Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব

Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব, HS 1st year Anthropology notes, সামাজিক নৃতৃত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 4 (ক) সামাজিক নৃতৃত্ব Notes for All Subject, You can practice these here.

২২। চমু টোকা লিখা :

( ক ) প্ৰাথমিক বা নুন্যতম পৰিয়াল ।

উত্তৰঃ প্ৰাথমিক বা নুন্যতম পৰিয়াল হৈছে স্বজনতাৰ ওপৰত প্ৰতিষ্টিত গোট । এজন পুৰুষ , তেওঁৰ পত্নী আৰু তেওঁলোকৰ ঔৰসত জন্ম গ্রহণ কৰা বা তোলনীয়া অবিবাহিত লৰা – ছোৱালী ছোৱালীৰে গঠিত গোটটোক প্রাথমিক পৰিয়াল বুলি গণ্য কৰা হয় ৷ মাক – বাপেকৰ লগত তেজ মঙহৰ সম্বন্ধ নাথাকিলেও তোলনীয়া লৰা ছোৱালীক তেওঁলোকৰ নিজৰ সন্তান বুলি সমাজে স্বীকৃতি দিয়ে । প্রাথমিক পৰিয়াল সকলো সমাজত দেখিবলৈ পোৱা যায় । প্রত্যেক প্রাথমিক পৰিয়ালৰ থাকিবলৈ এডোখৰ সুকীয় ৷ ঠাই আৰু এটা আবাস থাকে । কোনো কোনো সমাজত একেটা ঘৰতে কেইবাটাও প্রাথমিক পৰিয়াল একেটা ঘৰতে থাকে । কিন্তু প্রত্যেক পৰিয়ালৰে সেই ঘৰত নির্দিষ্ট ঠাই থাকে । 

( ক ) প্ৰাথমিক বা নুন্যতম পৰিয়াল ।

( খ ) পৰিবৰ্দ্ধিত পৰিয়াল ।

উত্তৰঃ প্রাথমিক পৰিয়ালৰ লগত আন আত্মী স্বজন থাকিলে তাক পৰিবৰ্দ্ধিত পৰিয়াল বোলে । এটা প্রাথমিক পৰিয়ালৰ লগত স্বামীৰ অবিবাহিত ভাই – ভনী , বিবাহিত পুত্ৰ আৰু বোৱাৰী আদি একেলগে থাকিলে তাক পৰিবৰ্দ্ধিত পৰিয়াল কব পাৰি । সেইদৰে মাতৃ প্রধান সমাজৰ স্ত্রী , অবিবাহিত ভাই – ভনী , অবিবাহিত ছোৱালী আৰু জোঁৱাই আৰু প্ৰাথমিক পৰিয়ালৰ অন্যান্য সদস্যসকল একেলগে থাকিলে তেনেকুৱা পৰিয়ালক পৰিবৰ্দ্ধিত পৰিয়াল বোলা হয় । 

( খ ) পৰিবৰ্দ্ধিত পৰিয়াল ।

( গ ) এক পতি – পত্নীক পৰিয়াল ।

উত্তৰঃ যেতিয়া এজন পুৰুষে একে সময়ত এজনী নাৰীক বিয়া কৰাই এটা পৰিয়াল স্থাপন কৰে সেই পৰিয়ালক এক পতি – পত্নীক পৰিয়াল বুলি কোৱা হয় । বিয়াৰ পিছত যদি পতি বা পত্নীৰ মৃত্যু হয় , তেওঁলোকৰ জীৱিতজনে যদি আকৌ বিয়া কৰায় তথাপি , সেই পৰিয়ালক তেতিয়াও সেই পৰিয়ালক এক পতি পত্নীক পৰিয়াল বোলা হয় । এক পতি পত্নীক পৰিয়াল পৃথিৱীৰ সকলো সমাজতে দেখিবলৈ পোৱা যায় । 

( গ ) এক পতি - পত্নীক পৰিয়াল ।

( ঘ ) একপত্নী বহুপতিক পৰিয়াল ।

উত্তৰঃ এজনী নাৰীয়ে কেইবাজনো পুৰুষক একে সময়তে বিয়া কৰালে যি পৰিয়াল গঠিত হয় সেই পৰিয়ালক এক পত্নী বহুপতিক পৰিয়াল বোলা হয় । দাক্ষিণাত্যৰ নীলগিৰি পৰ্বতত থকা টোডাসকলৰ মাজত এই প্রথা এতিয়াও প্ৰচলিত হৈ আছে । 

