Class 11 Sociology Chapter 7 সামাজিক পৰিৱৰ্তন

Class 11 Sociology Chapter 7 সামাজিক পৰিৱৰ্তন answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 7 সামাজিক পৰিৱৰ্তন and select needs one.

Class 11 Sociology Chapter 7 সামাজিক পৰিৱৰ্তন

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 7 সামাজিক পৰিৱৰ্তন Solutions for All Subject, You can practice these here.

সামাজিক পৰিৱৰ্তন

পাঠ: 7

দ্বিতীয় খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। সংমিশ্ৰণ কোন প্ৰকাৰৰ সমাজৰ এটা প্ৰধান বৈশিষ্ট্য ?

উত্তৰ :- নগৰীয়া সমাজ।

২। ভাৰতবৰ্ষ এখন গ্ৰাম্য প্ৰধান দেশ, সচানে ?

উত্তৰ :- সচা।

৩। নগৰীয়া সমাজৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ :- সামাজিক গতিশীলতা।

৪। সামাজিক পৰিৱৰ্তনৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰ :- জনসংখ্যা বৃদ্ধি।

৫। সামাজিক পৰিৱৰ্তনে মানুহৰ “সম্বন্ধৰ পৰিৱৰ্তনকে” বুজায়- কথাষাৰ সচানে ?

উত্তৰ :- সচা।

৬। “বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ সমাজৰ পৰিৱৰ্তনত প্ৰভাৱ পেলায়” সচানে মিছা লিখা। 

উত্তৰ :- সচা।

৭। ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ দুটা কাৰণ লিখা।

উত্তৰ :- (i) উদ্যোগীকৰণ আৰু (ii) আধুনিক শিক্ষা।

৮। উদ্যোগীকৰণৰ অৰ্থ লিখা।

উত্তৰ :- উদ্যোগীকৰণ মানে শিল্প, উদ্যোগ, কল-কাৰখানা ইত্যাদি স্থাপন কৰা বুজায়।

৯। নগৰীকৰণ কি ?

উত্তৰ :- কোনো এখন গাওঁ নগৰ অঞ্চললৈ পৰিৱৰ্তন হোৱাকে নগৰীকৰণ বোলে।

১০। আধুনিকৰণৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা।

উত্তৰ :- আধুনিকৰণৰ দুটা প্ৰধান বৈশিষ্ট্য হ’ল :

(i) যুক্তিসংগত চিন্তাধাৰা।

(ii) বিজ্ঞানসন্মত মনোভাৱ।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। সামাজিক পৰিৱৰ্তন মানে কি ?

উত্তৰ :- সাধাৰণ ভাষাত ক’বলৈ গ’লে সামাজিক পৰিৱৰ্তনে সেই তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনবোৰক বুজায়- যি কোনো বস্তু বা পৰিস্থিতিৰ মৌলিক সংৰচনাক এক নিৰ্ধাৰিত কালত সলনি কৰে। অৰ্থাৎ সামাজিক পৰিৱৰ্তনে যি কোনো আৰু সকলো পৰিৱৰ্তনক নুবুজায়। সমাজৰ বৃহৎ অংশলৈ অহা গভীৰ আৰু ব্যাপক পৰিৱৰ্তনকহে সামাজিক পৰিৱৰ্তন বোলা হয়। 

২। বিৱৰ্তন (evolution) মানে কি ?

উত্তৰ :- এক দীৰ্ঘ সময় জুৰি ধীৰ গতিত হোৱা পৰিৱৰ্তনক বিৱৰ্তন বুলি কোৱা হয়। প্ৰকৃতি বিজ্ঞানে চাৰ্লচ ডাৰউইনে এই অৱধাৰণাটো আগবঢ়াইছিল। জীৱিত প্ৰাণীৰ বিকাশ সম্বন্ধে আলোচনা কৰোঁতে ডাৰউইনে মত প্ৰকাশ কৰিছিল যে জীৱিত প্ৰাণীয়ে কেইবাশ বা কেতিয়াবা হাজাৰ বছৰ ধৰি ধীৰ গতিত প্ৰকৃতিৰ সৈতে খাপ খুৱাকৈ নিজকে পৰিৱৰ্তন কৰে। ডাৰউইনে এই প্ৰক্ৰিয়াটোক বিৱৰ্তন আখ্যা দিছিল।

৩। ‘যোগ্যজন বৰ্তী থকা’ (Surviaval of the fittest) নীতি কি ?

উত্তৰ :- ডাৰউইনৰ বিৱৰ্তনবাদে ‘যোগ্যজন বৰ্তী থকা’ নীতিৰ ওপৰত জোৰ দিছিল। ডাৰউইনৰ মতে প্ৰাকৃতিক পৰিৱেশৰ লগত যিবোৰ জীৱই খাপ খুৱাই ল’ব পাৰে সেইবোৰহে জীয়াই থাকে আৰু যিবোৰ জীৱই পৰিৱেশৰ লগত খাপ খাব নোৱাৰে সেইবোৰ প্ৰকৃতিৰ পৰা নিশ্চিহ্ন হৈ যায়। এয়েই হ’ল ‘যোগ্যজন বৰ্তী থকা’ নীতি।

৪। ‘সামাজিক ডাৰউইনিজম’ (Social Darwinism) মানে কি ?

উত্তৰ :- চাৰ্লচ ডাৰউইনে আগবঢ়োৱা বিৱৰ্তনবাদ আৰু ইয়াৰ লগত জড়িত হৈ থকা যোগ্যজন বৰ্তী থকা নীতি মূলতঃ জীৱৰ বিৱৰ্তন আৰু প্ৰাকৃতিক প্ৰক্ৰিয়াৰ লগত জড়িত যদিও পিছৰ পৰ্যায়ত এই নীতিৰ জৰিয়তে সামাজিক জীৱনৰ পৰিৱৰ্তনো আলোচনা কৰা হয়। ইয়াকে সামাজিক ডাৰউইনিজম বোলা হয়। সামাজিক ডাৰউইনিজমে সমাজত চলি থকা পৰিৱৰ্তনৰ লগত খাপ খাব নোৱাৰা চামটোক পৃথিৱীৰ পৰা নিশ্চিহ্ন কৰিব বুলি ভাবে।

৫। বৈপ্লৱিক পৰিৱৰ্তন মানে কি ?

