Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব, HS 1st year Anthropology notes, প্রাগঐতিহাসিক নৃতত্ত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

১৪৷ উচ্চ প্ৰত্ন প্রস্তৰ যুগৰ সংস্কৃতিৰ বিভিন্ন পৰ্য্যায় সমুহ আলোচনা কৰা । 

উত্তৰঃ কৃষ্টিমুলক কৌশল আৰু স্তৰীয়ক্ৰম অনুসৰি এই যুগটোক তিনিটা প্রধান সাংস্কৃতিক স্তৰত ভগাব পাৰি । যেনে— 

( ক ) অগিনেছিয়ান ।

( খ ) ছলুট্ৰিয়ান । আৰু 

( গ ) মেগডালেনিয়ান । 

( ক ) অগিনেছিয়ান সংস্কৃতি :- ফৰাছী দেশৰ লা এজি নামে ঠাইৰ ওচৰৰ অ’ডি ( Audi ) নামে এটা প্ৰস্তৰ আবাসত চলি শিলৰ ওপৰত তৈয়াৰ কৰা এটি নতুন সংস্কৃতিৰ উমান পোৱা যায় ৷ এই কৃষ্টিৰ উদ্যোগিক বিশেষত্ব হ’ল চকলা শিলৰ ওপৰত তৈয়াৰ কৰা এক প্ৰকাৰৰ ফলক কটাৰী শিল্প । অ’ডি নামে ঠাইত পোৱা হেতুকে ইয়াৰ নাম দিয়া হৈছে অডিফলক কটাৰী ( Audi knife blade ) ফ্ৰান্সৰ আন এঠাইত আৰু এটি বিশেষ বৈশিষ্ট্য সম্পন্ন কৃষ্টি আৱিস্কৃত হয় । 

ইয়াৰ প্ৰধান বিশেষত্ববোৰ হ’ল— 

( a ) ফলক জাতীয় চলি শিলৰ ওপৰত তৈয়াৰ কৰা ডাঠ পিঠিয়া কটাৰী ।

( b ) খোদনাস্ত্র জাতীয় সজুলি ব্যৱহাৰ । আৰু 

( c ) হাড়ৰ পৰা তৈয়াৰ কৰা সঁজুলি প্ৰচলন ।

( খ ) ছলুট্রিয়ান কৃষ্টি :- পশ্চিম ইউৰোপৰ উত্তৰ ফ্ৰান্সৰ ছলিউটাৰ নামে ঠাইত ১৮৬৮ চনত এই কৃষ্টিটো আৱিস্কৃত হয় । এই কৃষ্টিৰ বৈশিষ্ট্য সম্পন্ন আহিলা বিলাকৰ ভিতৰত আছে চাপ দি চলি উঠোৱা পদ্ধতিৰে তৈয়াৰ কৰা পত্ৰসদৃশ কিছুমান জোঙাল অস্ত্র ৷ যেনে – ল’ৰেল পত্ৰসদৃশ জোঙাল অস্ত্র , ইউল’পত্র সদৃশ জোঙাল অস্ত্র । ইয়াৰ ওপৰিও ‘ ফলক ৰোকনী ’ আৰু ‘ খোদনাস্ত্র ও ব্যৱহাৰ হৈছিল । এই কৃষ্টিৰ শেষৰ ফালে হাড়ৰ বেজি ব্যৱহাৰ কৰা প্ৰমাণ পোৱা যায় । 

( গ ) মেগডালেনিয়ান কৃষ্টি :- এই কৃষ্টিটো প্রথমে উত্তৰ ফ্ৰান্সৰ লা সেভেলিন নামে ঠাইত প্রায় ৫০০০ বছৰ প্ৰচলিত হৈ আছিল মেগডালেনিয়ান সংস্কৃতিৰ বিশেষত্ব হ’ল— 

