Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক

Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক and select needs one.

Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক Solutions for All Subject, You can practice these here.

ভাৰতবৰ্ষত বাণিজ্যিক বেংক

Chapter : 1

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। ইম্পেৰিয়েল বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ :- ১৯২১ চনত ।

প্ৰশ্ন ২। বৰ্তমান সময়লৈকে কিমান সংখ্যক বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছে  ?  

উত্তৰ :- ১৭ তা  ( ভাৰতীয় ষ্টেট বেংকৰ সহযোগী বেংকবোৰ সামৰি)  ।

প্ৰশ্ন ৩। কোনটো বছৰত ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল   ? 

উত্তৰ :- ১৯৭৪  চনত । 

প্ৰশ্ন ৪।কোনটো বছৰত ৬টা ভাৰতীয় বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল   ? 

উত্তৰ  :- ১৯৬৯ চনত  ।

প্ৰশ্ন ৫।১৯৮০ চনত কিমান টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ?

উত্তৰ :- ২০ টা  ।

প্ৰশ্ন ৬।’নায়ক বেংক আঁচনি ‘ কিমান চনত হাতত লোৱা হৈছিল ?  

উত্তৰ :- ১৯৬৯ । 

প্ৰশ্ন ৭।কিমান চনত ভাৰতীয় ষ্টেট বেংক প্ৰতিষ্ঠা হৈছিল ?  

উত্তৰ :- ১৯৫৫ চনত । 

প্ৰশ্ন ৮। প্ৰেচিডেন্সী বেংক তিনিতাৰ নাম লিখা ।  

উত্তৰ :- বেংক অফ বেংগল  (১৮০৯) ‘(বেংক অফ বোম্বাই (১৮৪০) আৰু বেংক অফ মাদ্ৰাজ (১৮৪৩) । 

প্ৰশ্ন ৯। ভাৰতীয় ষ্টেট বেংকৰ পুৰণি নামটো লিখা ।

উত্তৰ :- ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া । 

( খ ) চমু উত্তৰ দিয়া :-

প্ৰশ্ন ১০। বেংকৰ সংজ্ঞা দিয়া ।

উত্তৰ :- বেংক হৈছে এটা বিত্তীয় প্ৰতিষ্ঠান । ই মূলতঃ টকা পইচাৰ লেনদেন কৰে  ।  বেংকৰ সংজ্ঞা সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ ব্যাখ্যা কৰিছে  – 

ড০ এইচ , এল হাৰ্টে  তেওঁৰ মতে  ‘ বেংকিং ল নামৰ পুথিত বেংকৰ সংজ্ঞা সম্পৰ্কে নিজ মত ব্যক্ত কৰিছে  ।    তেখেতৰ মতে ‘সাধাৰণ ব্যৱসায় হিচাপে যিয়ে চলিত হিচাপত আমানত গ্ৰহণ কৰে আৰু তেনে জমাকৰীক চেক ভঙাই দিয়ে সিয়ে বেংক ‘ ।  ভাৰতীয় বেংকিং ৰেগুলেচন আইন 1949 চনৰ 5(C)(B) ধাৰাত বেংকৰ বিৱৰণ উল্লেখ কৰা হৈছে ।  5(C)ধাৰা মতে  ” বেংকিং মানে তেনেকুৱা কোম্পানী যিয়ে ভাৰতত বেংকিং ব্যৱসায় কৰে ”  আৰু বেংকিং ব্যৱসায় 5(বা) মতে  “ঋণ দান বা বিনিয়োগৰ উদ্দেশ্য জনসাধাৰণৰ পৰা গৃহীত আমানত জমাদাতা গ্ৰাহকৰ তাগিদা মতে বা অন্য প্ৰকাৰে পৰিশোধ কৰা আৰু চেক , ড্ৰাফট বা অন্য প্ৰকাৰে তাক উলিয়াই দিয়া কাৰ্যকে বেংকিং বোলে ”  । 

প্ৰশ্ন ১১।বিশ্বৰ প্ৰথম বেংকটোৰ নাম আৰু ইয়াৰ প্ৰতিষ্ঠাৰ সময় উল্লেখ কৰা ।

উত্তৰ :- বেংক অফ ভেনিছ , প্ৰতিষ্ঠাৰ সময় ১১৫৭ চন ।

প্ৰশ্ন ১২। ভাৰতৰ প্ৰতিষ্ঠিত বেংকটোৰ নাম কি আৰু ইয়াৰ প্ৰতিষ্ঠাৰ সময় উল্লেখ কৰা ।

