Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক

Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক and select needs one.

Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক Solutions for All Subject, You can practice these here…

চমু উত্তৰ দিয়া

প্ৰশ্ন ২৩।’ ইম্পেৰীয়েল বেংক অৱ ইণ্ডিয়া ‘ৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰ :- ‘ইম্পেৰীয়েল বেংক  অব ইণ্ডিয়া আইন ‘ৰ  ব্যৱস্থা অনুসৰি কলিকতা , বোম্বাই আৰু প্ৰেচিডেন্সী বেংক তিনিটা একত্ৰিত কৰি দি ইম্পেৰীয়েল বেংক অব ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয় । ই 1921 চনৰ পৰা কাৰ্যনিৰ্বাহ কৰে । এই আইনৰ সহায়ত নবগঠিত বেংকটো ভাৰত চৰকাৰৰ সাহায্য , নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণাধীন কৰা হয় ।

ইম্পেৰীয়েল বেংক ৰ অংশ পুঁজি  11.25 কোটি টকা আছিল । এই পুঁজি 500 টকীয়া 2,25,000 অংশত বিভক্ত আছিল । তদুপৰি বেংকৰ তেতিয়া 23.75 কোটি টকা সংৰক্ষণ তহবিলত জমা আছিল । মুঠতে নিজা পুঁজি 15 কোটি টকা আছিল  । 

পৰিচালনা  :- ইম্পেৰীয়েল বেংক কেন্দ্ৰিয় গবৰ্ণৰ পৰিষদ আৰু আঞ্চলিক সঞ্চালক পৰিষদৰ দ্বাৰা পৰিচালিত  ।  কেন্দ্ৰীয় গৱৰ্ণৰ পৰিষদৰ বৈঠক বছৰত অন্তত এবাৰ বহিব লাগে । এওঁলোকে বেংকৰ সাধাৰণ প্ৰশাসনৰ উপৰি আঞ্চলিক পৰিষদৰ ওপৰত নিয়ন্ত্ৰণ চলায় । কেন্দ্ৰীয় গৱৰ্নৰ পৰিষদে সাধাৰণতে বাট্টা নীতি , বেংকৰেট, পুঁজিৰ বন্টন , প্ৰতিবেদন প্ৰকাশ আদিৰ কাম কৰে  ।  কলিকতা , বোম্বাই আৰু মাদ্ৰাজত থকা আঞ্চলিক সঞ্চালিত পৰিষদে নিজ নিজ অঞ্চলত বেংকৰ দৈনন্দিন কাৰ্য পৰিচালনাৰ ব্যৱস্থা কৰে  । কিন্ত 1935 চনত ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হোৱাত ইয়াৰ পৰিচালনা ব্যৱস্থাৰ সলনি কৰা হয় ।

কাৰ্যাৱলী :-  ইম্পেৰীয়েল বেংকৰ কাম – কাজৰ দুটা ভাগত বিভক্ত কৰা হয়  । ই এফালে চৰকাৰী কাম আনফালে বাণিজ্যিক কাম কৰে ।  চৰকাৰৰ বেংকাৰ হিচাপে ই চৰকাৰী তহবিল জমা ৰাখে , চৰকাৰী ঋণৰ পৰিচালনা কৰে , চৰকাৰী অৰ্থ পুঁজি প্ৰেৰণ আৰু হস্তান্তৰ কৰে  , চৰকাৰৰ হকে ঋণ দিয়ে আৰু চৰকাৰী ঋণৰ প্ৰবাহ ঘটায় । বাণিজ্যিক কাৰ্য হিচাপে ইম্পেৰীয়েল বেংকে পূৰ্বৰ প্ৰেচিডেন্সী বেংকৰ দৰে বিভিন্ন হিচাপত গ্ৰাহকৰ আমানত লয় , মূল্য ৱান প্ৰতিভূতি সুৰক্ষণ ব্যৱস্থাও ৰাখে , স্বৰ্ণ বা আন সম্পত্তিৰ বেচা – কিনা , ভাৰত আৰু ইংলেণ্ডত ঋণ গ্ৰহণ ,অৱসায়ন সময়ত সম্পত্তিৰ তদাৰকাৰী ,এজেন্সি কাৰ্য , পুঁজি বিনিয়োগ ,প্ৰত্যয় প্ৰত্যয় পত্ৰৰ প্ৰচলন, বিলৰ লেন দেন , অৰ্থৰ হস্তান্তৰ আদি কাৰ্য সম্পন্ন কৰে ।

