Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য

Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য and select needs one.

Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য Solutions for All Subject, You can practice these here…

৬)  তলৰ ঔপন্যাসিককেইজনৰ বিষয়ে একোটা চমু আলচ কৰা – 

ক) দীননাথ শৰ্মা ,

খ) শৰৎচন্দ্ৰ গোস্বামী , 

গ) হৰিনাৰায়ন দত্তবৰুৱা , 

ঘ) দৈৱচন্দ্ৰ তালুকদাৰ ,

ঙ) দণ্ডীনাথ কলিতা ।

উত্তৰঃ- ক) দীননাথ শৰ্মা :- সংস্কাৰকামী মনোভাব বা ব্যংগাত্মক দৃষ্টিৰে সমাজৰ প্ৰতি দৃষ্টিপাত নকৰি দৰদী অন্তৰেৰে সমাজৰ নৰ নাৰীৰ বৈচিত্ৰ্যপূৰ্ণ অভিব্যক্তি , আচাৰ নীতি , জীৱনধাৰা আৰু সমস্যা বিশ্লেষণ কৰি উপন্যাস কলাক সৌন্দৰ্যৰ নতুন পৰিপ্ৰেক্ষিততে স্থাপন কৰাত অসমীয়া উপন্যাস সাহিত্যত দীননাথ শৰ্মাৰ নাম বিশেষভাবে উল্লেখযোগ্য । এই শতিকাৰ চতুৰ্থ দশকত আৱাহন কাকতত ঔপন্যাসিকৰূপে আত্মপ্ৰকাশ কৰা দীননাথ শৰ্মাৰ উপন্যাস চাৰিখন – ঊষা , সংগ্ৰাম , নদাই আৰু শান্তি । 

কাহিনীৰ বৈচিত্ৰ্যপূৰ্ণ অভিব্যক্তি , ঘটনাৰ চাঞ্চল্যজনক বিন্যাস নাইবা সংস্কাৰ কামনা আৰু পোহনীয়া আদৰ্শবাদ প্ৰচাৰ উপন্যাস ৰচনাৰ উদ্দেশ্যৰূপে নলৈ ব্যক্তি মানস , আৱেগ অনুভূতি আৰু অভিজ্ঞতাৰ সমীক্ষণ বিশ্লেষণকে প্ৰাধান্য দি উপন্যাস ৰচনা কৰিবলৈ শৰ্মাই প্ৰথমে প্ৰয়াস কৰে । সাম্প্ৰতিক কালৰ যি অভিব্যক্তি আমি দেখা পাওঁ শৰ্মাৰ ৰচনাতে সি প্ৰথমে পৰিস্ফুট হয় , সেই কাৰণে শৰ্মাৰ সাম্প্ৰতিক উপন্যাসৰীতিৰ বাটকটীয়া বুলি অভিহিত কৰিব পাৰি । গতানুগতিক গাঁথনি এওঁৰ প্ৰথম তিনিখন উপন্যাসত নাই । উপন্যাসকেইখনত ব্যক্তি বিশেষৰ বা নায়কৰ জীৱনৰ ধাৰাবাহিক অভিজ্ঞতা আৰু মানসিক ক্ৰিয়া প্ৰতিক্ৰিয়াকে সামাজিক পৰিপ্ৰেক্ষিতত সজাই পৰাই অস্বাদনীয় কৰাৰ প্ৰচেষ্টা লক্ষ্য কৰা যায় । দুটা বা ততোধিক বিৰুদ্ধ শক্তিৰ সংঘর্ষৰ যোগেদি কাহিনী আগবঢ়াই পৰিণতি দান কৰাৰ যি পৰম্পৰাগত প্লট ৰচনাৰীতি পূৰ্বৰ লেখকসকলৰ ৰচনাত আমি পাওঁ শৰ্মাৰ উপন্যাসত সেয়া দেখা নাযায় । তেওঁৰ উপন্যাসত উপস্থাপন কৰা সংঘৰ্ষ বহু পৰিমানে আত্মগত সংঘৰ্ষ আৰু কিছু পৰিমানে পাৰিপাৰ্শ্বিকতাৰ লগত সংঘৰ্ষ । শৰ্মাৰ ‘শান্তি’ উপন্যাসৰ বাহিৰে বাকী তিনিখন উপন্যাসত একক চৰিত্ৰৰ প্ৰাধান্য দেখা যায় । প্ৰথম দুখনি উপন্যাসত যি আৱেগ প্ৰৱণ স্পর্শকাতৰ আৰু লেহুকা মনৰ পৰিচয় পোৱা যায় , ‘নদাই’ আৰু  ‘শান্তি’ত সেই মানসিক শিথিলতা আৰু স্পৰ্শকাতৰতাৰ পৰিৱৰ্তে সুস্থ আৰু সবল মনৰ স্বাক্ষৰ পোৱা যায় । প্ৰথম দুখনত নায়ক চৰিত্ৰক বিষন্নতাৰ ম্লান ছায়াই নিষ্প্ৰভ কৰিছে , কিন্তু নদাই পুৰুষৰ দীপ্তিৰে উদ্ভাসিত । 