( ক ) হাড়ৰ অস্ত্ৰত চৰ্ম উন্নতি ।

( খ ) শিলৰ ফলক ৰোকনী , খোদনাস্ত্র , ভোঁহৰ আদিৰ প্রাধান্য ৷ 

( গ ) ক্ষুদ্রাকৃত্তি শিলৰ অস্ত্ৰ নিৰ্মাণ আৰম্ভণি । 

( ঘ ) কাইটীয়া যুক্ত হাড়ৰ শেল বিভিন্ন প্ৰকাৰৰ শেল নিক্ষেপক ৰাজদণ্ড।

( ঙ ) গৃহকলা আৰু গুহাকলাৰ প্ৰচলন ।

১৫। ইউৰোপৰ মধ্যপ্রস্তৰ যুগৰ সংস্কৃতিবোৰ চমু বিবৰণী দিয়া। 

উত্তৰঃ মধ্যপ্রস্তৰ যুগত ইউৰোপত প্রচলিত সংস্কৃতিবোৰ হ’লঃ 

( ক ) আজিলিয়ান ।

( খ ) টাৰডেনুছিয়ান ।

( গ ) এছটুবিয়ান ।

( ঘ ) কিছেন মিডেন । আৰু 

( ঙ ) কেমপগনিয়ান ।

( ক ) আজিলিয়ান সংস্কৃতি :- ফ্ৰান্সৰ মাছ ডি – আজিল নামে গুহাত এই সংস্কৃতিৰ সমলবোৰ উদ্ধাৰ হৈছিল ৷ আজিলিয়ান সংস্কৃতিৰ অৱশেষ দক্ষিণ স্পেইনৰ পৰা উত্তৰে গ্রেট ব্রিটেইন আৰু পূবপালে বেলজিয়ামলৈ পোৱা যায় । 

( খ ) টাৰভেনুছিয়ান সংস্কৃতি :- ফ্ৰান্সৰ ফোৰ – এন – টাৰভেনু নামে ঠাইত এই সংস্কৃতিৰ সমল প্রথমে চিনাক্তকৰণ কৰা হৈছিল । ইউৰোপৰ এক সুবিস্তৃত অঞ্চলত সুদীর্ঘকাল ব্যাপী এই সংস্কৃতি প্রচলিত আছিল । 

( গ ) মেগলেমছিয়ান সংস্কৃতি :- বাল্টিক সাগৰৰ মোহনত আৰু জিলাও দ্বীপৰ মেগালম’ছ অঞ্চলত প্রথমে এই সংস্কৃতিৰ অৱশেষ আৱিস্কৃত হৈছিল । মধ্যপ্রস্তৰ যুগত উত্তৰ ইউৰোপত উৎপত্তি হোৱা সংস্কৃতিবোৰৰ ভিতৰত মেগলেমছিয়ান সংস্কৃতি অন্যতম । 

( ঘ ) এছটুৰিয়ান সংস্কৃতি :- স্পেইনৰ এছটুৰিয়ান প্রদেশত এই সংস্কৃতি প্রথমে চিনাক্তকৰণ কৰা হৈছিল ৷ এই সংস্কৃতিৰ অৱশেষ পর্তুগালটো পোৱা গৈছে । 

( ঙ ) কিছেন মিডেন সংস্কৃতি :- কিছেন – মিডেন শব্দৰ অৰ্থ হৈছে ৰান্ধনী ঘৰৰ অৱৰ্জনাৰ দ’ম । ইউৰোপৰ বাল্টিক সাগৰৰ উপকূল অঞ্চলত বাস কৰা মধ্যপ্রক্তৰ যুগৰ আধিবাসীসকলে খাদ্য হিচাপে ব্যৱহাৰ কৰা শামুকবিলাকৰ খোলাবোৰ বাসস্থানৰ চৌপাসে দ’ম কৰিছিল । এই দ’মৰ মাজৰ পৰাই আবিস্কৃত সমলবোৰক কিছেন – মিডেন সংস্কৃতি বুলি নামাকৰণ কৰা হৈছিল । 

( চ ) কেসপিগ’নিয়ান সংস্কৃতি :- ফৰাচী দেশৰ লা – কেমপিগনি নামে ঠাইত আৱিস্কৃত সংস্কৃতিৰ সমলবোৰক কেসপিগ’নিয়ান সংস্কৃতি হিচাপে জনা যায় । 

১৬ । প্রাকৃতিক কাৰণত খন্দিত হোৱা শিলাখণ্ড আৰু প্ৰস্তৰ যুগত মানুহে বনোৱা সঁজুলিৰ মাজৰ পাৰ্থক্য কেনেকৈ দেখুৱা ? 

