য প্ৰদান কৰা।অনুন্নত দেশবোৰৰ শিক্ষা ,স্বাস্থ্য,জলসিঞ্চন, গৃহনিৰ্মান আদি প্ৰক্ৰিয়াত ঋণ প্ৰদান কৰি এই দেশবোৰক আগুৱাই নিয়াই আছিল এই সংগঠনৰ মূল্য লক্ষ্য ।আন্তৰাষ্ট্ৰীয় উন্নয়নী সংগঠনৰ আন অন লক্ষ্যবোৰ হ’ল-

(ক) কম সুতত অনুন্নত দেশবোরক  উন্নয়নৰ ঋণ প্ৰদান কৰা। 

(খ) অৰ্থনৈতিক বিকাশ আৰু অধিক উৎপাদনৰ দ্বাৰা মানুহৰ জীৱন যাপন প্ৰণালী উন্নীত কৰা। 

(গ) বিশ্ব বেংকৰ বিভিন্ন উদ্দেশ্য আৰু কাম কাৰ্যক নিয়াৰিকৈ সম্পাদন কৰাত সহায় কৰা। 

প্ৰশ্ন ৩৩।আন্তৰ্জাতিক মুদ্ৰানিধিৰ মূল্য উদ্দেশ্যবোৰ উল্লেখ কৰা।

উত্তৰ :- (i) অৰ্থ সংক্ৰান্তীয় দিশত আন্তৰ্জাতিক সহযোগিতাৰ পথ সুগম কৰা।

(ii) সদস্য সমূহৰ মুদ্ৰা মূল্যৰ প্ৰতিযোগিতা মূলক অপচয় ৰোধ কৰি মুদ্ৰা বিনিময় ব্যৱস্থা সুদূৰ কৰা।

(iii) আন্তৰ্জাতিক লেন দেনৰ ক্ষেত্ৰত মুদ্ৰা বিনিময় ব্যৱস্থা বহুমুখী কৰা।

(iv) বহু মুদ্ৰাৰ পৰিৱৰ্তনশীল বিনিময় ব্যৱস্থাৰ মধ্যমেৰে  আন্তৰ্জাতিক বাণিজ্যৰ উন্নতি সাধন প্ৰচেষ্টা কৰা।

(v) সভ্য দেশ সমূহৰ অস্থায়ী প্ৰতিকূল বাণিজ্যৰ উদ্ধৃতিৰ অসুবিধা আঁতৰ কৰা উদ্দেশ্যে ঋণ প্ৰদান কৰা হয়। 

প্ৰশ্ন ৩৪।এছিয়ান বিকাশ বেংকৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :- এছিয়ান বিকাশ বেংকে 1966 চনৰ 19 ডিচেম্বৰত মেনিলাত প্ৰতিষ্ঠা কৰা হয়।ই এক আন্তৰ্জাতিক উন্নয়ন বেংক।

উদ্দেশ্য :- (i) ইকনমিক কমিচন ফৰ এছিয়া এণ্ড ফৰ ইষ্ট ৰ অন্তৰ্ভুক্ত দেশসমূহৰ আৰ্থিক উন্নয়নৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিনিয়োগ উন্নীত কৰা।

(ii) আঞ্চলিক , উপ আঞ্চলিক জাতীয় ক্ষেত্ৰত আৰ্থিক উন্নয়নৰ হকে বিত্তৰ যোগান ধৰা , বিশেষকৈ অনুন্নত আৰু সৰু অঞ্চলৰ উন্নতিৰ সুবিধা কৰা।

(iii) সদস্য দেশৰ উন্নতিকল্পে আৰু সেইবোৰৰ সম্বল সঠিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সভ্যসকলৰ পৰিকল্পনা আৰু আঁচনিৰ সমন্বয় সাধন কৰা।

(iv) আৰ্থিক উন্নয়নৰ প্ৰকল্প আৰু আঁচনি প্ৰস্তুত কৰা আৰু কাৰ্যকৰী কৰাত কাৰ্যকৰী সাহায্য প্ৰদান কৰা।