উত্তৰ :- বিৱৰ্তনাত্মক পৰিৱৰ্তনৰ বিপৰীতে তুলনামূলকভাৱে ক্ষিপ্ৰতাৰে আৰু কেতিয়াবা আকস্মিকভাৱে হোৱা পৰিৱৰ্তনক বৈপ্লৱিক পৰিৱৰ্তন বোলা হয়। ৰাজনৈতিক ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনে পূৰ্বৰ শাসক শ্ৰেণীক গাদীচ্যুত কৰি সমাজত ক্ষমতাৰ সংৰচনা দ্ৰুতগতিত পৰিৱৰ্তন কৰাটো বুজায়। বৈপ্লৱিক পৰিৱৰ্তনৰ ধাৰণাটোৱে মূলত দ্ৰুত, আকস্মিক আৰু সম্পূৰ্ণ ৰূপান্তৰক বুজাবলৈ প্ৰয়োগ কৰা হয়।

৬। সামাজিক পৰিৱৰ্তন কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰ :- পৰিৱৰ্তনৰ প্ৰকৃতি আৰু প্ৰভাৱৰ ওপৰত ভিত্তি কৰি পৰিৱৰ্তনক দুটা ভাগত ভগাব পাৰি- সংৰচনাত্মক পৰিৱৰ্তন আৰু ধাৰণা, মূল্যবোধ আৰু বিশ্বাসৰ পৰিৱৰ্তন। 

৭। সংৰচনাত্মক পৰিৱৰ্তন (Structural change) মানে কি ? 

উত্তৰ :- সমাজৰ সংস্থা বা সংস্থাক পৰিচালিত কৰা নীতি নিয়মৰ পৰিৱৰ্তন কৰি সমাজৰ গাঠনিৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয়। উদাহৰণস্বৰূপে সোণ, ৰূপৰ মুদ্ৰাৰ সলনি কাগজৰ নোটৰ প্ৰচলনে সমাজলৈ অন্য ব্যাপক পৰিৱৰ্তনক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয়।

৮। মূল্যবোধ আৰু বিশ্বাসত হোৱা পৰিৱৰ্তনে কোনধৰণে সামাজিক পৰিৱৰ্তন কঢ়িয়াই আনে ব্যাখ্যা কৰা।

উত্তৰ :- মূল্যবোধ আৰু বিশ্বাসত হোৱা পৰিৱৰ্তনে সমাজলৈ ব্যাপক সামাজিক পৰিৱৰ্তন কঢ়িয়াই আনে। উদাহৰণস্বৰূপে শিশু আৰু ল’ৰালিকালৰ বিষয়ে থকা ধাৰণা আৰু বিশ্বাসৰ পৰিৱৰ্তনে সমাজলৈ কঢ়িয়াই অনা পৰিৱৰ্তনলৈ আঙুলিয়াব পাৰি। ১৯ শতিকাৰ শেষৰ পিনে শিশুক যিমান সোনকালে পৰা যায় কৰ্মত নিয়োগ কৰাটো ভাল আৰু উচিত বুলি ভবা হৈছিল। তেতিয়া ল’ৰালি কালৰ বিষয়ে বিশেষ ধাৰণা নাছিল আৰু শিশুৱে কি কৰা উচিত বা কি কৰা অনুচিত সেই বিষয়েও কোনো স্পষ্ট ধাৰণা নাছিল। কিন্তু বিংশ শতিকাৰ আগভাগত ল’ৰালি কালটোক জীৱনৰ এক বিশেষ পৰ্যায় বুলি গণ্য কৰা হ’ল। সেইসময়তে সৃষ্টি হোৱা বাধ্যতামূলক শিক্ষাৰ ধাৰণাৰ প্ৰভাৱত শিশুক কাৰখানাৰ পৰিৱৰ্তে পঢ়াশালীলৈ পঠোৱাৰ ব্যৱস্থা আৰম্ভ হ’ল। বহুদেশে শিশু শ্ৰমিক বন্ধ কৰি আইন প্ৰণয়ন কৰিলে। এনেকৈয়ে শিশু সম্বন্ধীয় মূল্যবোধ আৰু বিশ্বাসৰ পৰিৱৰ্তনে সমাজলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিলে।

৯। সামাজিক পৰিৱৰ্তনৰ উৎস বা কাৰণবোৰৰ কি কি ? 

উত্তৰ :- সামাজিক পৰিৱৰ্তনৰ কাৰণবোৰক কেতিয়াবা আভ্যন্তৰীণ (অন্ত:ৰ্জাত) আৰু বহিৰ্ভূত (বহিৰ্জাত) কাৰণ ৰূপেও শ্ৰেণীকৰণ কৰিব পাৰি। ইয়াৰ পৰি ৫ টা বহল ভাগত সামাজিক পৰিৱৰ্তনৰ উৎস বা কাৰণবোৰক ভাগ কৰিব পাৰি। সেইবোৰ হ’ল- (ক)পৰিপাৰ্শ্বিক, (খ) প্ৰযুক্তিগত, (গ) অৰ্থনৈতিক, (ঘ) ৰাজনৈতিক আৰু (ঙ) সাংস্কৃতিক।

১০। পৰিৱেশে কেনেকৈ সামাজিক পৰিৱৰ্তন কঢ়িয়াই আনে ব্যাখ্যা কৰা।

উত্তৰ :- পৰিৱেশে প্ৰকৃততে সমাজ গঢ় দিয়ে। সাৰুৱা নদী উপত্যকাত জীৱন নিৰ্বাহ সুচল হোৱাৰ বাবেই পুৰণি সভ্যতা বিলাক নদী উপত্যকাত গঢ়লৈ উঠিছিল। আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ তীব্ৰ বিকাশৰ ফলত বহু সময়ত মানুহে প্ৰকৃতিক নিয়ন্ত্ৰণাধীন কৰিছে যদিও আজিও প্ৰকৃতিয়ে সামাজিক পৰিৱৰ্তনত প্ৰভাৱ পেলাই আহিছে। প্ৰাকৃতিক বিপৰ্যয় যেনে ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ, বানপানী বা চুনামীৰ দৰে সাগৰীয় জোৱাৰ ভাটাই সমাজক স্থায়ীভাৱে সলনি কৰি আহিছে। ইতিহাসত প্ৰাকৃতিক বিপৰ্যয়ৰ এনে বহু উদাহৰণ আছে য’ত কেতিয়াবা সমাজৰ সম্পূৰ্ণ ৰূপান্তৰ হৈছে আৰু কেতিয়াবা সম্পূৰ্ণ ধ্বংস হৈছে। কেতিয়াবা প্ৰাকৃতিক পৰিৱেশে সমাজক উপকৃত কৰাও দেখা গৈছে। মধ্য প্ৰাচ্যত খাৰুৱা তেলৰ দৰে প্ৰাকৃতিক সম্পদৰ আৱিষ্কাৰে সেই অঞ্চলৰ সমাজলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে।

