Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব

Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব, HS 2nd year Anthropology notes, সামাজিক নৃতৃত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব Notes for All Subject, You can practice these here.

( ক ) সামাজিক নৃতৃত্ব

Chapter – 4

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ

১। পৰিয়াল এটি ক্ষুদ্রতম / বৃহত্তম সামাজিক গোট । 

উত্তৰঃ ক্ষুদ্রতম গোট । 

২। পৰিয়াল এক পার্শ্বিক / দ্বি পার্শ্বিক গোট । 

উত্তৰঃ দ্বি পাৰ্শ্বিক গোট । 

৩। সমাজ বিজ্ঞানৰ মতে পৰিয়াল এটি জৈৱিক / সামাজিক গোট । 

উত্তৰঃ সামাজিক গোট ৷ 

৪। নাৰীভিত্তিক বাসস্থানক পিতৃস্থানীয় / মাতৃস্থানীয / নৱস্থানীয় আবাস বোলে । 

উত্তৰঃ মাতৃস্থানীয় । 

৫। নাৰীৰ জৰিয়তে চিনাক্ত কৰা উত্তৰাধিকাৰী প্ৰথাক মাতৃসূত্রী / পিতৃসূত্ৰী উত্তৰাধিকাৰ বোলে । 

উত্তৰঃ মাতৃসূত্ৰী উত্তৰাধিকাৰ বোলে ৷ 

৬। একান্নৱৰ্তী পৰিয়াল ভাৰতীয় কৃষক / পাহাৰীয়া জনজাতিৰ মাজত দেখা যায় । 

উত্তৰঃ ভাৰতীয় কৃষকৰ মাজত । 

৭। গাৰো সমাজৰ পৰিয়ালৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় যিকোনো কন্যা / জেষ্ঠ কন্যা / কনিষ্ঠ কন্যা । 

উত্তৰঃ কনিষ্ঠ কন্যা ৷

৮। খাচীসকলৰ বংশক্রম পিতা / মাতা / পিতাৰ ভনীৰ যোগেদি হয় । 

উত্তৰঃ পুৰুষৰ যোগেদি । 

৯। অসমীয়া সমাজত সম্পত্তিৰ উত্তৰাধিকাৰ পুৰুষ / নাৰী যোগেদি হয় । 

উত্তৰঃ পুৰুষৰ যোগেদি । 

১০। বহুপতিক বিবাহ টোডা / গাৰো / খাচী সমাজত দেখা যায়৷ 

উত্তৰঃ টোডা সমাজত । 

১১। খাচী সমাজত মাতৃস্থানীয় / পিতৃস্থানীয় আবাস প্ৰথাৰ প্ৰচলন আছে । 

উত্তৰঃ মাতৃস্থানীয় আবাস প্ৰথাৰ । 

১২। গাৰোসকল পিতৃস্থানিক / মাতৃস্থানিক 

উত্তৰঃ মাতৃস্থানিক ।

১৩। আওনগাসকল পিতৃসূত্রী / মাতৃসত্রী 

উত্তৰঃ পিতৃসূত্ৰী ।

১৪৷ পিতৃ – মাতৃ আৰু অবিবাহিত লৰা – ছোৱাসীৰ গঠিত পৰিয়ালক প্রাথমিক / জন্ম / প্ৰজনন পৰিয়াল বোলে । 

উত্তৰঃ প্রাথমিক পৰিয়াল ৷ 

১৫। কোনো ব্যক্তি এটা পৰিয়ালত জন্ম গ্ৰহণ কৰিলে তেও / জন্ম / প্রজনন পৰিয়ালৰ সদস্য হয় ।

উত্তৰঃ জন্ম পৰিয়াল । 

১৬। যি পৰিয়ালত প্রাপ্তবয়স্ক ব্যক্তি এজনে সতি সন্ততি জন্ম দি লালন – পালন কৰে তেনে পৰিয়ালে ব্যক্তিজনৰ বাবে জন্ম পৰিয়াল / প্রজনন পৰিয়াল । 

