Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন

Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন and select needs one.

Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন Solutions for All Subject, You can practice these here…

চমু প্রশ্ন মূল্যাংকঃ ২

(ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্রবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নির্বাচন কৰা হৈছে?

উত্তৰঃ ‘সাহিত্যৰথী’ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বৰূপ । বেজবৰুৱাই আত্মজীৱন-কথা ‘মোৰ জীৱন সোঁৱৰণ’ত প্রকাশ কৰাৰ লগতে আলোচনীৰ পাততো আত্ম-জীৱনীমূলক প্রবন্ধ আৰু ভ্রমণ কাহিনী লিখিছিল । তেওঁৰ এই সাহিত্যিক সৌন্দর্যৰ বিচাৰ আৰু নিমজ কথাশৈলীৰ বিষয়ৰ লগতে তেখেতৰ তেনে ৰচনাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্রবন্ধটো পাঠ হিচাপে নির্বাচন কৰা হৈছে ।

(খ)লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কেতিয়া ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল ।

(গ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ‘জোনাকী’ৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ধল প্রবাহিত হয় । ‘জোনাকী’ৰ পাতত, তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্রাৰ সূচনা হয় । সেয়েহে, লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ।

(ঘ) এই শব্দবোৰৰ অৰ্থ লিখাঃ

মাথাপোট, ফৰিয়াদ, গজপত, ঘূঘুয়া

উত্তৰঃ

মাথাপোট – কৰ্মৰ প্রতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা ।

ফৰিয়াদ – গোচৰ, অভিযোগ ।

গজপত – অভিশাপ, শাওপাত ।

ঘূঘুয়া – অলপীয়া, অলপকৈ হোৱা

(ঙ) শ্বেইক্সপীয়েৰৰ Comedy of Errors শীৰ্ষক নাটকখন কি নামেৰে কোনে অসমীয়া অনুবাদ কৰিছিল ?

উত্তৰঃ শ্বেইক্সপীয়েৰৰ Comedy of Errors শীৰ্ষক নাটকখন ভ্রমরংগ নামেৰে ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়া অনুবাদ কৰিছিল ।

চমু প্রশ্ন  মূলাংকঃ ৩

 (ক) ‘মোৰ মাতৃমুখ দর্শন শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা ।

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সুদীর্ঘ ডেৰকুৰি দুকুৰি বছৰত মূৰত নিজ মাতৃভূমি অসমলৈ উভতি অহাৰ মূল কাৰণ, লগতে অসমলৈ আহি অসমৰ বিভিন্ন ক্ষেত্রত হোৱা পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে । জীৱনৰ সৰহ সময় অসমৰ বাহিৰত কটোৱাৰ পিছত এফালে দেশবাসীৰ আহ্বান, আনফালে মাতৃভূমিৰ প্রতি থকা প্রবল হেঁপাহৰ ফলত শেষ বয়সত বেজবৰুৱাদেৱে নিজ মাত্রিভূমিলৈ উভতি অহাৰ সংকল্প লয় । নিজ দেশলৈ উভতি আহি অসমী আইৰ ৰূপসুধা পান কৰি আপ্লুত হৈ যি বৰ্ণনা দাঙি ধৰিছে আৰু অসমৰ পুৰষ-নাৰী পৰিৱৰ্তনৰ দিশত যিদৰে আগবাঢ়িছে, সেই কথা সুন্দৰ ৰূপত পাঠটীৰ জৰিয়তে তুলি ধৰিছে । সেয়েহে ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ নামকৰণ সার্থক হৈছে বুলি একমুখে ক’ব পাৰি ।

(খ) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পাছত আৰু কেতিয়া তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল ?

উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে নিজৰ মাতৃভূমি অসমৰ কথাক বুজোৱা হৈছে । ডেৰ-দুকুৰি বছৰৰ পাছত আৰু ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত কৰ্মসূত্রে থকা সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা কৰি বাইশ (২২) ছেপ্তেম্বৰত তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল ।

(গ) লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্রসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰঃ সুদীৰ্ঘ কাল উৰিষ্যাৰ সম্বলপুৰত থকাৰ পিছত লখমীনাথ বেজবৰুৱা অসমলৈ উভতি আহে । আনন্দত চেঁচা পানী ঢালি বেজবৰুৱাদেৱ ‘মেলেৰিয়া’ জ্বৰত আক্রান্ত হ’ল । সেইদিনাই গধূলি সভা পাতি কটন কলেজৰ ছাত্রসকলে তেখেতক অভিনন্দন জনালে । জ্বৰ ভালদৰে এৰা নাছিল যদিঅ ছাত্রবন্ধুসকলৰ একাগ্র আগ্রহক নেওচা দিব পৰা নাছিল । সভালৈ গৈ তেওঁ দেখিলে ছাত্রবন্দুসকলৰ কি উৎসাহ, কি আনন্দ! বেজবৰুৱাই সপোনতো ভবা নাছিল, কেনেকৈ তেওঁ ছাত্রসকলৰ অতৰাত্মাত বিৰাজ কৰিছিল । জ্বৰৰ কথা পাহৰি বেজবৰুৱা ডেকাসকলৰ মাজৰ এজন ডেকা হৈ পৰিছিল । ডেকাসকলৰ মাজৰপৰা কোনোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল । কোনোজনে সুললিত কন্ঠেৰে গীত গাইছিল । বেজবৰুৱাৰ এনে অনুভৱ হৈছিল যেন তেওঁৰ জীৱনৰ নোমাব ধৰা চাকিগছ তেল-শলা দি পুনৰ জ্বলাই তুলিছিল । তেনে ক্ষণত তেখেত উপলব্ধি কৰিছিল কলিকতাত চৰকাৰী বৃত্তিৰ ছাত্রৰ সংখ্যা বঢ়োৱাতকৈ গুৱাহাটীত কলেজ স্থাপন কৰি লাভবান হোৱাৰ কথা । এনেদৰে এক উৎসৱমুখৰ পৰিৱেশত কটন কলেজৰ ছাত্রসকলে বেজবৰুৱাক অভিনন্দন জনাইছিল ।

(ঘ) ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠটিৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল? এওঁলোকৰ লগত লেখকৰ সম্পৰ্ক কেনে আছিল ?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি, সুবিখ্যাত চাহ খেতিয়ক, সদাগৰ শ্রীযুত চন্দ্রকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্রসিদ্ধ প্রিন্সিপাল, উদাৰহৃদয় মিষ্টাৰ জে. বৰুৱা, বেৰিষ্টাৰ এট্-লৰ ।

     এওঁলোকে লেখক, লক্ষ্মীনাথ বেজবৰুৱাৰ নিমিত্তে গুৱাহাটীখন পোহৰাই ৰাখিছিল । সেইদেখি গুৱাহাটীৰ ফালে মুখ কৰিলেই বেজবৰুৱাদেৱৰ মনত সুখৰী লহৰী উঠিছিল । তেওঁলোকৰ ঘৰ বেজবৰুৱাদেৱৰ নিজৰ ঘৰ হৈ পৰিছিল । তেওঁলোকৰ আদৰ, যত্ন আৰু মৰমে বেজবৰুৱাদেৱৰ জয়ঁ পৰা জীৱনটোত জীপ দি ঠন ধৰায় উঠাইছিল ।

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ’লঃ

(ক) গুৱাহাটীৰ প্রাকৃতিক সৌন্দৰ্য,

(খ) ঐতিহাসিক উৎকর্ষ আৰু

(গ) প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা

(চ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় চুটিগল্পৰ জনক বুলি কোৱা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক । তেখেতৰ হাততেই অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্রাৰ সূচনা হয় । ‘জোনাকী’ আলোচনীৰ পাতত তেখেতৰ দ্বাৰা ৰচিত প্রথমটো চুটিগল্পৰ নাম ‘সেউতী’ । ‘জোনবিৰি’, ‘সাধুকথাৰ কুঁকি’, ‘সুৰভি’, ‘কেহোকলি’ আদি বেজবৰুৱাৰ চুটীগল্পৰ পুথি । অসমীয়া সাহিত্যত পোনপ্রথমে চুটিগল্প লিখি পাঠকক ইয়াৰ বিমল সোৱাদ প্রদান কৰোৱাৰ বাবেই বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ।

