Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক

Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক and select needs one.

Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক Solutions for All Subject, You can practice these here…

 

দীঘল প্ৰশ্ন উত্তৰ

প্ৰশ্ন ৩৪।বেংকৰ ৰাষ্ট্ৰীয়কৰণ কি  ? ইয়াৰ উদ্দেশ্য বোৰ আলোচনা কৰা  ।

উত্তৰ :- 1968 চনত বলৱত কৰা বেংকৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ আঁচনিখন আশানুৰূপ নোহোৱাৰ পৰিপ্ৰেক্ষিতত1969 চনৰ জুলাই মাহৰ 19 তাৰিখে ৰাষ্ট্ৰপতিৰ এক আধ্যাদেশ যোগে দেশৰ 14 তা বৃহৎ ভাৰতীয় অনুসূচীত বেংক ৰাষ্ট্ৰৰ অধীনলৈ অনা হয় । ইয়াকে বেংক জাতীয়কৰন বা ৰাষ্ট্ৰীয়কৰণ বোলা হয় ।

উদ্দেশ্য :- বেংক ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যে সমূহ হ’ল – (i)   বেংক ব্যবস্থাৰ পৰা মুষ্টিমেয় লোকৰ নিয়ন্ত্ৰণ আঁতৰ কৰা ।

(ii) সমাজৰ মাংলাৰ্থে ন্যস্তস্বাৰ্থ জলাঞ্জলি দি সাৰূহিক উন্নয়নত মনোযোগ দিয়া । 

(iii)  কৃষি , ক্ষুদ্ৰ উদ্যোগ, ৰপ্তানি আদি দেশৰ অধিক গুৰুত্বপূৰ্ণ খণ্ডবোৰ লৈ বেংক সেৱাৰ অগ্ৰাধিকাৰ দিয়া ।

(iv) বেংক ব্যৱস্থাত বৃত্তিমূলক দৃষ্টিভংগীৰ সৃষ্টি কৰা ।

(v) দেশৰ প্ৰগতি ক্ষীপ্ৰগতিত  আনিবলৈ নতুন উদ্যোত্তৰ সৃষ্টি কৰা । 

(vi) কৰ্মচাৰী সকলক উপযুক্ত প্ৰশিক্ষণ দিয়া । 

(vii) বেংকৰ লাভৰ ধন জনকল্যান মূলক কামত লগোৱা ইত্যাদি ।

প্ৰশ্ন ৩৫।শাখা বেংকিং আৰু একক বা গোট বেংকিং বুলিলে কি বুজা  ? এই দুয়োৰে মাজত পাৰ্থক্য দেখুওৱা । 

উত্তৰ :- এটা বেংক পঞ্জীয়ন কৰি তাৰ অধীনত নানা ঠাইত কাৰ্যালয় মুকলি কৰি ব্যৱসায় চলোৱা পদ্ধতিকে শাখা বেংকিং বোলে । 

যি বেংকিং পদ্ধতিত একোটা বেংক পঞ্জীয়ন কৰি সাধাৰণতে এঠাইতে ব্যৱসায় চলায় তাক গোট বেংকিং বোলে ।

পাৰ্থক্য শাখা বেংকিং : – (i) শাখা বেংকিং পদ্ধতিৰ ব্যৱসায়ৰ পৰিসৰ বহল । এটা শাখাৰ পুঁজিৰ নাটনি নহলে আন শাখাৰ পৰা তাক পূৰণ কৰিব পাৰি  । 

(ii) অন্য শাখাৰ প্ৰয়োজন মতে পুঁজিৰ আহৰণ কৰা সুবিধা থকা বাবে নিম্নতম নগদ তহবিল ৰাখি ব্যৱসায় কৰিব পাৰে । গতিকে অধিক বিনিয়োগ কৰি মুনাফা বৃদ্ধি কৰিব পাৰে । 

(iii) কেন্দ্ৰয়ভাৱে সিদ্ধান্ত লওঁতে অযথা পলম হ’ব পাৰে ।

(vi) পৰিচালক আৰু কৰ্মচাৰীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক নাথাকে ।

(v) দেশৰ চুকে -কোনে শাখা বিস্তাৰিত কৰি বেংক ব্যৱসায় দায় শংকা হ্ৰাস কৰিব পাৰে । 

(vi) শাখা বেংকিংৰ পুঁজিৰ পৰিমাণ বেছি ।

(viii) বিভিন্ন ঠাইত বেংকৰ শাখা থকা হেতুকে  সেইবোৰ এঠাইত পৰা আন ঠাইলৈ সহজে পুঁজিৰ স্থানান্তৰ কৰিব পাৰে । ফলত অধিক লাভজনক ঠাইত পুঁজি নিয়োগৰ সুবিধা পায় । 

একক বা গোট বেংকিং :- (i) একক বেংকিং পদ্ধতিৰ ব্যৱসায়ৰ পৰিসৰ সীমিত । গতিকে এনে বেংকৰ ব্যৱসায় পৰিচালনা আৰু ভপৰ্যবেক্ষণ বৰ সুবিধা জনক ।

(ii) শাখাৰ কোনো ব্যৱস্থা নথকা বাবে পুঁজি আহৰণ কৰিব নোৱাৰে  ফলত মুনাফাৰ পৰিমাণ কম হয় ।

(iii) খৰতাকীয়াভাৱে সিদ্ধান্ত ল’ব পাৰে । 

(iv) পৰিচালক আৰু কৰ্মচাৰীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক স্থাপন হয় ।

(v) গোট বেংকিং পদ্ধতিত এনে সুবিধা নাথাকে । 

(vi) পৰিচালনা ব্যয় কম হয় । 

(vii) একক বেংকিংৰ পুঁজিৰ পৰিমাণ তুলনামূলকভাৱে কম । 

(viii) সীমিত বৃত্তিত পুঁজি নিয়োগ কৰিব লাগে তেতিয়া লাভজনক উদ্যোগত বিনিয়োগ কৰা অসুবিধা-জনক হয় । 

প্ৰশ্ন ৩৬।স্বাধীন ভাৰতত বেংক গ্ৰগতিৰ চমু বিৱৰণ দিয়া ? 

