Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা and select needs one.

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা Solutions for All Subject, You can practice these here…

১৭) এটা শব্দ বা বাক্যত উত্তৰ দিয়া :-

ক) দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে ?

উত্তৰঃ- বিষু । 

খ) বিষুৱন কি ?

উত্তৰঃ- প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন ।

গ) কোনখন উপন্যাসত বিহুনাচ আৰু গীত সম্পৰ্কে প্ৰথপ আভাস পোৱা যায় ?

উত্তৰঃ- মিৰি জীয়ৰী উপন্যাসত ।

ঘ) ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

ঙ) লাইহাৰাওৱা কি ?

উত্তৰঃ- মণিপুৰৰ পুৰণি যৌনমূলক নৃত্য ।

চ) ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় ।’ ― এই মন্তব্য কোনে কৰিছিল ? 

উত্তৰঃ- ১৮৯৬ চনত গৰ্ডন চাহাবে ।

ছ) বলী নাৰায়ণ বৰুৱাই বিহুৰ বিষয়ে কত লিখিছিল ?

উত্তৰঃ- ‘আসাম বন্ধু’  কাকতত । 

জ) কাতি বিহুৰ সময়ত সূৰ্য কোন ৰাশিলৈ যায় ?

উত্তৰঃ- তুলা ৰাশিলৈ । 

ঝ)  দান দক্ষিণ কৰা কথাটো কত পোৱা যায় ?

উত্তৰঃ- ‘স্মৃতি শাস্ত্ৰ’ আৰু  ‘বিষ্ণু পুৰাণ’ত ।

ঞ) ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুথিখন কোনে লিখা ? এইখন কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ- গণেশ চন্দ্ৰ হাজৰিকাই । ১৯১৮ চনত । 

ট) ‘মিৰি জীয়ৰী’ কেতিয়া ছপা হৈছিল ?

উত্তৰঃ- ১৮৯৬ খ্ৰীষ্টাব্দত । 

ঠ) ইন্দ্ৰধব্বজ কি ?

উত্তৰঃ- প্ৰাচীন কালৰ পূজা ।

ড) হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য গীত কি বুলি ঠাৱৰ কৰিছিল ?

উত্তৰঃ- অশোভন বুলি ।

ঢ) অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পতা হৈছিল ?

উত্তৰঃ- গুৱাহাটী নগৰত । 

ণ) ‘ঐতিৰিয় ব্ৰাহ্মণ’ কি ?

উত্তৰঃ- এখনি পুৰণি শাস্ত্ৰ ।

ত)  ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী । 

থ) ‘বিহু’ শব্দৰ উৎপত্তি কিহৰ পৰা হোৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰে?

উত্তৰঃ- ‘বিষুৱন’ শব্দৰ পৰা ।

দ) শৰৎ কালত সূৰ্য তুলা ৰাশিলৈ যোৱা কথাটো কত আছে ?

উত্তৰঃ- বিষ্ণুপুৰাণত ।

ধ) মধ্যপ্ৰাদেশৰ ওৰাওসকলে কোন কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে ?

উত্তৰঃ- গ্ৰীষ্ম কালত । 

ন) অসমীয়া কোনগৰাকী ঐপন্যাসিকৰ উপন্যাসত প্ৰথম বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা পায় ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈৰ উপন্যাসত ।

প) বিহু নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা থকা প্ৰথম উপন্যাসখনৰ নাম কি ?

উত্তৰঃ- ‘মিৰি জীয়ৰী’ । 

ফ) ‘পৃথিৱীৰ চৌপাশে এপাহ’ গ্ৰন্থৰ লেখল কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

১৭) তলৰ প্ৰতিটো প্ৰশ্নৰ লগতে বন্ধনীৰ মাজত একাধিক উত্তৰ দিয়া হৈছে । শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা :- 

ক) হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য গীত কি বুলি ঠাৱৰ কৰিছিল ?(অশ্লীল / অশোভন / অসংস্কৃতল / কুৰুচিপূৰ্ণ / অসামাজিল )

উত্তৰঃ- অশোভন ।

খ) কোনখন উপন্যাস বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহল বৰ্ণনা দিয়াৰ ক্ষেত্ৰত প্ৰথম ? ( পদুম কুঁৱৰী / ৰহদৈ লিগিৰী / মিৰি জীয়ৰী / জীৱনৰ বাটত / অপূৰ্ণ )

