Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব

Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব, HS 1st year Anthropology notes, সামাজিক নৃতৃত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব Notes for All Subject, You can practice these here.

২৭। সংযুক্ত পৰিয়ালৰ প্ৰকাৰসমূহ কি কি ? বৰ্ণনা কৰা ৷ 

উত্তৰঃ সংযুক্ত পৰিয়ালৰ প্ৰকাৰসমূহ হল – 

( ক ) পৈত্রিক আবাস স্থানীয় ( Patrilocal ) 

( খ ) মাতৃক আবাস স্থানীয় ( Matrilocal ) 

( গ ) পৈত্রিক – মাতৃক আবাস স্থানীয় ( Patrilocal – Matrilocal ) 

( ক ) পৈত্রিক আবাস স্থানীয় ( Patrilocal ) :- যেতিয়া পিতৃ প্রধান সংযুক্ত পৰিয়ালৰ কোনো লোকে বিয়া কৰায় আৰু বিয়াৰ পিছত নৱদম্পতীয়ে বাপেকৰ লগত থাকে তেতিয়া সেই পৰিয়ালক পৈত্রিক আবাস স্থানীয় সংযুক্ত পৰিয়াল কোৱা হয় ৷ ভাৰতৰ প্ৰায়বোৰ সমাজত এই প্রথা চলি আছে । 

( খ ) মাতৃক আবাস স্থানীয় ( Matrilocal ) :- যেতিয়া মাতৃ প্রধান সংযুক্ত পৰিয়ালৰ কোনো ছোৱালীয়ে বিয়া পাতে আৰু বিয়াৰ পিছত নৱদম্পতীহালে মাকৰ ঘৰত থিতাপি লয় তেতিয়া সেই পৰিয়ালক মাতৃক আবাস স্থানীয় সংযুক্ত পৰিয়াল বুলি কোৱা হয় । খাচি আৰু গাৰো সমাজত এনেকুৱা প্ৰথা এতিয়াও চলি আছে । 

( গ ) পৈত্রিক – মাতৃক আবাস স্থানীয ( Patrilocal – Matrilocal ) :- যেতিয়া পুতেক , জীয়েক উভয়ে বিয়াৰ পিছত মাক – বেপেকৰ লগত একেলগে থাকে , তেতিয়া তাক পৈত্রিক মাতৃক আবাস স্থানীয় সংযুক্ত পৰিয়াল বোলা হয় । গাৰো পাহাৰ , গোৱালপাৰ সীমান্তবর্তী অঞ্চলৰ কোচ , হাজং , ৰাভা আদি সম্প্ৰদায়ৰ মাজত আৰু নগাওঁৰ টিৱা ( লালুং ) সম্প্ৰদায়ৰ মাজত এনেধৰণৰ সংযুক্ত পৰিয়াল আছে । 

২৮। সংযুক্ত পৰিয়ালৰ গুণ আৰু দোষবোৰ লিখা। 

উত্তৰঃ সংযুক্ত পৰিয়ালৰ গুণ আৰু দোষবোৰ তলত উল্লেখ কৰা হ’ল – 

( ক ) সংযুক্ত পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সহায় আৰু সহযোগিতা দেখা যায় । 

( খ ) সংযুক্ত পৰিয়ালে সমাজতন্ত্রবাদৰ এটা প্রতীক । ইয়াৰ মতে সংযুক্ত পৰিয়ালৰ অন্তৰ্ভূক্ত সদস্যসকলৰ সকলো ধৰণৰ চাহিদা পূৰণ কৰে আৰু সামূহিক স্বাৰ্থৰ ওপৰত ভিত্তি কৰি সকলোসদস্যৰ সমানে উন্নতি সাধিবলৈ চেষ্টা কৰে। 

( গ ) সকলো সদস্যই নিৰাপত্তা অনুভৱ কৰে । এজনৰ বা দুজনৰ অসুখ- বিসুখ হলেও আন সদস্যসকলে পৰিয়ালৰ কামবোৰ চলাই নিয়ে । কোনো বা সদস্যৰ মৃত্যু হলেও পৰিয়ালে তেওঁৰ ল’ৰা – ছোৱালী আৰু বিধবা মাতৃৰ দায়িত্ব গ্ৰহণ কৰে । 