( ঘ ) একপত্নী বহুপতিক পৰিয়াল ।

( ঙ ) নৱস্থানীয় আবাস ।

উত্তৰঃ বাসস্থানৰ ওপৰত ভিত্তি কৰি পৰিয়ালক কেইবাটাও ভাগ কৰা হৈছে । বিয়াৰ পিছত নৱ দম্পতীয়ে নতুন কৈ সজা ঘৰত থাকিবলৈ লয়৷মাতৃ প্রধান খাছী সমাজত কনিষ্ঠা ছোৱালীয়ে মাক – বাপেকৰ সম্পত্তি অধিকাৰিণী হয় ৷ গতিকে জ্যেষ্ঠা ছোৱালীবোৰে বিয়াৰ পিছত থাকিবলৈ বাবে নতুনকৈ বেলেগ ঘৰ সাজি লয় । 

( চ ) মাতৃসূত্ৰী বংশানুক্রম ।

উত্তৰঃ যেতিয়া সন্তানে পিতৃ বা মাতৃ যি কোনো এক পক্ষৰ উত্তৰাধিকাৰ গ্ৰহণ কৰে তাকে এক পার্শ্বিক বংশানুক্রম বোলা হয় । এক পার্শ্বিক বংশানুক্রম আকৌ দুটা ভাগত ভাগ কৰা হৈছে । যেনে – পিতৃসূত্ৰী বংশানুক্ৰমক আৰু মাতৃ সূত্ৰী বংশানুক্রম । 

মাতৃসূত্ৰী বংশানুক্ৰমৰ ক্ষেত্ৰত যেতিয়া সন্তানে মাতৃপক্ষীয় গোটত অর্ন্তভূক্তি কৰে তেতিয়া তাক মাতৃসূত্রী বংশানুক্রম বোলা হয় । মাতৃ সূত্রী বংসানুক্ৰম মতে নাৰীয়ে সা – সম্পত্তিৰ গৰাকী হয় আৰু উত্তৰাধিকাৰ সূত্ৰে ছোৱালীয়েহে সম্পত্তিৰ ভাগ পায় । কিন্তু মাতৃ প্রধান খাছী সমাজত কনিষ্ঠা ছোৱালীয়েহে মাকৰ পাছত উত্তৰাধিকাৰ সূত্রে সম্পত্তিৰ গৰাকী হয় । মাতৃ সূত্ৰী গাৰো সমাজত কিন্তু সকলো সম্পত্তিৰ ভাগ ছোৱালীয়ে পায় । সকলো মাতৃ সূত্রী সমাজতে উপাধিবোৰ মাইকী মানুহৰ জৰিয়তেহে সঞ্চাৰিত হয় । বিয়াৰ পাছত মতা মানুহে স্ত্ৰীৰ উপাধি লয় । লৰা ছোৱালীয়েও মাকৰ উপাধি লয় । বিয়াৰ পিছত স্ত্ৰীয়ে স্ত্ৰীৰ ঘৰলৈ থাকিবলৈ লয় । কিন্তু পদাধিকাৰৰ ক্ষেত্ৰত পুৰুষৰ প্ৰাধান্য থকা দেখা যায় । খাচি সমাজত পুৰুষকহে ৰজাপাতে ৷ কিন্তু উত্তৰাধিকাৰৰ ক্ষেত্ৰত কিছু নাৰীৰ প্ৰাধান্য দেখা যায় । কাৰণ ৰজাৰ স্ত্ৰীৰ ভায়েকৰ পুত্ৰইহে উত্তৰাধিকাৰ সূত্ৰে ৰজা হব পাৰে । গাৰো , খাচি , ভেদ্দা , নায়াৰ , হাইজ , জুনি , হপি , ইকুইছ আদি জনজাতিৰ মাজত মাতৃসূত্রী বংশানুক্রম প্রচলিত । 

