Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব

Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব, HS 1st year Anthropology notes, আবয়বিক নৃতত্ব class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব Notes for All Subject, You can practice these here.

১৪/ চবু প্ৰজাতিয় নিকষ হিচাপে আলোচনা কৰা ?

উত্তৰ :- চকু :- প্ৰজাতি শ্ৰেণীকৰণত চকু বা নেএৰ ভূমিকা উল্লেখযোগ্য। নেএৰ বিশেষকৈ নেএবৰ্ণ, নেএবিবৰ আৰু নেএচ্ছেদ ভাঁজ – এই তিনিটা বৈশিষ্ট্যলৈ প্ৰজাতি শ্ৰেণীকৰণৰ গুৰুত্ব দিয়া হয়।

নেএবৰ্ণ :- চকুৰ মণিৰ ৰঙকে নেএবৰ্ণ বুলি কোৱা হয়। নেএবৰ্ণ অৰ্থাৎ সণিবলয়ৰ ৰং বিভিন্ন হ’ব পাৰে যেনে – ক’লা, গাঢ় পিংগল, পিংগল, পাতল  পিংগল, নীলাভ পিংগল, হৰিৎ পিংগল, ধুসৰ পিংগল, নীলা ইত্যাদি। সাধাৰণতে মংগোলীয় আৰু নিগ্ৰ ‘সকলৰ চকুৰ ৰং ক’লা বা গাঢ় পিংগল।

নেএবিবৰ :- চকুৰ অন্ত:কোণৰ পৰা বহি:কোণলৈ গোটেই অংশকে নেএবিবৰ বোলা হয়। এই বিবৰ বহল, মধ্যমীয়া বা ঠেক হ’ব পাৰে। কেতিয়াবা চকুৰ বহি:কোণৰ অন্ত:কোণতকৈ উৰ্ধত থাকি চকুৰ আকৃতি হেলনীয়া হোৱাও দেখা যায়। সাধাৰণতে মংগোলীয় সকলৰ মাজত হেলনীয়া চকু আৰু ক’কেচীয় নিগ্ৰসকলৰ মাজত পোন নেএবিবৰ চকু লক্ষ্য কৰা যায়।

নেএচ্ছেদ ভাঁজ :- যেতিয়া চকুৰ ভধব পল্লৱৰ পৰা এডোখৰ ওলমি আহি চকুৰ বহি:কোণৰ পৰা অন্ত:কোনলৈ সম্পূৰ্ণভাবে বা আংশিকভাৱে ঢাকি ৰাখে তাকেই নেএচ্ছেদ ভাঁজ বোলে।

প্ৰধানত :- নেএচ্ছেদ ভাঁজ চাৰি প্ৰকাৰৰ। যেনে –

(ক) প্ৰথম প্ৰকাৰত :- উধবগুন এপল্লৱে অন্ত:কোণৰ পৰা বহি : কোণলৈ সম্পূৰ্ণৰূপে ৰাখে। ইয়াক সম্পূৰ্ণ মংগোলীয় নেএচ্ছেদ ভাঁজ বোলে।

(খ) দ্বিতীয় প্ৰকাৰত :- উধব নেএপল্লবৰ ওলমা অংশই অন্ত : কোণহে ঢাকি ৰাখে। ইয়াক এপিকনথিক বা মংগোলীয় নেএচ্ছেদ ভাঁজ বোলে।

(গ) তৃতীয় প্ৰকাৰত :- উধব নেএপল্লবৰ ওলমা অংশই বহি : কোণহে ঢাকি ৰাখে।

(ঘ) চতুৰ্থ প্ৰকাৰত :- উধব নেএপল্লবৰ মাজভাগ ওলমি আহি চকুৰ মাজভাগহে ঢাকি ৰাখে। ইয়াক মধ্যগ বা আচ্ছাদন নেএচ্ছেদ ভাঁজ বোলা হয়।

