Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব, HS 1st year Anthropology notes, বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Notes for All Subject, You can practice these here.

১৫। প্রাচীন মানৱ সমাজত জীৱ – জন্তু গৃহীকৰণ সম্বন্ধে এটি টোকা লিখা । নাইবা আদিম মানৱৰ দ্বাৰা গৃহীকৃত প্রধান প্রধান জন্তু সম্বন্ধে লিখা । নাইবা জীৱ – জন্তু কেতিয়া আৰু কেনেকৈ গৃহীকৰণ কৰা হৈছিল । আলোচনা কৰা । 

উত্তৰঃ মানুহে কত , কেতিয়া আৰু কেনেকৈ জীৱ – জন্তু গৃহীকৰণ আৰম্ভ কৰিছিল সঠিককৈ কোৱা টান ৷ তদুপৰি , বনৰীয়া জন্তু গৃহীকৰণ কৰাৰ কৌশল অন্বেষণজীৱী নে খেতি প্রধান সমাজত প্রথমে আৱিস্কৃত হৈছিল সেই কথাও সঠিক ভাৱে কোৱা টান । তথাপি নিম্নলিখিত আলোচনাৰ দ্বাৰা মানব সমাজত জীৱ – জন্তু গৃহীকৰণ সম্পৰ্কে এটা ধাৰণা দিব পৰা যায় ৷ 

পূৰাতাত্ত্বিক তথ্যমতে মানুহে প্রথম ঘৰচীয়া কৰা জন্তু হৈছে কুকুৰ । কিয়নো ইউৰোপৰ বাল্টিক সাগৰ অঞ্চলৰ মধ্য প্রস্তৰ যুগীয়া ভগ্নাৱশেষত সেই যুগতে মানুহে কুকুৰ পোহাৰ প্ৰমাণ পোৱা যায় । মধ্য প্রস্তৰ যুগ বুলিলে বুজা যায় যে মানুহে তেতিয়াও অন্বেষণজীৱী হৈয়ে আছিল । আকৌ চিকাৰ জীৱীসকলে বনৰীয়া জন্তুৰ স্বভাৱ ভালদৰে নিৰীক্ষণ কৰিবৰ সুযোগ পাইছিল । সেয়ে আদিম চিকাৰীসকলে হয়তো জন্তুৰ গৃহীকৰণৰ কৌশলো সহজে আয়ত্ব কৰিব পাৰিছিল ৷ বহুতো চিকাৰজীৱী সম্প্রদায়ে চিকাৰৰ সুবিধার্থে কুকুৰ পোহাৰ প্ৰমাণ পোৱা যায় ৷ সেয়ে কব পাৰি অন্বেষণজীৱী হৈ থকাৰ সময়তে মানৱে জন্তু গৃহীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । 

কুকুৰৰ পিছত আন কি জন্তু কত আৰু কেতিয়া গৃহীকৰণ কৰা হৈছিল খাটাংকৈ কোৱা টান যদিও বিভিন্ন সময়ত বিভিন্ন স্থানত আৱিস্কৃত জন্তু গৃহীকৰণৰ নিদৰ্শনবোৰৰ এনেদৰে দেখুৱাব পাৰি। 

ৰাল্টিক সাগৰ অঞ্চলৰ বেণ্ট নামে গুহাত চলোৱা খননকাৰ্য্যত আৱিস্তৃত মানবৰ আদি বাসস্থানৰ সর্বনিম্ন স্তৰটোত চিকাৰজীৱীসকলৰ সাংস্কৃতিক অবশেষ পোৱা গৈছে ৷ ইয়াৰ ওপৰৰ স্তৰটোত সাংসৰ বাবে ভেড়া আৰু ছাগলী পোহাৰ প্ৰমাণ পোৱা যায় । ইয়াৰ ওপৰৰ অৰ্থাৎ তৃতীয় স্তৰত ভেড়া আৰু ছাগলীৰ গাখীৰ আৰু ঊলৰ ব্যৱহাৰ লগতে কৃষিৰ নিদৰ্শন পোৱা যায় । সর্বশেষ স্তৰ অর্থাৎ একেবাৰে শেষৰ স্তৰটো প্রায় ৮,০০০ বছৰৰ আগৰ বুলি অনুমান কৰা যায় । এই আৱিস্কাৰৰ পৰা দেখুৱাব পাৰি যে অন্বেষণকাৰী দল এটাই প্রথমে ভেড়া আৰু ছাগলী পোহিবলৈ শিকিলে , তাৰ পাছত গাখীৰ আৰু ঊল ব্যৱহাৰ কৰিবলৈ শিকিলে আৰু শেষত গৰু আৰু গাহৰি গৃহীকৰণ কৰিলে ।