( ঘ ) পৰিয়ালৰ সকলো শিশুৱে বয়স্ক লোকৰ পৰা সমাজৰ আবভাব আৰু সংস্কৃতিৰ বিষয় জ্ঞান লাভ কৰে আৰু সমাজৰ লগত খাপ খুৱাই চলিবলৈ শিকে ৷ 

( ঙ ) সংযুক্ত পৰিয়ালৰ মুৰব্বীজনৰ সহানুভবতা , সংযম আৰু ত্যাগৰ কাৰণে পৰিয়ালত ঐক্য আৰু সম্প্ৰীতি অব্যাহত থাকে । এই আদর্শই আন সকলো সদস্যকে প্ৰেৰণা আৰু চৰিত্ৰ গঠনত অৰিহণা যোগায় ।

দোষবোৰ :- 

( ক ) সংযুক্ত পৰিয়ালৰ সদস্যসকলৰ মাজত নানা ধৰণৰ মানসিক সংঘাট হ’ব পাৰে যাৰ কাৰণে পৰিয়াল পৰিচালনা কৰাত ব্যাঘাত জন্মে আৰু শেষত ইয়াৰ ভাঙোণ আৰম্ভ হয় ।

( খ ) যদি মূৰব্বীজন দুৰ্বল আৰু উদাসীন হয় আৰু কোনো কথাতে আনভাগ নলয় তেন্তে পৰিয়ালৰ উন্নতিত ব্যাঘাত জন্মে । তাৰ বাবে ইয়াৰ অধোন্নতি হ’ব পাৰে ৷ 

(গ ) তদুপৰি যদি পৰিয়ালৰ আন আন সদস্যৰ মাজত গাইগুটিয়া মনোভাব গঢ়ি উঠে আৰু পৰিয়ালৰ সামূহিক উন্নতিৰ বাবে মুৰব্বীৰ লগত সহযোগীতা নকৰে আৰু শ্ৰম বিমুখ হয় তেন্তে সেই সংযুক্ত পৰিয়াল ধ্বংসমুখী হয় । 

( ঘ ) কেতিয়াবা কেতিয়াবা কিছুমান সদস্য অকামিলা হোৱাও দেখা যায় । ইয়াৰ বাবে পৰিয়ালৰ উন্নতিৰ স্থবিৰতা আহে । 

২৯। যুগ্ম পৰিয়াল কাক বোলে ? যুগ্ম পৰিয়ালৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা । 

উত্তৰঃ বহু বিবাহৰ ক্ষেত্ৰত এজন পুৰুষ , তেওঁৰ বহুপত্নী আৰু ল’ৰা – ছোৱালীৰ সৈতে গঠিত পৰিয়াল আৰু এজনী নাৰী , তেওঁৰ বহুস্বামী আৰু ল’ৰা – ছোৱালীৰে সৈতে গঠিত পৰিয়ালক যুগ্ম পৰিয়াল বোলা হয়৷যুগ্ম পৰিয়ালক কেইবাটাও ভাগত ভাগ কৰা হৈছে ―

( ক ) বহুপত্নীক যুগ্ম পৰিয়াল :- এজন পুৰুষে কেইবাগৰাকীও পত্নীৰ লগত বসবাস কৰিলে যি পৰিয়ালৰ উদ্ভৱ হয় তাক বহুপত্নীক যুগ্ম পৰিয়াল বোলে ৷ 

( খ ) বহুপতিক যুগ্ম পৰিয়াল :- এগৰাকী নাৰীয়ে কেইবাজনো পতিৰ লগত একেলগে বসবাস কৰিলে যি পৰিয়ালৰ উদ্ভৱ হয় , সেই পৰিয়ালক বহুপতিক পৰিয়াল বুলি কোৱা হয় ৷ নীলগিৰি পাহাৰত বাস কৰা টোডা , নিকিমৰ লেপচা আদি জনজাতিৰ মাজত এই প্রথা আছে । 