১৫/ মুখ্য প্ৰজাতি কেইটা ? ক’কেচীয় প্ৰজাতিৰ আবয়বিক বৈশিষ্টসমূহ লিখা।

উত্তৰ :- মুখ্য প্ৰজাতি তিনিটা।সেইকেইটা হ’ল – 

(ক) ককেচিয়া।

(খ) মংগোলীয়।

(গ) নিগ্ৰ প্ৰজাতি।

ককেচীয় প্ৰজাতিৰ আবয়বিক বৈশিষ্টসমূহ হ’ল –

(ক) কেশ বা চুলি :- কেশবৰ্ণ ঈষ্য স্বৰ্ণৰ পৰা গাঢ় পিংগল। কেশবিন্যাস মসৃণৰ পৰা মধ্যমীয়া। কেশকৃতি ঋজুকেশৰ পৰা তৰংগামিত। শৰীৰত নোমৰ পৰিমাণ মধ্যমীয়াৰ পৰা ঘণ।

(খ) চৰ্মবৰ্ণ :- শেতা ৰক্তাভ শ্বেতৰ পৰা জলপাই পিংগল, কিছু গাঢ় পিংগল।

(গ) নেএ বা চকু :- নেএবৰ্ণ পাতল নীলাৰ পৰা গাঢ় পিংগল।

(ঘ) মওক আকৃতি :- মস্তক দীৰ্ঘসস্তকীৰ পৰা প্ৰশম মস্তকী। মস্তকৰে উচ্চতা মধ্যমীয়াৰ পৰা অতি উচ্চ।

(ঙ) মুখমণ্ডল :- মুখমণ্ডল ঠেকৰ পৰা মধ্যমীয়া প্ৰশস্ত। মুখমণ্ডলীয় প্ৰক্ষিপ্ততা নাই।

(চ) নাসিকা :- নাক দীৰ্ঘৰ পৰা মধ্যনাসিকী। নাসিকাদন্ত সাধাৰণাত ভন্নত।

(ছ) দৈহিক উচ্চতা :- শৰীৰ মধ্যকায়ৰ পৰা উচ্চৰায়।

১৬/ মংগোলীয় প্ৰজাতিৰ আবয়বিক বৈশিষ্ট লিখা।

উত্তৰ : মংগোলীয় প্ৰজাতিৰ আবয়বিক বৈশিষ্ট :

(ক) চৰ্মবৰ্ণ :- পীতবৰ্ণৰ পৰা পীত পিংগল। কিছু ৰক্তাভ – পিংগল।

(খ) কেশ বা চুলি :- কেশবৰন পিংগলৰ পৰা পিংগল কৃত। কেশবিন্যাস খহটা আৰু অসসূণ। আকৃতি ঋজু বা পোন। শৰীৰত নোমৰ পৰিমাণ কম।

(গ) নেএ বা চকু :- নেএবৰ্ণ পিংগলৰ পৰা গাঢ় পিংগল। নেএচ্ছেদ ভাঁজ প্ৰায়েই দেখা যায়।

(ঘ) মস্তক আকৃতি :- প্ৰশস্তকীৰ সংখ্যাই অধিক। মস্তক উচ্চ সাধাৰণতে মধ্যমীয়া।

(ঙ) মুখমণ্ডল :- মুখমণ্ডল প্ৰশস্তৰ পৰা অতি প্ৰশস্ত। কপলোসি উন্নত আৰু চেপেটা।

(চ) নাসিক :- নাক মধ্যনাসিকীৰ পৰা প্ৰশস্তনাসিকী। নাসিকাদও সাধাৰণতে নিম্নৰ পৰা মধ্যমীয়া।

(ছ) দৈহিক উচ্চতা :- শৰীৰ মধ্যকায়ৰ পৰা খৰ্বকায়।

১৭/ নিগ্ৰ প্ৰজাতি আবয়বিক বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ :- নিগ্ৰ প্ৰজাতি আবয়বিক বৈশিষ্ট্যসমূহ হ’ল- 

(ক) চৰ্মবৰ্ণ :- দেহৰ ছালৰ বৰণ পিংগলৰ পৰা পিংগলৰ কৃঋ। কিছুমান পীত পিংগল।

(খ) কেশ বা চুলি :- কেশবৰ্ণ সাধাৰণতে পিংগল কৃশ। কোষবিন্যাস খহটা বা অমমৃণ। কেশৰ আকৃতি বক্ৰৰ পৰা কুঞ্চিৎ বা উলসদৃশ। শৰীৰত নোমৰ পৰিমাণ কম।