উত্তৰ :- স্বাধীন ভাৰতত বেংক ব্যৱসায়ে নানা দিশত চমকপ্ৰদ সাফল্য লাভ কৰিছে । বেংক সংস্কাৰ , সাংগঠনিক পৰিৱৰ্তন, নিয়ন্ত্ৰণ প্ৰসাৰতা, ব্যৱসায়িক ৰীতি – নীতি , বেংকৰ দৃষ্টিভংগী আদি দিশত আমূল পৰিবৰ্তন সংঘটিত হৈছে । ইয়াৰ পদক্ষেপ হিচাপে  –

(i) ভাৰতৰ ৰিজাৰ্ভ বেংক 1949 চনত ৰাষ্ট্ৰীয় কাৰণ কৰি চৰকাৰী খণ্ডলৈ অনা হয় । 

(ii) বাণিজ্যিক বেংকৰ পতন ৰোধ কৰি এইবোৰ সুস্থ বৃত্তিত সংগঠিত আৰু পৰিচালনাত কৰা উদ্দেশ্য 1949 চনত বেংকিং কোম্পানী আইন প্ৰণয়ন কৰা হয় । 

(iii) বেংক ব্যৱসায়ৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চৰকাৰক যথোপযুক্ত দিহা পৰামৰ্শ দিবলৈ1931-32 চনত গ্ৰাম্য বেংকিং অনুসন্ধান সমিতি গঠন , 1954 চনত সদৌ ভাৰত গ্ৰাম্য ঋণৰ নিৰ্দেশনা সমিতি গঠন ইত্যাদি ।

(iv) সদৌ ভাৰত গ্ৰাম্য ঋণ জৰীপ সমিতিৰ পৰামৰ্শ মতে দি ইম্পেৰীয়েল বেংকক জাতীয়কৰণ 1955 চনৰ 23 জুলাইত ষ্টেট বেংক অব ইণ্ডিয়াৰ জন্ম হয় ।

(v) 1957 চনত ভাৰতীয় ষ্টেট বেংকৰ সহযোগী বেংক আইন প্ৰণয়ন । 

(vi) বেংক ফেল মাৰিলেও যাতে নিৰীহ আমানতকাৰী উপশম পায় তাৰ বাবে 1960 চনৰ আইন মতে 1962 চনৰ পৰা ভাৰতত ‘আমানত বীমা নিগম ‘খোলা হয় । 

(vii) 1968 চনৰ পৰা বাণিজ্যিক বেংকৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ চলোৱা হয় । ইয়াৰ সহায়ত ঋণ আঁচনি প্ৰস্তুত কৰি  বাণিজ্যিক বেংকক ঋণ বিতৰণৰ দিহা দিয়া হয় । 

(viii) 1967 চনৰ জানুৱাৰী মাহত চাৰায়া আয়োগ বা বেংকিং আয়োগ নিযুক্ত কৰা হয় । 

(ix) 1969 চনৰ জুলাই মাহত 14 টা বৃহৎ ভাৰতীয় বেংক ৰাষ্ট্ৰীয়কৰণ হয় । বেংকিং আয়োগৰ পৰামৰ্শ মতে 1975 চনত ‘ আঞ্চলিক গ্ৰাম্য বেংক’ গঠন কৰা হয় । 

(x) 1980 চনত পুনৰবাৰ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় তেতিয়া 6টা বেংক চৰকাৰী খণ্ডলৈ আহে । 

প্ৰশ্ন ৩৭।ষ্টেটবেংকৰ সহযোগী বেংকবোৰৰ নাম লিখা । 

উত্তৰ :- ষ্টেট বেংকৰ সহযোগী বেংকবোৰ হ’ল – 

(ক) ষ্টেট বেংক অব বিকানেৰ ।

(খ) ষ্টেট বেংক অব হয়দৰাবাদ ।

(গ) ষ্টেট বেংক ইন্দোৰ ।

(ঘ) ষ্টেট বেংক অব মহীশূৰ ।

(ঙ) ষ্টেট বেংক অব পাটিয়ালা ।

(চ) ষ্টেট বেংক অব সৌৰাষ্ট্র ।

(ছ) ষ্টেট বেংক অব টেভাঙ্কৰ ।

(জ) ষ্টেট বেংক অব জয়পুৰ ।

Sl. No.সূচী-পত্ৰ
Chapter 1ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Chapter 2ভাৰতীয় ৰিজাৰ্ভ বেংক
Chapter 3বিত্তীয় বজাৰ
Chapter 4অনা বেংক বিত্তীয় অনুষ্ঠান
Chapter 5হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ
Chapter 6চেকৰ সংগ্ৰহ আৰু পৰিশোধ
Chapter 7পুঁজি নিয়োগ

প্ৰশ্ন ৩৮। বাণিজ্যিক বেংকৰ বিভিন্ন সেৱাৰ বিষয়ে লিখা ।

উত্তৰ :- বেংকৰ ঋণ সৃষ্টিৰ সীমাবদ্ধতা সমূহ হ’ল –  

(ক) নগদ টকাৰ পৰিমাণ :- বেংকৰ ঋণ সৃষ্টিৰ ক্ষমতা নিৰ্ভৰ কৰে তেওঁলোকৰ হাতত থকা নগদ টকাৰ পৰিমাণৰ ওপৰত । যিমান নগদ টকাৰ পৰিমাণ বেছি হব সিমানে বেছি পৰিমাণৰ ঋণ সৃষ্টি কৰিব পাৰিব । অর্থাৎ ঋণ দানৰ বাবে ব্যৱহৃত হোৱা প্ৰয়োজন । আনহাতে সংৰক্ষণৰ পৰিমাণ বেছি হলে , ঋণ সৃষ্টিৰ ক্ষমতাও কমি আহে । ঋণ সৃষ্টিৰ পৰিমানটো প্ৰাথমিক জমাৰ ক্ষমতা টো ইয়াৰ হাতত থকা নগদ টকাৰ দ্বাৰা সীমিত ।

