Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব, HS 1st year Anthropology notes, প্রাগঐতিহাসিক নৃতত্ত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 2 প্রাগঐতিহাসিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

( গ ) ৰচনাধর্মী প্রশ্নোত্তৰ :

১ । প্রাথমিক চলিয়ন পদ্ধতি কি ? এনে চলিয়ন পদ্ধতি কোনকুৱা সঁজুলিত দেখা যায় ? 

উত্তৰঃ সঁজুলি নিমণি কৰিবলৈ ব্যৱহাৰ কৰা শিলাখণ্ডক এটা নিৰ্দিষ্ট জোখৰ শিলৰ হাতুৰীৰে শিলটুকুৰাৰ দুয়োপিঠিৰ মাজৰ পৰা দাঁতিলৈ খুন্দিয়াই খুন্দিয়াই কিছুমান চকলা এৰুৱা হয় । এইদৰে চকলা এৰুৱাই শিলাখণ্ড টুকুৰাক এটা নির্দিষ্ট আকৃতি দিয়া হয় । এইদৰে প্রথমে একৱা চকলা বোৰক প্ৰাথমিক বা প্ৰাৰম্ভিক চলি আৰু পদ্ধতিটোক প্রাথমিক চলিয়ান পদ্ধতি বুলি কোৱা হয় । স্থূল সঁজুলি যেনে হস্তকুঠাৰ ক্লিভাৰ , চপাৰ আদি সজুলি সমূহত প্রাথমিক চলি চিহ্ন দেখিবলৈ পোৱা যায় আৰু এই স্থূল সঁজুলি সমূহৰ পৰা চলি নিৰ্গত কৰিবলৈ প্ৰাথমিক চলিয়ন পদ্ধতি ব্যৱহাৰ কৰা হয় ৷ 

২। ক্ষুদ্রাকৃতি শিলৰ অস্ত্র কোন সংস্কৃতিক যুগৰ ? ইয়াৰ বিভিন্ন আকাৰবোৰ উল্লেখ কৰা ? 

উত্তৰঃ মধ্যপ্রস্তৰ যুগৰ বিভিন্ন সাংস্কৃতিক স্তৰৰ ক্ষুদ্রাকৃতিৰ শিলৰ অস্ত্র উদ্ধাৰ কৰা হৈছে আৰু এইবোৰুৰ প্ৰচলনৰ ব্যৱস্থা থকাৰ প্ৰমাণ পোৱা গৈছে । এইবোৰ আকৃতিত সৰু আৰু এইবোৰ মাছ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল ৷ 

আকৃতি আৰু নিৰ্মাণ কৌশল অনুসৰি ক্ষুদ্রাকৃতিৰ অস্ত্ৰ কেইবাটাও ভাগত ভগাব পাৰি । যেনে অর্ধচন্দ্রাকৃতি ( lunate or crescent ) ত্রিভূজাকৃতি ( triangle ) , চতুর্ভূজাকৃতি ( trapeze ) , ক্ষুদ্রাকায় ফলক ( micropoint ) আৰু ক্ষুদ্রাকায় খোদনাস্ত্র ( microburin ) । 

৩। চাপ চলিয়ন কৌশল কি ? এনেকুৱা কৌশলৰ বাবে কেনেকুৱা শিলৰ প্ৰয়োজন ? কোন সংস্কৃতি পৰ্য্যায়ত ত্রানে কৌশল প্রচলিত হয় ? 

উত্তৰঃ সাধাৰণতে মিহি , ধাৰাযুক্ত সৰু সৰু আটকধুনীয়া সঁজুলিবোৰ নিৰ্মাণ কৰিবলৈ চাপ চলিয়ন কৌশল ব্যৱহাৰ কৰা হয় । শিলৰ যাঠি , কাড় আদি তৈয়াৰ কৰিবলৈ এই পদ্ধতি প্ৰয়োগ কৰা হৈছিল । যি কোনো জোঙাল আহিলা সহায়ত চাপ বা হেচা দি অতি পাতল আৰু সূক্ষ্ম চলি উঠোরা হয় ইয়াকে চাপ চলিয়ণ কৌশল বোলা হয় । 

এনেকুৱা কৌশলৰ বাবে ফ্লিন্ট , অৱছিজিয়ান কেলদি , ডলি ৰাইট আদি চনকা শিলবোৰ এই কামৰ কাৰণে উপযুক্ত ৷ নিমাণ সঁজুলিৰ কাৰণে শিলৰ বাহিৰেও টান কাঠ , হাতীৰ হাড় , সক সক জন্তুৰ দাঁত আদিও ব্যৱহৃত হৈছিল । 

