Class 12 Adv Assamese Chapter 12 হাতী

Class 12 Adv Assamese Chapter 12 হাতী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 12 হাতী and select needs one.

Class 12 Adv Assamese Chapter 12 হাতী – হোমেন বৰগোহাঞি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 12 হাতী Solutions for All Subject, You can practice these here…

৬) ‘সিতো কেৱল এটা হাতী নহয় , কেৱল এটা অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক ।’ – ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে ? কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰঃ- ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি বলোৰাম মেধিৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে । 

বলোৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা , সেই সময়তে তেওঁ হঠাৎ এদিন আৱিষ্কাৰ কৰিলে যে ধনে ধানে , মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে , এই সময়তে ঘৰৰ পদূলিমুখত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয় । কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই চাৰিকুঠলিয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে আৰু আদৰতে নাম থলে বাপধন । সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই এখন আসন পাই আহিছে । বাপথনক তেওঁ কোনোদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই । 

হাতীটো কিনাৰ পৰাই তেওঁৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িল । জিলাৰ বৰচাহাব এবাৰ মৌজালৈ আহোঁতে বাছি বাছি সুন্দৰ আৰু উপযুক্ত বুলি তেওঁৰ হাতীটোকে বৰচাহাবক আদৰিবলৈ নিছিল । বৰচাহাবেও হাতীটোক আৰু মালিক বলোৰাম মেধিক বৰ প্ৰশংসা কৰিছিল । জিলাৰ পৰা হাকিম বিষয়া মৌজালৈ আহিলে তেওঁৰ ঘৰতে আলহী হোৱা হল । লাহে লাহে বলোৰাম মেধিৰ ঘৰৰ অৱস্থা দোপতদোপে আৰু উন্নত হবলৈ ধৰিলে , সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল । 

এইবিলাক কাৰণতেই বলোৰাম মেধিয়ে আন্তৰিকতাৰে ভাবিলে হাতীটো কেৱল এটা হাতীয়ে নহয় , কেৱল এটা অভিজাত বাহনো নহয় , সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক , তেওঁৰ ঘৰৰ লক্ষ্মী । কথাষাৰি তাৎপৰ্য এয়াই । 

৭) ‘শূণ্য বিয়াঘৰৰ পদূলিমুখত স্তব্ধ স্তম্ভিত হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন ।’ – বিয়া ঘৰৰ পদূলিমুখত বুঢ়া আৰু বাপধন অথৰ্ব হৈ বোৱাৰ কাৰণ কি ? তেওঁলোক কিয় বৰযাত্ৰী নহল ?

অথবা

“নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা , প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি ।” – এই বাক্যটি কৰ পৰা উদ্ধৃত ? ইয়াত উল্লেখ কৰা অথৰ্ব প্ৰতিনিধি দুটা কোন কোন ? 

উত্তৰঃ- বলোৰাম মেধিয়ে পঁচিছ বছৰ বয়সতে নিজৰ প্ৰতিপত্তি আৰু গৰিমা বঢ়াবলৈকে হাতী এটা কিনি আনিছিল আৰু আদৰতে তাৰ নাম থৈছিল বাপধন । বাপধনক ঘৰলৈ অহাৰ পৰাই সঁচাকৈয়ে তেওঁৰ প্ৰতিপত্তি আৰু সন্মান দুগুণে বাঢ়িল । জিলাৰ বৰচাহাব মৌজালৈ আহোঁতে তেওঁক আদৰিবলৈ বলোৰাম মেধিৰ হাতীটোকেই বাছি নিছিল। জিলাৰ ডা ডাঙৰীয়া , হাকিম বিষয়া আহিলেও তেওঁৰ ঘৰতে আলহী হয়।লাহে লাহে তেওঁৰ ঘৰৰ অৱস্থাৰ দোপতদোপে আৰু উন্নতি হবলৈ ধৰিলে , সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল । সাতোটা পুতেকৰ ছয় জনৰ বিয়াত প্ৰতিবাৰেই দৰা এই হাতীটোৰ পিঠিতে উঠি মহাপয়োভৰে কইনা ঘৰলৈ গৈছিল আৰু বিয়া কৰাই উভতি আহিছিল । সকলোৰে কি আনন্দ আৰু হাতীটোৰ প্ৰতি আদৰ । তেতিয়া হাতীটো আছিল ঘৰৰ অপৰিহাৰ্য অংগ আৰু মহামূল্য সম্পদ ।

