Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় and select needs one.
Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Solutions for All Subject, You can practice these here…
(৫) প্ৰশ্ন:- অমাধ্যম অনুমান কাক বোলে ? মাধ্যম আৰু অমাধ্যম অনুমানৰ পাৰ্থক্য লিখা ।
উত্তৰঃ যি নিগমন অনুমানৰ সিদ্ধান্ত মাত্ৰ এটা আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাক অমাধ্যম অনুমান বোলে ।
অমাধ্যম আৰু মাধ্যম অনুমানৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ সাদৃশ্য আছে ।যেনে ―
(ক) দুয়োটাই নিগমন অনুমান হোৱা বাবে সিদ্ধান্ত দুয়োটা ক্ষেত্ৰতেই আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় ।
(খ) অমাধ্যম আৰু মধ্যম অনুমানত সিদ্ধান্ত কেতিয়াও আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে ।
(গ) দুয়োটা ক্ষেত্ৰতেই অনুমান আকাৰগত সত্যতা নিৰ্ভৰ । অৰ্থাৎ আশ্রয়বাক্য আৰু সিদ্ধান্তৰ আকাৰ গঠন অনুমানৰ নিয়ম অনুযায়ী হ’লে অনুমানটো বৈধ হ’ব । ইয়াৰ বস্তুগত সত্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় ।
অমাধ্যম আৰু মাধ্যম অনুমানৰ পাৰ্থক্যসমূহ হ’ল ―
(ক) অমাধ্যম অনুমানত এটা মাত্ৰ আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত নিঃসৃত হয় । কিন্তু মাধ্যম অনুমানত একাধিক আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত পোৱা যায় ।
(খ) অমাধ্যম অনুমানৰ প্ৰয়োগক্ষেত্ৰ অতি সংকীৰ্ণ, সেইবাবে কিছুমান তৰ্কবিদে অমাধ্যম অনুমানক প্ৰকৃত অনুমান বুলি স্বীকাৰ নকৰে । কিন্তু মাধ্যম অনুমানৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক ।
(৬) প্ৰশ্ন:- সমবৰ্তন কাক বোলে ? সমবৰ্তনৰ নিয়মাৱলী উল্লেখ কৰা ।
উত্তৰঃ যি অমাধ্যম অনুমানত আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ বিধি সন্মত স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক সমবৰ্তন বোলে । যেনে ―
সকলো মানুহ হয় মৰণশীল । (A) (সমবৰ্তনীয় বচন)
∴ কিছুমান মৰণশীল প্ৰাণী হয় মানুহ । (A) (সমবৰ্তিত বচন)
নিয়মাৱলীঃ
(ক) আশ্রয়বাক্যৰ উদ্দেশ্য সিদ্ধান্তও বিধেয় হয় ।
(খ) আশ্রয়বাক্যৰ বিধেয় সিদ্ধান্তত উদ্দেশ্য হয় ।
(গ) আশ্রয়বাক্য আৰু সিদ্ধান্তত গুণৰ পৰিৱৰ্তন নহয় । অৰ্থাৎ আশ্রয়বাক্য সদৰ্থক হ’লে সিদ্ধান্তটো সদৰ্থক হ’ব আৰু আশ্রয়বাক্য নঞৰ্থক হ’লে সিদ্ধান্তটো নঞৰ্থক হ’ব ।
(ঘ) আশ্রয়বাক্য ব্যপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যপ্ত হ’ব নোৱাৰে ।
(৭) প্ৰশ্ন:- প্ৰতিবৰ্তন কাক বোলে ? প্ৰতিবৰ্তনৰ নিয়মবোৰ উল্লেখ কৰা ।