তদুপৰি মিছৰ , বেবিলন আৰু মিজু উপত্যকাৰ সভ্যতা সমূহতো বিভিন্ন জন্তু পোহাৰ প্ৰমাণ পোৱা যায় । অৱশ্যে এয়া হল আজিৰ পৰা প্ৰায় ৫,০০০ বছৰৰ আগৰ কথা । কিন্তু ইউৰোপ , আফ্রিকা , এছিয়াত আৱিস্কৃত ৮,০০০ ৰ পৰা ১০,০০০ বছৰ পূৰ্বৰ কিছুমান নব – প্ৰস্তৰীয় ভগ্নাবশেষত ভেড়া , ছাগলী আদি পোহাৰ প্ৰমাণো পোৱা যায় । অৱশ্যে এইটো প্রমাণিত যে গৰু , ঘোঁৰা , ভেড়া , ছাগলী , উট আদি প্রধান পোহনীয়া জন্তু সমূহ পুৰণি গোলাদৰ এছিয়া আৰু উত্তৰ আফ্রিকাতে প্রথম ঘৰচীয়া কৰা হৈছিল । নবপ্রস্তৰীয় অৱশেষবোৰৰ প্ৰমাণ পোৱা যায় যে ভেড়া আৰু ছাগলী , গৰু বা মহতকৈ আগেয়ে ঘৰচীয়া কৰা হৈছিল । বোজা কঢ়িওৱা জন্তুসমূহৰ ভিতৰত গাধৰ গৃহীকৰণ আটাইতকৈ আগত হৈছিল বুলি অনুমান কৰা যায়। গাধ পোহাৰ অনুসৰণ কৰিয়েই ঘোঁৰা পোহিবলৈ লোৱাৰ প্ৰচেষ্টা মানুহৰ মাজত প্রচলিত হয় । এইদৰে বিভিন্ন সময়ত বিভিন্ন স্থানত কুকুৰ , ভেড়া ছাগলী , গৰু , মহ , উট , গাধ , ঘোঁৰা বিভিন্ন চৰাই যেনে – কুকুৰ , হাঁহ, পাৰ ইত্যাদি বনৰীয়া জীৱ – জন্তুবোৰ মানবে গৃহীকৰণ কৰিছিল । 

১৬। উৎপাদন জীৱিকা অন্বেষণ জীৱিকাতকৈ শ্ৰেয় আলোচনা কৰা । বা অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ তুলনামূলক আলোচনা কৰা । 

উত্তৰঃ আদিম মানবে জীৱিকা প্ৰবৰ্তনৰ বাবে অৱলম্বন কৰা সমূহ জীৱিকা প্রণালীক দুটা শিতানত অন্তৰ্ভূক্ত কৰিব পাৰি— 

( ক ) অন্বেষণজীৱিকা । আৰু 

( খ ) উৎপাদনজীৱিকা । 

প্রাথমিক প্রয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আদিতে মানবে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ৷ সেয়েহে মানব সংগ্রহ , চিকাৰ বা মৎস্যচিকাৰ অৰ্থাৎ অন্বেষণ জীৱিকাৰ দ্বাৰাই জীৱিকা প্ৰবৰ্তন কৰিবলৈ আৰম্ভ কৰিছিল । অর্থাৎ অন্বেষণ জীৱিকাই মানবৰ সৰ্বপ্ৰথম তথা প্রাচীন জীৱিকা । কালক্ৰমত মানবে অন্বেষণজীৱী হৈ থকাৰ অভিজ্ঞতাৰ পৰা এপদ দুপদকৈ বনৰীয়া জীৱজত্ত তথা বনৰীয়া গছ গছনি ঘৰচীয়া কৰাৰ উপায় বিচাৰি পালে । এইদৰেই মানবৰ সমাজত অন্বেষণ জীৱিকাৰ ওপৰিও আৰু এক জীৱিকাই গঢ় লৈ উঠিল । যিহেতু এই জীৱিকাৰ দ্বাৰা মানৱে নিজৰ আৱশ্যকীয় কিছু সামগ্রী নিজে উৎপাদন কৰি লব পৰা হল সেয়ে এই জীৱিকাক উৎপাদন জীৱিকা হিচাপে অভিহিত কৰা হল । উৎপাদন জীৱিকাৰ দুটা জীৱিকা কৌশলৰ অন্তৰ্গত কৰা হৈছে- পশুপালন আৰু কৃষি । 