( ছ ) যুগ্ম বংশআনুক্রম ।

উত্তৰঃ যেতিয়া সন্তানে পিতৃ – মাতৃ উভয় পক্ষৰ উত্তৰাধিকাৰ লাভ কৰে তেতিয়া তাক যুগ্ম বংশানুক্রম বোলা হয় । যুগ্ম বংশানুক্রম অনুযায়ী এজন লোকে একে সময়তে পিতৃ সূত্ৰী আৰু মাতৃ সূত্ৰী উভয় গোটত অর্ন্তভুক্তি লাভ কৰে । কোনো কোনো সমাজত একোজন লোকেই কোনো ক্ষেত্ৰত পুৰুষ আৰু কোনো ক্ষেত্ৰত নাৰী ৰেখাৰে বংশ আনুক্রম নির্ণয় কৰা পৰিলক্ষিত হয় । কোনো কোনো সমাজত স্থাৱৰ সম্পত্তি পুৰুষ ৰেখাৰে আৰু অস্থাৱৰ সম্পত্তি নাৰী ৰেখাৰে সঞ্চাৰিত হয় । আফ্ৰিকাৰ ইয়াকো সকলৰ মাজত এই বংশানুক্রম প্রচলিত । 

( জ ) স্বৈচ্ছিক বংশানুক্ৰম ।

উত্তৰঃ এই বংশানুক্ৰমৰ পৰিধি তেনেই সীমিত । এই বংশানুক্ৰমৰ নিয়ম অনুযায়ী কোনো লোকে তেওঁৰ পিতৃপক্ষীয় বংশানুক্ৰম অনুসৰণ কৰিবনে মাতৃপক্ষীয় বংশানুক্রম অনুসৰণ কৰিব স্ব ইচ্ছাই এইটো স্থিৰ কৰি লব পাৰে । নিউজিলেণ্ডৰ মাউৰী সকলৰ মাজত হাপু নামে স্বৈচ্ছিক সংগঠন আছে। 

Sl. No.Contents
Chapter 1আবয়বিক নৃতত্ব
Chapter 2প্রাগঐতিহাসিক নৃতত্ত্ব
Chapter 3বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Chapter 4(ক) সামাজিক নৃতৃত্ব
Chapter 4(খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব
Chapter 5পৰিস্থিতি বিজ্ঞান

২৩৷ পৰিয়াল কাক বোলে ? ইয়াৰ প্ৰকাৰ সমূহ কি কি ? 

উত্তৰঃ পৰিয়ালৰ সংজ্ঞা এটা বাক্যতে দিয়াটো টান । স্বামী স্ত্ৰী আৰু লৰা ছোৱালীৰে গঠিত গোটটো হল পৰিয়াল ৷ এই সংগঠনটোক প্রাথমিক পৰিয়াল বুলিও কব পাৰি । এই পৰিয়ালটো বৈবাহিক আৰু ৰক্ত সম্বন্ধীয় আত্মীয়তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে । স্বামী আৰু স্ত্ৰীৰ মাজত বৈবাহিক সম্বন্ধ আৰু মাক – বাপেকৰ লৰা – ছোৱালীৰ ৰক্ত সম্বন্ধ আছে।কেতিয়াবা কেতিয়াবা আকৌ লৰা – ছোৱালীৰ লগত মাক বাপেকৰ ৰক্ত সম্বন্ধ নহবও পাৰে । কাৰণ কাৰোবাক যদি পৈষ্য পুত্র বা পুত্ৰী হিচাপে পৰিয়ালত অর্ন্তভূক্তি কৰা হয় তেন্তে সেই পুত্ৰ বা পুত্ৰীৰ লগত তেজৰ কোনো সম্বন্ধ নাথাকে । কেতিয়াবা কেতিয়াবা আকৌ কোনো অবিবাহিতা পুৰুষ বা নাৰীয়ে কোনো লৰা বা ছোৱালীক পুত্র বা পুত্ৰী হিচাপে গ্ৰহণ কৰে । তদুপৰি এজন পুৰুষৰ কেইবাজনীও বিবাহিত স্ত্রী থাকিব পাৰে । আকৌ এজনী নাৰীৰ কেইবাজনও স্বামী থাকিব পাৰে ৷ 

