Class 12 Adv Assamese Chapter 15 অলংকাৰ

Class 12 Adv Assamese Chapter 15 অলংকাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 15 অলংকাৰ and select needs one.

Class 12 Adv Assamese Chapter 15 অলংকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 15 অলংকাৰ Solutions for All Subject, You can practice these here…

) ৰূপক অলংকাৰৰ এটি সংজ্ঞা দি এই অলংকাৰৰ সকলো ভাগ সামৰি এটি আলচ যুগুত কৰা ।

উত্তৰঃ- অতি সদৃশ হেতুকে উপমেয়ৰ ওপৰত উপমান আৰোপ কৰাতে ৰূপক অলংকাৰৰ সৃষ্টি । যেনে – ‘মুখচন্দ্ৰ’ অথবা  ‘মুখখন এপাহ পদুম’– এই দুটা উদাহৰণত উপমেয়ৰ ওপৰত উপমান আৰোপিত হৈছে । সেয়েই ৰূপক অলংকাৰ । 

ৰূপক অলংকাৰ তিনিবিধ – ১) নিৰংগৰূপক , ২) সাংগৰূপক আৰু ৩) পাৰস্পৰিক ৰূপক ।

১) নিৰংগৰূপক :- যেতিয়া এটা উপমেয়ৰ ওপৰত এটা উপমান আৰোপ কৰা হয় তেতিয়া  নিৰংগৰূপক হয় ।

যেনে : 

  শত বৰষৰ ধূলিত হেৰোৱা 

জীৱন কুসুমে মেলিব পাহি ।

এই উদাহৰণত জীৱক কুসুম বুলি কৈ জীৱনৰ ওপৰত কুসুমক আৰোপ কৰা হৈছে । কুসুমৰ পাহি আছে , ৰেণু আছে আৰু সেই কুসুম ফুলা ফুলনি আছে । কিন্তু সেইবোৰ উল্লেখ ইয়াত নাই । জীৱন কুসুম এটা অকলশৰীয়া ৰূপক ।

২) সাংগৰূপক :- এটা অংগী উপমেয় ওপৰত এটা অংগী উপমান আৰোপ কৰি সেই উপমেয়ৰ অংগবিলাকৰ ওপৰতো বিভিন্ন অংগ উপমান আৰোপ কৰা হলে তাক সাংগৰূপক বোলে ।

যেনে : 

হিয়াৰ ফুলনি উজলাই পুনু 

ফুলিব চেনেহ কুসুম পাহি ।

ইয়াত প্ৰথমে হিয়াখনক ফুলনি বুলি কল্পনা কৰা হল অৰ্থাৎ হিয়াক ফুলনিত আৰোপ কৰা হল । ফুলনি থাকিলেই তাৰ অংগস্বৰূপ ফুল থাকিব লাগিব । হিয়াখন যদি ফুলনি তেনেহলে সেই ফুলনিৰ ফুল হল চেনেহ কুসুম ‘ । ফুলনি আৰু তাৰ অংগ ফুলেৰে সৈতে আৰোপ পোৱা বাবে ই সাংগৰূপক ।

৩) পৰস্পৰিক ৰূপক :- যদি এটা উপমেয়ত উপমানৰ আৰোপ আন এটা উপমেয়ত উপমান আৰোপৰ কাৰণ হয় তেতিয়া পৰস্পৰে ক্ৰমে ইটোৰ পাছত সিটোকৈ যি ৰূপক হয় তাকে পৰস্পৰিক ৰূপক বোলে ।

যেনে : 

তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি 

তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায় । 

সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে 

উপনিষৎ ধেনু ধৰি খায় । 

এই উদাহৰণত তৰ্কশাস্ত্ৰত ব্যাঘ্ৰীত্ব আৰোপ কৰা হৈছে । এইটোৱেই হল প্ৰধান ৰূপক । এই ৰূপকটো নোহোৱা হলে নিপুণ পতি , শিষ্য – পুত্ৰ , সংসাৰ বন , উপনিষদ ধেনু আদি বিভিন্ন ৰূপকৰ প্ৰয়োজন নহলহেঁতেন। 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৭) তলৰ অলংকাৰ বোৰৰ সূত্ৰ লিখি উদাহৰণ দিয়া :-

