Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া and select needs one.
Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া Solutions for All Subject, You can practice these here…
১৬। প্ৰতিযোগিতা আৰু পুজিবাদৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা।
উত্তৰ :-বিখ্যাত সমাজতাত্বিক কাৰ্লমাৰ্ক্স আৰু ইমাইল দুৰখেইমৰ মতে ব্যক্তিবাদৰ লগে লগে প্ৰতিযোগিতাৰ বিকাশ ঘটিছে। আধুনিক পুজিবাদী ব্যৱস্থাই ব্যক্তিবাদ আৰু প্ৰতিযোগিতাৰ বিকাশত সহায়ত কৰিছে। প্ৰকৃততে প্ৰতিযোগিতা হৈছে পুজিবাদৰ এক শক্তিশালী আদৰ্শস্বৰূপ। ১৯ শতিকাৰ মুক্ত বজাৰ অৰ্থনীতি (Laissez-Faire economy) য়ে বজাৰত চলা তীব্ৰ প্ৰতিযোগিতাৰ সমৰ্থন কৰাৰ লগতে এনে প্ৰতিযোগিতাত ৰাষ্ট্ৰৰ হস্তক্ষেপ নিষিদ্ধ কৰি পুজিবাদী ব্যৱস্থাৰ বিকাশ তৰান্বিত কৰিছিল। সেয়েহে দেখা যায় যে পুজিবাদৰ লগত প্ৰতিযোগিতাৰ খুবেই ওচৰ সম্পৰ্ক আছে। প্ৰকৃততে প্ৰতিযোগিতা হ’ল পুজিবাদৰ এটা মূল উপাদানস্বৰূপ।
১৭। প্ৰতিযোগিতাৰ দুটা সু-ফল আৰু কু-ফল আলোচনা কৰা।
উত্তৰ :- প্ৰতিযোগিতাৰ সু-ফলো আছে আৰু কু-ফলো আছে।
সুফল-
(ক) প্ৰতিযোগিতাই ব্যক্তিক অধিক কাৰ্যদক্ষতা প্ৰদান কৰে। একাধিক ব্যক্তিৰ মাজত যেতিয়া কিবা এটা পাবলৈ প্ৰতিযোগিতা চলে তেতিয়াই ব্যক্তিৰ দক্ষতা বৃদ্ধি পায়। উদ্যোগীক ক্ষেত্ৰত হোৱা প্ৰতিযোগিতাই অধিক উৎপাদন সৃষ্টি কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ মানদণ্ডও উন্নত কৰে।
(খ) প্ৰতিযোগিতাই হৈছে বিকাশৰ মূল। আমেৰিকাৰ আৰ্থিক আৰু বৈজ্ঞানিক ক্ষেত্ৰত হোৱা বিকাশৰ মূল কাৰণ আছিল ছোভিয়েত ৰাচিয়াৰ লগত থকা প্ৰতিযোগিতামূলক মনোভাৱ।
কুফল-
(ক) প্ৰতিযোগিতা সম-পৰ্যায়ৰ মজাতহে হ’ব লাগে বা হোৱা উচিত। কিন্তু আমাৰ সমাজত বিৰাজ কৰা অসমতাই প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় প্ৰকৃত পৰিৱেশ সৃষ্টি নকৰে।