উত্তৰঃ যি অমাধ্যম অনুমানত প্ৰদত্ত বচনৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ কেৱলমাত্ৰ গুণৰ পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক প্ৰতিবৰ্তন বোলে । যেনে ―
সকলো ধনীব্যক্তি হয় শিক্ষিত ব্যক্তি । (A)
∴ কোনো ধনীব্যক্তি নহয় অশিক্ষিত ব্যক্তি। (A)
নিয়মাৱলীঃ
(ক) প্ৰতিবৰ্তনীয় বচনৰ বিধেয় উদ্দেশ্য পদ পৰিৱৰ্তিত বচনৰ উদ্দেশ্য পদ হয় ।
(খ) প্ৰতিবৰ্তনীয় বচনৰ বিধেয় পদৰ বিৰুদ্ধ পদ প্ৰতিবৰ্তিত বচনৰ বিধেয় পদ হয় ।
(গ) গুণৰ পৰিবৰ্তন হ’ব অৰ্থাৎ এটা সদৰ্থক হ’লে আনটো নঞৰ্থক হ’ব ।
(ঘ) পৰিমাণ একে থাকিব । অৰ্থাৎ প্ৰতিবৰ্তনীয় বচনটো সার্বিক হ’লে প্ৰতিবৰ্তিত বচনটো সার্বিক বচন আৰু প্ৰতিবৰ্তনীয় বচনটো বিশেষ হ’লে প্ৰতিবৰ্তিত বচনটো বিশেষ বচন হ’ব ।
(৮) প্ৰশ্ন:- সমবৰ্তন কাক বোলে ? উদাহৰণৰ সহায়ত সমবৰ্তনৰ বিভিন্ন প্ৰকাৰবোৰ বুজাই লিখা ।
উত্তৰঃ যি অমাধ্যম অনুমানত আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ বিধি সন্মত স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক সমবৰ্তন বোলে । যেনে ―
সকলো মানুহ হয় মৰণশীল । (A) (সমবৰ্তনীয় বচন)
∴ কিছুমান মৰণশীল প্ৰাণী হয় মানুহ । (A) (সমবৰ্তিত বচন)
সমবৰ্তন দুই প্ৰকাৰৰ ―
(ক) সৰল সমবৰ্তন আৰু
(খ) অসৰল সমবৰ্তন
(ক) সৰল সমবৰ্তনঃ যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একে থাকে তাক সৰল সমবৰ্তন বোলে । অৰ্থাৎ সমবৰ্তনীয় বচন সার্বিক হ’লে, সমবৰ্তিত বচনটো সার্বিক বচন হ’ব । আৰু যদি সমবৰ্তনীয় বচনটো বিশেষ বচনত হ’লে, সমবৰ্তিত বচনটো বিশেষ বচন হ’ব ।
(খ) অসৰল সমবৰ্তনঃ যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাক অসৰল সমবৰ্তন বোলে । অৰ্থাৎ সমবৰ্তনীয় বচনটো সার্বিক হ’লে সমবৰ্তিত বচনটো বিশেষ বচন হ’ব আৰু সমবৰ্তনীয় বচনটো বিশেষ হ’লে সমবৰ্তিত বচনটো সার্বিক হ’ব ।
(৯) প্ৰশ্ন:- সৰল সমবৰ্তন কাক বোলে ? কি কি ক্ষেত্ৰত A বচনৰ সৰল সমবৰ্তন হয় ?
উত্তৰঃ যি অমাধ্যম অনুমানত আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ বিধি সন্মত স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক সমবৰ্তন বোলে । যেনে ―
সকলো মানুহ হয় মৰণশীল । (A) (সমবৰ্তনীয় বচন)
∴ কিছুমান মৰণশীল প্ৰাণী হয় মানুহ । (A) (সমবৰ্তিত বচন)
A বচনৰ সৰল সমবৰ্তন
(১) সংজ্ঞা,
(২) পুনৰুক্তিমূলক বচন,
(৩) নিৰ্দিষ্ট পদৰ ক্ষেত্ৰত সম্ভৱ হয় ।
(১০) প্ৰশ্ন:- অমিশ্র নিৰপেক্ষ ন্যায় কাক বোলে ? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি ?