১১। প্ৰযুক্তিবিদ্যা আৰু অৰ্থনীতিয়ে কেনেদৰে সামাজিক পৰিৱৰ্তন সাধন কৰে। 

উত্তৰ :- প্ৰযুক্তিবিদ্যা আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ যৌথ সংযোজনৰ ফলতেই বৰ্তমান যুগলৈ ব্যাপক পৰিৱৰ্তন আহিছে। আধুনিক ঔদ্যোগিক সমাজখন সৃষ্টিৰ মূলতে আছিল শিল্প বিপ্লৱ। শিল্প বিপ্লৱে ঔদ্যোগীকৰণৰ গতি ক্ষিপ্ৰ কৰাৰ লগতে সমগ্ৰ বিশ্বতে বেপাৰ-বাণিজ্য বিস্তাৰিত হোৱাত সহায় কৰিছিল। ভাপ ইঞ্জিনৰ আৱিষ্কাৰে পৰিবহণ ব্যৱস্থাৰ ব্যাপক উন্নতি সাধন কৰিছিল। আমেৰিকা আৰু এচিয়াত ৰেলপথে উদ্যোগ আৰু বাণিজ্য বিস্তাৰিত হোৱাত সহায় কৰিছিল। ভাপ ইঞ্জিন চালিত জাহাজ সমুদ্ৰ যাত্ৰা বেগী আৰু নিৰ্ভৰযোগ্য কৰি তুলিলে যাৰ ফলত- আন্তঃৰ্জাতিক বেপাৰ-বাণিজ্যৰ লগতে প্ৰব্ৰজন বৃদ্ধি পালে। 

খাৰ-বাৰুদকে আদি কৰি সমৰ প্ৰযুক্তিবিদ্যা আৰু কাগজমুদ্ৰণ জগতত হোৱা বৈপ্লৱিক পৰিৱৰ্তনে চিৰকালৰ বাবেই সমাজখন সলনি কৰি পেলালে। শেহতীয়াকৈ তথ্য প্ৰযুক্তি (Information technology) ৰ দিশত হোৱা পৰিৱৰ্তনে সমগ্ৰ বিশ্বকে এখন গাৱলৈ ৰূপান্তৰিত কৰিলে।

অৰ্থনীতিয়েও সমাজক প্ৰভাৱিত কৰে। শিল্প বিপ্লৱ সৃষ্টি হৈছিল আৰ্থিকভাৱে আগবঢ়া ইংলণ্ডত আৰু শিল্প বিপ্লৱে কঢ়িয়াই অনা সু-ফলবিলাক লাভ কৰি সমগ্ৰ ইউৰোপে এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাত বেহা-বেপাৰৰ অচিলা লৈ উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল। তেনেদৰে অধিক লাভৰ আশাত ইংৰাজে অসমৰ চাহ খেতিত কাম কৰিবলৈ বৰ্তমানৰ ঝাৰখণ্ড আৰু চত্তীশগড় অঞ্চলৰ পৰা বনুৱা আনিছিল। ইংৰাজৰ এই কাৰ্যই সমগ্ৰ অসমীয়া সমাজখনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিলে। সমসাময়িক বিশ্বত বিশ্ববেংক (World Bank) আৰু বিশ্ববাণিজ্য সংস্থা (World Trade organization) ৰ দৰে বিত্তীয় সংস্থাই সমগ্ৰ বিশ্বৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰাৰ লগতে সকলো সমাজকে কম বেছি পৰিমাণে প্ৰভাৱিত কৰিছে।

১২। সামাজিক পৰিৱৰ্তনত ৰাজনীতিয়ে কেনেকৈ প্ৰভাৱ পেলায় ? 

উত্তৰ :- ৰাজনীতি সামাজিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ কাৰক। ইতিহাস অধ্যয়ন কৰিলে আমি এইটো গম পাও যে পুৰণি কালত ৰজা মহাৰাজাসকলৰ কাম-কাজে সমাজক প্ৰভাৱিত কৰিছিল।যুদ্ধত বিজয়ীসকলে বিজেতা সকলৰ মাজত পৰিৱৰ্তনৰ বীজ ৰোপণ কৰিছিল। আধুনিক ৰাষ্ট্ৰই গ্ৰহণ কৰা সিদ্ধান্তই সমগ্ৰ সমাজ   ব্যৱস্থাকে পৰিৱৰ্তন কৰে। আধুনিক সমাজক ব্যাপকভাৱে প্ৰভাৱিত কৰা দুটা ৰাজনৈতিক কাৰক হ’ল- গণতন্ত্ৰৰ প্ৰসাৰ আৰু সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থাৰ আবিৰ্ভাৱ। গণতন্ত্ৰৰ প্ৰসাৰে সমগ্ৰ সমাজখনকে ৰাজনীতিৰ লগত জড়িত কৰিলে। আনহাতে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ পদ্ধতিয়ে জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ নিৰ্বিশেষে সকলো ব্যক্তিকে ভোটাধিকাৰ প্ৰদান কৰা সকলো ব্যক্তিকে সম-মৰ্যাদা প্ৰদান কৰিলে। এনেদৰে ৰাজনীতিয়ে সমাজক প্ৰভাৱিত কৰে।

১৩। সংস্কৃতিয়ে কেনেদৰে সামাজিক পৰিৱৰ্তন সাধন কৰে ? 

                               অথবা

ধৰ্ম আৰু ক্ৰীড়াই সামাজিক পৰিৱৰ্তন আনিব পাৰেনে ? ব্যাখ্যা কৰা।

উত্তৰ :- সংস্কৃতি শব্দটোৰ অৰ্থ ব্যাপক আৰু ই সকলোধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয়। সাধাৰণভাৱে সংস্কৃতি বুলিলে জ্ঞান, বিশ্বাস, ধাৰণা, মূল্যবোধ, ধৰ্ম, আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম আদি সকলোকে বুজায়। সংস্কৃতিও সামাজিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ আহিলা স্বৰূপ। সমাজত প্ৰচুৰ প্ৰভাৱ পেলোৱা সংস্কৃতিৰ এটা উপাদান হৈছে ধৰ্ম। মেক্স ৱেবাৰে তেওঁৰ ‘The Protestant ethic and the Spirit of Capitaism’ নামৰ গ্ৰন্থখনত খ্ৰীষ্টান ধৰ্মৰ প্ৰটেষ্টাণ্ট শাখাই পুজিবাদী ব্যৱস্থাৰ জন্ম আৰু বিকাশত যোগোৱা অৰিহণাৰ  বিষয়ে ব্যাখ্যা কৰিছিল। প্ৰটেষ্টাণ্ট শাখাই মানুহৰ জীৱনৰ বৈষয়িক সুখ-দুখৰ ওপৰত গুৰুত্ব দিছিল আৰু ধনসম্পদৰ দৰে ভৌতিক সুখৰ আধাৰবোৰক বেয়া বুলিও কোৱা নাছিল। যাৰফলত অধিক ধন-সম্পদ অৰ্জন কৰা আৰু অধিক বৈষয়িক সুখ লাভ কৰাৰ বাবে মানুহ ব্যাকুল হৈছিল। ৱেবাৰৰ মতে এই ব্যাকুলতাই আছিল পুজিবাদৰ আৰম্ভণি।

