Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ and select needs one.
Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ Solutions for All Subject, You can practice these here…
(খ) বচন
অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ
(১) উত্তৰ দিয়াঃ
(ক) প্ৰশ্ন:- এটা বচনত কেইটা পদ থাকে ?
উত্তৰঃ দুটা পদ ।
(খ) প্ৰশ্ন:- তৰ্কবিজ্ঞানসন্মত বচনত সংযোজকটো পদ হয় নে ?
উত্তৰঃ নহয় ।
(গ) প্ৰশ্ন:- পৰিমাণ অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে ?
(১) সার্বিক আৰু বিশেষ ?
(২) সদৰ্থক আৰু নঞৰ্থক ?
(৩) সংকল্পক আৰু বিকল্পক ?
উত্তৰঃ সার্বিক আৰু বিশেষ ।
(ঘ) প্ৰশ্ন:- বচনৰ উদ্দেশ্যটো এটা পদনে ?
উত্তৰঃ পদ ।
(ঙ) বচনৰ বিধেয়টো এটা পদনে ?
উত্তৰঃ পদ ।
(চ) প্ৰশ্ন:- বচনৰ সংযোজকটো এটা পদ নে এটা শব্দ ?
উত্তৰঃ পদ বা শব্দ কোনোটোৱেই নহয় ।
(ছ) সার্বিক বচন কি ?
উত্তৰঃ যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক সার্বিক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল ।
(জ) প্ৰশ্ন:- বিশেষ সদৰ্থক বচনৰ সাংকেতিক চিন কি ?
উত্তৰঃ ‘I’বচন ।
(ঝ) বচন কাক বোলে ?
উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল ।
(২) শুদ্ধ উত্তৰ বাছি উলিওৱা :
(ক) প্ৰশ্ন:- অৱধাৰণক যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ / পদ / বচন বোলে ।
উত্তৰঃ বচন ।
(খ) প্ৰশ্ন:- এটা বচনত এটা / দুটা / তিনিটা পদ থাকে ।
উত্তৰঃ দুটা ।
(গ) প্ৰশ্ন:- বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য / বিধেয় বোলে ।
উত্তৰঃ উদ্দেশ্য ।
(ঘ) প্ৰশ্ন:- সংযোজকটো এটা শব্দ / এটা পদ / কোনোটোৱেই নহয় ।
উত্তৰঃ কোনোটোৱেই নহয় ।
(ঙ) প্ৰশ্ন:- বচনত সংযোজকটো অতীত / বৰ্তমান ভৱিষ্যৎ কালত থাকে ।
উত্তৰঃ বৰ্তমান কালত থাকে ।
(চ) প্ৰশ্ন:- গুণগত / পৰিমানগত দিশৰ পৰা বচন সার্বিক বা বিশেষ হ’ব পাৰে ।
উত্তৰঃ পৰিমানগত ।
(ছ) বচনৰ সংযোজকটো সদৰ্থক / নঞৰ্থক / সদৰ্থক বা নঞৰ্থক হ’ব পাৰে ।
উত্তৰঃ সদৰ্থক বা নঞৰ্থক হ’ব পাৰে ।
(জ) প্ৰশ্ন:- নিৰপেক্ষ বচনত উদ্দেশ্য ৰহ বিধেয়ৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয় / নহয় ।
উত্তৰঃ নহয় ।
(ঝ) প্ৰশ্ন:- বচনক মিশ্রনীতি অনুসৰি চাৰি / পাঁচ / ছয় ভাগত ভগোৱা হৈছে ।
উত্তৰঃ চাৰি ভাগত ।
(ঞ) প্ৰশ্ন:- ‘I’ বচনটো সার্বিক সদৰ্থক / বিশেষ সদৰ্থক ।
উত্তৰঃ বিশেষ সদৰ্থক ।
(ট) প্ৰশ্ন:- বচনৰ গুণ উদ্দেশ্য / বিধেয় / সংযোজকে নিৰ্ণয় কৰে ।
উত্তৰঃ সংযোজকে ।
(ঠ) প্ৰশ্ন:- নিৰপেক্ষ / সাপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তহীন ।
উত্তৰঃ নিৰপেক্ষ বচনত ।
(ড) প্ৰশ্ন:- গুণ / সম্বন্ধ / অতিবাৰ্যতা অনুযায়ী বচন নিৰপেক্ষ বা সাপেক্ষ হ’ব পাৰে ।
উত্তৰঃ নিৰপেক্ষ বচনত ।
(ঢ) প্ৰশ্ন:- অৱধাৰণ মানসিক প্ৰক্ৰিয়া হয় / নহয় ।
