Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ

Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ and select needs one.

Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ Solutions for All Subject, You can practice these here.

উপসৰ্গ

Chapter : 2

প্ৰথম খণ্ড

(ক) পদ

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(১) শুদ্ধ উত্তৰ দিয়াঃ 

(ক) প্ৰশ্ন:- পদৰ বাচ্যাৰ্থই বস্তুৰ গুণ / সংখ্যা বুজায় । 

উত্তৰঃ সংখ্যা । 

(খ) প্ৰশ্ন:- অলক্ষণাৰ্থক পদৰ কেৱল বাচ্যাৰ্থ আছে / লক্ষণাৰ্থ নাই / বাচ্যাৰ্থ নাই / বাচ্যাৰ্থ বা লক্ষণাৰ্থ আছে । 

উত্তৰঃ বাচ্যাৰ্থ বা লক্ষণাৰ্থ আছে । 

(গ) প্ৰশ্ন:- পদৰ লক্ষণাৰ্থই গুণক / বস্তুক বুজায় । 

উত্তৰঃ গুণক । 

(ঘ) প্ৰশ্ন:- যি পদৰ কেৱল লক্ষণাৰ্থ থাকে, তাক লক্ষণাৰ্থক / অলক্ষণাৰ্থক পদ বোলে । 

উত্তৰঃ অলক্ষণাৰ্থ । 

(ঙ) প্ৰশ্ন:- পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ পৰিবৰ্তনৰ একেমুখী / বিপৰীতমুখী । 

উত্তৰঃ বিপৰীতমুখী । 

(২)  সংজ্ঞা দিয়া :

(ক) প্ৰশ্ন:- পদ 

উত্তৰঃ যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হয় তাকে পদ বোলে । 

(খ) প্ৰশ্ন:- সামান্য পদ 

উত্তৰঃ যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত নিৰ্দিষ্ট বা গুণৰ যিকোনো এটাত নিৰ্দেশ কৰে তাক সামান্য পদ বোলে । 

(গ) প্রশ্ন:- বিশিষ্ট পদ 

উত্তৰঃ যি পদে এটা অৰ্থত মাত্ৰ এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে । 

(ঘ) প্ৰশ্ন:- অৰ্থযুক্ত বিশিষ্ট পদ 

উত্তৰঃ যিবোৰ বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তিৰ বিশেষ কোনো গুণৰ নিৰ্দেশ দিয়ে, তাক অৰ্থযুক্ত বিশিষ্ট পদ বোলে । 

(ঙ) প্ৰশ্ন:- পদৰ বাচ্যার্থ 

উত্তৰঃ কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পৰা যায় সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বোলে । 

(চ) প্ৰশ্ন:- পদৰ লক্ষণাৰ্থ 

উত্তৰঃ কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণাৰ্থ বোলে । 

(ছ) প্ৰশ্ন:- লক্ষণাৰ্থক পদ 

উত্তৰঃ যি পদে কোনো বস্তু বা বস্তুসমূহৰ নিৰ্দেশ কৰাৰ উপৰি সেই বস্তু বা বস্তুসমূহৰ সাধাৰণ আৰু মৌলিক গুণক সূচীত কৰে তাক লক্ষণাৰ্থক বোলে । 

(জ) প্ৰশ্ন:- অলক্ষণাৰ্থক পদ 

উত্তৰঃ যি পদে অকল বস্তুৰহে নিৰ্দেশ দিয়ে নাইবা অকল গুণ বা লক্ষণহে বুজায় কিন্তু বস্তু আৰু গুণ দুয়োটা নুবুজায় তাক অলক্ষণাৰ্থক পদ বোলে । 

(৩)  উদাহৰণ দিয়াঃ 

(ক) প্ৰশ্ন:- সামান্য পদ 

উত্তৰঃ মানুহ, কিতাপ আদি । 

(খ) প্ৰশ্ন:- বিশিষ্ট পদ 

উত্তৰঃ গুৱাহাটী, ৰাম আদি । 

(গ) প্ৰশ্ন:- অৰ্থযুক্ত বিশিষ্ট পদ 

উত্তৰঃ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী । 

(৪) পাৰ্থক্য নিৰ্ণয় কৰাঃ 

(ক) শব্দ আৰু পদ 

উত্তৰঃ অৰ্থযুক্ত কোনো এটা বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলে । যেনে – ৰাম, সি, উচ্চতা আদি । 

আনহাতে, যেতিয়া কোনো শব্দ বা শব্দসমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হয় তেতিয়া তাক পদ বোলে । যেনে – মানুহ, মৰণশীল আদি । কাৰণ এইবোৰ শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ত ব্যৱহাৰ হ’ব পাৰে । উদাহৰণ – ‘মানুহ হয় মৰণশীল । 

শব্দ আৰু পদ দুয়োটাই অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিৰ দ্ধাৰা গঠিত । কিন্তু যিকোনো শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে । যেনে – ‘এজন শব্দটো সেইবাবে সকলো শব্দ পদ হ’ব নোৱাৰে । কিন্তু সকলো পদেই শব্দ বা শব্দসমষ্টি ।

(খ) প্ৰশ্ন:- লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থ পদ 

উত্তৰঃ যি পদে কোনো বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণকো নিৰ্দেশ কৰে তাক লক্ষণাৰ্থক পদ বোলে । যেনে – মানুহ । কাৰণ মানুহ পদৰ বাচ্যার্থ হ’ল – ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ হ’ল ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’ ।

কিন্তু যি পদে অকল বস্তুকহে নিৰ্দেশ কৰে নাইবা অকল গুণ বুজায়, দুয়োটা একেলগে নুবুজায়, তাক অলক্ষণাৰ্থক পদ বোলে । অৰ্থাৎ অলক্ষণাৰ্থক পদৰ কেৱল মাত্ৰ বাচ্যার্থ বা কেৱল লক্ষণাৰ্থ থাকে, দুয়োটা একেলগে নাথাকে তাক অলক্ষণাৰ্থক পদ বোলে । যেনে – ৰাজেন আৰু সাধুতা দুটা অলক্ষণাৰ্থক পদ । কাৰণ প্ৰথমটো বস্তুক নিৰ্দেশ কৰে আৰু দ্বিতীয়টো গুণক নিৰ্দেশ কৰে । কিন্তু দুয়োটাৰ এটাও একেলগে বস্তু আৰু গুণক নিৰ্দেশ নকৰে । 

(গ) প্ৰশ্ন:- বিশিষ্ট আৰু সামান্য পদ 

উত্তৰঃ যি পদে এটা অৰ্থত মাত্ৰ এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে । যেনে – এই মানুহজন । ‘এই মানুহজন’ বুলি ক’লে মাত্ৰ এজন মানুহকে বুজায় । সেইকাৰণে ই বিশিষ্ট পদ । 

যি পদে একেটা অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে তাক সামান্য পদ বোলে । যেনে – মানুহ । ‘মানুহ’ পদৰ দ্ধাৰা কোনো এজন মানুহক নুবুজায় । মানুহ শ্ৰেণীৰ অন্তৰ্গত যিকোনো মানুহকেই একেই অৰ্থত বুজাব পাৰি । সামান্য পদক জাতিবাচক পদ বুলিও অভিহিত কৰা হয় । 

(ঘ) বাচ্যার্থ আৰু লক্ষণাৰ্থ 

উত্তৰঃ কোনো এটা পদক একে অৰ্থত যি বস্তু বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পৰা যায় সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বোলে । 

আনহাতে, কোনো পদে বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে, সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণাৰ্থ বোলে । 

মানুহৰ পদৰ বাচ্যার্থ হ’ল – ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ হ’ল ‘প্ৰণালীবৃত্তি আৰু বুদ্ধিবৃত্তি’ । কোনো এটা পদৰ বাচ্যার্থ বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰে আৰু লক্ষণাৰ্থ সেই বস্তু বা বস্তু সমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে । 

(ঙ) প্ৰশ্ন:- নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ 

উত্তৰঃ যি পদৰ অৰ্থ বুজিবলৈ হ’লে আন পদৰ সহায় ল’বলগীয়া নহয় তাক নিৰপেক্ষ পদ বোলে । যেনে – মানুহ, গৰু, কিতাপ আদি । 

আনহাতে যি পদৰ অৰ্থ আন কোনো পদৰ সহায়তহে বুজিব পাৰি । নহ’লে পদটো অৰ্থহীন হৈ পৰে, তাক সাপেক্ষ পদ বোলে । যেনে – পিতা-পুত্ৰ, গুৰু-শিষ্য, শিক্ষক-ছাত্ৰ আদি । 

সাপেক্ষ পদবোৰ দুটা পৰস্পৰ নিৰ্ভৰশীল হয় । এটাৰ লগত আনটো সম্বন্ধৰ যোগেদিয়েই পদ দুটাৰ অৰ্থ বুজা যায় । 

(চ) অৰ্থযুক্ত বিশিষ্ট পদ আৰু অৰ্থহীন বিশিষ্ট পদ 

উত্তৰঃ যি বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তিৰ বিশেষ কোনো গুণৰ নিৰ্দেশ দিয়ে তাক অৰ্থযুক্ত বিশিষ্ট পদ বোলে । যেনে – ‘ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী’ । এই পদটোৱে মাত্ৰ এজন নিৰ্দিষ্ট ব্যক্তিকে বুজাইছে বাবে ই এটা বিশিষ্ট পদ । লগতে ব্যক্তিগৰাকী যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী এই বিশেষ গুণৰো পৰিচালক । গতিকে পদটো এটা পদমাত্ৰ নহয়, ই এটা অৰ্থযুক্ত বিশিষ্ট পদ । 

