Class 12 Adv Assamese Chapter 14 উপন্যাস

Class 12 Adv Assamese Chapter 14 উপন্যাস The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 14 উপন্যাস and select needs one.

Class 12 Adv Assamese Chapter 14 উপন্যাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 14 উপন্যাস Solutions for All Subject, You can practice these here…

৬) উপন্যাসক প্ৰধানকৈ কেইভাগত ভগাব পাৰি ? প্ৰতিটো ভাগৰে উদাহৰণ দি আলোচনা কৰা।

অথবা

বিষয়বস্তু অনুসৰি উপন্যাসৰ শ্ৰেণী বিভাজন সম্পৰ্কে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ- বিষয়বস্তু , কাহিনী আৰু চৰিত্ৰ ৰূপায়ণ অনুযায়ী সমালোচকসকলে উপন্যাসক বিভিন্ন ভাগত বিভক্ত কৰিছে । বিষয়বস্তু অনুসৰি উপন্যাসক প্ৰধানকৈ তিনিটা ভাগত নিভক্ত কৰিব পাৰি – বুৰঞ্জীমূলক উপন্যাস , সামাজিক উপন্যাস আৰু ডিটেকটিভ উপন্যাস । 

যিবোৰ উপন্যাসৰ কাহিনী বুৰঞ্জীৰ ওপৰত নিৰ্ভৰ কৰি ৰচিত হয় সেইবোৰ উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বোলে । এই শ্ৰেণীৰ উপন্যাসত লেখকৰ দৃষ্টি অতিতমুখী হয় আৰু বুৰঞ্জীৰ পৰা আহৰণ কৰা নিৰস সমল কিছুমানকে ৰসোত্তীৰ্ন সাহিত্যত পৰিণত কৰে । যিবোৰ উপন্যাসত কোনো ৰাজনৈতিক , অৰ্থনৈতিক বা ধৰ্মমূলক কথাৰ অৱতাৰণা কৰা হয় , সেইবোৰক বোলা হয় সামাজিক উপন্যাস । সামাজিক উপন্যাসত লেখকৰ দৃষ্টি বৰ্তমানত নিবন্ধ থাকে । সমাজিক উপন্যাস বিভিন্ন প্ৰকাৰৰ হব পাৰে যেতিয়া কোনো সমস্যা বা উদ্দেশ্য উপন্যাসৰ মাজেৰে উপস্থাপিত হয় তেতিয়া তাক কোৱা হয় উদ্দেশ্যমূলক উপন্যাস । কেতিয়াবা আকৌ ঐপন্যাসিকে আখ্যান ভাগৰ সুসংবাদ বিকাশৰ ওপৰত গুৰুত্ব নিদি চৰিত্ৰ চিত্ৰণৰ আৰু চৰিত্ৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব নিদি চৰিত্ৰ চিত্ৰণৰ আৰু চৰিত্ৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়ে তেতিয়া তেনে উপন্যাসক কোৱা হয় মনস্তত্ত্বমূলক উপন্যাস । যেতিয়া আকৌ কোনো অঞ্চল বিশেষৰ কোনো সম্প্ৰদায়ৰ জীৱনক কেন্দ্ৰ কৰি উপন্যাস ৰচিত হয় তেতিয়া তাক কোৱা হয় আঞ্চলিক উপন্যাস । যিবোৰ উপন্যাসৰ মাজেদি হত্যা , ৰহস্য , অনুসন্ধান , পুলিচ – ডিটেকটিভৰ ৰোমাঞ্চকৰ কাৰ্য বৰ্ণিত হয় তেনে উপন্যাসক কোৱা হয় ডিটেকটিভ উপন্যাস । এই শ্ৰেণীৰ উপন্যাসত আখ্যানভাগ জটিল আৰু ৰহস্যপূৰ্ণ হৈ পৰে । অভাৱনীয় ঘটনা বিন্যাস , আকস্মিকতাৰ প্ৰয়োগ আৰু লোমহৰ্যক সংঘাত সৃষ্টি আদি এই শ্ৰেণীৰ উপন্যাসৰ মুখ্য উপজীৱ্য । 

