Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব

Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব, HS 1st year Anthropology notes, আবয়বিক নৃতত্ব class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব Notes for All Subject, You can practice these here.

৮/ চমুটোকা লিখা :

মেণ্ডেল, একশংকৰ অনুপাত, দ্বিসংকৰ অনুপাত, জিন আৰু এলিলি, জিনটাইপ আৰু ফিনটাইপ, প্ৰজাতি, প্ৰজাতিয় নিকষ, নেএচ্ছেদ ভাঁজ, ৰক্তসমষ্টি, বুচমেন, এস্কিম, মেডিটেৰিয়ান, আইনু, অষ্ট্ৰেলিঅ বা ভেড়ী, আন্দামানি আৰু নৰ্দিক।

উত্তৰ :- মেণ্ডেল :- গ্ৰেগৰ জোহান মেণ্ডেলক বংশগতিৰ পিতৃস্বৰূপ বুলি কোৱা হয়। তেওঁৰ ১৮২২ চনত এটা খেতিয়কৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু গীৰ্জাত এজন শিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁৰ ব্ৰন চহৰত থকা গীৰ্জাৰ বাগানত ১৮৫৮ খ্ৰী: ৰ পৰা ১৮৬৬ খ্ৰী: লৈকে মটৰমাহৰ ওপৰত পৰীক্ষা চলাই অভুতপূৰ্ব সাফল্য লাভ কৰে। এই পৰীক্ষাবোৰৰ পৰা পোৱা তথ্যসমূহ ১৮৬৬ খ্ৰী: তহে প্ৰকাশ পায়। কিন্তু এই শতিকাৰ শেষলৈকে মেণ্ডেলৰ আবিস্কৃত তথ্যসমূহ বিজ্ঞান জগতত অখ্যাত হৈ থাকিল। ইয়াৰ পিছত ১৯০০ খ্ৰী: তডি,  ৰ্কালকৰেনছ আৰু ছাৰমেক নামে তিনিগৰাকী বিজ্ঞানীয়ে সম্পূৰ্ণ গাইগুতীয়াভাবে গৱেষণা কৰি যেতিয়া মেণ্ডেলৰ সৈতে তথ্য পালে তেতিয়াহে প্ৰায় ৩০ বছৰৰ পূৰ্বৰ মেণ্ডেলৰ আৱিষ্কাৰে স্বীকৃতি লাভ কৰিলে। ১৯১০ চনত মৰগানে সেই একে মতবাদ প্ৰাণীৰ ক্ষেত্ৰত প্ৰযোজ্য কৰি দেখুৱালে। এইদৰে মেণ্ডেলে আগবঢ়োৱা বংশগতিৰ সূএ  সকলো প্ৰাণীৰ ক্ষেত্ৰতে প্ৰযোজ্য। বংশগতিৰ ওপৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে মটৰ মাহৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ মটৰ মাহত পোৱা বিভিন্ন চৰিত্ৰ সমূহৰ মাজত সংকৰণ ঘটাই যিবোৰ চৰিত্ৰ দেখিবলৈ পাইছিল সেই সকলোবোৰৰেই তেওঁ প্ৰণালীবদ্ধভাবে লিখি ৰাখিছিল। ১৮৬৬ চনত প্ৰথমবাৰৰ বাবে তেওঁ গৱেষণাজ্ঞান নেচাৰেল হিষ্টৰী চচাইটিৰ আলোচনীত প্ৰকাশ হৈছিল। মেণ্ডেলে গৱেষণাৰ জৰিয়তে বংশগতিৰ সম্পৰ্ক যি সিদ্ধান্তত উপনীত হৈছিল তাকে পিছলৈ মেণ্ডেলৰ বংশগতিৰ সূএ হিচাপে জনা হয়। মেণ্ডেলে আগবঢ়োৱা সূএ সমূহ হ’ল –

একক চৰিত্ৰৰ সূত্ৰ, প্ৰভাবী আৰু অপ্ৰভাবী সুএ, পৃথকীকৰণৰ সুএ আৰু স্বতন্ত্ৰবিন্নাস সুএ। ১৮৮৯ চনত এই মহান বিজ্ঞানীজনৰ মৃত্যু হয়।

একশংকৰ অনুপাত :- মেণ্ডেলে বংশগতিৰ ওপৰত অধ্যয়ণ কৰিবলৈ যাওঁতে মটৰ মাহক মুল হিচাপে লৈ কাম আৰম্ভ কৰিছিল। মটৰ মাহৰ কিছুমান বিপৰীতধৰ্মী লক্ষণৰ ওপৰত ভিক্তি কৰি গৱেষণা চলাইছিল। মেণ্ডেলে এজোৰ পৰস্পৰ বিপৰীত ধৰ্মী লক্ষণৰ যেনে – ওখ আৰু চাপৰ প্ৰভাবী কাৰক বুজাবলৈ লক্ষণটোৰ নামৰ আদি আখৰটোৰ বৰফলা হৰফটো আৰু তাৰে পৰা হত কাৰক  বুজাবলৈ আখৰটোৰ সৰুফলা হৰফটো ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে মটৰ মাহৰ ওখ (T) আৰু চাপৰ (t) দুটা বিপৰীতধৰ্মী লক্ষণৰ মাজত সংকৰণ ঘটাই প্ৰথম অপত্য জুনুত সকলোবোৰেই ওখ শংকৰ পোৱা গৈছিল। প্ৰথম অপত্য জুনুত পোৱা এটা সম্পূৰ্ণৰূপে বিশুদ্ধ ওখ মটৰ মাহ (TT), দুটা ওখ শংকৰ মটৰ মাহৰ (Tt) আৰু এটা সম্পূৰ্ণৰূপে চাপৰ মটৰ মাহৰ (tt) লক্ষণ দেখিবলৈ পোৱা যাব। চৰিত্ৰৰ এই আনুপাতিক সূচনা হৈছে ১:২:১: বা ৩:১। দুটা বিপৰীতধৰ্মী লক্ষণৰ মাজত সংকৰণ ঘটাই যি আনুপাতিক সূচনা পোৱা যাই তাকে মেণ্ডেলৰ একশংকৰ অনুপাতে বোলে।