উত্তৰঃ হয় ।
(ণ) ‘O’ বচনটো বিশেষ নঞৰ্থক / সার্বিক নঞৰ্থক ।
উত্তৰঃ বিশেষ নঞৰ্থক ।
(৩) খালী ঠাই পূৰণ কৰা :
(ক) প্ৰশ্ন:- বচনৰ উদ্দেশটো এটা ——- ।
উত্তৰঃ পদ ।
(খ) প্ৰশ্ন:- বচনৰ বিধেয়টো এটা ——– ।
উত্তৰঃ পদ ।
(গ) প্ৰশ্ন:- বচনত উদ্দেশ্য আৰু বিধেয়ৰ সংযোগকাৰী চিনটোক —– বোলে ।
উত্তৰঃ সংযোজক ।
(ঘ) প্ৰশ্ন:- ——— অনুসৰি বচনক সার্বিক আৰু বিশেষ এই দুই ভাগত ভগাব পাৰি ।
উত্তৰঃ পৰিমাণ ।
(ঙ) প্ৰশ্ন:- মিশ্ৰ-নীতি অনুসৰি বচনক ——– ভাগত ভগোৱা হৈছে ।
উত্তৰঃ চাৰি ।
(চ) প্ৰশ্ন:- এটা বচনত ——— পদ থাকে ।
উত্তৰঃ দুটা ।
(ছ) প্ৰশ্ন:- সংকল্পক বচনৰ ভাগ ——— ।
উত্তৰঃ দুটা ।
(জ) প্ৰশ্ন:- সাপেক্ষ বচনক ——— আৰু ———-ভাগত ভগোৱা হৈছে ।
উত্তৰঃ সংকল্পক, বিকল্পক ।
(ঝ) প্ৰশ্ন:- গুণ অনুসৰি বচন ——- বা ——– হ’ব পাৰে ।
উত্তৰঃ সদৰ্থক, নঞৰ্থক ।
(ঞ) প্ৰশ্ন:- ‘A’ বচনটো সার্বিক ——- ।
উত্তৰঃ সদৰ্থক ।
(৪) পাৰ্থক্য লিখা :
(ক) প্ৰশ্ন:- সাপেক্ষ বচন আৰু নিৰপেক্ষ বচন
উত্তৰঃ সম্বন্ধ অনুসৰি বচনক দুটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে – নিৰপেক্ষ বচন আৰু সাপেক্ষ বচন । যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল নহয় তাক নিৰপেক্ষ বচন বোলে । যেনে – এই ফুলপাহ হ’ব বগা ।
আকৌ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল তাক সাপেক্ষ বচন বোলে । যেনে – ‘যদি বৰষুণ দিয়ে, তেনেহ’লে মই স্কুললৈ নাযাওঁ’ ।
(খ) প্ৰশ্ন:- বাক্য আৰু বচন
উত্তৰঃ এক বা একাধিক শব্দ লগলাগি কোনো অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বুলি কোৱা হয় । যেনে – ‘মই স্কুললৈ যাওঁ’ ।
তৰ্কবিজ্ঞানত দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – ‘এই ফুলপাহ হয় বগা’ ।
বাক্যৰ ভাগ দুটা উদ্দেশ্য আৰু বিধেয় । আনহাতে বচনৰ অংশ তিনিটা- উদ্দেশ্য, সংযোজগ আৰু বিধেয় ।
সকলোবোৰ বাক্য বচন হ’ব নোৱাৰে । কিন্তু সকলোবোৰ বচনেই বাক্য হ’ব পাৰে ।
সঁচা বা মিছা বাক্যৰ ধৰ্ম নহয় । কিয়নো প্ৰশ্নবোধক আদেশসূচক, ভাৱবোধক আদি বাক্য সঁচা বা মিছা বুলিব নোৱাৰে । কিন্তু বচনৰ ধৰ্ম হৈছে সত্যতা আৰু মিথ্যাত্ব । বচন সদায় সঁচা বা মিছা হয় ।
বাক্যৰ কোনো নিৰ্দিষ্ট আকাৰ নাই । কিন্তু বচন সদায়, তৰ্কবিজ্ঞান সন্মত A, E, I, O ৰ যিকোনো এটা ৰূপত থাকিব ।
বাক্য অতীত, বৰ্তমান, ভৱিষ্যৎ যিকোনো কালত থাকিব পাৰে । কিন্তু বচন কেৱল বৰ্তমান কালতহে থাকিব লাগিব ।
বাক্য যিকোনো ধাতুৰ হ’ব পাৰে । কিন্তু বচনৰ সংযোজক সদায় ‘ভূ’ ধাতুৰ নিত্য বৰ্তমান কালত হৈ থাকিব ।
(গ) সংকল্পক বচন আৰু বিকল্পক বচন
উত্তৰঃ যি সাপেক্ষ বচন চৰ্তটো ‘যদি’ বা ইয়াৰ সমাৰ্থক কোনো শব্দৰ দ্ধাৰা উল্লেখিত হয়, তেনেকুৱা বচনক সংকল্পক বচন বোলে । যেনে – ‘যদি তুমি পঢ়া তেন্তে তুমি পৰীক্ষাত পাছ কৰিবা’ । সংকল্পক বচনত দুটা অংশ থাকে । প্ৰথম অংশটোক পূৰ্বৱৰ্তী আৰু পিছৰ অংশটোক অনুৱৰ্তী বোলে । সংকল্পক বচনৰ পৰৱৰ্তী অংশটোত মূল বক্তব্যটো থাকে আৰু চৰ্তটো আগৰ অংশটোতহে থাকে ।
যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ নাথাকে কিন্তু ‘হয়’, ‘নহয়’, ‘নাইবা’ আদি শব্দ প্ৰয়োগ কৰি বচনটোত বিকল্প চৰ্তকেইটাৰ কোনো এটা নিহিত হৈ থকাৰ ইংগিত দিয়া হয়, তাক বিকল্পক বচন বোলে । যেনে – ‘হয় তেওঁ সাধু নহয় অসাধু’ । বিকল্পক বচনৰ অংশ দুটাৰ সত্যতা আনটোৰ ওপৰত নিৰ্ভৰ কৰে । অৰ্থাৎ যদি তেওঁ সাধু হয় তেন্তে অসাধু হ’ব নোৱাৰে আৰু যদি অসাধু হয় তেন্তে সাধু হ’ব নোৱাৰে ।
(ঘ) প্ৰশ্ন:- সদৰ্থক বচন আৰু নঞৰ্থক বচন
উত্তৰঃ যি বচনত বিধেয়ক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সাৰ্থক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । অৰ্থাৎ ‘মৰণশীলতা’ক সকলো মানুহ’ৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হৈছে ।
যি বচনৰ বিধেয়ক উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় পূৰ্ণ । এই বচনত বিধেয়পদ পূৰ্ণত্ত্ব উদ্দেশ্যপদ সকলো মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে । বচন সদৰ্থক নে নঞৰ্থক সংযোজক দ্ধাৰাই নিৰ্ণয় কৰা হয় । সংযোজকৰ লগত নঞৰ্থক চিন যুক্ত থাকিলে, বচনটো নঞৰ্থক হ’ব আৰু নঞৰ্থক চিন যুক্ত নাথাকিলে বচনটো সদৰ্থক হ’ব ।
Sl. No. | Contents |
প্ৰথম খণ্ড | তৰ্কবিজ্ঞান |
Chapter 1 | তৰ্কবিজ্ঞান |
Chapter 2 | উপসৰ্গ |
Chapter 3 | অনুমান, নিৰপেক্ষ ন্যায় |
Chapter 4 | প্ৰতিকাত্মক তৰ্কবিজ্ঞান |
দ্বিতীয় খণ্ড | দৰ্শন |
Chapter 5 | দৰ্শন |
Chapter 6 | ভাৰতীয় দৰ্শন |
Chapter 7 | জ্ঞান উৎপত্তি সম্পৰ্কীয় |
Chapter 8 | বাস্তৱবাদ আৰু ভাৱবাদ |
(৫) সংজ্ঞা লিখা :
(ক) প্ৰশ্ন:- সদৰ্থক বচন
উত্তৰঃ যি বচনত বিধেয়ক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সদৰ্থক বচন বোলে ।
(খ) প্ৰশ্ন:- সামান্য বচন
উত্তৰঃ যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্ধাৰা সূচীত প্ৰত্যেকৰ ক্ষেত্ৰতে স্বীকাৰ নাইবা অস্বীকাৰ কৰা হয় তাক সামান্য বচন বোলে ।
(গ) প্ৰশ্ন:- উদ্দেশ্য
উত্তৰঃ বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে ।
(ঘ) প্ৰশ্ন:- বিধেয়
উত্তৰঃ উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে ।
(ঙ) সংযোজক
উত্তৰঃ উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে ।
(চ) প্ৰশ্ন:- বৰ্ণনামূলক বচন
উত্তৰঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ আমাৰ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত তাক বৰ্ণনামূলক বা বিৱৰণাত্মক বচন বোলে ।
(ছ) প্ৰশ্ন:- নঞৰ্থক লিখা ।
উত্তৰঃ যি বচনত বিধেয় উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক নঞৰ্থক বচন বোলে ।
(৬) চমুটোকা লিখা :