(খ) প্ৰতিযোগিতাই সমাজত অসমতা বৃদ্ধি কৰে। সমাজতাত্বিক অধ্যয়নে এইটো প্ৰমাণ কৰিছে যে সমাজত সামাজিক সুবিধাবোৰ অসমান ৰূপেৰে ভাগ কৰা থাকে। অৰ্থাৎ সমাজৰ উচ্চস্তৰৰ লোকে সামাজিক সুবিধাবোৰ বেছিকে লাভ কৰে আৰু নিম্ন স্তৰৰ লোকে এনে সুবিধাৰ পৰা বঞ্চিত হৈ থাকে। এনে সামাজিক সা-সুবিধাৰ ফলত সমাজৰ উচ্চ স্তৰৰ লোক সহজে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ লগতে কৃতকাৰ্য হোৱাৰো সুবিধা পায় যদিও সমাজৰ নিম্ন স্তৰৰ লোকসকল এনে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হয়। এনেদৰে প্ৰতিযোগিতাই সমাজত অসমতা বৃদ্ধি কৰে।
১৮। সংঘৰ্ষ কি ? ভাৰতীয় সমাজব্যৱস্থাত দেখা পোৱা কেইটামান সংঘৰ্ষৰ উদাহৰণ দিয়া।
উত্তৰ :- সংঘৰ্ষ বুলিলে প্ৰকৃততে সমাজত বিভিন্ন স্বাৰ্থৰ মাজত চলা পোনপটীয়া সংঘাতক বুজায়। সমাজতাত্বিক সকলৰ মতে সংঘৰ্ষ সদায়েই সমাজৰ এটা অৱিচ্ছেদ্য অংগ হৈ আহিছে। অৱশ্যে সংঘৰ্ষৰ প্ৰকৃতি আৰু ৰূপৰ সদায় পৰিৱৰ্তন হৈ আহিছে। ধৰ্ম, জাতি, গোষ্ঠী, ভাষা, লিংগ, শ্ৰেণী আদি আগৰে পৰা সংঘৰ্ষৰ আধাৰ হৈ আহিছে।
ভাৰতীয় সমাজত বহু আগৰেপৰা ধৰ্ম সংঘৰ্ষৰ এটা আধাৰ হিচাপে পৰিগণিত হৈ আহিছে। ভাৰতত ধৰ্মকেন্দ্ৰীক সংঘৰ্ষ বহু আগৰেপৰা বিক্ষিপ্ত ৰূপত চলি আছিল আৰু শেষত স্বাধীনতাৰ আগেআগে ধৰ্মৰ ভিত্তিতেই ভাৰত বিভাজন সম্পন্ন হৈছিল।
স্বাধীনতা লাভৰ পিছত ভাৰতৰ বিভিন্ন প্ৰান্তত গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত তথা ভেদা-ভেদৰ সন্মুখীন হোৱা গোটবোৰে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হৈ আহিছে। বিকাশৰ ক্ষেত্ৰত অসমতা, ৰাষ্ট্ৰৰ দমন, উৎপীড়ন আদিৰ প্ৰতিপদত ভাৰত ৰাষ্ট্ৰৰ পৰা পৃথক হোৱাৰ বাবে কৰা আন্দোলন, নতুন ৰাজ্য গঠনৰ বাবে কৰা আন্দোলন এনে সংঘৰ্ষৰ উদাহৰণ।
Sl. No. | সূচী-পত্ৰ |
Unit 1 | প্ৰথম খণ্ড |
Chapter 1 | সমাজ সমাজশাস্ত্ৰ আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত সম্পর্ক |
Chapter 2 | প্ৰাথমিক অৱধাৰণা |
Chapter 3 | সামাজিক সংস্থা |
Chapter 4 | সমাজ আৰু সংস্কৃতি |
Chapter 5 | ব্যৱহাৰিক সমাজতত্ব গৱেষণা পদ্ধতি আৰু কৌশল |
Unit 2 | দ্বিতীয় খণ্ড |
