Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান

Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান and select needs one.

Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান Solutions for All Subject, You can practice these here…

(৯)   উদাহৰণৰ সৈতে সংজ্ঞা দিয়াঃ 

(ক) প্ৰশ্ন:- আদৰ্শনিষ্ঠ বিজ্ঞান । 

উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মানদণ্ড হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে । উদাহৰণ – নীতিবিজ্ঞান । 

(খ) প্ৰশ্ন:- বিষয়নিষ্ঠ বিজ্ঞান ।

উত্তৰঃ যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্ক আলোচনা কৰে, তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে । উদাহৰণ – পদাৰ্থবিজ্ঞান । 

(গ) প্ৰশ্ন:- বিজ্ঞান । 

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে । উদাহৰণ – শৰীৰবিদ্যা । 

(ঘ) প্ৰশ্ন:- কলা ।

উত্তৰঃ যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰশিক্ষা দিয়ে তাকে কলা বোলে । উদাহৰণ – অস্ত্ৰচিকিৎসা । 

(১০) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া কি কি কাৰণত ই সন্তোষজনক ? 

উত্তৰঃ মিলৰ মতে – ‘তৰ্কবিজ্ঞান হ’ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান । 

মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে এই সংজ্ঞাটোত তৰ্কবিজ্ঞানক বিজ্ঞান বুলি উল্লেখ কৰিও সাক্ষ্য বিচাৰ বা মূল্যায়নৰ উল্লেখ কৰি ইয়াক কলা বুলি আভাষ দিছে । আকৌ তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হিচাপে অনুমান আৰু ইয়াৰ সহকাৰী প্ৰক্ৰিয়াৰ উল্লেখ ইয়াতে পোৱা গৈছে । তৰ্কবিজ্ঞানৰ আদৰ্শ স্বৰূপ ‘সত্য’ শব্দৰ ব্যৱহাৰ আৰু তৰ্কবিজ্ঞানক আদৰ্শনিষ্ঠ বিজ্ঞান বুলিও এই সংজ্ঞাত পোৱা যায় । সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ জৰিয়তে আধাৰ বচন সমূহৰ বিচাৰৰ নিৰ্দেশও ইয়াত পোৱা যায় । আকাৰগত আৰু বস্তুগত সত্যতাৰ গুৰুত্ব ইয়াত দেখা যায় । সাক্ষ্যবিচাৰৰ জৰিয়তে এই সংজ্ঞা অধিক সন্তোষজনক বুলি ক’ব পাৰি । 

(১১) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া ।

উত্তৰঃ বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষগুণ । বুদ্ধিবৃত্তি থকাৰ কাৰণে মানুহে আন জীৱবিলাকতকৈ পৃথক । মানুহ জীৱশ্ৰেষ্ঠ । বুদ্ধিবৃত্তিৰ বাবেই মানুহে চিন্তা কৰিব পাৰে । কিন্তু চিন্তা সকলো সময়তে শুদ্ধ নহ’বও পাৰে । আকৌ চিন্তা শুদ্ধ বা নিৰ্ভুল নহ’লে যথাৰ্থজ্ঞান লাভ কৰিব নোৱাৰি । নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয় । মানুহৰ জ্ঞান লাভৰ চৰম লক্ষ্যই হ’ল সত্যোপলব্ধি । 

(খ) ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ 

(১২) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ পৰিসৰ সম্বন্ধে তোমাৰ ধাৰণা কি ? 

উত্তৰঃ তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি ক’লে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰত বুজায় । তৰ্কবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক । 

তৰ্কবিজ্ঞান চিন্তা সম্পৰ্কীয় বিজ্ঞান । তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰহে আলোচনা কৰে । অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান এক পৰোক্ষজ্ঞান । গতিকে পৰোক্ষজ্ঞান তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় । 

তৰ্কবিজ্ঞানত অনুমানৰ উৎপত্তি বিকাশ আদিৰ আলোচনা কৰা নহয় । অনুমানৰ শুদ্ধতা বা যথাৰ্থতা তৰ্কবিজ্ঞানৰ আলোচনাৰ বিষয় । শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্য পালন কৰিবলগীয়া নিয়মসমূহ তৰ্কবিজ্ঞানে আলোচনা কৰে । 