(ক) প্ৰশ্ন:- বচন
উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত থকা সম্বন্ধৰ নিৰ্দেশ দিয়াই বচনৰ কাম । চিন্তাৰ স্বাভাৱিক গতি লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমতে আমাৰ মনত একো একোটা বিষয় বা বস্তু সম্পৰ্কে একো একোটা ধাৰণা বা প্ৰত্যয় গঢ়ি উঠে । আকৌ দুটা ধাৰণাক সংযুক্ত কৰিলে একো একোটা অৱধাৰণ গঠন কৰা হয় । অৱধাৰণক যেতিয়া ভাষাত ব্যক্ত কৰা হয় তেতিয়া তাক বচন বোলে ।
(খ) প্ৰশ্ন:- বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাগ
উত্তৰঃ গুণ অনুসৰি বচনক সদৰ্থক আৰু নঞৰ্থক এইদুটা শ্ৰেণীত ভাগ কৰা হয় । আকৌ পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুই শ্ৰেণীত বিভক্ত কৰা হয় । আকৌ যদি গুণ আৰু পৰিমাণ সংযুক্ত নীতি অনুসৰি সকলো বচনকেই চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে –
(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সামান্য সদৰ্থক বোলে । যেনে – সকলো মানুহ হয় মৰণশীল ।
(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় দোষমুক্ত ।
(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ হয় ধাৰ্মিক ।
(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত নিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ নহয় সৎ ।
বচনৰ এনে চাৰি প্ৰকাৰৰ বিভাজনকেই বচনৰ চতুবৰ্গীয় বিভাজন বোলে । সংক্ষেপে এই বচন চাৰিটাক A, E, I, O এই চাৰিটা প্ৰতীকৰে বুজোৱা হয় ।
(গ) প্ৰশ্ন:- সাপেক্ষ বচন
উত্তৰঃ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল তাক সাপেক্ষ বচন বোলে । যেনে – যদি বৰষুণ দিয়ে, তেনেহ’লে মই স্কুললৈ নাযাম । ইয়াত মোৰ স্কুললৈ নোযোৱাটো নিৰ্ভৰ কৰিছে ‘বৰষুণ দিয়া’ এই চৰ্তটোৰ ওপৰত । সাপেক্ষ বচন দুই প্ৰকাৰৰ । যেনে – সংকল্পক আৰু বিকল্পক ।
(৭) উদাহৰণ দিয়া :
(ক) প্ৰশ্ন:- সদৰ্থক বচন
উত্তৰঃ সকলো মানুহ হয় মৰণশীল ।
(খ) প্ৰশ্ন:- বিশেষ বচন
উত্তৰঃ কিছুমান মানুহ হয় সাধু ।
(গ) প্ৰশ্ন:- বিকল্পক বচন
উত্তৰঃ হয় মানুহজন সৎ নহয় অসৎ ।
(ঘ) প্ৰশ্ন:- সম্ভাব্য বচন
উত্তৰঃ আজি ৰাতি বৰষুণ হ’ব পাৰে ।
(ঙ) প্ৰশ্ন:- অনিবাৰ্যমুলক বচন
উত্তৰঃ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোনৰ সমান ।
(৮) সত্য হ’লে ‘T’ আৰু অসত্য হ’লে ‘F’ লিখাঃ
(ক) প্ৰশ্ন:- সংযোজকটো বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ সূচক চিন ।
উত্তৰঃ T
(খ) সম্বন্ধ অনুযায়ী বচনক সংকল্পক আৰু বিকল্পক এই দুটা ভাগত ভগোৱা হৈছে ।
উত্তৰঃ T
(গ) প্ৰশ্ন:- নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো চৰ্ত সাপেক্ষ নহয় ।
উত্তৰঃ T
(ঘ) প্ৰশ্ন:- ‘O’ বচনটো বিশেষ নঞৰ্থক
উত্তৰঃ T
(ঙ) প্ৰশ্ন:- ‘হৰি এজন ভাল ল’ৰা’ – বচনটো সামান্য বচন
উত্তৰঃ F
(চ) প্ৰশ্ন:- ‘সূৰ্য পূবপিনে উদয় হয়’ বচনটো বিশেষ বচন ।