উত্তৰঃ- মিৰি জীয়ৰী ।

গ)  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ পুথিখনি কোনে লিখা ?( লক্ষ্মীনাথ বেজবৰুৱাই  /ৰজনীকান্ত বৰদলৈয়ে / বলী নাৰায়ণ বৰাই / গণেশ চন্দ্ৰ হাজৰিকাই / ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ) 

উত্তৰঃ- গণেশ চন্দ্ৰ হাজকিৰাই ।

ঘ)  অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পতা হৈছিল ?

( ডিব্ৰুগড়ত / শিৱসাগৰত / গুৱাহাটীত / তেজপুৰত / যোৰহাটত ) 

উত্তৰঃ- গুৱাহাটীত । 

ঙ) কোনখন পুথিত প্ৰথম বিহু গীত নৃত্যৰ আভাস পোৱা যায় ?

( মনোমতী / মিৰি জীয়ৰী / ৰহদৈ লিগিৰী / নিৰ্মল ভকত / রঙ্গিলী )

উত্তৰঃ- মিৰি জীয়ৰী । 

চ) ইন্দ্ৰধব্বজ কি ?( প্ৰাচীন কালৰ ৰজা / প্ৰাচীন কালৰ পূজা / লোক অনুষ্ঠান / নৃত্য বিশেষ / ব্যক্তি বিশেষ )

উত্তৰঃ- প্ৰাচীন কালৰ পূজা । 

ছ) বিহু নৃত্য গীতক কোনে অশোভন বুলি ঠাৱৰ কৰিছিল ?( বলী নাৰায়ণ বৰাই / ৰজনীকান্ত বৰদলৈয়ে / গৰ্ডন চাহাবে / হলিৰাম ঢেকিয়াল ফুকনে / গণেশ হাজৰিকাই  )

উত্তৰঃ- হলিৰাম ঢেকিয়াল ফুকনে । 

জ) ঐতিৰিয় ব্ৰাহ্মণ কি ?( এখন পুৰণি শাস্ত্ৰ / এজন ব্যক্তি / এটা উৎসৱ/ এটা অনুষ্ঠান / এটা আখ্যান )

উত্তৰঃ- এখন পুৰণি শাস্ত্ৰ ।

ঝ) মিৰি জীয়ৰী কেতিয়া ছপা হৈছিল ?( ১৮৮৫ খ্ৰীষ্টাব্দত / ১৮৯৬ খ্ৰীষ্টাব্দত / ১৮৫০ খ্ৰীষ্টাব্দত / ১৮৯৫ খ্ৰীষ্টাব্দত / ১৯১৭ খ্ৰীষ্টাব্দত )

উত্তৰঃ- ১৮৯৫ খ্ৰীষ্টাব্দত ।

ঞ) দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে ?

( বিষু / হুঁচৰি। / কাৰ্তিক পূজা / হলি / মদন চতুৰ্দশী )

উত্তৰঃ- বিষু ।

ট) ‘বিষুৱন’ কি ? ( এটা উৎসৱ / প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন / এটা যজ্ঞ / এটা সংক্রান্তি )

উত্তৰঃ- প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন  ।

ঠ) দান দক্ষিণা কৰা কথা কত পায় ?( অথৰ্ববেদত / ঐতৰিয় ব্ৰাহ্মণ / স্মৃতি শাস্ত্ৰত / বিষ্ণু পুৰাণত )

উত্তৰঃ- স্মৃতি শাস্ত্ৰত ( বিষ্ণু পুৰাণতো পোৱা যায় ) ।

ড) কাতি বিহুৰ সময়ত সূৰ্য কোন ৰাশিলৈ যায় ? ( তুলা ৰাশিলৈ / মেষ ৰাশিলৈ / মিথুন ৰাশিলৈ / কৰ্কট ৰাশিলৈ )

উত্তৰঃ- তুলা ৰাশিলৈ । 

ঢ) বিহু শব্দৰ উৎপত্তি কৰ পৰা হৈছে ?( বিষু শব্দৰ পৰা / বিষুৱন শব্দৰ পৰা / বৈশাখী শব্দৰ পৰা / সংক্ৰান্তী শব্দৰ পৰা )

উত্তৰঃ- বিষুৱন শব্দৰ পৰা । 

ণ) সূৰ্য তুলা ৰাশিলৈ গলে কি বিহু হয় ? ( বহাগ বিহু / কাতি বিহু / মাঘ বিহু )

উত্তৰঃ- কাতি বিহু । 

ত) হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজত কি উৎসৱ হয় ?