চিন্তা বুলিলে চিন্তাৰ প্ৰক্ৰিয়া আৰু পৰিণাম উভয়কে বুজায় । চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহৰ আলোচনা তৰ্কবিজ্ঞানৰ বিষয় নহয়, মনোবিজ্ঞানৰহে বিষয় । তৰ্কবিজ্ঞান চিন্তাৰ পৰিণামৰ লগতহে জড়িত । 

দুটা সামান্য ধাৰণা বা প্ৰত্যয় মনত সংযোগ কৰাকে অৱধাৰণ প্ৰক্ৰিয়া বোলে । সেইদৰে অনুমান প্ৰক্ৰিয়াত অৱধাৰণ যুক্ত হৈ থাকে । অনুমান প্ৰক্ৰিয়াত এটা বা অধিক অৱধাৰণৰ পৰা ইয়াৰ ভিত্তিত আন এটা অৱধাৰণত উপনীত হ’ব পাৰি । অৱধাৰণক ভাষাত প্ৰকাশ কৰিলে তাক বচন বোলে । সামান্য ধাৰণাত ভাষাত প্ৰকাশ কৰিলে তাক পদ বোলে । আকৌ অনুমানক ভাষাত প্ৰকাশ কৰিলে তাক যুক্তি বোলে । যুক্তি বা অনুমান বচনৰ দ্ধাৰা গঠিত আৰু বচন পদৰ দ্ধাৰা গঠিত । গতিকে পদ, বচন, যুক্তি তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় । 

অনুমান আকৌ দুই প্ৰকাৰৰ নিগমন অনুমান আৰু আগমন অনুমান । তৰ্কবিজ্ঞানে নিগমন আৰু আগমন দুয়ো প্ৰকাৰৰ অনুমানৰ আলোচনা কৰে । 

অনুমান আলোচনাৰ লগতে, তৰ্কবিজ্ঞানে অনুমানৰ সহায়ক প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰে । যেনে – সংজ্ঞা, বিভাজন, শ্ৰেণীকৰণ আদি । 

তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল সত্যতা । সত্যতা দুই প্ৰকাৰৰ – আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা । 

তৰ্কবিজ্ঞানে উভয়প্ৰকাৰ সত্যতাৰে আলোচনা কৰে । তৰ্কবিজ্ঞানত বস্তুত আৰু আকাৰগত সত্যতা আলোচনা কৰা হয় । সেই তৰ্কবিজ্ঞানকো আকাৰনিষ্ঠ আৰু বস্তুনিষ্ঠ তৰ্কবিজ্ঞানত ভাগ কৰা হৈছে । আকাৰনিষ্ঠ তৰ্কবিজ্ঞানক নিগমন তৰ্কবিজ্ঞান আৰু বস্তুনিষ্ঠ তৰ্কবিজ্ঞানক আগমন তৰ্কবিজ্ঞান বোলা হয় । 

তৰ্কবিজ্ঞানৰ মূল সূত্ৰ তিনিটা – তাদাত্মনিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম । তৰ্কবিজ্ঞান চিন্তাৰ বিজ্ঞান । সেইবাবে চিন্তাৰ মূল সুত্ৰাৱলীৰ আলোচনা তৰ্কবিজ্ঞানত কৰা হয় । 

তৰ্কবিজ্ঞানে নিৰ্দেশ দিয়া নীতি-নিয়মসমূহ যথাযথভাৱে পালন নকৰিলে নানা প্ৰকাৰৰ দোষ উদ্ভৱ হয় । তৰ্কবিজ্ঞানত এই দোষবোৰৰ বিষয়েও আলোচনা কৰা হয় । 

(১৩) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ বিজ্ঞান নে কলা ? 

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্ক সুসংবদ্ধ যুক্তিনিষ্ঠ, প্ৰমাণিক যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে । আনহাতে যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ নীতি-নিয়মৰ শিক্ষা দিয়ে তাক কলা বোলে । 

গতিকে বিজ্ঞানে আমাক জানিবলৈ শিকায় আৰু কলাই আমাক কৰিবলৈ শিকায় । তৰ্কবিদসকলে তৰ্কবিজ্ঞানক কেৱল বিজ্ঞান বুলি অভিহিত কৰে । তেওঁলোকৰ মতে চিন্তা বা অনুমানৰ প্ৰকৃত স্বৰূপ আৰু নীতি-নিয়মৰ নিৰ্দেশ দিয়া তৰ্কবিজ্ঞানৰ উদ্দেশ্য । তৰ্কবিজ্ঞানৰ কোনো ব্যৱহাৰিক দিশ নাই । 