অন্বেষণ আৰু উৎপাদন জীৱিকাৰ তুলনামূলক বিশ্লেষণ কৰিলে দেখা যায় যে— 

( ক ) অন্বেষণ জীৱীসকলে সৰু সৰু দলত বিভক্ত হৈ অঘৰী বা ভ্রাম্যমান জীৱন – যাপন কৰাৰ বিপৰীতে উৎপাদন জীৱসকল নিগাজী বা স্থায়ী বাসিন্দা । অৱশ্যে পশুৰ বিচৰণ ভূমিৰ খাতিৰত পশুপালকসকল কিছুপৰিমাণে ভ্রাম্যমান ।

( খ ) উৎপাদন জীৱীসকলৰ একোটা গোটত সীমিত এলেকাৰ ভিতৰত অন্বেষণ জীৱীসকলতকৈ অধিকসংখ্যাক লোক বসবাস কৰিব পাৰে । আহাৰ উৎপাদন ক্ষমতা নিজৰ হোৱাৰ বাবে আহাৰ যোগানো নিয়মীয়া হয় ফলস্বৰূপে গাৱঁৰ জনবসতিও মন হয় । 

( গ ) অন্বেষণ জীৱস্কলৰ সীমিত আহৰণৰ বিপৰীতে উৎপাদন জীৱিকাৰ অতিৰিক্ত উৎপাদন হোৱাৰ বাবে সমাজত ব্যৱসায় বাণিজ্যৰ বিকাশ হয় আৰু তাৰ বিতৰণ ব্যৱস্থা অকল গোটটোৰ মাজতে সীমাবদ্ধ নাথাকি বাহিৰৰ লোকৰ লগতো ব্যয় বস্তুৰ আদান প্রদান হয় । 

( ঘ ) গতিকে উৎপাদনৰ প্ৰাচুৰ্য্যতা আৰু বেহা – বেপাৰৰ প্ৰসাৰৰ ফলত উদ্যোগ প্রধান নগৰ চহৰৰ সৃষ্টি হয় । ব্যৱসায়ৰ মাধ্যম হিচাপে টকা পইচা বা মূদ্ৰাৰ প্ৰচলন হয় । 

( ঙ ) এইবোৰৰ ফলস্বৰূপে অন্বেষণজীৱী সমাজত প্ৰচলিত সম্পত্তি , বা বাসভূমিৰ সমূহীয়া স্বত্তাধিকাৰৰ পৰিবৰ্ত্তে , উৎপাদনজীৱী সমাজত সম্পত্তিৰ ওপৰত দখল স্বত্তাধিকাৰসমূহ ভালদৰে গঢ় লয় । ভূমি , খনিজসম্পদ , জলাশয় আনকি বনজ সম্পদসমূহৰ ওপৰতো ব্যক্তিগত বা পৰিয়ালত সুকীয়া অধিকাৰৰ সৃষ্টি হয় । 

( চ ) উৎপাদনজীৱী সমাজত শ্ৰমৰ সংগঠন জটিল হয় আৰু শ্ৰমৰ বিভাজন সৃষ্টি হৈ বিশেজ্ঞ কৰ্মীৰ সৃষ্টি হয় । ফলস্বৰূপ , শ্ৰমৰ প্ৰকাৰ , বিশেষজ্ঞ – জ্ঞান আৰু ধন সম্পত্তিৰ প্ৰাচুৰ্যতা অনুসৰি উৎপাদন জীৱীসকলৰ মাজত শ্ৰেণীপ্ৰথাৰ সৃষ্টি হয় , ধনী – দুখীয়াৰ ধাৰণাইও ঠাই পায় । 