খ) শৰৎচন্দ্ৰ গোস্বামী :- অসমীয়া চুটিগল্পৰ অন্যতম প্ৰতিষ্ঠাতা শৰৎচন্দ্ৰ গোস্বামীয়ে উপন্যাস ৰচনাৰ প্ৰচেষ্টা কৰি একমাত্ৰ উপন্যাস  ‘পাণিপথ’ প্ৰকাশ কৰে । বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত হোৱা প্ৰথম পাণিপথৰ যুদ্ধ , বাবৰ আৰু ৰানা সংগ্ৰাম সিংহৰ মাজত ঘটা ফতেপুৰ চিক্ৰিৰ যুদ্ধৰ পটভূমিত এই উপন্যাসখনিৰ কাহিনী সংস্থাপিত হৈছে । ঐতিহাসিক ঘটনাৰ পটভূমিত ৰচিত হলেও উপন্যাসখনিৰ কাহিনীৰ সৰহভাগ ঘটনা আৰু সমল কাল্পনিক , ইতিহাসৰ পটভূমিৰূপেহে ইয়াত কল্পিত হৈছে । 

ইতিহাসৰ ঘটনাত সংস্থাপিত হৈছে যদিও ইয়াক প্ৰকৃত ঐতিহাসিক উপন্যাস বুলিব নোৱাৰি । উপন্যাসখনিত বিন্যস্ত বিভিন্ন কথাবৃত্তৰ ভিতৰত কোনটো মুখ্য আৰু কোনটো গৌণ তাৰ কোনো স্পষ্ট ধাৰণা পাঠকৰ হোৱা নাই । উপন্যাসখনিত যি কেইটি ঐতিহাসিক চৰিত্ৰই দেখা দিয়ে তেওঁলোক বিশেষত্বহীন , তেওঁলোকৰ ব্যক্তিত্বৰ স্পৰ্শ ৰূপায়ণ হোৱা নাই । চৰিত্ৰ সৃষ্টিত লেখকৰ সাৰ্থকতা লক্ষ্য কৰা নাযায় । মুঠতে চুটিগল্প ৰচনাত গোস্বামীৰ কৃতকাৰ্যতা আমি তেওঁৰ একমাত্ৰ উপন্যাসখনিত লক্ষ্য কৰিব নোৱাৰোঁ । 

গ) হৰিনাৰায়ণ দত্তবৰুৱা :- হৰিনাৰায়ণ দত্তবৰুৱাৰ উপন্যাস ৰচনাৰ একমাত্ৰ আৰু শেষ প্ৰচেষ্টা  ‘চিত্ৰদর্শন’ এই শতিকাৰ চতুৰ্থ দশকত প্ৰকাশ পায় । বিখ্যাত শৰাইঘাটৰ যুদ্ধ আৰু তাৰ অব্যৱহৃত পূৰ্বৰ খণ্ডযুদ্ধকেইখনৰ আবেষ্টনীত উপন্যাসখনিৰ কাহিনী প্ৰতিষ্ঠিত হৈছে । চৈয়দ চানা আৰু ফিৰোজৰ নেটৰুত্বত হোৱা আহোম মোগল সংঘর্ষত আৰম্ভ হৈ ৰামসিংহৰ সেনাপতিত্বত ঘটা দলিবাৰী পচৰীয়া আৰু শৰাইঘাটৰ যুদ্ধত কাহিনীৰ পৰিসমাপ্তি ঘটিছে । উপন্যাসখনিত পৰিবেশিত কাহিনী ঐতিহাসিক নহয় যদিও ঐতিহাসিক ঘটনা আৰু বিৱৰণ দিয়াত লেখকে অধিক শক্তি নিয়োজিত কৰিছে । 

দুটা প্ৰণয় কাহিনীৰ জৰিয়তে উপন্যাসখনৰ কাহিনী আগবাঢ়িছে । কাহিনীকেইটা ৰোমাঞ্চকৰ , চাঞ্চল্যজনক ,  আকস্মিকতাবহুল আৰু বিস্ময়াৱহ পথেদি আগবাঢ়ি একোটা পৰিণতি লাভ কৰিছে । উপন্যাসখনত ঐতিহাসিক ঘটনা আৰু কাল্পনিক ঘটনাৰ সংযোগসূত্ৰ দত্তবৰুৱাই দৃঢ়ভাৱে ৰচনা কৰিব পৰা নাই । মুঠতে চিত্ৰদর্শন উপন্যাসৰ কাহিনী আৰু চৰিত্ৰাৱলী কাল্পনিক যদিও ইতিহাসৰ ঘটনাগধূৰ বিৱৰণৰ হেঁচাত পাৰিবাৰিক জীৱনৰ মুক্ত বিকাশ সম্ভৱ হৈ উঠা নাই । 

ঘ) দৈৱচন্দ্ৰ তালুকদাৰ :– ৰজনীকান্ত বৰদলৈৰ পিছৰ অসমীয়া ঔপন্যাসিক সকলৰ ভিতৰত দৈৱচন্দ্ৰ তালুকদাৰ অন্যতম । 