আনহাতে এলড্ৰিচ আদি তৰ্কবিদসকলৰ মতে তৰ্কবিজ্ঞানৰ প্ৰকৃত উদ্দেশ্য হৈছে জ্ঞানক যথাযথভাৱে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰা । গতিকে তৰ্কবিজ্ঞান কলা । কিন্তু মিল, হোৱেটলি আদি তৰ্কবিদৰ মতে তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই । তৰ্কভিজ্ঞানৰ আলোচ্য বিষয় হ’ল চিন্তা বা অনুমান । তৰ্কবিজ্ঞানে চিন্তা বা অনুমান সম্পৰ্কীয় সাধাৰণ নীতি-নিয়মৰ জ্ঞান দিয়ে । তদুপৰি, ভুল-ভ্ৰান্তি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্য এই সাধাৰণ নীতি-নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে । তৰ্কবিজ্ঞানৰ উদ্দেশ্য হ’ল সত্যতাত উপনীত হোৱা । গতিকে তৰ্কবিজ্ঞানৰ বিষয়াত্মক আৰু ব্যৱহাৰিক উভয় দিশেই আছে । 

গতিকে তৰ্কবিজ্ঞান কেৱল বিজ্ঞান বা কেৱল কলা নহয় । তৰ্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই । 

(১৪) প্ৰশ্ন:- বিজ্ঞানক বস্তুনিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান ?

উত্তৰঃ বিজ্ঞানক বিষয়নিষ্ঠ আৰু আদৰ্শনিষ্ঠ – এই দুই ভাগত ভাগ কৰা হয় । যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে । তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে । যেনে – মনোবিজ্ঞান । মনোবিজ্ঞানৰ বিষয়বস্তু ‘মন’ । মনোবিজ্ঞানত মনৰ বিভিন্ন অৱস্থা, ক্ৰিয়া-প্ৰক্ৰিয়া আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়ে । 

আনহাতে, যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে । যেনে – নীতিবিজ্ঞান । নীতিবিজ্ঞানৰ আদৰ্শ হ’ল ‘পৰম কল্যান’ বা ‘শ্ৰেয়’ । এই আদৰ্শক মানদণ্ড কৰি নীতিবিজ্ঞানে মানুহৰ কাৰ্য প্ৰক্ৰিয়াৰ বিচাৰ কৰে । 

গতিকে বিষয়নিষ্ঠ বিজ্ঞানে বিষয়বস্তু যেনে আছে ঠিক সেইদৰেই তাৰ বৰ্ণনা দিয়ে । কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞানে ‘কি হৈছে’ৰ পৰিবৰ্তে ‘কি হোৱা উচিত’ তাৰ আলোচনা কৰে । 

তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হৈছে ‘সত্য’ । তৰ্কবিজ্ঞানে শুদ্ধ চিন্তা কৰিবলৈ শিকায়, কাৰণ শুদ্ধ চিন্তাৰ জৰিয়তে যথাৰ্থ জ্ঞান অৰ্থাৎ সত্য উপলব্ধি সম্ভৱ । তৰ্কবিজ্ঞান যিহেতু পৰোক্ষ জ্ঞানৰ লগত জড়িত, ই আকাৰগত আৰু বস্তুগত উভয়প্ৰকাৰ সত্যতাৰ লগতে জড়িত । সত্যতা লাভৰ বাবে তৰ্কবিজ্ঞান চিন্তা বা অনুমানৰ কিছুমান বিধি-নিয়মৰ নিৰ্দেশ দিয়ে । গতিকে তৰ্কবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান । 

(১৫) প্ৰশ্ন:- তৰ্কবিজ্ঞান কিয় বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয়, বুজাই লিখা ।

উত্তৰঃ তৰ্কবিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হৈছে সত্য লাভ কৰা । সেইকাৰণে তৰ্কবিজ্ঞানে জ্ঞানৰ সত্যতা বা প্ৰামান্য নিৰূপক কিছুমান নীতি-নিয়মৰ সন্ধান দিয়ে । বিজ্ঞানে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সাধাৰণ সুসংবদ্ধ, যথাৰ্থ, যুক্তিনিষ্ঠ প্ৰামানিক আৰু সুনিশ্চিত জ্ঞান দিয়ে । তৰ্কবিজ্ঞানেও পদৰ যথাৰ্থতা নিৰ্ণয় শ্ৰেণীবিভাগ, ব্যাখ্যা, যুক্তি পদ্ধতি আদি সম্পৰ্কে কিছুমান নীতি-নিয়ম নিৰ্ধাৰণ কৰে । সেইকাৰণে তৰ্কবিজ্ঞানক বিজ্ঞানৰ ভিতৰত শ্ৰেষ্ঠ বিজ্ঞান বোলা হয় । 