যিকি নহওঁক আহাৰ উৎপাদন ব্যৱস্থা আৱিস্কাৰৰ লগে লগে মানব সভ্যতা বিকাশত এটি নতুন যুগৰ সূচনা হল বুলি কব পাৰি । অৰ্থাৎ উৎপাদন ব্যৱস্থা অবলম্বন কৰাৰ ফলত প্ৰকৃতিৰ ওপৰত মানু হৰ নিৰ্ভৰশীলতা বহু পৰিমাণে কমি গল । আহাৰ যোগানৰ পৰ্যাপ্ততা অহাৰ লগে লগে মানুহে অনান্য দিশবোৰত মনোনিবেশ কৰিবলৈ আহৰি পালে । ফলস্বৰূপ মানুহৰ সংস্কৃতি , সমাজব্যৱস্থা , শিল্প উদ্যোগ , বাণিজ্য , ধৰ্ম আদিৰ বিকাশ সাধন সম্ভৱ হল । গতিকে দেখা যায় , উৎপাদনজীৱী হৈ পৰাৰ লগে লগে মানৰ সমাজত বহু পৰিবৰ্তন সম্ভৱ হল। সেয়েহে উৎপাদান জীৱিকা অন্বেষণ জীৱিকাতকৈ শ্ৰেয় বুলি কোৱাৰ যুক্তি যুক্ততা আছে । 

১৭। স্থানান্তৰিত কৃষি বা ঝুম খেতি বুলিলে কি বুজা ? এই কৃষিৰ সুবিধা – অসুবিধাসমূহ আলোচনা কৰা ৷

উত্তৰঃ স্থানান্তৰী বা ঝুম খেতি এতিয়াও পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰচলিত হৈ আছে । স্থানাস্তৰী খেতিৰ সলনি নগাবিলাকে ঝুম শব্দটো ব্যৱহাৰ কৰিছিল। সেইকাৰণে ঝুম শব্দটো সচৰাচৰ ব্যৱহাৰ কৰা হয়৷ এই খেতি সাধাৰণতে বৰষুণ প্রধান গ্ৰীষ্ম আৰু উপগ্ৰীষ্ম পাহাৰীয়া অঞ্চলত প্ৰচলিত হৈ থকা দেখা যায় । বৰষুণৰ পৰিমাণ বেছি কাৰণে এই অঞ্চলবোৰ হাবি বননিৰে উপচি পৰে । পাহাৰবোৰ ওখ আৰু থিয় বা এঢলীয়া হোৱাৰ কাৰণে বৰষুণৰ পানীবোৰ ভৈয়ামলৈ বাগৰি যায় । বৰষুণৰ পানী ধৰি ৰাখিব নোৱাৰাৰ কাৰণে পাহাৰৰ মাটিবোৰ শুকান হৈ পৰে আৰু কম পলসুৱা হয় । পাহাৰত ভাল জলসিঞ্চন ব্যৱস্থা নাই । গতিকে শস্যৰ গুটি বা মূল ৰোপন কৰিবৰ কাৰণে বতৰলৈ অপেক্ষা কৰিব লগা হয় । পাহাৰীয়া এঢলীয়া মাটিত ঝুম পথাৰবিলাক দেখিবলৈ পোৱা যায় । 

এখন বা কেইবাখনো গাঁৱৰে গঠিত একোটা সম্প্ৰদায়ৰ ঝুম পথাৰবোৰৰ সীমা নিৰ্ধাৰণ কৰা থাকে । এই নিৰ্ধাৰিত এলেকাৰ ভিতৰত পথাৰ সলাই এওঁলোকে খেতি কৰে । ঝুমখেতি কৰিবলৈ হলে প্ৰথমতে গাৱঁৰ মানুহে মূখিয়াল সমূহৰ নেতৃত্বত দেউৰী বা পূজাৰীৰ হতুৱাই মংগল চোৱাই এডৰা মাটি নির্বাচন কৰি লয় । তাৰ পিছত গছ – গছনি , হাবি বন কাটি শুকাবলৈ দিয়া হয় । শুকালে মাটিডৰাত জুই লগাই দিয়া হয় । তেতিয়া মাটিডৰা মুকলি হৈ ছাইৰে আবৃত হৈ পৰে । ইয়াৰ ফলত মাটিডৰা সাৰুৱা হৈ পৰে । এই মুকলি কৰা মাটিডৰা গাঁৱৰ বিভিন্ন পৰিয়ালৰ মাজত ভাগ দিয়া হয় । এই আটাইখিনি কাঁম পুৰুষসকলৰ দ্বাৰা কৰা হয় । তাৰ পিছত পৰিয়ালৰ আন সকলো আহি নিজৰ নিজৰ মাটিত শস্য ৰোপন কৰিবলৈ ধৰে । 