ক) শ্লেষ :- বাক্যত এটা শব্দৰেই দুটা বা ততোধিক অৰ্থ একেলগে কোৱাকে শ্লেষ অলংকাৰ বোলে । শ্লেষ মানে লগলাগি থকা । দুটা বা তাতকৈ বেছি অৰ্থ একেটা শব্দত লগ লাগি থাকে কাৰণে এই অলংকাৰক শ্লেষ বোলে ।

যেনে :- খৰ শৰ কৰিলেক ভস্মৰাশি । 

এই উদাহৰণত  ‘খৰ’ শব্দটোৰ তিনিটা অৰ্থ প্ৰতিভাত হয় – দ্ৰুতভাৱে নিক্ষীপ্ত , তীক্ষ্ণ আৰু খৰ নামৰ ৰাক্ষস ।

আকৌ :

নিৰ্গুণ কৃষ্ণৰ গাঁৱে সদা

সিয়া তথাত ।।

এই উদাহৰণত নিৰ্গুণ শব্দৰ অৰ্থ – গুণৰ অতীত আৰু গুণহীন । এনেদৰে একেটা শব্দৰে দুটা অৰ্থ লাগি থকাত ই শ্লেষ অলংকাৰ হৈছে । 

২) উৎপ্ৰেক্ষা :- উৎপ্ৰেক্ষা শব্দৰ ব্যুৎত্তিগত অৰ্থ হল – উৎ – অৰ্থ বা প্ৰবল আৰু প্ৰেক্ষা মানে দৰ্শন বা আশংকন । উপমেয়ক উপমান বুলি কৰা একপক্ষীয় প্ৰবল সন্দেহৰ ভিত্তিক উপমেয় উপমানৰ যি একৰূপতাৰ কল্পনা কৰা হয় তাকে উৎপ্ৰেক্ষা অলংকাৰ বোলে । উৎপ্ৰেক্ষাবাচক কিছুমান শব্দ আছে । সেইবোৰ হৈছে যেনে , যেনিবা , কিজানি , বোধহয় ইত্যাদি । উৎপ্ৰেক্ষাবাচক শব্দ ব্যৱহাৰ কৰি যি উৎপ্ৰেক্ষা অলংকাৰ সৃষ্টি কৰা হয় তাক বাচ্যা উৎপ্ৰেক্ষা বোলে ।

যেনে :

পৰ্ব তীয়া জুৰিটিৰ জিৰণিত 

শুনো যেন বিননিৰ সুৰ ।

এই উদাহৰণত উপমেয় জিৰ জিৰণি আৰু উপমান বিননি । জিৰজিৰণিটো বিননি ৰূপত প্ৰতিফলিত হৈছে । যদিও তাৰ কাৰণ হল কবিৰ দোষভৰা অন্তৰত কিন্তু প্ৰকাশৰ ভংগীত উপমান বিননিয়ে গুৰুত্ব বেছিকৈ পাইছে । 

তেতিয়া উৎপ্ৰেক্ষাবাচক শব্দ নাথাকে অথচ অৰ্থৰ পৰাই উৎপ্ৰেক্ষাৰ প্ৰতীত হয় এনে উৎপ্ৰেক্ষাক প্ৰতীয়মানা উৎপ্ৰেক্ষা বোলে ।

যেনে :