(খ) উপযুক্ত নিৰাপত্তা :- বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰ ওপৰত । বেংকে গ্ৰাহকক ঋণ দিয়ে নিৰাপত্তা , বিল, অংশ পত্ৰ বা অন্যান্য – সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰি  । এই বিলাক সম্পদৰ অ তাৰল্য অৱস্থা টো তাৰল্য অৱস্থালৈ ৰূপান্তৰিত কৰে আৰু ঋণ সৃষ্টি কৰে । যদি জনসাধাৰণৰ হাতত প্ৰকৃত নিৰাপত্তা নাথাকে , তেন্তে বেংকে ঋণ বা আমানত সৃষ্টি কৰিব নোৱাৰে । 

(গ) জনসাধাৰণৰ বেংকিং অভ্যাস :- জনসাধাৰণৰ বেংকিং অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি বেংকে ঋণ সৃষ্টি কৰিব পাৰে ।।যদি জনসাধাৰণৰ ধনাদেশ ব্যৱহাৰ কৰাৰ অভ্যস নাথাকে তেন্তে গ্ৰাহকৰ প্ৰতি মঞ্জুৰ কৰা ধন তেওঁলোকে নগদ হিচাপত উলিয়াবলৈ বিচাৰিব । ফলত বেংকৰ ঋণ সৃষ্টিৰ ক্ষমতা হ্ৰাস পাব ।   

(ঘ) অন্যান্য বেংকৰ আচৰণ :- বেংকৰ ঋণ সৃষ্টিৰ ক্ষমতাটো নিৰ্ভৰ কৰে অন্যান্য বেংকৰ ঋণ আগবঢ়ায় তেনেক্ষেত্ৰত ঋণ সম্প্ৰসাৰণ প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত হয় । 

(ঙ ) কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণৰ নীতি :- বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ ক্ষমতা নিৰ্ভৰ কৰে কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণ নীতিৰ ওপৰত । কেন্দ্ৰীয় বেংকে মুকলি বজাৰত কিনা – বেচা , বেংকৰ নীতি আদিৰ যোগেদি বাণিজ্যিক বেংকৰ ঋণদানৰ ক্ষমতা সীমিত নাইবা বৃদ্ধি কৰিবও পাৰে । 

প্ৰশ্ন ৩৯। ষ্টেট বেংক অব ইণ্ডিয়াৰ কাম কাজ আৰু পৰিচালনাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ :- পূৰ্বৰ ইম্পেৰীয়েল বেংক অব ইণ্ডিয়া ৰাষ্ট্রীয়কৰণ কৰি 1955 চনৰ 1 জুলাইত ভাৰতীয় ষ্টেট বেংক গঠন কৰা হয় । 1951 চনত ৰিজাৰ্ভ বেংকে নিযুক্ত কৰা সৰ্বভাৰতীয় গ্ৰাম্য ধন নিৰ্দেশনা সমিতিৰ পৰামৰ্শৰ ভিত্তিত ষ্টেট বেংক সংগঠন  কৰা হয় । ইয়াৰ মুঠ অনুমোদিত পুঁজি 20 কোটি টকাৰ 100 টকীয়া 20,00,000 অংশত বিভক্ত । ইয়াৰ ভিতৰত মুঠ 5625 কোটি টকাৰ 5,62,500 অংশ আদায় কৃত মুঠ মূলধনৰ কমেও 55 শতাংশ ৰিজাৰ্ভ বেংকে লয় । 

পৰিচালনা :- কেন্দ্ৰীয় সঞ্চালক পৰিষদে ইয়াক পৰিচালনা কৰে ।  পৰিষদত এজন সভাপতি ,এজন উপসভাপতি ,দুজন ব্যৱস্থাপকে সঞ্চালক আৰু পোন্ধৰ জন অঞ্চলক থাকে । ৰিজাৰ্ভ বেংকৰ লগত আলোচনা মৰ্মে কেন্দ্ৰীয় চৰকাৰে সভাপতি, উপসভাপতিক পাঁচ বছৰীয়া চৰ্তত নিযুক্ত কৰে । পৰিষদে দুজন সঞ্চালকক ব্যৱস্থাপক নিযুক্ত কৰে  তেওঁলোককো পাঁচ বছৰীয়া চৰ্তত নিযুক্ত কৰা হয় । সভাপতি উপসভাপতি আৰু ব্যৱস্থাপকক পুনৰ নিযুক্ত কৰিব পাৰি ।

কাৰ্য :- অন্যান্য বাণিজ্যিক বেংকে সম্পন্ন কৰা প্ৰায় সকলো কামকে ষ্টেট বেংকে কৰিব পাৰে । তদুপৰি ৰিজাৰ্ভ বেংকৰ কাৰ্যালয় নথকা যি ঠাইত ষ্টেট বেংকৰ কাৰ্যালয় থাকে তাত ই ৰিজাৰ্ভ বেংকৰ এজেন্ট হিচাপে কাম কৰে । অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ হকে টকা -পইচা , সোন, প্ৰতিভূতিৰ আদান -প্ৰদান , অৰ্থৰ হস্তান্তৰ বা আন লেন দেন কৰে । লগতে গ্ৰাম্য ঋণ বিতৰণ , সমবায় বেংকক সাহায্য দান , ক্ষুদ্ৰ উদ্যোগক ঋণ দান আদি কাম কৰে । 

1955 চনৰ ষ্টেট বেংক অব ইণ্ডিয়া আইনে সম্পাদন কৰিবলৈ দিয়া কাৰ্যসমূহ তলত আলোচনা কৰা হ’ল ।

(i) ৰিজাৰ্ভ বেংকৰ কাৰ্যালয় নথকা ঠাইত ষ্টেট বেংকে ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে ।  

(ii) বিভিন্ন প্ৰতিভূতি বা দলিল পত্ৰৰ জামিন ৰাখি টকা আগৰিম বা ঋণ দিব আৰু নগদ টকাৰ ঋণ হিচাপে খুলিব পাৰিব ।