কাহিনীৰ দিশৰ পৰা , উপন্যাসক দুটা ভাগত ভগাব পাৰি – এক কাহিনীযুক্ত বা সৰল কাহিনীৰ উপন্যাস আৰু একাধিক কাহিনী বা যৌগিক কাহিনীযুক্ত উপন্যাস । এক কাহিনীযুক্ত উপন্যাসত কেৱল এটা কাহিনীয়ে উপন্যাসৰ আৰম্ভৰ পৰা শেষলৈ বৰ্ণিত হয় । কিন্তু যৌগিক কাহিনীযুক্ত উপন্যাসত একাধিক কাহিনীয়ে স্থান লাভ কৰে । সেই কাহিনীবোৰৰ এটা হয় মূল বা আধিকাৰীক কাহিনী আৰু বাকীবোৰ হয় প্ৰাসংগিক বা উপকাহিনী । 

কাহিনী উপস্থাপনৰ ফালৰ পৰা উপন্যাসক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি – শিথিলবন্ধী আৰু কঠোৰবন্ধী উপন্যাস । যিবোৰ উপন্যাসত কিছুমান বিক্ষিপ্ত ঘটনা অসংলগ্নভাৱে সংলগ্ন কৰা হয় সেইবোৰক কোৱা হয় শিথিলবন্ধী উপন্যাস । এই শ্ৰেণীৰ উপন্যাসত কাহিনীৰ সুসংবন্ধ বিকাশ পৰিলক্ষিত নহয় । যিবোৰ উপন্যাসত কাহিনীৰ বিভিন্ন অংগবোৰ বিশ্লিষ্টৰূপে বৰ্ণনা নকৰি সংশ্লিষ্টৰূপে বা সামগ্ৰিকভাৱে বৰ্ণনা কৰা হয় , সেইবোৰক কোৱা হয় কঠোৰবন্ধী উপন্যাস । ইয়াৰ প্ৰতিটো কথা , প্ৰতিটো ঘটনা কাহিনীৰ অবিচ্ছেদ্য অংগ ।

উপন্যাসৰ কাহিনী আৰু চৰিত্ৰ ৰূপায়ণৰ দিশৰ পৰা উপন্যাসক দুটা ভাগত ভগোৱা হয় – চৰিত্ৰপ্ৰধান উপন্যাস আৰু কাহিনীপ্ৰধান উপন্যাস। অৱশ্যে এই শ্ৰেণীবিভাগ নিকপকপীয়া  বা পানী নসৰকা নহয়। কিয়নো বহুক্ষেত্ৰত এটাৰ সীমাৰেখাই আনটো সীমাৰেখাক স্পৰ্শ কৰে নাইবা দুয়োটা একেলগে মিলি থাকে । তথাপি কিছুমান উপন্যাসত চৰিত্ৰ সৃষ্টি আৰু চৰিত্ৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা পাওঁ । এই শ্ৰেণীৰ উপন্যাসক আমি চৰিত্ৰপ্ৰধান উপন্যাস বুলি অভিহিত কৰিব পাৰো । এই শ্ৰেণীৰ উপন্যাসৰ লক্ষ্য হল বিভিন্ন পৰিবেশ আৰু পৰিস্থিতিত বৈচিত্ৰ্যপূৰ্ণ মানৱ চৰিত্ৰৰ প্ৰকাশ । ঘটনা বা পৰিস্থিতি কেৱল চৰিত্ৰক আগবঢ়াই নিয়াৰ মাধ্যমহে । গতিকে এনে উপন্যাসত ঘটনা বা পৰিস্থিতি গৌণ , চৰিত্ৰ সৃষ্টিহে প্ৰধান । কাহিনীপ্ৰধান উপন্যাসৰ প্ৰধান লক্ষ্য চৰিত্ৰ সৃষ্টি নহয় , ঘটনাৱলী আৰু পৰিস্থিতিৰ যোগেদি এটি আৰামদায়ক কাহিনী সৃষ্টি কৰাহে । কিন্তু এনে উপন্যাসত কাহিনীৰ চমৎকাৰিত্বৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰিবলৈ যাওঁতে বহু ক্ষেত্ৰত চাৰিত্ৰসমূহ কেৱল পুতলাস্বৰূপে ব্যৱহাৰ কৰা হয় আৰু সংগতিহীনভাৱে সিহঁতৰ চাৰিত্ৰিক অভিব্যক্তি দেখুওৱা হয় । সেয়ে এই দুই শ্ৰেণীৰ চৰিত্ৰপ্ৰধান উপন্যাসেহে শ্ৰেষ্ঠত্বৰ দাবী ৰাখে । 