তাজ তুমি ৰঙা তেজ 

বিৰহীৰ অন্তৰৰ 

গোট মাৰি শিলা হোৱা 

মৰ্মভেদী ব্যথা ।

এই উদাহৰণত তাজমহল মৰ্মৰ সৌধ হৈ নাথাকে বিৰহীৰ ব্যথা গোট মাৰি শিলা হৈ পৰিছে । কবি কল্পনাত তাজমহল উপমেয়ৰ ওপৰত সন্দেহটো নাথাকি সন্দেহটো ৰলগৈ বিৰহ ব্যথাৰ গোট মাৰি হোৱা শিলাৰ ওপৰত । ইয়াত উৎপ্ৰেক্ষাবাচক যেন শব্দটো নাই । উৎপ্ৰেক্ষাটো উপমানত পাব পৰাৰ কাৰণে ই প্ৰতীয়মান উৎপ্ৰেক্ষা । 

৩) ৰূপক :- অতিসাদৃশ্য হেতুকে উপমেয়ৰ ওপৰত উপমান আৰোপ কৰাকে ৰূপক অলংকাৰ বোলে । যেনে  ‘মুখচন্দ্ৰ’ বা ‘মুখখন এপাহ পদুম’ এই উদাহৰণ দুটাত মুখ উপমেয়ৰ ওপৰত চন্দ্ৰ আৰু পদুম উপমান আৰোপ কৰাত ৰূপক অলংকাৰ হৈছে । ৰূপক অলংকাৰ দুবিধ – সাংগৰূপক আৰু নিৰংগৰূপক । কেৱল এটা উপমেয়ৰ ওপৰত আন এটা উপমানৰ আৰোপ থাকিলে তাক নিৰংগৰূপক বোলে ।

যেনে :

শত বৰষৰ ধূলিতে হেৰোৱা 

জীৱন কুসুমে মেলিব পাহি ।

এই উদাহৰণত জীৱনক কুসুম বুলি কৈ জীৱনৰ ওপৰত কুসুমক আৰোপ কৰা হৈছে । কুসুমৰ পাহি আছে , ৰেণু আছে আৰু সেই কুসুম ফুলা ফুলনি আছে । কিন্তু সেইবোৰৰ উল্লেখ ইয়াত নাই । এনে ধৰণৰ অংগ বিলাকৰ আৰোপ নথকা অকলশৰীয়া ৰূপকক নিৰংগৰূপক বোলে ।

যেতিয়া এটা অংগী উপমেয়ৰ ওপৰত এটা অংগী উপমান আৰোপ কৰি সেই উপমেয়ৰ অংগবিলাকৰ ওপৰতে বিভিন্ন অংগ উপমান আৰোপ কৰা হয় তেতিয়া তাক সাংগৰূপক বোলে ।

যেনে : 

দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ ।

দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ ।

মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই । 

লীলায়ে তাৰিলা তাক গোখোজ পৰায় ।।

এই উদাহৰণত কৌৰৱৰ সেনাবল সাগৰৰূপে কল্পিত হৈছে । সাগৰ থাকিলে তাত কুম্ভীৰ – মগৰ আদি থাকিব । দ্ৰোণ , ভীষ্ম আদি কুৰু সেনাপতিসকল তেনে কুম্ভীৰ মগৰ । পাণ্ডৱসকলে কৃষ্ণ – নৌকাৰে সেই সাগৰ পাৰ হল । ইয়াত সাগৰ , সাগৰৰ জন্ম , সাগৰ পাৰ হব পৰা নাও আদি সকলো ৰূপটোত সোমাই থকাত ই সাংগৰূপক হৈছে ।

৪) ছেকানুপ্ৰাস :- দুটা বা ততোধিক বৰ্ণ একেটা ক্ৰমতে যুক্ত বা বিযুক্তভাৱে দুবাৰ ধ্বনিত হলে অৰ্থাৎ এবাৰ মাত্ৰ আবৃত হলে ছেকানুপ্ৰাস অলংকাৰ হয় । ছেক মানে চতুৰ । ছেকানুপ্ৰাস শব্দৰ অৰ্থ হল বিদগ্ধ কবিয়ে প্ৰয়োগ কৰা অনুপ্ৰাস ।