উত্তৰঃ প্ৰজনন পৰিয়াল ৷ 

১৭ । কোনো লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে থকাৰ ফলত গঠিত হোৱা পৰিয়ালক একান্নৱৰ্তী / যুগ্ম পৰিয়াল বুলি কোৱা হয় ৷ 

উত্তৰঃ একান্নৱৰ্তী পৰিয়াল ৷ 

১৮৷ বিবাহৰ পিছত দৰা কইনাই দৰাৰ ঘৰত নাইবা কইনাৰ ঘৰত বসতি কৰি থকা দম্পতীক নবস্থানীয় আবাস / দ্বি স্থানীয় আবাস / মাতৃভত্রিক স্থানীয় আবাস বোলে ৷ 

উত্তৰঃ দ্বি স্থানীয় আবাস ।

১৯। দৰা কইনাই বিয়াৰ পিছত দৰাৰ মাতৃৰ ভাতৃ ঘৰত থাকিবলৈ ললে এই আবাসক মাতৃস্থানীয় আবাস / মাতৃ ভাতৃ স্থানীয় আবাস / দ্বি স্থানীয় আবাস বোলে । 

উত্তৰঃ মাতৃ ভাতৃ স্থানীয় আবাস বোলে । 

২০। কেৰেলাৰ নায়াৰ / খাচী / গাৰো / মালয়য়েদিয়াৰ ট্ৰয়াণ্ড ( Trobriand ) দ্বীপবাসীৰ মাজত দর্শন ( Visit ) বিবাহ দেখিবলৈ পোৱা যায়। 

উত্তৰঃ কেৰেলাৰ নায়াৰ সকলৰ মাজত । 

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ

২১। পার্থক্য দেখুওৱা :

( ক ) জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল ।

উত্তৰঃ যিকোনো মানুহেই এটা প্রাথমিক পৰিয়ালত জন্ম গ্রহণ কৰে । জন্ম হোৱা লগে লগেই তেওঁ সেই পৰিয়ালৰ সদস্য হয় আৰু মাক বাপেকৰ দ্বাৰা লালিত পালিত হয় । এই পৰিয়ালতেই তেওঁ সমাজৰ নীতি নিয়মবোৰ শিকি তেওঁ ডাঙৰ দীঘল হয় ৷ গতিকে এই প্রাথমিক পৰিয়ালক তেওঁৰ জন্ম পৰিয়াল বুলি কোৱা হয় । 

আনহাতে প্রজনন পৰিয়াল হৈছে পৰিয়ালত জন্ম গ্ৰহণ কৰা মানুহ যেতিয়া প্রাপ্তবয়স্ক হয় তেতিয়া তেওঁ বিয়া কৰায় আৰু লৰা – ছোৱালী জন্ম দিয়ে। তেতিয়া তেওঁ সেই পৰিয়ালৰ মুৰববী হয় আৰু লৰা – ছোৱালীক লালন – পালন কৰি ডাঙৰ – দীঘল কৰে । গতিকে এই পৰিয়ালটোক প্ৰজনন পৰিয়াল বুলি কোৱা হয় ৷ 

( ক ) জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল

( ১ ) = জন্ম পৰিয়াল , ( ২ ) = প্ৰজনন পৰিয়াল Δ = পুৰুষ o, স্ত্রী , = বিবাহৰ চিহ্ন

( খ ) প্ৰাথমিক বা নুন্যতম পৰিয়াল আৰু সংযুক্ত পৰিয়াল ।

উত্তৰঃ প্ৰাথমিক বা নুন্যতম পৰিয়াল হৈছে এটা স্বজনতাৰ ভিত্তিত গঠিত গোট । এজন পুৰুষ , তেওঁৰ পত্নী আৰু তেওঁলোকৰ ঔৰসত জন্ম গ্ৰহণ কৰা বা তোলনীয়া অবিবাহিত লৰা – ছোৱালীৰে গঠিত গোটটোক প্রাথমিক পৰিয়াল বুলি গণ্য কৰা হয় । প্রাথমিক পৰিয়াল সকলো সমাজতে দেখিবলৈ পোৱা যায় । প্রত্যেক প্রাথমিক পৰিয়ালৰ থাকিবলৈ এডোখৰ সুকীয়া ঠাই আৰু এটা আবাস থাকে । কোনো কোনো সমাজত একেটা ঘৰতে কেইবাটাও প্রাথমিক পৰিয়াল বসতি কৰি থকা দেখা যায়।মিছিং সকলৰ কেইবাটাও ভাই ককাইৰ প্ৰাথমিক পৰিয়াল একেটা ঘৰতে থাকে । কিন্তু প্রত্যেক পৰিয়া সেই ঘৰত নিৰ্দিষ্ট ঠাই থাকে ।