ছাত্ৰৱস্থাৰ পৰাই সাহিত্য চৰ্চাত ৰত তালুকদাৰে উপন্যাসৰ উপৰি কবিতা আৰু নাটকো ৰচনা কৰিছিল । তেওঁৰ উপন্যাসকেইখন হৈছে ধুৱলী কুঁৱলী , অপূৰ্ণ , আগ্নেয়গিৰি , বিদ্রোহী , আদৰ্শপীঠ আৰু দুনীয়া । মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ৰাজনৈতিক আৰু সামাজিক আন্দোলনে তালুকদাৰক প্ৰভাৱাম্বিত কৰিছিল । তেওঁৰ উপন্যাসসমূহত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজ সংস্কাৰৰ মনোভাব অতি প্ৰবল । তেওঁৰ উপন্যাসৰ কাহিনীত শিথিলতা লক্ষ্য কৰা যায় । স্ত্ৰী শিক্ষাৰ প্ৰৱৰ্তন , বিধৱাৰ সমস্যা , কুটিৰ শিল্পৰ প্ৰচলন , শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা , পাশ্চাত্য বিজ্ঞান আৰু প্ৰাচ্য আধ্যাত্মিকতাৰ লগত সমন্বয় সাধন , ব্যক্তিগত আৰু সামাজিক বদ অভ্যাসৰ সংস্কাৰ সাধন আদি তেওঁৰ উপন্যাসসমূহত অসংখ্য সমস্যাৰ উত্থাপন তেওঁ কৰিছে । সেয়ে অত্যধিক আদর্শপ্ৰৱনতাই তেওঁৰ উপন্যাসত সুসংহত কাহিনী আৰু চৰিত্ৰ সৃষ্টিত ব্যঘাত জন্মাইছে  ।

ঙ)  দণ্ডীনাথ কলিতা :- অসমীয়া উপন্যাস সাহিত্যৰ প্ৰথম ঔপন্যাসিক সকলৰ ভিতৰত দণ্ডীনাথ কলিতা অন্যতম । তেওঁৰ উপন্যাসকেইখন হল –  ‘ফুল’ , ‘সাধনা’ , ‘আৱিষ্কাৰ’   আৰু  ‘গণ – বিপ্লৱ’ । তেওঁৰ প্ৰথম উপন্যাস ‘ফুল’ ছাত্ৰৱস্থাতে ৰচনা কৰা । উপন্যাসখনিৰ কাহিনীভাগ মানৰ শেষ আক্ৰমণৰ সময়ৰ অৰাজক আৰু অস্থিৰ পটভূমিত সংস্থাপিত হৈছে । উপন্যাসখনিত কোমল বয়সৰ লেখকৰ কল্পনাৰ চপলতা আৰু ৰোমান্টিক ভাৱবিলাসৰ পৰিচয় সুস্পষ্ট । 

‘সাধনা’ কবিতাৰ দ্বিতীয় উপন্যাস আৰু এইখনিয়েই তেওঁৰ শ্ৰেষ্ঠ উপন্যাস । উপন্যাসখনিৰ কেন্দ্ৰস্থ বিষয় হল ভণ্ড , প্ৰতিক্ৰিয়াশীল , স্বাৰ্থাম্বেষী গোষ্ঠীৰ লগত সংস্কাৰকামী আদৰ্শ প্ৰয়াসীৰ সংঘৰ্ষ । 

উপন্যাসখনিত দুটি প্ৰধান চৰিত্ৰ দীনবন্ধু আৰু প্ৰভাতৰ জৰিয়তে সামাজিক সংস্কাৰৰ আদৰ্শ ঔপন্যাসিকে ৰূপায়িত কৰিছে । তেওঁৰ তৃতীয় উপন্যাস  ‘আৱিষ্কাৰ’তো লেখকে আদৰ্শবাদৰ কথা কৈছে । পিছে কাহিনী আৰু চৰিত্ৰ দুয়োটা দিশৰ পৰা উপন্যাসখনি দুৰ্বল । কলিতাৰ চতুৰ্থ উপন্যাস  ‘গণ – বিপ্লৱ’  ঐতিহাসিক মোৱামৰীয়া বিদ্রোহৰ পটভূমিত ৰচিত । ঔপন্যাসিকে মোৱামৰীয়া বিদ্রোহক আহোম ৰজাৰ স্বেচ্ছাচাৰিতা আৰু অত্যাচাৰৰ বিৰুদ্ধে জনগণৰ বিদ্ৰোহ বুলি কৈছে যদিও কাৰ্যত : জনতাৰ বিদ্ৰোহ বা বিপ্লবলৈ লিখনিৰে তাক ৰূপান্তৰ কৰি দেখুৱাব পৰা নাই । সেয়ে ই প্ৰকৃততে গল্পৰ চলেৰে প্ৰকাশিত ইতিহাস , উপন্যাসৰ স্তৰলৈ ই উন্নীত হোৱা নাই । 

এনেদৰে দণ্ডীনাথ কলিতাৰ উপন্যাসত সামাজিক সমালোচনাই প্ৰাধান্য লাভ কৰিছে আৰু বিদ্রোপ আৰু ব্যংগই তেওঁৰ কাহিনীত বিশেষ স্থান লাভ কৰিছে । কলিতাই তেওঁৰ উপন্যাসসমূহৰ যোগেদি সমাজৰ আৱৰ্জনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু সংস্কাৰ আৰু উন্নতিৰ পৰিকল্পনাও কাহিনীৰ জৰিয়তে দাঙি ধৰিছে ।