উত্তৰঃ F
(৯) প্ৰশ্ন:- অৱধাৰণ আৰু বচনৰ মাজৰ সম্পৰ্ক বিতংভাৱে আলোচনা কৰা ।
উত্তৰঃ দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বোলে । অৱধাৰণ এটা মানসিক প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াত দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হয় । যেনে – ‘এই ফুলপাহ বগা’ – ইয়াত প্ৰথমটোৰ ক্ষেত্ৰত ‘এই ফুলপাহ’ আৰু ‘বগা’ – এই দুটা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হৈছে । অৰ্থাৎ ‘বগা’ গুণটো ‘এই ফুলপাহ’ৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে । আকৌ ‘কোনো মানুহ নহয় পূৰ্ণ’ – ইয়াত ‘মানুহ’ আৰু ‘পূৰ্ণতা’ এই দুটা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰা হৈছে । অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশিত হয় তেতিয়া তাক বচন বোলে । প্ৰত্যেক বচনত দুটা পদ থাকে । এই পদ দুটাৰ মাজত থকা সম্বন্ধৰ নিৰ্দেশ দিয়া বচনৰ কাম । বচন অৱধাৰণৰেই ব্যক্তৰূপ । অৱধাৰণ আৰু বচনৰ মাজত মূলগত কোনো পাৰ্থক্য নাই । অৱধাৰণ আৰু বচন একে প্ৰক্ৰিয়াৰেই দুটা ৰূপ ।
(১০) প্ৰশ্ন:- বচন বুলিলে কি বুজা ? বচনৰ বিভিন্ন অংশবোৰ আলোচনা কৰা ।
উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত সম্বন্ধ নিৰ্দেশ কৰা হ’ল বচনৰ কাম ।
প্ৰত্যেক বচনত তিনিটা অংশ থাকে । এই তিনিটা অংশ যথাক্ৰমে উদ্দেশ্য, সংযোজক আৰু বিধেয় ।
বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে ।
উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে ।
উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । যেনে – মানুহ হয় মৰণশীল । ইয়াত ‘মানুহ’ উদ্দেশ্যে, ‘মৰণশীল’ বিধেয় আৰু ‘হয়’ সংযোজক ।
(১১) প্ৰশ্ন:- বচন কি ? ইয়াৰ বিভিন্ন অংশবোৰ কি কি ? সংযোজকৰ প্ৰকৃতি আলোচনা কৰা ।
উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । প্ৰত্যক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত সম্বন্ধ নিৰ্দেশ কৰা হ’ল বচনৰ কাম ।
প্ৰত্যেক বচনত তিনিটা অংশ থাকে । এই তিনিটা অংশ যথাক্ৰমে উদ্দেশ্য, সংযোজক আৰু বিধেয় ।
বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে ।
উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা তাক বিধেয় বোলে ।
উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । যেনে – মানুহ হয় মৰণশীল । ইয়াত ‘মানুহ’ উদ্দেশ্য, ‘মৰণশীল’ বিধেয় আৰু ‘হয়’ সংযোজক ।
সংযোজক প্ৰকৃতিঃ সংযোজক বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে বাবে পদ হ’ব নোৱাৰে । ই উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধ প্ৰকাশক চিন মাত্ৰ । সংযোজক সদায় ধাতুৰ বৰ্তমান কাল ৰূপত থাকে । সংযোজক সমৰ্থক বা নঞৰ্থক হ’ব পাৰ ।