Chapter 1 | সামাজিক সংৰচনা, স্তৰাকৰণ আৰু সমাজৰ সামাজিক প্ৰক্ৰিয়া |
Chapter 2 | সামাজিক পৰিৱৰ্তন |
Chapter 3 | পৰিৱেশ আৰু সমাজ |
Chapter 4 | পাশ্চাত্য সমাজতত্ত্ববিদসকল-এক পৰিচয় |
Chapter 5 | ভাৰতীয় সমাজতত্ত্ববিদসকলৰ এক পৰিচয় |
১৯। সংঘৰ্ষ আৰু সহযোগিতাৰ সহ-অৱস্থান সম্ভৱ নে ? ব্যাখ্যা কৰা।
উত্তৰ :- বিভিন্ন সমাজতাত্বিক অধ্যয়নে এইটো প্ৰমাণ কৰিছে যে সহযোগিতা আৰু সংঘৰ্ষ এটা আনটোৰ সৈতে গুপ্তভাৱে থাকে আৰু বহু সময়ত সহযোগিতাক জোৰকৈ জাপি দিয়াও হয়। এই দুয়োটা বিশ্বজনীন প্ৰক্ৰিয়া আৰু এই দুয়ো প্ৰক্ৰিয়াৰ আন্তঃক্ৰিয়াৰ ফলত সামাজিক পৰিৱৰ্তন সম্ভৱ হয়।
উদাহৰণস্বৰূপে পৰম্পৰাগতভাৱে পৰিয়াল আৰু ঘৰখনক মিলাপ্ৰীতিৰ একক ৰূপে স্বীকৃতি দিয়া হয়- য’ত মিলাপ্ৰীতি আৰু পৰিহিতবাদ মূল চালিকাশক্তি হৈ পৰে। কিন্তু ঘৰখন বা পৰিয়ালৰ মাজতেই সংঘৰ্ষৰ উপস্থিতিও দেখা যায়। যেনে ভাৰতীয় পৰিয়ালত পৰম্পৰাগতভাৱে নাৰীয়ে ৰাজহুৱা কাম-কাজত অংশগ্ৰহণৰ পৰা বিৰত আছিল আৰু ঘৰুৱা সিদ্ধান্ত গ্ৰহণতো অংশলোৱা নাছিল। কিন্তু শিক্ষাৰ প্ৰসাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত যোৱা চাৰিটা দশকত ভাৰতত নাৰীবাদী চিন্তাৰ উন্মেষ ঘটে। ফলত ভাৰতীয় মহিলাসকল ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ ওলাই আহিছে।
বৰ্তমান সকলো ৰাজহুৱা কাম-কাজত মহিলাসকলে পুৰুষৰ সমানে সমানে অংশগ্ৰহণ কৰা দেখা গৈছে। নাৰীবাদী চিন্তা আৰু মহিলা সৱলীকৰণৰ ধাৰণাই ভাৰতীয় পৰিয়ালত প্ৰথমে সংঘৰ্ষৰ সূত্ৰপাত ঘটাইছিল যদিও ই বৰ্তমান সহযোগিতালৈ ৰূপান্তৰিত হৈছে। পৰিয়ালত নাৰী-পুৰুষৰ ভূমিকাৰ কিছু কিছু পৰিৱৰ্তন হ’লেও ভাৰতীয় পৰিয়াল ব্যৱস্থা এতিয়াও সুন্দৰ ৰূপত চলি আছে- অৰ্থাৎ পৰিয়ালত পুৰুষ-মহিলাৰ মাজৰ সহযোগিতা এতিয়াও বৰ্তী আছে। কিন্তু সেই একে সময়তে ৰাজনীতিত অংশগ্ৰহণৰ বাবে পুৰুষ মহিলাৰ মাজত তীব্ৰ প্ৰতিযোগিতাও চলি আছে। এনেদৰে ভাৰতীয় পৰিয়ালত সংঘৰ্ষ আৰু সহযোগিতাৰ সহ অৱস্থান দেখা পোৱা যায়।
২০। মাতৃয়াত্মক পৰহিতবাদ কি ?