(গ) নেএ বা চকু :- নেএবৰ্ণ পিংগলৰ পৰা পিংগল কৃষ্ণ। কেতিয়াবা একপ্ৰকাৰ নেএচ্ছেদ ভাঁজ প্ৰায়েই দেখা যায়।

(ঘ) মস্তক আকৃতি :- দীৰ্ঘমস্তকীৰ সংখ্যাই অধিক। মস্তক উচ্চতা নিম্নৰ পৰা মধ্যমীয়া।

(ঙ) মুখমণ্ডল :- মুখমণ্ডল মধ্যমীয়া প্ৰশস্তৰ পৰা ঠেক। মুখমণ্ডল প্ৰক্ষিপ্ততা প্ৰায়ে দেখা যায়।

(চ) নাসিকা :- নাক মধ্য প্ৰশস্তনাসিকীৰ পৰা অতি প্ৰশস্তনাসিকী। নাসিকাদন্ত সাধাৰণতে নিম্ন।

(ছ) দৈহিক উচ্চতা :- শৰীৰৰ উচ্চতা উচ্চকায়ৰ পৰা অতি থৰ্বকায়।

১৮/ নিগ্ৰ প্ৰজাতিৰ উপভাগসমূহ উল্লেখ কৰি ভৌগোলিক বিস্তৰ সম্পৰ্কে লিখা।

উত্তৰ :- নিগ্ৰপ্ৰজাতিক মুখ্যত : দুটা প্ৰধান উপ প্ৰজাতিত বিভক্ত কৰিব পাৰি।যেনে – 

(ক) আফ্ৰিকাৰ নিগ্ৰ’।আৰু 

(খ) ওছেনীয়াৰ নিগ্ৰ’।

(ক) আফ্ৰিকাৰ নিগ্ৰ :- এওঁলোকক আকৌ পাঁচটা উপভাগত ভাগ কৰি দেখুওৱা হৈছে। যেনে – 

(a) প্ৰকৃত নিগ্ৰ।

(b) নাইলটিক নিগ্ৰ বা নাইলট।

(c) বান্টু বা বান্টুভাষী নিগ্ৰ।

(d)‌ বুছমেন হাটেনটট । আৰু 

(e) নেগ্ৰিল’

(a) প্ৰকৃত নিগ্ৰ :- এওঁলোক পশ্চিম আফ্ৰিকা আৰু গিনি উপকুলৰ বাসিন্দা।

(b) নাইলটিক নিগ্ৰ বা নাইলট :- নীল উপত্যকাৰ উজনি অঞ্চল আৰু পুব চুডানত এই প্ৰকাৰ নিগ্ৰ বাস কৰা দেখা যায়।

(c) বান্টু বা বান্টুভাষী নিগ্ৰ :- এওঁলোক সাধাৰণতে মধ্য আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাত বাস কৰা বান্টু ভাষা – ভাষী বিভিন্ন জনগোষ্টী।

(d) বুছমেন হাটেনটট :- বুছমেনসকল এসময়ত দক্ষিণ আফ্ৰিকাৰ বিভিন্ন অঞ্চলৰ বাসিন্দা আছিল যদিও এতিয়া তেওঁলোকৰ বিস্তৃতি কালাহাৰী মৰুভূমিতে সীমাবদ্ধ। আন হাতে হাটনটটসকলে দক্ষিণ পশ্চিম আফ্ৰিকাৰে বাসিন্দা।

(e) নেগ্ৰিল :- এওঁলোক আফ্ৰিকাৰ পিগমি হিচাপেও জনাজাত। কংগোৰ বিষুৱীয় অঞ্চলত বাস কৰা আক্কা, বাটোৱা, বাসবুটি আদি জনগোষ্টীসমূহ নেগ্ৰিলৰ অন্তৰ্গত।

