Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব, HS 1st year Anthropology notes, বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব Notes for All Subject, You can practice these here.

৭। চমুটোকা লিখা : 

( ক ) অন্বেষণ জীৱিকা :- আদিম মানবৰ জীৱিকা প্ৰবৰ্তনৰ প্ৰণালীক মূলত দুটা ভাগত ভগাব পাৰি । 

( a ) অন্বেষণ জীৱিকা । আৰু 

( b ) উৎপাদন জীৱিকা । 

আদিম কালৰ মানুহে প্ৰকৃতিৰ পৰা যি পাইছিল তাকে সংগ্ৰহ কৰি খাই জীয়াই আছিল ৷ তেওঁলোকৰ খাদ্য আহাৰণ ব্যৱস্থা অতি সৰল আছিল । নিজ প্রাকৃতিক পৰিবেশত প্রাপ্ত প্রাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰ পদ্ধতিকে অন্বেষ্ণ জীৱিকা বোলা হয় । অন্বেষণ জীৱীসকল কাৰিকৰী বিস্তাৰ পালৰ পৰা অতি পিছপৰা ৷ তেওঁলোকৰ অৰ্থনৈতিক জীৱন স্বয়ংপূর্ণ । আহাৰৰ বিতৰণ আৰু ব্যৱহাৰ সাধাৰণতে পৰিয়াল নাইবা সৰ আসীয় গোষ্ঠী এটাৰ ভিতৰত সীমাবদ্ধ হৈ থাকে ৷ বৰ্তমান যুগলৈকে পৃথিৱীৰ কিছুমান আদিবাসী সম্প্ৰদায়ৰ মাজত এতিয়াও অন্বেষণ বৃত্তি চলি আছে । 

কিছুদিন আগলৈকে অন্বেষণজীৱী হৈ থকা কিছুমান জনজাতি হ’ল ভাৰতবৰ্ষৰ নিহাৰ অঞ্চলৰ বিৰ হোৰ দাক্ষিণাত্যৰ ই’বলা চেনঞ্চু , আন্দামান দ্বীপপুঞ্জৰ ঝাৰুৱা , শ্রীলংকাৰ ভেদ্দা আদি ৷ অন্বেষণ জীৱীকাত আকৌ তিনিটা জীৱীকা কৌশল দেখা যায় । যেনে – সংগ্রহ জীৱিকা , চিকাৰ জীৱিকা আৰু মৎস্য জীৱিকা । অবশ্যে সংগ্রহ , চিকাৰ বা মৎস্য চিকাৰ ইয়াৰ যিকোনো এটা কৌসলৰ ওপৰত সম্পূৰ্ণবাৱে নিৰ্ভৰ কৰি কোনো সম্প্রদায়ে জীৱিকা নির্বাহ নকৰে ৷ ভৌগোলিক পৰিবেশভোদ জীৱিকা কৌশল বেলেগ বেলেগ হোৱা পৰিলক্ষিত হয় । 