কলাবিদ্যা কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি-নিয়মৰ জ্ঞান দিয়ে । এই নীতি-নিয়মসমূহ ভুল-ভ্ৰান্তি পৰিহাৰ কৰি যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ বাবে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে । গতিকে তৰ্কবিজ্ঞানক শ্ৰেষ্ঠ কলাবিদ্যা বোলা হয় । 

সেইবাবে ডান্সস্কটাছ আদি দাৰ্শনিকে তৰ্কবিজ্ঞানক বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি অভিহিত কৰিছে । 

(১৬) প্ৰশ্ন:- তৰ্কবিজ্ঞান আকাৰগত সত্যতা নে বস্তুগত সত্যতাৰ লগত জড়িত ?

উত্তৰঃ প্ৰত্যেক বস্তুৰ দৰে চিন্তাৰো আকাৰ আৰু উপাদান থাকে । যিভাৱে চিন্তা কৰা যায় তাক চিন্তাৰ আকাৰ বোলে । আকৌ যি বিষয়ে চিন্তা কৰি যায় তাক চিন্তাৰ উপাদান বোলে । গতিকে চিন্তাৰ সত্যতা দুই প্ৰকাৰৰ – 

(ক) আকাৰগত সত্যতা আৰু 

(খ) বস্তুগত সত্যতা । 

চিন্তাৰ অন্তবিৰোধ মুক্ততাই হ’ল চিন্তাৰ আকাৰগত সত্যতা । আকাহত সত্যতা নাথাকিলে চিন্তাই মনত কোনো স্পষ্ট ধাৰণা জন্মাব নোৱাৰে । যেনে – গোলাকাৰ চতুৰ্ভুজ আদি । 

আনহাতে, চিন্তাৰ লগত বিষয়বস্তুৰ সাদৃশ্য বা সামঞ্জস্যই হ’ল চিন্তাৰ বস্তুগত সত্যতা । ধাৰণাৰ লগত যদি বিষয়বস্তুৰ সংগতি নাথাকে তেনেহ’লে ই বস্তুগতভাৱে সত্য হ’ব নোৱাৰে । যেনে জৰীক জৰী বুলি নাজানি যদি সাপ বুলি জনা যায়, তেনেহ’লে এই জ্ঞান বস্তুগতভাৱে অসত্য হ’ব । 

চিন্তা যদি বস্তুগতভাৱে সত্য হয় তেনেহ’লে আকাৰগত ভাৱে সত্য হ’বই । কাৰণ অন্তৰ্বিৰোধীপূৰ্ণ কোনো ধাৰণাৰ বস্তুগত সত্যতা থাকিব নোৱাৰে । কিন্তু যদি কোনো চিন্তাৰ আকাৰগত সত্যতা থাকে তেনেহ’লে বস্তুগত সত্যতাও যে থাকিব তাক নিশ্চিতভাৱে ক’ব নোৱাৰি । আকাৰগত ভাৱে সত্য নহ’লে কোনো চিন্তাই বস্তুগতভাৱে সত্য হ’ব নোৱাৰে, কিন্তু আকাৰগত ভাৱে সত্য হ’লেও ই বস্তুগতভাৱে সত্য নহ’ব পাৰে । 

তৰ্কবিজ্ঞান অনুমান সম্বন্ধীয় বিজ্ঞান, তৰ্কবিজ্ঞানে এই অনুমানৰ আকাৰগত আৰু বস্তুগত সত্যতা সম্পৰ্কে আলোচনা কৰে । তৰ্কবিজ্ঞানে যথাৰ্থ অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে । এই নীতি-নিয়মবোৰ পালন কৰিলে অনুমান আকাৰগতভাৱে সত্য হয় । আকৌ অনুমানৰ আশ্ৰয় বাক্যবিলাক যদি বস্তুগতভাৱে সত্য নহয় তেনেহ’লে অনুমান আকাৰগতভাৱে সত্য নহয় । তেনেহ’লে অনুমান আকাৰগতভাৱে সত্য হৈও বস্তুগতভাৱে সত্য নহয় । কোনো অনুমান যদি তৰ্কবিজ্ঞান প্ৰদত্ত নীতি-নিয়ম পালন কৰে আৰু আশ্ৰয়বাক্যবিলাক যদি বস্তুগতভাৱে সত্য হয়, তেনেহ’লে সেই অনুমান আকাৰগতভাৱে আৰু বস্তুগতভাৱে উভয় প্ৰকাৰেই সত্য হ’ব । 