উপন্যাসৰ আৰু দুটা গৌণ বিভাগ আছে , প্ৰতীকধৰ্মী উপন্যাস আৰু ৰূপকধৰ্মী উপন্যাস । যেতিয়া উপন্যাসৰ আখ্যানভাগ তাকৰ হয় আৰু উপন্যাসৰ বিষয়বস্তুৱে বিষয়াতীত ভাব – কল্পনা ব্যক্ত কৰে তেতিয়া তাক প্ৰতীকধৰ্মী উপন্যাস বোলা হয় । আকৌ যিবোৰ উপন্যাসৰ কাহিনীৰ সমান্তৰালভাৱে দুটা অৰ্থ উলিয়াব পাৰে সেইবোৰক ৰূপকধৰ্মী উপন্যাস বোলে । 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৭) বুৰঞ্জীমূলক উপন্যাস বুলিলে কি বুজা ? চমুকৈ আলোচনা কৰা ।

উত্তৰঃ- যিবোৰ উপন্যাস বুৰঞ্জীৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি লিখা হয় তেনে উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বোলে । এই শ্ৰেণীৰ উপন্যাসত লেখকৰ দৃষ্টি অতীতমুখী হয় আৰু বুৰঞ্জীৰ পৰা আহৰণ কৰা নিৰস সমল কিছুমানকে ৰসোত্তীৰ্ন সাহিত্যত পৰিণত কৰে । 

বুৰঞ্জীমূলক উপন্যাসৰ প্ৰধান উদ্দেশ্য হল অতীতৰ কোনো যুগৰ জীৱনধাৰা আৰু নৰনাৰীৰ বিচিত্ৰ লীলা ঐতিহাসিক ঘটনাৰ মাধ্যমেদি সজীৱ আৰু আবেদনশীল কৰি তোলা । বুৰঞ্জীমূলক উপন্যাসৰ যোগেদি ইতিহাসৰ তথ্য আৰু বিৱৰণ পৰিবেশন কৰা লেখকৰ উদ্দেশ্য নহয় । সহজ কথাত কবলৈ গলে বুৰঞ্জী পুৰামাত্ৰাই তথ্যসৰ্বস্ব , কিন্তু বুৰঞ্জীমূলক উপন্যাস আংশিকভাৱে তথ্য নিৰ্ভৰ হলেও প্ৰধানতঃ কল্পনানিষ্ঠ । 

বুৰঞ্জীমূলক উপন্যাসৰ অন্যতম উদ্দেশ্য অতীত যুগৰ সৌন্দৰ্য সন্ধান । সেই কাৰণেই বুৰঞ্জীমূলক উপন্যাস ৰোমান্টিক উপন্যাস । ইয়াৰ পৰিবেশ ৰোমাঞ্চকৰ পৰিৱেশ । ৰোমাঞ্চৰ বৰ্ণ বৈচিত্ৰ্যই সমকালীন বাস্তৱ জগতৰ পৰা এখন নতুন অৰ্ধ – পৰিচিত ঘটনাবহুল জগতলৈ পাঠকক লৈ যায় ।

সাধাৰণতে সমকালীন উপন্যাসত বাস্তৱৰ ঘটনাৰ প্ৰতিচ্ছবি থাকে , চৰিত্ৰবোৰো বাস্তৱানুগ হয় । সেয়ে এনে উপন্যাস বুজাত বা উপলব্ধি কৰাত পাঠকৰ অসুবিধা নহয় । কিন্তু ঐতিহাসিক জগতৰ ঘটনা , চৰিত্ৰ , পৰিবেশ সম্পূৰ্ণ বেলেগ । সেয়ে ঐপন্যাসিকে ইতিহাসৰ আঁৰত লুকাই থকা প্ৰাত্যহিক জীৱনৰ সুখ দুখ , প্ৰাত্যহিক জীৱনৰ চিত্ৰ কল্পনাৰে পুৰা কৰিবলগা হয় । 

বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ প্ৰধান সুবিধা  এয়ে যে ইয়াত এটা পূৰ্ব প্ৰস্তুত কাহিনী পায় । তদুপৰি এনেবোৰ উপন্যাসত বহি:সংঘাত দেখুওৱাৰ সুবিধা বেছি । প্ৰধান ঘটনাৰ আঁৰে আঁৰে লেখকে অপ্ৰধান কাহিনী কল্পনাৰে সৃষ্টি কৰি বুৰঞ্জীৰ পৰিবেশত স্থাপন কৰিব পাৰে । পিছে মূল ঘটনা আৰু কাল্পনিক ঘটনাৰ সমন্বয় ঘটাব নোৱাৰিলে উপন্যাসৰ ৰসভংগ হোৱাৰ সম্ভাৱনা থাকে । বুৰঞ্জীয়ে মানুহৰ মানুহৰ ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা নকৰে , চৰিত্ৰবোৰ সেয়ে বুৰঞ্জীত অসম্পূৰ্ণ হৈ থাকে । ঐপন্যাসিকে সেই সকলোবোৰ স্পষ্ট আৰু বহুভাৱে বৰ্ণনা কৰিব পাৰে , কেৱল ঐতিহাসিক সত্যতা অক্ষুন্ন ৰাখিব লাগিব ।

৮) চমুটোকা লিখা :-

ক) ডিটেকটিভ উপন্যাস :- যিবোৰ উপন্যাসৰ মাজেদি গুপ্ত হত্যা , খুন – জখম , অনুসন্ধান , খানাতালাচ আদিৰ ৰোমাঞ্চকৰভাৱে বৰ্ণনা কৰা হয় , সেইবোৰক ডিটেকটিভ উপন্যাস বোলে । এই শ্ৰেণীৰ উপন্যাসৰ আখ্যানভাগ বৰ জটিল আৰু ৰহস্যপূৰ্ণ । অভাৱনীয় ঘটনা বিন্যাস , একস্মিকতাৰ প্ৰয়োগ আৰু লোমহৰ্ষক সংঘাত সৃষ্টি আদি এই শ্ৰেণীৰ উপন্যাসৰ মুখ্য উপজীৱ্য । ইংৰাজী সাহিত্যত কনান ডায়েল , আগাঁথা ক্ৰিষ্টি , জেমছ হেডলী চেজ আদি বিখ্যাত ডিটেকটিভ উপন্যাস ৰচয়িতা। অসমীয়া সাহিত্যত কুমুদেশ্বৰ বৰঠাকুৰৰ গোলাই ছিৰিজ , প্ৰেমনাৰায়ণ দত্তৰ পা – ফু ছিৰিজ আদি এই শ্ৰেণীৰ উপন্যাসৰ নিদৰ্শন । 

খ) আঞ্চলিক উপন্যাস :-  যেতিয়া কোনো এটা বিশেষ অঞ্চলৰ মানুহৰ জীৱন , তেওঁলোকৰ সমস্যা – সংঘাতেৰে একোখন উপন্যাস ৰচিত হয় তেনে উপন্যাসকে আঞ্চলিক উপন্যাস বোলে । কিন্তু নিৰ্দিষ্ট অঞ্চল বা এটা গৌণ উপজাতিৰ তথ্য বৰ্ণিত হলেও তাত সাৰ্বজনীনতা থাকিব লাগিব , তেতিয়াহে সি জাতি – বৰ্ণ নিৰ্বিশেষে সকলোৰে গ্রহণযোগ্য হৈ উঠিব । ইংৰাজী সাহিত্যত টমাছ হাৰ্ডিৰ ৱেছে’ উপন্যাসৰাজি আঞ্চলিক উপন্যাসৰ সাৰ্থক নিদর্শন । অসমীয়া সাহিত্যত প্ৰথম আঞ্চলিক উপন্যাস ৰজনীকান্ত ৰদলৈদেৱৰ ‘মিৰিজীয়ৰী’ ।