দ্বিসংকৰ অনুপাত :- মেণ্ডেলে দুটা প্ৰকাৰ চৰিত্ৰক একেলগে লৈ পৰীক্ষা কৰি যি সিদ্ধান্তত উপনীত হৈছিল তাকে দ্বিসংকৰ অনুপাত বোলে। ইয়াৰ কাৰণে তেওঁ একে গছৰে দুযোৰ এলিলিয় লক্ষণ (দুযোৰ কাৰকৰ) বাছি লয়। যেনে – ওখ-চাপৰ লক্ষণ আৰু ঘূৰণীয়া শোটোৰা বীজ লক্ষণ। এনেদৰে দুযোৰ কাৰকক লক্ষণ হিচাপে ধৰিলৈ কৰা সংকৰণক দ্বিশংকৰ বোলে। বিশুদ্ধ ঘূৰণীয়া বীজ বিশিষ্ট বিশুদ্ধ ওখ গছ এজোপা আৰু বিশুদ্ধ শোটোৰা বীজ বিশিষ্ট বিশুদ্ধ চাপৰ গছ এজোপাৰ মাজত নীষেচন হবলৈ দিয়াত দেখা গল প্ৰথম পিৰিৰ গছবোৰ ওখ আৰু ঘূৰণীয়া বীজ বিশিষ্ট হ’ল। এইবাৰ প্ৰথম পিৰিৰ দুজোপা গছৰ মাজত সংকৰণ হবলৈ দিয়াত দুই প্ৰকাৰৰ চৰিত্ৰৰ চাৰিটা লক্ষণ পোৱা গ’ল। ২য় পিৰিৰ গছবোৰৰ মাজত ৯ ডাল ঘূৰণীয়া ওখ, ৩ ডাল শোটোৰা ওখ, ৩ ডাল ঘূৰণীয়া চাপৰ আৰু ১ডাল শোটোৰা চাপৰ। অৰ্থাৎ সংকৰ অনুপাত পোৱা গ’ল ৯:৩:৩:১ ইয়েই হ’ল মেণ্ডেলৰ দ্বিসংকৰ অনুপাত।

জিন আৰু এলিলি :- মানুহৰ কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ ক্ৰমজম থাকে। এই ক্ৰমজমবোৰ গঠিত হয়। কিছুমান ক্ষুদ্ৰ পদাৰ্থৰ দ্বাৰা এই ক্ষুদ্ৰ পদাৰ্থবোৰক জিন বোলে। এই জিনবোৰেই বংশগতি নিয়ন্ত্ৰণ কৰে। সমৰুপী ক্ৰমজমৰ নিদিষ্ট বিন্দুত অৱস্থিত বিপৰীত বৈশিষ্ট্যৰ নিয়ন্ত্ৰক উপাদান বা জিনৰ এটাক আনটোৰ এলিল বা এলিল’ফর্ম বোলে। মেণ্ডেলৰ পৰীক্ষাত পোৱা বিশুদ্ধ ওখ গছৰ কাৰণে  (TT) দুটা জিন, সেইদৰে বিশুদ্ধ চাপৰ গছৰ কাৰণে (tt) দুটা জিন (TT) দুটা জিন দুটাৰ এটাক আনটোৰ এলিলি বোলে। এনেদৰে (tt) জিন দুটাৰ এটাক আনটোৰ এলিলি বোলে।

জিন ‘টাইপ আৰু ফিন ‘টাইপ :- জিনটাইপ হৈছে জীৱৰ অন্তঃৰ্নিহিত বংশগতিৰ ৰূপ। ইয়াত অপ্ৰভাৱী কাৰক প্ৰভাৱী কাৰকৰ দ্বাৰা দসিত হৈ থাকে যদিও নষ্ট হৈ নাযায়। কোনো জীৱৰ বা উদ্ভিদৰ জিনিঅ’ ৰূপ জানিবৰ বাবে অধিসংগম পৰীক্ষা কৰিব লাগে। একে জিনিঅ’ ৰূপৰ সকলো ব্যক্তিৰ ব্যক্ত ৰূপ একে থাকে। উদাহৰণস্বৰূপ মেণ্ডেলৰ এক সংকৰ অনুপাতৰ ক্ষেত্ৰত পোৱা সূচনাটোক দুটা ৰূপ দেখিবলৈ পোৱা যায়। এই অনুপাতটোৰ ব্যক্ত ৰূপ হৈছে ১:২:১ অৰ্থাৎ TT, Tt, Tt আৰু tt অৱস্থাতে এই অনুপাতটোৰ ব্যক্ত ৰূপ হৈছে 3:1 অৰ্থাৎ Tt, Tt, TT, tt। ব্যক্ত ৰূপ হৈছে জীৱৰ বাহ্যিক ৰূপ। প্ৰভাৱী কাৰকে জীৱৰ বাহ্যিক ৰূপ প্ৰকাশ কৰে। ব্যক্ত ৰূপ বা ফিন’টাইপ চকুৰে দেখা যায়। একে ফিন’টাইপৰ সকলো ব্যক্তিৰ জিনঅ’ ৰূপ একে নহবও পাৰে।