উত্তৰঃ মানুহে তৈয়াৰ কৰা সঁজুলি আৰু প্ৰাকৃতিক কাৰণত খন্দিত হোৱা শিলাখণ্ডৰ মাজত অনেক পার্থক্য পৰিলক্ষিত হয় । মানুহে যেতিয়া অস্ত্ৰ তৈয়াৰ কৰিবৰ কাৰণে শিল এটুকুৰা ভাঙে তাত এটা উদ্দেশ্য নিহিত হৈ থাকে ৷ যেতিয়া এটা শিলাখণ্ডক টুকুৰীয়াই ভাগি প্রয়োজনীয় অস্ত্ৰ বা সঁজুলি তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰে তেতিয়া তাক এটা আকৃতিত গঢ় দি লোৱা হয় । ইয়াৰ উপৰিও হাতুৰীৰে খুন্দিয়াই কৃত্রিম উপায় উৎপন্ন কৰা শিলৰ চকলাবোৰৰ তলপিঠিখন শামুকৰ পিঠিৰ নিচিনা মিহি আৰু মসৃণ হয় । এনে চলিবোৰত আঘাতস্ফীতি দেখা যায় । আনহাতে আঘাতস্ফীতি সৃষ্টি হোৱা চলিটোৰ অনুৰূপ আনটো ফালৰ সেই একে অংশটো তললৈ বহি যায় ৷ ইয়াক আঘাতস্ফীতি শূন্যাঞ্চল বোলে । আনহাতে আঘাতস্ফীতিক কেন্দ্র কৰি তৰংগসদৃশ সমকেন্দ্ৰীয় অর্ধবৃত্তকাৰ ৰেখা কিছুমান বিৰ্ত্তীৰ্ণ হোৱা দেখা যায় ৷ 

আনহাতে প্রাকৃতিক কাৰণত উৎপন্ন হোৱা শিলৰ চলিবোৰৰ কোনো অৰ্ন্তনিহিত আকৃতি নাথাকে । ইয়াৰ গাত থকা চলি চিহ্নবোৰ যেনি – তেনি নিথককাৱে সিঁচৰতি হৈ থাকে । প্রধান চকলা পিঠিখন ওখোৰা মোখোৰা বা খহতা হয় ৷ গতিকে শিলগুটি বা শিলাঞ্চলৰ পৰা তৈয়াৰ কৰা সঁজুলিবিলকাৰ চলি নিৰ্গত পদ্ধতি পৰীক্ষা কৰি সেইবোৰ শিল্পভাগত নে প্রাকৃতিক শিলাঞ্চল তাৰ সহজে অনুমান কৰিব পাৰি । 

১৭। এখন ৰোকনীৰ প্ৰণালীবদ্ধ বর্ণনা দিয়া ৷ বা এটা চলি সঁজুলিৰ প্ৰণালীবদ্ধ বর্ণনা দিয়া । 

উত্তৰঃ ৰোকনীবোৰ আদি প্ৰত্ন প্রস্তৰ যুগৰ পৰা আৰম্ভ কৰি নৱ প্রস্তৰ যুগলৈকে ব্যৱহৃত হৈছিল । আদি প্ৰত্ন প্রস্তৰ যুগত ৰোকনীৰ ব্যৱহাৰ সাময়িক আৰু অস্থায়ী আছিল । গতিকে ইয়াৰ 

১৭। এখন ৰোকনীৰ প্ৰণালীবদ্ধ বর্ণনা দিয়া ৷ বা এটা চলি সঁজুলিৰ প্ৰণালীবদ্ধ বর্ণনা দিয়া

ব্যৱহাৰ মধ্য প্রত্ন – প্রস্তৰ যুগৰ পৰাহে ব্যাপকভাৱে ব্যৱহাৰ হ’বলৈ ধৰে।চিত্ৰত দেখুওৱা ৰোকনী খনৰ ঘূৰণীয়া আৰু আকৃতিত থাল সদৃশ চাৰিওফালে সমানে চলি এৰুৱাই ইয়াক তৈয়াৰ কৰা হয় ৷ এই সঁজুলিবিধ প্লিষ্টচিন ভূতাত্বিক যুগৰ । ইয়াক চিকুন কামেৰে তৈয়াৰ কৰা ধাৰযুক্ত মুখ এখন থাকে । ইয়াৰ ওপৰৰ পিঠিখনত অনেক সৰু বৰ চলিয়ন চিহ্নৰে আগুৰি থাকে । ইয়াক জীৱজত্তৰ ছাল এৰুৱাবলৈ মাংস কাটিবলৈ ব্যৱহাৰ কৰা হয় । প্রত্ন প্রস্তৰ যুগৰ চিকাৰজীৱী সকলে চিকাৰ কৰিবলৈ ৰোকনী ব্যৱহাৰ কৰিছিল ।

১৮ । নৱপ্ৰস্তৰীয় বিপ্লৱ বুলিকে কি বুজা ? নৱপ্ৰস্তৰ যুগত মানৱ সমাজত ঘটা পৰিবৰ্তন সমূহ কি কি ?