( খ ) উৎপাদন জীৱিকা :- আদিম মানবৰ জীৱিকা সমূহক প্ৰাধনকৈ দুটা ভাগত ভগাব পাৰি । যেনে— অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকা । নবপ্রস্তৰ যুগত যেতিয়া খেতি বাতিৰ প্ৰথা আৰম্ভ হ’ল তেতিয়া মানুহৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীলতা কিছু পৰিমাণে কমি আহিল ৷ মানুহে প্রয়োজনীয় খাদ্য সামগ্ৰীসমূহ খেতিৰ জৰিয়তে উৎপাদন কৰাৰ উপৰিও ভবিষ্যতৰ কাৰণে কিছু পৰিমাণে সাঁচি ৰাখিব পৰা গ’ল । উৎপাদন জীৱিকাৰ বিশেষত্ব হ’ল মানব সকল অন্বেষণ জীৱিকাৰ ওপৰতে নিৰ্ভৰ নকৰি নিজৰ অৱশ্যকীয় আছাৰ্য্য তথা অন্যান্য সামগ্ৰীসমূহ নিজ হাতে তৈয়াৰ কৰি ল’ব পৰা হ’ল । উৎপাদন জীৱীসকলক মুখ্য দুটা ভাগত ভগাব পাৰি ৷ যেনে – কৃষক আৰু পশুপালক । মূল জীৱিকা হিচাপে পশুপালনৰ প্ৰসাৰ কৃষিৰ দৰে বিস্তাৰিত নহয় ৷ উৎপাদন জীৱীসকলে কৃষি আৰু পশুপালনৰ যোগেদি অন্বেষণজীৱী সকলতকৈ অধিক পৰিমাণৰ খাদ্য সম্ভাৰ আহৰণ কৰিব পাৰে । উৎপাদন জীৱিকা অৱলম্বণ কৰা লগে লগে মানব সমাজৰ স্থায়িত্ব আহিল আৰু সাংস্কৃতিৰ বিকাশ দ্রুত তৰ হ’ল । 

( গ ) পোষণ জীৱিকা :- যি জীৱিকা নির্বাহ পদ্ধতিত একমাত্র আবশ্যকীয় সামগ্রীখিনিহে যিকোনো প্রকাৰৰ আহৰণ কৰি লোৱা দেখা যায় তেনে জীৱিকা নির্বাহ প্ৰণালীক জীৱিকা প্রবর্তন প্ৰণালী বা পোষণ জীৱিকা বোলা হয় ৷ 

আদিম কালৰ মানবৰ অৰ্থনৈতিক সংগঠনত অতিৰিক্ত উৎপাদন বা আহৰণৰ চিন্তাধাৰা নাছিল। বিশেষজ্ঞ কৰ্মীৰো সৃষ্টি হোৱা নাছিল । মুদ্ৰাৰ প্ৰচলন নাছিল ফলত বজাৰৰ প্ৰাধান্যও নাছিল । কোনো উদ্যোগৰ ব্যৱহাৰ নাছিল । এই সংগঠন আছিল স্বয়ং সম্পূর্ণ । বাহিৰৰ সমাজৰ লগত কোনো লেনদেন স্থাপন হোৱা নাছিল । মাথোন আব্যশকীয় সামগ্রী খিনিহে যিকোনো প্রকাৰে আহৰণ কৰি জীৱিকা নির্বাহৰ বাবে দৰকাৰী সংগঠন খিনিহে প্ৰচলিত আছিল । সেয়েহে আদিম মানবৰ অৰ্থনৈতিক সংগঠনক জীৱিকা প্রবর্তণ প্রণালী বা পোষণ জীৱিকা হিচাপে অভিহিত কৰা হয় । 

( ঘ ) অর্থনৈতিক সংগঠন :- মানৱ জীৱৰ ধাৰণৰ বাবে অবলম্বণ কাৰ্য্য পদ্ধতিকে অর্থনৈতিক সংগঠন বোলা হয় । গতিকে দৈনন্দিন জীৱনত দৰকাৰী আৱশ্যকতাক পূৰ্ণ কৰিবলৈ মানবৰ মাজত গঢ়ি উঠা সম্পর্ক আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহৰ লাভৰ বাবে মানবে চলোৱা প্ৰচেষ্টাকে সাধাৰণভাৱে অর্থনৈতিক সংগঠনৰ বিষয়বস্তু বুলি কোৱা হয়।সেয়ে সকলো সমাজতে কি আদিম , কি আধুনিক , অর্থনীতিৰ আলোচ্য বিষয় বা উদ্দেশ্য একেই ৷ অবশ্যে প্রয়োজনীতাৰ খাতিৰত অৰ্থনীতিৰ বা অর্থনৈতিক সংগঠনৰ ধৰণ ভিন্ন হ’ব পাৰে ৷ সকলো সমাজত প্ৰয়োজন আৰু যোগানৰ মাজত সমতা থকা দৰকাৰ ৷ কিয়নো মানুহৰ উৎপাদন বা আহৰণৰ ক্ষমতাৰ তুলনাত প্রাপ্ত সম্পদাজি সদায়ে তাকৰ ৷ 