(v) সংযুক্ত জাতি সংঘৰ বিভিন্ন অংগ আৰু আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ সহযোগিতা ৰ উন্নয়ন ৰ বিশেষকৈ কাৰণে বিনিয়োগ কৰা ইত্যাদি।

প্ৰশ্ন ৩৫।এছিয়ান বিকাশ বেংকৰ উদ্দেশ্য সমূহ লিখা।

উত্তৰ :- (i) ইকনমিক কমিচন ফৰ এছিয়া এণ্ড ফৰ ইষ্ট ৰ অন্তৰ্ভুক্ত দেশসমূহৰ আৰ্থিক উন্নয়ন উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিনিয়োগ উন্নীত কৰা।

(ii) আঞ্চলিক, উপঞ্চলিক , জাতীয় ক্ষেত্ৰত আৰ্থিক   উন্নয়নৰ হকে বিত্তৰ যোগান ধৰা  , বিশেষকৈ অনুন্নত আৰু সৰু অঞ্চলৰ উন্নতিৰ সুবিধা কৰা।

(iii) সদস্য দেশৰ উন্নতিকল্পে আৰু সেইবোৰৰ সম্বল সঠিকভাৱে ব্যৱসায় কৰাৰ ক্ষেত্ৰত সভ্যসকলৰ পৰিকল্পনাঃ আৰু আঁচনিৰ সমন্বয় সাধন কৰা।

(iv) আৰ্থিক  উন্নয়নৰ প্ৰকল্প আৰু আঁচনি প্ৰস্তুত কৰা আৰু কাৰ্যকৰী কৰাত কাৰিকৰী  সাহায্য প্ৰদান কৰা।

(v) সংযুক্ত জাতি সংঘৰ বিভিন্ন অংগ আৰু আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ সহযোগিতাৰ উন্নয়নৰ কাৰণে বিনিয়োগ কৰা ইত্যাদি।

প্ৰশ্ন ৩৬।আন্তৰ্জাতিক পুনৰগঠন আৰু উন্নয়ন বেংকৰ কাৰ্যাৱলী আৰু উদ্দেশ্য বোৰ আলোচনা কৰা।

উত্তৰ :- (i) সদস্য দেশবোৰত উৎপাদন ক্ষম উদ্দেশ্যত বিনিয়োগ সুবিধা আগবঢ়াই সদস্য দেশবোৰৰ অৰ্থনীতি পুনৰগাঠন আৰু উন্নয়ন সাধন কৰিবলৈ উপযুক্ত সহায় আগবঢ়ায়।ইয়াৰোপৰি দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ধ্বংস হোৱা অৰ্থনীতিৰ পুনৰ গঠন কৰিবলৈ ব্যৱস্থা লোৱা। 

(ii) উন্নয়নশীল দেশসমূহলৈ বিনিয়োগৰ বাবে মূলধনৰ যোগান ধৰি উৎপাদন ক্ষম সম্পদৰ উদ্ঘাটনৰ বাবে উৎসাহিত কৰা।

(iii) ব্যক্তিগত বিনিয়োগকাৰী সকলক ঋণ আৰু নিশ্চয়তা দি বৈদেশিক বিনিয়োগৰ বাবে উৎসাহিত কৰে।

(iv) সদস্য দেশবোৰৰ মাজত পৰিশোধৰ ভাৰসাম্যতা ৰক্ষা কৰা আৰু আন্তৰ্জাতিক বাণিজ্যৰ দীৰ্ঘকালীন সুষম বিকাশ লাভ কৰিবৰ বাবে দীৰ্ঘকালীন আন্তৰ্জাতিক বিনিয়োগৰ বাবে উৎসাহিত কৰা।

(v) সদস্য দেশবোৰৰ উৎপাদন বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰা আৰু শ্ৰমিকৰ অৱস্থা উন্নয়ন কৰা আদি বিষয়ৰ প্ৰতি মনোযোগ দিয়া।