চাপ চলিয়ন কৌশল উচ্চ প্রত্ন প্রস্তৰ যুগৰ চলুট্রিয়ান সাংস্কৃতিৰ সময়ৰ পৰা প্ৰচলিত হয় । ইজিপ্তৰ নৱপ্ৰস্তৰ যুগৰ সময়ত এই পদ্ধতিৰে নানা তৰহৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰা হৈছিল ৷ চাপ চলিয়ণ কৌশল উচ্চ প্রত্ন প্রস্তৰ যুগৰ চলুট্ৰিয়ান সংস্কৃতিৰ সময়ৰ পৰা প্ৰচলিত হয় । ইজিপ্তৰ নৱপ্ৰস্তুৰ যুগৰ সময়ত এই পদ্ধতিৰে নানা তৰহৰ শিলৰ অস্ত্ৰ তৈয়াৰ কৰা হৈছে ।

Sl. No.Contents
Chapter 1আবয়বিক নৃতত্ব
Chapter 2প্রাগঐতিহাসিক নৃতত্ত্ব
Chapter 3বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Chapter 4(ক) সামাজিক নৃতৃত্ব
Chapter 4(খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব
Chapter 5পৰিস্থিতি বিজ্ঞান

৪। খোদনাস্ত্ৰ বোৰ কোন সাংস্কৃতিক যুগৰ ? কি কি বিভিন্ন প্ৰকাৰৰ খোদনাস্ত্ৰ পোৱা গৈছিল উল্লেখ কৰা ?

উত্তৰঃ উচ্চ প্রত্ন প্রস্তৰ যুগৰ আৰম্ভ হোৱাৰ লগে লগে ৰোকনী , জোঙাল অস্ত্ৰ আদিৰ ব্যৱহাৰ কিছু পৰিমানে কমি আহিলে আৰু তাৰ ঠাই ল’লে আন এবিধ সঁজুলি খোদনাস্ত্রই । এই খোদনাস্ত্ৰবোৰ শিলৰ পৰা একে বিশেষ কাৰু কাৰ্য্যৰ দ্বাৰা তৈয়াৰ কৰা হয় । 

আকৃতি আৰু নিৰ্মাণ কৌশল অনুসৰি খোদনাস্ত্ৰ বিলাকৰ কেইবাটাও শ্রেণীত বিভক্ত কৰা হৈছে । যেনে সাধাৰণ খোদনাস্ত্র ( Ordinary graver ) , কৌশিক খোদনাস্ত্র ( Angle graver ) , বহুমুখী খোদনাস্ত্র (Polyhydric graver ) আৰু চৰাইঠুটীয়া খোদনাস্ত্র ইত্যাদি ৷ 

৫। প্রস্তৰ যুগৰ সময়ৰ মানুহে সঁজুলি নিৰ্মাণ কৰিবলৈ কেনেকুৱা শিল ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ প্ৰস্তৰ যুগত মানুহে ধাতুৰ ব্যৱহাৰ নাজানিছিল । তেওঁলোকে হাতিয়াৰ তৈয়াৰ কৰিবৰ কাৰণে প্ৰস্তৰ ব্যৱহাৰ কৰিছিল ৷ প্ৰথমে পৰিবেশত পোৱা প্ৰস্তৰৰে তেওঁলোকে জন্তু চিকাৰ কৰিছিল এইদৰে শিলৰ পৰা সঁজুলি নিৰ্মাণ কৰোতে তেওঁলোকে বুজি পালে যে যি কোনো ধৰণৰ শিলৰ পৰা সঁজুলি তৈয়াৰ কৰিব নোৱাৰি । উক্ত কাৰণতে তেওঁলোকে সঁজুলি নির্মাণ কৰিবলৈ কিছুমান বিশেষ শিল বাচি ল’লে । এই শিলবোৰৰ আন শিলতকৈ চলিয়ন পদ্ধতিৰ বাবে উপযোগী ৷ তেওঁলোকে সাধাৰণতে মিহি দানাযুক্ত সমাংগিক শিলবোৰকহে হাতিয়াৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছিল । তাৰ ভিতৰত ছিলিৰছিয়াছ জাতীয় শিল যেনে ফ্লিন্ট শ্বার্ট , অবছিদিয়ান , জেছপাৰ , কেলছেনি আদিয়েই প্রদান । 

৬। নৱ প্ৰস্তৰ যুগৰ কেইবিধ মান সঁজুলিৰ নাম উল্লেখ কৰা আৰু এই সঁজুলিবোৰৰ নির্মাণ কৌশল উল্লেখ কৰা ? 