(খ) ওছেনীয় নিগ্ৰ :- এওঁলোকক দুটাভাগত ভগোৱা হয়। যেনে – 

(a) নেগ্ৰিট’। আৰু 

(b) মেলানেছীয় আৰু পাপুৱান।

(a) নেগ্ৰিট :- আন্দামানী, এটা, ছেমাং আৰু টেপিৰসকল এই উপভাগৰ অন্তৰ্গত। আ-ন্দামানী সকল আন্দামান দ্বীপপুঞ্জত বাস কৰে। ছেমাংসকল মালয় উপদ্বীপ মধ্যাঞ্চল আৰু পূব সুমাত্ৰা অঞ্চলত বাস কৰা দেখা যায়। এটা সকলৰ বসতি আছিল ফিলিপাইন আৰু টেপিৰসকলৰ বসতি আছিল নিউগিনি।

(b) মেলানেছীয় আৰু পাপুৱান :- নিউগিনিৰ উপকূল অঞ্চল, ফিজি, এডমিৰালিটি, নিউকেলউনিয়া আদি দ্বীপসমূহত মেলানেছীয়াসকলৰ বিস্তাৰ দেখা যায়।আনহাতে পাপুৱান সকলক নিউগিনি আৰু মেলা নেছীয়াৰ দ্বীপবোৰত দেখা যায়।

১৯/ অষ্ট্ৰেলয়ডসকল কোন প্ৰজাতিৰ অন্তৰ্গত। এওঁলোকৰ আবয়বিক বৈশিষ্ট লিখি বিভিন্ন উপভাগসমূহ উল্লেখ কৰা।

উত্তৰ :- কোনো কোনো নৃতাত্বিকে অষ্ট্ৰেলীয়সকলক এটা মুখ্য প্ৰজাতিৰ স্থান দিব বিচাৰে, কিন্তু যিহেতুকে অষ্ট্ৰেলীয়সকলক ককেচীয় মুখ্য প্ৰজাতিৰ লগত বহু বৈশিষ্টতে সাদৃশ্য আছে সেয়ে অষ্ট্ৰেলীয়সকলক ককেচীয় মুখ্য প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰা হয় আৰু এওঁলোকক নাম দিয়া হয় প্ৰত্ন বা প্ৰাচীন ককেচীয়।

আবয়বিক বৈশিষ্ট্যসমূহলৈ লক্ষ্য ৰাখি প্ৰাচীন ককেচীয় বা অষ্ট্ৰেলীয়সকলক দুটা প্ৰধান ভাগত ভগাব পাৰি।

(ক) অষ্ট্ৰেলীয়াৰ অধিবাসী।আৰু 

(খ) প্ৰাকদ্ৰাবিড় বা অষ্ট্ৰেলীয় বা ভেডডীয়।

(ক) অষ্ট্ৰেলীয়াৰ অধিবাসী :- 

আবয়বিক বৈশিষ্ট্য :-  এওঁলোকৰ চৰ্মবৰ্ণ মধ্যসীমাৰ পৰা গাঢ় চকলেট পিংগল। কেশবৰ্ণ মধ্যমীয়া পিংগলৰ পৰা কৃষ্ণবৰ্ণ। কেশাকৃতি বক্ৰ, কেতিয়াবা তৰংগায়িত, খুব কমেইহে ঋজু। দাড়ি গোফ আৰু শৰীৰত নোম অতি বেছি। নেএবৰ্ণ মধ্যেমীয়া পিংগলৰ পৰা গাঢ় পিংগল। মুখমণ্ডল খৰ্ব আৰু মধ্যমীয়াৰ পৰা স্পৰ্শ প্ৰক্ষিপ্ততা বিশিষ্ট। থুতৰি ক্ষীণ, ওঠ ডাঠ। নাসিক বৰ বহল, প্ৰশস্ত নাসিকী, নাসিকামুলাদশ লক্ষণীয়ভাৱে অবনত। নাসিকান্তে বৰ ডাঠ। এওঁলোক দীৰ্ঘমস্তকী বেছি বৃদ্ধি প্ৰাপ্ত, গ্লেবেনা অংশ স্পৰ্শ আৰু কলাপ পিছলৈ এচলীয়া। শৰীৰৰ উচ্চতা গঢ়ে ১৬৫ চি.এম.।