(ছ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ বোলা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ওসমীয়া সাহিত্যৰ ইতিহাসত এজন পুৰোধা ব্যক্তি । অসমীয়া সাহিত্যৰ গতি স্তিমিত হোৱাৰ ক্ষণতে বেজবৰুৱাই অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰূপেৰে কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্রবন্ধ, হাস্য-ব্যংগ ৰচনা, জীৱনী, আত্মজীৱনী, তত্ত্বমূলক গ্রন্থ আদি সাহিত্যৰ সকলো দিশতে অনবদ্য অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে । নিমজ শৈলীৰে ৰচিত তেখেতৰ প্রতিটো সৃষ্টি সাহিত্যিক সৌন্দৰ্যৰ দিশৰপৰা স্বকীয় স্থানত অধিষ্ঠিত হৈ আছে । সাহিত্যৰ প্রতিটো ক্ষেত্রত আগবঢ়োৱা এনে উল্লেখযোগ্য অৱদানৰ বাবেই লক্ষ্মীনাথ বেজবৰুৱাক ‘সাহিত্যৰথী’ উপাধিৰে বিভূষিত কৰা হয় ।

(জ) জোনাকী যুগৰ ত্রিমূৰ্ত্তি বুলিলে কাক কাক বুজায়?

উত্তৰঃ জোনাকী যুগৰ ত্রিমূৰ্ত্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্রকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গোস্বামীক বুজোৱা হয় ।

(ঝ) বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়?

উত্তৰঃ সাহিত্যৰ প্রতিটো ৰূপকৰ্ম, যেনেঃ গল্প, কবিতা, উপন্যাস, নাটক, আত্মজীৱনী আদিৰ লগতে বিশেষ একশ্রেণী হাস্য-ব্যংগ গদ্য ৰচনা কৰি বেজবৰুৱাই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে । তেখেতৰ দ্বাৰা ৰচিত এই হাস্য-ব্যংগ ৰচনাসমূহ হ’লঃ- ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘বৰবৰুৱাৰ বুলনি’, ‘বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’ আদি । এই হাস্য-ব্যংগ ৰচনাসমূহে অসমীয়া পাঠকক হাস্যৰসৰ বিমল ৰস পান কৰোৱাই পেটৰ নাড়ী ডাল ডাল কৰিছিল । ইয়াৰ মূলতে আছিল তেখেতৰ ৰচনাৰ নিমজ গদ্যশৈলী তথা উপস্থাপন ৰীতি । কেৱল হাস্যৰস প্রদানেই নহয় অসমীয়া সমাজৰ প্রতিটো ভুল-ক্রুটী শুদ্ধৰণিৰ বাবে তেখেতৰ সাহিত্যৰাজি আছিল সমাজৰ অতন্দ্র প্রহৰীস্বৰূপ । হাস্যৰসৰ চলেৰে তীক্ষ্ণ বাক্যবান আৰু কটাক্ষপাতেৰে বেজবৰুৱাই অসমীয়া সমাজৰ শুদ্ধৰণিৰ চেষ্টা কৰিছিল সাহিত্যৰ মাজত প্রকাশ পোৱা হাস্যৰসৰ এনে বৈশিষ্ট্যৰ বাবেই বেজবৰুৱাক ‘ৰসৰাজ’ আখ্যা দিয়া হয় ।

(ঞ) তলৰ শব্দকেইটাৰ অর্থ লিখা ।

উত্তৰঃ মাথাপোট- কর্মৰ প্রতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা ।

     ফৰিয়াদ- গোচৰ, অভিযোগ

     গজপাত- অভিশাপ, শাওপাত

     ঘুঘুয়া- অলপীয়া, অলপকৈ হোৱা

     ভেৰোণ- ভাৰা, কেৰেয়া

     সঁচাৰকাঠী- চাবি

দীঘলীয়া প্রশ্ন  মূল্যাংকঃ ৪

(ক) ‘পানী মে মীন পিয়াসী । মোক শুনত শুনত লাগে হাসি’ ।- এই পদফাঁকি কাৰ ৰচনা? বেজবৰুৱাই কি প্রসংগত ইয়াৰ অৱতাৰণা কৰিছে, বুজাই লিখা ।