আনহাতে যি বিশিষ্ট পদ কোনো বস্তু বা ব্যক্তিক কোনো অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজাবৰ বাবে মাত্ৰ ব্যৱহাৰ কৰা হয় আৰু যি বিশিষ্ট পদে বস্তু বা ব্যক্তি বিশেষৰ কোনো বিশেষ গুণৰ নিৰ্দেশ নিদিয়ে তেনে বিশিষ্ট পদক অৰ্থহীন বিশিষ্ট পদ বোলে । যেনে – গুৱাহাটী, ৰাহুল আদি । 

(খ)  ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ 

(৫) প্ৰশ্ন:- ‘সকলো পদেই শব্দ কিন্তু যিকোনো পদ শব্দ নহয়’ – আলোচনা কৰা । 

উত্তৰঃ অৰ্থযুক্ত কোনো এটা বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলে । 

আনহাতে যেতিয়া কোনো শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হয় তেতিয়া তাক পদ বোলে । যেনে – মানুহ,  মৰণশীল আদি । কাৰণ এইবোৰ শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ত ব্যৱহাৰ হ’ব পাৰে । উদাহৰণ – ‘মানুহ হয় মৰণশীল’ । 

শব্দ আৰু পদ দুয়োটাই অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিৰ দ্ধাৰা গঠিত । কিন্তু যিকোনো শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে । যেনে – ‘এজন’ শব্দটো সেইবাবে সকলো শব্দ পদ হ’ব নোৱাৰে । কিন্তু সকলো পদেই শব্দ বা শব্দ সমষ্টি । 

(৬) প্ৰশ্ন:- ‘পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী’ পৰিবৰ্তনৰ সম্বন্ধ আলোচনা কৰা । 

উত্তৰঃ বাচ্যার্থ আৰু লক্ষণাৰ্থ কোনো এটা পদৰেই দুটা দিশ । গতিকে এই দুয়োটাৰ সম্বন্ধও অতি ঘনিষ্ঠ । এই সম্বন্ধক তৰ্কবিদসকলে বিপৰীতমুখী সম্বন্ধ বুলি উল্লেখ কৰে । গণিত শাস্ত্ৰমতে পৰিৱৰ্তন দুই প্ৰকাৰৰ হ’ব পাৰে । যেনে – 

(ক) একেমুখী পৰিৱৰ্তন (direct variation) আৰু 

(খ) বিপৰীতমুখী পৰিৱৰ্তন (inverse variation) ।

কোনো কাৰণবশতঃ যদি দুটা বস্তু একেফালে পৰিৱৰ্তিত হয়, তেনেহ’লে বস্তু দুটাৰ মাজৰ সম্বন্ধক একেমুখী সম্বন্ধ বোলে । 

পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধও বিপৰিতমুখী পৰিৱৰ্তন সম্বন্ধ । অৰ্থাৎ যদি কোনো এটা পদৰ বাচ্যার্থ বাঢ়ে তেনেহ’লে লক্ষণাৰ্থ কমে আৰু যদি লক্ষণাৰ্থ বাঢ়ে তেনেহ’লে বাচ্যার্থ কমে । পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ মাজৰ বিপৰীতমুখী পৰিবৰ্তনৰ এই সম্বন্ধক তৰ্কশাস্ত্ৰবিদসকলে চাৰিটা নিয়মৰ মাজেৰে প্ৰকাশ কৰিছে । 

(a) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণাৰ্থ কমে । 

(b) পদৰ বাচ্যার্থ কমিলে লক্ষণাৰ্থ বাঢ়ে । 

(c) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ কমে ।

(d) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ বাঢ়ে । 

(a) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণাৰ্থ কমে । মানুহৰ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ৰ লগত যদি আন আন প্ৰাণী যোগ দিয়া হয় তেনেহ’লে বাচ্যার্থ বাঢ়ি গৈ ‘সকলো প্ৰাণী’ হ’ব আৰু আনফালে লক্ষণাৰ্থ কমি গৈ ‘বুদ্ধিবৃত্তি আৰু প্ৰাণীবৃত্তি’ৰ পাপৰ অকল প্ৰাণী বৃত্তিহে হ’ব । 

(b) পদৰ বাচ্যার্থ কমিলে লক্ষণাৰ্থ কমে । মানুহ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ৰ পৰা যদি অসাধু মানুহবোৰক বাদ দিয়া যায় তেনেহ’লে অকল সাধু মানুহবোৰহে ৰ’বগৈ । কিন্তু তাৰফলত বাচ্যার্থ কমি ‘সকলো সাধু মানুহ’ হ’ব । আনফালে মানুহপদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি, বুদ্ধিবৃত্তিৰ লগত সাধুতা লগ লাগি লক্ষণাৰ্থ বাঢ়ি যাব । 

(c)  পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ কমিব । মানুহপদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তিৰ লগত যদি ‘নম্ৰতা’ গুণটো যোগ দিয়া যায় তেনেহ’লে লক্ষণাৰ্থ বাঢ়িব । কিন্তু বাচ্যার্থ কমি গৈ ‘সকলো মানুহ’ৰ পৰা ‘সকলো নম্ৰ মানুহ’ৰ হ’ব । 

(d) পদৰ লক্ষণাৰ্থ কমিলে বাচ্যার্থ বাঢ়ে । মানুহ পদৰ লক্ষণাৰ্থ ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’ৰ পৰা যদি বুদ্ধিবৃত্তি গুণটোক বাদ দিয়া যায় তেনেহ’লে লক্ষণাৰ্থ কমি গৈ কেৱল প্ৰাণীবৃত্তিহে হ’ব । তেতিয়া বাচ্যার্থ ‘সকলো মানুহ’ৰ পৰা বাঢ়ি গৈ ‘সকলো প্ৰাণী’ হ’ব । 

গতিকে উপৰৰ আলোচনাৰ পৰা আমি জানিব পাৰিলো যে পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী । 

(খ)  বচন

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(১) উত্তৰ দিয়াঃ 

(ক) প্ৰশ্ন:- এটা বচনত কেইটা পদ থাকে ? 

উত্তৰঃ দুটা পদ । 

(খ) প্ৰশ্ন:- তৰ্কবিজ্ঞানসন্মত বচনত সংযোজকটো পদ হয় নে ? 

উত্তৰঃ নহয় । 

(গ) প্ৰশ্ন:- পৰিমাণ অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে ? 

(১) সার্বিক আৰু বিশেষ ? 

(২) সদৰ্থক আৰু নঞৰ্থক ?

(৩) সংকল্পক আৰু বিকল্পক ? 

উত্তৰঃ সার্বিক আৰু বিশেষ । 

(ঘ) প্ৰশ্ন:- বচনৰ উদ্দেশ্যটো এটা পদনে ? 

উত্তৰঃ পদ । 

(ঙ) বচনৰ বিধেয়টো এটা পদনে ? 

উত্তৰঃ পদ । 

(চ) প্ৰশ্ন:- বচনৰ সংযোজকটো এটা পদ নে এটা শব্দ ? 

উত্তৰঃ পদ বা শব্দ কোনোটোৱেই নহয় । 

(ছ) সার্বিক বচন কি ? 

উত্তৰঃ যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক সার্বিক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । 

(জ) প্ৰশ্ন:- বিশেষ সদৰ্থক বচনৰ সাংকেতিক চিন কি ? 

উত্তৰঃ ‘I’বচন । 

(ঝ) বচন কাক বোলে ? 

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । 

(২)  শুদ্ধ উত্তৰ বাছি উলিওৱা :

(ক) প্ৰশ্ন:- অৱধাৰণক যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ / পদ / বচন বোলে । 

উত্তৰঃ বচন । 

(খ) প্ৰশ্ন:- এটা বচনত এটা / দুটা / তিনিটা পদ থাকে । 

উত্তৰঃ দুটা । 

(গ) প্ৰশ্ন:- বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য / বিধেয় বোলে । 

উত্তৰঃ উদ্দেশ্য । 

(ঘ) প্ৰশ্ন:- সংযোজকটো এটা শব্দ / এটা পদ / কোনোটোৱেই নহয় ।  

উত্তৰঃ কোনোটোৱেই নহয় । 

(ঙ) প্ৰশ্ন:- বচনত সংযোজকটো অতীত / বৰ্তমান ভৱিষ্যৎ কালত থাকে । 

উত্তৰঃ বৰ্তমান কালত থাকে । 

(চ) প্ৰশ্ন:- গুণগত / পৰিমানগত দিশৰ পৰা বচন সার্বিক বা বিশেষ হ’ব পাৰে । 

উত্তৰঃ পৰিমানগত । 

(ছ) বচনৰ সংযোজকটো সদৰ্থক / নঞৰ্থক / সদৰ্থক বা নঞৰ্থক হ’ব পাৰে । 

উত্তৰঃ সদৰ্থক বা নঞৰ্থক হ’ব পাৰে । 

(জ) প্ৰশ্ন:- নিৰপেক্ষ বচনত উদ্দেশ্য ৰহ বিধেয়ৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয় / নহয় । 

উত্তৰঃ নহয় । 

(ঝ) প্ৰশ্ন:- বচনক মিশ্রনীতি অনুসৰি চাৰি / পাঁচ / ছয় ভাগত ভগোৱা হৈছে । 

উত্তৰঃ চাৰি ভাগত ।  

(ঞ) প্ৰশ্ন:- ‘I’ বচনটো সার্বিক সদৰ্থক / বিশেষ সদৰ্থক । 

উত্তৰঃ বিশেষ সদৰ্থক । 

(ট) প্ৰশ্ন:- বচনৰ গুণ উদ্দেশ্য / বিধেয় / সংযোজকে নিৰ্ণয় কৰে । 

উত্তৰঃ সংযোজকে । 

(ঠ) প্ৰশ্ন:- নিৰপেক্ষ / সাপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তহীন । 

উত্তৰঃ নিৰপেক্ষ বচনত । 

(ড) প্ৰশ্ন:- গুণ / সম্বন্ধ / অতিবাৰ্যতা অনুযায়ী বচন নিৰপেক্ষ বা সাপেক্ষ হ’ব পাৰে । 