প্ৰজাতি :- বিভিন্ন নৃতত্ববিদে বিভিন্ন ধৰণে প্ৰজাতিৰ সংজ্ঞা দাঙি ধৰিছে। বৈজ্ঞানিক দৃষ্টিভংগীত সমগ্ৰ মানৱগোষ্ঠীক একেটা জিনাচ (Genus) হম’ আৰু স্পেছিছ (species) চেপিয়েন্সৰ অন্তৰ্ভূক্ত। সেইয়ে বৰ্তমান পৃথিৱীত বাস কৰা সকলো মানুকে হম’চেপিয়েন্স বোলে। কিন্তু পৃথিৱীৰ সকলো মানুহৰ আবয়বিক লক্ষণ একে নহয়। হম’চেপিয়েন্সৰ বংশবৃদ্ধি হৈ পৃথিৱীৰ  বসবাসৰ উপযুক্ত প্ৰায় সকলো ঠাইলৈকে মানবৰ বৃস্তিতি দেখিবলৈ পোৱা যায়। পৰিবেশ আৰু বংশগতিৰ সময়ত মানুহৰ বিভিন্ন শাৰীৰিক লক্ষণ গঢ় লৈ উঠিল। বিচ্ছিন্ন ভাবে বসবাস কৰাৰ বাবে একে ধৰণৰ বংশগত লক্ষণ সমন্বিতে কিছুমান পৃথক পৃথক মানৱ গোটৰ সৃষ্টি হ’ল। এই গোটবোৰৰ প্ৰত্যেকবোৰেই অন্তৰ্গত মানুহৰ কিছুমান এনে ব‌ংশগত লক্ষণ দেখা গ’ল। এই গোটবোৰেই উমৈহতীয়া একো একোটা প্ৰজাতি। নৃতাত্বিক অৰ্থত প্ৰজাতি মানে এনে এক এটা মানৱ গোট যাক আনুবংশিক লক্ষণৰ দ্বাৰা আন এটা মানৱ গোষ্ঠীৰ পৰা পৃথক কৰিব পাৰি। গতিকে বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত উমৈহতীয়া শাৰীৰিক লক্ষণৰ ভিত্তিত বিভক্ত কৰা মানৱ গোটকে প্ৰজাতি আখ্যা দিব পাৰি। প্ৰজাতিৰ অন্তৰ্গত লোকৰ মাজত বিয়া বাৰু সাধাৰণতে প্ৰজাতিৰ মাজতে সীমাবদ্ধ থাকে অৰ্থাৎ প্ৰত্যেক প্ৰজাতিয়ে এটা অন্তঃবৈৰ্বাহিক গোট। মুখ্য প্ৰজাতি তিনিপ্ৰকাৰৰ। যেনে ককেছীয়, মংগোলীয় আৰু নিগ্ৰ’।

প্ৰজাতীয় নিকষ :- সমগ্র পৃথিৱীৰ মানৱ জাতিক কিছুমান গোট আৰু প্ৰজাতিত ভাগ কৰিবৰ কাৰণে কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ শাৰীৰিক লক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰজাতি শ্ৰেণীকৰণ কৰা হয়। প্ৰজাতি শ্ৰেণীকৰণ কিছুমান জীৱতাত্বিক লক্ষণৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকৰণ কৰা হয়। এই জীৱতাত্বিক লক্ষণসমূহকে প্ৰজাতীয় নিকষ হিচাপে জনা যায়। অৱশ্যে যিবোৰ বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত শাৰিৰীক লক্ষণ তথা আনুবংশিক বৈশিষ্ট্যৰ ভিত্তিত মানৱগোষ্ঠীৰ প্ৰজাতিৰ শ্রেণীকৰণ কৰা হয়। তাৰ প্ৰতিটোক প্ৰজাতীয় নিকষ বোলে। উল্লেখযোগ্য প্ৰজাতীয় নিকশসমূহ হ’ল চৰ্ম বৰ্ণ, মূৰৰ আকৃতি, চকু, নাক, দৈহিক উচ্চতা, চুলি, হস্তাংগুলি আৰু কৰতলৰ চাপ, ৰক্তসমষ্টি, মুখৰ আকৃতি আদি। এই প্ৰজাতীয় নিকশ সমূহৰ কিছুমান নিকষৰ ওপৰত প্ৰাকৃতিক পৰিবেশৰ প্ৰভাৱ পৰিলক্ষিত হয় আৰু কিছুমান ওপৰত প্ৰাকৃতিক পৰিবেশৰ প্ৰভাৱ নাথাকে। যিবোৰ বাহ্যিকভাবে পৰিলক্ষিত প্ৰজাতীয় নিকশ আছে সেই নিকষবোৰৰ ওপৰত পৰিবেশৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে মূৰৰ আকৃতি, মুখৰ আকৃতি, চুলি, চৰ্মবৰ্ণ, দৈহিক উচ্চতা আদি। আনহাতে এনে কিছুমান প্ৰজাতীয় নিকষ আছে যিবোৰৰ ওপৰত পৰিবেশৰ কোনো প্ৰভাৱ পৰিবৰ্তন কৰিব নোৱাৰে। এই নিকশসমূহ জন্মৰ পৰা মৃত্যুলৈ একে ধৰণে থাকে। উদাহৰণস্বৰূপে ৰক্তসমষ্টি, হস্তাংগুলি চাপ আৰু কৰতলৰ চাপ আদি।

নেএচ্ছেদ ভাঁজ :- প্ৰজাতি শ্ৰেণীকৰণৰ এটা নিকশ হ’ল চকু। চকুৰ তিনিটা লক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয়। এই লক্ষণ কেইটা হ’ল- 