উত্তৰঃ মহাত্মা কবীৰে এই পদফাঁকি ৰচনা কৰিছিল ।

     পানীত থাকিও মাছ তৃষ্ণাতুৰ হৈ থকাৰ দৰেই শাওপাতত বা বিধিৰ বিপাকত পৰিহে বেজবৰুৱা বহু বছৰ ধৰি মাতৃভূমিলৈ উভতি আহিব পৰা নাছিল । বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পিয়াহত শুকাই মৰে । মাতৃভূমিৰ প্রতি থকা গভীৰ আন্তৰিকতাইও বেজবৰুৱাক শাওপাতৰ বাবেই অসমলৈ ঘূৰাই আনিব পৰা নাছিল । এই প্রসংগতেই সেয়ে তেখেতে এই পদফাঁকি অৱতাৰণা কৰিছে ।

(খ) ‘যথা নিযুক্তোহস্মি তথা কৰোমি’।– এই পদফাঁকি কোনে ক’ত কি প্রসংগত অৱতাৰণা কৰিছে, বুজাই লিখা ।

উত্তৰঃ যেতিয়া বেজবৰুৱাদেৱে গুৱাহাটী আহি পালে, তেতিয়া কটন কলেজৰ ছাত্রসকলে তেখেতক আদৰিবলৈ এখন সভা আহ্বান কৰিছিল আৰু তেওঁক উষ্ম আদৰণি জনাইছিল। ডেকা ছাত্রসকলৰ মনত কি উৎসাহ, কি আনন্দ । বেজবৰুৱাদেৱে গাত মেলেৰীয়া জ্বৰ লৈও সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছিল । কাৰণ কটন কলেজৰ ছাত্র বন্ধুসকলৰ সমাদৰ আৰু অনুৰোধ অমান্য কৰাৰ ইচ্ছা তিলমানো নাছিল । সেয়েহে বেজবৰুৱাই ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত উক্ত পদফাঁকি অৱতাৰণা কৰিছে ।

(গ) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্রেম কিদৰে প্রকাশ পাইছে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে মাতৃভূমি অসমৰ বাহিৰত, কলকতা আৰু সম্বলপুৰত আছিল । কৰ্ম-ব্যস্ততাৰ কাৰণে তেওঁ ত্রিশ-চল্লিছ বছৰ ধৰি ঘৰলৈ (মাতৃভূমি অসমলৈ) আহিব পৰা নাছিল । অৱশেষত ১৯৩০ খ্রীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা আৰম্ভ কৰিছিল । লগত খোৱা বস্তু নিনিয়া কাৰণে আৰু ৰে’লত খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰা কাৰণে পৰিয়াল সহ লেখকে ভোকে যাত্রা কৰিবলগীয়া হৈছিল । কিন্ত জাতিপ্রেম এৰিব নোৱাৰি বিশ তাৰিখে লঘুণে-ভুকে মাতৃভূমি পাইছিল । কষ্টকৰ ৰেলযাত্রা কৰি বেজবৰুৱা শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল যদিও ‘মাতৃমুখ’ দৰ্শন কৰি অৰ্থাৎ অসম ভূমিত পদাৰ্পণ কৰি আনন্দিত হৈ পৰিছিল ।

     বেজবৰুৱাদেৱে অসমৰ প্রাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ আৰু প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমাৰ কথা কৈ বৰ ভাল পাইছিল । ডিব্রুগড় চহৰৰ প্রগতি দেখি, ডিব্রুগড়ৰ তিৰোতাসকল শিক্ষিত আৰু ৰাজহুৱা কামত আগৰণুৱা হোৱা দেখি বেজবৰুৱাদেৱ অতি আনন্দিত হৈ পৰিছিল । ডিব্রুগড়ৰ ডেকাসকলৰ নাট-চৰ্চা, রংগশালৰ গীত-মাত আদিৰ পৰিবেশন দেখি তেওঁৰ মন উৎফুল্লিত হৈ পৰিছিল । মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও ডেকা নাট্যকাৰসকলৰ বিদেশী নাটকৰ অনূদিত অভিনীত অনুবাদত বেজবৰুৱাদেৱে নিজকে গৌৰৱ অনুভৱ কৰিছে । চাৰি অসমীয়া ছাত্র-সাহিত্যিকৰ সমাবেশত শ্বেক্সপীয়েৰৰ ‘Comedy of Errors’ অসমীয়ালৈ অনুবাদ ককৰি ‘ভ্রমরংগ’ (১৮৮৮)ৰ নিভাঁজ অসমীয়া অনুবাদত লেখকে অতিকৈ সন্তুষ্ট হৈছে ।  