উত্তৰঃ নিৰপেক্ষ বচনত । 

(ঢ) প্ৰশ্ন:- অৱধাৰণ মানসিক প্ৰক্ৰিয়া হয় / নহয় । 

উত্তৰঃ হয় । 

(ণ) ‘O’ বচনটো বিশেষ নঞৰ্থক / সার্বিক নঞৰ্থক ।

উত্তৰঃ বিশেষ নঞৰ্থক । 

(৩)  খালী ঠাই পূৰণ কৰা : 

(ক) প্ৰশ্ন:- বচনৰ উদ্দেশটো এটা ——- । 

উত্তৰঃ পদ । 

(খ) প্ৰশ্ন:- বচনৰ বিধেয়টো এটা ——– । 

উত্তৰঃ পদ । 

(গ) প্ৰশ্ন:- বচনত উদ্দেশ্য আৰু বিধেয়ৰ সংযোগকাৰী চিনটোক —– বোলে । 

উত্তৰঃ সংযোজক । 

(ঘ) প্ৰশ্ন:- ——— অনুসৰি বচনক সার্বিক আৰু বিশেষ এই দুই ভাগত ভগাব পাৰি । 

উত্তৰঃ পৰিমাণ । 

(ঙ) প্ৰশ্ন:- মিশ্ৰ-নীতি অনুসৰি বচনক ——– ভাগত ভগোৱা হৈছে । 

উত্তৰঃ চাৰি । 

(চ) প্ৰশ্ন:- এটা বচনত ——— পদ থাকে । 

উত্তৰঃ দুটা । 

(ছ) প্ৰশ্ন:- সংকল্পক বচনৰ ভাগ ——— । 

উত্তৰঃ দুটা । 

(জ) প্ৰশ্ন:- সাপেক্ষ বচনক ——— আৰু ———-ভাগত ভগোৱা হৈছে । 

উত্তৰঃ সংকল্পক, বিকল্পক । 

(ঝ) প্ৰশ্ন:- গুণ অনুসৰি বচন ——- বা ——– হ’ব পাৰে । 

উত্তৰঃ সদৰ্থক, নঞৰ্থক । 

(ঞ) প্ৰশ্ন:- ‘A’ বচনটো সার্বিক ——- ।

উত্তৰঃ সদৰ্থক । 

(৪)  পাৰ্থক্য লিখা : 

(ক) প্ৰশ্ন:- সাপেক্ষ বচন আৰু নিৰপেক্ষ বচন 

উত্তৰঃ সম্বন্ধ অনুসৰি বচনক দুটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে – নিৰপেক্ষ বচন আৰু সাপেক্ষ বচন । যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল নহয় তাক নিৰপেক্ষ বচন বোলে । যেনে – এই ফুলপাহ হ’ব বগা । 

আকৌ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল তাক সাপেক্ষ বচন বোলে । যেনে – ‘যদি বৰষুণ দিয়ে, তেনেহ’লে মই স্কুললৈ নাযাওঁ’ । 

(খ) প্ৰশ্ন:- বাক্য আৰু বচন 

উত্তৰঃ এক বা একাধিক শব্দ লগলাগি কোনো অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বুলি কোৱা হয় । যেনে – ‘মই স্কুললৈ যাওঁ’ । 

তৰ্কবিজ্ঞানত দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – ‘এই ফুলপাহ হয় বগা’ । 

বাক্যৰ ভাগ দুটা উদ্দেশ্য আৰু  বিধেয় । আনহাতে বচনৰ অংশ তিনিটা- উদ্দেশ্য, সংযোজগ আৰু বিধেয় । 

সকলোবোৰ বাক্য বচন হ’ব নোৱাৰে । কিন্তু সকলোবোৰ বচনেই বাক্য হ’ব পাৰে । 

সঁচা বা মিছা বাক্যৰ ধৰ্ম নহয় । কিয়নো প্ৰশ্নবোধক আদেশসূচক, ভাৱবোধক আদি বাক্য সঁচা বা মিছা বুলিব নোৱাৰে । কিন্তু বচনৰ ধৰ্ম হৈছে সত্যতা আৰু মিথ্যাত্ব । বচন সদায় সঁচা বা মিছা হয় । 

বাক্যৰ কোনো নিৰ্দিষ্ট আকাৰ নাই । কিন্তু বচন সদায়, তৰ্কবিজ্ঞান সন্মত A, E, I, O ৰ যিকোনো এটা ৰূপত থাকিব ।

বাক্য অতীত, বৰ্তমান, ভৱিষ্যৎ যিকোনো কালত থাকিব পাৰে । কিন্তু বচন কেৱল বৰ্তমান কালতহে থাকিব লাগিব । 

বাক্য যিকোনো ধাতুৰ হ’ব পাৰে । কিন্তু বচনৰ সংযোজক সদায় ‘ভূ’ ধাতুৰ নিত্য বৰ্তমান কালত হৈ থাকিব । 

(গ) সংকল্পক বচন আৰু বিকল্পক বচন 

উত্তৰঃ যি সাপেক্ষ বচন চৰ্তটো ‘যদি’ বা ইয়াৰ সমাৰ্থক কোনো শব্দৰ দ্ধাৰা উল্লেখিত হয়, তেনেকুৱা বচনক সংকল্পক বচন বোলে । যেনে – ‘যদি তুমি পঢ়া তেন্তে তুমি পৰীক্ষাত পাছ কৰিবা’  । সংকল্পক বচনত দুটা অংশ থাকে । প্ৰথম অংশটোক পূৰ্বৱৰ্তী আৰু পিছৰ অংশটোক অনুৱৰ্তী বোলে । সংকল্পক বচনৰ পৰৱৰ্তী অংশটোত মূল বক্তব্যটো থাকে আৰু চৰ্তটো আগৰ অংশটোতহে থাকে । 

যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ নাথাকে কিন্তু ‘হয়’, ‘নহয়’, ‘নাইবা’ আদি শব্দ প্ৰয়োগ কৰি বচনটোত বিকল্প চৰ্তকেইটাৰ কোনো এটা নিহিত হৈ থকাৰ ইংগিত দিয়া হয়, তাক বিকল্পক বচন বোলে । যেনে – ‘হয় তেওঁ সাধু নহয় অসাধু’ । বিকল্পক বচনৰ অংশ দুটাৰ সত্যতা আনটোৰ ওপৰত নিৰ্ভৰ কৰে । অৰ্থাৎ যদি তেওঁ সাধু হয় তেন্তে অসাধু হ’ব নোৱাৰে আৰু যদি অসাধু হয় তেন্তে সাধু হ’ব নোৱাৰে । 

(ঘ) প্ৰশ্ন:- সদৰ্থক বচন আৰু নঞৰ্থক বচন 

উত্তৰঃ যি বচনত বিধেয়ক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সাৰ্থক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । অৰ্থাৎ ‘মৰণশীলতা’ক সকলো মানুহ’ৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হৈছে । 

যি বচনৰ বিধেয়ক উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় পূৰ্ণ । এই বচনত বিধেয়পদ পূৰ্ণত্ত্ব উদ্দেশ্যপদ সকলো মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে । বচন সদৰ্থক নে নঞৰ্থক সংযোজক দ্ধাৰাই নিৰ্ণয় কৰা হয় । সংযোজকৰ লগত নঞৰ্থক চিন যুক্ত থাকিলে, বচনটো নঞৰ্থক হ’ব আৰু নঞৰ্থক চিন যুক্ত নাথাকিলে বচনটো সদৰ্থক হ’ব । 

Sl. No.Contents
প্ৰথম খণ্ডতৰ্কবিজ্ঞান
Chapter 1তৰ্কবিজ্ঞান
Chapter 2উপসৰ্গ
Chapter 3অনুমান, নিৰপেক্ষ ন্যায়
Chapter 4প্ৰতিকাত্মক তৰ্কবিজ্ঞান
দ্বিতীয় খণ্ডদৰ্শন
Chapter 5দৰ্শন
Chapter 6ভাৰতীয় দৰ্শন
Chapter 7জ্ঞান উৎপত্তি সম্পৰ্কীয়
Chapter 8বাস্তৱবাদ আৰু ভাৱবাদ

(৫)  সংজ্ঞা লিখা :

(ক) প্ৰশ্ন:- সদৰ্থক বচন 

উত্তৰঃ যি বচনত বিধেয়ক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সদৰ্থক বচন বোলে । 

(খ) প্ৰশ্ন:- সামান্য বচন 

উত্তৰঃ যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্ধাৰা সূচীত প্ৰত্যেকৰ ক্ষেত্ৰতে স্বীকাৰ নাইবা অস্বীকাৰ কৰা হয় তাক সামান্য বচন বোলে । 

(গ) প্ৰশ্ন:- উদ্দেশ্য 

উত্তৰঃ বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে । 

(ঘ) প্ৰশ্ন:- বিধেয় 

উত্তৰঃ উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে । 

(ঙ) সংযোজক 

উত্তৰঃ উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । 

(চ) প্ৰশ্ন:- বৰ্ণনামূলক বচন 

উত্তৰঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ আমাৰ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত তাক বৰ্ণনামূলক বা বিৱৰণাত্মক বচন বোলে । 

(ছ) প্ৰশ্ন:- নঞৰ্থক লিখা । 

উত্তৰঃ যি বচনত বিধেয় উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক নঞৰ্থক বচন বোলে । 

(৬) চমুটোকা লিখা : 

(ক) প্ৰশ্ন:- বচন 

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত থকা সম্বন্ধৰ নিৰ্দেশ দিয়াই বচনৰ কাম । চিন্তাৰ স্বাভাৱিক গতি লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমতে আমাৰ মনত একো একোটা বিষয় বা বস্তু সম্পৰ্কে একো একোটা ধাৰণা বা প্ৰত্যয় গঢ়ি উঠে । আকৌ দুটা ধাৰণাক সংযুক্ত কৰিলে একো একোটা অৱধাৰণ গঠন কৰা হয় । অৱধাৰণক যেতিয়া ভাষাত ব্যক্ত কৰা হয় তেতিয়া তাক বচন বোলে । 