(১) নেএচ্ছেদ ভাঁজ।

(২) নেএবিবৰ।

(৩) নেএবৰ্ণ। 

এই তিনিটা লক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰজাতিকৰণ কৰা হয়। নেএচ্ছেদ ভাঁজ কেইবা প্ৰকাৰৰ। এক প্ৰকাৰক সম্পূৰ্ণ মংগোলীয় নেএচ্ছেদ ভাঁজ বোলা হয়। কাৰণ মংগোলীয় সকলৰ প্ৰায় সকলো মানুহৰ চকুত এনেকুৱা ভাঁজ দেখা যায়। ইংৰাজীত ইয়াক Epicanthic fold বোলে। এই প্ৰকাৰত উধৰ নেএ পল্লৱৰ পৰা এডোখৰ চৰ্ম উলমি আহি বহি:কোণৰ পৰা অন্ত:কোণলৈ সম্পূৰ্ণ ওপৰ অংশ ঢাকি ৰাখে। এই প্ৰকাৰৰ নেএচ্ছেদ ভাঁজ প্ৰায় সকলো বয়সৰ মানুহৰ মাজতে দেখিবলৈ পোৱা যায়। ২য় প্ৰকাৰৰ নেএচ্ছেদ ভাঁজ হ’ল যেতিয়া এই ভাঁজ কেৱল মাত্ৰ নাকৰ পিনে থাকে। এই প্ৰকাৰত উলমি থকা চৰ্ম খণ্ডই চকুৰ অন্ত:কোনক ঢাকি ৰাখে। এই ভাঁজক অন্ত:নেএচ্ছেদ ভাঁজ বোলে। শিশু আৰু মাইকীমানুহৰ মাজত এই প্ৰকাৰৰ ভাঁজৰ প্ৰাধান্য বেছি। তৃতীয় প্ৰকাৰৰ নেএচ্ছেদভাঁজক চকুৰ ওলমি থকা চৰ্মখণ্ডই যেতিয়া চকুৰ বহি:কোণক ঢাকি ৰাখে তেতিয়া ইয়াক বহি:নেএচ্ছেদ ভাঁজ বোলে। এনেকুৱা নেএচ্ছেদ ভাঁজ সাধাৰণতে মধ্যবয়স্ক আৰু বৃদ্ধ মানুহৰ মাজত বেছিকৈ দেখা যায়। চতুৰ্থ প্ৰকাৰৰ নেএচ্ছেদ ভাঁজৰ ক্ষেত্ৰত এটুকুৰ চৰ্ম নেএ পল্লৱৰ মধ্যাংশৰ পৰা ওলমি আহি চকুৰ মাজ ভাগটো ঢাকি ৰাখে। এনে অৱস্থাক চকুৰ মধ্য বহিঃকোণ আৰু অন্ত:কোণ আবৃত্ত হৈ নাথাকে। এনে প্ৰকাৰৰ মধ্যনেএচ্ছেদ ভাঁজ বোলে।

ৰক্তসমষ্টি :- ১৯০০ চনত কাল লেইনষ্টেইনাৰ নামৰ এজন বিজ্ঞানীয়ে এ, বি, অ’, নামে ৰক্তসমষ্টিৰ বিষয়ে প্ৰথম তথ্য আগবঢ়ায়। এ, বি, অ’, ৰক্তসমষ্টি অনুসৰি মানুহৰ ৰক্তসমষ্টিক চাৰিটা ভাগত ভগাব পাৰি। সেই কেইটা হ’ল – ‘O’, ‘A’, ‘B’ আৰু ‘AB’। তাৰ পিছৰে পৰা ৰক্তদিয়া বা লোৱাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ বিভিন্ন মানুহৰ ৰক্তপৰীক্ষা কৰিবলৈগীয়া হ’ল। ৰক্তৰ লক্ষণ নিৰ্ধাৰণ কৰে জিনে। লোহিত ৰক্ত কণিকাক এবিধ জিনে ‘এ’ পদাৰ্থ উপাদান কৰে আৰু আন এবিধে ‘বি’ পদাৰ্থ উৎপাদান কৰে আৰু এবিধ জিনে কোনো পদাৰ্থ উপাদান নকৰে। এজ’ জিন তিনিবিধৰ নাম যথাক্ৰমে – এ, বি, আৰু অ’। অ’ ৰক্তসমষ্টিক সাৰ্বিক দাতা আৰু ‘এবি’ ৰক্তসমষ্টিক সাৰ্বিক গ্ৰাহিতা বুলি কোৱা হয়। কাৰণ অ’ ৰক্তসমষ্টিয়ে সকলো ৰক্তসমষ্টিৰ মানুহকে তেজ দিব পাৰে কিন্তু নিজে ল’ব নোৱাৰে। কেৱল অ’ ৰক্তসমষ্টিৰ মানুহৰ পৰাহে ল’ব পাৰে আৰু ‘এবি’ ৰক্তসমষ্টিয়ে আন সকলো ৰক্তসমষ্টিৰ পৰা তেজ ল’ব পাৰে। সেইকাৰণে ইয়াক সাৰ্বিক গ্ৰাহিতা বোলা হয়।

বুচমেন :- বুচমেন সকল কালাহাৰি মৰুভূমিত বাস কৰে। এওঁলোকৰ চৰ্মবৰ্ণ পাতল পিংগল। এওঁলোকৰ উনকেশী, কেশৰ বৰ্ণ ক’লা। দাড়ি, গোফ আৰু শৰীৰৰ লোম বৰ কম। নেত্ৰবৰ্ণ গাঢ় পিংগলৰ পৰা ক’লা। অন্ত:নেএচ্ছেদ ভাঁজযুক্ত। নেএ বক্ৰ আৰু নেএবিবৰ ঠেক। দৈহিক উচ্চতা ১৪৫ চি.এম.। বুচমেন সকলৰ মস্তক নিম্নমধ্য আৰু মধ্য। মুখমণ্ডল কিছুখৰ্ব, বৰ্গাকৃতিৰ আৰু অপ্ৰক্ষিপ্ত। এওঁলোকৰ কাণৰ লতি নাই। ওঁঠ মুখ, নাক প্ৰসস্তনাসিকী, নাসিকী দন্তু থিয় আৰু অবতল, নাসিকা অগ্ৰ থুপুকৰা আৰু পদ সৰু সৰু। বুচমেন সকলৰ মাইকী মানুহৰ নিতম্ব পিছলৈ আগবঢ়া যাক ইংৰাজীক steatopygia বুলি কয়। এওঁলোক নিগ্ৰ’ প্ৰজাতীৰ ভাগ আফ্ৰিকাৰ নিগ্ৰ’ৰ উপভাগৰ অন্তৰ্গত।