গতিকে তেওঁলোকৰ লৰা – ছোৱালীৰ সৈতে একো একোটা ডাঙৰ পৰিয়াল গঠিত হয় । কোনো কোনো পৰিয়ালত মাক বাপেকৰ আৰু লৰা ছোৱালীৰ লগত ওপৰ পুৰুষৰ মাক বাপেক আৰু অবিবাহিত ভাই – ভনী নাইবা বিধৱা ভনী আৰু তেওঁৰ লৰা ছোৱালী থাকিব পাৰে ৷ কোনো কোনো পৰিয়ালত আকৌ স্বামী স্ত্রীয়েহে থাকে । তেওঁলোকৰ লৰা ছোৱালী নাথাকিবও পাৰে । পৰিয়ালৰ আটাইতকৈ নুন্যতম গোটতো হৈছে প্রাথমিক পৰিয়াল । প্রাথমিক পৰিয়াল সকলো সমাজতে দেখিবলৈ পোৱা যায় । প্রাথমিক পৰিয়াল হৈছে স্বজনতাৰ ওপৰত প্রতিষ্ঠিত গোট। ইয়াক জৈৱিক অৰ্থতকৈ সামাজিক অর্থতহে বেছিকৈ ব্যৱহাৰ কৰা হয় । প্রতেক্য প্রাথমিক পৰিয়ালৰ থাকিবলৈ এডোখৰ সুকীয়া ঠাই আৰু এটা আবাস থাকে । 

পৰিয়ালৰ প্ৰকাৰ সমূহ হৈছে—

( ক ) প্রাথমিক বা নুন্যতম পৰিয়াল ।

( খ ) সংযুক্ত পৰিয়াল ।

( গ ) পৰিবৰ্দ্ধিত পৰিয়াল ।

( ঘ ) যুগ্ম পৰিয়াল ।

২৪। পৰিয়ালৰ বৈশিষ্ট্য সমূহ লিখা ? 

উত্তৰঃ পৰিয়ালৰ বৈশিষ্ট্যসমূহ হল— 

( ক )  পৰিয়াল এটা শাশ্বত বা চিৰন্তন সামাজিক গোট । ই সর্বব্যাপী পৃথিৱীৰ সকলো সাংস্কৃতি পৰ্য্যায়তে পৰিয়ালৰ অস্তিত্ব দেখিবলৈ পোৱা যায়। 

( খ ) পৰিয়ালত এটা উমৈহতীয়া বাসস্থান থাকে । 

( গ ) সাধাৰণতে পৰিয়ালৰ এটাই পাকঘৰ থাকে ৷ সকলোৱে একেলগে খায় কাৰণে একান্নভোজী পৰিয়াল কোৱা হয় । 

( ঘ ) তেজৰ সম্বন্ধ আৰু পাৰস্পৰিক মৰমৰ বান্ধোনেৰে পৰিয়ালৰ সকলোকে আবদ্ধ কৰি ৰাখে ৷ পিতৃ – মাতৃৰ লগত ৰক্তৰ সম্বন্ধ থাকে , স্বামী – স্ত্ৰীৰ মাজত বৈবাহিক সম্বন্ধ থাকে গতিকে পৰিয়ালৰ মাজত এটা আবেগিক আত্মীয়তা গঢ়ি উঠে । 

( ঙ ) পৰিয়াল এটা আৰ্থিক আৰু সমবায় ভিত্তিক গোট । সকলোৰে উপাৰ্জন একোটা ভঁড়াললৈ . আহে ৷ সকলোৰে শ্ৰম আৰু সহযোগত পৰিয়ালৰ বৰ্তি থাকে । তেওঁলোকৰ মাজত শ্রমবিভাজনো দেখিবলৈ পোৱা যায় ৷ 

( চ ) পৰিয়ালৰ সদস্যই কিছুমান স্বত্ব আৰু কৰ্তব্যৰ প্রতি সচেতন । পৰিয়ালত জন্ম গ্রহণ কৰাৰ লগে লগে পৰিয়াৱলৰ সা – সম্পত্তিৰ ওপৰত এটা স্বত্ব আহি যায় । মাক – বাপেকে জন্ম দিয়াৰ লগে লগে সন্তানৰ ভৰণ – পোষণ দিয়াৰ দায়িত্ব লয় । বৃদ্ধ বয়সত সস্তানে মাক – বাপেকৰ পোহপাল দি ৰখাটো এটা কর্তব্য ।