উত্তৰঃ যি ন্যায় অনুমানত তিনিটা বচনেই নিৰপেক্ষ বচন তাক অমিশ্র নিৰপেক্ষ ন্যায় বোলে ।যেনে ―
সকলো মানুহ হয় মৰণশীল । (A)
সকলো দাৰ্শনিক হয় মানুহ । (A)
∴ সকলো দাৰ্শনিক হয় মৰণশীল । (A)
ইয়াত তিনিটা বচনেই নিৰপেক্ষ বচন ।
ন্যায়ৰ বৈশিষ্ট্যঃ
(ক) ন্যায় একপ্ৰকাৰৰ নিগমন অনুমান । অৰ্থাৎ ইয়াৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক ব্যাপক হ’ব নোৱাৰে ।
(খ) নিগমন অনুমান দুই প্ৰকাৰৰ ― অমাধ্যম আৰু মাধ্যম অনুমান । ন্যায় মাধ্যম অনুমান । অৰ্থাৎ সিদ্ধান্ত একাধিক আশ্রয়বাক্যৰ পৰা নিঃসৃত হ’ব ।
(গ) ন্যায়ত মাত্ৰ দুটা আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত নিঃসৃত হ’ব । দুটাতকৈ কম বা বেছি হ’ব নোৱাৰে ।
(ঘ) ন্যায়ৰ আশ্রয়বাক্য পৰস্পৰ সম্পৰ্কযুক্ত দুটা আশ্রয়বাক্যৰ সংযুক্ত ফলস্বৰূপ সিদ্ধান্তটো অনিবাৰ্যভাৱে নিঃসৃত হ’ব ।
(ঙ) ন্যায়ৰ আশ্রয়বাক্যবোৰ সত্য হ’লে সিদ্ধান্ত সত্য হ’ব । সিদ্ধান্ত যদি ন্যায়ৰ নীতি-নিয়মৰ মাজেৰে নিঃসৃত হয় তেনেহ’লে আকাৰগতভাৱে সত্য হ’ব । আকৌ যদি আশ্রয়বাক্যবোৰ বস্তুগতভাৱে সত্য হ’ব তেনেহ’লে সিদ্ধান্ত আকাৰগতভাৱেও সত্য হ’ব । যেনে মাধ্যপদ, পক্ষপদ আৰু হেতুপদ । সিদ্ধান্তৰ উদ্দেশ্য হ’ল পক্ষপদ । সিদ্ধান্তৰ বিধেয় পদক উদ্দেশ্যপদ বোলে । যি পদে আশ্রয়বাক্যত উপস্থিত থাকে কিন্তু সিদ্ধান্তত অনুপস্হিত থাকে ।
(১১) প্ৰশ্ন:- ন্যায় কাক বোলে ? ন্যায়ৰ গঠন বৰ্ণনা কৰা ।
উত্তৰঃ যি মাধ্যম নিগমন অনুমানত সিদ্ধান্ত পৰস্পৰ সম্বন্ধযুক্ত দুটা আশ্রয়বাক্যৰ সংযুক্ত ফলস্বৰূপে অনিবাৰ্যভাৱে নিঃসৃত হয় তাক ন্যায় বোলে ।
ন্যায়ৰ গঠনঃ ন্যায়ৰ প্ৰত্যেক বচনত দুটাকৈ পদ থাকে । তাৰে এটা উদ্দেশ্য আনটো বিধেয় ন্যায় অনুমানত তিনিটা পদ থাকে ।
(১২) প্ৰশ্ন:- হেতুপদ কাক বোলে ? নিৰপেক্ষ ন্যায়ত হেতুপদৰ ভূমিকা কি ?
উত্তৰঃ যি পদ দুয়োটা আশ্রয়বাক্যত উপস্থিত থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বোলে যেনে ―
সকলো মানুহ হয় মৰণশীল । (A)
এৰিষ্ট’টল হয় এজন মানুহ । (A)
এৰিষ্ট’টল হয় মৰণশীল । (A)
এই ন্যায়ত হেতুপদ ‘মানুহ’ দুয়োটা আশ্রয়বাক্যত উপস্থিত থাকিও সিদ্ধান্তত অনুপস্হিত আছে ।