কিন্তু প্ৰজন্মৰ আৰু সময়ৰ ব্যৱধানে এই হাতীটোক ঘৰখনৰ অপ্ৰয়োজনীয় আৰু মূল্যহীন কৰি পেলালে । গাড়ী মটৰৰ যুগত হাতীৰ মূল্য বা প্ৰয়োজনেই বা কত পুতেকহঁতৰ মনত এই ধাৰণা । সেয়ে সৰু পুতেকৰ বিয়াত পুতেকহতে হাতীটোৰ সলনি দৰাক মটৰত নিয়াৰ ব্যৱস্থা কৰিলে । বলোৰাম বুঢ়াই এই কথাত ঘোৰ আপত্তি কৰিলে । ছজন পুতেক এই হাতীটোৰ পিঠিত উঠি গৈয়েই বিয়া হল যেতিয়া সৰু পুতেকো হাতীটোৰ পিঠিত উঠিয়েই বিয়া হবলৈ যাব – বুঢ়াই এই জেদ ধৰিলে । সেয়ে বুঢ়াই নিজে মাউত ৰাতিয়াৰ হতুৱাই বিয়াৰ দিনা ৰাতিপূৱাতে নৈৰ ঘাটলৈ হাতীটোক  লৈ গৈ নিজে আগত থাকি গা পা ধুৱালে , দিনটো শিল্পীসুলভ আবেগেৰে তেওঁৰ নিজ হাতে তাৰ কপালৰ কল্কা আঁকি দিলে , শৰীৰৰ অন্যান্য যথাস্থানত বিচিত্ৰ চিত্ৰ শোভাৰ সৃষ্টি কৰিলে , ভৰিত জুনুকা পিন্ধাই দিলে , তাৰ পিছত ৰাতিয়াৰ লগত আলোচনা কৰি দৰাৰ কাৰণে গাদীখন সজাবলৈ ধৰিলে । 

বিয়াৰ উখল মাখলত কোনে কি কৰিছিল , কাৰো খবৰ নাছিল । হঠাৎ এবাৰ বৰ মইনাৰ বুঢ়াৰ কাণ্ড কাৰখানাৰ ওপৰত চকু পৰিল । ব্যস্তভাৱে বাপেকৰ ওচৰলৈ আহি সুধিলে – ‘পিতা , তুমি এইবোৰ কি কৰিছা ? তাৰ পিছত যেতিয়া কলে দৰা গাড়ীতহে যাব বুলি তেতিয়া বুঢ়া গৰজি উঠিল , ‘তই কলেই হব নেকি , দৰা গাড়ীতহে যাব বুলি ? কণ মইনা হাতীতই যাব । তই মনে মনে থাক ।’

বিৰক্ত হৈ বৰ মইনা একো নামাতি গুচি গল । যথাসময়ত যাত্ৰাৰ লগ্ন আহি পালে । গায়ন বায়ন , বেণ্ডপাৰ্টী , আয়তীৰে দৰা পদূলিমুখ পালেহি। তোৰণৰ কাষতে বৰ মইনা এম্বেছেডৰখন সুসজ্জিত কৰি ৰাখি থোৱা আছিল , তাৰ ওচৰতে আৰু দহ বাৰখন অন্যান্য গাড়ী মটৰ । আনহাতে পদূলিমুখতে চকী এখনত বহি বুঢ়াই বাপধনক ওচৰতে সজাই ৰাখিছে । এনেতে দৰা আহি তোৰণ পৰা হৈ বাটত থিয় দিলেহি আৰু বুঢ়াই সৱ্যস্ত হৈ থি হৈ ৰাতিয়াক হুকুম দিলে –  ‘ৰাতিয়া , হাতী বৈঠ কৰ। ‘ কিন্তু সেই মুহূৰ্ততে দৰা আগবাঢ়ি গৈ এম্বেছেডৰত উঠিলগৈ । ‘কণমইনা , তই মটৰৰ পৰা নামি আহ , তই হাতীতে যাব লাগিব । ‘

