Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু

Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু and select needs one.

Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু Solutions for All Subject, You can practice these here…

২২) চমু উত্তৰ দিয়া – 

ক) ‘কপিলীপৰিয়া সাধু’ৰ ৰচক কোন ?

উত্তৰঃ- নৱকান্ত বৰুৱা । 

খ) কমলা কুঁৱৰী জলকুঁৱৰী হোৱা ঘুলিটোৰ নাম কি ? 

উত্তৰঃ- গায়ন – বায়নৰ গুছলি ।

গ) জলকোঁৱৰে গোৱালপৰীয়াক নামাৰি কিয় এৰি দিছিল ?

উত্তৰঃ- গোৱালপৰীয়া ঘুনীয়া আছিল কাৰণে ।

ঘ) কপিলীয়ে কাক সপোন দেখুৱাইছিল ?

উত্তৰঃ- ভকতধূতি বৈৰাগীক ।

ঙ) ৰূপাইহঁতৰ প্ৰাথমিক স্কুলত কোন পণ্ডিতে পঢ়ুৱাইছিল ?

উত্তৰঃ- বেথাৰাম পণ্ডিতে ।

চ) বেথাৰাম পণ্ডিতৰ কত কেনেকৈ মৃত্যু হৈছিল ?

উত্তৰঃ- স্বাধীনতা আন্দোলনত জেলত থাকোঁতে জেলতে মৃত্যু হৈছিল ।

ছ) ৰূপাইক বিচাৰি যাবলৈ কাৰ পৰা লেমটো আনিছিল ?

উত্তৰঃ- মিনাৰাম দোকানীৰ পৰা ।

জ) ৰূপায়ে বৃত্তি পৰীক্ষা দিবলৈ জিলালৈ গৈ কাৰ ঘৰত আছিল ? 

উত্তৰঃ- দিনবন্ধু উকীলৰ ঘৰত ।

ঝ) পৰীক্ষা দি আহোঁতে উকীলৰ ছোৱালীজনীলৈ ৰূপায়ে কি কিনি আনিছিল ?

উত্তৰঃ- নকুলদানা ।

ঞ) দিনবন্ধু উকীলৰ ৰান্ধনিজনৰ নাম কি ?

উত্তৰঃ- হাৰিয়া ।

ট) ৰূপাইৰ বাপেক আৰু মাকৰ নাম কি ?

উত্তৰঃ- ধীৰচিঙ আৰু ৰঙিলী ।

ঠ) মহাত্মা গান্ধীয়ে সাগৰৰ পাৰলৈ লোণ আনিবলৈ কোন চনত গৈছিল ?

উত্তৰঃ- ১৯৩০  চনত । 

ড) ৰূপায়ে কিয় ভলণ্টিয়াৰৰ দলত যোগদান কৰিছিল ?

উত্তৰঃ- বাবুৱনীয়ে ছোৱালীজনীৰ আগতে চৰ মৰাৰ কাৰণে আৰু হাৰিয়াৰ হাততো শাস্তি খোৱাৰ দুখত । 

ঢ)  জেলত ৰূপায়ে লগ পোৱা গোসাঁইজনৰ নাম কি ? 

উত্তৰঃ- তিলক গোঁসাই ।

ড) ৰূপায়ে কিয় ভলণ্টিয়াৰৰ দলত যোগদান কৰিছিল ? 

উত্তৰঃ- বাবুৱনীয়ে ছোৱালীজনীৰ আগতে মৰাৰ কাৰণে আৰু হাৰিয়াৰ হাততো শাস্তি খোৱাৰ দুখত ।

ঢ) জেলত ৰূপায়ে লগ পোৱা গোসাঁইজনৰ নাম কি ? 

উত্তৰঃ- তিলক গোঁসাই । 

ণ) তিলক গোসাঁইৰ ঘৰ কত আছিল ?

উত্তৰঃ- গেলা পোতনি গাঁৱত ।

ত) গুৱাহাটী জেলত ৰূপায়ে কাক লগ পাইছিল ?

উত্তৰঃ- চুধংচু বাবুল । 

থ) ৰূপায়ে জেলৰ পৰা আহি স্কুল পুনৰনিৰ্মান কৰি কাক শিক্ষক হিচাপে আনিছিল ?

উত্তৰঃ- তিলক গোসাঁইৰ ভতিজা বসু গোসাঁইক ।

দ) ৰূপায়ে কাৰ ওচৰত শৰণ লব বিচাৰিছিল ?

উত্তৰঃ- তিলক গোসাঁইৰ ওচৰত । 

ধ) তিলক গোসাঁইৰ খেতিবাতিৰ কাম কোনে কৰিছিল ?