ন্যায়ত হেতুপদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । আমি জানো যে, হেতুপদ আশ্রয়বাক্য দুটাত উপস্থিতি থাকে কিন্তু সিদ্ধান্তত অনুপস্হিত থাকে । ন্যায়ৰ প্ৰকৃত উদ্দেশ্য হ’ল সাধ্যপদ আৰু পক্ষপদৰ মাজত সম্বন্ধ কৰা । ন্যায়ত হেতুপদৰ জৰিয়তে সাধ্যপদক পক্ষপদৰ লগত প্ৰমাণ কৰা হয় ।
সাধ্য আশ্ৰয়বাক্যত হেতুপদ সাধ্যপদৰ লগত সম্বন্ধযুক্ত থাকে আৰু পক্ষপদ আশ্রয়বাক্যত হেতুপদ পক্ষপদৰ লগত সম্বন্ধযুক্ত থাকে । সাধ্যপদ আৰু পক্ষপদ এই পদ দুটাৰ লগত হেতুপদ সম্বন্ধযুক্ত হোৱাৰ কাৰণে হেতুপদৰ জৰিয়তে সাধ্যপদৰ জৰিয়তেই সিদ্ধান্তত পক্ষপদৰ ক্ষেত্ৰত সাধ্য পদক স্বীকাৰ বা অস্বীকাৰ কৰা হয় । পক্ষপদ আৰু সাধ্যপদৰ মাজত সম্বন্ধ স্থাপিত হোৱাৰ পিছত হেতুপদৰ আৰু কোনো প্ৰয়োজন নাথাকে বুলি হেতুপদ সিদ্ধান্তৰ পৰা লুপ্ত হৈ যায় । হেতুপদ বা মধ্যপদৰ মধ্যস্থতাত দুটা পদৰ সম্বন্ধ জ্ঞানকেই সেইকাৰণে ন্যায় বুলি অভিহিত কৰা হয় ।
(১৩) প্ৰশ্ন:- ন্যায়ৰ সংস্থান বুলিলে কি বুজা ? উদাহৰণৰ সৈতে বিভিন্ন সংস্থানৰ ব্যাখ্যা কৰা ।
উত্তৰঃ ন্যায়ৰ আশ্রয়বাক্য দুটাত হেতুপদৰ অৱস্থিতি দ্ধাৰা নিৰ্ণীত হোৱা ন্যায়ৰ বিভিন্ন প্ৰকাৰৰ আকাৰক ন্যায়ৰ সংস্থান বোলে । হেতুপদ দুয়োটা আশ্রয়বাক্যত এবাৰকৈ উপস্থিত থাকে । হেতুপদটো আশ্রয়বাক্য দুটাৰ কোনোটোত উদ্দেশ্য আৰু কোনোটোত বিধেয়ৰূপে থাকি চাৰিপ্ৰকাৰৰ সংস্থানৰ সৃষ্টি কৰে।যেনে ―
প্ৰথম সংস্থান, দ্বিতীয় সংস্থান, তৃতীয় সংস্থান, চতুৰ্থ সংস্থান
প্ৰথম সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত উদ্দেশ্যপদ আৰু পক্ষ আশ্রয়বাক্যত বিধেয়ৰূপে ব্যৱহাৰ হয় ।
উদাহৰণ ― সকলো মানুহ হয় মৰণশীল, MP
সকলো শিক্ষক হয় মানুহ, SM
সকলো শিক্ষক হয় মৰণশীল । ∴ SP
দ্বিতীয় সংস্থানত হেতুপদ দুয়োটা আশ্রয়বাক্যতকৈ বিধেয়ৰূপে ব্যৱহাৰ হয় ।
উদাহৰণ ― সকলো ধাৰ্মিক হয় সুখী, PS
তেওঁ নহয় সুখী, SM
তেওঁ নহয় ধাৰ্মিক । ∴ SP
তৃতীয় সংস্থানত হেতুপদ দুয়োটা আশ্রয়বাক্যতকৈ উদ্দেশ্যৰূপে ব্যৱহাৰ হয় ।
উদাহৰণ ― কোনো মানুহ নহয় পূৰ্ণ, MP
সকলো মানুহ হয় মৰণশীল, MS
কিছুমান মৰণশীল প্ৰাণী নহয় পূৰ্ণ । ∴ SP
চতুৰ্থ সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত বিধেয়ৰূপে আৰু পক্ষ আশ্রয়বাক্যত উদ্দেশ্যৰূপে ব্যৱহাৰ হয় ।
উদাহৰণ ― সকলো জ্ঞানী হয় সৎ, PM
কোনো সৎ নহয় অসুখী, MS
