Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব, HS 2nd year Anthropology notes, বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Notes for All Subject, You can practice these here.

বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

Chapter – 3

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ

১। মানুহে পোন প্রথমে কি জন্তু গৃহীকৰণ কৰিছিল ? 

উত্তৰঃ কুকুৰ ।

২। কৃষিজীৱিকা কোন প্রস্ত যুগত আৰম্ভ হৈছিল ?

উত্তৰঃ নৱপ্ৰস্তৰ যুগত ।

৩। মৎস্য জীৱিকা কোন প্রস্তৰ যুগত আৰম্ভ হৈছিল ?

উত্তৰঃ মধ্য প্রস্তৰ যুগত । 

৪। জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভিতৰত আটাইতকৈ প্রাচীন পদ্ধতিকি ?

উত্তৰঃ অন্বেষণ জীৱিকা ।

৫। উৎপাদন জীৱিকা কোন প্রস্তৰ যুগৰ পৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ পৰা ৷ 

৬। নিলগিৰি পাহাৰত বাস কৰা টোডাসকলৰ মূখ্যজীৱিকা কি ? 

উত্তৰঃ পশুপালন । 

৭। ‘ আদিম কৃষি সঁজুলি কি ? 

উত্তৰঃ খনিত্ৰ ।

৮। ভাৰতত বাস কৰা এটা পশুপালক সম্প্ৰদায়ৰ নাম লিখা । 

উত্তৰঃ নিলগিৰি পাহাৰৰ টোডা সকল ।

৯ । কেতিয়াৰ পৰা মানুহে জন্তুৰ গৃহিকৰণ প্ৰথা আৰম্ভ কৰে । 

উত্তৰঃ মধ্য প্রস্তৰ যুগৰ পৰা । 

১০। আদিম অর্থনীতিত কিহৰ প্ৰচলন নাছিল ? 

উত্তৰঃ মুদ্ৰাৰ । 

১১। আদিমি অর্থনীতিত কিহৰ প্ৰচলন আছিল ? 

উত্তৰঃ বিনিময় প্রথাৰ । 

খালী ঠাই পূৰ কৰা :

১। আদিম অর্থনৈতিক জীৱনত ____ ব্যৱহাৰ নাছিল ।

উত্তৰঃ মুদ্রা ।  

২। আদিম অর্থনৈতিক জীৱনত আন সমাজৰ লগত লেন – দেন নাছিল বৰং ____আছিল। 

উত্তৰঃ স্বয়ংপূর্ণ । 

৩। উৎপাদন জীৱী সকল অন্বেষণ জীৱী সকলতকৈ _____ কৰিব পাৰে ৷ 

উত্তৰঃ অধিক । 

৪। ঝুমখেতিৰ অন্য এটা নাম হ’ল ____।

উত্তৰঃ স্থানান্তৰিত কৃষি । 

৫। উৎপাদন জীৱী সকল ____ আৰু কৃষক এই দুটা ভাগত ভগাব পাৰি । 

উত্তৰঃ পশুপালক । 

৬। অন্বেজন জীৱী সকলৰ বাসভূমিত জনবসতি সাধাৰণতে ___।

উত্তৰঃ সেৰেঙা । 

৭। অৰুণাচলৰ আপাটনি সকলক পাকৈত _____ খেতিয়ক ।

উত্তৰঃ কোৰ । 

৮। মেঘালয়ৰ গাৰোসকল ____ খেতিয়ক । 

উত্তৰঃ ঝুম । 

৯ কৃষিকাৰ্য্য ____ প্রস্তৰ যুগৰ পৰা আৰম্ভ হৈছিল । 

উত্তৰঃ নৱ প্ৰস্তৰ ।

১০। বিনিময় প্রথা ____ সস্কৃতিৰ এটা বৈশিষ্ট্য ।

উত্তৰঃ আদিম । 

১১। খনিত্র ___ খেতিত ব্যৱহাৰ কৰা হয় । 

উত্তৰঃ ঝুম / স্থানান্তৰিত । 

১২। কাৰ্বি সকলক মুখ্যতঃ ___ খেতিয়ক ।

উত্তরঃ ঝুম / স্থানান্তৰিত । 

চমু প্রশ্নোত্তৰ

১। উত্তৰ পূৱ ভাৰতৰ দুটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা ? 