( বৈশাখী উৎসৱ / বিষুৱন উৎসৱ / দশহৰা উৎসৱ )

উত্তৰঃ- বিষুৱন উৎসৱ ।

থ)  মধ্যপ্ৰাদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত সমূহীয়াকৈ কি কৰে ?

( মাছ মাৰে / পহু চিকাৰ কৰে / বিষু চিকাৰ কৰে / বিহু নাচে )

উত্তৰঃ- বিষু চিকাৰ কৰে ।

দ)  বলীনাৰায়ণ বৰাই বিহুৰ বিষয়ে কত লিখিছিল ?( জোনাকী / অৰুনোদই / বাঁহী / আসাম বন্ধু )

উত্তৰঃ- আসাম বন্ধু ।

ধ) কোনখন উপন্যাসত বিহু নাচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পোৱা যায় ?

উত্তৰঃ- মিৰি জীয়ৰী উপন্যাসত ।

ন) ‘ ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

প) লাইহাৰাওৱা কি ?

উত্তৰঃ- মণিপুৰৰ পুৰণি যৌনমূলক নৃত্য । 

ফ) ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় ।’ – এই মন্তব্য কোনে কৰিছিল ?

উত্তৰঃ- ১৮৯৬ চনত গৰ্ডন চাহাবে ।

ব) ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনৰ ৰচক কোন ?

উত্তৰঃ- গণেশ চন্দ্ৰ হাজৰিকা ।

ভ) ‘কেঁচা পাতৰ কঁপনি’  উপন্যাস কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামীয়ে । 

ম) ‘আসাম বন্ধু’ আলোচনীখন কেতিয়া প্ৰকাশ পায় ?

উত্তৰঃ- ইং  ১৮৮৫ – ৮৬ চনত । 

য) ‘অসমৰ স্কট’  ৰূপে কাক কোৱা হয় ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈক ।

ৰ) ‘বিলাতী হোজা’ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

টোকা :-

ক) অথৰ্ববেদ :- চাৰিবেদৰ চতুৰ্থখন হল অথৰ্ববেদ । প্ৰাচীন কালত ইয়াক  ‘অথৰ্বাংগিৰসবেদ’ বোলা হৈছিল । যাজ্ঞবল্ক্য , গৌতম , মনু আদি স্মৃতিকাৰ সকলে উল্লেখ কৰিছে যে ৰজাৰ পক্ষে এই বেদ অধ্যয়ন অপৰিহাৰ্য । সেই কাৰণেই ইয়াৰ আন এটা নাম হল  ‘ক্ষাত্ৰ বেদ’ । অথৰ্ববেদৰ শাখা দুটা , পৈপ্ললাদ আৰু শৌনকীয় । 

খ) ঐতৰেয় ব্ৰাহ্মণ :- বৈদিক সাহিত্যৰ ব্ৰাহ্মণ গ্ৰন্থসমূহৰ ভিৰতৰ ই প্ৰাচীনতম ।গ্ৰন্থ । গ্ৰন্থখনি মূলতঃ পদ্যত ৰচিত হলেও কেইটামান আখ্যান গদ্যতো ৰচিত আছে । 