(iii) প্ৰতিশ্ৰুতি পত্ৰ ,ঋণ পত্ৰ ,ষ্টক , শ্বেয়াৰ ,জামিনত ৰখা পণ্য বা ইয়াৰ  দলিল, পত্ৰবন্ধক , দায়বদ্ধক আদিত দিয়া বস্তু বিক্ৰী কৰি ষ্টেট বেংকে আমদায়ী  অগ্ৰীম ধন , ঋণ বা নগদ টকাৰ ঋণ আদায় কৰিব পাৰি । 

( iv) বিল বা অন্য  হস্তান্তৰ যোগ্য পত্ৰ লিখিব, গ্ৰহণ বা স্বীকৃতি কৰিব , বাট্টা লৈ ভগাই দিব বা ক্ৰয় – বিক্ৰয় কৰিব পাৰিব । 

(v) সোন ,ৰূপ আদি মূল্যবান ধাতুৰ ক্ৰয় – বিক্ৰয় কৰিব পাৰিব । 

(vi) সকলো ধৰণৰ ঋণ পত্ৰ , দলিল পত্ৰ বা মূল্যবান বস্তু ইয়াৰ সুৰক্ষন ব্যৱস্থা মতে নিৰাপদে জমা ৰাখিব পাৰে । 

(vii) আমানত গ্ৰহণৰ অৰ্থ হিচাপে খোলা ।

(viii) কমিছন ভিত্তিত আৰ্থিক লেন দেনৰ কাৰণে প্ৰতিনিধি কাৰ্য কৰিব পাৰে । 

(ix) বিদেশত আদায় দিবলগীয়া বিল আৰু প্ৰত্যয় পত্ৰ প্ৰবৰ্তন কৰিব পাৰে । 

(x) ন্যাসৰক্ষী হিচাপে ষ্টেট বেংকে নিজস্বভাৱে বা যুটীয়াভাবে আনৰ লগত সম্পত্তি পৰিচালনা কৰিব পাৰে  ইত্যাদি ।এনে কাৰ্য খিলঞ্জীয়া বা দেশীয় বেংকাৰ সকলে চলাই আছে । বিদেশী বণিক, বিশেষকৈ ইংৰাজ বণিক সকল ব্যৱসায়ৰ কাৰণে ভাৰতত নিগাজীকৈ বহি লোৱাত দেশীয় বেংকাৰ সকলে আশানুৰূপ বেংক সেৱা দিব পৰা নাছিল । সেয়ে এনে অসুবিধা আঁতৰ কৰাৰ কাৰণে সৰ্বপ্ৰথম ইংৰাজৰ এজেন্সি হাউছবোৰে বেশ – বেপাৰৰ লগত বেংকিং কাৰ্যও আৰম্ভ কৰিছিল ।1770 চনত ‘আলেকজেণ্ডাৰ এণ্ড কোম্পানী ‘নামৰ এজেন্সি হাউচ বেংকিং কার্যৰোঁ আৰম্ভ কৰিছিল । “প্ৰেজেন্ট দে বেংকিং ইন ইণ্ডিয়া “নামৰ গ্ৰন্থত উল্লেখ কৰা মতে ইংৰাজসকলৰ সুবিধাৰ কাৰণে 1683 চনত ” দি ফাৰ্ষ্ট বেংক অব মাদ্ৰাজ ‘আৰু 1720 চনত “দি ফাৰ্ষ্ট বেংক অব বোম্বাই ”  বেংক দুটা নিজ দেশৰ আৰ্হিত প্ৰতিষ্ঠা কৰে ।এই প্ৰতিষ্ঠিত বেংকবোৰে প্ৰথমে জনসাধাৰণৰ আমানত গ্ৰহণ কৰিছিল । পিছত বিনিময় পত্ৰৰ আদান প্ৰদান কৰে । 1770 চনৰ পৰা পুনৰ গঠিত ‘ বেংক অব বোম্বাই “য়ে নোট প্ৰৱৰ্তন কৰা । 1770 চনত প্ৰতিষ্ঠিত কলিকতাৰ পৰা ‘দি বেংক অব হিন্দুস্থান ‘য়ে আৰম্ভণৰ পৰাই নোট প্ৰৱৰ্তন কৰা । এইদৰে ইংৰাজৰ উদ্যোগত প্ৰথমে যৌথ পুঁজিৰ বেংক সংগঠিত হয় ।  ইংৰাজৰ আমোলত বহুতো বেংক স্থাপন হৈছিল যদিও ভুল ব্যৱসায় নীতি আৰু নিয়ন্ত্ৰণৰ শিথিলতাৰ কাৰণে বহুতো বেংকৰ পতনো হৈছিল ইয়াৰ প্ৰতিৰোধৰ উদ্দেশ্যে 1809 চনৰ চনদৰ সহায়ত কলিকতাত প্ৰথম  ‘ প্ৰেচিডেন্সী বেংক  ‘  প্ৰতিষ্ঠা কৰা হয় ।  ইয়াৰ পিছত 1840 চনত ‘দি বেংক অব বোম্বাই ‘আৰু 1843 চনত ‘দি বেংক অব মাদ্ৰাজ ‘ প্ৰেচিডেন্সী বেংক প্ৰতিষ্ঠা কৰা হয় । 1860 চনলৈ প্ৰতিষ্ঠিত বেংক বোৰ অসীম দেনৰ আছিল । 1860 চনৰ পিছত ভাৰততো সীমিত দেনাৰ বেংক প্ৰতিষ্ঠা কৰা আইন প্ৰণয়ন হয় । 1823 চনৰ পৰাই  ‘ প্ৰেচিডেন্সী  বেংক ” নোট প্ৰবর্তনৰ একচেতিয়া অধিকাৰ দিয়া হয় যদিও 1862 চনত নোট প্ৰবৰ্তনৰ অধিকাৰ চৰকাৰৰ হাতলৈ নিয়ে । 1920 চনৰ আইন মৰ্মে  1921 চনত প্ৰেচিডেন্সী বেংক একত্ৰিত কৰি দি “ইম্পেৰীয়েল বেংক অব ইণ্ডিয়া”  প্ৰতিষ্ঠা কৰা হয় । ইয়াৰ  লগত অন্য আঠটা বেংক পৰ্যায়ক্ৰমে ৰাষ্ট্ৰীয়কৰণ কৰি ষ্টেট বেংকৰ সহযোগী হিচাপে ৰখা হয় । 