পূর্ণ অর্থনৈতিক সংগঠন এটাত সদায়ে উৎপাদন , বিতৰণ আৰু ব্যৱহাৰ — এই তিনিটা ব্যৱস্থা থকাৰ আব্যশক । 

( ঙ ) পশুপালন :- মানবৰ জীৱিকা প্রবর্তন প্রণালীক দুটা ভাগত ভগাব পাৰি । অন্বেষণ আৰু উৎপাদন জীৱিকা । পশুপালন হৈছে উৎপাদন জীৱিকাৰ এটা অংশ । বনৰীয়া জীৱ জন্তু ঘৰতে ৰাখি পোহে মনাই জীৱিকা প্ৰবৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰাকে পশু পালন বোলা হয় । মানৱে পোন প্রথমে কুকুৰ ঘৰচীয়া কৰাৰ প্ৰমাণ পোৱা যায়৷কালক্ৰমত গৰু , ম’হ , ছাগলী , ভেড়া , ঘোৰা , উট আদি পশুপালন জীৱিকাৰ অন্তৰ্ভূক্ত হোৱা দেখা যায় । 

পশুপালন জীৱিকা কেতিয়াৰ পৰা আৰম্ভ হয় স্পষ্টকৈ কোৱা কঠিন যদিও বালিকৈ ইউৰোপৰ সাগৰ অঞ্চলৰ মধ্যপ্রস্তৰ যুগীয় ভগ্নাৱশেষত আবিস্কৃত প্ৰমাণৰ পৰা ক’ব পৰা যায় যে মধ্যপ্রস্তৰ যুগৰ পৰাই আৰম্ভ কৰা হৈছিল । অৱশ্যে ইয়াৰো আগতে জীৱ – জন্তু গৃহীকৰণ সম্ভৱ নাছিল।মূখ্যত চিকাৰৰ সুবিধায়েই মানব প্রথম কুকুৰ গৃহীকৰণ কৰিছিল বুলি ক’ব পাৰি । কালক্ৰমত নিজৰ আহাৰ্য্য যোগানৰ সুবিধার্থে মানৱে অনান্য জীৱজন্তু গৃহীকৰণ আৰম্ভ কৰে । 

( চ ) চিকাৰ জীৱিকা :- মানবৰ জীৱিকা নির্বাহ পদ্ধতি প্রধানত দুটা ভাগত ভগাব পাৰি । যেনে – অন্বেষণ আৰু উৎপাদন । 

অন্বেষণ জীৱিকা বুলিলে মানৱে নিজ পৰিবেশত প্রাপ্ত প্রাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰকে বুজায় । অন্বেষণ জীৱিকাৰ পদ্ধতিসমূহক আকৌ তিনিটা ভাগত ভগাব পাৰি সংগ্ৰহ পদ্ধতি , চিকাৰ আৰু মৎস্য চিকাৰ পদ্ধতি । 

চিকাৰ জীৱীসকল কঠোৰ পৰিশ্ৰমী হ’ব লাগে ৷ এওঁলোকৰ জীৱণ ধাৰণ পদ্ধতি মানেই প্ৰকৃতিৰ লগত সংগ্রাম ৷ সেয়েহে দেখা যায় চিকাৰ জীৱীসকলক বসবাস কৰিবলৈ এটি ডাঙৰ এলেকাৰ দৰকাৰ । তদুপৰি চিকাৰ জীৱীসকলে সৰু সৰু দলত বিভক্ত হৈ বাস কৰে । সৰ ঠাই এডোখৰত খেতি কৰি বা গৰু মহ পুহি যিমান সংখ্যক মানুহ পোহপাল পাব পাৰে , চিকাৰৰ যোগেদি সিমান সংখ্যক মানুহ সমপৰিমাণৰ মাটিত বসবাস কৰিব নোৱাৰে । উদাহৰণস্বৰূপে , কালিফৰ্ণিয়াৰ চিকাৰজীৱী ৰেড ইণ্ডিয়ানসকলৰ বসতি হৈছে প্রতিবর্গ মাই’লত গড়ে এজন । 