তৰ্কবিজ্ঞানত আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা এটা আনটোৰ পৰিপূৰক । গতিকে সত্যিত অভিভাজ্য । জ্ঞান যথাৰ্থ হ’বলৈ হ’লে ই বস্তুগতভাৱে সত্য হ’বই লাগিব আৰু বস্তুগতভাৱে সত্য হ’লে আকাৰগত ভাৱেও সত্য হ’ব । গতিকে তৰ্কবিজ্ঞান আকাৰগত আৰু বস্তুগত সত্যতাৰ লগত জড়িত । 

(১৭) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ তৰ্কবিজ্ঞান অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল ‘সত্য’ । গতিকে তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰ প্ৰাধান্য নিৰূপক কেতবোৰ নীতি-নিয়ম নিৰ্দেশ দিয়ে । এই নীতি-নিয়মবোৰ প্ৰয়োগ কৰি অনুমানক যথাৰ্থ ৰূপ দিব পাৰি আৰু ইয়াৰ জৰিয়তে শুদ্ধ জ্ঞানক উপনীত হ’ব পাৰি । গতিকে সত্যক লাভ কৰিবলৈ, তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা নাই বুলি মন্তব্য কৰে । 

এইসকল লোকে দিয়া যুক্তিবোৰ হ’ল –

(ক) তৰ্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তৰ্ক কৰিবলৈ নিশিকায় । 

(খ) তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব পাৰে আৰু আনহাতে তৰ্কবিজ্ঞান অধ্যয়ন কৰিলেও মানুহে সকলো সময়তে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব নোৱাৰে । 

প্ৰথম যুক্তিৰ উত্তৰত ক’ব পাৰি যে মানুহে কিদৰে শুদ্ধভাৱে চিন্তা কৰিব পাৰে, তৰ্কবিজ্ঞানে তাৰ শিক্ষা দিয়ে । চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা । গতিকে মানুহ চিন্তা কৰিবলৈ শিকোৱাটো তৰ্কবিজ্ঞানৰ উদ্দেশ্য নহয় । তৰ্কবিজ্ঞানে কেৱল শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায় । আকৌ, তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা-চৰ্চা কৰিব পাৰে কিন্তু সেই বুলিয়েই তৰ্কবিজ্ঞানৰ উপযোগিতা নাই বুলি ক’ব নোৱাৰি । যেনেকৈ, চিকিৎসা বিজ্ঞানৰ সহায় নোলোৱাকৈ বহুতে ৰোগমুক্ত সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে । কিন্তু, সেইকাৰণে চিকিৎসা বিজ্ঞান অধ্যয়নৰ কোনো উপযোগিতা নোহোৱা হ’ব নোৱাৰে । 

তৰ্কবিজ্ঞান অধ্যয়ন নকৰাকৈ যিবিলাক মানুহে শুদ্ধভাৱে যুক্তিতৰ্ক কৰিব পাৰে, তেনে মানুহ তৰ্কবিজ্ঞানৰ জ্ঞান লাভ কৰিলে আৰু অধিক পাৰদৰ্শিকতাৰে যুক্তি তৰ্ক কৰিব পাৰিব ? তাত কোনো সন্দেহ নাই । তৰ্কবিজ্ঞানৰ জ্ঞান প্ৰণালীবদ্ধ আৰু সুসংগত গতিকে তৰ্কবিজ্ঞান অধ্যয়ন কৰিলে নিৰ্ভুল জ্ঞান লাভ কৰিব পাৰি । আকৌ সুস্বাস্থ্যৰ মানুহ এজন অসুস্থ হৈ পৰিলে চিকিৎসাৰ জৰিয়তে ৰোগমুক্ত হোৱা দেখা যায় । ঠিক সেইদৰে যুক্তি তৰ্কত ভুল-ভ্ৰান্তি হ’লে, সন্দেহ-সংশয় বা দোষ দূৰ কৰিবলৈ তৰ্কবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয় । কিন্তু তৰ্কবিজ্ঞান অধ্যয়ন কৰিও বাস্তৱ ক্ষেত্ৰত কোনো লোকে নীতি-নিয়ম লংঘন কৰিলে বা ব্যক্তিগত সুবিধা বা স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল’লে । তাৰ বাবে তৰ্কবিজ্ঞানৰ দায়ী হ’ব নোৱাৰে । 