উত্তৰ :- ভাৰতীয় পৰিয়াল ব্যৱস্থাত, বিশেষকৈ উত্তৰ ভাৰতৰ সমতল অঞ্চলৰ পৰিয়ালত সাধাৰণতে মহিলাসকলে নিজৰ বস্তুবাদী স্বাৰ্থত পুত্ৰৰ প্ৰতি অধিক সদয় হোৱা দেখা যায়। পুত্ৰৰ প্ৰতি অধিক আসক্তি প্ৰকাশেৰে পুত্ৰৰ লগত মিত্ৰতাপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰি মহিলাসকলে নিজৰ স্বামীৰ দমন বা অত্যাচাৰৰ দুৰ্ভাৱনাৰ বিপৰীতে পুত্ৰৰ সহযোগত নিজৰ ভৱিষ্যত সুস্থিৰ কৰাৰ চেষ্টা কৰে। সাধাৰণতে ঘৰৰ ভিতৰত সা-সামগ্ৰী বিতৰণত প্ৰভেদ ৰাখি পুত্ৰৰ প্ৰতি পক্ষপাতিত্ব কৰা মহিলাসকলৰ এই আচৰণক সমাজতাত্বিক পৰিভাষাত মাতৃয়াত্মক পৰিহিতবাদ বোলে।
২১। কৃষি আৰু উদ্যোগ সন্দৰ্ভত সহযোগৰ বিভিন্ন কাৰ্যৰ আৱশ্যকতাৰ আলোচনা কৰা।
উত্তৰ :- সামাজিক জীৱনত সহযোগৰ গুৰুত্ব অপৰিসীম। মানুহৰ মৌলিক প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সহযোগিতাৰ আৱশ্যকতা কিমান সেইটো কৃষি বা উদ্যোগৰ সন্দৰ্ভত আলোচনা কৰিব পাৰি।
পৰম্পৰাগত কৃষি ব্যৱস্থাই হওক বা আধুনিক কৃষি ব্যৱস্থাই হওক সহযোগিতা অবিহনে কৃষিকৰ্ম সম্ভৱ নহয়। মাটি চহ কৰাৰপৰা আৰম্ভ কৰি শস্য চপোৱালৈকে সকলো কাম এজন ব্যক্তিয়ে কৰিব নোৱাৰে। সমগ্ৰ পৰিয়ালটোৱে কৃষিকৰ্মত হাত উজান দিবলগীয়া হয়। উদাহৰণস্বৰূপে পথাৰত কৰ্মৰত কৃষকজনক সময় মতে খাদ্যৰ যোগান দিব নোৱাৰিলে তেওঁ কৰ্ম কৰিব নোৱাৰিব-যাৰ বাবে ঘৰৰ অন্য সদস্যই, বিশেষকৈ মহিলাগৰাকীয়ে খাদ্য প্ৰস্তুত কৰে আৰু নিজেই বা সতি-সন্তানৰ হাতত সেই খাদ্য পথাৰত কৰ্মৰত ব্যক্তিজনলৈ প্ৰেৰণ কৰে।
এনেদৰে কৃষি কৰ্মৰ লগত সহযোগিতাৰ কথা জড়িত হৈ থাকে।
উদ্যোগীক ব্যৱস্থাটোও সহযোগিতাৰ অবিহনে পৰিচালিত হ’ব নোৱাৰে। আধুনিক উদ্যোগসমূহত শ্ৰমৰ বিশেষীকৰণ ঘটে যাৰ ফলত উদ্যোগৰ কৰ্মচাৰীসকলৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পায়। পুৰণি দিনত কৃষিকৰ্মৰ লগত জড়িত পৰিয়াল এটাই প্ৰয়োজনীয় বস্তুসমূহ নিজে উৎপাদন কৰি কোনোমতে চলিব পাৰিছিল যদিও বৰ্তমান গাড়ী নিৰ্মাণ কাৰখানাত কৰ্মৰত প্ৰযুক্তিগত জ্ঞানপ্ৰাপ্ত শ্ৰমিক এজনে কোনোপধ্যেই আনৰ লগত সহযোগিতা নকৰাকৈ চলি থাকিব নোৱাৰে। এনেদৰে কৃষিয়েই হওক বা উদ্যোগেই হওক সহযোগিতা অবিহনে একো বস্তুয়েই চলি থাকিব নোৱাৰে।