(খ) প্ৰশ্ন:- বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাগ 

উত্তৰঃ গুণ অনুসৰি বচনক সদৰ্থক আৰু নঞৰ্থক এইদুটা শ্ৰেণীত ভাগ কৰা হয় । আকৌ পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুই শ্ৰেণীত বিভক্ত কৰা হয় । আকৌ যদি গুণ আৰু পৰিমাণ সংযুক্ত নীতি অনুসৰি সকলো বচনকেই চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে – 

(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সামান্য সদৰ্থক বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । 

(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় দোষমুক্ত । 

(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ হয় ধাৰ্মিক । 

(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত নিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ নহয় সৎ । 

বচনৰ এনে চাৰি প্ৰকাৰৰ বিভাজনকেই বচনৰ চতুবৰ্গীয় বিভাজন বোলে । সংক্ষেপে এই বচন চাৰিটাক A, E, I, O এই চাৰিটা প্ৰতীকৰে বুজোৱা হয় । 

(গ) প্ৰশ্ন:- সাপেক্ষ বচন 

উত্তৰঃ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল তাক সাপেক্ষ বচন বোলে । যেনে – যদি বৰষুণ দিয়ে, তেনেহ’লে মই স্কুললৈ নাযাম । ইয়াত মোৰ স্কুললৈ নোযোৱাটো নিৰ্ভৰ কৰিছে ‘বৰষুণ দিয়া’ এই চৰ্তটোৰ ওপৰত । সাপেক্ষ বচন দুই প্ৰকাৰৰ । যেনে – সংকল্পক আৰু বিকল্পক । 

(৭)  উদাহৰণ দিয়া :

(ক) প্ৰশ্ন:- সদৰ্থক বচন 

উত্তৰঃ সকলো মানুহ হয় মৰণশীল ।  

(খ) প্ৰশ্ন:- বিশেষ বচন 

উত্তৰঃ কিছুমান মানুহ হয় সাধু । 

(গ) প্ৰশ্ন:- বিকল্পক বচন 

উত্তৰঃ হয় মানুহজন সৎ নহয় অসৎ । 

(ঘ) প্ৰশ্ন:- সম্ভাব্য বচন 

উত্তৰঃ আজি ৰাতি বৰষুণ হ’ব পাৰে । 

(ঙ) প্ৰশ্ন:- অনিবাৰ্যমুলক বচন 

উত্তৰঃ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোনৰ সমান । 

(৮)  সত্য হ’লে ‘T’ আৰু অসত্য হ’লে ‘F’ লিখাঃ 

(ক) প্ৰশ্ন:- সংযোজকটো বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ সূচক চিন । 

উত্তৰঃ T 

(খ) সম্বন্ধ অনুযায়ী বচনক সংকল্পক আৰু বিকল্পক এই দুটা ভাগত ভগোৱা হৈছে ।

উত্তৰঃ T 

(গ) প্ৰশ্ন:- নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো চৰ্ত সাপেক্ষ নহয় । 

উত্তৰঃ T

(ঘ) প্ৰশ্ন:- ‘O’ বচনটো বিশেষ নঞৰ্থক 

উত্তৰঃ T

(ঙ) প্ৰশ্ন:- ‘হৰি এজন ভাল ল’ৰা’ – বচনটো সামান্য বচন 

উত্তৰঃ F

(চ) প্ৰশ্ন:- ‘সূৰ্য পূবপিনে উদয় হয়’ বচনটো বিশেষ বচন । 

উত্তৰঃ F

(৯) প্ৰশ্ন:- অৱধাৰণ আৰু বচনৰ মাজৰ সম্পৰ্ক বিতংভাৱে আলোচনা কৰা । 

উত্তৰঃ দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বোলে । অৱধাৰণ এটা মানসিক প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াত দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হয় । যেনে – ‘এই ফুলপাহ বগা’ – ইয়াত প্ৰথমটোৰ ক্ষেত্ৰত ‘এই ফুলপাহ’ আৰু ‘বগা’ – এই দুটা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হৈছে । অৰ্থাৎ ‘বগা’ গুণটো ‘এই ফুলপাহ’ৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে । আকৌ ‘কোনো মানুহ নহয় পূৰ্ণ’ – ইয়াত ‘মানুহ’ আৰু ‘পূৰ্ণতা’ এই দুটা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰা হৈছে । অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশিত হয় তেতিয়া তাক বচন বোলে । প্ৰত্যেক বচনত দুটা পদ থাকে । এই পদ দুটাৰ মাজত থকা সম্বন্ধৰ নিৰ্দেশ দিয়া বচনৰ কাম । বচন অৱধাৰণৰেই ব্যক্তৰূপ । অৱধাৰণ আৰু বচনৰ মাজত মূলগত কোনো পাৰ্থক্য নাই । অৱধাৰণ আৰু বচন একে প্ৰক্ৰিয়াৰেই দুটা ৰূপ ।

(১০) প্ৰশ্ন:- বচন বুলিলে কি বুজা ? বচনৰ বিভিন্ন অংশবোৰ আলোচনা কৰা । 

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত সম্বন্ধ নিৰ্দেশ কৰা হ’ল বচনৰ কাম । 

প্ৰত্যেক বচনত তিনিটা অংশ থাকে । এই তিনিটা অংশ যথাক্ৰমে উদ্দেশ্য, সংযোজক আৰু বিধেয় । 

বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে । 

উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে । 

উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । যেনে – মানুহ হয় মৰণশীল । ইয়াত ‘মানুহ’ উদ্দেশ্যে, ‘মৰণশীল’ বিধেয় আৰু ‘হয়’ সংযোজক । 

(১১) প্ৰশ্ন:- বচন কি ? ইয়াৰ বিভিন্ন অংশবোৰ কি কি ? সংযোজকৰ প্ৰকৃতি আলোচনা কৰা । 

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । প্ৰত্যক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত সম্বন্ধ নিৰ্দেশ কৰা হ’ল বচনৰ কাম । 

প্ৰত্যেক বচনত তিনিটা অংশ থাকে । এই তিনিটা অংশ যথাক্ৰমে উদ্দেশ্য, সংযোজক আৰু বিধেয় । 

বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে । 

উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা তাক বিধেয় বোলে । 

উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । যেনে – মানুহ হয় মৰণশীল । ইয়াত ‘মানুহ’ উদ্দেশ্য, ‘মৰণশীল’ বিধেয় আৰু ‘হয়’ সংযোজক । 

সংযোজক প্ৰকৃতিঃ সংযোজক বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে বাবে পদ হ’ব নোৱাৰে । ই উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধ প্ৰকাশক চিন মাত্ৰ । সংযোজক সদায় ধাতুৰ বৰ্তমান কাল ৰূপত থাকে । সংযোজক সমৰ্থক বা নঞৰ্থক হ’ব পাৰ । 

(১২) প্ৰশ্ন:- তৰ্কবিজ্ঞানসন্মত বচনৰ বিভিন্ন অংশবোৰ উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা । 

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত সম্বন্ধ নিৰ্দেশ কৰা হ’ল বচনৰ কাম । 

প্ৰত্যেক বচনত তিনিটা অংশ থাকে । এই তিনিটা অংশ যথাক্ৰমে উদ্দেশ্য, সংযোজক আৰু বিধেয় ।

বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে । 

উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কোৱা হয় তাক বিধেয় বোলে । 

উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । যেনে – মানুহ জ মৰণশীল । ইয়াত ‘মানুহ ‘ উদ্দেশ্য, ‘মৰণশীল’ বিধেয়, আৰু ‘ হয়’ সংযোজক । 

(১৩) প্ৰশ্ন:- গুণ আৰু পৰিমাণৰ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা । প্ৰত্যককে উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ গুণ অনুসৰি বচনক সদৰ্থক আৰু নঞৰ্থক এই দুটা শ্ৰেণীত ভাগ কৰা হয় । আকৌ পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুই শ্ৰেণীত বিভক্ত কৰা হয় । আকৌ যদি গুণ আৰু পৰিমাণ সংযুক্ত নীতি অনুসৰি সকলো বচনকেই চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে – 

(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সামান্য সদৰ্থক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । 

(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় দোষমুক্ত । 

(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ হয় ধাৰ্মিক ।

(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কৰা তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ নহয় সৎ । 

বচনৰ এনে চাৰি প্ৰকাৰৰ বিভাজনকেই বচনৰ চতুবৰ্গীয় বিভাজন বোলে । সংক্ষেপে এই বচন চাৰিটাক A, E, I, O এই চাৰিটা প্ৰতীকেৰে বুজোৱা হয় । 

(১৪) প্ৰশ্ন:- বচন কাক বোলে ? বচনৰ চতুবৰ্গীয় বিভাজন ব্যাখ্যা কৰা । 

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত থকা সম্বন্ধৰ নিৰ্দেশ দিয়াই বচনৰ কাম । চিন্তাৰ স্বাভাৱিক গতি লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমতে আমাৰ মনত একো বিষয় বা বস্তু সম্পৰ্কে একো একোটা ধাৰণা বা প্ৰত্যয় গঢ়ি উঠে । আকৌ দুটা ধাৰণাক সংযুক্ত একো একোটা অৱধাৰণ গঠন কৰা হয় । অৱধাৰণক যেতিয়া ভাষাত ব্যক্ত কৰা হয় তেতিয়া তাক বচন বোলে । 

গুণ অনুসৰি বচনক সদৰ্থক আৰু নঞৰ্থক এই দুটা শ্ৰেণীত ভাগ কৰা হয় । আকৌ পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুই শ্ৰেণীত বিভক্ত কৰা হয় । আকৌ যদি গুণ আৰু পৰিমাণ সংযুক্ত নীতি অনুসৰি সকলো বচনকেই চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে – 