কোনো অসুখী নহয় জ্ঞানী । ∴ SP
(১৪) প্ৰশ্ন:- নিম্নলিখিত যুক্তিবোৰ সত্যাসত্য নিৰ্ণয় কৰা ।
(¡) কিছু সংখ্যক মানুহ হয় পাপী । ঋষিসকল মানুহ, গতিকে ঋষিসকল পাপী ।
উত্তৰঃ কিছুমান মানুহ হয় পাপী, (I)
সকলো ঋষি হয় মানুহ, (A)
সকলো ঋষি হয় পাপী । (A)
ইয়াত সাধ্য আশ্ৰয়বাক্য বিশেষ সদৰ্থক হোৱাৰ বাবে উদ্দেশ্য আৰু বিধেয় অব্যাপ্ত আছে । আকৌ পক্ষ আশ্রয়বাক্য সার্বিক সদৰ্থক হোৱা বাবে উদ্দেশ্যক ব্যাপ্ত কৰিছে, কিন্তু হেতুপদত সাধ্য আশ্রয়বাক্য আৰু সাধ্য আশ্রয়বাক্যত অব্যস্ত থকা বাবে ইয়াত অব্যপ্ত হেতুপদ যোৰ ঘটিছে ।
(¡¡) প্ৰশ্ন:- কিছুমান মহিলা সঁচাকৈয়ে ভাল নালাগে । কাৰণ সকলো ভাল নাগৰিকেই কাট দিয়ে ।
উত্তৰঃ কিছুমান মহিলা নহয় এনে যাক ভাল নালাগে । (A)
সকলো ভাল নাগৰিক নহয় মহিলা । (A)
∴ কিছুমান কাট দিয়া নাগৰিক নহয় মহিলা । (O)
ন্যায়ৰ এটা নিয়ম মতে প্ৰত্যেক ন্যায়তেই কেৱল তিনিটা পদ থাকিব লাগে । কিন্তু ইয়াত চাৰিটা পদ আছে যেনে ―
(ক) মহিলা
(খ) এনে যাক ভাল লাগে
(গ) ভাল নাগৰিক ।
(ঘ) এনে কি কাট দিয়ে ।
এনে ন্যায়ত চতুষ্পদী দোষ ঘটিছে ।
(¡¡¡) প্ৰশ্ন:- সকলো দুগ্ধজাত খাদ্য পুষ্টিকৰ আৰু সকলো দুগ্ধজাত খাদ্যই সুস্বাদু । গতিকে কিছুমান সুস্বাদু খাদ্য নিশ্চয় পুষ্টিকৰ ।
উত্তৰঃ সকলো দুগ্ধজাত খাদ্য হয় পুষ্টিকৰ । (A)
সকলো দুগ্ধজাত খাদ্য হয় সুস্বাদু । (A)
∴ কিছুমান সুস্বাদু খাদ্য হয় পুষ্টিকৰ । (A)
ইয়াত দুয়োটা আশ্রয়বাক্যই সদৰ্থক । গতিকে ন্যায়ৰ নিয়ম অনুযায়ী সিদ্ধান্ত সদৰ্থক হৈছে । হেতুপদ দুয়োটা আশ্রয়বাক্যতেই A বচনৰ উদ্দেশ্যৰূপে ব্যৱহাৰ হৈ দুবাৰ ব্যপ্ত হৈছে । দুয়োটা আশ্রয়বাক্য সামান্য সমৰ্থক বচন হোৱাৰ বাবে সিদ্ধান্তও সামান্য সদৰ্থক বচন হ’ব পাৰে । কিন্তু সিদ্ধান্ত A বচন হ’লে পক্ষপদ ‘সুস্বাদু’ A বচনৰ উদ্দেশ্যৰূপে । ব্যৱহাৰ হোৱাৰ বাবে ব্যপ্ত হ’ব । কিন্তু পক্ষপদটো পক্ষ আশ্রয়বাক্যত A বচন হ’লে ন্যায়টো অবৈধ পক্ষপদ দোষযুক্ত হৈ পৰিব পাৰে । সেইকাৰণে সিদ্ধান্ত I বচন হৈছে আৰু ই এটা বৈধ মূৰ্তি ।
(iv) প্ৰশ্ন:- এৰিষ্ট’টল এজন খ্যাতনামা তৰ্কবিদ । কাৰণ তেওঁ এজন দাৰ্শনিক আৰু সকলো খ্যাতনামা তৰ্কবিদেই দাৰ্শনিক ।
উত্তৰঃ সকলো তৰ্কবিদ হয় দাৰ্শনিক । (A)
এৰিষ্ট’টল হয় এজন দাৰ্শনিক । (A)