সকলো চিকাৰজীৱীৰ সমাজ , সংস্কৃতি আৰু চিকাৰুৰ কৌশল , চিকাৰ কৰা জন্তুৰ প্ৰকাৰ আৰু বিচৰণ স্বভাৱ অনুযায়ী বেলেগ হোৱা দেখা যায়৷জন্তুবোৰ ঠাই সলাই ঘুৰি ফুৰা স্বভাবৰ হলে চিকাৰী সম্প্রদায়টোও ভ্ৰাম্যমান হয় । অর্থাৎ চিকাৰ জীৱীসকলে একপ্রাকৰ অসৰী জীৱন যাপন কাৰে । 

ঠাই বিশেষে চিকাৰজীৱীসকলে বিভিন্ন চিকাৰ কৌশল অৱলম্বণ কৰা দেখা যায় । তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান কৌশল হ’ল ―

( a ) সঁজুলি নিক্ষেপন কৰি চিকাৰ কৰা ৷ 

( b ) ফান্দপাতি চিকাৰ কৰা । 

( c ) গাঁতৰ পেলাই চিকাৰ কৰা ৷ 

( d ) দলবদ্ধ চিকাৰ ৷ 

( ছ ) সংগ্ৰহ জীৱিকা :- মানবৰ জীৱনধাৰাৰ উপায়সমূহ মুখ্যাত দুটা ভাগত ভগাব পাৰি অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকা । 

মানবৰ নিজ পৰিবেশত প্রাপ্ত প্রাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰকে অন্বেষণ জীৱিকা বোলে ৷ অন্বেষণ জীৱিকা আহৰণৰ তিনিটা কৌশল বা পদ্ধতি দেখা যায় সংগ্রহ , চিকাৰ আৰু মৎস্য চিকাৰ।সংগ্ৰহ পদ্ধতি বা সংগ্ৰহ জীৱিকাই হ’ল মানবৰ প্ৰাচীনতম জীৱিকা পদ্ধতি ৷ প্ৰকৃতিৰ বুকুৰ পৰা নানা ধৰণৰ গছৰ গুটি , ফল মূল, শিপা , আলু , কছু , কুমলীয়া শাক পাচলি আনকি বিভিন্ন ধৰণৰ সৰু সৰু জীৱ জন্তু , মৌ কীতপতংগ ইত্যাদি আহাৰ্য্য হিচাপে বিচাৰি গোটোৱাটোকে সংগ্রহ জীৱিকা বোলা হয় । 

সংগ্ৰহ জীৱীসকলৰ প্ৰাকৃতিক জগত সম্পর্কে জ্ঞান আৰু কাৰিকৰী বুদ্ধি প্রশংসনীয় । চিকাৰজীৱী সকলৰ দৰে সংগ্ৰহজীৱী সকলো কিছুপৰিমাণে ভ্ৰাম্যমান । ঋতু অনুসৰি ভিন ভিন অঞ্চলত ভিন ভিন খাদ্যদ্রব্য পোৱা যায় । সেইমতে সংগ্ৰহ জীৱীসকলে এঠাইৰ পৰা আন ঠাইলৈ ঘুৰি ফুৰিব লগা হয় । সংগ্ৰহ জীৱীস্বৰূপে সামলয় বনাঞ্চলবাসী ছেমাং সকলে ২০/৩০ জনীয়া দলবান্ধি ৩/৪ দিনৰ মূৰে মূৰে ঠাই সলাই ফুৰিবলগীয়া হয় । 