(১২) প্ৰশ্ন:- তৰ্কবিজ্ঞানসন্মত বচনৰ বিভিন্ন অংশবোৰ উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা ।
উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত সম্বন্ধ নিৰ্দেশ কৰা হ’ল বচনৰ কাম ।
প্ৰত্যেক বচনত তিনিটা অংশ থাকে । এই তিনিটা অংশ যথাক্ৰমে উদ্দেশ্য, সংযোজক আৰু বিধেয় ।
বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে ।
উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কোৱা হয় তাক বিধেয় বোলে ।
উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । যেনে – মানুহ জ মৰণশীল । ইয়াত ‘মানুহ ‘ উদ্দেশ্য, ‘মৰণশীল’ বিধেয়, আৰু ‘ হয়’ সংযোজক ।
(১৩) প্ৰশ্ন:- গুণ আৰু পৰিমাণৰ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা । প্ৰত্যককে উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ গুণ অনুসৰি বচনক সদৰ্থক আৰু নঞৰ্থক এই দুটা শ্ৰেণীত ভাগ কৰা হয় । আকৌ পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুই শ্ৰেণীত বিভক্ত কৰা হয় । আকৌ যদি গুণ আৰু পৰিমাণ সংযুক্ত নীতি অনুসৰি সকলো বচনকেই চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে –
(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সামান্য সদৰ্থক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল ।
(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় দোষমুক্ত ।
(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ হয় ধাৰ্মিক ।
(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কৰা তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ নহয় সৎ ।
বচনৰ এনে চাৰি প্ৰকাৰৰ বিভাজনকেই বচনৰ চতুবৰ্গীয় বিভাজন বোলে । সংক্ষেপে এই বচন চাৰিটাক A, E, I, O এই চাৰিটা প্ৰতীকেৰে বুজোৱা হয় ।
(১৪) প্ৰশ্ন:- বচন কাক বোলে ? বচনৰ চতুবৰ্গীয় বিভাজন ব্যাখ্যা কৰা ।
উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল । প্ৰত্যেক বচনত দুটা পদ থাকে । এই দুটা পদৰ মাজত থকা সম্বন্ধৰ নিৰ্দেশ দিয়াই বচনৰ কাম । চিন্তাৰ স্বাভাৱিক গতি লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমতে আমাৰ মনত একো বিষয় বা বস্তু সম্পৰ্কে একো একোটা ধাৰণা বা প্ৰত্যয় গঢ়ি উঠে । আকৌ দুটা ধাৰণাক সংযুক্ত একো একোটা অৱধাৰণ গঠন কৰা হয় । অৱধাৰণক যেতিয়া ভাষাত ব্যক্ত কৰা হয় তেতিয়া তাক বচন বোলে ।
গুণ অনুসৰি বচনক সদৰ্থক আৰু নঞৰ্থক এই দুটা শ্ৰেণীত ভাগ কৰা হয় । আকৌ পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুই শ্ৰেণীত বিভক্ত কৰা হয় । আকৌ যদি গুণ আৰু পৰিমাণ সংযুক্ত নীতি অনুসৰি সকলো বচনকেই চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে –
(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে । যেনে – সকলো মানুহ হয় মৰণশীল ।