এস্কিমো :- এস্কিমো’ সকল পূব এছিয়া, উত্তৰ আমেৰিকাৰ মেৰু অঞ্চলৰ গ্ৰীণলেন্ড, লাব্ৰাভোৰ আৰু পশ্চিম আলাস্কা জুৰি বিস্তৃত হৈ আছে। এওঁলোকৰ চৰ্মবৰ্ণ পীতাভ। কেশ ঋজজু আৰু কলা। দাড়ি, গোফ কম আৰু শৰীৰত লোমৰ সংখ্যা যথেষ্ট কম। নেএ কৃষ্ণবৰ্ণৰ। নেএচ্ছেদ ভাঁজ বিশিষ্ট। মুখমণ্ডল বহল আৰু চেপেটা। এওঁলোক মধ্যমস্তকীৰ পৰা প্ৰসস্তমস্তকী। এওঁলোকৰ মস্তক অনুপাতিক সূচনা হৈছে ৮১.৫। উত্তৰৰ এলোচিয়ান এস্কিম’ আৰু মেৰু অঞ্চলৰ এস্কিম’ সকল মধ্যমস্তকী। এস্কিম’ সকল উত্তৰ মেৰুৰ মংগোলীয়।

মেডিটেৰেনিয়াম :- মেডিটেৰিনিয়াম বা ভূমধ্যসাগৰীয়সকলৰ আদি বাসস্থান ভূমধ্যসাগৰৰ উপকূল আৰু সেয়ে এওঁলোকক ভূমধ্যসাগৰীয় বোলা হয়। পৰ্তুগাল, স্পেইন, ফ্ৰান্স, ইটালি, গ্ৰীচ, টাৰ্কি, উত্তৰ আফ্ৰিকা, আৰব, ইৰান, আফগানিস্তান, পাকিস্তান আৰু ভাৰতবৰ্ষত এওঁলোকৰ বিস্তৃতি দেখা যায়। মেডিটেৰিনিয়ান ককেচিয় প্ৰজাতিৰ অন্তৰ্গত।

 এওঁলোকৰ চৰ্মবৰ্ণ পাতল পিংগলৰ পৰা গাঢ় পিংগল কেশবৰ্ণ ক’লা আৰু কেশ তৰংগায়িত বা বক্ৰ। নেএবৰ্ণ গাঢ় পিংগল। মুখমণ্ডল দীঘায়িত আৰু ডিম্বাকাৰ।এওঁলোক দীঘ নাসিকী আৰু নাসিকাদন্ত ঋজু বা উত্তল। দৈহিক উচ্চতা মধ্যমীয়াৰ পৰা ওখ। শৰীৰ হৃষ্টপুষ্ট।এওঁলোক দীঘ বা দীঘমস্তকী।                        

ভূমধ্যসাগৰীয় তিনিটা উপপ্ৰজাতিত বিভক্ত কৰা হৈছে। 

(ক) মুল ভূমধ্যসাগৰীয়।

(খ) আটলাচ-ভূমধ্যসাগৰীয়।

(গ) ই আফগান।

আইনু : আইনুসকল জাপানৰ প্ৰাচীন প্ৰজাতি। এওঁলোক উত্তৰ জাপান, য়েমু আৰু দক্ষিণ ছাখালিনৰ বাসিন্দা। এওঁলোক চৰ্মবৰ্ণ পাতল পিংগল আৰু শ্বেত। কেশবৰ্ণ গাঢ় পিংগলৰ পৰা কৃষ্ণ। কেশ তৰংগায়িত। দাড়ি, গোফ আৰু শৰীৰৰ লোমৰ পৰিমাণ যথেষ্ট বেছি। চকুবিবৰ বহল। নেএচ্ছেদ ভাঁজ নাই।‌ নেএবৰ্ণ মধ্যমীয়াৰ পৰা গাঢ় পিংগল। মুখমণ্ডল খৰ্ব আৰু ওঠ পাতল। এওঁলোক মধ্যনাসিকীৰ পৰা প্ৰশষ্টনাসিকী। নাসিকাদও ঋজু আৰু উওল। শৰীৰ হৃষ্টপুষ্ট। আইনুসকল ককেচিয়া প্ৰজাতিৰ অন্তৰ্গত।

অষ্ট্ৰেলীয়া বা ভেডভীয় :- অষ্ট্ৰেলীয় বা ভেডভীয় সকল হৈছে অষ্ট্ৰেলীয় বা প্ৰাচীন ককেচীয়ৰ অন্তৰ্গত প্ৰাকদ্ৰাবিড় সকলৰ অন্তৰ্গত। এওঁলোকৰ বিস্তৃতি দাক্ষিণাত্যৰ কাদিৰ , কৰুলা , পানিমান আৰু দৰুলা , উত্তৰ মধ্য ভাৰতৰ ভীল , গোন্দা, কন্ধ , ছোতানাগপুৰ লোক আৰু লোকসকলৰ মাজলৈ বিস্তৃত। শ্ৰীলংকাৰ ভেডডা সকল প্ৰাকদ্ৰাবিড়ৰ জনজাতীৰ আদৰ্শ প্ৰতিনিধি বুলি ক’ব পাৰি। এওঁলোকৰ চৰ্মবৰ্ণ গাঢ় পিংগল , কেশ কৃষ্ণবৰ্ণৰ তৰংগায়িত বা সামান্য বক্র। মুখমণ্ডল খৰ্ব আৰু  প্ৰসস্ত। থুতৰি খীন, ওঠ পাতলৰ পৰা মধ্যমীয়া , অধ্যাক্ষি লক্ষণীয়। কপাল সামান্যভাৱে পিছলৈ এতলীয়া, নাক প্ৰশস্ত আৰু এওঁলোক দীর্ঘমস্তকী। এওঁলোকৰ মস্তক অন্য  প্ৰজাতিৰ তুলনাত আটাইতকৈ সৰু। দৈহিক উচ্চতা ১৫২ চি.এম.।