( জ ) দলবদ্ধ চিকাৰ :- চিকাৰ জীৱীসকলৰ এটা উল্লেখযোগ্য চিকাৰে পদ্ধতি হ’ল দলবান্ধি চিকাৰ কৰা । ইয়াকে দলবদ্ধ চিকাৰ পদ্ধতি বোলা হয় । গাইগুটীয়া চিকাৰুতকৈ দলবদ্ধ চিকাৰ বেছি আশাপ্রদ তদুপৰি দলবদ্ধ চিকাৰে জনগোষ্ঠীটোৰ কেতা দৃঢ় কৰাত সহায় কৰে ৷ সাধাৰণত ডাঙৰ জীৱজন্তু বা ক্ষিপ্রতাৰ জীৱ – জন্তু চিকাৰৰ ক্ষেত্ৰত দলবদ্ধ চিকাৰ অতি ফলদায়ক । প্ৰায়বোৰ চিকাৰজীৱী সমাজতে দলবদ্ধ চিকাৰ এতিয়াও পৰিলক্ষিত হয় । 

এই পদ্ধতিৰে চিকাৰ কৰা বাবে সম্প্রদায়টোৰ প্ৰায় ২০/২৫ জন ব্যক্তি চিকাৰী কুকুৰ , ধনু কাড় , যাঁঠি , দা আদিৰে সজ্জিত হৈ বনাঞ্চললৈ ওলাই যায় । চিকাৰযোগ্য জন্তু থকা হাবি এডৰাৰ চাৰিওফালে চিকাৰীসকলে ঘেৰি লৈ চিকাৰী কুকুৰবোৰ হাবিৰ মাজলৈ সুমুৱাই দিয়ে। কুকুৰৰ ভুক – ভুকনিত অতীষ্ঠ হৈ বনৰীয়া চিকাৰ হাৰিডাৰৰ পৰা ওলাই লব মাৰিব খজিলেই ঠাইত জোপ লৈ চিকাৰীসকলে ধনু – কাড় বা যাঁঠীৰে আঘাত কৰি চিকাৰ ভূপতিত কৰে । 

দলবদ্ধ চিকাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মাজতে দেখা যায়।আৰুণাচল প্ৰদেশৰ সোৱণশিৰি জিলাৰ ডফলাসকল , টিৰাপ , জিলাৰ বাঞ্চুসকল , ছিয়াং জিলাৰ আদিসকল দলবদ্ধ পদ্ধতিৰে চিকাৰ কৰা জনগোষ্ঠী ।

( ঝ ) ভেকচন ধৰি চিকাৰ :- চিকাৰ জীৱিকাৰ বিভিন্ন পদ্ধতিৰ ভিতৰত ভেকচন ধৰি চিকাৰ কৰা পদ্ধতিও দেখা যায় । ইয়াৰ বাবে আবশ্যক যথেষ্ঠ অনুশীলন আৰু ধৈৰ্য্য । কিছুমান জীৱ – জন্তু অতি চতুৰ । ই মানুহৰ চাটি নসহে । এনেবোৰ জন্তু চিকাৰৰ বাবে এটি বিশেষ কৌশল হ’ল ভেশচন চিকাৰ । উদাহৰণস্বৰূপে বুচমেন সকলে ধনু কাড়েৰে উট – চৰাই চিকাৰ কৰি জীৱিকা নির্বাহ কৰে ৷ কিন্তু উট চৰাইয়ে ভিৰাই লব মাৰে । সেয়ে বুচমেন চিকাৰীয়ে উঁট চৰাইৰ চালেৰে নিজকে সজ্জিত কৰি অতি সাবধানে উট চৰাইৰ নিচিনাকৈ খোজ দি উট চৰাইৰ জাকৰ কাষ চাপে ৷ আৰু লগতে নিয়া ধনু – কাড়োৰ ওচৰৰ পৰা উট চৰাই চিকাৰ কৰে । 