( খ ) প্ৰাথমিক বা নুন্যতম পৰিয়াল আৰু সংযুক্ত পৰিয়াল

আনহাতে সংযুক্ত পৰিয়ালক একান্নবর্তী পৰিয়ালো কোৱা হয় । কোনো লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে থকাৰ ফলত যি পৰিয়াল গঠিত হয় সেই পৰিয়ালক সংযুক্ত পৰিয়াল বুলি কোৱা হয় । পিতৃ প্রধান সমাজৰ এজন পুৰুষ , তেওঁৰ পত্নী , তেওঁলোকৰ পুত্ৰসকল আৰু বোৱাৰী সকলে , নাতি নাতিনী সকল নাইবা মাতৃ প্রধান সমাজৰ এজনী নাৰী , তেওঁ স্বামী তেওঁলোকৰ জীয়েক জোঁৱাইসকল আৰু নাতি নাতিনী সকল একেলগে থাকিলে সেই পৰিয়ালকে সংযুক্ত পৰিয়াল বোলা হয় । এই পৰিয়ালৰ লগত মূৰববী পুৰুষ জনৰ বা নাৰীজনৰ অবিবাহিত পুত্ৰ আৰু জীয়েকো থাকিব পাৰে । 

( গ ) যুগ্ম পৰিয়াল আৰু পৰিবৰ্দ্ধিত পৰিয়াল । 

উত্তৰঃ বহু বিবাহৰ ক্ষেত্ৰত এজন পুৰুষ তেওঁৰ বহু পত্নী আৰু লৰা ছোৱালীৰে সৈতে গঠিত পৰিয়াল আৰু এজনী নাৰী তেওঁৰ বহু স্বামী আৰু লৰা ছোৱালীৰে সৈতে গঠিত পৰিয়ালক যুগ্ম পৰিয়াল বুলি আক্ষা দিব পাৰি । যুগ্ম পৰিয়ালক আকৌ কেইবাটাও ভাগত ভাগ কৰা হৈছে । 

( a ) বহুপত্নীক যুগ্ম পৰিয়াল :- এজন পুৰুষে কেইবাগৰাকীও পত্নীৰ লগত বসবাস কৰিলে যি পৰিয়ালৰ উদ্ভৱ হয় তাক বহু পত্নীক যুগ্ম পৰিয়াল বোলে ।

( b ) বহুপতিক পৰিয়াল :- এগৰাকী নাৰীয়ে কেইবাজনো পতিৰ লগত একেলগে বসবাস কৰিলে যি পৰিয়ালৰ উদ্ভৱ হয় , সেই পৰিয়ালক বহু পতিক পৰিয়াল কোৱা হয় । নীলগিৰি পাহাৰত বাস কৰা টোডা , চিকিমৰ লেপচা আদি জনজাতিৰ মাজত এই প্ৰথা দেখা যায় ৷ 