২২। সংঘৰ্ষ কেনেকৈ কমাব পাৰি তাৰ ওপৰত এখন ৰচনা লিখা।
উত্তৰ :- সংঘৰ্ষ আৰু সহযোগিতা এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে আৰু এটাৰ অন্তৰালত অন্য এটাই ক্ৰিয়া কৰি থাকে। গতিকে সংঘৰ্ষক কেৱল ধ্বংসাত্মক বুলি ভবাটো ভুল। তলত সংঘৰ্ষ কমোৱাৰ কিছুমান উপায় আলোচনা কৰা হ’ল-
(ক) সংস্কাৰৰ দ্বাৰা সংঘৰ্ষ কমাব পাৰি। জমিদাৰী ব্যৱস্থাত কৃষকসকলক জমিদাৰৰ শোষণৰ পৰা মুক্তি দিয়াৰ অৰ্থে প্ৰৱৰ্তন কৰা চিলিং আইনে কৃষক জমিদাৰৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষ ৰোধ কৰাত সফল হৈছিল।
(খ) লোকাচাৰ, প্ৰমূল্য বা নৈতিক প্ৰতিমানৰ অৱক্ষয়ে সমাজত সংঘৰ্ষ বৃদ্ধি কৰে। গতিকে লোকাচাৰ, প্ৰমূল্যবোধ বা নৈতিক প্ৰতিমান শুদ্ধ ৰূপত ধৰি ৰাখি সংঘৰ্ষ হ্ৰাস কৰিব পাৰি। উদাহৰণস্বৰূপে সাম্প্ৰতিক সময়ত শিক্ষক ছাত্র বা পিতৃ-মাতৃ আৰু সন্তানৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষবিলাক লোকাচাৰ, প্ৰতিমাণ আদি সঠিক ৰূপে মানি চলিয়েই নাইকিয়া কৰিব পাৰি।
২৩। আধুনিক সমাজ আগৰ সমাজতকৈ অধিক- প্ৰতিযোগিতামূলক বা সংঘৰ্ষৰ সৈতে জড়িতনে ? যদি হয় তেন্তে ইয়াৰ সমাজতাত্বিক দিশবোৰ আলোচনা কৰা।
উত্তৰ :- আধুনিক সমাজবোৰ পূৰ্বৰ সমাজতকৈ অধিক প্ৰতিদ্বণ্ডিতামূলক আৰু সংঘৰ্ষপিড়ীত। পুজিবাদী ব্যৱস্থাৰ বিকাশৰ লগে লগে সমাজত প্ৰতিযোগিতাই তীব্ৰ ৰূপ লয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত হোৱা ব্যাপক পৰিৱৰ্তনে উদ্যোগীক জগতখনলৈও পৰিৱৰ্তন কঢ়িয়াই আনে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশে উৎপাদন বৃদ্ধি কৰাৰ লগতে যোগাযোগ ব্যৱস্থাকো সুবিধাজনক আৰু দ্ৰুততৰ কৰি তোলে। ফলত ব্যৱসায়ৰ ব্যাপক প্ৰসাৰ ঘটে। এনে পৰিস্থিতিত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰে।
আনহাতে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰসাৰেও আধুনিক সমাজখনক অধিক প্ৰতিযোগিতামুখী কৰি তুলিছে। গণতন্ত্ৰ প্ৰকৃততে এক মুক্ত বজাৰ ব্যৱস্থা য’ত নীতিক ভোটৰ বিনিময়ত বিক্ৰী কৰা হয় আৰু ব্যক্তি বা দলৰ মাজত জন সমৰ্থন লাভৰ বাবে তীব্ৰ প্ৰতিযোগিতা চলে। এনেদৰে জনসমৰ্থন বা ভোট লাভৰ প্ৰতিযোগিতা সমাজৰ প্ৰতিটো স্তৰতে সোমাই পৰাৰ ফলতো আধুনিক সমাজবোৰ প্ৰতিযোগিতামূলক হৈ পৰিছে।