গ) চৰিত্ৰপ্ৰধান উপন্যাস :- একোখন উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ সম্পৰ্ক অতি ঘনিষ্ঠ । এটাৰ অবিহনে আনটোৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি । কাহিনী অবিহনে যেনেদৰে চৰিত্ৰৰ বিকাশ অসম্ভৱ , তেনেকৈ চৰিত্ৰৰ অবিহনে কাহিনীয়েও পূৰ্ণতা লাভ কৰিব নোৱাৰে । পিছে কিছুমান উপন্যাসত কাহিনীতকৈ চৰিত্ৰই অধিক প্ৰাধান্য লাভ কৰে । এনে ধৰণৰ উপন্যাসত ঐপন্যাসিকৰ উদ্দেশ্য কিছু চৰিত্ৰ সৃষ্টি কৰা । কাহিনী এনেবোৰ উপন্যাসত গৌণ , চৰিত্ৰহে মুখ্য । এনে ধৰণৰ উপন্যাসকে কোৱা হয় চৰিত্ৰপ্ৰধান উপন্যাস । এনেবোৰ উপন্যাসৰ সকলো কথা , সকলো ঘটনা চৰিত্ৰৰ বিকাশৰ কাৰণে প্ৰয়োগ কৰা হয় । অসমীয়া সাহিত্যত চৈয়দ আব্দুল মালিকৰ কেইবাখনো উপন্যাস এই শ্ৰেণীৰ । 

ঘ) মনস্তত্ত্ব বিশ্লেষণমূলক উপন্যাস :- যিবোৰ উপন্যাসত আখ্যানভাগৰ সুসংবদ্ধ বিকাশৰ ওপৰত গুৰুত্ব নিদি চিত্ৰণ আৰু চৰিত্ৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দয়া হয় সেইবোৰক বোলা হয় মনস্তত্ত্ব বিশ্লেষণমূলক উপন্যাস । এই শ্ৰেণীৰ উপন্যাস আজিকালি চেতনাপ্ৰবাহ উপন্যাস নামেও পৰিচিত । এনেবোৰ উপন্যাসত চৰিত্ৰৰ চিন্তা এনেধৰণে উপস্থাপিত হয় যে সিবোৰৰ কোনো বিশেষ  লক্ষ্য নাই বা সেইবোৰ দেখাত যুক্তিসিদ্ধও নহয় । ইংৰাজী সাহিত্যত ভাৰ্জিনিয়া উলফ , উলিলিয়াম , ফকনাৰ , ফৰাচী সাহিত্যত আলবেয়াৰ কামু আদি এনে ধৰণৰ ঐপন্যাসিক । অসমীয়া সাহিত্যত চৈয়দ আব্দুল মালিকৰ দুই এখন উপন্যাস এনে পৰ্যায়ৰ । 

ঙ) সামাজিক উপন্যাস :- যিবোৰ উপন্যাসত সমসাময়িক সমাজৰ কোনো ৰাজনৈতিক – অৰ্থনৈতিক কথাৰ অৱতাৰণা কৰা হয় , সেইবোৰক কোৱা হয় সামাজিক উপন্যাস । সামাজিক ঐপন্যাসিকৰ দৃষ্টি বৰ্তমানতে আৱদ্ধ থাকে । সমাজৰ দোষ – ত্ৰুটি , অনাচাৰ – অবিচাৰ উদ্ঘাটিত কৰি লিখা উপন্যাসবোৰ সাধাৰণতে বক্ৰোক্তিপূৰ্ণ হয় । কেতিয়াবা কোনো সামাজিক উপন্যাসত আকৌ সমাজৰ কোনো সমস্যা বা উদ্দেশ্য উপন্যাসৰ মাজেৰে ৰূপায়িত হয় । অসমীয়া সাহিত্যত সামাজিক উপন্যাস বিশেষভাৱে সমৃদ্ধ । চৈয়দ আব্দুল মালিক , বীণা বৰুৱা , যোগেশ দাস আদিৰ  নাম এইক্ষেত্ৰত উল্লেখযোগ্য । 