হাবি জংঘল চাফ কৰা আৰু জুই দিয়া কামবোৰ মাঘ – ফাগুন মাহতে শেষ কৰা হয় । মাটিত বৰষুণ পৰাৰ পিছতহে শস্যৰ গুটি ৰোপন আৰম্ভ কৰা হয়।গুটি সিচা কামবোৰ সাধাৰণতে মাইকী মানুহে কৰে । বৰষুণ পৰাৰ পিছত মাটিবোৰ নৰম হয় আৰু সেইবাবে তাত গাঁত খন্দাত সহজ হৈ পৰে ৷ খনিত্ৰৰে গাঁতবোৰ ৫/৬ ইঞ্চিমান দূৰে দূৰে খন্দা হয় । মাইকী মানুহে শস্যৰ গুটিবোৰ কাপোৰৰ মোনাত থৈ কান্ধত আৰি লয় আৰু গাঁতবোৰত গুটি পেলাই দি গাঁতবোৰত ভৰিৰে মাটি ভৰাই দিয়ে ৷ কিছুদিন পিছত গুটিবোৰ গজি উঠে আৰু বৰষুণৰ লগে লগে পুলিবোৰ ডাঙৰ হবলৈ ধৰে । ইতিমধ্যে শস্যৰ কাষে কাষে বন গজিবলৈ ধৰে । সেইবোৰ ৰোকনীৰে নিৰোৱা হয় ৷ ভাৰতৰ উত্তৰ – পূব অঞ্চলত সাধাৰণতে ধানৰ খেতিয়ে ঝুমৰ প্ৰধান খেতি । 

ঝুম খেতিৰ প্ৰধান সঁজুলিবোৰ হল দা , খনিত্ৰ আৰু ৰোকণী । দাৰে হাবি কটা হয় । আজিকালি হাবি কটাত কুঠাৰো ব্যৱহাৰ কৰা হয় । খনিত্ৰৰে শস্য বোৱা হয় আৰু ৰোকণিৰে বন নিৰোৱা হয় ৷ ৪ / ৫ মাহৰ পিছত খেতি চপোৱাৰ সময় হয় । তেতিয়া কাঁচিৰে শস্যবোৰ কাতি অনা হয় আৰু গুটিবোৰ কোৱাই বাহিৰ কৰা হয় । 

একেডৰা মাটিতে প্রতিবছৰে ঝুম খেতি কৰা নহয় ৷ এবাৰ খেতি কৰাৰ পিছত সেইডৰা মাটি চন পৰিবলৈ দিয়া হয় অর্থাৎ তাত কেইবছৰমানৰ কাৰণে কোনো খেতি কৰা নহয় । ঠাই সলাই সলাই খেতি কৰাৰ বাবে তাক স্থানান্তৰী বা ঝুম খেতি কোৱা হয় । সেই কাৰণে ঝুম খেতিয়কসকল বহু পৰিমাণৰ মাটিৰ অধিকাৰী । তেওঁলোকৰ জনসংখ্যা কম হেতুকে এইটো সম্ভৱ হৈছে । তদুপৰি ভৈয়ামৰ মানুহ বোৰে নাঙল খেতিত অভ্যস্ত বাবে পাহাৰত গৈ কাম কৰিব নোখোজে । 

ঝুম খেতিৰ সুবিধা আৰু অসুবিধাবিলাক তলত উল্লেখ কৰা হল ― 

সুবিধাসমুহ হ’ল— 

( ক ) ঝুম পথাৰত সামুহিক , দলবদ্ধভাৱে কাম কৰা প্ৰথাৰ পৰা ব্যক্তিগত পৰিশ্ৰম বহুখিনি লাঘব হয় । কাম কৰাৰ সময়ত গান গাই , হাঁহি – খিকিন্দালি কৰি , পথাৰত জলপান খাই খেতিয়কসকলে বহুখিনি জিৰণি অনুভৱ কৰে ৷ 

( খ ) ঝুম খেতি অবলম্বন কৰা সকলে অন্বেষণ জীৱীসকলৰ দৰে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হব লগা নহয় । তেওঁ লোকে নানা ধৰণৰ শস্য আৰু শাক – পাচলি উৎপাদন কৰি আহাৰ বহু পৰিমাণে স্বয়ংপূর্ণ হব পাৰিছে । 