ধৰ্মৰ দৰে সংস্কৃতিৰ অন্য এক উপাদান ক্ৰীড়াইয়ো সামাজিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ কাৰক। ব্ৰিটিছ অভিজাত শ্ৰেণীৰ খেল হিচাপে আৰম্ভ হোৱা ক্ৰিকেট কালক্ৰমত ইংৰাজ উপনিৱেশ বিলাকলৈ সম্প্ৰসাৰিত হৈ এতিয়া সমগ্ৰ বিশ্বৰে। এটা জনপ্ৰিয় খেল হৈ পৰিছে। সাম্প্ৰতিক সময়ত ভাৰতীয় উপমহাদেশৰ ক্ৰিকেটৰ জনপ্ৰিয়তাই ইয়াৰ ব্যৱসায়িক পাৰ্শ্বচিত্ৰ সলনি কৰিছে আৰু ক্ৰিকেটক বৰ্তমান ভাৰতীয় সকলৰ ৰুচিবোধ পৰিচালনা কৰিছে। সমসাময়িকভাৱে ক্ৰিকেটৰ তীব্ৰ জনপ্ৰিয়তাই ভাৰতৰ পৰম্পৰাগত অন্য ক্ৰীড়াসমূহক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰাৰো উপক্ৰম হৈছে। এনেদৰেই সংস্কৃতিয়ে সামাজিক পৰিৱৰ্তন সাধন কৰে।

১৪। সামাজিক শৃংখলা (Social order) মানে কি?      

উত্তৰ :- সামাজিক শৃংখলা হৈছে এটা প্ৰতিস্থিত সামাজিক ব্যৱস্থাৰ ভিতৰত থকা বাধা দিয়া বা নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা। সামাজিক শৃংখলা অবিহনে কোনো সামাজিক ব্যৱস্থায়েই চলি থাকিব নোৱাৰে। সমাজ এখনৰ স্থায়িত্বৰ বাবে কম বেছি পৰিমাণে একেদৰেই থকা কিছুমান বস্তুৰ প্ৰয়োজন যেনে- একে নীতি-নিয়ম, ব্যক্তি আৰু সংস্থাবোৰৰ নিৰ্দিষ্ট আচৰণবিধি আদি । সেই অৰ্থত সামাজিক শৃংখলাৰ ধাৰণাই পৰিৱৰ্তনৰ প্ৰতিবন্ধক ৰূপে কাম কৰে। সেইবুলি ই নেতিবাচক ধাৰণা নহয়। ই এটা ইতিবাচক ধাৰণা- যি এটা বিশেষ আৰ্হিৰ সামাজিক সম্বন্ধ, মূল্যবোধ, প্ৰতিমান আদিৰ সক্ৰিয়ভাৱে তত্বাৱধান কৰে।

১৫। সমাজত সামাজিক শৃংখলা কেনেদৰে অটুত ৰখা হয় ব্যাখ্যা কৰা।

উত্তৰ :- সামাজিক শৃংখলা দুই ধৰণেৰে লাভ কৰিব পাৰি : স্বত:ষ্ফূৰ্ত ভাৱে আৰু বাধ্যবাধকতাৰ যোগেদি। কেতিয়াবা মানুহে স্বত:ষ্ফূৰ্তভাৱে নীতি-নিয়ম আৰু প্ৰতিমান মানি চলে আৰু কেতিয়াবা এনে নীতি-নিয়ম, প্ৰতিমান আদি মানি চলিবলৈ মানুহক বাধ্য কৰোৱা হয়। প্ৰায়বোৰ সমাজে সামাজিক শৃংখলা বৰ্তাই ৰাখিবলৈ এই দুয়োটাৰে মিশ্ৰিত প্ৰণালী প্ৰয়োগ কৰে।

সাধাৰণতে সামাজিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তি বা সমাজৰ লগত পৰিচয় কৰি দিয়া হয়। অৰ্থাৎ এই প্ৰক্ৰিয়াৰ দ্বাৰাই ব্যক্তিয়ে সমাজৰ নীতি-নিয়ম, প্ৰতিমান আদিৰ শিক্ষা লাভ কৰে। গতিকে সামাজিক শৃংখলাৰ প্ৰতি স্বত:ষ্ফূৰ্ত সন্মতি সামাজিকৰণ প্ৰক্ৰিয়াৰ পৰা উদ্ভৱ হয়। কিন্তু সামাজিকৰণ যিমান কাৰ্যক্ষম নহওক কিয় ই সমাজৰ সকলোবোৰ প্ৰতিমানৰ বাবে সম্পূৰ্ণ আৰু স্থায়ী সন্মতি সকলো সময়তে উৎপন্ন কৰিব নোৱাৰে। সেয়েহে সংস্থা আৰু ব্যক্তিয়ে যাতে প্ৰতিস্থিত সামাজিক প্ৰতিমাণবোৰ মানি চলে তাৰ বাবে সকলো আধুনিক সমাজতেই কম বেছি পৰিমাণে ক্ষমতা বা বল প্ৰয়োগ কৰা হয়। এনেদৰে সমাজত সামাজিক শৃংখলা ৰক্ষা কৰা হয়।

১৬। কৰ্তৃত্ব কি ? ই কিদৰে প্ৰভুত্ব আৰু আইনৰ সৈতে জড়িত ?