উত্তৰঃ- চামগুৰীয়াই ।

ন) তিলক গোসাঁয়ে ৰূপাইক পঢ়িবলৈ কি পুথি দিছিল ? 

উত্তৰঃ- শ্ৰীৰত্নকান্ত বৰকাকতিয়ে ভাঙনি কৰা  ‘হিন্দু স্বৰাজ’  নামৰ পুথিখন ।

প) ৰূপাইহঁতক লগত লৈ কোন চাহাবে বানপানীৰ সাহায্য আৰু উদ্ধাৰৰ কাম কৰিছিল ?

উত্তৰঃ- মি: পিল্লাই নামৰ চাহাবজনে ।

ফ) ৰূপায়ে পিতাক ধীৰচিঙৰ পিণ্ড কিয় দিব নোৱাৰিলে ?

উত্তৰঃ-  ধীৰচিঙৰ প্ৰকৃত সন্তান নহয় কাৰণে । 

ব) ৰূপাই অচেতন হৈ নৈৰ বালিত পৰি থাকোতে প্ৰথমে কোণত দেখিছিল ?

উত্তৰঃ- সোণপাহী নামৰ ছোৱালী এজনীয়ে ।

ভ) ৰূপায় কাৰ প্ৰেমত পৰিছিল ?

উত্তৰঃ- সোণপাহীৰ প্ৰেমত । 

ম) সোণপাহীৰ শেষত কি হল ?

উত্তৰঃ- ৰূপাইৰ দ্বাৰা অন্ত :- সত্ত্বা হোৱাত আৰু ৰূপাইৰ পৰা পাবলগীয়া প্ৰয়োজনীয় সঁহাৰি নোপোৱাৰ দুখত কপিলীত বুৰী মৃত্যু হল ।

য) ৰূপায়ে শেষত কি কৰিলে ?

উত্তৰঃ- সোণপাহীৰ আত্মহত্যাৰ অনুশোচনাত দগ্ধ হৈ ঘৰ সংসাৰ পাতিবলৈ মন মেলিলে । 

ৰ) ‘সন্তোষ বঙালৰ টোলৰ বিষয়ে  ‘কপিলীপৰিয়া সাধু’ত কি কথা পোৱা যায় , লিখা ।

উত্তৰঃ- কপিলীৰ পাৰতে ঢাপ মৰা বাৰী এডোখৰ আছে , এতিয়া চৰণীয়া পথাৰ । সেয়েই ‘সন্তোষ বঙালৰ টোল’ বুলি উল্লেখ আছে । 

ল) ‘পৰভু , জানেই আমি দাঁতিয়লীয়া মানুহ । শৰণ নললে জাতত নোঠু।’ – কোনে , কাক এই কথাষাৰ কৈছিল ?

উত্তৰঃ- ৰূপায়ে তিলক গোসাঁইক কৈছিল ।

ৱ) ‘লোকে হাতৰ , কাণৰ বেচি বেচিও লৰা চৰা পঢ়ায় । ঈশ্বৰৰ কৃপাত তোমাৰ তামোল টেঙাৰ বাৰীখনেই দুই ডেৰকুৰি টকা দিয়ে – তুমিনো নোৱাৰিবা কিয় ?’ – কোনে , কাক এনেদৰে কৈছিল ?

উত্তৰঃ- ভাঙোৰী ভকতে ধীৰচিঙক এনেদৰে কৈছিল ।

শ) ‘গোঁসাই পুখুৰী’ সম্বন্ধে  ‘কপিলী পৰীয়া আধু’ত কি কথাৰ উল্লেখ আছে , – লিখা ।অথবা , ‘গোঁসাই পুখুৰী’ সৃষ্টিৰ নেপথত থকা কিম্বদন্তিটো লিখা । 

উত্তৰঃ- ‘গোঁসাই পুখুৰী’টো বহুদিনীয়া পুখুৰী , কিমান দিনৰ পৰা আছে কোনোৱে নাজানে । এই পুখুৰীটো হোৱাৰ এটা জনশ্ৰুতিমূলক কাহিনী আছে । কাহিনীটো এনে ধৰণৰ –