উত্তৰঃ খ্ৰীঃপূৰ্ব প্ৰায় ৭০০০ বছৰৰ আগতে মধ্যপ্রস্তৰ যুগ অস্ত পৰাৰ পিছত মানৱ ইতিহাসত এটা মূখ্য পৰিবৰ্তন ঘটে । গর্ডন চাইলেড মানৱ ইতিহাসত ঘটা এই পৰিবৰ্তনক নৱ প্ৰস্তৰীয় বিপ্লৱ বা মুখ্য আন্দোলন বুলি অভিহিত কৰে । নৱপ্ৰস্তৰ যুগৰ মানুহে খাদ্য উৎপাদন কৰি এটা বৈপ্লৱিক ( revolution ) পৰিবৰ্তন আনিলে । এই পৰিবৰ্তনীয় লক্ষণসমূহ হ’ল— 

( ক ) কৃষি আৰু পশুপালনৰ জৰিয়তে খাদ্য উৎপাদন । 

( খ ) ঘহি – পিহি – মিহি কৰা পদ্ধতিৰে শিলৰ সজুলি । 

( গ ) মৃৎপাল তৈয়াৰ কৰা প্ৰথা প্রচলন । 

( ঘ ) তাত – শিল্প আৰু হাঁহ বেতৰ সজুলি তৈয়াৰ কৰা কূটিৰ শিল্পৰ আৰম্ভ ৷ 

( ঙ ) স্থায়ী গাওঁপাতি বাস কৰা সমাজ আৰম্ভ ৷ 

( চ ) বিনিময় প্রথাৰ জৰিয়তে বেহাবেপাৰৰ সূত্রপাত । 

( ছ ) বৃহৎ শিলেৰে স্মৃতি স্তম্ভ নির্মাণ কৌশল আৰম্ভ ৷ 

( জ ) লিপিৰ প্ৰচলন । 

( ঝ ) সা – সম্পতিতি ওপৰত স্বত্বাধীকাৰ ইত্যাদি । 

১৯। শিলগুটি অস্ত্র কি ? এই আহিলাবোৰ কোন সংস্কৃতিৰ নিদর্শন ? চিত্র আকি দেখুওৱা ।

উত্তৰঃ এটা গোটা শিলগুটিৰ এমুৰে আন এটা শিলগুটিৰ খুন্দিয়াই চকলা নিৰ্গত কৰি সেই অংশটো সাধাৰণভাৱে ধাৰ কৰি লোৱা হয় । এই ধাৰযুক্ত মুখখনেৰে জন্তু চিকাৰ বা অইন কোনো কামত ব্যৱহাৰ কৰিছিল । এই চকলা নিৰ্গত কৰা কাৰ্য্যকৰী মূৰটোৰ বাহিৰে বাকী অংশটো স্বাভাৱিক প্রচ্ছদৰে ঢাক খাই পৰা । শিলগুটিৰ পৰা এনে সঁজুলি তৈয়াৰ কৰা বাবে ইয়াক শিলগুটি সঁজুলি বোলা হয় ।

১৯। শিলগুটি অস্ত্র কি ? এই আহিলাবোৰ কোন সংস্কৃতিৰ নিদর্শন ? চিত্র আকি দেখুওৱা

এইধৰণ শিলগুটি সঁজুলি পূৱ আফ্ৰিকাৰ অলডুৱান ভাৰতবৰ্ষৰ চোহান , চীনদেশৰ ছায়োচিয়ান আৰু ব্ৰহ্মদেশৰ আনিয়াযিয়ান সংস্কৃতিৰ নিদৰ্শন। 

২০। নবপ্রস্তৰ যুগৰ কেইটামান শিলৰ সঁজুলিৰ নাম লিখা আৰু সেইবোৰৰ নিৰ্মাণ কৌশল বৰ্ণনা কৰা ৷ 