প্ৰশ্ন ২৪। প্ৰেচিডেন্সী বেংকৰ ওপৰত এটা চমু টোকা লিখা ।

উত্তৰ :- 1809  চনৰ আগতে ভাৰতত ইংৰাজ আৰ্হিৰ বেংক  কিছুমান প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰায়বোৰ বেংক বিভিন্ন কাৰণত অকালতে বন্ধুও হৈছিল  । ফলত দেশৰ মুদ্ৰা আৰু ঋণ ব্যৱস্থা নিশকতীয়া হৈ পৰে  । ইয়াৰ প্ৰতিৰোধকমুলক ব্যৱস্থা হিচাপে প্ৰেচিডেন্সী বেংক সংগঠন কৰা হয় প্ৰথম প্ৰেচিডেন্সী বেংকটো হৈছে ‘দি  বেংক অফ বেংগল ‘ ইয়াক 1809 চনত প্ৰতিষ্ঠা কৰা হৈছিল । ইয়াৰ পাছত 1840 চনত দি বেংক অব বোম্বাই আৰু 1843 ‘ দি বেংক অব মাদ্ৰাজ ‘ প্ৰেচিডেন্সী বেংক প্ৰতিষ্ঠা কৰা হয় ।   

প্ৰশ্ন ২৫। অনানুসূচীত আৰু অনুসূচীত বেংকৰ মাজত পাৰ্থক্য দেখুওৱা  ।

উত্তৰ :- অনুসূচীত বেঙ্ক :- (i) ৰিজাৰ্ভ বেংকৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত নহয় ।

(ii) এইবোৰ বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাম -কাজ নচলাবও পাৰে ।

অনুসূচীত :- (i) ৰিজাৰ্ভ বেংকৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত হয় ।

(ii) এইবোৰ বেংকে ৰিজাৰ্ভ বেংকে বান্ধি দিয়া নিয়মাৱলীৰ মতে কাম -কাজ চলায় ।

প্ৰশ্ন ২৬। ৰাজহুৱা খণ্ডৰ বেংকৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰ :- যিবোৰ বেংকৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ চৰকাৰৰ তত্বাৱধানত কৰা হয় সেইবোৰকে চৰকাৰী বা ৰাজহুৱা খণ্ডৰ বোলে । এনে বেংকৰ মূলধনী পুঁজিৰ বেছি অংশ বা সম্পূৰ্ণৰূপে চৰকাৰে যোগান ধৰে । এইবোৰৰ লাভালাভ চৰকাৰে পায় 