ভাৰতৰ প্ৰাক স্বাধীন যুগত বাণিজ্যিক বেংক ব্যৱস্থাৰ যথেষ্ট উত্থান পতন হয় । এই সময়চোৱাত বেংকৰ প্ৰগতি মন্থৰ গতিৰে আগবাঢ়িছে যদিও 1906 চনত গঢ়ি উঠা স্বদেশী আন্দোলনৰ পৰা বেংকৰ প্ৰসাৰতা কিছু পৰিমানে বৃদ্ধি পায় । প্ৰথম বিশ্ব যুদ্ধৰ সময়ত সৰু ডাঙৰ  কিছু বেংকৰ পতন ঘটে । আনহাতে 1918 -39 চনৰ সময়ছোৱাত অৰ্থাৎ 1921 চনত দি ইম্পেৰীয়েল বেংক প্ৰতিষ্ঠা কৰাৰ উপৰি 1935 চনত “দি ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া ” ভাৰতৰ কেন্দ্ৰীয় বেংক হিচাপে সংগঠন কৰা হয়  । 

প্ৰশ্ন ৪১। বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা । 

উত্তৰ :- বহল ভিত্তিত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী দুই ধৰণে ভাগ কৰিব পাৰি । যেনে :-  

(i)  প্ৰাথমিক  কাৰ্য ।

(ii) গৌণ কাৰ্য । 

(i) প্ৰাথমিক কাৰ্য :- যিবোৰ কাৰ্য বাণিজ্যিক বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেনে কাৰ্যক প্ৰাথমিক কাৰ্য বোলা হয় । ইয়াক দুই ধৰণে ভগাব পাৰি । যেনে :- 

(a) জনসাধাৰণৰ পৰা আমানত গ্ৰহণ ।  

(b) ঋণ প্ৰদান আৰু বিনিয়োগ ।

(a) জনসাধাৰণৰ পৰা আমানত গ্ৰহণ  :- জনসাধাৰণৰ পৰা আমানত গ্ৰহণ কৰোতে বাণিজ্যিক বেংক সমূহে তলত  দিয়া ধৰণে গ্ৰহণ কৰে । 

(i) সঞ্চয়ী হিচাপ :- এনে হিচাপৰ মাধ্যমেদি বেংকে ক্ষুদ্ৰ ক্ষুদ্ৰ সঞ্চয় কাৰিক সঞ্চয়ৰ বাবে উদগনি প্ৰদান কৰে । বেংকত এনে হিচাপ খোলাৰ বাবে সাৰ্বনিম্ন টকাৰ পৰিমানো বেংকে ভেদে বেলেগ বেলেগ হোৱা দেখা যায় । বেংকৰ পূজিৰ এইটো এটা অন্যতম প্ৰধান উৎস । এনে হিচাপৰ গ্ৰাহকক সাধাৰণতে 5 % ৰ পৰা 6% পৰ্যন্ত সূত প্ৰদান কৰা দেখা যায় আৰু এক সপ্তাহত দুবাৰতকৈ অধিক পুঁজি বেংকৰ পৰা আহৰণ কৰিব নোৱাৰে ।

(ii) স্থায়ী হিচাপ :- এটা নিৰ্দিষ্ট পৰিমাণৰ ধন এটা নিৰ্দিষ্ট সময়ৰ জমা কৰি থোৱাকে স্থায়ী জমা হিচাপ বোলা হয় । এনে হিচাপত টকা জমা থলে সেই নিৰ্দিষ্ট সময়ৰ আগত টকাটো উলিয়াব নোৱাৰে । অৱশ্যে ম্যাদৰ সময় উকলি যোৱাৰ  আগতে উলিয়ালে সুদৰ  লোকচান ভৰিব লগা হয় । আকৰ্ষণীয় সুদ প্ৰদান কৰা হেতুকে এনে হিচাপৰ জনপ্ৰিয়তা অধিক বেংকৰ লাভ ভালেখিনি পৰিমানে স্থায়ী জমা হিচাপৰ ওপৰত নিৰ্ভৰ কৰে । এনে হিচাপত সঞ্চয় হিচাপতকৈ বেছি পৰিমাণৰ সুদ প্ৰদান কৰে । 

(iii) চলিত হিচাপ :- ব্যৱসায়িক জগতত অতি জনপ্ৰিয়তা লাভ কৰা এই প্ৰকাৰৰ হিচাপত বেংকে সুদ প্ৰদান কৰা দেখা নাযায় , বৰঞ্চ হিচাপ পৰিচালনা কৰাৰ বাবদ বেংকে ভৰণি বাবদ  ধন কাটি ৰাখে ।এনে হিচাপৰ যোগেদি বেংকে সঞ্চয় আহৰণ  কৰিলেও ইয়াক লাভজনক ভাবে বেংকে খটুৱাব নোৱাৰে কাৰণ গ্ৰাহককো সুদ  প্ৰদান নকৰে । আকৌ গ্ৰাহকে  যিকোনো মুহূৰ্ততে ধন উলিয়াই নিব পাৰে । গতিকে বেংকৰ চন্দুকতে বেংকে প্ৰায় সমূদায় আমানত জমা কৰি থবলগীয়া হয়  । 

(b) ঋণ প্ৰদান আৰু বিনিয়োগ :- বাণিজ্যিক বেংকে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা আমানত  বিভিন্ন খণ্ডৰ ঋণ হিচাপে প্ৰদান কৰি আৰু বিনিয়োগ কৰি আয় উপাৰ্জন কৰে । বাণিজ্যিক বেংকে তলত দিয়া ধৰণে ঋণ প্ৰদান কৰে ।  