( গ ) অন্বেষণ জীৱীসকলৰ দৰে ঝুমিয়াসকল সঘনে ঠাই সলাই ঘূৰি ফুৰিব নালাগে ৷ 

অসুবিধাসমুহ হ’ল— 

( ক ) কমসংখ্যাক মানুহৰ কাৰণে ডাঙৰ ডাঙৰ এলেকা একোটাৰে প্রয়োজন হয় । কাৰণ এবাৰ খেতি কৰাৰ পিছত পথাৰখন খেতি নকৰাকৈ বহুদিন পেলাই থব লগা হয় । 

( খ ) গছ গছনি কমি আহিলে জলবায়ুৰো পৰিবৰ্তন হয় । বৰষুণ কম হয় । সেই কাৰণে পাহাৰত থকা নিজাৰাবোৰত পানী কমি আহে , যাৰ ফলত যোগান ব্যৱস্থাত ব্যাঘত জন্মে ।

( গ ) মাটিৰ স্বাভাৱিক উৰ্বৰতা কমি আহে আৰু মাটি খহনীয়াৰ উৎপত্তি হয় । মুকলি পথাৰত মাটি বৰষুণে ধুই নিয়াৰ সম্ভাৱনা থাকে । 

( ঘ ) মাটি সলাই সলাই খেতি কৰা কাৰণে ভ্ৰাম্যমানে জীৱন – যাপন কৰিব লগা হয় । গতিকে স্থায়ী বসবাসৰ অসুবিধা হয় । 

( ঙ ) ভ্ৰাম্যমান জীৱন – যাপন কৰা ঝুমিয়াসকলৰ বাবে স্থায়ী উন্নয়নমূলক অনুষ্ঠান যেনে স্কুল , হস্পিতাল আদি স্থাপন কৰাত ব্যাঘাত জন্মে । 

( চ ) ঝুমিয়াসকলে হাবিত উৎপন্ন ফলমূলৰ পৰা বঞ্চিত হয় । গছবোৰ কাটি হাবি – বননিত জুই লগাই দিয়াৰ বাবে ফলমূল , মৌ আদি সুখাদ্যবোৰৰ অভাৱ হয় । 

১৮ । বেদিকা কৃষিৰ লগত ঝুম খেতিৰ পাথক্য দেখুওৱা । 

উত্তৰঃ ঝুম আৰু বেদিকা কৃষিৰ মাজত যথেষ্ট পাথক্য পৰিলক্ষিত হয় । পাথক্যবোৰ হল— 

( ক ) ঝুম খেতি অস্থায়ী আৰু যথেষ্ট পৰিশ্ৰমসাধ্য। আনহাতে বেদিকা কৃষি পৰিশ্ৰমমুক্ত হলেও স্থায়ী কৃষি পদ্ধতি । 

( খ ) ঝুমখেতি স্থানান্তৰিত কৃষি , এবাৰ কৃষিকাৰ্য্য চলোৱাৰ পিছত সেই ঠাই পৰিত্যাগ কৰি আকৌ অন্য ঠাইত কৃষিকাৰ্য্য কৰিব লগা হোৱাৰ বাবদ খেতিৰ বাবে যথেষ্ট ডাঙৰ এলেকা একোটাৰ প্ৰয়োজন । কিন্তু বেদিকা কৃষি স্থায়ী হোৱাৰ বাবে সৰু এডোখৰ ঠাইত বছৰৰ পিছত বছৰ ধৰি কৃষিকাৰ্য্য চলাব পাৰি । 

( গ ) ঝুম খেতিয়কসকল সম্পূৰ্ণৰূপে জলবায়ুৰ ওপৰত নিৰ্ভৰশীল । কিন্তু বেদিকা কৃষকসকলে জলবায়ুৰ ওপৰত নিৰ্ভৰশীল নহৈ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ উপৰিও সাৰ প্ৰয়োগৰ ব্যৱস্থাও কৰাৰ ফলত কম মাটিতে ঝুম কৃষক সকলতকৈ বহু বেছি পৰিমাণৰ শস্য উৎপাদন কৰিবলৈ সক্ষম । 

( ঘ ) ঝুম কৃষি হৈছে ক্ষয়িষ্ণু কৃষি ব্যৱস্থা , ইয়াৰ ফলত পাহাৰ – পবর্তৰ ক্ষতি সাধন হোৱাৰ উপৰিও সমভূমি অঞ্চলত প্ৰবল বানপানীৰ সৃষ্টি হয়।আনহাতে বেদিকা কৃষিৰ মাটি খহিব নোৱাৰাকৈ শিলৰ বাধা দিয়াৰ ফলত কাষৰ গছ – গছনিবোৰৰ প্ৰভাৱত পাহাৰ পবৰ্তৰ ক্ষতিসাধন হব নোৱাৰে । গতিকেই বানপানীৰ সৃষ্টিটো অৰিহণা যোগাব নোৱাৰে । 