৭) বিৰিঞ্চি কুমাৰ বৰুৱাই কি কি ছদ্মনামত উপন্যাস লিখিছিল ? ঔপন্যাসিক হিচাপে তেওঁৰ চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ- বিৰিঞ্চি কুমাৰ বৰুৱাই  ‘বীণা বৰুৱা’ আৰু ‘ৰাস্না বৰুৱা’  এই দুটা ছদ্মনামত উপন্যাস লিখিছিল । 

বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া সাহিত্য জগতৰ পোনপ্ৰথমেই স্বীকৃতি লাভ কৰে  ‘বীণা বৰুৱা’  এই ছদ্মনামত । চতুৰ্থ দশকত  ‘আহ্বান’ কাকতত বীণা বৰুৱাৰ চুটিগল্পই এই আলোড়নৰ সৃষ্টি কৰিছিল । সেই গল্পসমূহেই যুদ্ধোত্তৰ কালত প্ৰকাশিত  ‘আঘোণী বাঈ’  আৰু ‘পট পৰিৱৰ্তন’ত সন্নিবিষ্ট হৈছে । চুটিগল্পৰ লগতে কথাশিল্পীৰূপে প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে বৰুৱাৰ ছদ্মনামত লিখা দুখন অনুপম উপন্যাসে । তেখেতৰ  ‘বীণা বৰুৱা’ ছদ্মনামত লিখা ‘জীৱনৰ বাটত’ ( ১৯৪৫ ) যুদ্ধোত্তৰ কালছোৱাৰ উপন্যাস সাহিত্যৰ সিংহদুৱাৰস্বৰূপ । এই উপন্যাস অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰূপায়ন আৰু অসমীয়া গাঁৱলীয়া চৰিত্ৰ অধ্যয়নত , পাৰিবাৰিক জীৱনৰ প্ৰাত্যহিক চিত্ৰাংকনত আৰু চৰিত্ৰৰ মানসিক অভিব্যক্তি প্ৰকাশ কৰাত লেখকৰ দক্ষতা উজ্জ্বলভাৱে প্ৰকাশ পাইছে । সমস্ত সামাজিক উপন্যাসৰ ভিতৰত মানৱ জীৱনৰ প্ৰকৃত চিত্ৰণত এই উপন্যাসখনিৰ লগত ফোৰ মাৰিব পৰা দ্বিতীয় এখন উপন্যাস হয়তো উলিওৱা সহজ নহব । 

বিৰিঞ্চি কুমাৰ বৰুৱাই আন এটি ছদ্মনাম  ‘ৰাস্না বৰুৱা’  নামত লিখা উপন্যাস  ‘সেউজী পাতৰ কাহিনী’  ( ১৯৫৮ )  অসমৰ চাহ বাগানৰ জীৱনত সুন্দৰ আলেখ্য । ‘জীৱনৰ বাটত’  উপন্যাসত ৰূপায়িত হোৱা তগৰ আৰু  ‘সেউজী পাতৰ কাহিনী’ৰ চনিয়া এই দুটা চৰিত্ৰ বৰুৱাৰ অনুপম সৃষ্টি । আনবোৰ চৰিত্ৰ সৃষ্টিতো তেখেতে সমানেই সফলতা অৰ্জন কৰিছে । 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৮) ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া উপন্যাস সাহিত্যৰ ক্রম বিকাশৰ এটি ৰূপৰেখা প্ৰস্তুত কৰা ।

অথবা

জোনাকী যুগৰ অসমীয়া উপন্যাসৰ এটি চমু সমীক্ষা  আগবঢ়োৱা ।

উত্তৰঃ- অসমীয়া সাহিত্যত উপন্যাস আৰু চুটিগল্পৰ সৃষ্টি পাশ্চাত্য সাহিত্য অধ্যয়নৰ প্ৰত্যক্ষ ফল । প্ৰাচীন সংস্কৃত সাহিত্যত গদ্য ৰচনা কৰা কাব্যধৰ্মী আখ্যায়িকাৰ লগত বৰ্তমানৰ উপন্যাসৰ কোনো সম্পৰ্ক নাই । সেইদৰে পৌৰাণিক সাহিত্যৰ পঞ্চতন্ত্ৰ , হিতোপদেশ বা জাতকমালাও আধুনিক চুটিগল্পৰ পিতৃপুৰুষ নহয় । সংস্কৃত সাহিত্যৰ সেইসমূহ ৰচনা আছিল বাস্তৱতাৰ লগতে অলৌকিকতা আৰু ধৰ্মীয় একদেশদৰ্শিতাৰে পৰিপূৰ্ণ । কিন্তু বৰ্তমানৰ উপন্যাস আৰু চুটিগল্প সেই অলৌকিকতা আৰু ধৰ্মীয় একদেশদৰ্শিতাৰ পৰা সম্পূৰ্ণ মুক্ত , বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানৱ জীৱনৰ ঐহিক সুখ দুখৰ কথাই ইয়াৰ প্ৰধান উপজীৱ্য । 