আন্দামানি :- আন্দামানি সকল নিগ্ৰ’ প্ৰজাতিৰ মূলভাগ ওছেনীয় নিগ্ৰ’ৰ অন্তৰ্গত নেগ্ৰিট উপভাগৰ অন্তৰ্গত। এওঁলোক আন্দামান দ্বীপপুঞ্জত বাস কৰে। চৰ্মবৰ্ণ ব্ৰঞ্জৰ পৰা ক’ লা ৰঙৰ। কেশ ছুটি , ৰঙচুৱা আভাযুক্ত ক’লা। উলাকেশী। শৰীৰৰ নোম একেবাৰে কম। মুখমণ্ডল বহল , কপোনাচ্ছি লক্ষণীয় , হনু প্ৰক্ষিপ্ত নহয়। ওঠ দুটা কিন্তু ঘোৰা খোৱা নহয় , নাসিকা দত্ত ঋজু। নাসিকা মূলদেহ অবণত। মস্তক সৰু বা প্ৰশস্ত মস্তকী। আন্দামানি সকল বৰ চাপৰ। এওঁলোকৰ দৈহিক উচ্চতা প্ৰায় ১৪৬  ছে: মি:। 

নৰ্দিক :- এওঁলোক ককেচীয় প্ৰজাতিৰ অন্তৰ্গত। এওঁলোকৰ বিস্তৃত বালিক অঞ্চল, উত্তৰ ফ্ৰান্স, উত্তৰ জাৰ্মানী, হলেণ্ড, বেলজিয়াম, ব্ৰিটিছ  দ্বীপুঞ্জৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়। স্কেণ্ডিনেভিয়ৰ নৰ্দিক সকলক প্ৰকৃত নৰ্দিক বুলি ক’ব পাৰি। এওঁলোকৰ চৰ্মবৰ্ণ ৰঙচুৱা শ্বেত। কেশবৰ্ণ ৰক্তাঙ্গ পিংগল, ঈষৎ পিংগল, মুচালী আদি। কেশ সামান্যভাৱে তৰংগায়িত।দাড়ি, গোফ আৰু গাৰ নোম মধ্যমীয়া। নেএবৰ্ণ নীলা, মূৰ মধ্যমীয়া, মস্তকৰ অনুপাতিক সূচনা ৭৬-৭৯। মুখমণ্ডল দীঘায়িত, থেক আৰু সুগঠিত। থুতৰি লক্ষণীয়। নাক দীঘল, ঠেক আৰু সাধাৰণতে জোঙা। দৈহিক উচ্চতা ১৭২ ছে:মি:।

৯/ মুখমণ্ডলীয় প্ৰক্ষিপ্ততা বুলিলে কি বুজা ? কোন প্ৰজাতিৰ লোকৰ মাজত মুখমণ্ডলৰ প্ৰক্ষিপ্ততা দেখা যায় ?

উত্তৰ :- মানুহৰ মুখমণ্ডল সম্মূখনলৈ আগবাঢ়ি আহিলে তেনে আকৃতিৰ মুখক প্ৰক্ষিপ্ত মুখমণ্ডল বোলে। কেতিয়াবা আকৌ অকল ডৰ্ধহনু আৰু অধ:হনুৰ অংশ সম্নুখলৈ আগবাঢ়ি অহা দেখা যায়। এনেদৰে সন্মুখলৈ আগবাঢ়ি অহা আকৃতিৰ মুখক প্ৰক্ষিপ্ত মুখমণ্ডল বোলে।

সাধাৰণতে নিগ্ৰ’প্ৰজাতি আৰু প্ৰাচীন ককেচীয়া বা অষ্ট্ৰেলীয় সকলৰ মাজত প্ৰক্ষিপ্ততা দেখিবলৈ পোৱা যায়।

১০/ মুখমণ্ডলীয় প্ৰক্ষিপ্ততা কেই প্ৰকাৰৰ ? কোন প্ৰজাতিৰ মাজত মুখমণ্ডলীয় প্ৰক্ষিপ্ততা দেখিবলৈ পোৱা যায় ?

উত্তৰ :- মুখমণ্ডলীয় প্ৰক্ষিপ্ততা দুই প্ৰকাৰৰ – 

(ক) মুখমণ্ডলীয় প্ৰক্ষিপ্ততা।

(খ) অভিঅ’লিঅ প্ৰক্ষিপ্ততা।

সাধাৰণতে নিগ্ৰ’ প্ৰজাতি আৰু প্ৰাচীন ককেচীয় বা অষ্ট্ৰেলীয় সকলৰ মাজত প্ৰক্ষিপ্ততা দেখিবলৈ পোৱা যায়।

১১/ প্ৰজাতি কাক বোলে ? মুখ্য প্ৰজাতি কেইটা আৰু কি কি ?

উত্তৰ :- বিখ্যাত আবয়বিক নৃতত্ববিদ Hoebel ৰ সত প্ৰজাতিৰ সংজ্ঞা এইদৰে দিব পৰা যায় – “A race is a biological ingreed group possessing a distinctive combination of physical traits that tend to breed them from generation to generation”.

নুতাত্বিক অৰ্থত প্ৰজাতি মানে এনে এটা মানৱ গোট, যাক আনুবংশিক লক্ষণৰ দ্বাৰা আন এটা মানৱ গোষ্ঠীৰ পৰা পৃথক কৰিব পাৰি। গতিকে বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত উমৈহতীয়া শাৰীৰিক লক্ষণৰ ভিত্তিত বিভক্ত কৰা মানৱ গোটকে প্ৰজাতি আখ্যা দিব পাৰি। প্ৰত্যেক প্ৰজাতিয়ে এটা অন্ত:বৈবাহিক গোট অৰ্থাৎ প্ৰজাতিৰ অন্তৰ্গত লোকৰ বিয়াবাৰু সাধাৰণতে প্ৰজাতিৰ মাজতে সীমাবদ্ধ। বিখ্যাত নৃতত্ববিদ E.A. Hotton ৰ মতে প্ৰজাতিৰ সংজ্ঞা এইদৰে দিব পাৰি – “Race is a great division of mankind, the members of which, though individually varying, are characterised as a group by a certain combination of morphology and matrical features, principally, non adoptive which have been derived from their common descent.”