(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । 

(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় দোষমুক্ত । 

(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ হয় ধাৰ্মিক । 

(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কোৱা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ নহয় সৎ । 

বচনৰ এনে চাৰি প্ৰকাৰৰ বিভাজনকেই বচনৰ চতুবৰ্গীয় বিভাজন বোলে । সংক্ষেপে এই বচন চাৰিটাক A, E, I,O এই চাৰিটা প্ৰতীকেৰে বুজোৱা হয় । 

(১৫) প্ৰশ্ন :- নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেণীবিভাজন কৰা আৰু উপযুক্ত উদাহৰণসহ সিহঁতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ নিশ্চয়তা অনুসৰি বচনক তিনিটা ভাগত ভগোৱা হয় । যেনে – অনিবাৰ্য বচন, বিৱৰণাত্মক বচন আৰু সম্ভাব্য বচন । যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ অনিবাৰ্যভাৱে সত্য, কেতিয়াও এই সম্বন্ধ কোনো ব্যতিক্ৰম নঘটে তাক অনিবাৰ্য বচন বোলে । অনিবাৰ্য বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো পদ দুটাৰ মূল প্ৰকৃতিৰ লগত জড়িত বুলি ই সকলো সময়তেই নিশ্চিত স্বভাৱৰ । যেনে – ত্ৰিভূজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোনৰ সমান । 

(১৬) প্ৰশ্ন :- সম্বন্ধ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা । উদাহৰণসহ সাপেক্ষে বচনৰ বিভিন্ন ভাগ ব্যাখ্যা কৰা । 

উত্তৰঃ সম্বন্ধ অনুসৰি বচনক দুটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে – নিৰপেক্ষ বচন আৰু সাপেক্ষ বচন । 

যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল তাক অপেক্ষ বচন বোলে । যেনে – ‘যদি বৰষুণ দিয়ে, তেনেহ’লে মই নাযাম’ । সাপেক্ষ বচন দুই প্ৰকাৰৰ । যেনে – 

(a) সংকল্পক (অন্যনিষ্ঠ) আৰু 

(b) বিকল্পক  (অন্যতৰনিষ্ঠ) । 

যি সাপেক্ষ বচনত চৰ্তটোক যদি তেনেহ’লে, বা ইয়াৰ সমাৰ্থক কোনো শব্দৰ দ্ধাৰা স্পষ্টভাৱে উল্লেখ কৰা হয় তাক সংকল্পক বচন বোলে । যেনে – যদি সি মনোযোগেৰে পঢ়া-শুনা কৰে তেনেহ’লে সি পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব । 

আকৌ  যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ নাথাকে কিন্তু ‘হয়’, ‘নহয়’, ‘নাইবা’ আদি শব্দ প্ৰয়োগ কৰি বচনটোত বিকল্প চৰ্তকেইটাৰ কোনো এটা নিহিত হৈ থকাৰ ইংগিত দিয়া হয় তাক বিকল্পক বচন বোলে । যেনে – হয় তেওঁ সৎ, নহয় অসৎ । 

(১৭) প্ৰশ্ন:- অনিবাৰ্য বচন কাক বোলে ? উদাহৰণ দিয়া । 

উত্তৰঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজত সম্বন্ধ নিশ্চিতভাৱে জোৰ দি বুজোৱা হয় তেনৱকুৱা বচনক অনিবাৰ্য বচন বোলে । উদাহৰণ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি চাৰি সমকোণৰ সমান অৰ্থাৎ ৩৬০° আদি । 

(গ) সাধাৰণ বাক্যত বচনলৈ পৰিৱৰ্তন 

(বচনৰ সৰলীকৰণ)

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ 

(১) তলত কিছুমান বাক্যক বচনলৈ পৰিৱৰ্তন কপি দেখুওৱা হ’ল । 

(ক) প্ৰশ্ন:- সকলো ৰাজহাঁহ বগা নহয় । 

উত্তৰঃ কিছুমান ৰাজহাঁহ বগা নহয় । (O) 

(খ) প্ৰশ্ন:- প্ৰত্যেক জন্তুৱেই মাংসভোজী নহয় । 

উত্তৰঃ কিছুমান জন্তু নহয় মাংসভোজী । (O)

(গ) প্ৰশ্ন:- কোনো লিখকেই অজ্ঞানী নহয় । 

উত্তৰঃ কোনো লিখক নহয় অজ্ঞানী । (E) 

(ঘ) প্ৰশ্ন:- একমাত্ৰ ধাৰ্মিক সকলেই নম্ৰ ।

উত্তৰঃ সকলো নম্ৰলোক হয় ধাৰ্মিক । (A) 

(ঙ) প্ৰশ্ন:- মানুহৰ শিক্ষণ কেতিয়াও সম্পূৰ্ণ নহয় । 

উত্তৰঃ কোনো মানুহৰ শিক্ষণ নহয় সম্পূৰ্ণ ।(E) 

(চ) প্ৰশ্ন:- সাধু লোকৰ বাহিৰে আন কোনো বিশ্বাসী নহয় । 

উত্তৰঃ সাধুলোকৰ বাহিৰে আন কোনো নহয় বিশ্বাসী । (E) 

(ছ) প্ৰশ্ন:- কেৱল সৎ ব্যক্তিয়েই বিশ্বাসযোগ্য । 

উত্তৰঃ সকলো বিশ্বাসযোগ্য ব্যক্তি হয় সৎ । (A) 

(জ) প্ৰশ্ন:- কোনেনো নিজৰ জন্মস্থান ভাল নাপায় ? 

উত্তৰঃ সকলো লোক হয় এনে যি নিজৰ জন্মস্থান ভাল নাপায় । (A) 

(ঝ) প্ৰশ্ন:- যি চিন্তা কৰিব পাৰে তেওঁৰেই অস্তিত্ব আছে । 

উত্তৰঃ সকলো চিন্তা কৰিব পৰা ব্যক্তি হয় অস্তিত্বশীল ।

(ঞ) প্ৰশ্ন:- কম মানুহেই শাৰীৰিক বাধাগ্ৰস্ত ।

উত্তৰঃ কিছুমান মানুহ নহয় শাৰীৰিক বাধাগ্ৰস্ত । (O) 

(ট) প্ৰশ্ন:- কেৱল প্ৰাপ্তবয়স্ক সকলেহে ভোটাধিকাৰৰ যোগ্য । 

উত্তৰঃ সকলো ভোটাধিকাৰৰ যোগ্য লোক হয় প্ৰাপ্তবয়স্ক । (A) 

(২)  তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচন চিহ্নৰে চিহ্নিত কৰা । 

(ক) প্ৰশ্ন:- জ্ঞানীসকলে সাধাৰণতে উদাৰ ।

উত্তৰঃ কিছুমান জ্ঞানী মানুহ হয় উদাৰ । (I) 

(খ) প্ৰশ্ন:- বেছিভাগ ছাত্ৰই খেলা-ধূলাতে দক্ষ নহয় । 

উত্তৰঃ কিছুমান ছাত্ৰই নহয় এনে যি খেলা-ধূলাতে দক্ষ । (O) 

(গ) প্ৰশ্ন:- কেৱল অশিক্ষিত সকলেই কুসংস্কাৰত বিশ্বাসী । 

উত্তৰঃ সকলো কুসংস্কাৰত বিশ্বাসীলোক হয় অশিক্ষিত । (A) 

(ঘ) প্ৰশ্ন:- সকলো বিজ্ঞানী আমেৰিকান নহয় । 

উত্তৰঃ কিছুমান বিজ্ঞানী নহয় আমেৰিকান । (O) 

(ঙ) প্ৰশ্ন:- দয়া এটা মহৎ গুণ ।

উত্তৰঃ দয়া হয় এটা মহৎ গুণ । (A) 

(চ) প্ৰশ্ন:- প্ৰত্যেক ৰোগেই দুৰাৰোগ্য নহয় । 

উত্তৰঃ কিছুমান ৰোগ নহয় এনে যিবোৰ দুৰাৰোগ্য । (O) 

(ছ) প্ৰশ্ন:- শিক্ষকসকল প্ৰায়েই উদাৰ হয় । 

উত্তৰঃ কিছুমান শিক্ষক হয় উদাৰ । (I) 

(জ) প্ৰশ্ন:- অসৎ লোকক বেয়া নাপায় কোনে ? 

উত্তৰঃ সকলো অসৎলোক হয় এনে যাক লোকে বেয়া পায় । (A) 

(ঝ) প্ৰশ্ন:- কম মানুহেই বিবেকবান । 

উত্তৰঃ কিছুমান মানুহ নহয় এনে যি সকলে বিকেকবান । (O) 

(ঞ) প্ৰশ্ন:- পণ্ডিতসকল সদায় নমস্য । 

উত্তৰঃ সকলো পণ্ডিত হয় নমস্য । (A) 

(ট) সকলো ছাত্ৰ সমানে দক্ষ নহয় । 

উত্তৰঃ সকলো ছাত্ৰ নহয় সমানে দক্ষ । (O) 

(ঠ) প্ৰশ্ন:- কেৱল পুৰুষসকলহে মছজিদত সোমাব পাৰে । 

উত্তৰঃ সকলো মছজিদত সোমাব পৰা লোক হয় পুৰুষ ।(A) 

(ড) প্ৰশ্ন:- মানুহ মাত্ৰেই বুদ্ধি-বৃত্তি সম্পন্ন জীৱ । 

উত্তৰঃ সকলো বুদ্ধি-বৃত্তি সম্পন্ন জীৱ হয় মানুহ । (A)

(ঢ) প্ৰশ্ন:- এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ । 

উত্তৰঃ এভাৰেষ্ট হয় পৃথিৱীৰ সৰ্বোচ্চ শৃংগ । (A)

(ণ) প্ৰশ্ন:- প্ৰায় সকলো ভাৰতীয় ধৰ্মভীৰু । 

উত্তৰঃ কিছুমান ভাৰতীয় হয় ধৰ্মভীৰু । (I) 