উত্তৰঃ নৱপ্ৰস্তৰ যুগত ছেল্টৰ ব্যৱহাৰ হৈছিল । ব্যৱহাৰিক দিশৰ ওপৰৰ ভিত্তি কৰি নৱপ্ৰস্তৰ সঁজুলিবোৰক তলত দিয়া ধৰণে নামাকৰণ কৰা হৈছে । সেইবোৰ হ’ল – কুঠাৰ ( Axe ) , বাচলা ( Adze ) , বটালী ( Chisel ) , খস্তি ( Hoe ) , শিলৰ কাচি ( Stone Sickle ) , শিলৰ যাঠি ( Stone spear head ) , শিলৰ কাঁড় ( Stone arrow – head ) ইত্যাদি । এই সঁজুলিবোৰ চলিয়ণ পদ্ধতি চলিয়ন আৰু ঘৰ্ষণ পদ্ধতি আৰু ঘহি পিহি মিহি কৰা পদ্ধদি প্ৰয়োগ কৰি তৈায়ৰ কৰা হয় । 

৭। প্রত্ন প্রস্তৰ যুগক কেইটা ভাগত ভাগ কৰা হৈছে। প্রত্যেক ভাগৰে অন্তৰ্গত সঁজুলি সমূহৰ নাম লিখা ।

উত্তৰঃ প্রত্ন প্রস্তৰ যুগক তিনিটা ভাগত ভাগ কৰা হৈছে । 

ভাগ কেইটা হ’ল– 

( ক ) আদি প্ৰত্ন প্রস্তৰ যুগ ।

( খ ) মধ্য প্রত্ন প্রস্তৰ যুগ । আৰু

( গ ) উচ্চ প্ৰত্ন প্রস্তৰ যুগ । 

আদি প্ৰত্ন প্রস্তৰ যুগৰ সঁজুলি সমূহ হ’ল– 

( ক ) শিলগুটিৰ অস্ত্ৰ ।

( খ ) হস্তকুঠাৰ । আৰু

( গ ) বহল মুখৰ হস্তকুঠাৰ বা ক্লিভাৰ । 

মধ্য প্ৰত্ন প্রস্তৰ যুগৰ সঁজুলি সমূহ হ’ল– 

( ক ) বিভিন্ন প্ৰকাৰ ৰোকনী ।

( খ ) মুছটেৰিয়ান জোং । 

উচ্চ প্ৰত্ন প্রস্তৰ যুগৰ সঁজুলিবোৰ হ’ল – 

( ক ) ফলক চুৰি ।

( খ ) শিলৰ ভোঁহৰ আৰু বিন্ধনা । আৰু

( গ ) খোদনাস্ত্র ৷ 

৮ । কোন সংস্কৃতিক যুগত সঁজুলিত নাল লগোৱা পদ্ধতি প্রচলিত হয় । বিভিন্ন নাল লগোৱা পদ্ধতি সমূহ উল্লেখ কৰা ৷ 

উত্তৰঃ নৱপ্ৰস্তৰ যুগত কুঠাৰ , বাচলা আদি নানা প্রকাৰে নালত সালি ব্যৱহাৰ কৰিছিল । চুইজাৰলেণ্ডৰ হ্ৰদ নিবাস বোৰৰ ধ্বংসাৱশেষবোৰৰ মাজত নালৰ সৈতে কিছুমান সঁজুলি উদ্ধাৰ হৈছে । 

সঁজুলিত নাল লগোৱা বিভিন্ন পদ্ধতি সমূহ হ’ল- 

( ক ) পেটি লগোৱা পদ্ধতি ( Belted haft ) ।

( খ ) আচুভিৰীয়া নাল ( Knee Haft ) ।

( গ ) ছিদ্রিত প্রথা ( Socketed method ) , মোহানা পদ্ধতি (Sleeve method ) । 

৯। এখন হস্তুকুঠাৰৰ প্ৰণালীবোৰ বৰ্ণনা লিখা ৷ বা হস্তকুঠাৰ বা কুদাপু মানে কি ? চিত্ৰৰ সহায়ত ইয়াৰ ব্যৱহাৰিক দিশসমূহ লিখা । 