( গ ) বহুপতিক বহু পত্নীক যুগ্ম পৰিয়াল :- কেইবাজনো পুৰুষে কেইবাজনীও তিৰোতাক যুতিয়া ভাৱে বিয়া কৰাই একেলগে থাকিলে যি পৰিয়ালৰ সৃষ্টি হয় তাকে বহুপতি বহু পত্নীক যুগ্ম পৰিয়াল বুলি কোৱা হয় । পলিনেদীয়া দ্বীপপুঞ্জৰ মাৰকিউছিয়ান ( Marguisian ) সকলৰ মাজত এই প্ৰথাটো দেখিবলৈ পোৱা যায় । সেই সমাজৰ অৱস্থাপন্ন লোকে নিজৰ পত্নীৰ বাহিৰেও আন কিছুমান তিৰোতাক পত্নী হিচাপে গ্রহণ কৰে ৷ কিন্তু তেওঁৰ এটা বিশেষ চৰ্ত্ত থাকে যে এই নৱ দম্পত্নী কেইগৰাকীৰ বহুসংখ্যক প্রেমিক থাকিব লাগে । বিয়াৰ পিছত এই নৱপত্নী কেইগৰাকীৰ লগতে সকলোবোৰ বা কিছুসংখ্যক প্রেমিকে সেই অৱস্থাপন্ন লোকজনৰ ঘৰত আহি বসবাস কৰে । এই অৱস্থাত এই বহুপতিক বহুপত্নীক পবিয়ালৰ সূত্রপাত হয় । 

৩০। বংশানুক্রম কাক বোলে ? 

উত্তৰঃ আত্মীয় গোট বিশেষৰ সদস্যপদ , প্ৰস্থিতি উপাধি , অধিকাৰ আদি পুৰ্বপুৰুৰ পৰা উত্তৰ পুৰুষলৈ- সঞ্চাৰিত হোৱাকে বংশানুক্রম বোলা হয়। বংশানুক্ৰম হৈছে এক প্ৰকাৰৰ সামাজিক নীতি যাৰ ভিত্তিত এজন লোকে জন্ম গ্ৰহণ কৰাৰ লগে লগে আত্মীয় সমষ্টি এটাৰ লগত জড়িত হৈ পৰে । এই আত্মীয়সকলৰ পৰা তেওঁ নানা ধৰণৰ সা – সহায় আশা কৰিব ‘ পাৰে যি সহায় তেওঁ অন্যান্য আত্মীয়লোকৰ পৰা আশা কৰিব নোৱাৰে। প্রত্যেক সমাজতে দুটা কাৰণত বংশানুক্ৰম উল্লেখযোগ্য নীতি ৰূপে স্বীকৃত হয় । 

( ক ) বংশানুক্রমে স্বয়ংক্রিয়া ভাৱে কোনো লোকক তেওঁৰ সমাজৰ ব্যক্তি কিছুমানৰ লগত সামাজিক সম্পর্কৰে জড়িত কৰে । এই সম্পর্কই ব্যক্তি বিশেষৰ সামাজিক অধিকাৰ আৰু দায়িত্ব নির্ণয় কৰে ৷ পাৰস্পৰিক সহযোগীতাৰ উপৰিও এই দায়িত্ব আৰু অধিকাৰ এজন লোকৰ বৈবাহিক আৰু গৌণ জীৱনো নিয়ন্ত্ৰণ কৰে । 

( খ ) বংশানুক্রমে কিছু পৰিমাণে উত্তৰাধিকাৰ ( Inheritance ) আৰু পদাধিকাৰো ( Succession ) নিৰূপণ কৰে । 

৩১। সম্পত্তি হস্তান্তৰ কাৰণৰ মূখ্য কাৰণসমূহ কি কি ? 

উত্তৰঃ সম্পত্তি হস্তান্তৰ কাৰণৰ মূখ্য কাৰণসমূহ হ’ল— 

( ক ) জন্মক্রম অর্থাৎ জেষ্ঠ্য , মধ্য , কনিষ্ঠ ইত্যাদি সন্তানৰ ক্ৰম অনুযায়ী সমাজ বিশেষে সন্তানৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে । 

( খ ) বৈবাহিক সম্বন্ধৰ সম্পত্তিৰ উত্তৰাধিকাৰ নিৰূপণ কৰে ।

৩২। বংশানুক্ৰমৰ নীতি – নিয়মসমূহ কি ? 