নৃতাত্বিক সকলে মানৱ গোষ্টীক মুখ্য তিনিটা প্ৰজাতিত বিভক্ত কৰিছে।

প্ৰজাতি তিনিটা হ’ল- 

(ক) ককেচিয় প্ৰজাতি।

(খ) মংগোলীয় প্ৰজাতি।

(গ) নিগ্ৰ’ প্ৰজাতি।

১২/ (ক) মুখ্য প্ৰজাতি কেইটা আৰু কি কি ? মংগোলীয় প্ৰজাতি আবসাৰিক বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ :- মুখ্য প্ৰজাতি প্ৰধান তিনিটা।

যেনে :- 

(ক) ককেচিয় প্ৰজাতি।

(খ) মংগোলীয় প্ৰজাতি।

(গ) নিগ্ৰ’ প্ৰজাতি।

মধ্য এছিয়াৰ ষ্টেপ বা তৃনাৰৃত সমভূমি অঞ্চলত মংগোলীয় সকলৰ উৎপত্তি হোৱা বুলি জনা যায়। তাৰ পৰা তেওঁলোকে বিভিন্ন দিশলৈ গৈ বসতি কৰিবলৈ ধৰে।

মংগোলীয় সকলৰ লক্ষণসমূহ হ’ল :-

(ক) মূৰৰ আকৃতি :- প্ৰশস্ত। দীৰ্ঘ আৰু মধ্যমীয়া আকৃতিৰ মূৰো নোহোৱা নহয়।

(খ) চুলি :- ক’লা, ঋজু আৰু অলমুণ। দাড়ি, গোফ কম, শৰীৰত নোমো কম।

(গ) মুখমণ্ডল :- বহল আৰু চেপেটা, কপালাহি বৰ স্পষ্ট।

(ঘ) চকু :- বক্ৰ, নেএকোণ ঠেক। নেএচ্ছেদ ভাঁজ আৰু মংগোলীয় ভাজ আছে। চকুৰ ৰং কলাৰ পৰা নীলা, ধুসৰ আদিলৈ দেখা যায়।

(ঙ) নাসিকা মুলাদশ :- নিম্ন।

(চ) চৰ্মবৰ্ণ :- পীত বা পীতপিংগল।

(ছ) ওঠ :- মধ্যমীয়া।

(জ) গালৰ হাড় :- দৃঢ়ভাৱে গঠিত আৰু বিকশিত।

Sl. No.Contents
Chapter 1আবয়বিক নৃতত্ব
Chapter 2প্রাগঐতিহাসিক নৃতত্ত্ব
Chapter 3বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Chapter 4(ক) সামাজিক নৃতৃত্ব
Chapter 4(খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব
Chapter 5পৰিস্থিতি বিজ্ঞান

১২/ (খ) মংগোলীয় প্ৰজাতিৰ উপভাগ সমূহ কি কি ? এই উপভাগ সমূহৰ ভৌগোলিক বিস্তাৰ সম্পৰ্ক লিখা ।

উত্তৰ :- মধ্য এছিয়াৰ বিশাল ষ্টেপ অঞ্চলত মংগোলীয় প্ৰজাতিৰ উৎপত্তি হোৱা বুলি জনা যায়। ভৌগলিক বিস্তাৰ অনুযায়ী মংগোলীয় প্ৰজাতিক চাৰিটা প্ৰধান উপভাগত ভাগ কৰা হৈছে। যেনে –

(ক) মুল মংগোলীয় বা মধ্যমংগোলীয়।

(খ) মেৰুৰ বা উত্তৰৰ মংগোলীয় বা এস্কিমীয়।

(গ) ইণ্ড ‘নেছীয় – মালয়ী মংগোলীয় আৰু

(ঘ) আমেৰিকাৰ ইণ্ডিয়ান।

(ক) মুল মংগোলীয় বা মধ্যমংগোলীয় :- এওঁলোকে ছাইবেবিয়াই অঞ্চল আৰু আমুৰ নদীৰ উপত্যকাত বসবাস কৰা দেখা যায়। তদুপৰি উত্তৰ চীন মংগোলীয় আৰু তিব্বত অঞ্চল মধ্য মংগোলীয় সকলক কিছু পৰিমানে বাস কৰা দেখা যায়। বুৰিয়াট, গোলডি, গিন্যক আদি মংগোলীয় জনগোষ্টী এই প্ৰকাৰৰ অন্তৰ্গত।

(খ) মেৰুৰ বা উত্তৰ মংগোলীয় বা এস্কিমীয় :- উত্তৰ আমেৰিকাৰ মেৰু অঞ্চল, গ্ৰিণলেণ্ড, লাব্ৰাডৰ পশ্চিম আলাস্কা আৰু উত্তৰ এছিয়াত এওঁলোকৰ বিস্তৃত লক্ষ্য কৰা যায়। এস্কিম, ছুকছি, কামটছাভালেছ, মাকুট, ছায়মায়েড আদি জনগোষ্টী এই প্ৰকাৰৰ অন্তৰ্গত।

(গ) ইণ্ডনেছীয় – মালয়ী সংগোসীয় :- সমগ্ৰ দক্ষিণ পূব এছিয়াত এওঁলোকক বসবাস কৰা দেখা যায়। এই প্ৰকাৰ মংগোলীয় উপজাতিক আকৌ দুটা ভাগত ভগাব পাৰি। যেনে – ইণ্ডনেছীয় প্ৰকাৰ বা নেছিয়া আৰু সালয়ী প্ৰকাৰ।

(a) ইণ্ড ‘নেছীয় প্ৰকাৰ :- এওঁলোকক নেছিয়ট হিচাপেও জনা যায়। এওঁলোক দক্ষিণ চীন, ইঅ’চীন, থাইলেণ্ড, মালয় দ্বীপপুঞ্জত বিস্তৃত হৈ দেখা যায়।