উত্তৰঃ হস্তকুঠাৰ হৈছে এবিধ স্থূল সঁজুলি । আদি প্রত্ন প্রস্তৰ যুগৰ বিভিন্ন সাংস্কৃতিক স্তৰত বহুতো হস্তকুঠাৰ উদ্ধাৰ হৈছে । হস্তকুঠাৰক ইংৰাজীত হেণ্ড এক্স আৰু ফৰাছী ভাষাত কুদাপু বুলি কোৱা হয় ( loup – de – poing ) হস্তকুঠাৰেই হৈছে আদিম তম স্থূল সঁজুলি । ইয়াৰ প্ৰধান বিশেষত্ব হ’ল এই যে মূল শিলাকণ্ডৰ দুয়ো পিঠিৰ পৰা হাতুৰী কৌশল প্রয়োগ কৰি চলি নিৰ্গত কৰা হয় । দুয়ো পিঠিতে নির্মাণ কৌশল সমানে প্রয়োগ কৰাৰ বাবে ইয়াক দুমুখীয়া অস্ত্র বোলা হয় । আকৃতি আৰু গুণৰ ওপৰত ভিত্তি কৰি হস্তকুঠাৰক কেইবাটাও ভাগত ভাগ কৰা হৈছে ।

তলত এখন নাচপতি আকৃতিৰ হস্তকুটাৰৰ বৰ্ণনা দিয়া হ’ল— 

৯। এখন হস্তুকুঠাৰৰ প্ৰণালীবোৰ বৰ্ণনা লিখা ৷ বা হস্তকুঠাৰ বা কুদাপু মানে কি ? চিত্ৰৰ সহায়ত ইয়াৰ ব্যৱহাৰিক দিশসমূহ লিখা । 

এই প্ৰকাৰৰ হস্তকুঠাৰৰ পশ্চাৎ ভাগটো শকত আৰু গধুৰ আৰু আগফালটো ক্রমান্বয়ে জোঙা আৰু কৰ্তনমূখ ঘূৰণীয়া হয় । ইয়াৰ আকৃতি নাচপতি আকাৰৰ হোৱাৰ কাৰণে ইয়াক নাচপতি আকৃতিৰ হস্তকুঠাৰ বোলা হয় । এই হতিয়াৰ বিধৰ পৰা হাতুৰীৰে প্ৰাথমিক চলি নিৰ্গত কৰাৰ ওপৰৰিও কিছু কিছু ঠাইত চিকুণ চলিয়ণ চিহ্নও দেখিবলৈ পোৱা যায় । পশ্চাৎ মূৰটোৰ কিছু অংশত মূখ্য পৃষ্ঠ বা প্রাথমিক পৃষ্ঠ দেখিবলৈ পোৱা যায় । এই সঁজুলি হৈছে প্লিষ্ট’’চিন ভূতাত্ত্বিক যুগৰ । ইয়াক সাধাৰণতে সকলো কাৰ্য্যৰ সম্পাদনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।হাবিৰ পৰা আলু – কচু , ফল – মূল আৰু অন্যান্য আহাৰ সংগ্ৰহ কৰিবলৈ গাঁত খান্দিবলৈ মাংস টুকুৰা টুকুৰা কৰিবলৈ ফান্দ পাতি জন্তু চিকাৰ কৰিবলৈ জন্তুৰ ছাল আৰু হাড়ৰ পৰা মাংস গুচোৱা আদি বিভিন্ন কামৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় । 

১০। ৰোকনী কাক বোলে ? ইয়াৰ ভাগসমুহ কি কি ? কোন সাংস্কৃতিৰ সময়ৰ পৰা ইয়াৰ প্রচলন হয় ? 