যেনেঃ 

ক) ললিত ৰলিত ভুজ ভুজংগৰ কায় । / নখ আৰকত কব কিশলয় প্ৰায়: 

খ) মৰণ যাচোঁ বাণী / তোমাৰ চৰণ কমল চুমি ।

ওপৰত ‘ক’ উদাহৰণত ললিতৰ  ‘লিত’ আৰু বলিতৰ ‘লিত’ । ভুজ আৰু ভুজংগৰ ভুজ আৰু  ‘খ’ উদাহৰণত মৰণ আৰু চৰণত  ‘ৰণ’ দুবাৰ ধ্বনিত হোৱাত ছেকানুপ্ৰাস অলংকাৰ হৈছে ।

৫) অন্ত্যানুপ্ৰাস :- কবিতাৰ স্তৱকৰ পংক্তিৰ অন্তিম ধ্বনিৰ হোৱাত পুনৰাবৃত্তিয়েই হল অন্ত্যানুপ্ৰাস অলংকাৰ ।

যেনেঃ 

এইটো নহয় হাঁহি ধেমালিৰ 

ভাগৰ জুৰোৱা গান ,

ই যেন জীৱন মৰণ একাকাৰ কৰা 

অগ্নি বীণাৰ তান ।

ওপৰৰ উদাহৰণটোত  ‘গান’ আৰু  ‘তান’ অন্ত্যমিলন অনুপ্ৰাস অলংকাৰ হৈছে । অনুপ্ৰাস স্বৰবৰ্ণৰ স্থান নাই বুলি কোৱা হয় যদিও অসমীয়াত অন্ত্যানুপ্ৰাস অলংকাৰত স্বৰবৰ্ণৰ সাম্যও ধৰা পৰে ।

যেনেঃ 

গড় গাঁও গড় গাঁও 

কথা শুনি তল যাওঁ 

বাট দেখি পিছলে যে পাওঁ ।

এই উদাহৰণত কবিতাৰ শাৰীৰ শেষৰ বৰ্ণ স্বৰবৰ্ণৰে শেষ হোৱাত অন্ত্যানুপ্ৰাস অলংকাৰ হৈছে ।

৬)  বৃত্তানুপ্ৰাস :- বৃত্তি মানে গুণ । ৰসাদিৰ অনুকূলে ব্যঞ্জনবৰ্ণৰ বিন্যাসেই বৃত্তানুপ্ৰাস অলংকাৰ । এটা বা ততোধিক বৰ্ণ দুবাৰ বা ততোধিকবাৰ আবৃত্ত হলেই বৃত্তানুপ্ৰাস অলংকাৰ হয় ।

যেনেঃ

দিনমণি দীন প্ৰায় , অমল সমল 

মৃত্যুপতি মৃত যেন , বিষন্ন বৰণ । 

ইয়াত প্ৰথম শাৰীত  দ  আৰু  ল  দ্বিতীয় শাৰীত  ম  আৰু  ব  দুবাৰকৈ ধ্বনিত হোৱাত বৃত্তানুপ্ৰাস অলংকাৰ হৈছে ।

আকৌ :

পৰম পুৰুষ পুৰাতণ পাপী পাবন ।

এই উদাহৰণত  প  আৰু  ৰ  বৰ্ণ সঘনাই আবৃত্ত হোৱাত বৃত্তানুপ্ৰাস অলংকাৰ হৈছে ।

৭) পূৰ্ণোপমা :- যি উপমাত উপমাৰ চাৰিওটা অংগ অৰ্থাৎ উপমেয় , উপমান , সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ সকলোকেইটা থাকে তাকে পূৰ্ণোপমা বোলে ।