(ত) প্ৰশ্ন:- ত্ৰিভূজ কেতিয়াও বৰ্গক্ষেত্ৰ হ’ব নোৱাৰে । 

উত্তৰঃ কোনো ত্ৰিভূজ নহয় এনে যি বৰ্গক্ষেত্ৰ হ’ব পাৰে । (E) 

(থ) প্ৰশ্ন:- জাতিভেদ প্ৰথাই কেতিয়াও ঐক্য আনে । 

উত্তৰঃ জাতিভেদ প্ৰথা নহয় এনে যি ঐক্য আনে । (E) 

(দ) প্ৰশ্ন:- জ্ঞানী ব্যক্তি মাত্ৰেই শান্তিপ্ৰিয় । 

উত্তৰঃ সকলো শান্তিপ্ৰিয় ব্যক্তি হয় জ্ঞানী । (A) 

(৩)  খালি ঠাই পূৰণ কৰা :

(ক) প্ৰশ্ন:- এটা বচনত অংশসমূহ ———- থাকে । 

উত্তৰঃ স্পষ্টৰূপত । 

(খ) প্ৰশ্ন:- সৰলীকৰণত তৰ্কবিজ্ঞানসন্মত বচনবোৰ ——– ৰূপলৈ নিয়া হয় । 

উত্তৰঃ স্পষ্ট । 

(গ) প্ৰশ্ন:- বচনৰ সৰলীকৰণত বাক্য আৰু পৰিৱৰ্তিত বচনৰ ——— সলনি নহয় । 

উত্তৰঃ অৰ্থৰ । 

(ঘ) প্ৰশ্ন:- বচনৰ ক্ষেত্ৰত নঞৰ্থক চিনটো সদায় ———- ৰ লগত লিখা হয় । 

উত্তৰঃ সংযোজক । 

(ঙ ) প্ৰশ্ন:- বচনৰ ক্ষেত্ৰত প্ৰথমেই ব্যৱহাৰ শব্দটো হ’ল ——— । 

উত্তৰঃ উদ্দেশ্য । 

(চ) প্ৰশ্ন:- ———- উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকে । 

উত্তৰঃ সংযোজক । 

(ছ) প্ৰশ্ন:- সকলো, প্ৰত্যেক আদি শব্দৰে আৰম্ভ হোৱা নঞৰ্থক বাক্যবোৰক ———– বচনলৈ ৰূপান্তৰিত কৰা হয় । 

উত্তৰঃ বিশেষ নঞৰ্থক । 

(জ) প্ৰশ্ন:- ‘কেৱল’ শব্দৰে আৰম্ভ হোৱা বাক্যবোৰক ———- বচনলৈ ৰূপান্তৰিত কৰা হয় । 

উত্তৰঃ সামান্য । 

(ঝ) প্ৰশ্ন:- ‘ৰামেই’ শব্দটো থকা বাক্যবোৰক সদায় ———- বচনলৈ নিয়া হয় । 

উত্তৰঃ বিশেষ । 

(৪) চমু উত্তৰ দিয়া – 

(ক) প্ৰশ্ন:- বাক্যৰ সৰলীকৰণ কাক বোলে ? উদাহৰণসহ লিখা । 

উত্তৰঃ তৰ্কবিজ্ঞানত আলোচনা কৰিবলগীয়া বাক্যবোৰক A, E, I, O এই চাৰিপ্ৰকাৰৰ বচনৰ যিকোনো এটালৈ ৰূপান্তৰিত কৰাৰ নামেই হ’ল বাক্যৰ সৰলীকৰণ । যেনে – 

      (ক)   প্ৰত্যেক মানুহ হয় মৰণশীল । 

                    = সকলো মানুহ হয় মৰণশীল । (A) 

      (খ)   তেওঁ অন্ধবিশ্বাসী নহয় । 

                    = তেওঁ নহয় অন্ধবিশ্বাসী । (E) 

      (গ)   প্ৰায় সকলো মানুহেই অসুখী । 

                  = কিছুমান মানুহ হয় অসুখী । (I) 

      (ঘ)   সকলো মানুহ পৰিশ্ৰমী নহয় । 

                  = কিছুমান মানুহ নহয় পৰিশ্ৰমী । (O) 

(খ) প্ৰশ্ন:- বাক্য সৰলীকৰণ কৰাৰ পিছত বচনৰ কেইটা আৰু কি কি ৰূপ পোৱা যায় ? 

উত্তৰঃ বাক্য সৰলীকৰণ কৰাৰ পিছত বচনৰ চাৰিটা ৰূপ পোৱা যায় । যেনে ― 

          সামান্য সদৰ্থক (A) বচন । 

          সামান্য নঞৰ্থক (E) বচন । 

          বিশেষ সদৰ্থক (I) বচন । 

          বিশেষ নঞৰ্থক (O) বচন । 

(গ) প্ৰশ্ন:- সার্বিক পৰিমানক যুক্ত নঞৰ্থক বাক্যবোৰ কি বচনলৈ ৰূপান্তৰিত কৰা হয় । উদাহৰণসহ লিখা । 

উত্তৰঃ সার্বিক পৰিমাণ যুক্ত নঞৰ্থক বাক্যবোৰ বিশেষ নঞৰ্থক অৰ্থাৎ ‘O’ বচনত ৰূপান্তৰিত কৰিব লাগে । যেনে ― 

              সকলো চকচকীয়া বস্তু সোণ নহয় । 

          = কিছুমান চকচকীয়া বস্তু সোণ নহয় । (O) 

(ঘ) কমেই, কাঁচিৎহে আদি শব্দযুক্ত বাক্যবোৰক কিয় নঞৰ্থক ৰূপ দিয়া হয় ? 

উত্তৰঃ কমেই, কাঁচিৎহে আদি শব্দযুক্ত বাক্যবোৰক নঞৰ্থক বুলি ধৰা হয় । সেই বাবে এনেবোৰ শব্দযুক্ত বাক্যবোৰক নঞৰ্থক ৰূপ দিয়া হয় । যেনে ― 

             কমেই মানুহ অন্ধবিশ্বাস মুক্ত ।

         = কিছুমান মানুহ নহয় অন্ধবিশ্বাস মুক্ত । (O) 

(ঙ) সকলো প্ৰকাৰৰ বাক্যত বচনলৈ নিওতে পালন কৰিবলগীয়া তিনিটা সাধাৰণ নিয়ম লিখা । 

উত্তৰঃ সকলো প্ৰকাৰৰ বাক্যত বচনলৈ নিওতে পালন কৰিবলগীয়া তিনিটা সাধাৰণ নিয়মসমূহ হ’ল ―

(ক) যিবিলাক সদৰ্থক বচনত ‘সকলো’, ‘সমস্ত’, ‘প্ৰত্যেক’ আদি শব্দ থাকে সেইবিলাকক সামান্য, সদৰ্থক বচনত (A) ৰূপান্তৰিত কৰিব লাগে । 

(খ) যিবিলাক নঞৰ্থক বচনত ‘সকলো’, ‘সমস্ত’, ‘প্ৰত্যেক’ আদি শব্দ থাকে সেইবিলাকক বিশেষ নঞৰ্থক (O) বচনত ৰূপান্তৰিত কৰিব লাগে । 

(গ) যিবিলাক সদৰ্থক বচনত ‘কিছুমান’, ‘কিছু সংখ্যক’, ‘কেইটামান’ আদি শব্দ থাকে সেইবিলাকক বিশেষ সদৰ্থক (I) বচনলৈ ৰূপান্তৰিত কৰিব লাগে । 

(চ) প্ৰশ্ন:- উদ্দেশ্য নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত বাক্যবোৰক কি বচনলৈ পৰিৱৰ্তন কৰিব লাগে । সদৰ্থক আৰু নঞৰ্থক দুয়োটা ৰূপৰ উদাহৰণ লিখা । 

উত্তৰঃ বিশিষ্ট বচনৰ ক্ষেত্ৰত যদি উদ্দেশ্যটো নিৰ্দিষ্ট বিশিষ্ট পদ হয় আৰু বাক্যটো সদৰ্থক যেনে ―   মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ ।  

          = মাজুলী হয় পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ । (A) 

          শংকৰদেৱ ৰাজনীতিবিদ নহয় । 

          = শংকৰদেৱ নহয় ৰাজনীতিবিদ । (E) 

(ঘ)  পদৰ ব্যাপ্ততা

(ক)   অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ 

(১) তলত দিয়া বাক্যসমূহক বচনলৈ ৰূপান্তৰ কৰা আৰু ব্যাপ্ত পদ বাছি উলিয়াই আঁচ টানি দেখুওৱা । 

(ক) প্ৰশ্ন:- ধনী মানুহবোৰ সাধাৰণতে নম্ৰ হয় । 

উত্তৰঃ কিছুমান ধনী মানুহ হয় নম্ৰ । (I) 

         বচনটো বিশেষ সদৰ্থক (I) বচন । 

(খ) প্ৰশ্ন:- কেইজনমানৰ বাহিৰে সভাত সকলো সদস্যই উপস্থিত আছে । 

উত্তৰঃ কিছুমান সদস্যই হয় এনে যিসকল সভাত উপস্থিত আছে । (I) বচনটো বিশেষ সদৰ্থক (I) হোৱা বাবে উদ্দেশ্য আৰু বিধেয় দুয়ো অব্যপ্ত হৈ আছে । 

(গ) প্ৰশ্ন:- সকলো নাগৰিক দেশপ্ৰেমিক নহয় । 

উত্তৰঃ কিছুমান নাগৰিক নহয় দেশপ্ৰেমিক । (O) বচনটো বিশেষ নঞৰ্থক হোৱা বাবে বিধেয় পদ ব্যপ্ত হৈছে । গতিকে বিধেয় ‘দেশপ্ৰেমিক’ ব্যপ্ত হৈছে । 