উত্তৰঃ আদিম সমাজত বংশগোষ্ঠীয়ে এক বিশেষ ভূমিকা পালন কৰে । যৌন জীৱন নিয়ন্ত্রণ , বৈবাহিক সম্বন্ধ নিৰূপণ , বংশানুক্রমিক উত্তৰাধিকাৰ আৰু পদাধিকাৰ সাব্যস্ত তথা অর্থনৈতিক আৰু অন্যান্য সামাজিক ক্ষেত্ৰত বংশ গোষ্ঠীৰ উল্লেখনীয় অৰিহণা আছে । জমজাতীয় সমাজত বংশানুক্ৰমৰ নীতি নীয়মবোৰ আখৰে আখৰে পালন কৰে দেখা যায় । সম্পত্তিৰ হস্তাস্তৰ , আপদ – বিপদত সহায় কিশোৰৰ দীক্ষা (Initiation ) , ধর্মীয় সংস্কাৰ পালন , ট’টেম সম্বন্ধীয় পূজা পাতল ইত্যাদি বংশগোষ্ঠীয়ে আগ ভাগ লয় । বংশগোষ্ঠী এটা বহিঃবৈবাহিক গোট । কোনো কোনো বংশগোষ্ঠীৰ উমৈহতীয়া সম্পত্তিও থাকে । কোনো লোকে দোষ কৰিলে সেই দোষ বংশগোষ্ঠীয়ে মূৰ পাতি লয় আৰু দোষৰ পৰা অব্যাহতি পাবৰ কাৰণে বংশগোষ্ঠীয়ে দোষীকসকলো প্ৰকাৰে সহায় কৰে । বংশানুক্ৰমৰ নীতি – নিয়মবোৰো বংশগোষ্ঠীৰ দ্বাৰাই ধাৰ্য্য কৰা হৈছিল ।  

৩৩। এক পার্শ্বিক বংশনাক্রম কাক বোলে ? ই কেইপ্ৰকাৰৰ উদাহৰণ সহআলোচনা কৰা । 

উত্তৰঃ যেতিয়া সন্তানে বংশানুক্রমিক নীতি অনুযায়ী পিতৃ বা মাতৃ যিকোনো এক পক্ষৰ উত্তৰাধিকাৰ গ্ৰহণ কৰে তাকে এক পার্শ্বিক বংশানুক্রম বোলা হয় । এই পার্শ্বিক বংশানুক্রমক আকৌ দুটা ভাগত ভাগ কৰা হৈছে । যেনে – পিতৃসূত্রী বংশানুক্রম ( Patrilineal descent) আৰু মাতৃ সূত্ৰী বংশানুক্রম ( Matrilineal desunt ) । 

পিতৃ সূত্রী বংশানুক্রম :- সস্তানে যেতিয়া বংশানুক্রমিক নীতি অনুযায়ী পিতৃপক্ষৰ পৰা উত্তৰাধিকাৰ গ্ৰহণ কৰে তেতিয়া পিতৃসূত্ৰী বংশানুক্ৰম বোলে । পৃথিৱীৰ এক বুজন সংখ্যক সমাজে পিতৃসূত্রী বংশানুক্রম বোলে।পৃথিৱীৰ এক বুজন সংখ্যক সমাজে পিতৃসূত্রী বংশানুক্রম অনুসৰণ কৰে ৷ হিন্দুসমাজত পিতৃৰ পৰা পুত্ৰসকলে উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিৰ ভাগ পায় ৷ ছোৱালীৰ বিয়াৰ পিচত পিতৃৰ সম্পত্তিৰ ওপৰত অধিকাৰ নাথাকে ৷ অৱশ্যে বৰ্ত্তমান আইমতে ছোৱালী সকলেও পিতৃৰ পৰা সম্পত্তি উত্তৰাধিকাৰ সূত্ৰে পায় । ল’ৰা – ছোৱালীয়ে পিতৃৰ উপাধি আৰু গোত্ৰ গ্ৰহণ কৰে ৷ বিয়াৰ পিছত ছোৱালীয়ে গিৰীয়েকৰ উপাধি আৰু গোত্ৰ গ্ৰহণ কৰে । 