প্ৰশ্ন ৩৭।ৰাজ্যিক উদ্যোগিক উন্নয়ন নিগম বিষয়ে  চমুকৈ লিখা ।

উত্তৰ :- উদ্যোগিক উন্নয়ন ত্বৰাম্বিতকৰণ আৰু ভাৰসাম্য আঞ্চলিক উন্নয়নৰ  ৰাজ্যই এক ফলপ্ৰসূ আনুষ্ঠানিক কাঠামো বা গঠনৰ ব্যৱস্থা কৰা হয়।সেই মৰ্মে সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ মালিকীস্বত্বত ৰাজ্যিক উদ্যোগিক উন্নয়ন নিগম সমূহ গঢ় লৈ উঠে।বিহাৰত 1960 চনত এনে প্ৰতিষ্ঠান সৰ্বপ্ৰথম প্ৰতিষ্ঠা কৰা হয়।অসমত 1965 চনৰ এপ্ৰিল মাহৰ 121 তাৰিখে অসম ৰাজ্যিক উদ্যোগিক উন্নয়ন নিগম সংগঠন কৰা হয়। 

উদ্দেশ্য :- ৰাজ্যিক উদ্যোগিক উন্নয়ন নিগম প্ৰতিষ্ঠা কৰাৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ উদ্যোগিকৰণ উন্নীত কৰা আৰু উদ্যোগৰ ক্ষেত্ৰত থকা আঞ্চলিক বৈষম্য হ্ৰাস কৰা।প্ৰয়োজন সাপেক্ষে অনুন্নত অঞ্চলসমূহ বিশেষভাৱে সহায় কৰা।এই নিগমে বৃহৎ , মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগক সহায় কৰে। 

কাৰ্যাৱলী :- (i) ই উদ্যোগৰ দায়িত্ববাহি পুঁজি অৰ্থাৎ অংশ পুঁজিৰ যোগান দিয়ে।

(ii) প্ৰত্যক্ষ ঋণ দানৰ উপৰিও ঋণৰ গৰাণ্টি আৰু লীজ সম্পৰ্কত বিত্ত যোগান দিয়ে।

(iii) উদ্যোগিকৰণ অনুপ্ৰাণিত কৰিবলৈ কিছুমান বিশেষ আঁচনি ৰূপায়ন কৰে।

(iv) উদ্যোগৰ সম্ভাৱনা সম্পৰ্কীয় জৰীপ চলাই সম্ভাব্য উদ্যোগৰ বাছনি কৰি  সেইবোৰৰ প্ৰকল্প প্ৰস্তুত কৰে।এইবোৰে উদ্যোগ প্ৰতিষ্ঠাত উদগনি যোগায়।

(v) উদ্যোগ স্থাপনৰ স্থান,উদ্যোগ পাম , উদ্যোগ প্ৰতিষ্ঠানৰ ঘৰ আৰু অন্যান্য সুবিধাৰ ব্যৱস্থা কৰে।