(i) ঋণ :- এটা নিৰ্দিষ্ট হাৰ সুদত বিনিময়ত এটা নিৰ্দিষ্ট পৰিমাণৰ ঋণ এটা নিৰ্দিষ্ট সময়ৰ বাবে প্ৰতিভূতিৰ বিপৰীতে বা নোহোৱাকৈ প্ৰদান কৰাকে ঋণ প্ৰদান বুলি কোৱা হয় । 

(ii) নগদ ঋণ :- বিত্তীয় বৰ্ষৰ আৰম্ভণিতে কোনো প্ৰতিভূতি অথবা অস্থাবৰ সম্পত্তিৰ জিম্মাৰ বিপৰীতে ব্যৱসায়ী গ্ৰাহকক আৱশ্যক হোৱা ধনৰ পৰিমাণৰ বাবে বেংক আৰু গ্ৰাহকৰ মাজত হোৱা চুক্তি অনুযায়ী গ্ৰাহকক আৱশ্যক হোৱা  হিচাপৰ বিপৰীতে উঠোৱা আৰু সুবিধা অনুযায়ী ধন জমা দিয়া যি ব্যৱস্থা তাকে নগদ ঋণ বোলা হয় । 

(iii) অধিকৰ্ষ :- ব্যৱসায়ী গ্ৰাহকৰ বিশ্বাসযোগ্যতা অনুযায়ী হিচাপত থকা জমা ধনৰ উপৰিও এটা নিৰ্দিষ্ট পৰিমানলৈ অধিক ধন আদায় দিয়াৰ চুক্তি বা গ্ৰাহকৰ লগত থকা বা কৰা ব্যৱস্থাকে অধিকৰ্ষণ বোলা হয় । ইয়াত এটা নিৰ্দিষ্ট পৰিমাণৰ সুদ ধার্য কৰা হয় । 

(iv) বিল বাট্টাকৰণ :- ব্যৱসায়ী গ্ৰাহকৰ  সুবিধাৰ্থে ব্যৱসায় বাণিজ্যত প্ৰচলিত বিল বিলাক এক নিৰ্দিষ্ট হাৰৰ বাট্টাৰ বিনিময়ত ভঙুৱা বাণিজ্যিক বেংকৰ এক অন্যতম কাৰ্য । ইয়াৰ দ্বাৰা বাণিজ্যিক বেংকে বেহা – বেপাৰৰ হ্ৰস্বম্যাদি পুঁজিৰ যোগান ধৰে ফলত ব্যৱসায়ী সকল যথেষ্ট উপকৃত হয় । আনহাতে  বিল ভঙাই দি বেংকে বাট্টা লয় । ই বেংকৰ উপাৰ্জনত বৰঙণি যোগায় ।  

(II)  গৌণ কাৰ্য :- বাণিজ্যিক বেংকৰ গৌণ কাৰ্যক দুই ধৰণে ভাগ কৰা হয় । যেনে : –

(ক) প্ৰতিনিধিমূলক সেৱা । 

(খ) জনপযোগী সেৱা ।  

(ক) প্ৰতিনিধিমূলক সেৱা :- আধুনিক বেংক ব্যৱসায়ত অধিক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ গ্ৰাহকৰ হৈ ভালেমান কাৰ্য সম্পাদন কৰে । সেই বিলাকৰ পৰা বেংকৰ লাভ নহলেও ব্যৱসায়িক প্ৰতিযোগিতাত তিষ্টি থাকিবলৈ কৰাটো অতি জৰুৰী । এইবোৰ কাৰ্য বেংকৰ  নিজৰ ইচ্চধীন।  

(i) গ্ৰাহকৰ হৈ এঠাইৰ পৰা আন ঠাইলৈ ধন প্ৰেৰণ কৰা আৰু আদায় দিয়া । 

(ii) গ্ৰাহকৰ আয়ৰ উৎসৰ পৰা বিভিন্ন আয় যেনে সুদ , লভ্যাঙশ ইত্যাদি কম খৰচতে সংগ্ৰহ কৰি দিয়া ।

(iii) গ্ৰাহকৰ হৈ প্ৰতিভূতি , ভ্ৰমণ টিকট ,বৈদেশিক মুদ্ৰাৰ লেনদেন কৰা। 

(iv) ন্যাস সম্পত্তিৰ পৰিচালনা তথা গ্ৰাহকৰ মূল্যৱান সা- সম্পত্তি নিৰাপদে জমা ৰখা ইত্যাদি। 

(ক) জনপযোগী সেৱা :- বেংকৰ সামাজিক মৰ্যাদা আৰু গুৰুত্ব বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে  তলত দিয়া ধৰণে বেংকে ভালেমান কাৰ্য্য গ্ৰাহকৰ হৈ সম্পাদন কৰে । 

(i) গ্ৰাহকৰ হৈ ভ্ৰমন  চেক , প্ৰত্যয় পত্ৰ জাৰি কৰা ।

(ii) গ্ৰাহকলৈ মূল্যবান ব্যৱসায়ীক তথ্য যোগান ধৰা তথা উপদেশ দিয়া।

(iii) বৈদেশিক লেন দেনত সাহায্য কৰা তথা অবলেখন কাৰ্য পালন কৰা।

(iv) কেন্দ্ৰীয় বেংকৰ বিভিন্ন প্ৰকাৰৰ ৰাজস্ব নীতি নিয়ম সমূহ ৰূপায়নত সহযোগিতা কৰা।

(v) ধন প্ৰেৰণ কৰা ইত্যাদি। 

প্ৰশ্ন ৪২। শাখা বেংকিংৰ সুবিধা আৰু অসুবিধা সমূহ আলোচনা কৰা ।

উত্তৰ :- সুবিধা :- (i) শাখা বেংকিং পদ্ধতি ব্যৱসায়ৰ পৰিসৰ বহল কিবা প্ৰকাৰে এনে বেংকৰ পুঁজিৰ নাটনি হলেও আন শাখাৰ পৰা তাক পূৰণ কৰিব পাৰি । ফলত ই জনসাধাৰণৰ  আস্থাভাজন  হৈ থাকে ।