মাতৃ সূত্রীবংশানুক্রম :- যেতিয়া সন্তানে মাতৃ পক্ষীয় গোটত অন্তভূক্তি লাভ কৰে তেতিয়া তাক মাতৃসূত্রী বংশানুক্রম বোলা হয় । মাতৃসূত্রী বংশানুক্রম মতে নাৰীয়ে সা – সম্পত্তিৰ গৰাকী হয় আৰু উত্তৰাধিকাৰ সূত্ৰে ছোৱালীয়েহে সম্পত্তিৰ ভাগ পায় । কিন্তু মাতৃ প্রধান খাচি সমাজত কনিষ্ঠ৷ ছোৱালীয়েহে মাকৰ পিছত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিৰ গৰাকী হয় । মাতৃ সূত্ৰী গাৰো সমাজত কিন্তু সকলো ছোৱালীয়েই সম্পত্তিৰ ভাগ পায় । সকলো মাতৃসূত্রী সমাজতে উপাধিবোৰ মাইকী মানুহৰ জৰিয়তেহে সঞ্চাৰিত হয় । বিয়াৰ পিছত মতা মানুহে স্ত্রী উপাধি লয় । ল’ৰা ছোৱালীয়েও মাকৰ উপাধি লয় । বিয়াৰ পিছত স্বামীয়ে স্ত্ৰীৰ ঘৰলৈ গৈ থাকিবলৈ লয় । পদাধিকাৰৰ ক্ষেত্ৰত পুৰুষৰ প্ৰাধান্য থকা দেখা যায় । খাচি সমাজত পুৰুষকহে ৰজা পাতে । কিন্তু উত্তৰাধিকাৰৰ ক্ষেত্ৰত কিছুনাৰীৰ প্ৰাধান্য দেখা যায় । কাৰণ ৰজাৰ স্ত্ৰীৰ ভায়েকৰ পুত্ৰইহে উত্তৰাধিকাৰ সূত্ৰ ৰজা হ’ব পাৰে ৷ গাৰো , খাচি , ভেদ্দা , নায়াৰ , হাইডা , জুন , হ’পি , ইৰ’কুইছ আদি । জনজাতিৰ মাজত মাতৃসূত্ৰী বংশানুক্রম প্রচলিত । 

৩৪। পৰিয়ালৰ প্ৰকাৰ্য্যসমূহ বৰ্ণনা কৰা ৷ 

উত্তৰঃ সমাজৰ এটা বিশিষ্ট গোট হিচাপে পৰিয়ালৰ কিছুমান প্ৰকাৰ্য্য আছে । পৰিয়ালৰ সুপৰিকল্পিত প্রকাৰ্য্যৰ দ্বাৰাহে এখন সংহতি সূর্ণ সুস্থ সমাজ গঢ় দিব পাৰি । 

পৰিয়ালৰ প্ৰধান প্ৰকাৰ্য্যসমূহ হ’ল – 

( ক ) পৰিয়ালৰ সদস্যসকলৰ মাজত সৌহার্দপূর্ণ পৰিবেশ সৃষ্টি কৰি ঐক্য আৰু সম্পত্তি স্থান কৰা হয় । 

( খ ) পৰিয়ালে সদস্যসকলৰ যৌণ সম্বন্ধ নিয়ন্ত্ৰণ কৰে ভৱিষ্যত বংশ ৰক্ষাৰ কাৰণে ল’ৰা ছোৱালীক জন্ম দিয়ে যৌৱনপ্রান্ত হ’লৈ তেওঁলোকৰ বিবাহৰ ব্যৱস্থা কৰে । 

( গ ) পৰিয়ালে সদস্যসকলৰ ভৰণ পোষণৰ ব্যৱস্থা কৰে থাকিবৰ কাৰণে ঘৰ সাজি দিয়ে ৷

( ঘ ) পৰিয়ালে কেতবোৰ অর্থনৈতিক কাৰ্য্যও সম্পাদন কৰে । পৰিয়ালৰ ভিন্ ভিন্ সদস্যসকলৰ মাজত বয়স , লিংগ অনুসাৰে শ্ৰম বিভাজনৰ ব্যৱস্থা কৰে । 

( ঙ ) পৰিয়ালে ল’ৰা – ছোৱালীক বিভিন্ন কাৰণে উপযুক্ত কৰিবলৈ শিক্ষা দিয়ে । 

( চ ) পৰিয়ালে বিভিন্ন ধর্মীয় কার্য সম্পাদন কৰে । 

( ছ ) পৰিয়ালে সা – সম্পত্তি ৰক্ষা কৰিবলৈ সকলো প্ৰকাৰে ব্যৱস্থা লয় ৷ 

( ঙ ) প্রত্যেক সমাজৰে একো একোটা সংস্কৃতি আছে । এই সংস্কৃটিৰ লগত পৰিয়ালে সকলো সদস্যকে পৰিচয় কৰি দিয়ে ৷ সমাজৰ ৰীতি নিতিৰ লগত যাতে খাপ খুৱাই চলিব পাৰে তাৰ বাবে বয়োজেষ্ঠসকলে পৰামৰ্শ আগবঢ়ায় ।  