চ) বুৰঞ্জীমূলক উপন্যাস :- যিবোৰ উপন্যাস বুৰঞ্জীৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি লিখা হয় তেনে উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বোলে । এই শ্ৰেণীৰ উপন্যাসত লেখকৰ দৃষ্টি অতীতমুখী হয় আৰু বুৰঞ্জীৰ পৰা আহৰণ কৰা নিৰস সমল কিছুমানকে ৰসোত্তীৰ্ন সাহিত্যত পৰিণত কৰে। 

বুৰঞ্জীমূলক উপন্যাসৰ প্ৰধান উদ্দেশ্য হল অতীতৰ কোনো যুগৰ জীৱনধাৰা আৰু নৰনাৰীৰ বিচিত্ৰ লীলা ঐতিহাসিক ঘটনাৰ মাধ্যমেদি সজীৱ আৰু আবেদনশীল কৰি তোলা । বুৰঞ্জীমূলক উপন্যাসৰ যোগেদি ইতিহাসৰ তথ্য আৰু বিৱৰণ পৰিবেশন কৰা লেখকৰ উদ্দেশ্য নহয় । সহজ কথাত কবলৈ গলে বুৰঞ্জী পুৰামাত্ৰাই তথ্যসৰ্বস্ব , কিন্তু বুৰঞ্জীমূলক উপন্যাস আংশিকভাৱে তথ্য নিৰ্ভৰ হলেও প্ৰধানতঃ কল্পনানিষ্ঠ । 

বুৰঞ্জীমূলক উপন্যাসৰ অন্যতম উদ্দেশ্য অতীত যুগৰ সৌন্দৰ্য সন্ধান । সেই কাৰণেই বুৰঞ্জীমূলক উপন্যাস ৰোমান্টিক উপন্যাস । ইয়াৰ পৰিবেশ ৰোমাঞ্চকৰ পৰিৱেশ । ৰোমাঞ্চৰ বৰ্ণ বৈচিত্ৰ্যই সমকালীন বাস্তৱ জগতৰ পৰা এখন নতুন অৰ্ধ – পৰিচিত ঘটনাবহুল জগতলৈ পাঠকক লৈ যায় ।

সাধাৰণতে সমকালীন উপন্যাসত বাস্তৱৰ ঘটনাৰ প্ৰতিচ্ছবি থাকে , চৰিত্ৰবোৰো বাস্তৱানুগ হয় । সেয়ে এনে উপন্যাস বুজাত বা উপলব্ধি কৰাত পাঠকৰ অসুবিধা নহয় । কিন্তু ঐতিহাসিক জগতৰ ঘটনা , চৰিত্ৰ , পৰিবেশ সম্পূৰ্ণ বেলেগ । সেয়ে ঐপন্যাসিকে ইতিহাসৰ আঁৰত লুকাই থকা প্ৰাত্যহিক জীৱনৰ সুখ দুখ , প্ৰাত্যহিক জীৱনৰ চিত্ৰ কল্পনাৰে পুৰা কৰিবলগা হয় । 

বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ প্ৰধান সুবিধা  এয়ে যে ইয়াত এটা পূৰ্ব প্ৰস্তুত কাহিনী পায় । তদুপৰি এনেবোৰ উপন্যাসত বহি:সংঘাত দেখুওৱাৰ সুবিধা বেছি । প্ৰধান ঘটনাৰ আঁৰে আঁৰে লেখকে অপ্ৰধান কাহিনী কল্পনাৰে সৃষ্টি কৰি বুৰঞ্জীৰ পৰিবেশত স্থাপন কৰিব পাৰে । পিছে মূল ঘটনা আৰু কাল্পনিক ঘটনাৰ সমন্বয় ঘটাব নোৱাৰিলে উপন্যাসৰ ৰসভংগ হোৱাৰ সম্ভাৱনা থাকে । বুৰঞ্জীয়ে মানুহৰ মানুহৰ ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা নকৰে , চৰিত্ৰবোৰ সেয়ে বুৰঞ্জীত অসম্পূৰ্ণ হৈ থাকে । ঐপন্যাসিকে সেই সকলোবোৰ স্পষ্ট আৰু বহুভাৱে বৰ্ণনা কৰিব পাৰে , কেৱল ঐতিহাসিক সত্যতা অক্ষুন্ন ৰাখিব লাগিব । 