‘অৰুনোদই’ত প্ৰকাশ পোৱা বুনিয়নৰ ‘জাত্ৰিকৰ যাত্ৰা’  ( Pilgrim’s Progress ) অনুদিত লিখনি আৰু তাৰ পিছত মিছনাৰীসকলেই খ্ৰীষ্টধৰ্মী প্ৰচাৰৰ অৰ্থে , ‘ফুলমণি আৰু কৰুণা’ আৰু  ‘কামিনিকান্ত’ নামৰ দুখন আখ্যানকেই অসমীয়া উপন্যাসৰ ধলফাট বুলিব পাৰি যদিও সি আছিল সম্পূৰ্ণ প্ৰচাৰধৰ্মী আৰু উপন্যাসৰ প্ৰকৃত বৈশিষ্ট্যৰহিত । ইয়াৰ পিছত  ১৮৮০ চনত পদ্মাৱতী দেৱী ফুকননীৰ দ্বাৰা ৰচিত ‘সুধৰ্মাৰ উপাখ্যান’ খনিত কিন্তু প্ৰচাৰকামী মনোবৃত্তি নাই আৰু আখ্যানৰ এটি সহজ সৰল গতি আছে , তথাপি ই প্ৰকৃত বাস্তৱবাদী ভেটিত থিয় দিব পৰা নাছিল । তাৰ পিছত ৰচিত হেমচন্দ্ৰ বৰুৱাৰ  ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ক বাস্তৱ দৃষ্টিভংগী আৰু চৰিত্ৰ সৃষ্টিয়ে উপন্যাসৰ কিছু ওচৰ চপাই নিয়ে । অৱশ্যে আখ্যানৰ বিকাশ আৰু সৌন্দৰ্য ইয়াত বিশেষ পাবলৈ নাই ।

আমাৰ আলোচিত কালছোৱাত অৰ্থাৎ  ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ এই কালছোৱাত অসমীয়া উপন্যাস সাহিত্যৰ বহুল সৃষ্টি হৈছিল বুলি কব নোৱাৰি যদিও যিসকল সাহিত্যকে কমসংখ্যক হলেও উপন্যাস ৰচনা কৰিছিল সেয়াই অসমীয়া উপন্যাস সাহিত্যৰ কালজয়ী পথ ৰচনা কৰি থৈ গল বুলি সকলোৱে স্বীকাৰ কৰিব লাগিব ।

তলত সেই কালছোৱাত ৰচিত উপন্যাস সাহিত্যৰ এটি সাধাৰণ পৰিচয় দিয়া হল – 

পদ্মনাথ গোহাঞি বৰুৱা :- আধুনিক যুগৰ প্ৰকৃত উপন্যাসৰ ধাৰা আৰম্ভ হৈছে বুলি কব পাৰি পদ্মনাথ গোহাঞি বৰুৱাৰ  ‘ভানুমতী’  ( ১৮৯৯ ) আৰু  ‘লাহৰী’ ( ১৮৯২ )  এই দুখনি উপন্যাস ৰচনাৰে । এই দুয়োখন উপন্যাসেই প্ৰেমৰ চিত্ৰ ।  ‘ভানুমতী’ দুখাত্মক আৰু ‘লাহৰী’  মিলনাত্মক। দুয়োখন উপন্যাসেই নায়িকাপ্ৰধান । লিখকে দুয়োখন উপন্যাসকে আহোম যুগৰ শেষস্তৰৰ ঐতিহাসিক পটভূমিত ৰচনা কৰিছে যদিও ইতিহাসৰ ঘটনাই আখ্যানৰ বিকাশত বিশেষ সদায় কৰিছে বুলি কব নোৱাৰি । সেই কাৰণে উপন্যাস দুখনিক ঐতিহাসিক নুবুলি সামাজিক উপন্যাস বুলিহে কব পৰা যায় । উপন্যাস দুখনত চাঞ্চল্যকৰ ঘটনা আছে , কিন্তু চৰিত্ৰ সৃষ্টি আৰু মানসিক বিশ্লেষণ নাই । পৰিবেশ বা পৰিস্থিতিৰ বৰ্ণনা আছে , কিন্তু চৰিত্ৰৰ আভ্যন্তৰীণ বিশ্লেষণ নাই । তথাপি আখ্যান প্ৰধান উপন্যাস হিচাপে আৰু আধুনিক উপন্যাসৰ বাটকটীয়া হিচাপে উপন্যাস দুখনিৰ গুৰুত্ব আৰু জনপ্ৰিয়তা কোনেও নুই কৰিব নোৱাৰে । 

লক্ষ্মীনাথ বেজবৰুৱা :- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাস  ‘পদুম কুঁৱৰী’ ( ৰচনা ১৮৯০ , প্ৰকাশ ১৯০৫ ) আধুনিক যুগৰ উপন্যাস ৰচনাৰ অন্যতম পথপদর্শক উপন্যাস । উপন্যাসখনিত ঐতিহাসিক দন্দুৱাদ্ৰোহে প্ৰধান অংশ গ্ৰহণ কৰিছে । কিন্তু অস্বাভাৱিক ঘটনা , চাঞ্চল্যকৰ পৰিণতি আৰু অপ্ৰয়োজনীয় তথা ঔচিত্যহীন বৰ্ণনাই উপন্যাসখনৰ গুৰুত্ব কমাইছে । কিন্তু লেখকৰ কৃতিত্ব এয়ে যে প্ৰেমাখ্যানটো ঐতিহাসিক ঘটনাৰ লগত অংগাংগীভাৱে জড়িত কৰিব পাৰিছে ।