(vi) ই নিজাকৈ বা যুটীয়াভাৱে উদ্যোগ স্থাপনো কৰে।

প্ৰশ্ন ৩৮। ভাৰতীয় জীৱন বীমা নিগম বিষয়ে চমুকৈ লিখা।

উত্তৰ :- ইয়াক 1956 চনত গঠন কৰা হয়।জীৱন বীমা নিগম এক প্ৰকাৰৰ বিত্তৰ মধ্যস্থতাকাৰী প্ৰতিষ্ঠান।নিগমে বিভিন্ন শ্ৰেণীৰ লোকৰ সুবিধা হোৱাকৈ বিভিন্ন প্ৰকাৰৰ বীমা পত্ৰৰ প্ৰৱৰ্তন কৰিছে।বীমা পত্ৰৰ কিস্তিধনৰ পৰা বছৰি যথেষ্ট পৰিমাণে পুঁজি সংগ্ৰহ কৰে।এই পুঁজি চৰকাৰী আৰু বেচৰকাৰী প্ৰতিভূতি ক্ৰয় কৰি বিনিয়োগ কৰে।লগতে গৃহ নিৰ্মাণৰ কাৰণে বীমা পত্ৰ ধাৰকৰ ঋণ দিয়ে।জীৱন বীমা নিগমে কিস্তিৰ বাবদ কিমান টকা পাব আৰু বীমা পত্ৰ ধাৰকক কিমান টকা দিব লাগিব সেইটো আগতীয়াকৈ অনুমান কৰিব পাৰে।গতিকে কিমান টকা কিমান দিনলৈ বিনিয়োগ কৰিব সঠিকভাৱে জানিব পাৰে।

উদ্দেশ্য :- (i) কম খৰচতে বিমাকাৰী সকলৰ বীমা ব্যৱস্থাৰে জীৱনৰ আৰ্থিক সুৰক্ষা প্ৰদান কৰা।

(ii) বীমা সংযুক্ত সঞ্চয় আচঁনিৰে জনসাধাৰণৰ সঞ্চয় সংগৃহীত কৰা।

(iii) দেশৰ লগতে বিমাকাৰী সকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নিগমে সংগৃহীত পুঁজি নিৰপদভাৱে বিনিয়োগ কৰে।

(iv) জনসাধাৰণৰ প্ৰয়োজন ভিত্তিত নতুন নতুন আৰু ভিন ভিন জীৱনৰ বিমাৰ উদ্ভাৱন কৰা।

(v) বিমাকাৰীক নিপুন সেৱা আগবঢ়াই সন্তুষ্ট কৰা ইত্যাদি।ইয়াৰোপৰি জীৱন বীমা নিগমে তলত দিয়া কাম বোৰ আৰম্ভ কৰিছে  –

(i) গৃহ নিৰ্মাণৰ বিত্ত যোগান প্ৰতিষ্ঠান।

(ii) সমভাগি যৌথ নিধি বা মিউচুয়েল ফাণ্ড।

(iii) জীৱন বীমা সহযোগ পাতিসম্পদ পৰিচালনা কোম্পানী ইত্যাদি।

প্ৰশ্ন ৩৯।আন্তৰ্জাতিক পুনৰগঠন আৰু উন্নয়ন বেংকৰ আভাস দিয়া আৰু ইয়াৰ কাৰ্যাৱলী আৰু উদ্দেশ্য বোৰ আলোচনা কৰা।

উত্তৰ :- আন্তৰ্জাতিক পুনৰ গঠন আৰু উন্নয়ন বেংকক বিশ্ব বেংকে হিচাপে জনা যায়।আমেৰিকাৰ ব্ৰিটেইন চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মুদ্ৰা আৰু বিত্তীয় সন্মিলনৰ সিদ্ধান্ত ক্ৰমে 19495 চনৰ 27 ডিচেম্বৰত ইয়াক প্ৰতিষ্ঠা কৰা হয়।ই 1946 চনৰ জোনৰ পৰা কাম কৰে।বিশ্ব বেংকৰ উদ্দেশ্য হল ইয়াৰ  সদস্য দেশবোৰৰ অৰ্থনীতি পুনৰগঠন  কৰা আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰা।

উদ্দেশ্য :- বিশ্ব বেংকৰ চুক্তিৰ অনুচ্ছেদ অনুসৰি ইয়াৰ উদ্দেশ্য বোৰ হল-

(i) সদস্য দেশবোৰত উৎপাদন ক্ষম উদ্দেশ্যিত বিনিয়োগৰ সুবিধা আগবঢ়াই সদস্য দেশবোৰৰ অৰ্থনীতি পুনৰগঠন আৰু উন্নয়ন সাধন কৰিবলৈ উপযুক্ত সহায় আগবঢ়োৱা।ইয়াৰোপৰি দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ধ্বংস হোৱা অৰ্থনীতিৰ পুনৰগঠন কৰিবলৈ ব্যৱস্থা লোৱা।