উত্তৰ :- মেক্স ৱেবাৰৰ মতে কৰ্তৃত্ব হৈছে বৈধ- ক্ষমতা। অৰ্থাৎ ক্ষমতাই যেতিয়া বৈধতা লাভ কৰে তেতিয়াই কৰ্তৃত্বৰ সৃষ্টি হয়। কৰ্তৃত্ব আইনসন্মত আৰু ই বৰ্তমান সময়ত কৰ্তৃত্ব লিখিত নথি-পত্ৰৰ দ্বাৰা প্ৰদান কৰা হয়।

উদাহৰণস্বৰূপে এজন শিক্ষকে নিজৰ চাকৰিৰ অংশ হিচাপে ছাত্র-ছাত্ৰীৰ ওপৰত কৰ্তৃত্ব প্ৰয়োগ কৰে। এনে কৰ্তৃত্ব স্পষ্ট ৰূপত লিখিত নথিপত্ৰৰ দ্বাৰা প্ৰদান কৰা হয়- য’ত শিক্ষকজনে কি কি কৰিব পাৰিব বা নোৱাৰিব সেইয়া স্পষ্টভাৱে উল্লেখ কৰা থাকে।ক্ষমতাকেন্দ্ৰিক সম্বন্ধবোৰ যেতিয়া সুস্থিৰ হয় আৰু ক্ষমতাৰ সৈতে জড়িত দলবোৰ নিজ নিজ স্থানৰ সৈতে অভ্যস্ত হৈ পৰে তেতিয়া আমি আধিপত্য দেখা পাওঁ। আধিপত্যই ক্ষমতাৰ দ্বাৰা কাম কৰে আৰু এই ক্ষমতাৰ অধিকাংশই বাস্তৱিকতে বিধিসন্মত ক্ষমতা বা কতৃত্ব যিটোৰ বৃহৎ অংশই হৈছে প্ৰণালীৱদ্ধ আইন। আইন হৈছে সু-স্পষ্ট প্ৰতিমান বা নিয়ম। সাধাৰণতে আইন লিপিবদ্ধ ৰূপত থাকে। আইন কি ধৰণে প্ৰস্তুত কৰিব পাৰি বা সলাব পাৰি, বা আইন ভংগকাৰীক কেনে শাস্তি দিয়া হ’ব তাৰ বাবেও স্পষ্ট আইন আছে। এই আইনে নিৰ্দেশ কৰা আনুষ্ঠানিক নীতি-নিয়মৰ মাজেৰে সমাজ পৰিচালিত হয়। আইনে নিৰ্ধাৰণ কৰি দিয়া আইন প্ৰয়োগকাৰী সংস্থাই হৈছে কৰ্তৃত্ব। গতিকে দেখা যায় যে আইন আৰু কৰ্তৃত্বৰ  মাজত ওচৰ সম্পৰ্ক আছে।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক
Chapter 2প্ৰাথমিক অৱধাৰণা
Chapter 3 সামাজিক সংস্থা
Chapter 4সমাজ আৰু সংস্কৃতি
Chapter 5ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল
Unit 2দ্বিতীয় খণ্ড
Chapter 1সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Chapter 2 সামাজিক পৰিৱৰ্তন
Chapter 3পৰিৱেশ আৰু সমাজ
Chapter 4পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয়
Chapter 5ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয়

১৭। অস্পষ্ট ৰূপত কৰ্তৃত্ব থাকিব পাৰেনে ? আলোচনা কৰা।

উত্তৰ :- কিছুমান এনেধৰণৰ কৰ্তৃত্ব আছে যিবোৰক স্পষ্ট ৰূপত দেখা পোৱা নাযায়। কিন্তু সহযোগিতা বা সহমত বৰ্তাই ৰখাৰ ক্ষেত্ৰত কৰ্তৃত্ব অতি প্ৰভাৱশালী। উদাহৰণস্বৰূপে এজন ধৰ্মগুৰুৰ কথা ক’ব পাৰি। এজন ধৰ্মগুৰুৱে আনুষ্ঠানিক কৰ্তৃত্ব নথকাকৈয়ে সেই ধৰ্মৰ অনুগামী সকলৰ ওপৰত কৰ্তৃত্ব প্ৰয়োগ কৰে।

১৮। বিবাদ কি ? বিবাদৰ উদাহৰণ দিয়া ।

উত্তৰ :- বহল অৰ্থত বিভিন্ন মতানৈক্যক বুজাবলৈ বিবাদ শব্দটো ব্যৱহাৰ কৰা হয়। অৱশ্যে বিবাদে আইন সংগত কৰ্তৃত্বৰ বিৰুদ্ধে প্ৰতিবালকো বুজায়। বহু সময়ত বিবাদে সমাজত প্ৰচলিত প্ৰতিমানৰ প্ৰতিবাদ বা আনুগত্যক প্ৰত্যাখ্যান কৰাও বুজায়।

প্ৰতিষ্ঠিত প্ৰতিমানৰ প্ৰতিবাদ বা আনুগত্যক প্ৰত্যাখ্যান কৰাটো বিবাদ হ’ল যুৱ বিদ্ৰোহ (Youth reletion) এক প্ৰকাৰৰ বিদ্ৰোহেই। সেইদৰে গণতান্ত্ৰিক ব্যৱস্থাত নিৰ্বাচনবোৰো এক প্ৰকাৰৰ বিবাদ। নিৰ্বাচন বিৰুদ্ধৰ এটা মান বিশিষ্ট ৰূপ।

১৯। অপৰাধ কি ?

উত্তৰ :- অপৰাধ হৈছে এনে একধৰণৰ কাৰ্য যিটোৱে প্ৰচলিত আইন ভংগ কৰে। যদি কেতিয়াবা প্ৰচলিত আইন অন্যায়মূলক বুলি বিশ্বাস কৰা হয় তেতিয়াও আইন ভংগ কৰাটোৱেই অপৰাধ। উদাহৰণস্বৰূপে লোন আইন অন্যায়মূলক বুলি গণ্য কৰি মহাত্মা গান্ধীয়ে সেই আইন ইচ্ছাকৃত ভাৱে ভংগ কৰিছিল। কিন্তু তেতিয়াও গান্ধীয়ে অপৰাধেই কৰিছিল আৰু এই অপৰাধৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাও হৈছিল।

২০। হিংসা কি ?

উত্তৰ :- হিংসা হৈছে সামাজিক শৃংখলাৰ শক্ৰ আৰু মত বিৰোধৰ অন্তিম পৰ্যায়। হিংসাই আইন, সামাজিক প্ৰতিমাণ আদিক উলংঘা কৰে। হিংসাৰ ধাৰণাটো ৰাষ্ট্ৰৰ লগত জড়িত, কাৰণ কেৱল ৰাষ্ট্ৰইহে নিজৰ এলেকাত বৈধ হিংসাৰ প্ৰয়োগ কৰিব পাৰে। অৰ্থাৎ কেৱল ৰাষ্ট্ৰই ইয়াৰ কৰ্তৃত্বশীল কৰ্মকৰ্তাৰ দ্বাৰা বিধি সন্মত হিংসাৰ ব্যৱহাৰ কৰিব পাৰে।

২১। গাওঁ আৰু নগৰৰ মাজৰ পাৰ্থক্য কেনে ? 