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ কেইবিধমান শিলৰ সজুলি হল— 

( ক ) কাঠ 

( খ ) বাচুলা 

( গ ) বটালী 

( ঘ ) কাঁচ

( ঙ ) স্কন্ধযুক্ত কুঠাৰ 

( চ ) শিলৰ হাড় ইত্যাদি ।

এই প্রস্তৰ যুগৰ হাতিয়াৰসমূহ প্রধানত তিনিধৰণে তৈয়াৰ কৰা হৈছিল । 

( ক ) চলিয়ন কৌশল প্ৰয়োগ কৰি ।

( খ ) চলিয়া আৰু ঘৰ্ষণ কৌশলৰ প্ৰয়োগ । আৰু

( গ ) ঘহি – পিহি – মিহি কৰা কৌশল । 

অৱশ্যে ঘঁহি – পিহি – মিহি কৰা পদ্ধতিয়ে নৱপ্ৰস্তৰ যুগৰ বহুল প্রচলিত আৰু উন্নত পদ্ধতিৰ সঁজুলি নিৰ্মাণ কৌশল । 

( ক ) চলিয়ন কৌশলৰ প্ৰয়োগ :- নৱপ্ৰস্তৰ যুগৰ আদি অৱস্থাৰ হাতিয়াৰবোৰ প্ৰত্নপ্রস্তৰ যুগৰ নিচিনাকৈ চলিয়ন কৌশল প্রয়োগ কৰি তৈয়াৰ কৰা হৈছিল । এই হাতিয়াৰবোৰ দেখাত প্ৰত্নপ্রস্তৰ যুগৰ হস্তকুঠাৰৰ নিচিনা হলেও ইয়াৰ মূলগত পার্থক্য আছে । 

( খ ) চলিয়া আৰু ঘৰ্ষণ কৌশলৰ প্ৰয়োগ :- এই যুগতেই প্রথমে ঘর্ষণ কৌশলৰ দ্বাৰা হাতিয়াৰ নিৰ্মাণ কৰা দেখা যায় । চলিয়ন পদ্ধতিৰে চলি এৰুৱাই মোটামুটিকৈ হাতিয়াৰ আকৃতিত সজাই মৃদুভাৱে ঘৰ্ষণ শিলত ঘঁহি ঘঁহি হাতিয়াৰ কাৰ্য্যক্ষম কৰা হয় । এই শ্ৰেণীৰ হাতিয়াৰৰ ওপৰত ঘৰ্ষন কৌশল প্রয়োগৰ স্পষ্ট চিহ্ন দেখা যায় । 

( গ ) ঘহি – পিহি – মিহি কৰা কৌশলৰ প্ৰয়োগ :- এইটো নৱপ্ৰস্তৰ যুগৰ হাঁতিয়াৰ নিৰ্মাণৰ শেষ তথা তৃতীয় স্তৰ ৷ এই পদ্ধতিত হাঁতিয়াৰ পাট সম্পূৰ্ণৰূপে ঘৰ্ষণ শিলৰ ওপৰত ঘহি পিহি তৈয়াৰ কৰা হয় ৷ প্ৰয়োজন আৰু কাৰ্য্য অনুযায়ী কর্তন মুখ বিশেষভাৱে ঘঁহি ঘঁহি তৈয়াৰ কৰাও দেখা যায়। 

২১৷ কি কি বিষয়ত উচ্চ প্রত্ন প্রস্তৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ উদ্যোগবোৰতকৈ অধিক আগবঢ়া আছিল ? 

উত্তৰঃ গ্লিষ্টচিন ভূতাত্বিক যুগৰ শেষছোঁৱাত ইউৰোপত এটি নতুন সাংস্কৃতিক যুগ আৰম্ভ হয় । এই যুগটোক উচ্চ প্রত্ন প্রস্তৰ যুগ বোলা হয় । এই যুগৰ সঁজুলিবোৰ এনেধৰণৰ কাৰিকৰী বিশেষত্ব সম্পন্ন যে এইবোৰক নিম্ন বা সবী প্রত্ন প্রস্তৰ যুগৰ শিলৰ সজুলিবোৰৰ পৰা সহজে পৃথক কৰিব পাৰি । আনহাতে এই সংস্কৃতিৰ সৃষ্টিকর্তা প্রাগৈতিহাসিক মানুহ বিলাকো ইয়াৰ পূর্ববর্তী যুগৰ আদিম মানুহ বিলাকতকৈ বেলেগ । এই যুগৰ মানৱগোষ্ঠীক বৰ্তমান কালৰ মানৱৰ আদিপুৰুষ হিচাপে অভিহিত কৰা হয় । মুঠতে এই উচ্চ প্ৰত্ন প্রস্তৰ যুগটো নানা দিশৰ পৰা নিম্ন বা মধ্য প্রত্ন প্রস্তৰ যুগতকৈ অধিক আগবঢ়া ৷ এই যুগৰ প্ৰধান সাংস্কৃতিক বিশেষত্ব হ’ল— 