(খ) প্ৰাকৃ দ্ৰাবিড় অষ্ট্ৰেলীয় বা ভেডডীয় :- এওঁলোকৰ চৰ্মবৰ্ণ গাঢ় পিংগলৰ পৰা প্ৰায় ক’লা। কেশাকৃতি তৰংগায়িত বা বক্ৰ। মুখমণ্ডল থব আৰু ঠেক। প্ৰক্ষিপ্ততা মধ্যসীমা। ওঁঠ প্ৰায়ে ডাঠ। থুতৰি ক্ষীণ। নাটিকা বৰ বহল, প্ৰশস্তনাসিকী নাসিকামূলাদশ অবনত। এওঁলোক দীৰ্ঘমস্তকী।অধ্যাক্ষি স্পৰ্শ, কপাল পিছলৈ এঢলীয়া শৰীৰ খৰ্বকায়।

২০/ বংশগতি মানে কি ? বংশগতিৰ সূএসমূহ লিখা।

উত্তৰ :- পিতৃপুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ বংশগত লক্ষণ বা বৈশিষ্ট্যসমূহ জন্মগতভাৱে পৰিবাহিত হোৱা প্ৰক্ৰিয়াকে বংশগতি বোলা হয়। বংশগতিৰ ফলস্বৰূপে পিতৃমাতৃ আৰু সন্তানৰ মাজতে আবয়বিক তথা চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ সাদৃশ্যতা পৰিলক্ষিত হয়। আকৌ বংশগতিৰ ফলস্বৰূপেই যিকোনো দুজন ব্যক্তিৰ মাজত বৈসাদৃশ্যও দেখা যায়। বংশগতি কিদৰে পৰিচালিত হয় তাকে অধ্যায়ন কৰা বিষয়কে আনুবংশিক বিজ্ঞান হিচাপে নামাকৰণ কৰা হৈছে।

বংশগতিৰ অধ্যয়নৰ গুৰি ধৰোতা হ’ল গ্ৰেগৰ জোহান মেণ্ডেল। তেওঁ ১৮৫৭ চনৰ পৰা ১৮৬৫ চনলৈ মটৰ মাহৰ বিভিন্ন লক্ষণৰ ওপৰত অধ্যয়ন চলাই, কেইটামান সিদ্ধান্তত উপনীত হয়।এই সিদ্ধান্তসমূহকে মেণ্ডেলৰ বংশগতিৰ সূএ হিচাপে জনা যায়। বংশগতিৰ এই মৌলিক নীতিসমূহ সকলো জীৱৰ ক্ষেত্ৰতে প্ৰযোজ্য।

মেণ্ডেলৰ বংশগতিৰ সূএসমূহ :- জৰ্জ জোহান মেণ্ডেল‌‍ মটৰ মাহৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা নিম্নলিখিত সত্যসমূহ উম্মোচন কৰে। এই সত্যসমূহকে মেণ্ডেলৰ বংশগতিৰ সূএ হিচাপে জনা যায়।

(ক) প্ৰভাৱীকৰণ বা প্ৰবলতাৰ সূএ :- এযোৰ বিপৰীতৰ্ধমা লক্ষণৰ এটা লক্ষণে আনটো লক্ষণ ওপৰত পৰৱৰ্তী পিৰিত প্ৰভাৱ বিস্তাৰ কৰে, অৰ্থাৎ পৰৱৰ্তী পিৰিত প্ৰভাৱশীল গুণটোহে প্ৰকাশ পায়।

(খ) পৃথকীকৰণ বা পৃথককৰণ সূএ :- প্ৰভাৱী গুণটোৰ প্ৰভাৱত অপ্ৰভাৱী গুণটো অৰ্থাৎ অপ্ৰভাৱী বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্ৰ পদাৰ্থ সম্পূৰ্ণৰূপে পৰিৱৰ্তিত নহয়।

(গ) জননকোষৰ বিশুদ্ধতা :- এমোৰ বিপৰীতধৰ্মী লক্ষণৰ এটা জননকোষত মাত্ৰ এটাহে লক্ষণ থাকে।