ইয়াৰোপৰি আধুনিক সমাজবোৰো আগৰ সমাজৰ তুলনাত বেছি, সংঘৰ্ষপিড়ীত যেন লাগে। পূৰ্বৰ সমাজত জাতি, বৰ্ণ, ধৰ্ম, ভাষা আদিক লৈ থকা সংঘৰ্ষবোৰ এতিয়াও নাইকিয়া হৈ যোৱা নাই- বৰং বঢ়া যেনহে লাগে। বৰ্তমান গণতান্ত্ৰিক ব্যৱস্থাত সংখ্যাৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত একগোট হৈ থাকি চৰকাৰী নীতিক প্ৰভাৱিত কৰাৰ ইচ্ছাৰে নৃ-গোষ্ঠী, ভাষা আদিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোটবোৰে সংঘৰ্ষজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰোপৰি বৰ্তমান সমাজৰ পৰা দ্ৰুতগতিত লোকাচাৰ, নৈতিক প্ৰতিমান আদিৰ অৱক্ষয় ঘটিছে- যাৰ ফলত পিতৃ-মাতৃৰ লগত সতি সন্তানৰ, শিক্ষকৰ লগত ছাত্রৰ সংঘৰ্ষৰ সৃষ্টি হৈছে।এনেদৰে আধুনিক সমাজ আগৰ সমাজৰ তুলনাত অধিক সংঘৰ্ষপীড়িত যেন লাগে।
২৪। আন্তঃক্ৰিয়া কি ?
উত্তৰ :- আন্তঃক্ৰিয়া হৈছে সামাজিক জীৱনৰ বান্ধোনৰ মূল। মানুহ যিহেতু সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয়। সমস্যা বা অভাৱ সকলোৰেই আছে। এই সমস্যা বা অভাৱসমূহ পূৰণৰ অৰ্থে সমূহ জীৱনৰ জৰিয়তে মানুহে যিবিলাক ক্ৰিয়া পাৰস্পৰিকভাৱে সম্পাদন কৰে, তাকেই আন্তঃক্ৰিয়া বুলি কোৱা হয়।
২৫। প্ৰতিযোগিতাৰ দুটা গুৰুত্ব উল্লেখ কৰা।
উত্তৰ :- প্ৰতিযোগিতাৰ দুটা গুৰুত্ব হ’ল-
(ক) প্ৰতিযোগিতা হ’ল প্ৰেৰণাৰ মূল উৎস।
(খ) প্ৰতিযোগিতাই সাংগঠনিক কাম-কাজত বিশেষ অৰিহণা যোগায়।
২৬। প্ৰতিযোগিতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ :- প্ৰতিযোগিতাৰ চাৰিটা বৈশিষ্ট্য হ’ল-
(ক) পৃথিৱীৰ সকলোবোৰ সমাজতে কম বেছি পৰিমাণে দেখিবলৈ পোৱা যায়। গতিকে, প্ৰতিযোগিতাক বিশ্বজনীন সামাজিক প্ৰক্ৰিয়া হিচাপে আখ্যা দিয়া হয়।
(খ) প্ৰতিযোগিতা ঘাইকৈ সীমিত অভাৱ পূৰণৰ বাবে চলোৱা হয়। গতিকে প্ৰতিযোগিতাৰ লগত অভাৱৰ সম্বন্ধ আছে।
(গ) প্ৰতিযোগিতাই সমাজৰ উন্নতি আৰু বিকশিত যথেষ্ট অৰিহণা যোগায়। গতিকে প্ৰতিযোগিতাৰ ফলত সামাজিক গতিশীলতা বৃদ্ধি পায়।