(ii) উন্নয়নশীল দেশসমূহলৈ বিনিয়োগৰ বাবে মূলধনৰ যোগান ধৰি উৎপাদন ক্ষম সম্পদৰ উদ্ঘাটনৰ বাবে উৎসাহিত কৰা।

(iii) ব্যক্তিগত বিনিয়োগকাৰী সকলৰ ঋণ আৰু নিশ্চয়তা দি বৈদেশিক বিনিয়োগৰ বাবে উৎসাহিত কৰা।

(iv) সদস্য দেশবোৰৰ মাজত পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা কৰা আৰু আন্তৰ্জাতিক বাণিজ্যৰ দীৰ্ঘকালীন সুষম বিকাশ লাভ কৰিবৰ বাবে দীৰ্ঘকালীন আন্তৰ্জাতিক বিনিয়োগৰ বাবে উৎসাহিত কৰা।

(v) সদস্য দেশবোৰৰ উৎপাদন বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰা আৰু শ্ৰমিকৰ অৱস্থা উন্নয়ন কৰা আদি বিষয়ৰ প্ৰতি মনোযোগ দিয়া।

প্ৰশ্ন ৪০।কৃষি আৰু গ্ৰামোন্নয়নৰ জাতীয় বা নৱাৰ্ডৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :-1982 চনৰ 12 জুলাই তাৰিখে ভাৰত চৰকাৰে কৃষি আৰু গ্ৰামোন্নয়নৰ জাতীয় বেংক প্ৰতিষ্ঠা কৰে।ইয়াৰ মূল লক্ষ্য হৈছে গ্ৰাম্য অৰ্থ ব্যৱস্থাৰ বিভিন্ন খণ্ডলৈ ঋণৰ প্ৰবাহ নিৰ্বিছিন্ন কৈ ৰখা যাতে ঋণৰ অভাবগত আৰ্থিক কাম কাজ বাধাগ্ৰস্ত নহয়। 

কাৰ্যাৱলী :- (i) কৃষি উৎপাদন , কৃষি ফচলৰ সংৰক্ষণ ,ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বাণিজ্যিক বেংক , আঞ্চলিক গ্ৰাম্য বেংক আৰু সমবায় বেংকে যি ঋণ দিয়ে , নাৱাৰ্ডে তাৰ পুনৰ বিত্ত যোগান দিয়ে।

(ii) কুটিৰ শিল্প , ক্ষুদ্ৰ উদ্যোগ , গ্ৰাম্য উদ্যোগক বেংকে দিয়া ঋণৰ পুনৰবিত্তান কৰে। 

(iii) নাৱাৰ্ডে ৰাজ্যিক সমবায় বেংক, ভূমি উন্নয়ন বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকক হ্ৰস্বম্যাদী , মাধ্যকালীন আৰু দীৰ্ঘম্যাদী ঋণ দিয়ে। 

(iv) সম্বাঞ্চখণ্ডত মূলধনী পুঁজিৰ যোগান  ধৰিবলৈ ৰাজ্য চৰকাৰ সমূহক 20 বছৰ পৰ্যন্ত ম্যাদৰ ঋণ দিয়ে।

(vi) কেন্দ্ৰীয় চৰকাৰ , ৰাজ্য চৰকাৰ,পৰিকল্পনাঃ আয়োগ আৰু অন্যান্য সৰ্বভাৰতীয় অনুষ্ঠানে কৃষি আৰু গ্ৰাম্য উন্নয়ন কাৰ্যত লিপ্ত হলে সেইবোৰৰ মাজত নাৱাৰ্ডে সমাম্বয় সাধন কৰে।  