গ) বিষ্ণুপুৰাণ :- বৈষ্ণৱ সম্প্ৰদায়ৰ মূল গ্ৰন্থ বিষ্ণুপুৰাণ । ৰামানুচাৰ্যই তেওঁৰ বেদান্ত সূত্ৰৰ টিকাত এই কথা উল্লেখ কৰিছে । পুৰাণখনৰ বিষয়বস্তুৰ ধাৰাবাহিকতাই প্ৰমাণ কৰে যে ই এখন প্ৰাচীন পুৰাণ আৰু ইয়াৰ মূল ৰূপটো আজিলৈকে অপৰিৱৰ্তিত । পুৰাণৰ পঞ্চ লক্ষণ , যেনে সৰ্গ ( সৃষ্টি ) , প্ৰতিসৰ্গ ( সৃষ্টিৰ পিছত পুন : সৃষ্টি ) , বংশ ( দেৱতা বা ঋষি মুনি সকলৰ বংশ ) , মনন্তৰ ( মনুৰ অধিকাৰ ফল ) আৰু বংশানুচৰিত ( বংশোদ্ভৱ বিখ্যাত চৰিত্ৰ ) ― এই কেইটা ইয়াত বৰ্তমান।বৈষ্ণৱ সকলৰ প্ৰামান্য গ্ৰন্থ  হলেও ইয়াত বিষ্ণুৰ উদ্দেশ্যে কোনো যাগ – যজ্ঞানুষ্ঠানৰ কথা লিপিবদ্ধ হোৱা নাই । 

ঘ) ইন্দ্ৰধব্বজ পূজা :- ভাৰতবৰ্ষত ইন্দ্ৰধব্বজ পূজাৰ ইতিহাস প্ৰাচীন । ভাদ মাহৰ প্ৰথম পক্ষত পুৰণি কালত ৰজাসকলে বৰষুণৰ বাবে এই পূজা কৰিছিল । ‘কালিকা পুৰাণ’কে আদি কৰি প্ৰাচীন গ্ৰন্থত এই পূজাৰ উল্লেখ আছে । জনশ্ৰুতি মতে ইন্দ্ৰধব্বজ পূজা কৰা ৰজাসকলৰ ৰাজ্যত ৰোগ নাশ হয় , শস্য বৃদ্ধি হয় । 

ঙ) বাঁহী :-  ১৯০৯ চনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনাত  ‘বাঁহী’ কাকতখন প্ৰথম প্ৰকাশ হয় । দশম বছৰৰ পৰা  ‘বাঁহী’  চন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত পোনতে ডিব্ৰুগড় আৰু তাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশ পায় । 

চ) মিৰি জীয়ৰী :-  ‘উপন্যাস সম্ৰাট’ ৰজনীকান্ত বৰদলৈৰ দ্বাৰা মিছিং সমাজৰ আধাৰত ৰচিত ই এখনি বিখ্যাত সামাজিক উপন্যাস । মিছিং সকলৰ বিভিন্ন সামাজিক ৰীতি নীতিৰ উপৰি সেই সকলৰ মাজত প্ৰচলিত বিহু নৃত্য আৰু গীতৰো বহুল বিৱৰণ উপন্যাস খনত পোৱা যায় । 

ছ) আসাম বন্ধু :- অসমৰ প্ৰথম আলোচনী বাতৰি কাকত  ‘অৰুনোদই’  ( ১৮৪৬ ) প্ৰকাশৰ প্ৰায় দুকুৰি বছৰ পিছত  ১৮৮৫ চনত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত  ‘আসাম বন্ধু’ নামৰ এই আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পায় । এই আলোচনীখন ১৮৯৪ চনলৈ প্ৰায় নও বছৰহে ই জীয়াই থাকিল । ইয়াত বিভিন্ন বা – বাতৰিৰ উপৰি অসমৰ সাহিত্য , বুৰঞ্জী তথা সমাজৰ নানান কথা প্ৰকাশ পাইছিল । 

জ) হলিৰাম ঢেকিয়াল ফুকন ( ১৮০২ – ১৮৩২ ) :- হলিৰাম ঢেকিয়াল ফুকনৰ পিতৃৰ নাম আছিল পৰশুৰাম বৰুৱা মাতৃৰ নাম কামেশ্বৰী । দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সতে তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয় । চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে । ইং  ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰী চিৰস্তাদাৰ পদত নিযুক্ত হয় – কিন্তু পিছত হোৱাইট চাহাবৰ সৈতে মতানৈক্য হোৱাত সেই পদ এৰি দিয়ে । ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিষ্টেণ্ট মেজিষ্ট্ৰেট পদত নিযুক্ত হয় । ১৮২৯ চনত তেওঁ বঙলাভাষাত  ‘আসাম বুৰঞ্জী’  আৰু ১৮৩২  চনত সংস্কৃত ভাষাত  ‘তীৰ্থ যাত্ৰা পদ্ধতি’ ৰচনা কৰি প্ৰকাশ কৰে । বঙলা ভাষাত ৰচিত  ‘সমাচাৰ চন্দ্ৰিকা’ , ‘সমাচাৰ দৰ্পন’ আদি ভালেমান উল্লেখযোগ্য প্ৰবন্ধও প্ৰকাশ পায় । 