( ছ ) পৰিয়ালে সমূহীয়া কাৰ্য্যত সহযোগীতা আগবঢ়ায় । সমূহৰ (Community ) প্ৰতি থকা দায়িত্বৰ বিষয়ে সকলো সদস্যকে সচেতন কৰি দিয়ে । সমূহৰ সকলো ধৰণৰ উন্নতি , প্ৰতিৰক্ষা আদিৰ বাবে পৰিয়ালে মাধ্য অনুযায়ী অৰিহণা যোগায় ৷ 

৩৫ । পৰিয়াল গোটতো মানৱ সমাজৰ এটা অপৰিহাৰ্য্য অংগ । বহলাই আলোচনা কৰা ৷ 

উত্তৰঃ পৰিয়াল হৈছে সমাজৰ আটাইতকৈ সৰু গোট ই – স্ব জনতাৰ ওপৰত প্রতিষ্ঠিত গোট । স্বামী – স্ত্ৰী আৰু তেওঁলোকৰ ঔৰসত জন্ম লাভ কৰা বা তোলনীয়া অবিবাহিতা ল’ৰা – ছোৱালীৰে গঠিত গোটতোকে পৰিয়াল বোলা হয় । পৰিয়ালে অবিহনে সমাজ সম্পূৰ্ণ নহয় । পৰিয়াল নোহোৱা সমাজত পৃথিৱীৰ কোনো সম্প্ৰদায়ৰ মাজতে নাই । পৰিয়াল অবিহনে সমাজৰ গঠন সম্পূৰ্ণ নহয় । পৃথিৱীৰ প্ৰায় সকলো সমাজতে পৰিয়াল পোৱা যায় কাৰণে পৰিয়ালক সার্বজনীন গোট বুলি কোৱা হয়। কাৰণ পৰিয়ালৰ জৰিয়তে কোনে এজন ব্যক্তিয়ে তেওঁৰ সংস্কৃতিৰ লগত পৰিচয় হয় । সমাজৰ নীতি – নিয়ম , আচৰণ বিধিৰ লগত পিতৃ – মাতৃয়ে সন্তানক পৰিচয় কৰি দিয়ে ৷ 

গতিকে পৰিয়ালক সামাজিক ধাৰা বা সংস্কৃতিৰ পৰম্পৰা বহন কাৰী গোট বুলিও ক’ব পাৰি । এই পৰিয়ালক বৈবাহিক আৰু আৰু স্বজনতাৰ ভিত্তি প্রতিষ্ঠিত নুন্যতম সামাজিক আত্মীয়তা আৰু বৈবাহিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে । মাক – বাপেক বৈবাহিক সম্পৰ্কৰ দ্বাৰা আৰু সন্তানে ৰক্ত সম্বন্ধৰ দ্বৰা মাক – বাপেকৰ লগত জড়িত হৈ থাকে । মাক দেউতাকৰ গত জড়িত হৈ থাকে । মাক – দেউতাকে জন্মৰ পিছত ল’ৰা – ছোৱালীক ভৰণ পোষণ দি ডাঙৰ – দীঘল কৰি উপযুক্ত কৰি দিয়ে আৰু ল’ৰা – ছোৱালীয়েও বৃদ্ধ বয়সত মাক দেউতাকৰ ভবণ – পুষণৰ দ্বায়িত্ব বহন কৰে । প্ৰজনন পৰিয়ালে আৰু জন্ম পৰিয়ালৰ এক ত্ৰীকৰণত সমাজ ডাঙৰ ডাঙৰ গোটৰ সৃষ্টি হয় । সামাজিক নিয়ম অনুযায়ী সকলো অৱস্থাৰ সম্পত্তীৰ উত্তৰাধিকাৰ পৰিয়ালৰ মুৰব্বী জনৰ জৰিয়তে প্রবাহিত হয় । পিতৃ – প্রধান