বুঢ়াৰ আটাহ চিঞৰ , লম্ফ – জম্ফ দেখি ভিৰৰ মাজতে কোনোৱাই ঠাট্টা মস্কৰা কৰি খিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে । লগে লগে বাকী বৰযাত্ৰী বোৰেও , ওচৰতে ৰৈ থকা অন্যান্য মটৰ গাড়ীত উঠি দৰাৰ গাড়ী অনুসৰণ কৰি পাছে পাছে গুচি গল । বিয়াঘৰৰ পদূলি শূণ্য হৈ পৰিল । শূণ্য বিয়াঘৰৰ পদূলিত স্তব্ধ স্তম্ভতি হৈ থিয় হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন নামৰ সেই হাতীটো । তেওঁলোক বৰযাত্ৰী হব নোৱাৰিলে বৰ্তমান পৰিৱৰ্তিত সময় আৰু প্ৰজন্মৰ ব্যৱধানৰ মূল্যবোধৰ অৱক্ষয়ৰ কাৰণে । তেওঁলোকৰ , হাতীটোৰ যেন কোনো মূল্যই নাই তেওঁলোক এই সমাজখনৰ কোনো লেখৰেই নহয় , এনে এটা অৱজ্ঞাৰ ভাৱতেই তেওঁ আৰু হাতীটো তাত ৰৈ গল ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৮) চমু উত্তৰ দিয়া :-

ক) ‘তেওঁৰ মুখত সকলো সময়তে এটা অভিমানৰ ভাব লাগিয়েই থাকে।’– ইয়াত কাৰ কথা কোৱা হৈছে ? তেওঁৰ মুখত কিয় অভিমানৰ ভাৰ লাগি থাকে ?

উত্তৰঃ- ইয়াত বলোৰাম মেধিৰ কথা কোৱা হৈছে । বলোৰাম মেধি এতিয়া বুঢ়া হৈছে । তেওঁৰ বয়স চাৰিকুৰি পাৰ হৈ গৈছে । চকু কাণৰ শক্তি কমি আহিছে । কিবা এষাৰ কথা কব লাগিলে কাৰণ কাৰণ কাষত চিঞৰি কলেহে তেওঁ শুনে । সেই কাৰণে নিতান্ত দৰকাৰ নহলে কোনেও তেওঁৰ লগত কথা নাপাতে । বুঢ়াই সেই কাৰণেই মনে মনে নিজকে অৱহেলিত যেন অনুভৱ কৰে আৰু কোনেও তেওঁক মানুহ যেনেই নাপায় বুলি ভাবি তেওঁৰ মুখত সকলো সময়তে এটা অভিমানৰ ভাব লাগিয়েই থাকে ।

খ) ‘এনেকুৱা নিমখ হাৰামী মানুহ আৰু মই দেখা নাই ।’– কোনে , কি প্ৰসংগত এই কথাষাৰ কৈছিল , বুজাই লিখা । 