প্ৰশ্ন ২৭। ‘নায়ক বেংক আঁচনি ‘ কি চমুকৈ আলোচনা কৰা । 

উত্তৰ :- গেদ্গীল অধ্যয়ন দলৰ পৰামৰ্শ ক্ৰমে ৰিজাৰ্ভ বেংক 1969 চনৰ ডিচেম্বৰ মাহৰ পৰা নায়ক বেংক বা আগ্ৰৱতি বেংক আঁচনি কাৰ্যকৰী কৰে । ইয়াৰ ভিত্তিত বেংকৰ শাখা সম্প্ৰসাৰণ আঞ্চলিক বৈষম্য দূৰীকৰণত গুৰুত্ব দিয়া হয় । এই আঁচনি ক্ৰমে দেশৰ মুঠ 398খন জিলাৰ চৰকাৰী খণ্ডৰ ডাঙৰ বেংক সমূহৰ মাজৰ ভগাই দিয়া হয় । সেই জিলাবৰত বেংক সেৱা বিস্তাৰণত নায়ক বেংকে আগৰণুৱা ভূমিকা লব লাগে । নায়ক বেংকৰ দায়িত্বত দিয়া জিলাবৰত ইয়াৰ সমবায় বেংক ,আন বাণিজ্যিক বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ মাজত সংহতি স্থাপন ই আগভাগ লয় । 

নায়ক বেংকে জিলাৰ ঋণ আঁচনি প্ৰস্তুত কৰে । এই আঁচনিৰ মুখ্য উদ্দেশ্য হল কোনো এখন জিলাৰ কোনো এটা বিশেষ বাণিজ্যিক বেংকৰ নেতৃত্বত জিলাৰ বিশেষত সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰয়োজনীয় সুসমন্বিত ঋণ নিয়োগৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা । বেংকবিহীন কেন্দ্ৰৰ চিনাক্তকৰণ কৰা তথা পৰ্যায়ক্ৰমে সম্প্ৰসাৰণ কৰিব লগা শাখাৰ বিষয়ে অগ্ৰণী জিলাখনত অগ্ৰণী বেংকে জৰুৰী কাৰ্য চলায় লগতে আমানত আহৰণৰ সম্ভাৱনীয়তা আৰু ঋণৰ ব্যৱধান তথা আমানতৰ সম্ভাৱনা আৰু ঋণৰ ব্যৱধান পূৰণৰ বাবে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰে ।

প্ৰশ্ন ২৮।’ষ্টেট বেংক অব ইণ্ডিয়া ‘ৰ কাম কাজ আৰু পৰিচালনাৰ বিষয়ে আলোচনা কৰা  । 

উত্তৰ  :- ষ্টেট বেংক অব ইণ্ডিয়া , এলাহাবাদ বেংক , পাঞ্জাৱ নেচনেল বেংক, বেংক অৱ ইণ্ডিয়া  আই ডি বি আই বেংক  ।

প্ৰশ্ন ২৯।বেংক ৰাষ্ট্ৰীয়কৰণৰ যিকোনো তিনিটা সাফল্য উল্লেখ কৰা ।

উত্তৰ :- (ক)  বেংক ৰাষ্ট্ৰীয়কৰণে ভাৰতবৰ্ষত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে ।

(খ) প্ৰায়বোৰ বেংকেই সমাজৰ বৃহত্তৰ স্বাৰ্থত সুলভকৈ লোণ আদি যোগান ধৰাৰ ব্যৱস্থা কৰিছে ।

(গ) গাঁৱলীয়া সহজ -সৰল মানুহবোৰক সঞ্চয়ৰ প্ৰতি উৎসাহিত কৰিছে   ।

প্ৰশ্ন ৩০।শাখা বেংকিং সুবিধা আৰু অসুবিধা সমূহ আলোচনা কৰা । 

উত্তৰ :- শাখা বেংকিং সুবিধা  -অসুবিধা সমূহ হ’ল –

সুবিধা :- (i) শাখা বেংকিং পদ্ধতিৰ ব্যৱস্থাৰ পৰিসৰ বহল । কিবা প্ৰকাৰে এনে বেংকৰ পুঁজিৰ নাটনি হ’লেও আন শাখাৰ পৰা তাক পূৰণ তাক পূৰণ কৰিব পাৰি । ফলত ই জনসাধাৰণৰ আস্থাভাজন হৈ থাকে  ।

(ii) অন্য শাখাৰ প্ৰয়োজন মতে পুঁজি আহৰণ কৰা সুবিধা থকা বাবে এইবোৰে নিম্নতম নগদ তাহবিল ৰাখি ব্যৱসায় কৰিব পাৰে । গতিকে অধিক বিনিয়োগ কৰি মুনাফা বৃদ্ধি কৰিব পাৰে ।