যেনেঃ 

কৰতল ৰাতুল উৎপল তুল । 

হাতৰ তলুৱা পদুম ফুলৰ দৰে ৰঙা । এই উদাহৰণত উপমেয় কৰতল , উপমান উৎপল সাধাৰণ ধৰ্ম ৰাতুল আৰু উপমাবাচক শব্দ তুল – এইকেইটা অংগ থকাত ই পূৰ্ণোপমা হৈছে ।

আকৌ :

নৃপতিৰ মাজে ৰজা প্ৰকাশন্ত বসি 

গ্ৰহগণ মধ্যে যেন পূৰ্ণিমাৰ শশী । 

এই উদাহৰণত উপমেয় নৃপতি আৰু ৰজা উপমান , শশী আৰু গ্ৰহগণ সাধাৰণ ধৰ্ম  ‘মাজে বসি প্ৰকাশন্ত’  আৰু উপমাবাচক শব্দ যেন । 

৮) লুপ্তোপমা :- যেতিয়া উপমাৰ অংগকেইটাৰ এটা বা দুটা অংগ লুপ্ত হৈ থাকে অথচ বিচাৰ কৰিলে কিন্তু কেইটাই ধৰা পৰে তেনে উপমাকে লুপ্তোপমা বোলে ।

উদাহৰণ যেনেঃ 

কমলদল জল চিত্ত চঞ্চল 

থিৰ নোহে তিল এক । 

এই উদাহৰণত উপমেয় চিত্ত উপমান কমলদল জল , সাধাৰণ ধৰ্ম চঞ্চলতা , উপমাবাচক শব্দ ইয়াত লুপ্ত হৈ আছে । বাক্যটো পুৰাকৈ লিখিলে হব – কমলদল জলৰ দৰে চিত্ত চঞ্চল । আকৌ , কৰতল উৎপল ৰাতা । 

এই উদাহৰণত উপমেয় কৰতল , উপমান উৎপল , সাধাৰণ ধৰ্ম ৰাতা 

( ৰঙা ) কিন্তু উপমাবাচক শব্দ লুপ্ত হৈ থকাত ই লুপ্তোপমা হৈছে । 

৯)  মালোপমা :- একেডাল সূতাতে বহুতো ফুল দি মালা গাঁথাৰ দৰে এই উপমেয়ৰ লগত কেইবাটাও উপমানৰ সম্বন্ধ ঘটালে তাকে মালোপমা বোলে ।

যেনেঃ

তাসম্বাৰ মাজে দেৱী সংসাৰত সাৰা । 

   মেঘে যেন ঢাকি আছে সৰ্বোত্তম তাৰা ।।

   কেশ যেন ঢাকি আছে , চম্পক মল্লিকা ।

  ভস্মে যেন ঢাকি আছে অগণিত শিখা ।।

এই উদাহৰণত উপমেয় দেৱীৰ লগত তিনিটা উপমান সংযুক্ত কৰা হৈছে– মেঘে ঢকা তৰা , মল্লিকা ফুল আৰু ছাইৰ মাজত লুকাই থকা অগ্নিকণা । এনেদৰে এটা উপমেয়ৰ লগত কেইবাটাও উপমান সংযুক্ত কৰাত ই মালোপমা অলংকাৰ হৈছে । 

১০) ব্যতিৰেক :- উপন্যাসতকৈ ( যাৰ লগত তুলনা কৰা হয় ) উপমেয়ক ( যাক তুলনা কৰা হয় ) গুণত অধিক বুলি দেখুৱালে ব্যতিৰেক অলংকাৰ হয় । যেনে : 

ক) সৎলোক পৰ্বতৰ দৰে উন্নত , কিন্তু তেওঁলোক স্বভাৱতে কোমল ।

খ) “শাৰদ ইন্দুনিন্দি আনন শোভিত ….” । ( বৰগীত ) 

গ) “উষাৰ বদনে পূৰ্ণ চন্দ্ৰক জিনয় ।’