উত্তৰঃ- হাতীটোৰ গাত ঘা লগা দেখি বলোৰাম বুঢ়াই মাউতক গালি পাৰি এনেদৰে কৈছিল । 

এদিন সন্ধিয়া মাউত ৰাতিয়াই পদূলিৰ মুখতে বাপধন নামৰ বুঢ়াৰ হাতীটো ৰাখি থৈ সি ঘৰৰ ভিতৰলৈ গল । হাতীটো বুঢ়াৰ অতি মৰমৰ । হাতীটোৱেও বুঢ়াক অতি ভাল পায় । পদূলিতে এন্ধাৰত বহি থকা বুঢ়াক ওচৰতে পাই বাপধনে শুৰডাল মেলি বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে । বুঢ়ায়ো হেৰোৱা মাণিক বিচাৰি পোৱাৰ দৰে হাতেৰে শুৰডাল ধৰি পৰম আবেগেৰে হাত বুলাবলৈ ধৰিলে , যেন বহু দিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে । বুঢ়াই শুৰডালত হাত বুলাই বুলাই কবলৈ ধৰিলে ,  ‘ইস , তোৰ গাত এইবোৰ ঘা লাগিল কেনেকৈ ? ৰাতিয়াটো কম পাষণ্ড নহয় । সি তোক কৰবাৰ কাঁইটীয়া জংঘলত সুমুৱাই দিছিলগৈ । তাক মই ইমানকৈ কৈছোঁ , বাপধনৰ গাটো ভাল নহয় , এইকেইদিন তাক জংঘললৈ নিব নালাগে । নাই মোৰ কথাক কথা বুলিয়েই কান নকৰে । ইহঁত গোটেইমখাৰে একে ষড়যন্ত্ৰ ।’ সেই কাৰণেই বুঢ়াই ‘এনেকুৱা নিমখ হাৰামী আৰু মই দেখা নাই বুলি কৈছিল । 

গ) ‘তোমাক আৰু এসপ্তাহ সময় দিলোঁ ‘ – বুলি কোনে , কাক কিয় কৈছিল বুজাই লিখা ।

উত্তৰঃ- বলোৰাম বুঢ়াৰ পুতেক বৰমইনাই বাপেকক উদ্দেশ্য কৰিয়েই এই কথাষাৰ কৈছিল ।

মটৰ গাড়ীৰ যুগত হাতী এটা ঘৰখনৰ বাবে মূল্য হীন আৰু অপ্ৰয়োজনীয় হৈ পৰিল , এই ভাব বলোৰাম বুঢ়াৰ পুতেকহঁতৰ । সেয়ে বৰমইনাই হাতীটোতকৈ  গাড়ীৰ ওপৰতহে বেছি গুৰুত্ব দিছিল আৰু হাতীটোৰ প্ৰতি সততে অৱজ্ঞাৰ ভাব প্ৰদৰ্শন কৰিছিল । কিন্তু বলোৰাম বুঢ়াৰ জীৱনৰ সাফল্য আৰু সন্মান প্ৰতিপত্তিৰ প্রতীক আৰু ঘৰৰ লক্ষ্মীস্বৰূপ হাতীটোৰ মোহ এই বুঢ়া বয়সতে তেওঁ এৰিব নোৱাৰে । তেওঁৰ মানত এতিয়াও হাতীটো ঘৰৰ মহা মূল্য সম্পদ আৰু নয়নৰ মণি। সেয়ে কৰবাৰ পৰা আহি পালেই তেওঁ হাতীটো গা পা লাৰি বৰ মৰম আদৰ কৰে । 

ইয়াতে বৰমইনাই সহ্য কৰিব নোৱাৰি হাতীটো সোনকালেই বিক্ৰী কৰি দিয়া বা শদিয়ালৈ কাঠ টানিবলৈ ঠিকাদাৰক দি ঘৰৰ পৰা আঁতৰ কৰি পঠিয়াবলৈ বুলি ঠিক কৰি হাতীটোক মৰম কৰিবলৈ মাত্ৰ  ‘এসপ্তাহ সময় দিলোঁ’ বুলি কৈছিল ।

ঘ) গাড়ীৰ যুগত হাতীটোৰ ব্যৱহাৰিক প্ৰয়োজন নাই আৰু মূল্যহীন বুলি বৰমইনাই কিয় ভাবিছিল ?

উত্তৰঃ- আগৰ দিনত ৰাস্তা পদূলি , মটৰ গাড়ী নোহোৱাৰ দিনত হাতীৰ ব্যৱহাৰিক প্ৰয়োজন আছিল অধিক আৰু ই হৈ পৰিছিল এখন ঘৰৰ অতি মূল্যবান সম্পদ । কিন্তু মটৰ গাড়ীৰ যুগত , চাৰিওফালে ৰাস্তা পদূলি হৈ উঠাৰ যুগত সেই হাতীৰ ব্যৱহাৰিক প্ৰয়োজন নোহোৱা হল , কাৰণ হাতীৰে এঘণ্টা কিমান বাট অতিক্ৰম কৰা যাব , গাড়ীৰে তাৰ বহুগুণ বেছি বাট অতিক্ৰম কৰিব পৰা যাব , হাতীৰে যি কাম কৰা যায় – তাতকৈ বহু বেছি কাম মটৰ গাড়ী বা যন্ত্ৰৰে কৰিব পৰা যায় । এনেক্ষেত্ৰত  গাড়ীৰ যুগত ঘৰৰ অন্ন খাই বহি থকা এটা হাতীৰেই বা প্ৰয়োজন কি , ইয়াৰেই বা কি মূল্য আছে – এনে ভাব উদয় হৈছিল বৰমইনাৰ ।