(iii) দেশৰ সকলো এলেকাতে শাখা বিস্তাৰিত কৰি বেংকে ব্যৱসায় দায় শংকা হ্ৰাস কৰিব পাৰে । 

(iv) বিভিন্ন ঠাইত বেংকৰ শাখা থকা হেতুকে সেইবোৰ এঠাইৰ পৰা আন ঠাইলৈ সহজে পুঁজি স্থানান্তৰ কৰিব পাৰি । ফলত অধিক লাভজনক ঠাইত পুঁজি নিয়োগৰ সুবিধা পায় ।

(v) শাখাবোৰৰ জৰিয়তে বিভিন্ন ঠাইত বিনিয়োগৰ সুবিধাৰ কাৰণে সমগ্ৰ পুঁজি প্ৰবাহ সমভাৱে হয় ।

অসুবিধা :- (i) শাখা বিস্তাৰৰ ফলত বেংকৰ পৰিসৰ মাত্ৰাধিক হ’ব  পাৰে । তেতিয়া কেন্দ্ৰীয় ভাৱে চলোৱা পৰিচালনাৰ বিচ্যুতি ঘটিব পাৰে। 

(ii) কেন্দ্ৰীয় ভাৱে সিন্দান্ত লওঁতে অযথা পলম হব পাৰে । 

(iii) বেংক ব্যৱসায়ৰ কাৰণেই সুচল নহল ।

(iv) পৰিচালনাক আৰু কৰ্মচাৰীৰ মাজত ঘনিষ্ঠ সম্পৰ্ক নাথাকে ।

(v) বেংকৰ শাখা বৃদ্ধিৰ লগে লগে পৰিচালনা ব্যয় বাঢ়ে । 

প্ৰশ্ন ৩১। প্ৰেচিডেন্সী বেংকৰ ওপৰত এটা চমু টোকা লিখা । বাণিজ্যিক বেংকৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ :- 1809 চনৰ আগতে ভাৰতত ইংৰাজ আৰ্হিৰ বেংক কিছুমান প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰায় বেংক বিভিন্ন কাৰণত অকালতে বন্ধও হৈছিল । ফলত দেশৰ মুদ্ৰা আৰু ঋণ ব্যৱস্থা নিজকতিয়া হৈ পৰে । ইয়াৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে প্ৰেচিডেন্সী বেংক সংগঠন কৰা হয় । প্ৰথম প্ৰেচিডেন্সী বেংকটো হৈছে ‘ দিবেংক অৱ বেংগল’ ইয়াক 1809 চনৰ প্ৰতিষ্ঠা কৰা হয় । ইয়াৰ পাছত 1840 চনত দি বেংক অব বোম্বাই আৰু 1843 ‘দি বেংক অৱ মাদ্ৰাজ ‘  প্ৰেচিডেন্সী বেংক প্ৰতিষ্ঠা কৰা হয় । 

ভাৰতত অতি প্ৰাচীন কলতে বেংক ব্যৱসায় প্ৰচলনৰ আভাস পোৱা যায় । মনুসংহিতাতো এনে আভাস সুস্পষ্ট । তেতিয়াৰ বেংক ব্যৱসায়ৰ আৰ্হিত গাঁঠিন আৰু পৰিচালিত এনে কাৰ্য খিলঞ্জীয়া বা দেশীয় বেংকাৰ সকলে চলাই আছে । বিদেশী বণিক, বিশেষকৈ ইংৰাজ বণিক সকল ব্যৱহায়ৰৰ কাৰণে ভাৰতত নিগাজীকৈ বহি লোৱাত দেশীত বেংকাৰ সকলে আশানুৰূপ বেংক সেৱা দিব পৰা নাছিল । 