( ঙ ) ঝুম খেতি পৰিশ্ৰম অনুযায়ী যথেষ্ট কম পৰিমাণৰ খাদ্য দ্রব্য উৎপাদন হয় কিন্তু বেদিকা কৃষি পৰিশ্ৰম অনুযায়ী বহু বেছি পৰিমাণৰ খাদ্য উৎপাদন হোৱা দেখা যায় ৷ ফলত ঝুম কৃষিৰ সৰ্ববৃহৎ মাটি এলেকা এটাৰ বিপৰীতে বেদিকা কৃষিত অতি সৰু কৃষিক্ষেত্ৰৰ দ্বাৰা বহুসংখ্যাক ব্যক্তি পোহ – পাল … পাৰে । উদাহৰণৰূপে অৰুণাচলৰ আপাটানিসকলে বেদিকা কৃষি কৰি মাত্র ২০ বর্গ মাইলমান এলেকাত প্রায় ১২,০০০ আপাটানি পোহ – পাল যায় । এইদৰে দেখা যায় ঝুমখেতিতকৈ বেদিকা কৃষি বহু উন্নত ধৰণৰ । 

১৯৷ উত্তৰ – পূব ভাৰতৰ দৃষ্টি স্থানান্তৰিত কৃষি অবলম্বন কৰা জনজাতিৰ নাম লিখা ৷ 

উত্তৰঃ উত্তৰ – পূব ভাৰতৰ দুটা ঝুম খেতি অবলম্বন কৰা জনজাতিৰ নাম হ’ল– 

( ক ) অৰুণাচল ৰাজ্যৰ মিচিমি সকল । আৰু 

( খ ) নগাভূমিৰ আওনগাসকল । 

২০। অসমৰ গ্ৰাম্যঞ্চলৰ লোকসকলে নাঙল কৃষিৰ উদ্দেশ্যে ব্যৱহাৰ কৰা বিশেষ সজুলিবোৰৰ নাম লিখা আৰু সেইবোৰৰ ব্যৱহাৰ উল্লেখ কৰা ? 

উত্তৰঃ অসমৰ গ্ৰাম্যঞ্চলৰ লোকসকলে নাঙলৰ কৃষিৰ উদ্দেশ্য ব্যৱহাৰ কৰা সজুঁলিবোৰ হল— 

( ক ) নাঙল যুবলি ( মাটি চহাবৰ বাবে ব্যৱহাৰ কৰা হয় ) ।

( খ ) মৈ ( চহোৱা মাটিৰ চপৰা ভঙা আৰু সমান কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ) ।

( গ ) দলিমাৰী ( মাটি গুৰি কৰিবলৈ , চপৰা ভাঙিবলৈ ব্যৱহাৰ কৰা হয় ) ।

( ঘ ) খাৰণি ( পথাৰৰ চহোৱা মাটিৰ হাবি – জংঘল গুচাবলৈ , শস্যৰ মাজৰ বন গুচাবলৈ ব্যৱহাৰ কৰা হয় ) ।

( ঙ ) বিন্ধ ( শস্যৰ মাজৰ বন গুচাবলৈ আৰু অতি ঘন শস্য পাতল কৰিবলৈ ব্যৱহাৰ কৰা হয় ) ।

( চ ) কোৰ ( পথাৰৰ আলিসমূহ তৈয়াৰ কৰাত ব্যৱহাৰ , পানীযোগানৰ বাবে নলাখন্দা কামত ব্যৱহাৰ কৰা হয় ) ।

( ছ ) দা ( হাবি – বন চাফা কৰিবলৈ চাফা কৰা হয় ) ।

( জ ) কান্ধমাৰি ( শস্য কঢ়িয়াই আনিবলৈ ব্যৱহাৰ কৰা হয় ) ।

( ঝ ) ওখনি ( মৰণা মৰা কামত ব্যৱহাৰ কৰা হয় ) । 

( ঞ ) সিচঁনি ( খালৰ পৰা পানী সিঁচি পথাৰত পানী যোগান ধৰা হয় )।

1 thought on “Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top