ৰজনীকান্ত বৰদলৈ ( ১৮৬৯ – ১৯৪৯ ) :- অসমীয়া উপন্যাসে প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈৰ কালজয়ী উপন্যাসসমূহৰ জৰিয়তে । চৰকাৰী চাকৰী কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰোতে তেওঁ বিভিন্ন উপন্যাসৰ সমল সংগ্ৰহ কৰিছিল । ছাৰ ওৱাল্টাৰ স্কট , বংকিম চন্দ্ৰ চট্ৰোপাধ্যায় আদিৰ ঐতিহাসিক উপন্যাসসমূহে তেওঁক অসমীয়া উপন্যাস ৰচনা কৰিবলৈ ঘাইকৈ প্ৰেৰণা যোগায় । বৰদলৈদেৱে ১৮৯৪ চনত প্ৰথমখন উপন্যাস ৰচনা কৰে  ‘মিৰিজীয়ৰী’ । মিৰি জনজাতিৰ ৰীতি নীতি , স্বভাৱ চৰিত্ৰৰ সহানুভূতিশীল অধ্যয়ন আৰু সৰল মিৰি ডেকা গাভৰুৰ একনিষ্ঠ প্ৰেমৰ কৰুণ চিত্রই উপন্যাসখনি সজীৱ কৰি ৰাখিছে । উপন্যাসখনি দুখাত্মক । ‘মিৰিজীয়ৰী’য়েই বৰদলৈদেৱৰ একমাত্ৰ সামাজিক উপন্যাস । 

বৰদলৈদেৱৰ বাকীকেইখন উপন্যাস আহোম ৰাজত্বৰ শেষ কালছোৱাৰ পটভূমিত ৰচিত । সেই উপন্যাসসমূহ হল – ‘মনোমতী ( ১৯০০ ) , ‘ৰঙ্গিলী’ ( ১৯২৫ ) , ‘নিৰ্মল ভকত’ ( ১৯২৬ ) , ‘ৰহদৈ লিগিৰী’ ( ১৯৩০ ) , তদুপৰি মানৰ আক্ৰমণৰ পটভূমিত  ‘তাম্ৰেশ্বৰী মন্দিৰ’ , ‘হৰদত্ত – বীৰদত্তৰ বিদ্ৰোহৰ ভেটিত ‘নন্দুৱা দ্ৰোহ’ ( ১৯২৯ ) আৰু মোৱামৰীয়া বিদ্ৰোহৰ ভেটিত ‘ৰাধা ৰুক্মিণীৰ ৰণ’ তেওঁ ৰচনা কৰিছিল। 

ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনাৰ কৰিবলৈ লোৱাৰ সময়ত অসমীয়া সমাজ তেনেকৈ পংগু আৰু স্থিতিশীল অৱস্থাত । নতুন শিক্ষাৰ চকামকাকৈ পোহৰ পৰিলেও সমাজৰ সৰহভাগ লোক দৰিদ্ৰ , অশিক্ষিত, কু – সংস্কাৰাচ্ছন্ন  আৰু স্থিবিৰ আছিল । সেই কাৰণেই তেনে এখন সমাজৰ পৰা তেওঁ উপন্যাসৰ সমল নিবিচাৰি ঐতিহাসিক পটভূমিকেই উপন্যাসৰ সমল হিচাপে গ্ৰহণ কৰিলে । ঐতিহাসিক পটভূমি গ্ৰহণ কৰাৰ তেওঁৰ উদ্দেশ্য আছিল – 

ক) বৈচিত্ৰ্যপূৰ্ণ ঘটনাৰ সমাবেশ। 

খ) অতীতৰ অসমীয়া জাতিৰ শৌর্য বীৰ্য্যৰ আদৰ্শ দাঙি ধৰা। 

গ) অসমীয়া জাতিৰ স্বাধীনতা লুপ্ত হোৱাৰ কাৰণ নিৰ্দেশ কৰা।

ঘ) ইংৰাজ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমীয়া ৰীতি নীতি , আচাৰ বিশ্বাস , ধৰ্মসংস্কাৰ আদিৰ চিত্ৰ দাঙি ধৰা।আৰু 

ঙ) ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰৱাহিত হৈ থকা জীৱনৰ চিৰন্তৰ আৰু আদিম প্ৰবৃত্তিবোৰৰ ক্ৰিয়া প্ৰক্ৰিয়া প্ৰদৰ্শন কৰা । 

বৰদলৈয়ে উপন্যাসসমূহ আদৰ্শাত্মক দৃষ্টি ভংগীৰে ৰচনা কৰিছে । এওঁৰ উপন্যাসসমূহ নায়িকাপ্ৰধান । তেওঁৰ উপন্যাসত প্ৰেম দেহজ স্তৰত আৰম্ভ হৈ আদৰ্শাত্মক অৱস্থাত পৰিণতি লাভ কৰিছে । সৰু বৰ , সৎ অসৎ সকলো চৰিত্ৰকে তেওঁ সহানুভূতিশীল দৃষ্টিৰে অংকন কৰিছে । চৰিত্ৰসমূহ সৰল , পোনপটীয়া , মানসিক দ্বন্দ্ব স্ত্ৰী পুৰুষ কোনো চৰিত্ৰতে নাই বুলিব পাৰি । মানৱীয় দুৰ্বলতা চৰিত্ৰত নথকা নহয় , কিন্তু লেখকৰ সহানুভূতিশীল চৰিত্ৰাংকনৰ ফলত তেনে চৰিত্ৰয়ো পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ঘটনাবহুল বৈচিত্ৰ্যপূৰ্ণ আখ্যান , মানৱতাবাত , সৰল অকৃত্ৰিম চৰিত্ৰ সৃষ্টি আৰু সুস্থ দৃষ্টিভংগীয়ে তেওঁৰ উপন্যাসসমূহ অদ্যপি আকৰ্ষণীয় কৰি ৰাখিছে ।