(ঘ) স্বতন্ত্ৰবিধিকৰণ বা স্বাধীনতা বৰ্গভাজন সূএ :- যেতিয়া দুযোৰ বিপৰীতধৰ্মা গুণ বা লক্ষণ থাকে তেতিয়া প্ৰতিযোৰৰে জননকোষলৈ‌ বিতৰণ স্বকীয় বৈশিষ্ট্যসকল আৰু স্বতন্ত্ৰ।

২১/ মেণ্ডেল কোন ? মেণ্ডেলৰ বংশগতিৰ সূএসমূহ কি কি ? একসংকৰ অনুপাতৰ পৰা পোৱা সূত্ৰসমূহ লিখা ?

উত্তৰ :- জৰ্জ জোহান মেণ্ডেল হ’ল বংশগতিৰ আৱিষ্কাৰক। ১৮৮২ চনৰ পৰা অষ্ট্ৰিয়াতে তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন ধৰ্মজাজক আছিল। তেওঁ ১৮৫৭ চনৰ পৰা ১৮৬৫ চনলৈকে ইউৰোপৰ ম’ৰাভিয়াৰ মঠ এটাৰ বাগিচাখনৰ বিভিন্ন প্ৰকাৰৰ মটৰ মাহৰ ওপৰত পৰীক্ষা – নিৰীক্ষা চলাইছিল। তেওঁৰ এই পৰীক্ষা ১৮৬৬ চনত বণ্ডনৰ নেচাৰেল হিষ্ট’ৰী চছাইটিৰ আলোচনীত প্ৰকাশ পাইছিল। ১৮৮৫ চনত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ ১৬ বছৰ পাছত এই শতিকাৰ আৰম্ভনিতে তিনিজন বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা চলাই মেণ্ডেলৰ সিদ্ধান্ত উপনীত হৈছিল। সেই তিনিজন বিজ্ঞানী হ’ল – হলেণ্ডৰ ডা ফ্ৰিজা, অষ্ট্ৰিয়াৰ ভন চেৰমাৰ্ক আৰু জাৰ্মানীৰ ৰ্কাল ক’ৰেনছ। এই তিনিজন বিজ্ঞানীয়ে মেণ্ডেলৰ সূত্ৰবোৰ পুনৰ আৱিস্কাৰ কৰা বুলি কোৱা হয়। বংশগতিৰ ওপৰত নতুনকৈ চিন্তাচৰ্চা আৰম্ভ হ’ল।

মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ হ’ল :-

(ক) প্ৰভাৱীকৰণ বা প্ৰবলতাৰ সূএ।

(খ) পৃথকীকৰণ বা পৃথককৰণ সূএ।

(গ) জননকোষৰ বিশুদ্ধতা।

(ঘ) স্বতন্ত্ৰবিধিকৰণ বা স্বাধীনতাভাজন সূএ।

মেণ্ডেলৰ সূএ বিশ্লেষণ :- মেণ্ডেলে গবেষনাৰ বাবে পোন প্ৰথম বিশুদ্ধ ওখ (TT) আৰু বিশুদ্ধ চাপৰ (tt) মটৰ মাহৰ বীজ বাচি ললে। দুয়োবিধ বীজৰ পৰা উৎপত্তি হোৱা মটৰ মাহ দুজোপাৰ মাজত সংকৰণ ঘটালে। বিশুদ্ধ বীজৰ পৰা গজা গছকেইজোপাক পিতৃমাতৃ পিৰি (P) হিচাপে নামাকৰণ কৰিলে।