সেয়ে এনে অসুবিধা আঁতৰ কৰাৰ কাৰণে সৰ্বপ্ৰথম ইংৰাজৰ এজেন্সি হাউচ বোৰে বেশ – বেপাৰৰ লগতে বেংকিং কাৰ্যও আৰম্ভ কৰিছিল । 1770 চনত আলেকজেণ্ডানৰ এণ্ড কোম্পানী নামৰ এজেন্সি হাউচে বেংকিং কার্যৰোঁ আৰম্ভ কৰিছিল ।  “প্ৰেজেন্ট দে বেংকিং ইন ইণ্ডিয়া ” নামৰ গ্ৰন্থত উল্লেখ কৰা মতে ইংৰাজ সকলৰ সুবিধাৰ কাৰণে  1683 চনত  “দি ফাৰ্ষ্ট বেংক অৱ মাদ্ৰাজ ” আৰু 1720 চনত “দি ফাৰ্ষ্ট বেংক অৱ বোম্বাই” বেংক দুটা নিজ দেশৰ আৰ্হিত প্ৰতিষ্ঠা কৰে । এই প্ৰতিষ্ঠিত বেংকবোৰে প্ৰথমে জনসাধাৰণৰ আমানত গ্ৰহণ কৰিছিল । 

পিছত বিনিময় পত্ৰত আদান প্ৰদান কৰে । 

1770 চনৰ পৰা পুনৰ গঠিত ‘ বেংক অব বোম্বাই’ -এ  নোট প্ৰৱৰ্তন কৰা । 1770 চনত প্ৰতিষ্ঠিত কলিকতাৰ ‘দি বেংক অব হিন্দুস্তান ‘য়ে আৰম্ভণিৰ পৰা নোট প্ৰৱৰ্তন কৰে  । এনেদৰে ইংৰাজৰ উদ্যোগত প্ৰথমে যৌথ পূজাৰ ভেংক আৰু নিয়ন্ত্ৰণৰ শিথিলতাৰ কাৰণে বহুতো বেংকৰ পতনো হৈছিল । ইয়াৰ প্ৰতিৰোধৰ উদ্দেশ্য 1809 চনৰ চনদৰ সহায়ত কলিকতাত প্ৰথম  ‘প্ৰেচিডেন্সী বেংক ‘ প্ৰতিষ্ঠা কৰা হয় । ইয়াৰ পিছত 19840 চনত ‘দি বেংক অব বোম্বাই’ আৰু1843 ‘দি বেংক অব মাদ্ৰাজ ‘ প্ৰেচিডেন্সী বেংক প্ৰতিষ্ঠা কৰা হয় । 1860 চনলৈ প্ৰতিষ্ঠিত বেংকবোৰ অসীম দেনাৰ আছিল । 1860 চনৰ পিছত ভাৰততো সীমিত দেনাৰ বেংক প্ৰতিষ্ঠা কৰা আইন প্ৰণয়ন হয় । 1823 চনৰ পৰাই ‘প্ৰেচিডেন্সী বেংকক’ নোট প্ৰৱৰ্তনৰ একচেটিয়া অধিকাৰ দিয়া যদিও 1862 চনত নোট প্ৰৱৰ্তনৰ অধিকাৰ চৰকাৰৰ হাতলৈ নিয়ে । 1920 চনৰ আইন মৰ্মে 1921 চনত তিনিওটা ‘প্ৰেচিডেন্সী বেংক’একত্ৰিত কৰি ‘দি ইম্পেৰীয়েল বেংক অব ইণ্ডিয়া গঠন কৰা হয় । ইয়াৰ লগত অন্য আঠটা (8) বেংক পৰ্যায় ক্ৰমে ৰাষ্ট্ৰীয়কৰণ কৰি ষ্টেট বেংকৰ সহযোগী হিচাপে ৰখা হয় । 