( ক ) শিলৰ সঁজুলি নিৰ্মাণৰ বাবে চাপ চলিয়ন কৌশল নামে এটি নতুন চলিয়ন পদ্ধতি প্রচলন । 

( খ ) মানৱ সমাজত সর্বপ্রথম চিত্ৰকলাৰ চিন্তাধাৰা প্ৰচলন । 

২২। প্ৰত্ন প্রস্তৰ যুগ আৰু নৱপ্ৰস্তৰযুগৰ প্ৰধান পার্থক্যসমূহ লিখা। 

উত্তৰঃ প্রত্ন প্ৰস্ত আৰু নৱপ্ৰস্ত যুগৰ মূল পার্থক্যসমূহ হ’ল— 

( ক ) ভূতাত্বিক প্ৰত্ন প্রস্তৰ যুগ প্লাইষ্ট’চিন যুগৰ সমসাময়িক আনহাতে নবপ্রস্তুৰ যুগ হ’ল ছিন যুগৰ অন্তৰ্গত । 

( খ ) জনসংখ্যা প্রত্ন প্রস্তৰ যুগত খুব কম আছিল আনহাতে নবপ্রস্তৰ যুগত জনসংখ্যা ক্রমাগত বৃদ্ধি হৈছিল । 

( গ ) বসবাস – প্ৰত্ন প্রস্তৰ যুগৰ মানুহে মুক্ত আকাশৰ তলত গুহাত আৰু প্ৰস্তৰ আবাসত বাস কৰিছিল আনহাতে নবপ্রস্তৰ যুগৰ মানুহে প্রাকৃতিক গুহা আৰু প্ৰস্তৰ আবাসত উপৰিও পূজা আৰু হৃদ নিবাসত বসবাস কৰিছিল । 

( ঘ ) অর্থনীতি – প্ৰত্ন প্রস্তৰ যুগৰ অৰ্থনীতি সংগ্ৰহ কৰি , চিকাৰ কৰি আৰু মাছ মাৰি জীৱন ধাৰণ কৰিছিল আনহাতে নবপ্রস্তুৰ যুগৰ অৰ্থনীতি উৎপাদন অর্থনীতি । কৃষি আৰু পশুপালনৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিছিল । 

( ঙ ) উদ্ভিদ – প্ৰত্ন প্রস্তৰ যুগত ঠাণ্ডা জলবায়ুৰ কাৰণে ডাঙৰ গছ গছনিৰ উৎপত্তি নহয় আনহাতে নবপ্রস্তৰ যুগত প্ৰচুৰ পৰিমাণে উৎপত্তি হয় । 

( চ ) সমূহীয়া জীৱন – প্ৰত্ন প্রস্তৰ যুগত দলগত সমাজৰ প্ৰচলন আছিল আনহাতে নব প্রস্তৰ যুগত স্বনিয়ন্ত্রিত সমূহীয়া সমাজ সংগঠন আৰু গাৱলীয়া জীৱনৰ আৰম্ভণি ৷ 

( ছ ) মূৰৰ আকৃতি – প্রত্ন প্রস্তৰ যুগৰ মানুহবিলাক সাধাৰণতে দীৰ্ঘমস্তকী আছিল । আনহাতে নব প্রস্তৰৰ যুগত দীৰ্ঘমস্তকী আৰু প্ৰশস্তমস্তকী প্ৰকাৰৰ লোকৰেই সমবেশ আছিল । 

( জ ) সা – সম্পত্তি প্রত্ন প্রস্তৰ যুগৰ মানুহৰ সম্পত্তিৰ ধাৰণা নাছিল । ইয়াৰ প্ৰতি উদাসীন আছিল । আনহাতে নবপ্রস্তৰ যুগৰ মানুহবোৰ সা – সম্পত্তি আৰু ধন অৰ্জনৰ প্ৰতি আগ্রহ আছিল । 

( ঝ ) প্রত্ন প্রস্তৰ যুগত ব্যৱসায় বাণিজ্য নাছিল আনহাতে নবপ্রস্তৰ যুগৰ বাণিজ্যৰ বিনিময়ৰ ব্যৱস্থা নাছিল ৷ 

( ঞ ) ধর্ম – প্রত্ন প্রস্তৰ যুগত ধৰ্ম সমাজ স্পষ্ট ধাৰণা নাছিল । আনহাতে নবপ্রস্তৰ যুগত জটিল ধর্মভাৱ গঢ়ি উঠিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top