উত্তৰ :- অৰ্থনৈতিক আৰু শাসন বিষয়ক সংজ্ঞামতে গাওঁ আৰু নগৰৰ পাৰ্থক্য সাধাৰণতে দুটা মুখ্য কাৰকৰ ভিত্তিত কৰা হয়-

(ক) জনসংখ্যাৰ ঘনত্ব, আৰু

(খ) কৃষি সম্বন্ধীয় আৰ্থিক ক্ৰিয়া কলাপৰ অনুপাত।

জনসংখ্যাৰ ঘনত্ব গাৱতকৈ চহৰত অধিক। প্ৰতিবৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব লক্ষ্য কৰিলে দেখা যায় যে গাঁৱৰ তুলনাত চহৰবোৰ বেছি ঘন জনবসতিপূৰ্ণ।

আনহাতে আৰ্থিক দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে গাঁৱৰ জনসংখ্যাৰ এটা বুজন অংশ কৃষিভিত্তিক জীৱিকাৰ সৈতে জড়িত হৈ থাকে।অৰ্থাৎ গাঁৱত উৎপাদনৰ অধিকাংশই কৃষিজাত সামগ্ৰী আৰু আয়ৰ অধিকাংশ কৃষিৰ পৰা আহে।

২২। নগৰ আৰু মহানগৰৰ মাজৰ পাৰ্থক্য আলোচনা কৰা।

উত্তৰ :- নগৰ আৰু মহানগৰৰ পাৰ্থক্য ঘাইকৈ প্ৰশাসনিক সংজ্ঞাই ধাৰ্য কৰে। নগৰ আৰু মহানগৰৰ পাৰ্থক্য মৌলিকভাৱে আকাৰৰ জৰিয়তে নিৰ্ণয় কৰিব পাৰি। মহানগৰ হ’ল প্ৰকৃততে এক নগৰপুঞ্জ। মহানগৰীয় এলেকাত এখনতকৈ অধিক নগৰ বা এক অবিচ্ছিন্ন নগৰীয়া বসতিস্থলেৰে এখন নগৰতকৈ বহুগুণে বেছি অঞ্চল সোমাই থাকে।

২৩। নগৰীকৰণ মানে কি ? 

উত্তৰ :- কৰ্মসংস্থান আৰু অন্যান্য সা-সুবিধাৰ আশাত নগৰত বসবাস কৰিবলৈ গাওঁ অঞ্চলৰ পৰা অহা প্ৰব্ৰজনকে নগৰীকৰণ বোলা হয়। উদ্যোগীক ব্যৱস্থাৰ বিকাশৰ লগে লগে বিশ্বৰ সকলো দেশতেই গাঁৱৰ জনসংখ্যাৰ অধিকতৰ পৰা অধিকতৰ অনুপাত নগৰলৈ যোৱা দেখা গৈছে।

২৪। গ্ৰামীণ অঞ্চলত সামাজিক শৃংখলাৰ বৈশিষ্ট্যবোৰ কি কি ? 

উত্তৰ :- গাওঁ এখন আকাৰত সৰু হোৱাৰ বাবে গাঁৱৰ লোকসকলে ইজনে সিজনক দেখা মাত্ৰকে চিনি পায়। অৰ্থাৎ গাঁৱত ব্যক্তিসকলৰ মাজত ব্যক্তিগত সম্বন্ধই গঢ় লৈ পৰে। ইয়াৰোপৰি জাতি, ধৰ্ম, বৰ্ণ, আৰু আন আন ধৰণৰ পৰম্পৰাগত সামাজিক প্ৰথাৰ প্ৰচলন গাঁৱত অধিক আৰু এনে পৰম্পৰাবিলাক গাঁৱৰ মানুহে মানি চলিবলগীয়া হয়।

গাঁৱৰ প্ৰভাৱশালী গোটবোৰ আপেক্ষিকভাৱে অধিক ক্ষমতাশালী। কাৰণ নিযুক্তিৰ সুবিধা আৰু অন্যান্য সম্পদৰাজি তেওঁলোকৰ নিয়ন্ত্ৰণাধীন হৈ থাকে। নিযুক্তি আৰু অৱলম্বনৰ বিকল্প গাঁৱত কম হোৱাৰ বাবে গাঁৱৰ দুখীয়াসকলে প্ৰভাৱশালী সকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

ইয়াৰোপৰি গাঁৱত অধিক ব্যক্তি সংগঠিত কৰি প্ৰভাৱশালী গোটৰ বিৰোধিতা কৰিব পৰা নাযায়- কাৰণ অধিক ব্যক্তি সংগঠিত কৰা কাৰ্য গাঁৱৰ জনসংখ্যা কম হোৱাৰ বাবে সহজেই প্ৰভাৱশালী গোটৰ নজৰত পৰে আৰু ক্ষিপ্ৰতাৰে  তেনে কাৰ্যক বশীভূত কৰা হয়। গতিকে গাঁৱত যদি পূৰ্বৰ পৰা শক্তিশালী ক্ষমতা সংৰচনা থাকে তেন্তে তাক আতৰ কৰাটো কঠিন।

২৫। নগৰ অঞ্চলত সামাজিক শৃংখলাৰ প্ৰত্যাহ্বানসমূহ কি কি ?

উত্তৰ :- নগৰ মহানগৰৰ সামাজিক শৃংখলাৰ বেছি গুৰুত্বপূৰ্ণ বিষয় ঠাইৰ প্ৰশ্নৰ সৈতে জড়িত হৈ আছে। নগৰ-মহানগৰত জনসংখ্যাৰ উচ্চ ঘনত্বই ঠাইখনত সা-সুবিধা বিতৰণৰ ক্ষেত্ৰত জটিল সমস্যাৰ সৃষ্টি কৰে। ইয়াৰোপৰি কিছুমান বস্তুৰ সংগঠন আৰু ব্যৱস্থাপনাই যেনে গৃহ আৰু আৱাসিক আৰ্হি, বৃহৎ সংখ্যক কৰ্মচাৰীক কৰ্মস্থলীলৈ অহাযোৱাৰ বাবে পৰিবহণ ব্যৱস্থা, জনস্বাহ্য, অনাময়, আৰক্ষী আৰু জন-সুৰক্ষা ব্যৱস্থাই সামাজিক শৃংখলাৰ প্ৰাথমিক দিশবোৰ নিৰ্ধাৰণ কৰে।