ভাৰতৰ প্ৰাক স্বাধীন যুগৰ বাণিজ্যিক বেংক ব্যৱস্থাৰ যথেষ্ট উত্থান -পতন হয়  । এই সময়চোৱাত বেংকত প্ৰগতি মন্থৰ গতিৰে আগবাঢ়িছে যদিও 1906 চনত গঢ়ি উঠা স্বদেশী আন্দোলনৰ পৰা বেংকৰ প্ৰসাৰতা কিছু পৰিমাণে বৃদ্ধি পায় । প্ৰথম বিশ্বযুদ্ধৰ সময়ত সৰু ডাঙৰ কিছু বেংকৰ পতন ঘটে । আনহাতে1918- 39চনৰ সময়ছোৱা ত অৰ্থাৎ1921 চনত দি ইম্পেৰীয়েল বেংক প্ৰতিষ্ঠা কৰাৰ উপৰি 1935চনত ‘ দি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া ‘ভাৰতৰ কেন্দ্ৰীয় বেংক হিচাপে সংগঠন কৰা হয় ।  

প্ৰশ্ন ৩২। ৰাজহুৱা খণ্ডৰ বেংক আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰ :- (i)  ৰাজহুৱা খনৰ বেংকৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ চৰকাৰৰ তত্বাৱধানত কৰা হয় । আনহাতে ব্যক্তিগত খণ্ডৰ বেংক দেশৰ সাধাৰণ নাগৰিকে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে । 

(ii) ৰাজহুৱা খণ্ডৰ বেংকৰ মূলধনী পুঁজিৰ বেছি অংশ বা সম্পূৰ্ণৰূপে চৰকাৰে যোগান ধৰে কিন্তু ব্যক্তিগত খণ্ডৰ মূলধনী পুঁজি অংশবোৰকে যোগান ধৰে । 

(iii) ৰাজহুৱা খণ্ডৰ বেংকৰ লাভালাভ চৰকাৰে পায় । আনহাতে ব্যক্তিগত খণ্ডৰ বেংকৰ লাভালাভ বংশধাৰক সকলে পায় । 

(iv) ৰাজহুৱা খণ্ডৰ বেংকৰ কৰ্মচাৰী চৰকাৰী ভাবে নিযুক্ত কৰা হয় কিন্ত ব্যক্তিগত খণ্ডৰ বেংকৰ প্ৰয়োজনীয় কৰ্মচাৰী বেংকৰ মালিকৰ দ্বাৰা নিয়োজিত হয় ।

প্ৰশ্ন ৩৩।বেংকৰ সামাজিক নিয়ন্ত্ৰণৰ ওপৰত এটি টোকা লিখা ।

উত্তৰ :- ভাৰতবৰ্ষত ১৯৫৫ চনত ইম্পেৰীয়েল বেংকক পৰিৱৰ্তন কৰি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ৰূপ হয় । বেংকৰ ওপৰত সামাজিক নিয়ন্ত্ৰণৰ ইয়েই হল আমাৰ দেশৰ প্ৰথম পদক্ষেপ । ইয়াৰ পিছত১৯৬৯  চনত ৬টা চনত বাণিজ্যিক বেংক ৰাষ্ট্ৰীয় কৃত কৰা হয়  । ইয়াৰ উদ্দেশ্য আছিল  সমাজৰ বৃহত্তম উন্নতি । গাঁৱে – চহৰে বেংকিং সেৱাৰ প্ৰথাৰ আৰু মানুহৰ কল্যাণ সাধন । পৰ্যায়ক্ৰমে আন বহুতো বেংক ৰাষ্ট্ৰীয় কৰণ কৰি আমাৰ সমাজ তথা মানুহৰ উন্নতিৰ হকে ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নানান কাৰ্য হাতত লৈ আহিছে । 

See Next Page No Below…

1 thought on “Class 12 Banking Chapter 1 ভাৰতবৰ্ষত বাণিজ্যিক বেংক”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top