(ঘ) প্ৰশ্ন:- কোনো সিংহ নহয় দ্বী-পদী । 

উত্তৰঃ কোনো সিংহ নহয় দ্বী-পদী । (E) বচনটো সামান্য নঞৰ্থক হোৱা বাবে উদ্দেশ্য বিধেয় দুটা পদে ব্যপ্ত হৈছে, গতিকে উদ্দেশ্য ‘সিংহ’ আৰু বিধেয় ‘দ্বী-পদী’ ব্যপ্ত হৈছে । 

(ঙ) প্ৰশ্ন:- কেৱল দৃঢ়মনৰ লোকসকলেই বিপদৰ সন্মুখীন হ’ব পাৰে । 

উত্তৰঃ সকলো বিপদৰ সন্মুখীন হ’ব পৰা লোকসকল হয় দৃঢ়মনৰ । বচনটো সামান্য সদৰ্থক হোৱা বাবে উদ্দেশ্য পদব্যপ্ত হৈছে । গতিকে উদ্দেশ্য ‘বিপদৰ সন্মুখীন হ’ব পৰা লোকসকল’ ব্যপ্ত হৈছে কিন্তু বিধেয় ‘দৃঢ়মনৰ’ ব্যপ্ত হ’ব পৰা নাই । 

(চ) প্ৰশ্ন:- অতি কম মানুহেই নিঃস্বাৰ্থ । 

উত্তৰঃ কিছুমান মানুহ নহয় নিঃস্বাৰ্থ । (O) বচনটো বিশেষ নঞৰ্থক হোৱা বাবে বিধেয় পদ ব্যপ্ত হৈছে । গতিকে বিধেয় ‘নিঃস্বাৰ্থ’ ব্যপ্ত সকলৰ অনুশোচনা হয়’ব্যপ্ত হৈছে । কিন্তু উদ্দেশ্য ‘মানুহ’ ব্যপ্ত হ’ব পৰা নাই । 

(ছ) প্ৰশ্ন:- কাচিৎহে মানুহৰ অনুশোচনা হয় । 

উত্তৰঃ কিছুমান মানুহ হয় এনে যিসকলৰ অনুশোচনা হয় । (O) 

বচনটো বিশেষ নঞৰ্থক হোৱা বাবে বিধেয় পদ ব্যপ্ত হৈছে । গতিকে বিধেয় ‘এনে যিসকলৰ অনুশোচনা হয়’ ব্যপ্ত হৈছে । কিন্তু উদ্দেশ্য ‘মানুহ’ ব্যপ্ত হ’ব পৰা নাই । 

(জ) প্ৰশ্ন:- শাস্তি সকলোৰে কাম্য । 

উত্তৰঃ সকলো মানুহ হয় এনে যিসকল শাস্তি কামনা কৰে । (A) বচনটো সামান্য সমৰ্থক হোৱা বাবে উদ্দেশ্য পদ ব্যপ্ত হৈছে । গতিকে উদ্দেশ্য ‘মানুহ’ ব্যপ্ত হৈছে কিন্তু বিধেয় ‘এনে যিসকলো শাস্তি কামনা কৰে’ ব্যপ্ত হ’ব পৰা নাই । 

(ঝ) প্ৰশ্ন:- সত্ৰৰ সকলো কেউলীয়া ভকতেই অবিবাহিত । 

উত্তৰঃ সকলো কেউলীয়া সত্ৰ ভকতেই হয় অবিবাহিত । (A) বচনটো সামান্য সমৰ্থক হোৱা বাবে উদ্দেশ্য পদ ব্যপ্ত হৈছে । গতিকে উদ্দেশ্য ‘কেউলীয়া সত্ৰ ভকতেই’ ব্যপ্ত হৈছে কিন্তু বিধেয় ‘অবিবাহিত’ব্যপ্ত হ’ব পৰা নাই । 

(ঞ) প্ৰশ্ন:- অধিকাংশ বিদ্যাৰ্থীয়েই ইংৰাজী টান পায় । 

উত্তৰঃ কিছুমান বিদ্যাৰ্থী হয় এনে যিসকলে ইংৰাজী টান পায় । (I) বচনটো বিশেষ সদৰ্থক হোৱা বাবে উদ্দেশ্য ‘বিদ্যাৰ্থী’ আৰু বিধেয় ‘এনে যিসকলে ইংৰাজী টান পায়’ দুয়োটা পদেই অব্যপ্ত হৈ আছে । 

(ট) প্ৰশ্ন:- পৰাধীনতা কোনেনো ভাল পায় ? 

উত্তৰঃ কোনো পৰাধীনতা নহয় এনে যাক কোনেও ভাল পায় । (E) বচনটো সামান্য নঞৰ্থক হোৱা বাবে উদ্দেশ্য ‘পৰাধীনতা’ আৰু বিধেয় এনে যাক কোনেও ভাল পায় ‘পদ দুটাই ব্যপ্ত হৈছে’ । 

(ঠ) প্ৰশ্ন:- সৎ ব্যক্তিসকল বিশ্বাসযোগ্য হয় । 

উত্তৰঃ সকলো সৎব্যক্তি হয় বিশ্বাসযোগ্য । (A) বচনটো সামান্য সদৰ্থক হোৱা বাবে উদ্দেশ্য ‘সংবক্তি’ ব্যপ্ত হৈছে । কিন্তু বিধেয় ‘বিশ্বাসযোগ্য’ ব্যপ্ত হ’ব পৰা নাই । 

(২) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(ক) প্ৰশ্ন:- ‘পদৰ ব্যপ্ততা’ৰ আলোচ্য কি ? 

উত্তৰঃ A, E, I, O এই চাৰি প্ৰকাৰৰ বচনত ব্যৱহাৰ হোৱা উদ্দেশ্য আৰু বিধেয় পদসমূহৰ পৰিমানগত দিশৰ আলোচনাই হ’ল ‘পদৰ ব্যপ্ততাৰ আলোচ্য বিষয় । 

(খ) প্ৰশ্ন:- পদৰ ব্যপ্ততা বা অব্যপ্ততা বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কোনো এটা পদৰ দ্ধাৰা ইয়াৰ সম্পূৰ্ণ বাচ্যাৰ্থক বুজোৱা হয় তেতিয়া তাক পদৰ ব্যপ্ততা বোলে । আনহাতে যেতিয়া কোনো এটা পদৰ  দ্ধাৰা ইয়াৰ আংশিক বাচ্যাৰ্থক বুজোৱা হয় তেতিয়া তাক পদৰ অব্যপ্ততা বোলে । 

(গ) প্ৰশ্ন:- এটা বিশেষ সদৰ্থক বা I বচনত কি পদ ব্যাপ্ত ? 

উত্তৰঃ বিশেষ সদৰ্থক বা I বচনত উদ্দেশ্য বিধেয় দুয়োটা পদেই অব্যপ্ত । 

(ঘ) প্ৰশ্ন:- বচন এটা নঞৰ্থক হ’লে কি পদ ব্যপ্ত হয় ? 

উত্তৰঃ বচন এটা নঞৰ্থক হ’লে বিধেয় পদ ব্যপ্ত হয় । 

(ঙ) প্ৰশ্ন:- ‘কোনো উদ্ভিদ সৰ্বভোজী নহয়’, এই বচনটোক দুয়োটা পদ ব্যপ্ত হয় নে ? 

উত্তৰঃ বচনটোত দুয়োটা পদ ব্যপ্ত কাৰণ, বচনটো এটা সামান্য নঞৰ্থক বচন । 

(চ) প্ৰশ্ন:- এটা উদ্দেশ্য পদ ব্যপ্ত বচনৰ উদাহৰণ দিয়া । 

উত্তৰঃ সকলো মানুহ হয় মৰণশীল । (A) 

(ছ) প্ৰশ্ন:- সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ণ বাচ্যার্থ / লক্ষণাৰ্থ বিবেচনা কৰা হয় । 

উত্তৰঃ বাচ্যার্থ বিবেচনা কৰা হয় । 

(জ) প্ৰশ্ন:- সামান্য বচনত কেৱল ‘উদ্দেশ্য’ পদেই ব্যপ্ত । এই উক্তিটো সত্যনে ? নহয় যদি হয় উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ উক্তিটো সম্পূৰ্ণ সত্য নহয় । কাৰণ সামান্য সদৰ্থক বচনত অকল উদ্দেশ্য পদ ব্যপ্ত হ’লেও, সামান্য নঞৰ্থক বচনত উদ্দেশ্য বিধেয় দুয়োটা পদ ব্যপ্ত হয় । যেনে ― ‘কোনো মানুহ নহয় পূৰ্ণ’, ইয়াত উদ্দেশ্য পদৰ আগত ‘সকলো’ ব্যৱহাৰ কৰি আমি ক’ব পাৰো যে ― ‘সকলো মানুহ নহয় পূৰ্ণ’ আৰু তেতিয়া উদ্দেশ্যপদ ব্যপ্ত হয় । আকৌ আমি বচনটোৰ উদ্দেশ্য আৰু বিধেয় পদৰ সালসলনি কৰি ‘সকলো পূৰ্ণ ব্যক্তি নহয় মানুহ’ বুলি ক’ব পাৰোঁ আৰু তেতিয়া পূৰ্ণ ব্যক্তি পদটো ব্যপ্ত হ’ব পাৰে । গতিকে সামান্য নঞৰ্থক বচনত উদ্দেশ্যৰ লগত বিধেয় ব্যপ্ত হৈ পৰে । 

(ঝ) প্ৰশ্ন:- এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত A বচনত কেৱল উদ্দেশ্য ব্যপ্ত হয় নে ? নহয় যদি কিয় ? 