উত্তৰঃ ৰোকনী হৈছে এবিধ স্থুল সজুলি । এই ৰোকনীজাতিয় সজুলি সাধাৰণ চলিয়ণ বা ফলক চলিয়াণৰ পৰা তৈয়াৰ কৰা হয় । ৰোকনী জাতীয় শিলৰ অস্ত্ৰৰ প্ৰধান বিশেষত্ব হ’ল ইয়াৰ চিকুন কামেৰে তৈয়াৰ কৰা ধাৰযুক্ত মুখ এখন থাকে । ইয়াৰ ওপৰৰ পিঠিখন অনেক সৰু – ডাঙৰ চলিয়ন চিহ্নৰে আগুৰি থাকে । তলপিঠিখন মিহি আৰু সমান কেতিয়াবা ধনুতিৰীয়া হয় ৷ ৰোকনী জাতীয় সঁজুলি ব্যৱহাৰিক ধাৰাযুক্ত মুখখন আকৃতি আৰু গঠন অনুসাৰে কেইবাটাও ভাগত ভাগ কৰা হৈছে । এই ভাগ সমূহ হ’ল যথাক্রমে

( ক ) কাষৰীয়া বা এমুখীয়া ৰোকনী ( Side scraper ) 

( খ ) এমুবীয়া ৰোকনী ( Core scraper ) 

( গ ) স্থূল ৰোকনী ( Core scraper ) 

( ঘ ) গোলাকাৰ ৰোকনী ( Round scraper ) 

( ঙ ) নাসিকাসদৃশ ৰোকনী ( Nose scraper ) 

( চ ) অবতল ৰোকনী ( Concave scraper ) 

( ছ ) উত্তল ৰোকনী ( Convex scraper ) 

১১। হস্তকুঠাৰৰ বিভিন্ন আকাৰ অনুযায়ী ভাগ কৰা ? 

উত্তৰঃ আকাৰ আৰু গঠন অনুযায়ী হস্তুকুঠাৰবোৰক কেইবাটাও ভাগত ভাগ কৰা হৈছে । এইবোৰ তলত বৰ্ণনা কৰা হ’ল— 

( ক ) নাচপতি আকৃতিৰ ( Piriform ) :- এইবিধ কুঠাৰৰ আকৃতি নাচপতিৰ দৰে হোৱা বাবে ইয়াক নাচপতি আকৃতিৰ হস্তকুঠাৰ বোলে । এইবিধ কুঠাৰৰ পশ্চাৎ ভাগটো ( butt – end ) বৰ শকত আৰু ডাঠ । আগ ফালটো ক্রমান্বয়ে জোঙা । 

( খ ) ডিম্বাকৃতিৰ হস্তকুঠাৰ ( Ovate type hand axe ) :- ইয়াৰ আকৃতি হাঁহকনীৰ নিচিনা । কিন্তু চেপেটা আৰু পাতল ৷ কাৰিকৰী দিশৰ পৰা ই এবিধ উন্নত প্ৰকাৰৰ হস্তকুঠাৰ । চলি চিহ্নবোৰৰ দীঘল , সৰু , পাৰিপাটি আৰু তৰাং । 

( গ ) বহল মুখৰ হস্তকুঠাৰ ( Cleaver ) :- এইবিদ কুঠাৰৰ মুখখন বহল , চাৰিকোণীয়া আৰু ধাৰযুক্ত ( sharp ) । দক্ষিণ আফ্রিকা , চাহাৰা অঞ্চল আৰু ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ প্ৰচুৰ । 

( ঘ ) হ্রদপিণ্ডসকাৰ হস্তকুঠাৰ ( Cordiform hand axe ) :- এইবিধ হস্তকুঠাৰ আকাৰত হ্ৰদপিণ্ডৰ নিছিনা । ই দেখাত হাঁহ কণীটোৰ নিচিনা , কিন্তু আকাৰত সৰু আৰু ডাঠ । এইবিধ হস্তকুঠাৰ মুছটেৰিয়ান কৃষ্টিৰ সময়ৰ পৰা প্ৰচলন হোৱাৰ প্ৰমাণ পোৱা যায় ৷ 

( ঙ ) মিক’কিয়ান হস্তকুঠাৰ :- এইবিধ হস্তকুঠাৰ আদি প্ৰত্ন প্রস্তৰ যুগৰ শেষৰ পিনে হৈছিল বুলি জনা যায় । এইবিধ হস্তকুঠাৰ সাধাৰণতে দীঘল , আগফালটো ঠেক আৰু অতি জোঙা পশ্চাৎ ফালটো শকত । 

( চ ) জোঙাল অস্ত্র :- এই জোঙাল অস্ত্ৰবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে । যেনে— 

( ক ) সাধাৰণ জোঙাল অস্ত্ৰ ( Simple point ) আৰু 

( খ ) স্কন্ধ বা নাহিযুক্ত জোঙাল অস্ত্র ( Tanged paint ) নাহিযুক্ত জোঙাল অস্ত্রক আকৌ দুভাগত ভগাব পাৰি । যেনে— 