( c ) বহু পতিক বহু পত্নীক যুগ্ম পৰিয়াল :- কেইবাজনো পুৰুষে কেইবাজনীও তিৰোতাক যুটীয়াভাৱে বিয়া কৰাই একেলগে থাকিলে যি পৰিয়ালৰ সৃষ্টি হয় তাক বহু পতিক বহু পত্নীক যুগ্ম পৰিয়াল বুলি কোৱা হয় । পলিনেছীয়া দ্বীপপুঞ্জৰ মাৰকিউছিয়ান ( Marquision ) সকলৰ মাজত এই প্ৰথাটো দেখিবলৈ পোৱা যায় । এই সমাজৰ অৱস্থাপন্ন লোকে নিজৰ পত্নীৰ বাহিৰেও আন কিছুমান তিৰোতাক পত্নী হিচাপে গ্রহণ কৰে৷কিন্তু তেওঁৰ এটা বিশেষ চৰ্ত থাকে যে এই নবপত্নী কেইগৰাকীৰ বহু সংখ্যাক প্রেমিক থাকিব লাগে । বিয়াৰ পাছত এই নব পত্নী কেইগৰাকীৰ লগতে সকলোবোৰ বা কিছু সংখ্যাক প্রেমিকে সেই অৱস্থাপন্ন লোকজনৰ ঘৰত আহি বসবাস কৰে । এনে অৱস্থাত এটা বহু পতিক বহুপত্নীক পৰিয়ালৰ সূত্রপাত হয় ৷ 

আনহাতে পৰিবৰ্দ্ধিত পৰিয়ালে হৈছে প্ৰাথমিক পৰিয়ালৰ লগত আন আত্মীয় স্বজন থাকিলে তাক পৰিবৰ্দ্ধিত পৰিয়াল বুলি কব পাৰি । এটা প্রাথমিক পৰিয়ালৰ লগত স্বামীৰ অবিবাহিত ভাই – ভনী , বিবাহিত পুত্ৰ আৰু বোৱাৰী আদি একেলগে থাকিলে তাক পৰিবৰ্দ্ধিত পৰিয়াল বুলি কব পাৰি । ঠিক সেইদৰে মাতৃ প্রধান সমাজত স্ত্ৰীৰ অবিবাহিত ভাই – ভনী , অবিবাহিত ছোৱালী আৰু জোঁৱাই আৰু প্ৰাথমিক পৰিয়ালৰ অন্যান্য সদস্যসকল একেলগে থাকিলে তাকও পৰিবৰ্দ্ধিত পৰিয়াল বুলি কব পাৰি ।

( c ) বহু পতিক বহু পত্নীক যুগ্ম পৰিয়াল

( ঘ ) একান্নৱৰ্তী পৰিয়াল আৰু যুগ্ম পৰিয়াল ।

উত্তৰঃ কোনো লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে থকাৰ ফলত যি পৰিয়াল গঠিত হয়সেই পৰিয়ালক সংযুক্ত বা একান্নবর্তী পৰিয়াল বোলা হয় । পিতৃ প্রধান সমাজৰ এজন পুৰুষ তেওঁৰ পত্নী , তেওঁলোকৰ পুত্ৰসকল আৰু বোৱাৰীসকল আৰু নাতিনী সকল নাইবা মাতৃপ্রধান সমাজৰ এজনী নাৰী , তেওঁৰ স্বামী , তেওঁলোকৰ জীয়েক জোঁৱাইসকল আৰু নাতী নাতিনী সকল একেলগে থাকিলে সেই পৰিয়ালকে সংযুক্ত পৰিয়াল বুলি কব পাৰি । এই পৰিয়ালৰ লগত মুৰববী পুৰুষজনৰ বা নাৰীজনীৰ অবিবাহিত পুত্ৰ আৰু জীয়েকো থাকিব পাৰে । সংযুক্ত পৰিয়াল আকৌ তিনি প্ৰকাৰৰ হ’ব পাৰে– 