১১) নিদৰ্শন :-  কোনো বস্তুৰ অসম্ভৱ কাৰ্য বা ধৰ্মৰ সাদৃশ্য কল্পনা কৰাকে নিদৰ্শন অলংকাৰ বোলে ।

যেনেঃ 

ক)      “হাতী হৈ মাখি ভৈলো          গো খোজত তল গৈলো 

কচুত ভাঙিলো মই কাচি ।”

খ)       “একো নিজিজ্ঞামি ফুৰ শৰীৰৰ বলে ।

           অগ্নিক ৰাখিতে যাহা বস্ত্ৰৰ অঞ্চলে ।।”

১২) বিৰোধ :- যি বস্তুৰ যি ধৰ্ম তাৰ ওলোটা ভাব মনলৈ আহিলে বা প্ৰকাশ কৰিলে বিৰোধ অলংকাৰ হয় ।

যেনেঃ

ক)  “চন্দনৰ লেপে কৰে শৰীৰ শীতল ।

          মই দেখোঁ তাপ কৰে মেমত অনল ।।’ ( শকুন্তলা কাব্য ) 

খ) ‘যদিও ৰামৰ হাত শিলৰ নিচিনা , 

         তুলা যেন পাবা কিন্তু তোমাৰ দেহত ।’ 

গ) ‘দিৱস নাযাই সুখে নুপুহে ৰয়ণী । 

         চান্দ , চন্দন মন্দ পবন বৈৰিণী ।।’ ( বৰগীত ) 

১৩) বিৰোধাভাস :- দেখাত বিৰোধ হলেও গমি চালে যত বিৰোধ নাথাকে সেয়ে বিৰোধাভাস অলংকাৰ । 

ক)  “চকু নাই দেখিছে সকল , 

       আকাশ , পাতাল , জল , স্থল । 

       কাণ নাই সকলো শুনিছে , 

       হাত নাই সকলো ধৰিছে , 

       ভৰি নাই সৰ্বত্রতে কৰিছে গমন ।” 

খ) “বন বাস ব্ৰত যত গৃহত কৰিবো ।” 

      ( ভৰতে ৰামৰ আগত কোৱা কথা ) 

১৪) লক্ষণা :- পৰম্পৰ ঘনিষ্ঠ সম্বন্ধ থকা এটা বস্তুৰ নামত যদি আন এটা বস্তুৰ বোধ হয় তেতিয়া তাক লক্ষণা অলংকাৰ বোলা হয় ।

যেনেঃ

ক)  ‘দৈনিক অসমে’ কয় কিতাপখন ভাল হৈছে ।

( ইয়াত ‘দৈনিক অসম’ৰ সম্পাদকক বুজা হৈছে । )’ 

খ)  সৌ ওখ গছডালেই মোৰ ঘৰ । 

( ইয়াত গছডালৰ ওচৰ ঠাইক বুজোৱা হৈছে । ) 

১৫) ব্যজস্তুতি বা বিপৰীত লক্ষণা :- নিন্দাৰ চলেৰে প্ৰশংসা আৰু প্ৰশংসাৰ চলেৰে নিন্দা কৰাকে ব্যজস্তুতি বা বিপৰীত লক্ষণা অলংকাৰ বোলে ।

যেনেঃ 

ক)  নিন্দাৰ চলেৰে প্ৰশংসা – 

‘নিকৰুণ চোৰ আৰু ভীৰু অতিশয় । 

চল কৰি অবলাৰ মন কাঢ়ি লয় ।।’ 

খ) প্ৰশংসাৰ চলেৰে নিন্দা – শিশু কৃষ্ণই গুৱালী পাৰাত চুৰি কৰি লৱণু খাবলৈ গৈ ধৰা পৰাত পৰুৱা গুচাবলৈহে লৱণুভাণ্ডৰ হাত ভৰাইছিলোঁ বুলি কোৱাত গোপীয়ে কৃষ্ণৰ চতুৰী বুজিব পাৰি প্ৰশংসাৰ চলেৰে নিন্দা কৰিছে –