(ii) অন্য শাখাৰ প্ৰয়োজন মতে পুঁজি আহৰণ কৰা সুবিধা থকা বাবে এইবোৰে নিম্নতম  নগদ তহবিল ৰাখি ব্যৱসায় কৰিব পাৰে । গতিকে অধিক বিনিয়োগ কৰি মুনাফা বৃদ্ধি কৰিব পাৰে ।

(iii) দেশৰ সকলো এলেকাতে শাখা বিস্তাৰিত কৰি বেংকে ব্যৱসায় দায় শংকা হ্ৰাস কৰিব পাৰে।

অসুবিধা :- (i) কেন্দ্ৰীয় ভাবে সিদ্ধান্ত লওঁতে অযথা পলম হব পাৰে ।

(ii) বেংক ব্যৱসায়ৰ কাৰণে ই সুচল নহয় ।

(iii) পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক নাথাকে ।

(iv) বেংকৰ শাখা বৃদ্ধিৰ লগে লগে পৰিচালনা ব্যয় বাঢ়ে ।

 প্ৰশ্ন ৪৩।গোট বেংকিংৰ সুবিধা আৰু অসুবিধা সমূহ আলোচনা কৰা । 

উত্তৰ :- গোট বেংকৰ সুবিধা : (i) গোট বেংকৰ পৰিসৰ সীমিত হোৱাত বেংকৰ ব্যৱসায় পৰিচালনা আৰু পৰ্যবেক্ষণ বৰ সুবিধা জনক হয় । 

(ii) বেংকৰ পৰিচালক  আৰু বিষয়া কৰ্মচাৰী ওচৰা – ওচৰিকৈ থকা বাবে ক্ষীপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ।

(iii) পৰিচালক আৰু কৰ্মচাৰীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক স্থাপন হয় । 

(iv) পৰিচালক সকলে স্থানীয় স্বাৰ্থ ৰক্ষার্থে বেংক ব্যৱসায়ৰ নীতি নিৰ্ধাৰণ কৰিব পাৰে । ইয়াৰ ফলত গোট বেংকৰ ওপৰত জনসাধাৰণৰ আস্থা বাঢ়ে । 

(v) গোট বেংকৰ ক্ষেত্ৰত একচেতিয়া অধিকাৰ প্ৰতিষ্ঠাৰ সম্ভাৱনা কম হয় । 

অসুবিধা :- (i) গোট বেংকৰ আকাৰ শাখা বেংকৰ তুলনাত ক্ষুদ্ৰ ।

(ii) পৰিসৰ ক্ষুদ্ৰ হোৱা হেতু শ্ৰম বিভাজন আৰু বিশেষীকৰণ মিত্যব্যয়ীতা আশা কৰিব নোৱাৰি ।

(iii) ব্যয় বহুলৰ কাৰণে সুদক্ষ আৰু বিচক্ষণ বিষয়া  কৰ্মচাৰী নিযুক্ত দিব নোৱাৰে।

(iv) এই বেংকৰ পুঁজিৰ পৰিমাণ তুলনামূলকভাৱে কম । সেয়ে সীমিত ভিত্তিত পুঁজি নিয়োগ কৰিব লাগে ।

(v) গোট বেংকিং পদ্ধতিত বেংকৰ সম্প্ৰসাৰণ সকলো ঠাইতে সমভাবে নহব পাৰে ।

প্ৰশ্ন ৪৪।গ্ৰুপ বেংকিংৰ সুবিধা অসুবিধাসমূহ লিখা । 

উত্তৰ :- গ্ৰুপ বেংকিংৰ সুবিধা সমূহ হ’ল – 

(ক) প্ৰত্যেক বেংকৰ সুকীয়া পৰিচয় থাকে যদিও এটা কেন্দ্ৰীয় সমন্ধয়ৰ দ্বাৰা বেংকবোৰ পৰিচালিত হয় । 

(খ) বিপদৰ সময়ত ইটো বেংকে আনটো বেংকক সহায় কৰিব পাৰে । 

(গ) বিজ্ঞাপন আদিৰ ক্ষেত্ৰতো গ্ৰুপ বেংকিং পদ্ধতি কাৰ্যকৰী।

(ঘ) ইয়াৰ দ্বাৰা গাওঁ নগৰ সকলো ঠাইতে মানুহক সামৰি লব পাৰি ।  

ইয়াৰ অসুবিধা সমূহ হ’ল  –   

(ক) বহুত বেংক জড়িত হৈ থকা বাবে কাৰ্যকৰী পৰিদৰ্শন সম্ভৱ নহব পাৰে ।

(খ) এটা বেংকৰ  অকৃৎকাৰ্যতাই আনটো বেংকৰ ওপৰতো প্ৰভাৱ পেলায় ।

(গ) এই পদ্ধতিত এটা বেংকৰ প্ৰদৰ্শনে আনবোৰক প্ৰভাৱান্বিত কৰি মানুহৰ মনত বিৰূপ প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে ।

প্ৰশ্ন ৪৫।’নায়ক  বেংক আঁচনি ‘  কি চমুকৈ আলোচনা কৰা । 

উত্তৰ :- গেদ্গীল অধ্যয়ন দলৰ পৰামৰ্শ ক্ৰমে ৰিজাৰ্ভ বেংকে 1969 চনৰ ডিচেম্বৰ মাহৰ পৰা নায়ক বেংক বা আগৰ্বতী বেংক আঁচনি কাৰ্যকৰী কৰে । ইয়াৰ ভিত্তিত বেংকৰ শাখা সম্প্ৰসাৰণত আঞ্চলিক বৈষম্য দূৰীকৰণত গুৰুত্ব দিয়া হয় । এই আঁচনি ক্ৰমে দেশৰ মুঠ 398 খন জিলাৰ চৰকাৰী খণ্ডৰ ডাঙৰ বেংক সমূহৰ মাজত ভগাই দিয়া হয় । সেই জিলাবোৰত বেংক সেৱা বিস্তাৰণত নায়ক বেংকে আগৰণুৱা ভূমিকা লব লাগে । নায়ক বেংকৰ দায়িত্বৰ মাজত সংহতি স্থাপন কৰাত ই আগভাগ লয় । নায়ক বেংকে জিলাৰ ঋণ আঁচনি প্ৰস্তুত কৰে । এই আঁচনিৰ মুখ্য উদ্দেশ্য হল কোনো এখন জিলাৰ কোনো এটা বিশেষ বাণিজ্যিক বেংকৰ নেতৃত্বত জিলা বিশেষত সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰয়োজনীয় সুসমন্বিত ঋণ নিয়োগৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা । 