( a ) পৈত্রিক আবাসস্থানীয় ।

( b ) মাতৃক আবাস স্থানীয় । আৰু

( c ) পিতৃ মাতৃক আবাসস্থানীয় । 

যুগ্ম বা যৌগিক পৰিয়াল পৰিবৰ্দ্ধিত পৰিয়ালৰেই এটা প্ৰকাৰ । পৃথিৱীৰ বহুতো সমাজত এজন লোকে এগৰাকীতকৈ অধিক নাৰীক পত্নী হিচাপে গ্ৰহণ কৰাৰ প্ৰথা আছে । আনহাতে , আকৌ কিছুমান সমাজত এগৰাকী নাৰীয়ে একাধিক পুৰুষক স্বামী হিচাপে গ্ৰহণ কৰা দেখা যায় ৷ বহু বিবাহৰ ক্ষেত্ৰত এজন পুৰুষ , তেওঁৰ বহুপত্নী আৰু লৰা ছোৱালীৰে সৈতে গঠিত পৰিয়াল আৰু এজনী নাৰী , তেওঁৰ বহু স্বামী আৰু লৰা ছোৱালীৰ সৈতে গঠিত পৰিয়ালক যুগ্ম পৰিয়াল বোলে ৷ পনিনেছীয়া দ্বীপপুঞ্জৰ সকলৰ মাজত আকৌ বহুপতিক বহু পত্নীক যুগ্ম পৰিয়াল দেখিবলৈ পোৱা যায় ৷ এনে পৰিয়ালত কেইবাজনো কেইবাজনী তিৰুতাক যুটীয়াভাৱে বিয়া কৰাই একেলগে থাকি যুগ্ম পৰিয়ালৰ গঠন কৰে । 

( ঙ ) পৈত্রিক আবাসস্থানীয় আৰু মাতৃ আবাস স্থানীয় ।

উত্তৰঃ কোনো লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে থকাৰ ফলত যি পৰিয়াল গঠিত হয় তেনেকুৱা পৰিয়ালকে একান্নৱৰ্তী পৰিয়াল বোলা হয় । বাসস্থানৰ ওপৰত ভিত্তি কৰি পৰিয়ালক কেইবাটীও ভাগত কৰা হৈছে । যেনে— পৈত্রিক স্থানীয় আবাস । 

যেতিয়া পিতৃ প্রধান সমাজত বিয়াৰ পিছত নৱ দম্পতীয়ে দৰাৰ পিতৃৰ ঘৰত থাকিলে তাক পৈত্রিক স্থানীয় আবাস বুলি কোৱা হয় । পিতৃ প্রধান সমাজত পৈত্রিক স্থানীয় আবাসৰ প্ৰাধান্য দেখা যায় । 

আনহাতে মাতৃক আবাস স্থানীয়ত মাতৃ প্রধান সমাজত দেখিবলৈ পোৱা যায় । মাতৃ প্ৰধান সমাজত যেতিয়া বিয়াৰ পিছত নৱদম্পতীয় কইনাৰ মাকৰ ঘৰত থাকিলে তাক মাতৃক স্থানীয়  আবাস বুলি কোৱা হয় । মাতৃ প্রধান সমাজত এই ৰীতিৰ প্ৰচলন দেখা যায় । উত্তৰ পূর্ব ভাৰতৰ মেঘালয়ৰ বাচি আৰু গাৰো সমাজত মাতৃক স্থানীয় আবাসৰ ৰীতি প্রচলিত । দক্ষিণ ভাৰতৰ মালৱাৰ উপকূলৰ নায়াৰসকলৰ মাজত এনে পৰিয়াল দেখা যায় । এনে ক্ষেত্ৰত আটাইবোৰ ছোৱালীয়ে বিয়াৰ পিছত পতি সহ মাক বাপেকৰ লগত থাকিব পাৰে । নতুবা এজনী ছোৱালীয়ে বিয়াৰ পিছত মাক বাপেকৰ লগত থাকিব পাৰে । 

( চ ) পৈত্রিক স্থানীয় আবাস ।

উত্তৰঃ যেতিয়া পিতৃ প্রধান সমাজত বিয়াৰ পিছত নৱ দম্পতীয়ে দৰাৰ পিতৃৰ ঘৰত থাকিলে তাক পৈত্রিক স্থানীয় আবাস বুলি কোৱা হয় ৷ পিতৃ প্রধান সমাজত পৈত্রিক স্থানীয় আবাসৰ প্রাধান্য দেখা যায় । 