প্ৰশ্ন ৪১।ভাৰতীয় ইউনিট ট্ৰাষ্টৰ বিষয়ে চমুকৈ লিখা ।   

উত্তৰ :- ইউনিট ট্ৰাষ্ট অব ইণ্ডিয়া আইন 1963 চনৰ বিধি বিধান অনুসৰি 1964 চনৰ পহিলা ফেব্ৰুৱাৰীত ভাৰতীয় ইউনিট ট্ৰাষ্ট গঠন কৰা হয়।ই দেশৰ মুদ্ৰা বজাৰৰ প্ৰথম সমভাগি যৌথ প্ৰতিষ্ঠান।ইয়াক বিনিয়োগ অনুষ্ঠান বোলা হয় কাৰণ ইউনিট ধাৰকৰ টকা প্ৰতিভূতি বিনিয়োগ কৰাক বাহিৰেও ই অন্য কাম নকৰে।ট্ৰাষ্ট 10 টকা মূল্যৰ ইউনিট বিক্ৰী কৰে।ইউনিট একোটাৰ মূল্য দহ টকা হোৱা কাৰণে নিম্ন আৰু মধ্যবিত্ত লোকৰ এইবোৰ কিনিবলৈ সুবিধা হয়।ইয়াৰ ক্রেতা ইউনিট ধাৰক।কিন্তু তেওঁলোক ইয়াৰ অংশ ধাৰক নহয়।ইউনিট ধাৰক এক প্ৰকাৰ বিনিয়োগকাৰী।ইউনিট ট্ৰাষ্ট সংগ্ৰহ পুঁজি সম্ভাৰ চৰকাৰী বেচৰকাৰী বিভিন্ন প্ৰকাৰ প্ৰতিভূতি ক্ৰয় কৰে।প্ৰতিভূতিৰ পৰা পোৱা সুদ বা লভয়াংশ আৰু প্ৰতিভূতিৰ ক্ৰয় মূল্যতকৈ বজাৰ মূল্য অধিক হলে সেই বৰ্দ্ধিত অংশ আদায় হলে,এইবোৰৰ সমষ্টি ফলৰ পৰা ট্ৰাষ্ট পৰিচালনাৰ খৰচ বাদ দি যি পৰিমাণ মূল্য থাকে সেইখিনিক ইউনিট ধাৰক সকলৰ মাজত ভাগ কৰা হয়।এনেদৰে ইউনিট একোটাৰ প্ৰকৃত পৰিসম্পদৰ মূল্য স্থিৰ কৰা হয়। 

উদ্দেশ্য :- ইউনিট ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাৰ প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণৰ সঞ্চয়ৰ ধন সংগ্ৰহ কৰি একত্ৰিত কৰা।এইদৰে একত্ৰিত ধন পুঁজি আকাৰে উত্পাদনশীল কামত বিনিয়োগ কৰে।

2001 চনৰ জুন মাহত ইউনিট ট্ৰাষ্ট দুৰ্যোগৰ সন্মুখিন হোৱাত ইয়াক দুভাগ কৰা হয়।ইউনিট ট্ৰাষ্ট 1 আৰু ইউনিট ট্ৰাষ্ট 2 হিচাপে ইয়াক পুনৰ গঠন কৰা হয়।ইউনিট ট্ৰাষ্ট এক চৰকাৰে নিযুক্ত কৰা প্ৰশাসকে পৰিচালনা কৰে।এই আঁচনি মতে ইউ,এচ 64,এ আৰ এচ মাহেকীয়া আয় আঁচনি আৰু চাৰিবিধ দীৰ্ঘম্যাদী আঁচনি ইয়াত পৰিচালনা কৰা হয়।ইউনিট ট্ৰাষ্ট  2 এক প্ৰকাৰ ট্ৰাষ্ট কোম্পানীয়ে পৰিচালনা কৰে।ই প্ৰকৃততে ইউনিট ট্ৰাষ্ট মিউচুয়েল ফাণ্ড।ইয়াৰ ইউনিট ধাৰকসকলে ট্ৰাষ্টি কোম্পানী গঠন কৰে।2003 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা ইউনিট ট্ৰাষ্ট 2 ব্যৱস্থাপনা কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top