(b) মালয়ী প্ৰকাৰ :- এই প্ৰকাৰৰ মংগোলীয়ক সাধাৰণতে দক্ষিণ – চীন, ইউচীন, ব্ৰক্ষাদেশ, থাইলেণ্ড, মালয় দ্বীপপুঞ্জত, ফিলিপাইন, জাপান আদিত বসবাস কৰা দেখা যায়। সৰহসংখ্যক জাপানীয়েই মালয়ী প্ৰকাৰৰ।

(ঘ) আমেৰিকান ইণ্ডিয়ান বা আমৰিণ্ডিয়ান :- আমেৰিকাৰ ইণ্ডিয়ানসকলক প্ৰজাতি শ্ৰেণীকৰণত যথেষ্ট অসুবিধা লক্ষ্য কৰা হয়। যদিও এওঁলোক নি:সন্দেহ মংগোলীয় তথাপি এওঁলোকৰ মাজত বহুতো অনা মংগোলীয় উপাদান সোমাই পৰিছে। উত্তৰ আমেৰিকা, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাত এওঁলোকৰ বসতি লক্ষ্য কৰা হয়।

‍১৩/ প্ৰজাতীয় নিকম মানে কি ? চৰ্মবৰ্ণক প্ৰজাতীয় নিকম হিচাপে আলোচনা কৰা।

উত্তৰ :- কিছুমান জীৱতাত্বিক লক্ষণৰ ভিক্তিত মানৱগোষ্টীৰ তিনিটা মুখ্য প্ৰজাতিত ভাগ কৰা হৈছে। এই জীৱতাত্বিক লক্ষণসমূহকে প্ৰজাতীয় নিকম বোলা হয়। সংক্ষেপ কবলৈ গলে – বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত যিবোৰ শাৰীৰিক লক্ষণ তথা আনুবংশিক বৈশিষ্ট্যৰ ভিত্তিত মানৱগোষ্টীক প্ৰজাতি শ্ৰেণীকৰণ কৰা হয়। তাৰ প্ৰতিটোক প্ৰজাতীয় নিকস বোলে। যেনে – চৰ্মবৰ্ণ, নেএ, মস্তক আকৃতি, কেশ, দৈহিক উচ্চতা, নাক হস্তাংগুলী আৰু কৰতল ছাপ, ৰক্তসমষ্টি ইত্যাদি।

চৰ্মবৰ্ণ :- প্ৰজাতীয় নিকস হিচাপে চৰ্মবৰ্ণৰ আৱশ্যকতা বিশেষ লেখত লবলগীয়া। মানুহৰ চৰ্ম বহি:স্তক আৰু অন্ত:স্তক নামৰ দুটা স্তৰৰ দ্বাৰা গঠিত। বহি:স্তক কিছুমান ক’লা বা গাঢ় পিংগল ৰক্তকণিকা থাকে। এই ৰক্তকণিকাবোৰৰ পৰিমাণেই চৰ্মবৰ্ণ নিৰ্ধাৰণ কৰে। চৰ্মবৰ্ণৰ ৰক্ষামূলক থাকে। বিষুবীয় অঞ্চলত সূৰ্য্যৰ কিৰণ পোনভাৱে পৰে বাবে তাপৰ প্ৰখৰতা বেছি। এনে প্ৰখৰতা দেহৰ কাৰণে ক্ষতিকাৰক। সেয়েহে দেখা যায় এই অঞ্চলৰ বাসিন্দা সকলৰ ছালত ৰক্তকণিকাৰ পৰিমাণ বেছি অৰ্থাৎ মানুহবোৰ ক’লা ৰঙৰ। ৰক্তকণিকাৰ পৰিমাণ বেছি হ’লে ইয়াক ভেদ কৰি সূৰ্য্যৰ কিৰণে দেহত অনিষ্ট সাধন কৰিব নোৱাৰে। 

আকৌ বিষুৱীয় অঞ্চলৰ পৰা যিমানে আতৰি যোৱা যায় সিমানে মানুহৰ ছালত ৰক্তকণিকাৰ পৰিমাণ কম হোৱা দেখা যায়। অৰ্থাৎ মানুহৰ ছাল পাতল ৰঙৰ হৈ পৰে। কিয়নো এই অঞ্চল সমূহত সূৰ্য্যৰ পোহৰ হেলনীয়াভাৱে পৰাৰ ফলত ইয়াৰ প্ৰখৰতা কম। ফলত ৰক্তকণিকাৰ আবশ্যকাত কম।

পৃথিৱীৰ বিভিন্ন ব্যক্তিসমূহ চৰ্মবৰ্ণ মুঠ তিনিটা ভাগত ভগাব পাৰি।

(ক) শ্বেতচৰ্মী :- বিশেষকৈ ককেচীয় ব্যক্তিসকল শ্বেতচৰ্মী। ইউৰোপৰ বাসিন্দাসমুহ ইয়াৰ উৎকুষ্ট উদাহৰণ। ইউৰোপৰ বাহিৰে পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা আৰু পলিনেচিয়াতো শ্বেতচৰ্মী লোক দেখা যায়।

(খ) কৃষ্ণচৰ্মী :- নিগ্ৰ ‘সকল কৃষ্ণচৰ্মী লোক। মেলানেচীয়, পাপুৱান, অষ্ট্ৰেলিয়া আদিৰো চৰ্মবৰ্ণ ক’লা। ইয়াৰ কিছুমানৰ চৰ্মবৰ্ণ একেবাৰে ক’লা কিছুমানৰ চকলেঠ পিংগল।

(গ) পীতচৰ্মী :- মংগোলীয় লোকসকলৰ চৰ্মবৰ্ণ পীত।আমেৰিকাৰ আমেৰিও, দক্ষিণ আফ্ৰিকাৰ বুছমেন আৰু হতনৈটট চৰ্মতা পীতবৰ্ণ দেখা যায়।

1 thought on “Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top