( ঞ ) উদ্যান কৃষি :- কৃষি জীৱিকা পৃথিৱীৰ বিভিন্ন ঠাইত ভিন্ন ধৰণে প্ৰচলিত হোৱা দেখা যায় । ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থাত নাঙলেই মুখ্য সঁজুলি কিন্তু নাঙলবিহীনভাৱেও কৃষি পদ্ধতি অৱবলম্বণ কৰা সম্প্রদায়ো বহুত আছে । ভাৰতবৰ্ষৰ প্ৰায়বোৰ জনজাতীয় সম্প্রদায়েই নাঙল ব্যৱহাৰ নকৰাকৈ খৈতি কৰে । এইদৰে নাঙল ব্যৱহাৰ নথকা কৃষি পদ্ধতিকে সাধাৰণতে কোৰ খেতি বা উদ্যান কৃষি বোলা হয় । 

কোৰ খেতিৰ পদ্ধতি সকলো সম্প্রদায়ৰ মাজত একে নহয় । আনকি কোৰ খেতি অবলম্বন কৰা সম্প্রদায়ে খেতিৰ বাবে সঁজুলি হিচাপে কোৰ ব্যৱহাৰ নকৰিব পাৰে । 

কোৰ কৃষি বহুক্ষেত্ৰত নাঙল কৃষিতকৈ কষ্টমাধ্য । 

তদুপৰি কোৰেৰে উপৰুৱাকৈ হোৱা কৃষি পদ্ধতি স্বাভাৱিকত উৎপাদনৰ ক্ষেত্ৰত নাঙল কৃষিৰ সমতুল্য হ’ব নোৱাৰে । অবশ্যে স্থায়ী কোৰ খেতিয়কসকলৰ কোৰ কৃষি পদ্ধতি যথেষ্ট উৎপাদনক্ষম ৷ উদাহৰণ স্বৰুপে ফিলিপাইন দ্বীপপুঞ্জৰ ইফু গাওঁ জনজাতি উন্নত স্থায়ী কোৰ কৃষক সম্প্রদায় । স্থায়ী কোৰ কেতিয়কসকলৰ মাজত জলসিঞ্চন ব্যৱস্থা দেখাৰ উপৰিও পথাৰত নিয়মিতভাৱে সাৰ জাৱৰ দি মাটিৰ বিৰতা বঢ়োৱা দেখা যায় । 

( ট ) খাপ খেতি :- নাভলবিহীন কৃষিৰ বিভিন্ন পদ্ধতিৰ ভিতৰত খাপ খেতি অন্যতম । পাহাৰৰ গাত সুবিধা অনুমায়ী , বিভিন্ন উচ্চতাত ঠেক আৰু বহল কোৰেৰে খাপ কাটি লৈ শস্য উৎপাদন কৰা কৃষি পদ্ধতিকে খাপ খেতি বোলা হয় । প্রয়োজন অনুসাৰে খাপৰ দাঁতিবোৰ শিল , জাঁবৰ ইত্যাদিৰে সুন্দৰকৈ বান্ধিও লোৱা হয় । আনকি দূৰৈৰ নিজৰাৰ পৰা বাহ জোৰা দি নলীৰ সৃষ্টি কৰি পথাৰত ( খাপবোৰত ) পানীৰ যোগান ধৰা হয় । এই খাপবোৰত গৰুৰ গোৱৰ যোগান ধৰি মাটিৰ উৰ্বতাও বঢ়োৱাৰ ব্যৱস্থা কৰা হয় । এই কৃষিৰ প্ৰধান আহিলা হৈছে চুটি নালযুক্ত এখন লোৰ কোৰ । খাপ কৃষিক বেদিকা কৃষিও বোলা হয় । নগাভুমিৰ আংগমীসকল পাকৈত খাপ খেতিয়ক । 