৯) বুৰঞ্জী আৰু বুৰঞ্জীমূলক উপন্যাসৰ মাজত পাৰ্থক্য কি জুকীয়াই লিখা। 

উত্তৰঃ- বুৰঞ্জী হল অতীতৰ ৰজা মহাৰজা , শাসক , ৰাজনৈতিক , সামাজিক আৰু আৰ্থিক অৱস্থা আদিৰ তথ্যসৰ্বস্ব  বিৱৰণ আৰু বুৰঞ্জীমূলক উপন্যাস ৰচিত হয় সেই বুৰঞ্জীৰ কাহিনীক অৱলম্বন কৰিয়েই । গতিকে দেখাত বুৰঞ্জী আৰু বুৰঞ্জীমূলক উপন্যাস একে যেন লাগিলেও ইয়াৰ মাজত পাৰ্থক্য আছে । পাৰ্থক্যসমূহ এনে ধৰণৰ – 

বুৰঞ্জী সম্পূৰ্ণ তথ্যসম্বলিত ; বুৰঞ্জীমূলক উপন্যাস আংশিকভাৱে তথ্যনির্ভৰ হলেও প্ৰধানকৈ কল্পনানিষ্ঠ । বুৰঞ্জীমূলক উপন্যাসত ঐপন্যাসিকে অতীতৰ কোনো যুগৰ জীৱনধাৰা আৰু নৰ – নাৰীৰ বিচিত্ৰলীলা বুৰঞ্জীমূলক ঘটনাৰ মাজেদি সজীৱ আৰু আবেদনশীল কৰিবলৈ প্ৰয়াস কৰে । সেই কাৰণেই এনে উপন্যাসত বুৰঞ্জীৰ কাহিনী বিকৃত নোহোৱাকৈ ঐপন্যাসিকৰ কল্পনাৰ নানা উপ কাহিনী আৰু উপ চৰিত্ৰও উপস্থাপিত হয় তাক অধিক গতিশীল আৰু ৰমনীয় কৰিবলৈ । কিন্তু বুৰঞ্জীত কল্পনাৰ কোনো স্থান নাই । তাত প্ৰকৃত চৰিত্ৰ আৰু সংঘটিত ঘটনাহে অবিকলভাৱে বৰ্ণিত হয় । 

বুৰঞ্জীয়ে মানুহৰ ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা নকৰে । চৰিত্ৰবোৰ সেয়ে বুৰঞ্জীত অসম্পূৰ্ণ আৰু অস্পষ্ট হৈ থাকে । বুৰঞ্জীমূলক উপন্যাসত ঐপন্যাসিকে ঐতিহাসিক সত্যতা অক্ষুন্ন ৰাখি সেইবোৰ চৰিত্ৰৰ স্পষ্ট আৰু বহুলভাৱে বৰ্ণনা কৰিব পাৰে । 

বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ এক বিশেষ সুবিধা এয়ে যে ইয়াত এটা পূৰ্বপ্ৰস্তুত কাহিনী পোৱা যায় । কিন্তু বুৰঞ্জীৰ পৰা এই পূৰ্বপ্ৰস্তুত কাহিনী লৈ বুৰঞ্জীমূলক উপন্যাস লিখিলেও ই বুৰঞ্জী নহয় । 

ইয়াৰ পৰা দেখা যায় – বুৰঞ্জী আৰু বুৰঞ্জীমূলক উপন্যাসৰ পাৰ্থক্য বিষয়গত নহয় প্ৰকাশভংগীতহে । এজন বুৰঞ্জী লেখকৰ মূলতঃ সম্পৰ্ক বুৰঞ্জীমূলক সত্যৰ লগত , কিন্তু বুৰঞ্জীমূলক উপন্যাসৰ লেখকৰ সম্পৰ্ক ৰস সৃষ্টিৰ লগতহে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top