(ঘ) প্ৰতিযোগিতা মূলতঃ নৈৰ্বক্তিক, ই কোনো ব্যক্তি বিশেষৰ বিৰুদ্ধাচৰণক নিৰ্দেশিত নকৰে।
২৭। প্ৰতিযোগিতাৰ বিভিন্ন প্ৰকাৰ উল্লেখ কৰা।
উত্তৰ :- সমাজৰ বিভিন্ন দিশত বিভিন্ন প্ৰতিযোগিতা চলি থাকিলেও এই প্ৰতিযোগিতা সমূহক মূলতঃ পাচটা ভাগত ভাগ কৰিব পাৰি। যেনে-
(ক) অৰ্থনৈতিক প্ৰতিযোগিতা।
(খ) সামাজিক প্ৰতিযোগিতা।
(গ) ৰাজনৈতিক প্ৰতিযোগিতা।
(ঘ) সাংস্কৃতিক প্ৰতিযোগিতা।
(ঙ) প্ৰজাতীয় প্ৰতিযোগিতা।
২৮। সংঘৰ্ষ আৰু প্ৰতিযোগিতাৰ মাজত চাৰিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ :- ভিন্ন প্ৰকৃতিৰ সামাজিক প্ৰক্ৰিয়া হিচাপে সংঘৰ্ষ আৰু প্ৰতিযোগিতাৰ মাজত স্বকীয় পাৰ্থক্য আছে।
(ক) সংঘৰ্ষত হিংসা, দমন, ভীতি প্ৰদৰ্শন আদি জড়িত হৈ আছে। সেই ফালৰপৰা ইয়াক প্ৰক্ৰিয়ামূলক বুলি ক’ব পাৰি। আনহাতে প্ৰতিযোগিতাক বিদ্বেষমূলক বুলি ক’ব নোৱাৰি।
(খ) সংঘৰ্ষ সচেতনাত্মক কিন্তু প্ৰতিযোগিতা সচেতনাত্মক নহয়। প্ৰতিদ্বন্ধীসকলক একে লক্ষ্যত উপনীত হোৱাত বাধা প্ৰদান কৰাটো সংঘৰ্ষৰ অন্যতম বিশেষত্ব।
(গ) সংঘষ পোনপটীয়াভাৱে সমস্যাৰ লগত জড়িত। সেইবাবে সংঘষ সংঘটিত হৈ যোৱাৰ পিছত বিচ্ছিন্ন হৈ পৰে। কিন্তু প্ৰতিযোগিতাৰ ক্ৰিয়া অবিচ্ছিন্ন হৈ থাকে।
(ঘ) সংঘৰ্ষৰ লগত হিংসা, বিদ্বেয়, দমন, ৰক্তপাত আদি জড়িত; প্ৰতিযোগিতা এই বিলাকৰ পৰা মুক্ত। প্ৰতিযোগিতা এক নিৰৱচ্ছিন্ন প্ৰচেষ্টা।
২৯। উপযোগিতাকৰণ কি ? ইয়াৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰ :- সংঘষ মানৱ সমাজৰ বাবে কাম্য নহয় যদিও মানৱ সমাজ সংঘষৰ পৰা মুক্ত হ’ব পৰা নাই। সংঘষই সমাজত অশান্তি আৰু বিশৃংখলতাৰ সৃষ্টি কৰে। সেয়ে সংঘষক দমন কৰাৰ প্ৰয়োজনীয়তা আছে। সংঘৰ্ষক যি প্ৰক্ৰিয়াৰ দ্বাৰা দমন কৰি সামাজিক সুস্থিৰতা ৰক্ষা কৰা হয়, সেই প্ৰক্ৰিয়াকে উপযোগীকৰণ (Accommodation) বোলা হয়।
মেকআইভাৰ আৰু পেজৰ মতে “উপযোগীকৰণ এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিয়ে পৰিৱেশৰ লগত স্বত:স্ফূৰ্তভাৱে খাপ খাই পৰে”।
এণ্ডাৰচন আৰু পাৰ্কৰ মতে “ব্যক্তিক বা সামাজিক সংস্থাৰ সামূহিকভাৱে নিয়াৰিকৈ কাম কৰিবলৈ অভ্যস্ত কৰোৱা প্ৰক্ৰিয়াটোৱেই হৈছে উপযোগীকৰণ।”