এওঁলোকে পাহাৰত এঢলীয়া গাত সৃষ্টি কৰি লোৱা পথাৰ বছৰৰ পাছত বছৰ ধৰি খাপ খেতি অৱলম্বন কৰি ভৈয়ামৰ খেতিয়ক সকলৰ দৰেই শস্য উৎপাদন কৰে ৷ উৰিষ্যা ৰাজ্যৰ ছওৱা জনজাতিৰ লোকসকলেও পাহাৰত গাত খাপ খেতি কৰি স্থায়ীভাৱে কৃষি জীৱিকা চলাই যোৱা দেখা যায় । 

( ঠ ) বিহ দি মাছ মৰা পদ্ধতি :- পানীত বিহ দি মাছ মৰা প্ৰথানানা জনজাতিয় লোকৰ মাজাত প্রচলিত । উত্তৰপুৰ্ব ভাৰতৰ পাহাৰীয়া অঞ্চলত প্ৰায় সকলোবোৰ জনজাতিয় লোকেই পানীত বিহ দি মাছ মাৰে৷আবদ্ধ পানীত জনজাতীয় উদ্ভিদ ব্যৱহাৰ কৰি পানী বিষাক্ত কৰি পেলোওৱা হয় । মাছ থকা পানীত পানীৰ পৰা উঠাহ । পানীত বিহু দি মাছ মাৰিবৰ কাৰণে যি বন জাতীয় উদ্ভিদ ব্যৱহাৰ কৰা হয় সেই উদ্ভিদৰ গুণ থকাৰ ফলত বিষে মানুহৰ অপকাৰ নকৰে ৷ বিশেষকৈ কলগছ , বিহলডনী আদি জাতীয় উদ্ভিদ ব্যৱহাৰ হৈছিল । 

( ড ) স্বয়ক্রিয় মাছ মৰা সজুলি :- মৎস্য চিকাৰ কৰিবলৈ বিভিন্ন ধৰণৰ পদ্ধতি প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায় । ইয়াৰ বাবে বিভিন্ন সমাজত বিভিন্ন সজুলি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৷ ইয়াৰ কিছুমান স্বয়ংক্রিয় আৰু কিছুমান মানুহৰ দ্বাৰা ব্যৱহৃত ৷ স্বয়ক্রিয় অৰ্থাৎ যিবোৰ সজুলিৰ ব্যৱহাৰ বা প্ৰয়োগ কৰাৰ বাবে মানুহৰ প্ৰত্যক্ষভাৱে উপস্থিত থকাৰ আৱশ্যক নহয় । আনহাতে এনে কিছুমান সজুলি আছে যিবোৰ মানুহজানে প্রত্যক্ষভাৱে সজুঁলিবিধ পৰিচালনা কৰি মাছ চিকাৰ কৰিবলগীয়া হয় । স্বয়ংক্রিয় সজুঁলিসমুহ হৈছে যোৱা বা চৰহা , ভিঙাৰ , কাৱৈ জাল । এই জুলিসমুহ নিৰ্বাচিত স্থাণৰ পানীত সংস্থাপন কৰি থলে নিজাববীয়াকৈ মাছ সোমাই আবদ্ধ হৈ পৰা সজুঁলিসমুহৰ স্বয়ংক্রিয় সজুলি বোলে । স্বয়ংক্রিয়া মাছ মৰা সজুঁলিসমুহ ব্যৱহাৰৰ বাবে সক্ষভাৱে হলেও সোঁত থকাৰ দৰকাৰ । আকৌ সজুলি অনুযায়ী পানীৰ গভীৰতা ভিন ভিন বোৱাৰ দৰকাৰ । এই ‘ সজুলিসমুহ কিছুমান বাঁহবেতেৰে আৰু কিছুমান সোতাৰ জালেৰে তৈয়াৰ কৰা হয় । মাছ মৰাৰ কাৰণে আন এবিধ বহল পৰিমাণে প্রচলিত স্বয়ংক্রিয় সজুলি হল বৰসি । মাছৰ আকাৰে অনুযায়ী মাছ ধৰা সজুলিবোৰৰ ধৰণো বেলেগ বেলেগ হয় ।

1 thought on “Class 12 Anthropology Chapter 3 বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top