সমাজত মাতৃৰ পৰা ছোৱালীহতঁৰ জৰিয়তে উত্তৰাধিকাৰ সাব্যস্ত কৰা হয় । 

পৰিয়ালক এটা জৈৱিক গোট বুলি কোৱাৰ সলনি এটা সামাজিক গোট বুলিহে ক’ব পাৰি । মাক – বাপেক আৰু ল’ৰা – ছোৱালীৰ মাজত তেওঁ মঙহৰ সম্পৰ্কৰ ফালৰ পৰা ইয়াক জৈৱিক গোট বুলি অবিহিত কৰিলেও কোনো কোনো ক্ষেত্ৰত পৰিয়ালত তোলনীয়া সন্তানৰ সদস্য ভুক্তিৰ ফলত জৈৱিক পিতৃ মাতৃৰ নিৰ্ণয় কৰা সহজ সাধ্য নহয় । উদাহৰণ স্বৰূপে , টোডাসকলৰ মাজত বহুপতিক বিবাহৰ প্রচলন থকাৰ বাবে সস্তানৰ প্ৰকৃত জৈৱিক পিতৃৰ নিৰ্ণয় কৰা হয় সামাজিক আচাৰ অনুষ্ঠানৰ যোগেদি । কোনো সময়ত গৰ্ভৱতী নাৰীৰ যিজন স্বামীয়ে ধনুকাড় আৰু বন্তি এগছ দি সেই নাৰীক আনাবনুষ্ঠান আৰু সামাজিক বিধি সাপেক্ষে পালন কৰিব তেতিয়া তেওঁক জন্ম লাভ কৰা সন্তানৰ পিতৃ বুলি গণ্য কৰা হয় । একেদৰে আফ্ৰিকাৰ নুৱেৰসকলৰ মাজত মৃত ব্যক্তিৰ লগত বিয়াৰ ব্যৱস্থা আছে , মৃত ব্যক্তিলৈ বিয়া কৰোৱা কণ্যাটিৰ গৰ্ভৰ পৰা ভূমিষ্ঠ সন্তানটি সেই মৃত ব্যক্তিৰ সন্তান বুলি গণ্য কৰা হয় কিছুমান সামাজিক নিয়মৰ যুগেদি । এইবোৰ কাৰণতে পৰিয়ালক এটা সামাজিক গোট হিচাপে অভিহিত কৰা হয় । 

৩৬। পার্থক্য লিখা :

( ক ) উত্তৰাধিকাৰ আৰু পদাধিকাৰ ।

উত্তৰঃ যি পদ্ধতিৰে মৃতলোকৰ সম্পত্তি জীৱিকা লোকলৈ সঞ্চাৰিত হয় তাকেই উত্তৰাধিকাৰ বোলা হয় । উত্তৰাধিকাৰ বিধিসমূহে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ হোৱা সম্পত্তিৰ হস্তান্তৰ নিয়ন্ত্ৰণ কৰে ৷ সন্তনে যেতিয়া বংশানুক্রমিক নীতি অনুযায়ী পিতৃপক্ষৰ পৰা উত্তৰাধিকাৰ গ্ৰহণ কৰে তেতিয়া তাক পিতৃমৃত্রী বংশক্রম বোলা হয় । হিন্দু সমাজত পিতৃৰ পৰা পুত্ৰসকলে উত্তৰাধিকাৰ সূত্ৰ সম্পত্তিৰ ভালপায় । ল’ৰা – ছোৱালীয়ে পিতৃৰ উপাধি আৰু গোত্ৰ গ্ৰহণ কৰে ৷ বিয়াৰ পিছত ছোৱলীয়ে পিতৃৰ উপাধি আৰু গোত্ৰ গ্ৰহণ কৰে । বিয়াৰ পিছত ছোৱালীয়ে গিৰিয়েকৰ উপাধি আৰু গোত্ৰ গ্ৰহণ কৰে । আনহাতে মাতৃসূত্ৰী বংশানুক্ৰমৰ ক্ষেত্ৰত মাতৃৰ দ্বাৰাহে সম্পত্তিৰ ভাগ ছোৱালীৰ দ্বাৰা প্ৰাবাহিত হয় । বিয়াৰ পিছত গিৰিয়েকে ঘৈনিয়েক উপাধি গ্ৰহণ কৰিব লগীয়া হয় । মাতৃ প্রধান খাচী সমাজত উত্তৰাধিকাৰ সূত্ৰে কনিষ্ঠা ছোৱালীয়েহে মাকৰ পিছত সম্পত্তিৰ গৰাকী হয় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top