উদাহৰণস্বৰূপে নগৰত আবাসৰ প্ৰশ্নৰ সৈতে অন্য বহু সমস্যা জড়িত হৈ থাকে। দৰিদ্ৰলোক সকলৰ বাসস্থানৰ অভাৱে গৃহহীন আৰু ‘পথত বাস কৰা লোক’ৰ জন্ম দিয়াৰ লগতে বস্তি এলেকাৰ উদ্ভৱৰ ঘাই কাৰণ হৈ পৰে। পথ, পদপথ, দলং আৰু উৰণীয়া সেতুৰ তলত বাস কৰা লোকসকলৰ লগতে বস্তি এলেকাৰ লোকসকল খোৱাপানী, অনাময় বিদ্যুৎ আদি সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হয়। স্বাভাৱিকতে  এনে স্থানসমূহ অপৰাধীৰ জন্ম আৰু লালন-পালনৰ বাবে ভূ-স্বৰ্গ হৈ পৰে।

নগৰ অঞ্চলত সামাজিক শৃংখলাৰক্ষাত এনে ধৰণৰ প্ৰত্যাহ্বান সমূহ দেখা পোৱা যায়।

২৬। নগৰ মহানগৰত জন পৰিবহণৰ গুৰুত্ব সম্বন্ধে আলোচনা কৰা।

উত্তৰ :- নগৰ মহানগৰৰ পৰিবহণ ব্যৱস্থা গভীৰ ৰূপত আবাসিক অঞ্চলৰ অৱস্থান আৰু উদ্যোগীক আৰু বাণিজ্যিক কৰ্মস্থানৰ দ্বাৰা প্ৰভাৱিত হয়। যদি এনে কৰ্মস্থান আবাসিক এলেকাৰ পৰা দূৰত হয় তেন্তে বৃহৎ জন পৰিবহণ প্ৰণালীৰ নিৰ্মাণৰ আৱশ্যকতা আহি পৰে। পথ পৰিবহণৰ ওপৰত নিৰ্ভৰশীল চহৰবোৰত ৰাজহুৱাখণ্ডৰ সু-পৰিবহণৰ ব্যৱস্থা তৈয়াৰ কৰাৰ প্ৰয়োজন হয়। ৰাজহুৱা বাহনৰ পৰিৱৰ্তে ব্যক্তিগত যান-বাহনৰ চলাচলে যান-জটৰ লগতে প্ৰদূষণ বৃদ্ধি কৰে। পৰিবহণ ব্যৱস্থাৰ গুণগত প্ৰভাৱ মহানগৰত কৰ্মৰত লোকৰ ‘গুণগত জীৱন’ত পৰে। সেয়েহে মহানগৰত নিৰাপদ, কম খৰচী আৰু দ্ৰুত জন-পৰিবহণ ব্যৱস্থা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। সেয়েহে আধুনিক মহানগৰবোৰত মেট্ৰ ৰেলৰ দৰে দ্ৰুতগামী ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আৱশ্যকীয়তা বৃদ্ধি পাইছে।

২৭। গেটেছ সম্প্ৰদায় (Gated Community) বুলিলে কি বুজায় ?

উত্তৰ :- গেটেছ সম্প্ৰদায় নগৰীয়া অঞ্চলত দেখা পোৱা সাধাৰণতে উচ্চ শ্ৰেণী বা আঢ্যৱন্ত শ্ৰেণীৰ আবাসিক এলেকা যিটোৱে নিজকে চৌপাশৰ পৰিৱেশৰ পৰা নিলগাই ৰাখে। প্ৰৱেশ প্ৰস্থানত নিয়ন্ত্ৰণ ৰাখিব পৰাকৈ সৃষ্টি কৰা প্ৰৱেশদ্বাৰ আৰু ওখবেৰৰ দ্বাৰা সাধাৰণতে চৌপাশৰ পৰিৱেশৰ পৰা নিলগ হৈ থকা এনে আৱাসিক এলেকাত বসবাস কৰা সমাজৰ ধনী, আঢ্যৱন্ত শ্ৰেণীটোকে গেটেছ সম্প্ৰদায় বুলি কোৱা হয়।

২৮। সম্ৰান্তকৰণ (Gentrification) কি ?

উত্তৰ :- সম্ৰান্তকৰণ বুলিলে সাধাৰণতে নগৰীয়া অঞ্চলত দেখা পোৱা এক পৰিঘটনাক বুজায়- য’ত পূৰ্বতে নিম্ন শ্ৰেণীৰ চুবুৰী মধ্যম বা উচ্চ শ্ৰেণীৰ চুবুৰীলৈ ৰূপান্তৰিত হয়।

২৯। ঘেটো বা ঘেটোকৰণ মানে কি বুজা ? 

উত্তৰ :- ঘেটো (Gheto) শব্দটো পোনপ্ৰথমে ইউৰোপীয় মহানগৰবোৰত ইহুদীসকলৰ বস্তিক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই শব্দটোৱে বিশেষ ধৰ্ম, নৃ-গোষ্ঠী, জাতি বা অন্য উমৈহতীয়া পৰিচয় বহন কৰা ব্যক্তিৰ কেন্দ্ৰীভূত চুবুৰীক বুজাবকৈ ব্যৱহাৰ কৰা হয়। ঘেটোকৰণ প্ৰক্ৰিয়াত মিশ্ৰিত বিন্যাসৰ চুবুৰী একক সম্প্ৰদায় চুবুৰীলৈ পৰিৱৰ্তিত হয়।

৩০। প্ৰভাৱশালী জাতি (Dominant Csates) বুলিলে কি বুজায় ?

উত্তৰ :- প্ৰভাৱশালী জাতিৰ অৱধাৰণাটো পোনপ্ৰথমে ভাৰতীয় সমাজতাত্বিক এম.এন. শ্ৰীনিবাশে মধ্যবৰ্তি জাতিৰ জমিদাৰ সকলক বুজাবলৈ ব্যৱহাৰ কৰিছিল, যিসকলে সংখ্যাত অধিক হোৱাৰ বাবে নিজ নিজ অঞ্চলত ৰাজনৈতিক প্ৰভূত্ব বিস্তাৰ কৰিছিল।