ঙ) বুঢ়াই কণ মইনাৰ বিয়াৰ বাবে হাতীটো কেনেদৰে সজাইছিল – বুজাই লিখা । 

উত্তৰঃ- বিয়াৰ ৰাতিপুৱাই ৰাতিয়াক লগত লৈ নৈৰ ঘাটত হাতীটোক গা ধুৱাবলৈ গল । নিজে আগত থিয় হৈ থাকি প্ৰায় দুঘণ্টা সময় তেওঁ ৰাতিয়াৰ হতুৱাই হাতীটোৰ গাটো ধুৱালে । তাৰ পিছত ঘৰলৈ আহি বাৰমান বজাৰ পৰা হাতীটোক সজাবলৈ আৰম্ভ কৰিলে । শিল্পীসুলভ আবেগেৰে তেওঁ নিজ হাতে তাৰ কপালত কক্লা আঁকি দিলে , শৰীৰৰ অন্যান্য যথাস্থানত বিচিত্ৰ চিত্ৰ শোভাৰ সৃষ্টি কৰিলে , ভৰিত জুনুকা পিন্ধাই দিলে , তাৰ পিছত ৰাতিয়াৰ লগত পৰামৰ্শ কৰি দৰাৰ কাৰণে গাদীখন সুন্দৰকৈ সজালে ।

চ) বিয়া ঘৰৰ পদূলিমুখত বলোৰাম বুঢ়া আৰু বাপধন স্তব্ধ স্তম্ভিত হৈ ৰোৱাৰ কাৰণ কি আছিল ?

উত্তৰঃ- দৰাৰ সাজত কণমইনাই যেতিয়া বৰযাত্ৰী হৈ এম্বেছেডৰত উঠিবলৈ আগবাঢ়িল তেতিয়া বলোৰাম বুঢ়াই ‘কণমইনা , তই মটৰৰ পৰা নামি আহ , নামি আহ , তই হাতীতহে যাব লাগিব ।’ বুলি আটাহ চিঞৰ , লম্ফ জম্ফ কৰিবলৈ ধৰিলে তেতিয়া ভিৰৰ মাজতে কোনোৱাই ঠাট্টা মস্কৰা কৰি খিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে । লগে লগে বাকী বৰযাত্ৰীবোৰেও ওচৰতে ৰৈ থকা অন্যান্য মটৰ গাড়ীত উঠি দৰাৰ গাড়ী অনুসৰণ কৰি পাছে পাছে গুচি গল । বিয়াঘৰৰ পদূলি শূণ্য হৈ পৰিল । শূণ্য বিয়াঘৰৰ পদূলিত স্তব্ধ স্তম্ভতি হৈ থিয় হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন নামৰ হাতীটো । তেওঁলোক বৰযাত্ৰী হব নোৱাৰিলে বৰ্তমান পৰিৱৰ্তিত সময় আৰু প্ৰজন্মৰ ব্যৱধানৰ মূল্যবোধৰ অৱক্ষয়ৰ কাৰণে । তেওঁলোকৰ , হাতীটোৰ যেন কোনো মূল্যই নাই । তেওঁলোক এই সমাজখনৰ কোনো লেখৰেই নহয় , এনে এটা অৱজ্ঞাৰ ভাৱতেই বলোৰাম বুঢ়া আৰু বাপধন তাতে ৰৈ গল ।

৯) অতি চমু উত্তৰ দিয়া :-

ক) ‘হাতী’ গল্পটিৰ লিখক কোন ?