উত্তৰঃ গাৰো , কাৰ্বি । 

২। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা কৃষি সঁজুলিবোৰৰ নাম লিখা । 

উত্তরঃ অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহৃত কৃষি সঁজুলিসমূহ হ’ল- 

( ক ) নাঙল জুঁৱলি ।

( খ ) মৈ ।

( গ ) দালিমাৰি ।

( ঘ ) খাৱনি ।

( ঙ ) বিন্ধ ।

( চ ) কোৰ ।

( ছ ) দা ।

( জ ) কান্ধমাৰি ।

( ঝ ) ওখনি ।

( ঞ ) সিঁচনি ইত্যাদি । 

৩। অসমৰ গাওঁ অঞ্চলত মাছধৰাৰ বিভিন্ন কৌশলবোৰৰ নাম লিখা । 

উত্তরঃ অসমৰ গাওঁ অঞ্চলত মাছ ধৰিবলৈ বিভিন্ন কৌশল অবলম্বন কৰা দেখিবলৈ পোৱা যায় । সাধাৰণ তথা সততে ব্যৱহৃত কৌশল কেইটামান তলত উল্লেখ কৰা হ’ল— 

( ক ) বিভিন্ন প্ৰকাৰৰ জাল যেনে খেৱালি জাল , আচারা জাল , কাৱৈ লাঙী জাল আদিৰে মাছ ধৰা। 

( খ ) চেপা , চৰহা বা থোকা , প’ল , জুলুকী , জাকৈ আদিৰে মাছধৰা । 

( গ ) বৰশীৰে মাছধৰা ।

( ঘ ) বিহদি মাছধৰা ৷ 

( ঙ ) যাঠি , জোং , জোৱাৰেৰে মাছ ধৰা ৷ 

( চ ) পানী সিচি মাছধৰা ইত্যাদি । 

৪। আদিম অর্থনীতি বুলিলে কি বুজা ? 

উত্তৰঃ জীৱন ধাৰণৰ কাৰনে যি পদ্ধতি অৱলম্বন কৰা হয় তাকেই জীৱিকা প্ৰৱৰ্তন অর্থনীতি বা অর্থনৈতিক সংগঠন বুলিব পাৰি । সমাজত অর্থনৈতিক সংগঠনৰ মূল উদ্দেশ্য হ’ল সমাজৰ জনগণক বচাই ৰখা । ইয়াকে কৰিবলৈ হলে পৰিবেশৰ পৰিমিত সম্পদৰ সৎ ব্যৱহাৰ কৰিবৰ কাৰণে সংগঠনৰ দৰকাৰ হৈ পৰে । পৰিবেশত থকা সম্পদৰাজি মানুহৰ চাহিদা অনুযায়ী প্ৰচুৰ নহ’লে সংগঠন মূলক কাৰ্য্যকলাপৰ যোগেদি প্রাপ্য সম্পদৰ যোগন নিয়ন্ত্ৰিত কৰিবলীয়া হয় ৷ পৃথিৱীৰ প্রত্যেক সমাজত অর্থনৈতিক সংগঠনৰ কিছুমান মৌলিক সাদৃশ্য আছে । যেনে – প্রয়োজনীয় সামগ্রী আহৰণ বা উৎপাদন , বিতৰণ আৰু ব্যৱহাৰমূলক ব্যৱস্থা । 

আদিম মানৱৰ অৰ্থনৈতিক জীৱন অধ্যয়ন কৰিলে লক্ষ্য কৰা যায় যে আদিম মানৱে নিজৰ জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহহে সংগ্ৰহ বা চিকাৰৰ জৰিয়তে আহৰণ কৰিছিল ৷ অতিৰিক্ত আহৰণৰ বাবে আদিম মানৱ ইচ্ছুক নাছিল । সেয়েহে আদিম মানৱৰ অৰ্থনৈতিক প্রক্রিয়াতি বিশেষকৈ উৎপাদন বা আহৰণ আৰু ব্যৱহাৰহে স্পষ্ট প্রমাণ পোৱা যায় । অৱশ্যে সকলো আদিম সমাজতে অর্থনীতিৰ দ্বিতীয় ব্যৱস্থা অর্থাৎ বিতৰণ ব্যৱস্থা নাছিল বুলি ক’লে ভূল হ’ব । কোনো কোনো আদিম সমাজত বিতৰণ ব্যৱস্থাতো প্ৰমাণ পোৱা যায় ৷ সেয়েহে আদিম অর্থনীতিক মুখ্যতঃ উৎপাদন ব্যৱহাৰমূলক ( Productive consumption economy ) অর্থনীতি হিচাপে আখ্যা দিয়া হয় । 

আকৌ , কাৰিকৰী বিদ্যাত উন্নত , উদ্যোগ – বাণিজ্যত আগবঢ়া বৰ্ত্তমানৰ বহুতো সমাজৰ অৰ্থনীতিৰ লগত সৰল সমাজ প্রাকলিপিক সমাজ বা ভাৰতীয় সমাজৰ অৰ্থনীতিৰ যথেষ্ট পার্থক্য দেখা যায় ৷ সৰল, প্রাকলিপিক বা জনজাতীয় সমাজৰ অর্থনৈতিক সংগঠনত থকা উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ বাবে এই সমাজবোৰৰ অৰ্থনীতিবোৰ কেতিয়াবা কেতিয়াবা আদিম অর্থনীতি আখ্যা দিয়া দেখা যায় । 