(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে । যেনে – কোনো মানুহ নহয় দোষমুক্ত ।
(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ হয় ধাৰ্মিক ।
(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কোৱা হয় তাক বিশেষ সদৰ্থক বচন বোলে । যেনে – কিছুমান মানুহ নহয় সৎ ।
বচনৰ এনে চাৰি প্ৰকাৰৰ বিভাজনকেই বচনৰ চতুবৰ্গীয় বিভাজন বোলে । সংক্ষেপে এই বচন চাৰিটাক A, E, I,O এই চাৰিটা প্ৰতীকেৰে বুজোৱা হয় ।
(১৫) প্ৰশ্ন :- নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেণীবিভাজন কৰা আৰু উপযুক্ত উদাহৰণসহ সিহঁতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ নিশ্চয়তা অনুসৰি বচনক তিনিটা ভাগত ভগোৱা হয় । যেনে – অনিবাৰ্য বচন, বিৱৰণাত্মক বচন আৰু সম্ভাব্য বচন । যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ অনিবাৰ্যভাৱে সত্য, কেতিয়াও এই সম্বন্ধ কোনো ব্যতিক্ৰম নঘটে তাক অনিবাৰ্য বচন বোলে । অনিবাৰ্য বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো পদ দুটাৰ মূল প্ৰকৃতিৰ লগত জড়িত বুলি ই সকলো সময়তেই নিশ্চিত স্বভাৱৰ । যেনে – ত্ৰিভূজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোনৰ সমান ।
(১৬) প্ৰশ্ন :- সম্বন্ধ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা । উদাহৰণসহ সাপেক্ষে বচনৰ বিভিন্ন ভাগ ব্যাখ্যা কৰা ।
উত্তৰঃ সম্বন্ধ অনুসৰি বচনক দুটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে – নিৰপেক্ষ বচন আৰু সাপেক্ষ বচন ।
যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল তাক অপেক্ষ বচন বোলে । যেনে – ‘যদি বৰষুণ দিয়ে, তেনেহ’লে মই নাযাম’ । সাপেক্ষ বচন দুই প্ৰকাৰৰ । যেনে –
(a) সংকল্পক (অন্যনিষ্ঠ) আৰু
(b) বিকল্পক (অন্যতৰনিষ্ঠ) ।
যি সাপেক্ষ বচনত চৰ্তটোক যদি তেনেহ’লে, বা ইয়াৰ সমাৰ্থক কোনো শব্দৰ দ্ধাৰা স্পষ্টভাৱে উল্লেখ কৰা হয় তাক সংকল্পক বচন বোলে । যেনে – যদি সি মনোযোগেৰে পঢ়া-শুনা কৰে তেনেহ’লে সি পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব ।
আকৌ যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ নাথাকে কিন্তু ‘হয়’, ‘নহয়’, ‘নাইবা’ আদি শব্দ প্ৰয়োগ কৰি বচনটোত বিকল্প চৰ্তকেইটাৰ কোনো এটা নিহিত হৈ থকাৰ ইংগিত দিয়া হয় তাক বিকল্পক বচন বোলে । যেনে – হয় তেওঁ সৎ, নহয় অসৎ ।
(১৭) প্ৰশ্ন:- অনিবাৰ্য বচন কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজত সম্বন্ধ নিশ্চিতভাৱে জোৰ দি বুজোৱা হয় তেনৱকুৱা বচনক অনিবাৰ্য বচন বোলে । উদাহৰণ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি চাৰি সমকোণৰ সমান অৰ্থাৎ ৩৬০° আদি ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Question 3 answer keitaman vul hoise..
Can u please suggest the answer
Kunkeita dhoribo pra nyy