( ছ ) প্রত্যেক ব্যক্তিয়েই কোনো এটা পৰিয়ালত জন্ম গ্রহণ কৰে আৰু বয়স্ক কালত বিয়া বাৰু কৰাহ সন্তান জন্ম দিয়ে । জন্ম লোৱা পৰিয়ালক জন্ম পৰিয়াল আৰু জন্ম দিয়া পৰিয়ালক প্ৰজনন পৰিয়াল বুলি কোৱা হয় । 

( জ ) বংশানুক্রম মাতৃ প্রধান সমাজত মাকৰ পৰা আৰু পিতৃ প্রধান সমাজত পিতৃৰ পৰা অবৰোহণ হয় । 

( ঝ ) পৰিয়াল পৰিবৰ্তনশীল ৷ জন্ম , মৃত্যু , বিবাহ , বিবাহ বিচ্ছেদত পৰিয়ালৰ আকাৰ পৰিবৰ্ত্তন হৈ থাকে । 

( ঞ ) পৰিয়ালে বিবাহৰ জৰিয়তে পুৰুষ আৰু নাৰীৰ যৌন সম্বন্ধ নিয়ন্ত্ৰণ কৰে ৷ 

২৫। প্রাথমিক বা নুন্যতম পৰিয়ালক কেইটা ভাগত ভাগ কৰা হৈছে ? প্রত্যেক ভাগৰে বৰ্ণনা দিয়া । 

উত্তৰঃ পৰিয়াল হৈছে সমাজৰ আটাইতকৈ সৰু গোট । স্বামী , স্ত্রী আৰু তেওঁলোকৰ লৰা ছোৱালীৰে গঠিত গোটতোকে পৰিয়াল বোলা হয়। প্রাথমিক বা নুন্যতম পৰিয়ালক দুটা ভাগত ভাগ কৰা হৈছে । ভাগ কেইটা হ’ল— 

( ক ) জন্ম পৰিয়াল । আৰু

( খ ) প্ৰজনন পৰিয়াল । 

( ক ) জন্ম পৰিয়াল :- যিকোনো মানুহে এটা প্রাথমিক পৰিয়ালত জন্ম গ্রহণ কৰে ৷ জন্ম হোৱাৰ লগে লগেই তেওঁ সেই পৰিয়ালৰ সদস্য হয় আৰু মাক – বাপেকৰ দ্বাৰা লালিত পালিত হয়৷ এই পৰিয়ালতেই সমাজৰ নীতি নিয়মবোৰ শিকি সন্তান ডাঙৰ – দীঘল হয় ৷ গতিকে এই প্রাথমিক পৰিয়ালক তেওঁৰ জন্ম পৰিয়াল বুলি কোৱা হয ৷ 

( ক ) জন্ম পৰিয়াল

( খ ) প্ৰজনন পৰিয়াল :- পৰিয়ালত জন্ম গ্ৰহম কৰা মানুহে যেতিয়া প্রাপ্তবয়স্ক হয় তেতিয়া তেওঁ বিয়া কৰায় আৰু লৰা – ছোৱালী জন্ম দিয়ে। তেতিয়া তেওঁ সেই পৰিয়ালৰ মুৰববী হয় আৰু লৰা – ছোৱালীক লালন – পালন কৰি ডাঙৰ – দীঘল কৰে । গতিকে এই পৰিয়ালটোক প্ৰজনন পৰিয়াল বুলি কোৱা হয় । জন্ম পৰিয়ালত মানুহজন পুত্র হিচাপে আৰু প্ৰজনন পৰিয়ালত পিতৃ হিচাপে পৰিগণিত হয় ।