অসমীয়া সাহিত্য জগতত বৰদলৈ এই কাৰণেই  ‘উপন্যাস সম্ৰাট’ উপাধিৰে পৰিচিত । 

দণ্ডীনাথ কলিতা :- এই কালছোৱাৰ আন এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক হল দণ্ডীনাথ কলিতা । ছাত্ৰৱস্থাত ৰচনা কৰা  ‘ফুল’ ( প্ৰকাশ – ১৯০৮ ) কলিতাৰ প্ৰথম উপন্যাস । নিজম ভাষা আৰু সৰল বৰ্ণনাভংগী আৰু অ – জটিল চৰিত্ৰ সৃষ্টিৰে ৰচনা কৰা উপন্যাসখনিৰ পটভূমিত হল মানৰ দিনৰ অস্থিৰ অৱস্থা । উপযুক্ত মনোনিৱেশৰ অভাৱ অথবা অপৈনত বয়সত ৰচনা কৰাৰ কাৰণেই হয়তো উপন্যাসখনিত তেওঁৰ প্ৰতিভাই উৎকৰ্ষতা লাভ কৰিব পৰা নাই । 

কলিতাৰ আন দুখন উপন্যাস  ‘পৰিচয়’ আৰু  ‘গণ বিপ্লৱ’  ( ১৯৪৮ ) – ৰ উপন্যাস হিচাপে কোনো সাৰ্থকতা নাই বুলিব পাৰি ।  ‘গণ বিপ্লৱ’ক মোৱামৰীয়া বিদৰোহৰ বৰ্ণনামূলক আখ্যান বুলিলেহে ঠিক হব । কিন্তু তেওঁ পিছত ৰচনা কৰা ‘সাধনা’ ( ১৯২৯ ) আৰু  ‘আৱিষ্কাৰ’ ( ১৯৫১ ) এই দুখন সামাজিক উপন্যাসে তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে । এই দুয়োখনেই তেওঁৰ সাৰ্থক উপন্যাস আৰু দুয়োখনতে সমাজ সংস্কাৰৰ আদৰ্শ প্ৰতিফলিত হৈছে । ‘সাধনা’ৰ নায়ক দীনবন্ধু আৰু  ‘আৱিষ্কাৰ’ৰ নায়ক মাধৱ আদৰ্শবাদী সংস্কাৰকামী যুৱক । নায়িকা ৰম্ভা আৰু প্ৰতিমাৰ যোগেদি সমাজৰ চকুত হেয় যুৱতী নাৰীৰ সমস্যা দাঙি ধৰিছে আৰু আনহাতে ঊষা আৰু মালৱিকা চৰিত্ৰই প্ৰাগতিকামী নাৰীক প্ৰতিনিধিত্ব কৰিছে ।  সেই কাৰণেই তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহক  ‘টাইপ’  চৰিত্ৰ বোলা হয় ।

দৈৱচন্দ্ৰ তালুকদাৰ :- দৈৱচন্দ্ৰ তালুকদাৰো এই কালছোৱাত এজন সাৰ্থক ঔপন্যাসিক । তেওঁৰ উপন্যাস ‘ধুৱলী কুঁৱলী’ ( ১৯২২ ) ,  ‘অপূৰ্ণ’ ( ১৯৩০ – ৩১ ) , ‘আগ্নেয়গিৰি’ , ‘বিদ্রোহী’ ,  ‘আদৰ্শ পীঠ’ , ‘দুনীয়া’ ( ১৯৬২ ) আদিত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজৰ সংস্কাৰৰ মনোভাৱ প্ৰকাশ পাইছে । তালুকদাৰৰ উপন্যাসসমূহৰ কাহিনী অপ্ৰয়োজনীয় বৰ্ণনা আৰু পৰিস্থিতিৰে পৰিপূৰ্ণ ; – সেই কাৰণে উপন্যাসৰ আখ্যানসমূহত শিথিলতা দেখা যায় । স্ত্ৰী শিক্ষাৰ প্ৰৱৰ্তন , বিধৱাৰ সমস্যা , কুটিৰ শিল্পৰ প্ৰচলন , শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা , পাশ্চাত্য বিজ্ঞান আৰু প্ৰাচ্য আধাত্মিকতাৰ লগত সমন্বয় সাধন , সামাজিক আৰু ব্যক্তিগত বদ অভ্যাসৰ সংস্কাৰ সাধন আদি এক এটা সমস্যাই তেওঁৰ উপন্যাসত জুমুৰি দি ধৰিছে ।

তদুপৰি বাবৰ আৰু ইব্ৰাহীম লোডিৰ মাজত হোৱা পানিপথত প্ৰথম যুদ্ধৰ  ভিত্তিত শৰৎ চন্দ্ৰ গোস্বামীয়ে ১৯৩০ চনত ৰচনা কৰা  ‘পানিপথ উপন্যাসৰ পটভূমি ঐতিহাসিক হলেও প্ৰধান কাহিনী আৰু উপকাহিনীকেইটা কাল্পনিক । 