এইদৰে, যিকোনো অৱস্থাতে খাপ খাবলৈ মানুহে যি প্ৰক্ৰিয়াৰ যোগেদি প্ৰচেষ্টা চলায়, সেই প্ৰক্ৰিয়াকে উপযোগীকৰণ বুলি কোৱা হয়।
উপযোগীকৰণৰ বৈশিষ্ট্যসমূহ-
(ক) উপযোগীকৰণ হৈছে বিশ্বজনীন প্ৰক্ৰিয়া। পৃথিৱীৰ প্ৰায় সকলো সমাজতে উপযোগীকৰণ প্ৰক্ৰিয়া দেখিবলৈ পোৱা যায়।
(খ) পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত উপযোগীকৰণৰ পৰিৱৰ্তন ঘটে।
(গ) উপযোগীকৰণ নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। কিয়নো সমাজ চিৰ-পৰিৱৰ্তনশীল সমাজৰ এই পৰিৱৰ্তনক স্বীকাৰ কৰি নিত্য নতুন অৱস্থাৰ লগত খাপ খাবলৈ অহৰহ প্ৰচেষ্টা চলাবই লাগিব।
(ঘ) উপযোগীকৰণ প্ৰতিযোগিতা, সংঘষ, প্ৰেম, ঘৃণা, শান্তি আদিৰ সমন্বয় সাধন কৰাৰ এটা প্ৰক্ৰিয়া।
৩০। সংঘষ কি আৰু কেই প্ৰকাৰৰ ? সংঘষৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ :- সংঘষ এক অন্যতম সামাজিক প্ৰক্ৰিয়া।
সাধাৰণতে আনৰ বিৰুদ্ধাচৰণ কৰা, আনৰ ওপৰত আক্ৰোশভাৱে লোৱা, কাৰোবাৰ দমন কৰিবলৈ বিচৰা, কাৰোবাৰ লগত অসহযোগ কৰা প্ৰক্ৰিয়াই হ’ল সংঘষ। গ্ৰীণৰ ভাষাত, “অন্য এজনৰ বা আনৰ ইচ্ছাৰ বিৰুদ্ধাচৰণ, প্ৰৱন্ধকতা বা দমন কৰিবলৈ কৰা ইচ্ছাকৃত প্ৰচেষ্টাই হৈছে সংঘষ।
সেয়ে, নিয়ন্ত্ৰণবিহীন প্ৰতিযোগিতাই হ’ল সংঘষ, বা প্ৰতিযোগিতাই বিদ্বেষাত্মক ৰূপ গ্ৰহণ কৰিবলৈ সংঘষ সূত্ৰপাত হ’ব।
সংঘষক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি-
(ক) সুপ্ত আৰু জাগ্ৰত সংঘষ আৰু
(খ) সমবায় আৰু ব্যক্তিবাচক সংঘষ
সংঘষৰ বৈশিষ্ট্য :-
(ক) সংঘষ প্ৰতিক্ৰিয়ামূলক কাৰ্যৰ লগত জড়িত। কোনো কাম বা প্ৰতিক্ৰিয়াৰ বিৰুদ্ধেহে সংঘষৰ সূত্ৰপাত হয়।
(খ) সংঘষ কেৱল ধ্বংসাত্মকেই নহয় ই গঠনাত্মকো। সংঘষৰ শেষত হোৱা চুক্তি বা সমাধানে নতুন সংগঠন বা সম্পৰ্কৰ সৃষ্টি কৰে।
(গ) সংঘষৰ লগত প্ৰতিযোগিতা আৰু সহযোগিতাৰ ওতঃপ্ৰোত সম্বন্ধ আছে।
(ঘ) সংঘষত এটা পক্ষই আন এটা পক্ষক প্ৰতিহত কৰিবলৈ হিংসা, দমন, নীতিৰ প্ৰদৰ্শন আদিৰ সহায় লয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Very fine,please give more lessons on sociology BA class