উত্তৰ :- বেংক অফ হিন্দুস্তান , প্ৰতিষ্ঠাৰ সময়  ১৭৭০ চন ।

প্ৰশ্ন ১৩। বেচৰকাৰী বেংকৰ ওপৰত এটি টোকা লিখা ।

উত্তৰ :- যিবোৰ বেংক দেশৰ সাধাৰণ নাগৰিকে গঠন কৰে , পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে  , সেইবোৰ ব্যক্তিগত খণ্ডৰ বেংক বোলে । ইয়াৰ লাভালাভ বেংকৰ অংশ ধাৰাক পায় । 

প্ৰশ্ন ১৪। ৰাজহুৱা খণ্ডৰ বেংকৰ ওপৰত এটি চমু টোকা লিখা । 

উত্তৰ :- যিবোৰ বেংকৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ চৰকাৰৰ তত্বাৱধানত কৰা হয় সেইবোৰ কে চৰকাৰী বা ৰাজহুৱা খণ্ডৰ বেংক বোলে । এনে বেংকৰ মূলধনী পুঁজিৰ বেছি অংশ সম্পূৰ্ণ ৰূপে চৰকাৰে যোগান ধৰে ।   এইবোৰৰ লাভালাভ চৰকাৰে পায় ।

প্ৰশ্ন ১৫। শাখা বেংকিং কি  ? 

উত্তৰ :- এটা বেংক পঞ্জীয়ন কৰি তাৰ  অধীনত নানা শাখা সমূহে কাৰ্য চলোৱা পদ্ধতিকে শাখা বেংকিং বোলে ।

প্ৰশ্ন ১৬। গোট বেংকিং কি ?

উত্তৰ :- যি বেংকিং পদ্ধতিত একোটা বেংক পঞ্জীয়ন কৰি সাধাৰণতে গোট সমূহে চলায় তাক গোট বেংকিং বোলে ।

প্ৰশ্ন ১৭।শৃংখলা বেংকিং কি ? 

উত্তৰ :- মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক বহুমুখী বেংক ব্যৱস্থাকে চেইন বেংকিং বোলে । এই পদ্ধতি মতে এক শ্ৰেণীৰ অংশধাৰকে কেইবাটাও বেংকক বেলেগ বেলেগকৈ পঞ্জীয়ন কৰে । বেংকবোৰৰ সুকীয়া আইনগত সত্তা আছে  । কিন্ত পৰিচালনাৰ ক্ষেত্ৰৰ প্ৰয়োগ কৰা ব্যৱসায় নীতি আৰু কাৰ্যৰ দ্বাৰা আটাইবোৰ বেংক শৃংখলিত হৈ থাকে  ।

প্ৰশ্ন ১৮। গ্ৰুপ বেংকিং কি ?

উত্তৰ :- যিবিলাক বেংক অন্য কোনো মূল্য সংস্থা বা কোম্পানীয়ে প্রত্যক্ষ বা পৰোক্ষভাৱে নিয়ন্ত্ৰণ কৰে তেনেবোৰ বেংকক থুপ বেংকিং বোলে । এনে পদ্ধতিত বেংকবোৰ স্বতন্ত্ৰভাৱে নিগমবদ্ধ হয় । একোটা থুপতে কেইবাটাও বেংক থাকে  ।

প্ৰশ্ন ১৯।অনানুসূচিত বেংক কি  ?

উত্তৰ :- যিবোৰ বেংকৰ নাম ৰিজাৰ্ভ বেংক আইন 1934 চনৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত নহয় সেইবোৰকে  অনানুসূচিত বেংক বোলে ।

প্ৰশ্ন ২০। বেচৰকাৰী খণ্ডৰ দুটা ভাৰতীয় বেংকৰ নাম লিখা ।

উত্তৰ :- এইচ ডি এফ চি বেংক আৰু এক্সিছ বেংক ।

প্ৰশ্ন ২১।ৰাজহুৱা খণ্ডৰ দুটা বেংকৰ নাম লিখা । 

উত্তৰ :- (ক) ষ্টেট বেংক অৱ ইণ্ডিয়া, (খ) এলাহাবাদ বেংক ।

প্ৰশ্ন ২২। বাণিজ্যিক বেংক এজেন্সি সেৱাবোৰ লিখা ।

উত্তৰ :- ষ্টেট বেংক অৱ ইণ্ডিয়া , এলাহাবাদ বেংক , পঞ্জাৱ নেচনেল বেংক , বেংক অৱ ইণ্ডিয়া, আই ডি বি আই বেংক  ।

See Next Page No Below…

1 thought on “Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top