সংকৰণৰ ফলত পোৱা বীজ পুনৰ গজিবলৈ দি এই গছবোৰ প্ৰথম সংকৰ পিৰি (F1) হিচাপে নামকৰণ কৰিলে। (F1) পিৰিত দেখিলে যে সকলোবোৰ গছেই ওখ অৰ্থাৎ এটা পিৰিত বিশুদ্ধ চাপৰ গছ দেখা নগ’ল। F1 পিৰিৰ গছবোৰ নিজাৰীয়াকৈ নিষেচন হবলৈ এৰি দিয়াত উৎপত্তি হোৱা বীজবোৰ সংগ্ৰহ কৰি পুনঃ বীজবোৰ গজিবলৈ দিয়া হ’ল। এই বীজবোৰক নামাকৰণ কৰা হ’ল F2 পিৰি। F2 পিৰিৰ পৰা পোৱা বীজবোৰ গজিবলৈ দিয়াত মেণ্ডেলে দেখিলে যে শতকৰা ৭৫ ভাগ গছ ওখ আৰু শতকৰা ২৫ ভাগ গছ চাপৰ হৈছে। অৰ্থাৎ F2 পিৰিত গছৰ ওখ চাপৰ ওপৰৰ অনুপাত ৩:১। F2 পিৰিৰ ওখ আৰু চাপৰৰ অন্তবৰ্তী অৱস্থাৰ গছ পোৱা নগ’ল।

এই পৰীক্ষাৰ পৰা মেণ্ডেলে তিনিটা সিদ্ধান্তত উপনীত হ’ল আৰু এই তিনিটা সিদ্ধান্ত হ’ল মেণ্ডেলৰ বংশগতিৰ সূএ।

(ক) প্ৰভাৱীকৰণ সূএ :- প্ৰথম পিৰি (F1) সংকৰ গছবোৰৰ মাজত বিপৰীধৰ্মী গুণ দুটাহে অৰ্থাৎ ওখ গুনটোহে দেখা গ’ল। অৰ্থাৎ ওখ গুণটো প্ৰভাৱশীল হৈ চাপৰ গুণটোক অপ্ৰকাশিত কৰি ৰাখিলে।

(খ) পৃথকীকৰণ সূএ :- প্ৰথম পিৰিৰ (F2) সংকৰ   গছবোৰৰ মাজত নিষেচন হবলৈ দিয়াত (F2) পিৰিত ওখ আৰু চাপৰ দুয়োবিধ গছেই পোৱা গ’ল। ওখ আৰু চাপৰ গছৰ অনুপাত ৩:১। গতিকে (F1) ত প্ৰথম পিৰিৰ চাপৰ লক্ষণটো অপ্ৰকাশিত হৈ আছিল যদিও নাইকিয়া হৈ যোৱা নাছিল। ইয়াৰ পৰা মেণ্ডেলে দেখিলে যে অপ্ৰভাৱী চাপৰ বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্ৰ পদাৰ্থ প্ৰভাৱী ওখ লক্ষণৰ লগত থাকিও পৰিৱৰ্তিত নহয় অৰ্থাৎ বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্ৰ পদাৰ্থবোৰ স্বকীয় বৈশিষ্ট্যসম্পন্ন আৰু স্বতন্ত্ৰ।

(গ) জনন কোষৰ বিশুদ্ধতা :- এটা জননকোষত বিপৰীতধৰ্মী লক্ষণৰ মাত্ৰ এটাহে থাকে। অৰ্থাৎ প্ৰত্যেকটা লক্ষণৰ বাবে এটা জননকোষ বিশুদ্ধ।

এইদৰে একসংকৰ অনুপাতৰ পৰা মেণ্ডেলে উপৰোক্ত সিদ্ধান্ত বা সূএসমূহ আৱিস্কাৰ কৰে।

২২/ মেণ্ডেলৰ স্বতন্ত্ৰবিধিকৰণ সূএ বিশ্লেষণ কৰা ?

উত্তৰ :- মেণ্ডেলৰ এই সূএ বা সিদ্ধান্ত কৰিছিল বহু সংকৰ অনুপাতৰ পৰা অৰ্থাৎ দুযোৰ বা তাতোধিক বিপৰীতধৰ্মী লক্ষণৰ ওপৰত পৰীক্ষা কৰি। উক্ত পৰীক্ষাৰ বাবে মেণ্ডেলে মাত্ৰ দুযোৰ বিপৰীত ধৰ্মী লক্ষণ বহন কৰা মটৰ মাহৰ বীজ বাছি ললে। ইয়াৰ এবিধৰ লক্ষণ হ’ল নিজাববীয়াকৈ পৰাগযোগ মটিলে গছ ওখ (TT) আৰু ঘূৰণীয়া বীজ (RR) ৰ হৈ উৎপত্তি হয় আৰু আনটো বিধৰ গছ চাপৰ (tt) আৰু শেটোৰা বীজ (rr) ৰহে উৎপত্তি হয়। ইয়াৰে ওখ আৰু ঘূৰণীয়া লক্ষণ দুটা প্ৰভাৱী।