∴ এৰিষ্ট’টল হয় এজন খ্যাতনামা তৰ্কবিদ । (A)
ইয়াত সাধ্য আশ্ৰয়বাক্য আৰু পক্ষ আশ্রয়বাক্য সদৰ্থক বচন হোৱা বাবে উদ্দেশ্যক ব্যপ্ত কৰিছে । দুয়োটা আশ্ৰয়বাক্যতেই হেতুপদ ‘দাৰ্শনিক’ বিধেয়ক বহা বাবে অব্যপ্ত থাকি গৈছে । গতিকে এই ন্যায় অব্যপ্ত হেতুপদ দোষযুক্ত ।
(v) প্ৰশ্ন:- যিহেতু তেওঁ ভাৰতীয়, গতিকে তেওঁ হিন্দু হ’বই । কাৰণ কেৱল ভাৰতীয় সকলেই হিন্দু ।
উত্তৰঃ সকলো হিন্দু মানুহ হয় ভাৰতীয় । (A)
তেওঁ হয় ভাৰতীয় । (A)
∴ তেওঁ হয় হিন্দু । (A)
ইয়াত সাধ্য আশ্রয়বাক্য আৰু পক্ষ আশ্রয়বাক্য সামান্য সদৰ্থক বচন হোৱা বাবে উদ্দেশ্যক ব্যপ্ত কৰিছে । দুয়োটা আশ্রয়বাক্যতেই হেতুপদ ‘ভাৰতীয় বিধেয়ত বহি অব্যপ্ত থাকি গৈছে । গতিকে ন্যায়টো অব্যপ্ত হেতুপদ দোষযুক্ত ।
(vi) প্ৰশ্ন:- সকলো মানুহ পৰিশ্ৰমী নহয় । কিন্তু ৰমানন্দ পৰিশ্ৰমী গতিকে তেওঁ মানুহ হ’ব নোৱাৰে ।
উত্তৰঃ কিছুমান মানুহ নহয় পৰিশ্ৰমী । (O)
ৰমানন্দ হয় পৰিশ্ৰমী । (A)
∴ ৰমানন্দ হয় পৰিশ্ৰমী । (E)
ইয়াত সাধ্যপদ মানুহ সাধ্য আশ্রয়বাক্যত বিশেষ নঞৰ্থক বচনৰ উদ্দেশ্যত বহা বাবে অব্যপ্ত হৈছে । কিন্তু সাধ্যপদ ‘মানুহ’ সিদ্ধান্তত ব্যপ্ত হৈছে কাৰণ সিদ্ধান্ত সার্বিক নঞৰ্থক বচন বাবে উদ্দেশ্য আৰু বিধেয় দুইটাকেই ব্যপ্ত কৰে । সেইবাবে ন্যায়টো অব্যপ্ত সাধ্যপদ দোষযুক্ত ।
(vii) প্ৰশ্ন:- ভগৱানে মানুহ সৃষ্টি কৰিলে, মানুহে পাপ সৃষ্টি কৰিলে, গতিকে ভগৱানে পাপ সৃষ্টি কৰিলে ।
উত্তৰঃ ভগৱান হয় যিয়ে মানুহ সৃষ্টি কৰিলে । (A)
মানুহ হয় যিয়ে পাপ সৃষ্টি কৰিলে । (A)
∴ ভগৱান হয় যিয়ে পাপ সৃষ্টি কৰিলে । (A)
এই ন্যায়টো দোষযুক্ত । ইয়াত চতুষ্পদী দোষ ঘটিছে । ন্যায়ৰ এটা নিয়মমতে প্ৰত্যেক ন্যায়তেই কেৱল তিনিটা পদ থাকিব লাগে । কিন্তু ইয়াত চাৰিটা পদ আছে যেনে ―
(১) মানুহ
(২) যিয়ে পাপ সৃষ্টি কৰিলে ।
(৩) ভগৱান
(৪) যিয়ে মানুহ সৃষ্টি কৰিলে ।
গতিকে ন্যায়টো দোষযুক্ত ।
(viii) প্ৰশ্ন:- পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে, গতিকে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে ।
উত্তৰঃ পৃথিৱী হয় এনে যে সূৰ্যৰ চাৰিওফালে ঘূৰে । (A)
চন্দ্ৰ হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে । (A)
চন্দ্ৰ হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে । (A)