উত্তৰঃ এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত A বচনত দুয়োটা পদেই নিৰ্দিষ্ট বিশিষ্ট পদ আৰু এই প্ৰকাৰৰ বচনত উদ্দেশ্য আৰু বিধেয় সমব্যাপক । সেই কাৰণে এই প্ৰকাৰৰ A বচনবোৰতেই মাত্ৰ উদ্দেশ্য আৰু বিধেয় দুয়োটাই ব্যপ্ত । যেনে ― সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী । (A) 

(ঞ) প্ৰশ্ন:- উদ্দেশ্য পদ ব্যপ্ত হয় সার্বিক / বিশেষ বচনত । 

উত্তৰঃ সার্বিক বচনত । 

(ট) প্ৰশ্ন:- এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ কিহৰ দ্ধাৰা নিৰ্ণয় কৰা হয় ? 

উত্তৰঃ বাচ্যাৰ্থৰ দ্ধাৰা । 

(৩) প্ৰশ্ন:- ‘নঞৰ্থক বচনত দুয়োটা পদেই ব্যপ্ত’ উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ সার্বিক নঞৰ্থক বচনত দুয়োটা পদেই ব্যপ্ত । ‘কোনো মানুহ নহয় অমৰ’ বচনত ‘মানুহ’ সৰু ‘অমৰ’ এই দুয়োটা শ্ৰেণীয়েই সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰস্পৰ বাহিৰ্ভূত । সেইবাবে কোনো মানুহ  অমৰ হ’ব নোৱাৰে আকৌ কোনো অমৰ জীৱ মানুহ হ’ব নোৱাৰে । গতিকে E বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটা পদেই ব্যপ্ত । কিন্তু বিশেষ নঞৰ্থক বচন যেনে ‘কিছুমান মানুহ নহয় জ্ঞানী’ত কিছুমান শব্দেৰে উদ্দেশ্য মানুহ পদৰ এটা অংশ বুজাইছে কাৰণে ই অব্যপ্ত কিন্তু বিধেয় পদ জ্ঞানীক মানুহৰ ক্ষেত্ৰ অস্বীকাৰ কৰাৰ কাৰণে কিছুমান মানুহ সাধু শ্ৰেণীৰ পৰা বহিৰ্ভূত । গতিকে বিধেয় পদটো কেৱল মাত্ৰ ব্যপ্ত হৈছে । 

(৪)   উদাহৰণসহ বুজাই লিখা :

(ক) প্ৰশ্ন:- সামান্য বচনত উদ্দেশ্য ব্যপ্ত হয় । 

উত্তৰঃ ‘সকলো মানুহ হয় মৰণশীল’ বচনত উদ্দেশ্য পদ ‘মানুহ’ ব্যপ্ত হয় কাৰণ ইয়াত সমগ্ৰ মানুহ জাতিৰ ক্ষেত্ৰতেই মৰণশীল স্বীকাৰ কৰা হৈছে । আৰু সকলো’ চিনেৰে ব্যাপ্যতা স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে । কিন্তু বিধেয় ‘মৰণশীল’, মানুহ পদৰ এটা অংশ মাথোন । সেইকাৰণে সকলো মানুহ আৰু সকলো মৰণশীল প্ৰাণী সমান হ’ব নোৱাৰে । গতিকে বিধেয় পদ ‘মৰণশীল’ অব্যপ্ত পদ । 

(খ) প্ৰশ্ন:- O বচনত কেৱল বিধেয়হে ব্যপ্ত । 

উত্তৰঃ O বচন অৰ্থাৎ বিশেষ সদৰ্থক বচনৰ এটা উদাহৰণ হ’ল ― ‘কিছুমান মানুহ নহয় জ্ঞানী’, ইয়াত উদ্দেশ্য পদত ইয়াৰ আংশিক বাচ্যার্থ লোৱা হৈছে আৰু ই অব্যপ্তৰ কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত বিধেয় ‘জ্ঞানী’ক অস্বীকাৰ কৰা হৈছে । সেইকাৰণে উদ্দেশ্য অব্যপ্ত হ’লেও বিধেয় পদ ব্যপ্ত হৈছে । 

(গ) প্ৰশ্ন:- I বচনত এটাও পদ ব্যপ্ত নহয় । 

উত্তৰঃ I বা বিশেষ সদৰ্থক বদনৰ উদাহৰণ এটা হ’ল ― কিছুমান মানুহ হয় সাধু । ইয়াত উদ্দেশ্য পদ ‘মানুহ’ দ্ধাৰা সকলো মানুহক বুজোৱা নাই মাত্ৰ কিছুমান মানুহক বুজাইছে অৰ্থাৎ আংশিক বাচ্যাৰ্থকে বুজাইছে । সেইবাবে উদ্দেশ্য পদ ‘মানুহ’ অব্যপ্ত । আকৌ বিধেয়পদৰ ব্যাপ্ততাৰ বিষয়ে স্পষ্ট উল্লেখ নাই যদিও, বচনটোৰ অৰ্থ বিশ্লেষণ কৰিলে দেখা যায় যে ‘মানুহ’ পদৰ এটা অংশৰ লগত ‘সাধু’ পদৰ এটা অংশহে সম্বন্ধযুক্ত । কিছুমান মানুহ সকলো সাধু ব্যক্তি হ’ব নোৱাৰে । কিছুমান মানুহ কিছুমান সাধুব্যক্তি । সেইকাৰণে বিধেয় পদও অব্যাপ্ত । 

(ঙ)  বচনৰ আধুনিক শ্ৰেণীবিভাজন

(ক)  অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ 

(১)  চমু উত্তৰ দিয়া ।

(ক) প্ৰশ্ন:- এৰিষ্ট’টল আধুনিক তৰ্কবিদ হয় নে ? 

উত্তৰঃ নহয় । 

(খ) প্ৰশ্ন:- আধুনিক তৰ্কবিদসকলে কি কি কথাৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে ? 

উত্তৰঃ আধুনিক তৰ্কবিদসকলে বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠনিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে । 

(গ) প্ৰশ্ন:- বচন মূলতঃ কেই প্ৰকাৰৰ ? 

উত্তৰঃ বচন মূলতঃ তিনি প্ৰকাৰৰ । 

(ঘ) প্ৰশ্ন:- সৰল বচন কেই প্ৰকাৰৰ ? 

উত্তৰঃ সৰল বচন চাৰি প্ৰকাৰৰ । 

(ঙ) প্ৰশ্ন:- শ্ৰেণীসদস্যতামূলক বচন আৰু সাধাৰণ বচন একেই নে ? যদি নহয় দুটা পাৰ্থক্য উল্লেখ কৰা । 

উত্তৰঃ একে নহয় । 

শ্ৰেণীসদস্যতামূলক বচন আৰু সাধাৰণ বচনৰ পাৰ্থক্য দুটা হ’ল ― 

(১) শ্ৰেণীসদস্যতা বচনত এজন ব্যক্তি এটা শ্ৰেণীৰ সদস্য বুলি ব্যক্ত কৰা হয় । কিন্তু সাধাৰণ বচনত দুটা জাতিৰ মাজত থকা সম্বন্ধ উল্লেখ কৰা হয় । 

(২) শ্ৰেণীসদস্যতা বচন একপ্ৰকাৰৰ সৰল বচন কিন্তু সাধাৰণ সৰল বচনৰ ও অন্তৰ্গত নহয় । 

(চ) প্ৰশ্ন:- সাধাৰণ বচন মূলতঃ কেনে ধৰণৰ বচন ? সাধাৰণ বচন কেই প্ৰকাৰত ভাগ কৰিব পাৰি ।

উত্তৰঃ সাধাৰণ বচন মূলতঃ শ্ৰেণী সম্পৰ্কীয় বচন । 

         সাধাৰণ বচন তিনি প্ৰকাৰত ভাগ কৰিব পাৰি । 

(ছ) প্ৰশ্ন:- যৌগিক বচন আৰু সাধাৰণ বচনৰ মূল পাৰ্থক্যটো কি ? 

উত্তৰঃ যৌগিক বচন আৰু সাধচৰণ বচনৰ মূল পাৰ্থক্য হ’ল যৌগিক বচনৰ দৰে সাধাৰণ বচনত সৰল বচন উপদানৰূপে নাথাকে । 

(জ) প্ৰশ্ন:- ‘সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন’― ই কি বচনৰ উদাহৰণ ? 

উত্তৰঃ ই শ্ৰেণীসম্বন্ধসূচক সাধাৰণ বচনৰ উদাহৰণ । 

(ঝ) প্ৰশ্ন:- ‘চোৰ’ ই বচন নে ? 

উত্তৰঃ হয় । ই একপ্ৰকাৰৰ উদ্দেশ্যবিহীন বচন । 

(ঞ) প্ৰশ্ন:- বিকল্পাত্মক বচনত ‘অথবা’ শব্দটো ‘দুটা উপাদান বচন সত্য হ’ব নোৱাৰে’ অৰ্থত লোৱা হয় । 

(২)  শুদ্ধ উত্তৰ নিৰ্ণয় কৰা : 

(ক) প্ৰশ্ন:- গুণ আৰু পৰিমাণৰ মিশ্রনীতি অনুসৰি আধুনিক তৰ্কবিদসকলে বচনৰ শ্ৰেণীবিভাজন কৰে / নকৰে । 

উত্তৰঃ নকৰে ।

(খ) প্ৰশ্ন:- সৰল বচন তিনি / চশৰী প্ৰকাৰৰ । 

উত্তৰঃ চাৰি প্ৰকাৰৰ । 

(গ) প্ৰশ্ন:- বৈকল্পিক বচনত ‘অথবা’ শব্দটো অভিব্যাপী / ঐকান্তিক অৰ্থত লোৱা হয় । 

উত্তৰঃ ঐকান্তিক অৰ্থত লোৱা হয় । 

(ঘ) প্ৰশ্ন:- যৌগিক বচনত আণৱিক / পাৰমাণৱিক বচন বোলা হয় । 

উত্তৰঃ আণৱিক বচন বোলা হয় । 

(ঙ) প্ৰশ্ন:- অস্তিত্ব বুজোৱা বচনসমূহক যৌগিক / সাধাৰণ / সৰল বচন । 

উত্তৰঃ সাধাৰণ বচন ।

3 thoughts on “Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top