     এইদৰে, ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্রেম সুন্দৰভাৱে প্রকাশ পাইছে । 

(ঘ) প্রবাসী লেখক লক্ষ্মীনাথ বেজবৰুৱাই কি কাৰণে সুদীৰ্ঘ কাল জন্মস্থান অসমলৈ ওভতিব পৰা নাছিল, বুজাই লিখা ।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে বহু বছৰ ধৰি মাতৃভূমি অসমৰ বাহিৰত আছিল । প্রথমতে তেওঁ কলকাতাত তেওঁৰ বন্ধু ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ কাৰবাৰ কৰিছিল যদিও পাছত স্বতন্তৰীয়াভাৱে সেই ব্যৱসায়ত লাগে । কিন্তু প্রথম মহাযুদ্ধৰ প্রকোপত তেওঁৰ ব্যৱসায় পৰি যায় । পাছত, ১৯১৬ চনত তেওঁ কাঠৰ ব্যৱসায় কৰা ‘বাৰ্ড কোম্পানী’ৰ চাকৰিত যোগদান কৰে । কোম্পানীৰ কলকতাৰ কাৰ্যালয়ত এবছৰ কাম কৰাৰ পাছত কোম্পানীয়ে তেওঁক উৰিষ্যাৰ সম্বলপুৰত থকা ফাৰ্মলৈ পঠিয়ায় । ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ সম্বলপুৰলৈ যায় আৰু বাৰ্ড কোম্পানীৰ ফাৰ্মৰ ‘মেনেজাৰ’ৰ কামত যোগদান কৰে ।  

     অৱশেষত, দুৰ্গা পূজাৰ বন্ধত ৰে’ল কোম্পানীয়ে যাত্রীক ভেৰোণৰ সুবিধা কৰি দিয়া সুবিধাকে লৈ ১৯৩০ খ্রীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত অসমলৈ বুলি যাত্রা কৰি সম্বলপুৰ এৰিবলৈ সক্ষম হৈছিল আৰু বাইশ তাৰিখে অৰ্থাৎ ২২ ছেপ্তেম্বৰত তেওঁ গুৱাহাটীত অথবা জন্মস্থান অসমলৈ ওভতিব আহিবলৈ সক্ষম হৈছিল ।

(ঙ) ডিব্রুগড়ৰ থিয়েটাৰ বা রংগশালৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কেনে মনোভাব প্রকাশ কৰিছে, পাঠটিৰ আধাৰত বুজাই লিখা ।

উত্তৰঃ ডিব্রুগড়ৰ থিয়েটাৰ বা রংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই । সেই রংগশাল নির্মাণ কৰি তাত সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাওনা অনুষ্ঠত কৰিছিল । থিয়টাৰৰ চিত্রপটবোৰ অসমীয়া চিত্রবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্রবিদসকলতকৈ কোনো গুণে হীন নাছিল । এনে ক্ষেত্রত পেইন্টিং আৰু ফটোগ্রাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া । ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল । এইসমূহৰ সাজ-সজ্জা, চিত্রপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায় ।

 ডিব্রুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ রংগশালত প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ নিয়াব পৰা প্রক্রিয়াটো সঁচাকৈ শলাগিবলগীয়া । বেজবৰুৱাই এই ক্ষেত্রত সবল প্রতিক্রিয়া দাঙি ধৰিছে । এনেদৰে ডিব্রুগড়ৰ অভূতপূর্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল ।

See More…

10 thoughts on “Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top