এই ন্যায়টো দোষযুক্ত । ইয়াত কেৱল চতুষ্পদী দোষ ঘটিছে । ন্যায়ৰ এটা নিয়ম মতে প্ৰত্যেক ন্যায়তেই কেৱল তিনিটা পদ থাকিব লাগে । কিন্তু ইয়াত চাৰিটা পদ থকা দেখা পাওঁ যেনে ―
(১) পৃথিৱী
(২) এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে ।
(৩) চদ্ৰ
(৪) এনে যি পৃথিৱীৰ চাৰিওফালে ঘূৰে ।
গতিকে এই ন্যায়টো দোষযুক্ত ।
(ix) প্ৰশ্ন:- ৰিজষ্টাৰখন মেজৰ ওপৰত আছে, কিতাপখন ৰেজিষ্টাৰৰ ওপৰত আছে, গতিকে কিতাপখন মেজৰ ওপৰত আছে ।
উত্তৰঃ ৰেজিষ্টাৰখন হয় মেজৰ ওপৰত
কিতাপখন হয় ৰেজিষ্টাৰৰ ওপৰত
∴ কিতাপখন হয় মেজৰ ওপৰত ।
এই ন্যায় দোষযুক্ত । ইয়াত চতুষ্পদী দোষ ঘটিছে । ন্যায়ৰ এটা নিয়মমতে প্ৰত্যেক ন্যায়তেই কেৱল তিনিটা পদ থাকিব লাগিব । কিন্তু ইয়াত চাৰিটা পদ আছে ।যেনে ―
(১) ৰেজিষ্টাৰখন
(২) মেজৰ ওপৰত
(৩) কিতাপখন
(৪) ৰেজিষ্টাৰৰ ওপৰত ।
গতিকে এই ন্যায় দোষযুক্ত ।
(x) প্ৰশ্ন:- সকলো মানুহ পৰিশ্ৰমী নহয়, কিন্তু জন পৰিশ্ৰমী, গতিকে তেওঁ মানুহ নহয় । কিছুমান মানুহ নহয় পৰিশ্ৰমী । (O)
উত্তৰঃ জয় হয় পৰিশ্ৰমী ।
জন নহয় মানুহ ।
এই ন্যায় দোষযুক্ত । ইয়াত অবৈধ সাধ্যপদ দোষ হৈছে । কাৰণ সাধ্যপদ ‘মানুহ’ সিদ্ধান্ত E বচনৰ বিধেয় হিচাপে ব্যৱহাৰ হোৱাৰ বাবে ব্যপ্ত কিন্তু ই সাধ্য আশ্রয়বাক্যত O বচনৰ উদ্দেশ্যৰূপে ব্যৱহাৰ হোৱাৰ বাবে অব্যপ্ত ৰৈ গৈছে । কিন্তু ন্যায়ৰ এটা নিয়মমতে আশ্রয়বাক্যত ব্যপ্ত নোহোৱা কোনো পদে সিদ্ধান্তত ব্যপ্ত হ’ব নোৱাৰে । সেইকাৰণে ইয়াত অবৈধ সাধ্য পদ দোষ ঘটিছে ।
(xi) প্ৰশ্ন:- ডঃ ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি । তেওঁ দৰ্শনৰ অধ্যাপক । গতিকে সকলো দৰ্শনৰ অধ্যাপকেই ভাৰতৰ ৰাষ্ট্ৰপতি হ’ব ।
উত্তৰঃ ডঃ ৰাধাকৃষ্ণণ হয় ভাৰতৰ ৰাষ্ট্ৰপতি । (A)
ডঃ ৰাধাকৃষ্ণণ হয় দৰ্শনৰ অধ্যাপক । (A)
∴ সকলো দৰ্শনৰ অধ্যাপক হয় এনে যিসকল ভাৰতৰ ৰাষ্ট্ৰপতি হ’ব ।
এই পদটো দোষযুক্ত । ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে । পক্ষপদ দৰ্শনৰ অধ্যাপক । A বচনৰ বিধেয়ৰূপে পক্ষ আশ্ৰয়বাক্যত ব্যৱহাৰ হোৱা বাবে অব্যপ্ত । কিন্তু ই সিদ্ধান্তত A বচনৰ উদ্দেশ্যৰূপে ব্যৱহাৰ হৈ ব্যপ্ত হৈ পৰিছে । সেইকাৰণে ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.