“গোপীবোলে উপকাৰ কৰি আছ ভাল ।

       কিসক জগাইলা মোৰ নিদ্ৰাৰ ছৱাল ।।” ( মাধৱদেৱ )

৮) শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে , উদাহৰণসহ বুজাই দিয়া ।

উত্তৰঃ- সাহিত্যৰ অলংকাৰৰ ভাগ দুটা ; শব্দালংকাৰ আৰু অৰ্থালংকাৰ। একে সাহিত্যৰ অলংকাৰ হলেও ইয়াৰ মাজত পাৰ্থক্য আছে । 

ক) শব্দালংকাৰত শব্দ বা আখৰৰ বিবিধ ভংগী বা ব্যৱহাৰে ভাষা সাহিত্যৰ জেউতি বঢ়ায় ।

যেনেঃ 

‘দীননাথ দীন দয়াল দীন দান দিয়া ।’ 

ইয়াত ‘দীন’ শব্দ তথা দ , ন-ৰ বিবিধ ভংগী বা ব্যৱহাৰত বাক্যটিৰ জেউতি বঢ়াইছে । 

অৰ্থালংকাৰত শব্দ আৰু বাক্যক নানা অৰ্থত নানাভাবে ব্যৱহাৰ কৰি অৰ্থৰ চমৎকাৰিত্ব বা সৌন্দৰ্য বঢ়োৱা হয় ।

যেনেঃ 

“ফুলিবিনে মোৰ মানস কুঞ্জত 

    অ’ মোৰ দৰদী ফুলাম পাহি – ” 

ইয়াত ‘মন’ শব্দৰ সলনি ‘মানস কুঞ্জত’ আৰু কোনোবা মৰমৰ প্ৰেয়সীৰ সলনি “দৰদী ফুলাম পাহি” আদি শব্দ মনোৰম অৰ্থত ব্যৱহাৰ কৰি অৰ্থৰ চমৎকাৰিত্ব বা সৌন্দৰ্য বঢ়োৱা হৈছে । 

খ) শব্দালংকাৰত ব্যৱহৃত শব্দৰ সলনি একে অৰ্থাবোধক অন্য শব্দ প্ৰয়োগ কৰিলে বাক্যৰ চমৎকাৰিত্ব বা সৌন্দৰ্য অৰ্থা অলংকাৰ নাইকিয়া হয় ।

যেনে – দীননাথ , দীনদয়াল , দীনদান , [ ( ক ) ত দিয়া উদাহৰণৰ বাক্যটিৰ ] আদি শব্দৰ সলনি একে অৰ্থবোধক শব্দ  “দুখীয়াৰ গৰাকী , দুখীয়াক মৰম কৰোঁতা দুখীয়াক কৃপা কৰা”  বুলিলে বাক্যটিৰ অলংকাৰ বা সৌন্দৰ্য নাথাকিব । 

কিন্তু অৰ্থালংকাৰত কোনো শব্দৰ সলনি একে অৰ্থবোধক অন্য শব্দ প্ৰয়োগ কৰিলেও তাৰ অলংকাৰ বা সৌন্দৰ্য নোহোৱা নহয় ।

যেনে –

“ফুলিবিনে মোৰ  ‘মন ফুলনিত’ ( ‘মানস কুঞ্জত’ৰ সলনি ) 

অ’ মোৰ ‘মৰমী’ ( ‘দৰদী’ শব্দৰ সলনি ) ফুলাম পাহি । ” 

– বুলি কলেও কবিতাফাঁকিৰ আৰু অৰ্থৰ সৌন্দৰ্য বা অলংকাৰ একেই থাকিল । কিন্তু কোনো কবি বা বক্তাৰ হুবহু কবিতা বা যুক্তি পৰিৱৰ্তন কৰি কব বা লিখিব নোৱাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top