( খ ) প্ৰজনন পৰিয়াল

২৬। সংযুক্ত পৰিয়াল কাক বোলে ? সংযুক্ত পৰিয়ালৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ সংযুক্ত পৰিয়ালক একান্নবর্তী পৰিয়াল বুলি কোৱা হয় । কোনো লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে থকাৰ ফলত যি পৰিয়াল গঠিত হয় । সেই পৰিয়ালক সংযুক্ত পৰিয়াল বোলা হয় । পিতৃ প্রধান সমাজৰ এজন পুৰুষ , তেওঁৰ পত্নী , তেওঁলোকৰ পুত্ৰসকল আৰু বোৱাৰীসকল আৰু নাতি নাতিনীসকল নাইবা মাতৃপ্রধান সমাজৰ এজনী নাৰী , তেওঁৰ স্বামী , তেওঁলোকৰ জীয়েক জোঁৱায়েকসকল আৰু নাতি নাতিনীসকল একেলগে থাকিলে সেই পৰিয়ালক সংযুক্ত পৰিয়াল বোলা হয় । এই পৰিয়ালৰ লগত মুৰববী পুৰুষজন বা নাৰীজনৰ অবিবাহিত পুত্ৰ আৰু জীয়েকো থাকিব পাৰে । 

সংযুক্ত পৰিয়ালৰ বৈশিষ্ট্যসমূহ হল— 

( ক ) উমৈহতীয়া বাসস্থান :- সংযুক্ত পৰিয়ালৰ লোকসকল একোটা বাহৰতে থাকে । প্রত্যেক নৱদম্পতীৰ কাৰণে বেলেগ বেলেগ ঘৰ বা কোঠা থাকিব পাৰে । 

( খ ) পৰিয়ালৰ আকাৰ :- সংযুক্ত পৰিয়ালৰ আকাৰ স্বাভাৱিকতে ডাঙৰ । 

( গ ) উমৈহতীয়া ৰান্ধনিশাল :- তেওঁলোকৰ ৰান্ধনিশাল বা পাকঘৰ একেটা । অর্থ্যা একেটা চৰুতে সিজোৱা খাদ্য সকলোৱে খায় । 

( ঘ ) উমৈহতীয়া অর্থনীতি :- সংযুক্ত পৰিয়াল এটা উমৈহতীয়া অর্থনৈতিক গোট ৷ পৰিয়ালৰ সকলো সা – সম্পত্তিৰ ওপৰত সকলোৰে স্বত্ব থাকে । সকলো সদস্যই তেওঁলোকৰ সামর্থ্য অনু সৰি শ্ৰম খটুৱাই সা- সম্পত্তি বৃদ্ধি কৰাত আৰু ধনৰ পুঁজি গঠনত অৰিহণা যোগায় ৷ সেইদৰে সেই সা – সম্পত্তি আৰু উপাৰ্জনৰ ভড়ালৰ সকলোৱে সমানে সমভাগী হয় ।

( ঙ ) কৰ্ম বিভাজন আৰু মুৰববী :- সংযুক্ত পৰিয়ালৰ বয়স আৰু অভিজ্ঞতা অনুযায়ী এজন মুৰববী বচা হয় ৷ তেওঁ নির্দেশ অনুযায়ী আলোচনা ভিত্তিত কর্ম বিভাজন হয় । সকলোৱে মুৰববীৰ লগত সহযোগীতা আগবঢ়ায় ।

( চ ) উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কাৰ্য্য :- সংযুক্ত পৰিয়ালৰ সদস্যসকলে সামাজিক আৰু ধৰ্মীয় কাৰ্য্যসমূহ মিলিজুলি নিষ্ঠা আৰু আস্তৰিকতাৰে সম্পাদন কৰে । 

( ছ ) সহযোগী সংগঠন :- সংযুক্ত পৰিয়ালৰ সদস্য সকলৰ মাজত সদভাব আৰু সহযোগী মনোভাব থাকিব লাগে । তেওঁলোকৰ মাজত ঐক্য ভাব থাকিলেহে পৰিয়ালৰ অস্তিত্ব আৰু উন্নতি বাহাল থাকিব নহলে ইয়াৰ অৱক্ষয় হব । সংযুক্ত পৰিয়ালত পৰিয়াৰ সদস্যসকলে বুজা পৰাৰ মাজেৰে জীৱন নিৰ্বাহ কৰে । 

( জ ) সাংস্কৃতিক ধাৰাবাহিকতা :- সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰাটো সংযুক্ত পৰিয়ীলৰ এটা উল্লেখনীয় দিশ । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top