( ক ) একক স্কন্ধযুক্ত জোঙাল অস্ত্র ( Single shouldered point ) আৰু 

( খ ) দ্বিস্কন্ধযুক্ত জোঙাল অস্ত্র ( Double shouldered point ) 

ৰোকনী ( Point ) :- আকৃতি আৰু প্ৰকৃতি অনুসৰি ৰোকণীক সাতটো ভাগত ভাগ কৰা হৈছে । যেনে – 

১। এমুখীয়া ৰোকনী ( Side scraper ) 

২। এমুৰীয়া ৰোকনী ( End scraper ) ।

৩। স্থল ৰোকনী ( Core scraper ) 

৪। গোলাকাৰ ৰোকনী ( Round scraper ) 

৫। নীসিকা সদৃশ্য ৰোকনী ( Nose scraper ) 

৬। অবতল ৰোকনী ( Concane scraper ) আৰু 

৭। উত্তল ৰোকনী ( Conveyor scraper ) 

বিন্ধনা ( Borer ) বা ভোঁহৰ ( Awl ) :- ভোহঁৰবোৰ সাধাৰণতে লম্বা আৰু পাতল হয় । ইয়াৰ কাৰ্য্যক্ষম মুখখন জোঙা । কাঠ , হাড়ৰ সজুলি আদি ফুটা কৰিবলৈ বিভিন্ন আকৃতিৰ বিন্ধনা পোৱা যায় । 

১২৷ উচ্চ প্ৰত্ন প্রস্তৰ যুগক কিয় সোনালী যুগ বুলি কোৱা হয় ? 

উত্তৰঃ উচ্চ প্রত্ন প্রস্তৰ যুগত কাৰিকৰী দ্যিাৰ ফলৰ পৰা সজুলিবোৰ অতি উন্নত স্তৰত উপনিত হৈছিল । শিলৰ সজুলিৰ উপৰিও এই যুগত জন্তুৰ হাড় , শিং , হাতীৰ দাঁত আদিৰ পৰা চমক প্ৰদ হাতিয়াৰ তৈয়াৰ হৈছিল । ইয়াৰ উপৰিও হাড় , শামোকৰ খোল আদিৰে নির্মিত আ অলংকাৰ , চাৰুকলা শুহাকলা ভাস্কৰ্য্য ইত্যাদিৰ নিদৰ্শন পোৱা যায় । এই যুগৰ প্ৰস্তৰ নিৰ্মিত আতাইবোৰ হাতিয়াৰেই ঠেক , সামান্তৰাল দাতিযুক্ত ফলকৰ পৰা তৈয়াৰী । এই যুগৰ উল্লেখযোগ্য হতিয়াৰৰ ভিতৰত ফলক সজুলি ( blade ) এমুৰীয়া ৰোকনী ( end scraper ) , ঘোদনাস্ত্র ( burin ) আদিয়েই প্রধান । ইয়াৰ উপৰিও বহল পাতল দুমুখীয়া জোং , কটাৰী আদিও আছে । সেই কাৰণে এই যুগটোক সোণলী যুগ বোলা হয় । 

১৩৷ উচ্চ প্ৰত্ন প্রস্তৰ যুগৰ সংস্কৃতিৰ বিশেষত্ব সমুহ কি ? 

উত্তৰঃ উচ্চপ্ৰত্ন প্রস্তৰ যুগৰ সংস্কৃতিৰ বিশেষত্ব সমুহ হ’ল— 

( ক ) হম চেপিয়েন্স মানৱৰ আৱিৰ্ভাৱ । 

( খ ) উচ্চপ্ৰত্ন প্রস্তৰ যুগটো শীত প্রধানে তুষাৰ যুগীয় আছিল । 

( গ ) বল্গা হৰিণৰ সংখ্যা বাঢ়িছিল বাবে জৈৱিক প্রধান্যৰ ফালৰ পৰা এই যুগটোক বল্গা হৰিণ যুগ বোলা হয় ৷ 

( ঘ ) ফলক জাতীয় সঁজুলিৰ প্রচলণ ৷ লগতে ৰোকনী আৰু খোদনাস্ত্ৰৰ (graver ) প্রচলণ বৃদ্ধি। 

( ঙ ) হাড় , শিং , হাতীৰ দাঁত আদিৰ সা সজুলি নিমাণ । 

( চ ) সৰ্বপ্ৰথম চিত্ৰকলাৰ প্ৰৱৰ্তন ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top