হৰিনাৰায়ণ দত্তবৰুৱাই ৰামসিংহৰ অসম আক্ৰমণ আৰু শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক ঘটনাৰ পটভূমিত ১৯৩১ চনত  ‘চিত্ৰ দৰ্শন’ নামৰ এখনি উপন্যাস ৰচনা কৰিছিল । উপন্যাসখনিত ঐতিহাসিক ঘটনাৰ প্ৰাবল্যৰ বাবে লেখকৰ কাল্পনিক চিন্তাধাৰাই বিশেষভাৱে প্ৰকাশ লাভ কৰা নাই । সেই সময়ছোৱাৰে লেখক হৰেশ্বৰ শৰ্মাৰ  ‘কুসুম কুমাৰী’ ( ১৯০৫ ) , দণ্ডীধৰ সোনোৱালৰ  ‘চপলা’  ( ১৯২০ ) , চিন্তাহৰণ পাটগিৰিৰ  ‘সংসাৰ চিত্ৰ’ ( ১৯১১ ) , নবীন ভট্টাচাৰ্যৰ ‘চন্দ্ৰপ্ৰভা’  (১৯০৮ ) , স্নেহলতা ভট্টাচাৰ্যৰ ‘বেমেজালি’ আৰু  ‘বীণা’ ( ১৯২৬ ) , দীননাথ শৰ্মাৰ  ‘ঊষা’ ( ১৯৪০ ) আদি উল্লেখযোগ্য উপন্যাস প্ৰকাশ পায় । এই উপন্যাসসমূহত সাধাৰণতে পাৰিবাৰিক জীৱনৰ বিভিন্ন দিশ, যেনে – শাহু বোৱাৰীৰ সম্পৰ্ক , অসতী , সুন্দৰী পত্নীৰ ঘৰুৱা অশান্তি , দাম্পত্য প্ৰেম , বাল – বিধৱাৰ সমস্যা আদি ৰূপায়িত হৈছে । এইবোৰ উপন্যাসৰ উপৰি ১৮৯১ চনত ‘বিজুলী’ কাকতত  ‘মেম’ নামৰ ঔপন্যাসিকা এখনি ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল । এইসমূহ উপন্যাস উচ্চস্তৰৰ নহয় যদিও সমসাময়িক সমাজৰ ছবিৰ প্ৰতিফলন ঘটনা আৰু সেই সময়ত উপন্যাস সৃষ্টিৰ পৰিবেশ গঢ়াত সেইবোৰে ভালেখিনি সহায় কৰিছিল । 

সেই সময়ছোৱাতে অসমীয়া ভাষালৈ কমসংখ্যক হলেও ঘাইকৈ ইংৰাজী ভাষাৰ উপন্যাসো অনুদিত হৈছিল । সেই অনুদিত উপন্যাসসমূহৰ হল – লক্ষেশ্বৰ শৰ্মাৰ ‘পম্পিয়াইৰ প্ৰলয় কাহিনী’  ( Last Days of Pompeii  – Litone ) ; ‘মাতৃ’ ( Mother’ – Grazia Daleda ) : শান্তিৰাম দাসৰ ‘ছদ্মবেশী’ ( ‘ইষ্ট লিনি’ – শ্ৰীমতী হেনৰী উড ) ; ‘মিলন মন্দিৰ ‘ ( ক্লাইষ্টাৰ দ্য হাথ’ – চাৰ্লছ ৰীড ) ; ৰোহিনীকান্ত বৰুৱাৰ  ‘পৰম ক্ষুধা’  ( ‘গ্ৰেট হাঙ্গাৰ’ – জন বোয়েৰ’ ) । ইয়াৰ বাহিৰেও  ‘আহ্বান’ আলোচনীৰ পাতত সেই সময়ত প্ৰকাশ পোৱা তেনে অনুবাদ উপন্যাস হল – দয়ানন্দ বৰুৱা , হৰেন্দ্ৰ নাথ কলিতা , নলিনীকান্ত বৰুৱাই কৰা অনুবাদ মেক্সিম গ’ৰ্কীৰ ‘মাদাৰ’ , ডিকেন্সৰ  ‘টে’ল অৱ টু চিটিজ’ , আনটোলা ফ্ৰাচৰ  ‘থেইজ’ আৰু ‘অল কোৱায়েট ইন দ্য উৱেষ্টাৰ্ণ ফ্ৰণ্ট আদি । 

১৯৪০ চনলৈকে অসমীয়া উপন্যাসৰ ধাৰা লক্ষ্য কৰিলে দেখা যায় প্ৰথমছোৱাত ঐতিহাসিক সমলেৰে ৰচিত উপন্যাস আৰু পিছলৈ সমাজিক পটভূমিত ৰচিত উপন্যাসে বিকাশ লাভ কৰিছিল । তথাপি ঐতিহাসিক পটভূমিত উপন্যাস ৰচিবলৈ লোৱা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ দৰে বাকীসমূহ লেখকে উপন্যাস ৰচনাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিছে বুলি কব নোৱাৰি । হলেও এইসমূহ উপন্যাস আৰু ঔপন্যাসিক অসমীয়া উপন্যাস ৰচকসকলৰ কাৰণে পিছলৈ প্ৰেৰণাৰ উৎস হৈ থাকিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top