উত্তৰঃ- হোমেন বৰগোহাঞি । 

খ) হোমেন বৰগোহাঞিৰ এখন উপন্যাসৰ নাম লিখা । 

উত্তৰঃ- ‘পিতা – পুত্ৰ’ ।

গ) হোমেন বৰগোহাঞিৰ এখন গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- ‘বিভিন্ন কোৰাছ’ ।

ঘ) হোমেন বৰগোহাঞিয়ে কিমান চনত কোনখন গ্ৰন্থৰ বাবে অসম প্ৰকাশক পৰিষদ বঁটা লাভ কৰিছিল ?

উত্তৰঃ-  ১৯৭৬ চনত  ‘পিতা – পুত্ৰ’ উপন্যাস গ্ৰন্থখনৰ বাবে  ।

ঙ) হোমেন বৰগোহাঞিয়ে কিমান চনত কোনখন গ্ৰন্থৰ বাবে  সাহিত্য একাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ- ১৯৭৮ চনত  ‘পিতা – পুত্ৰ’ উপন্যাস গ্ৰন্থখনৰ বাবে ।

চ) হোমেন বৰগোহাঞিয়ে কোন চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে ?

উত্তৰঃ- ১৯৯২ চনত ।

ছ) বলোৰাম মেধিয়ে কিমান বয়সত হাতীটো কিনিছিল ?

উত্তৰঃ- তেওঁৰ পঁচিছ বছৰ বয়সত ।

জ) বলোৰাম মেধিয়ে হাতীটোৰ নাম কি ৰাখিছিল ?

উত্তৰঃ- বাপধন ।

ঝ) বাপধন কাৰ নাম ?

উত্তৰঃ- বলোৰাম মেধিৰ হাতীটোৰ নাম ।

ঞ) বলোৰাম মেধিৰ পুতেক কেইজন আৰু জীয়েক কেইগৰাকী ?

উত্তৰঃ- পুতেক সাতজন আৰু জীয়েক তিনিগৰাকী ।

ট) বৰমইনা কোন ?

উত্তৰঃ- বলোৰাম মেধিৰ ডাঙৰ পুতেক । 

ঠ) কণমইনা কোন ?

উত্তৰঃ- বলোৰাম মেধিৰ সৰু পুতেক ।

ড) ৰাতিয়া কোন ?

উত্তৰঃ- বলোৰাম মেধিৰ হাতীটোৰ মাউত ।

ঢ) বলোৰাম মেধিৰ হাতীটোৰ মাউতজনৰ নাম কি ?

উত্তৰঃ- ৰাতিয়া ।

ণ) বলোৰাম মেধিয়ে হাতী কিনিবলৈ কি বেচিছিল ?

উত্তৰঃ- তেওঁ চাৰি কুঠলীয়া এটি ধানৰ ভঁৰাল । 

ত) বলোৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিলে ?

উত্তৰঃ- মাউত ৰাতিয়াক ।

থ) ‘নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা , প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ 

দুটা অথৰ্ব প্ৰতিনিধি’ – ইয়াত কি নতুনৰ শোভাযাত্ৰাৰ কথা কোৱা হৈছে, আৰু তাত ঠাই নোপোৱাৰ প্ৰতিনিধি দুটা কোন কোন ?

উত্তৰঃ- মটৰ গাড়ীত দৰাক তুলি কন্যা ঘৰলৈ কৰা যাত্ৰাক নতুনৰ শোভা যাত্ৰা আৰু তাত ঠাই নোপোৱা বুঢ়া বলোৰাম মেধি আৰু বাপধন নামৰ হাতী এই দুটা হল ইয়াত উল্লেখ কৰা প্ৰতিনিধি । 

দ) হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনী মূলক গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ- আত্মানুসন্ধান ।

ধ) হোমেন বৰগোহাঞি বিৰচিত একমাত্ৰ কাব্য শংকলনখনৰ নাম কি ?

উত্তৰঃ- ‘হৈমন্তী’ ।

1 thought on “Class 12 Adv Assamese Chapter 12 হাতী”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top