দুয়োবিধ বীজৰ পৰা উৎপত্তি হোৱা গছবোৰৰ মাজত নিঘোন হ’বলৈ দিয়াত প্ৰথম সংকৰ পিৰি (F1) ৰ বীজবোৰত মাত্ৰ ওখ আৰু ঘূৰণীয়া লক্ষণহে দেখা গ’ল। কাৰণ ওখ লক্ষণ চাপৰ লক্ষণৰ ওপৰত প্ৰভাৱী আৰু ঘূৰণীয়া লক্ষণটো নেতোৰা লক্ষণৰ ওপৰ প্ৰভাৱী। আকৌ প্ৰথম সংকৰ পিৰিৰ (F1) পৰা পোৱা বীজবোৰৰ পৰা হোৱা গছবোৰৰ মাজত নিসেচন হ’বলৈ দিয়াত দ্বিতীয় সংকৰ পিৰিত (F1) একসংকৰ অনুপাতত হোৱাৰ দাৰ ৩:১ অনুপাতত গছ দেখিবলৈ পোৱা গ’ল আৰু তিনিভাগ প্ৰভাৱী লক্ষণসম্পন্ন আৰু এভাগ অপ্ৰভাৱী লক্ষণ।

মেণ্ডেলৰ এই পৰীক্ষা আৰু তাৰ ফলাফল তলত দিয়া ধৰণে দেখুৱাব পাৰি। প্ৰভাৱী ওখ লক্ষণক (T) আৰু তাৰ বিপৰীতে অপ্ৰভাৱী চাপৰ লক্ষণক (t) তেনেকৈ প্ৰভাৱী ঘূৰণীয়া লক্ষণক (R) আৰু প্ৰভাৱী সোটোৰা লক্ষণক (r) হিচাপে চিহ্নিত কৰিবলৈ বিশুদ্ধ ওখ আৰু ঘূৰণীয়া বীজ বিশিষ্ট গছ হ’ব (TTRR)। আনহাতে বিশুদ্ধ চাপৰ আৰু শোটোৰা বীজ বিশিষ্ট গছ হ’ব (ttrr)।

ওখ আৰু ঘূৰণীয়া → 1,2,3,4,5,6,7,8 , 9 , 10 , 11 , 12 , 13 = 9 টা 

ওখ আৰু সোটোৰা → 6 , 8 , 14 = 3 টা 

চাপৰ আৰু ঘূৰণীয়া → 11 , 12 , 15 = 3 টা 

চাপৰ আৰু সোটোৰা → 16 = 1 টা

মেণ্ডেলৰ পৰীক্ষাৰ দ্বাৰা মুণ্ডত কৰা তালিকাখনৰ পৰা দেখা যায় যে দ্বিতীয় সংকৰ পিৰিত (F2) মুঠ চাৰিবিধ গছ পোৱা যায় আৰু চাৰিওবিধৰ অনুপাত ৯:৩:৩:১। ইয়াক মেণ্ডেলৰ দ্বিসংকৰ অনুপাত বোলে। ইয়াৰ পৰাহে মেণ্ডেলে সিদ্ধান্তত উপনীত হ’ল যে – মেৰি দুযোৰ বিপৰীতধৰ্মী লক্ষণ থাকে তেতিয়া প্ৰতিটো লক্ষণ জননকোষলৈ বিতৰণ স্বকীয় বৈশিষ্ট্যসম্পন্ন আৰু স্বতন্ত্ৰ এয়ে মেণ্ডেলৰ স্বতন্ত্ৰ বিধিকৰণ বা স্বাধীনবৰ্গভাজন মূল।

1 thought on “Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top