আনহাতে মাতৃক আবাস স্থানীয়ত মাতৃ প্রধান সমাজত দেখিবলৈ পোৱা যায় । মাতৃ প্রধান সমাজত যেতিয়া বিয়াৰ পিছত নৱদম্পতীয় কইনাৰ মাকৰ ঘৰত থাকিলে তাক মাতৃক স্থানীয় আবাস বুলি কোৱা হয় । মাতৃ প্রধান সমাজত এই ৰীতিৰ প্ৰচলন দেখা যায় । উত্তৰ পূৰ্ব ভাৰতৰ মেঘালয়ৰ খাচি আৰু গাৰো সমাজত মাতৃক স্থানীয় আবাস ৰ ৰীতি প্রচলিত । দক্ষিণ ভাৰতৰ মালৱাৰ উপকূলৰ নায়াৰসকলৰ মাজত এনে পৰিয়াল দেখা যায় । এনে ক্ষেত্ৰত আটাইবোৰ ছোৱালীয়ে বিয়াৰ পিছত পতি সহ মাক বাপেকৰ লগত থাকিব পাৰে । নতুবা এজনী ছোৱালীয়ে বিয়াৰ পিছত মাক বাপেকৰ লগত থাকিব পাৰে । 

( ছ ) এক পার্শ্বিক বংশানুক্ৰম আৰু দ্বি – পার্শ্বিক বংশানুক্রম ।

উত্তৰঃ যেতিয়া সন্তানে পিতৃ বা মাতৃ যিকোনো একপক্ষৰ উত্তৰাধিকাৰ গ্ৰহণ কৰে তাকে এক পার্শ্বিক বংশালুক্রম বোলা হয় । এক পার্শ্বিক বংশানুক্রম দুটা ভাগত ভগাব পাৰি । যেনে– 

( a ) পিতৃ সূত্রী বংশানুক্ৰম । আৰু 

( b ) মাতৃ সূত্ৰী বংশানুক্রম । 

পিতৃ সূত্ৰী বংশানুক্ৰমৰ ক্ষেত্ৰত সস্তানে পিতৃ পক্ষৰ পৰা উত্তৰাধিকাৰ গ্রহণ কৰে । হিন্দু সমাজত উত্তৰাধিকাৰ সূত্ৰে পিতৃৰ পৰা পুত্ৰসকলে সম্পত্তি ভাগ পায় । লৰা ছোৱালীয়ে পিতৃৰ উপাধি আৰু গোত্ৰ গ্ৰহণ কৰে।বিয়াৰ পাছত ছোৱালীয়ে গিৰীয়েকৰ উপাধি আৰু গোত্ৰ গ্ৰহণ কৰে। 

যেতিয়া সস্তানে মাতৃপক্ষীয় গোটত অর্ন্তভূক্তি লাভ কৰে তেতিয়া তাক মাতৃসূত্রী বংশনুক্রম বোলা হয়৷ মাতৃসূত্রী বংশানুক্ৰমত নাৰীয়ে সা – সম্পত্তিৰ গৰাকী হয় আৰু উত্তৰাধিকাৰ সূত্ৰে ছোৱালীয়েহে মাকৰ পিছত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি ভাগ পায়। বিয়াৰ পিছত মতা মানুহে স্ত্ৰীৰ উপাধি লয় ৷ গাৰো , খাচি , ভেদ্দা , নায়াৰ , হাইডা , জুনি , হপি , ইকুইছ আদি জনজাতিৰ মাজত মাতৃসূত্রী বংশনুক্রম প্রচলিত । 

( জ ) দ্বি পাৰ্শ্বিক বংশানুক্ৰম ।

উত্তৰঃ দ্বি পাৰ্শ্বিক বংশানুক্ৰমৰ নীতি অনুযায়ী পিতৃ আৰু মাতৃ উভয় পক্ষৰে কোনো কোনো আত্মীয়ক লৈ যি গোট গঠিত হয় তাক দ্বিপার্শ্বিক বংশানুক্রম বোলে । দ্বি পার্শ্বিক বংশানুক্রম অনুযায়ী কোনো লোকৰ পিতৃৰ পিতৃ – মাতৃ আৰু মাতৃৰ পিতৃ – মাতৃ , চাৰিওগৰাকী ককাদেউতাক আইতাকেই বংশানুক্রম সদস্যৰূপে পৰিগণিত হয়। এই বংশানুক্রম অষ্ট্রেলিয়া , মেলানেছিয়া আদিৰ জনজাতীয় লোকৰ প্ৰচলিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top