৫। আদিম অর্থনীতিৰ বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ আদিম মানবৰ জীৱন – ধাৰণাৰ বাবে অবলম্বন কৰা কাৰ্য্য পদ্ধতিকে অর্থনৈতিক সংগঠন বোলা হয় আৰু ইয়াৰ অধ্যয়ণেই হ’ল আদিম অর্থনীতিৰ অধ্যয়ন । সাধাৰণতে অর্থনীতি বুলিলে উৎপাদন বিতৰণ আৰু ব্যৱহাৰ – এই তিনিটা ব্যৱস্থা জড়িত হ’ব লাগে । আদিম অর্থনীতিত উৎপাদন বা আহৰণ আৰু ব্যৱহাৰ স্পষ্ট প্রমাণ পোৱা যায় । বিতৰণ ব্যৱস্থা সম্পূৰ্ণ নহয় । অৱশ্যে সকলো আদিম সমাজতে বিতৰণ নাই বুলিলে ভূল কৰা হয় । বিতৰণ ব্যৱস্থা অস্পৰ্কতাৰ কাৰণে আদিম অর্থনীতিক উৎপাদন ব্যৱস্থামূলক অর্থনীতি বোলা হয় ৷ 

আদিম অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ হ’ল— 

( ক ) আদিম মানবৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনবোৰ সীমিত । ফলত জীৱন ধাৰণাৰ বাবে অবশ্যকীয় সামগ্রীসমূহ আহৰণ কৰি লয় । 

( খ ) আদিম সমাজত শ্রমবিভাজন অতি সৰল । ফলত বিশেষজ্ঞ কর্মীৰে সৃষ্টি হোৱা দেখা নাযায় । 

( গ ) অতিৰিক্ত উৎপাদন নোহোৱাৰ বাবে বেহা বেপাৰ বা বাণিজ্যৰ প্ৰভাৱ আদিম সমাজত নাছিল । 

( ঘ ) আদিম সমাজত মুদ্ৰাৰ ব্যৱহাৰ নাছিল আৰু উদ্যোগ বাণিজ্যৰো সৃষ্টি হোৱা নাছিল । 

( ঙ ) বেহাবেপাৰ আৰু মুদ্ৰাৰ প্ৰচলনৰ অভাবত আদিম সমাজৰ ধনী দুখীয়াৰ শ্ৰেণীবিবাজন নাছিল । 

( চ ) আদিম অর্থনীতি আছিল স্বয়ংসম্পূর্ণ কোনো সমাজ আন সমাজৰ লগত লেনদেন নাছিল বা কোনো সমাজেই আন সমাজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নাছিল । 

৬। অন্বেষণজীৱীসকলৰ বৈশিষ্ট লিখা । 

উত্তৰঃ আদিম সমাজৰ জীৱিকা প্রণালী মুখ্যত দুটা ভাগত ভগাব পাৰি— 

( ক ) অন্বেষণজীৱিকা । আৰু 

( খ ) উৎপাদন জীৱিকা । 

অন্বেষণ জীৱিকাই মানৱৰ প্ৰাচীনতম জীৱিকা ৷ অন্বেষণ জীৱিকাৰ অন্তৰ্গত জীৱিকা প্রবর্তন প্ৰণালীসমূহ হ’ল সংগ্ৰহ জীৱিকা , চিকাৰ আৰু মৎস্য চিকাৰ । সকলো অন্বেষণজীৱী সমাজৰ সংস্কৃতি বা জীৱিকা নির্বাহৰ কৌশল একে নহয় যদিও এই শ্রেণীৰ সমাজত কিছুমান সাদৃশ্য দেখা যায় ইয়াকে অন্বেষণ জীৱীসকলৰ সাধাৰণ বৈশিষ্ট্য বোলা হয় । যেনে— 

( ক ) অন্বেষণ জীৱীসকলৰ বাসভূমিত জনবসতি সেৰেঙা । কাৰণ বসতি ঘন হলে প্রাপ্ত প্রাকৃতিক সম্পদ ৰাজিয়ে সকলোকে আহাৰ্য্য যোগান ধৰিব নোৱাৰে । 

( খ ) অন্বেষণজীৱী সমাজৰ সমাজিক গোটবোৰ ‘ সৰু সৰু । একোটা দলত ৪০/৫০ জনৰ অধিক , সাধাৰণতে বাস কৰা নগৈছিল ।

( গ ) অন্বেষণ জীৱীসকলে গাইগুটীয়াকৈ জীৱন – যাপন কৰে আৰু এওঁলোকে সাধাৰণতে অঘৰী জীৱন যাপন কৰে । 

( ঘ ) অন্বেষণ জীৱীসকলৰ অৰ্থনৈতিক জীৱন স্বয়ংপূর্ণ । বাহিৰৰ সমাজৰ লগত লেন – দেন দেখা নাযায় । 

( ঙ ) শ্ৰমৰ বিভাজন অতি সৰল ৷ বিশেষজ্ঞ কর্মী বুলি কোনো শ্ৰেণী সৃষ্টি হোৱা নাই ৷ 

( চ ) অন্বেষণজীৱী সমাজৰ অতিৰিক্ত উৎপাদনৰ ব্যৱস্থা বা চিন্তাধাৰা নাই । ফলত ব্যৱসায় , বাণিজ্যৰ প্রভাব দেখা নাযায় । 

1 thought on “Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top