এবাৰ সেই ঠাইত কালিয় দমন নাট হৈছিল । গোসাঁইৰ ভাও গোসাঁইৰ লৰাইহে লয় । গাঁৱত কালিয় দমন নাট মেলিলে ওচৰে পাজৰে গোঁসাই কেইঘৰ বৰ ভয়ে ভয়ে থাকে । ৰাইজে ঢোল খোল লৈ তামোল পানেৰে যি ঘৰত গোঁসাই ভাও লবলৈ লৰা বিচাৰিব দিবই লাগিব । নিদিলে বৰ জগৰ লাগে । কি হয় ঠিক নাই । আনহাতে লৰা দিয়াও টান । কিনিবাদি কৰবাত  ‘ছিদ্ৰ’ ওলালে ভাওনাৰ দিনাই গোঁসাই থিত লয় । কুঁহিলা – তুলাপাতেৰে সজা কালীনাথ জীৱন্ত হৈ উঠে , – হোলাকা হোলোকে তেজ বতিয়ায় । গোটেইখন তালফাল লাগে , —কৃষ্ণই ফনাত উঠি নচা ঠাইডোখৰত এটা পুখুৰী হয় , লাহে লাহে চাপটোৱে সৈতে ভাওলোৱা লৰাজন পানীৰ তললৈ সোমাই যায় । 

এনেকৈয়ে এই পুখুৰীটো হোৱা বুলি মানুহে বিশ্বাস কৰে । বৰ্তমানেও গোঁসাই পুখুৰীটোৰ পৰা চাৰিটা বৰ ওখ বাহিৰৰ পৰা পানী নোসোমায় । পাৰত হাবি , তামোল আৰু বাঁহ , ৰবাব টেঙা পৰি সৰে , তাতে  গাযে । গৰখীয়া লৰায়ো নোবোটলে । তালৈ দিনটো মানুহ হিচাপে কয়াল পুখুৰীটোৰ কাছবোৰৰ পিঠিত হেনো শেলুৱৈ গজিছে । মাছ গোটেইটো পুখুৰীত খাই আছে , কোনেও মাৰিবলৈ সাহস নিকৰে ।

ষ) ৰূপাইহঁতৰ গাঁৱৰ দোকানীননৰ নাম কি আছিল ? 

উত্তৰঃ- মিনাৰাম ।

স) ‘কপিলীয়েই আমাক চিনাকি কৰিলে – কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব ।’ – কোনে , কাক এনেদৰে কৈছিল ?

উত্তৰঃ- সোণপাহীয়ে ৰূপাইক কৈছিল ।

হ) সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই কি কথা কৈছিল ? চমুকৈ লিখা।

উত্তৰঃ- সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই এই বুলি কৈছিল যে সি বৰ সাংঘাতিক মানুহ । সি নানান ঠগ বাজি কৰি দোকান দিছিল । গোঁসাই জেললৈ যাওঁতে সিয়েই পুলিচক লগাই গোসাঁইৰ দোকানখন ভঙালে । বাৰী মানুহ এজনৰ মাটিও সি বাকীত মাৰি নিজৰ কৰি লৈছিল ।

ক্ষ) ৰূপাইহঁতৰ গাঁৱৰ দোকানী জনৰ নাম কি ? ‘কপিলীপৰিয়া সাধু’ উপন্যাসত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে কাৱৈ মাছ একুৰিৰ মূল্য কিমান ? 

উত্তৰঃ- মিনাৰাম ।  ২ আনা ৬ পাই ।

ড়) ‘মই শিচ ভজাবলৈ এৰিলো নহয় , এজনৰ শিচহে ।’ কোনে , কাক এনেদৰে কৈছিল ?

উত্তৰঃ- তিলক গোসাঁইয়ে ৰূপাইক এনেদৰে কৈছে । 

ঢ়) “মই তেওঁত শৰণ লব খোজা নাই নহয় পিতাই , তেওঁতহে শৰণ লম।” – ইয়াত কোনে , কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে ?

উত্তৰঃ- ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে ।

য়) ৰূপায়ে  ‘চুধংচু’ বাবুক প্ৰথম কত লগ পাইছিল ?

উত্তৰঃ- গুৱাহাটীৰ জেলত ।

অ) বেথাৰাম কোন ? তেওঁৰ আচল ঘৰ কত আছিল ?

উত্তৰঃ- পণ্ডিত । তেওঁৰ আচল ঘৰ জাগীত ।

আ) ‘কপিলীপৰিয়া সাধু’ কোন শ্ৰেণীৰ সাহিত্য ? ইয়াৰ লেখক কোন ?

উত্তৰঃ- উপন্যাস শ্ৰেণীৰ সাহিত্য । লেখক ― নৱকান্ত বৰুৱা ।

5 thoughts on “Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু”

  1. Sir কপিলী পৰিয়া সাধু short question answer nai aase jadi diyakn ???but .. thanks you so much sir ans dibolo thanks…………………?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top