ঝ) বল বৰ্মা :- পুৰণি প্ৰাগজ্যোতিষ ৰাজ্যত বল বৰ্মা উপাধিকাৰী তিনিজন নৃপতিৰ নাম পোৱা যায় । তাৰে শালস্তম্ভবংশী তৃতীয় বল বৰ্মাদেৱে অখণ্ড প্ৰতাপেৰে প্ৰায় একুৰি পাঁচ বছৰ কাল ৰাজত্ব কৰি পৱিত্ৰ বিষুৱ সংক্রান্তি কালত ব্ৰাহ্মণ লৈ ভূমি দান কৰা একাধিক তামৰ ফলি উদ্ধাৰ হৈছে । 

ঞ) বলীনাৰায়ণ বৰা :- বলী নাৰায়ণ বৰাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত । পিতৃৰ নাম দত্তনাৰায়ণ বৰা । ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ  ১৮৭১ চনত এফ এ পৰীক্ষা পাছ কৰি গীলক্ৰাইষ্ট বৃদ্ধি লৈ বিলাতলৈ যায় । ১৮৭৭ চনত কুপাৰ কলেজৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙ সুখ্যাতিৰে পাছ কৰি ঘৰলৈ ঘূৰি আহে । নগাঁও , শিৱসাগৰ আৰু বঙ্গদেশৰো নানান ঠাইত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি ১৯০৭ চনত অধীক্ষক অভিযন্তাৰূপে অৱসৰ গ্ৰহণ কৰে।১৮৮৬ চনত তেওঁ  ‘মৌ’ নামৰ কাকত এখন সম্পাদনা কৰি উলিয়ায় । বৰাৰ ৰচিত গ্ৰন্থ হল – ‘A Geography of India’  ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’ , ‘অসমীয়া প্ৰবচন’ আদি ।

ট) ৰজনীকান্ত বৰদলৈ :- অসমীয়া সাহিত্য জগতত  ‘উপন্যাস সম্ৰাট’ , ‘অসম স্কট’ ৰূপে খ্যাতি লাভ কৰা ৰজনীকান্ত বৰদলৈৰ জন্ম হয় গুৱাহাটীৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে । তাৰ পিছত কলিকতাৰ মেট্ৰোপলিটান কলেজৰ পৰা ১৮৮৭ চনত এফ এ আৰু  ১৮৮৯ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হৈ  ১৮৯১ চনত উত্তৰ লক্ষীমপুৰত মাটিৰ হাকিম পদত নিযুক্ত হয় । ১৯১৮  চনত উপায়ুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে । 

বৰদলৈৰ ৰচিত উপন্যাসসমূহ হল ― ‘ৰহদৈ লিগিৰী’ , ‘মনোমতী’ , ‘মিৰি জীয়ৰী’ , ‘দন্দুৱাদ্ৰোহ’ , ‘নিৰ্মল ভকত’ , ‘তাম্ৰেশ্বৰী মন্দিৰ’ , ‘ৰাধা- ৰুক্মিণীৰ ৰণ’ আদি ।  ‘ভোলাই শৰ্মা’ ছদ্মনামেৰে  ‘বাঁহী’ আৰু  ‘আলোচনী’ কাকতত এলানি হাস্যৰসাত্মক প্ৰৱন্ধও লিখিছিল । ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ  ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অষ্টম অধিবেশনৰ সভাপতি আছিল ।

ঠ) গণেশ চন্দ্ৰ হাজৰিকা :- শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত যোগনীয়া গাঁৱত জন্ম গ্ৰহণ কৰা গণেশ চন্দ্ৰ হাজৰিকাই  ‘বাঁহী’ , ‘আলোচনী’  আদি কাকতত ভালেকেইটা কবিতা আৰু প্ৰবন্ধ লিখিছিল । বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ ( ১৯১৮ ) হাজৰিকাৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top