বেংকবিহীন কেন্দ্ৰৰ চিনাক্তকৰণ কৰা তথা পৰ্যায়ক্ৰমে সম্প্ৰসাৰণ কৰিব লগা শাখাৰ বিষয়ে অগ্ৰণী জিলাখনত অগ্ৰণী বেংকে জৰুৰী কাৰ্য চলায় লগতে আমানত আহৰণৰ সম্ভাৱনীয়তা আৰু ঋণৰ ব্যৱধান তথা আমানত সম্ভাৱনা আৰু ঋণৰ ব্যৱধান পূৰণৰ বাবে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰে ।

প্ৰশ্ন ৪৬।ভাৰতীয় ষ্টেট বেংকৰ কাৰ্যাৱলী বোৰ চমুকৈ আলোচনা কৰা ।

উত্তৰ :- ষ্টেট বেংক অব ইণ্ডিয়া, এলাহাবাদ বেংক , পাঞ্জাৱ নেচনেল বেংক , বেংক অব ইণ্ডিয়া , আই ডি বি আই বেংক । 

প্ৰশ্ন ৪৯।স্বাধীন ভাৰতত বাণিজ্যিক বেংকৰ প্ৰগতিৰ চমু বিৱৰণ দিয়া। 

উত্তৰ :- স্বাধীন ভাৰতৰ বেংক ব্যৱসায়ে নানা দিশত চমকপ্ৰদ সাফল্য লাভ কৰিছে । বেংক সংস্কাৰ ,সাংগঠনিক প্ৰৱৰ্তন ,নিয়ন্ত্ৰণ প্ৰসাৰতা , ব্যৱসায়িক ৰীতি – নীতি , বেংকৰ দৃষ্টিভংগী আদি দিশত আমূল পৰিবৰ্তন সংঘটিত হৈছে । ইয়াৰ পদক্ষেপ হিচাপে  –

(i) ভাৰতৰ ৰিজাৰ্ভ বেংক 1949 চনত ৰাষ্ট্ৰীয় কৰণ কৰি চৰকাৰী খণ্ডলৈ অনা হয় ।

(ii) বাণিজ্যিক বেংকৰ পতন ৰোধ কৰি ,এইবোৰ সুস্থ ভিত্তিত সংগঠনিত আৰু পৰিচালিত কৰা উদ্দেশ্য1949 বেংকিং কোম্পানী আইন প্ৰণয়ন কৰা হয় । 

(iii) 1957 চনত ভাৰতীয় ষ্টেট বেংকৰ সহযোগি বেংক আইন প্ৰণয়ন ।

(iv) 1967 চনৰ জানুৱাৰী মাহত ছাৰাইয়া আয়োগ বা বেংকিং আয়োগ নিযুক্ত কৰা হয়।

(v) 1969 চনৰ জুলাই মাহত 14টা বৃহৎ ভাৰতীয় বেংক ৰাষ্ট্ৰীয়কৰণ হয় । বেংকিং আয়োগৰ পৰামৰ্শ মতে 1975 চনত ‘ আঞ্চলিক গ্ৰাম্য ‘বেংক’ গঠন কৰা হয় ।

(vi) 1980  চনত পুনৰবাৰ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় । তেতিয়া6টা বেংক চৰকাৰী খণ্ডলৈ আহে ।

প্ৰশ্ন ৫০।ভাৰতবৰ্ষৰ বেংক ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যে সমূহ বৰ্ণনা কৰা । অথবা বেংক ৰাষ্ট্ৰীয়কৰণ বুলিলে কি বুজা  ?  বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যেবোৰ বৰ্ণনা কৰা । 

উত্তৰ :- 1968  চনত বলৱত কৰা বেংকৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ আচঁনিখন আশানুৰূপ নোহোৱাৰ পৰিপ্ৰেক্ষিতত 1069 চনৰ জুলাই মাহৰ 19 তাৰিখে ৰাষ্ট্ৰপতিয়ে এক আধ্যাদেশ যোগে দেশৰ 14টা বৃহৎ ভাৰতীয় অনুসূচীত বেংক ৰাষ্ট্ৰৰ অধীনলৈ অনা হয় । ইয়াকে বেংক জাতীয়কৰণ বা ৰাষ্ট্ৰীয়কৰণ বোলা হয় ।

উদ্দেশ্য :- বেংক ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যে সমূহ হ’ল  – (i) বেংক ব্যৱস্থাৰ পৰা মুষ্টিমেয় লোকৰ নিয়ন্ত্ৰণ আঁতৰ কৰা।

(ii) সমাজৰ মাংলাৰ্থে ন্যাস্তস্বাৰ্থ আদি দেশৰ অধিক গুৰুত্বপূৰ্ণ খণ্ডবোৰলৈ বেংক সেবাক অগ্ৰাধিকাৰ দিয়া । 

(iii) বেংক ব্যৱস্থাত বৃত্তিমূলক দৃষ্টিভংগীৰ সৃষ্টি কৰা ।

(iv) দেশৰ প্ৰগতি ক্ষীপ্ৰগতিত আনিবলৈ উদ্যোত্তৰ সৃষ্টি কৰা ।

(v) কৰ্মচাৰী সকলক উপযুক্ত প্ৰশিক্ষণ দিয়া ।

(vi) বেংকৰ লাভৰ ধন জনকল্যাণমূলক কামত লগোৱা ।

1 thought on “Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top