৩১। ভাৰতীয় গ্ৰাম্য সমাজত কি ধৰণৰ পৰিৱৰ্তন হৈছে আলোচনা কৰা।

উত্তৰ :- ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত গ্ৰাম্য সমাজত যথেষ্ট খিনি পৰিৱৰ্তন হৈছে। গাঁৱৰ মানুহে কৃষি কৰ্মৰ উপৰিও চৰকাৰী চাকৰি আৰু ব্যৱসায় বাণিজ্যত জড়িত হৈছে। পুৰুষৰ সৈতে নাৰীসকলেও  বহুখিনি শিক্ষা-দীক্ষাৰে আগবাঢ়ি আহিছে। পুজিবাদী অৰ্থনৈতিক পদ্ধতি আৰু নগৰীয়া সংস্কৃতিৰ প্ৰভাৱ গাৱলীয়া। সমাজত যথেষ্ট স্পষ্টভাৱে পৰিছে। ধৰ্ম আৰু সামাজিক পৰম্পৰাৰ প্ৰভাৱ কমি আহিছে। জাতি বিচাৰ বহুখিনি হ্ৰাস পাইছে। জাতিৰ ভিত্তিত এতিয়া মানুহে বৃত্তি গ্ৰহণ নকৰা হৈছে। মানুহে নিজৰ অৰ্হতা, শিক্ষা আৰু ব্যক্তিগত পছন্দৰ ওপৰত ভিত্তি কৰি বৃত্তি গ্ৰহণ কৰা হৈছে। গাঁৱৰ পৰা মানুহৰ চহৰলৈ প্ৰব্ৰজন ঘটিছে। গাৱলীয়া সমাজৰ পৰম্পৰাগত যুটীয়া পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ উদ্ভৱ হৈছে। গাঁৱৰ ৰাস্তাঘাটৰ উন্নতি টেলিফোন আৰু বিজুলী-বাতিৰ সুবিধা হোৱাৰ ফলত সামাজিক গতিশীলতা বৃদ্ধি পাইছে।

৩২। এখন ভাৰতীয় গাঁৱৰ লক্ষণ সমূহ উল্লেখ কৰা। নগৰ আৰু গাঁৱৰ মাজত থকা পাৰ্থক্য সমূহ বিচাৰি উলিওৱা

উত্তৰ :- গাওঁ বুলিলে সাধাৰণতে প্ৰাকৃতিক পৰিৱেশৰ লগত সম্বন্ধিত জনসমূহ, য’ত মানুহৰ সংখ্যা কম, কৃষিয়ে প্ৰধান বৃত্তি আৰু পৰম্পৰাগত সামাজিক ৰীতি-নীতিৰে জীৱন ধাৰণ কৰাকে বুজায়। গাওঁৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে। সেইবোৰ হ’ল- 

(ক) কম জনবসতি পূৰ্ণ।

(খ) প্ৰধান জীৱিকা কৃষি।

(গ) ৰীতি-নীতি আৰু ধৰ্মত অধিক বিশ্বাস।

(ঘ) যুটীয়া পৰিয়াল ব্যৱস্থা।

(ঙ) জাতি বিচাৰ।

(চ) প্ৰকৃতিৰ লগত ওচৰ সম্বন্ধ।

(ছ) একে সম্প্ৰদায়ৰ লোকে একেলগে কাম কৰা।

গাওঁ আৰু নগৰৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে। যেনে-

(ক) গাঁওৰ প্ৰধান বৃত্তি হ’ল কৃষি – (ক) নগৰত চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ লগতে অন্যান্য বৃত্তি।

(খ) গাওঁৰ প্ৰকৃতিৰ লগত প্ৰত্যক্ষ সম্বন্ধ- (খ) নগৰ প্ৰকৃতিৰ পৰা বহু পৰিমাণে বিচ্ছিন্ন।

(গ) গাওঁত জনসংখ্যাৰ ঘনত্ব কম- (গ) নগৰত জনসংখ্যাৰ ঘনত্ব বেছি।

(ঘ) গাওঁত সামাজিক সদৃশ্যতা থাকে- (ঘ) নগৰত সামাজিক বৈসাদৃশ্যতা বেছি।

(ঙ) গাওঁত সামাজিক গতিশীলতা কম- (ঙ) নগৰত সামাজিক গতিশীলতা বেছি।

৩৩। সাম্প্ৰতিক ভাৰতীয় সমাজ ব্যৱস্থাত হোৱা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন চাৰিটা উল্লেখ কৰা।

উত্তৰ :- সাম্প্ৰতিক ভাৰতীয় সমাজ ব্যৱস্থাত হোৱ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন চাৰিটা হ’ল : 

(ক) যৌথ পৰিয়ালত ভাঙোন, একক পৰিয়ালৰ সৃষ্টি।

(খ) গ্ৰাম্য সমাজবোৰ ক্ৰমাৎ নগৰলৈ ৰূপান্তৰ।

(গ) জাতি প্ৰথাৰ সলনি সামাজিক শ্ৰেণীৰ গঠন।

(ঘ) আন্তঃবিবাহৰ সলনি বহি:বিবাহৰ ওপৰত গুৰুত্ব।

৩৪। ভাৰতীয় সমাজ ব্যৱস্থাত পৰিৱৰ্তন অনা চাৰিটা প্ৰক্ৰিয়াৰ নাম লিখা।

উত্তৰ :- ভাৰতীয় সমাজ ব্যৱস্থাত পৰিৱৰ্তন অনা চাৰিটা প্ৰক্ৰিয়াৰ নাম হ’ল :

(ক) উদ্যোগীকৰণ।

(খ) নগৰীকৰণ।

(গ) আধুনিকীকৰণ।

(ঘ) পাশ্চাত্যকৰণ।

৩৫। নগৰীকৰণ তিনিটা কাৰক উল্লেখ কৰা।

উত্তৰ :- বিভিন্ন কাৰণত নগৰীকৰণ বা নগৰ সৃষ্টি হোৱা দেখা যায়। সেইবোৰ হ’ল- 

(ক) প্ৰশাসনিক : প্ৰশাসনিক বা ৰাজনৈতিক কাৰণত নগৰৰ সৃষ্টি হয়। বিভিন্ন দেশৰ বা ৰাজ্য ৰাজধানী বা সদৰ ঠাই স্থাপন কৰাৰ ফলস্বৰূপে নগৰীকৰণ গঢ়ি উঠে।

(খ) উদ্যোগ বা বাণিজ্য কেন্দ্ৰ স্থাপন : কিছুমান ঠাইত উদ্যোগ স্থাপন বা বাণিজ্যকেন্দ্ৰ গঢ়ি উঠাৰ ফলস্বৰূপে নগৰৰ সৃষ্টি হয়।

(গ) তীৰ্থস্থান : ভাৰতত কিছুমান নগৰ তীৰ্থস্থানৰ পৰা সৃষ্টি হৈছে। তীৰ্থ কৰিবলৈ অহা মানুহৰ সমাগমৰ ফলত নগৰৰ সৃষ্টি হয়। যেনে- উৰিষ্যাৰ পূৰী চহৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top