গতিকে, তৰ্কবিজ্ঞানে আমাৰ চিন্তাশক্তি নিয়ন্ত্ৰিত কৰি যথাৰ্থ জ্ঞান লাভ কৰাত সহায় কৰে । তৰ্কবিজ্ঞানৰ অধ্যয়নে বুদ্ধিবৃত্তিক সক্ৰিয় আৰু উন্নত কৰে, লগতে কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰি যুক্তিৰ সহায়ত যুক্তিনিষ্ঠ বিচাৰ কৰিবলৈ শিকায় । তৰ্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলি কোৱা হয় । গতিকে তৰ্কবিজ্ঞানৰ জ্ঞান মানুহৰ জীৱনত অপৰিহাৰ্য বুলি ক’ব পাৰি । 

(১৮) প্ৰশ্ন:- প্ৰত্যক্ষজ্ঞান আৰু পৰোক্ষজ্ঞানৰ ভিতৰত কোন প্ৰকাৰৰ লগত তৰ্কবিজ্ঞান জড়িত ?

উত্তৰঃ  জ্ঞান প্ৰধানতঃ দুই প্ৰকাৰৰ – 

(a) প্ৰত্যক্ষ জ্ঞান আৰু (b)পৰোক্ষ জ্ঞান ।

(a) প্ৰত্যক্ষ জ্ঞান :- প্ৰত্যক্ষ জ্ঞান আন কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক প্ৰত্যক্ষ জ্ঞান বোলে । অৰ্থাৎ বাহ্যপ্ৰত্যক্ষ আৰু অন্তপ্ৰত্যক্ষৰ জৰিয়তেহে প্ৰত্যক্ষ জ্ঞান পোৱা যায় । 

(b) পৰোক্ষ জ্ঞান :- আনহাতে, পৰোক্ষ জ্ঞান আন কোনো জ্ঞানৰ ভিত্তিত লাভ কৰা জ্ঞান হৈছে পৰোক্ষ জ্ঞান । অনুমান, শব্দ আদিৰ জৰিয়তে পৰোক্ষ জ্ঞান লাভ কৰা যায় । 

তৰ্কবিজ্ঞানৰ বিষয়বস্তু সত্যতা প্ৰমাণৰ লগত জড়িত হৈ আছে । প্ৰত্যক্ষ জ্ঞানত প্ৰামান্য নিৰূপনৰ বিশেষ কোনো প্ৰয়োজন নাথাকে । ইন্দ্ৰিয় সুস্থ থাকিলে বাহ্যপ্ৰতক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু প্ৰকৃতিস্থ মনৰ পৰা পোৱা অন্তপ্ৰত্যক্ষৰ জ্ঞান নিৰ্ভুল হ’ব । কিন্তু অনুমানৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভ্ৰান্তি ঘটাৰ সম্ভাৱনা থাকে । সেইবাবে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্ৰমাণ কৰাৰ প্ৰয়োজন হয় । তৰ্কবিজ্ঞানৰ মূল কাৰ্য হ’ল সত্য উপলব্ধি কৰা । গতিকে তৰ্কবিজ্ঞানৰ পৰোক্ষ জ্ঞানৰ লগতহে জড়িত । 

(১৯) প্ৰশ্ন:- মিলৰতর্কবিজ্ঞান সংজ্ঞাটো তর্কবিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয় নে নহয় , বিচাৰ কৰা । 

উত্তৰঃ মিলৰ মতে – ‘তৰ্কবিজ্ঞান হ’ল সাক্ষৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান । 

মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে এই সংজ্ঞাটোত তৰ্কবিজ্ঞানক বিজ্ঞান বুলি উল্লেখ কৰিও সাক্ষ্য বিচাৰ বা মূল্যায়নৰ উল্লেখ কৰি ইয়াক কলা বুলি আভাষ দিছে । আকৌ তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হিচাপে অনুমান আৰু ইয়াৰ সহকাৰী প্ৰক্ৰিয়াৰ উল্লেখ ইয়াত পোৱা গৈছে । তৰ্কবিজ্ঞানৰ আদৰ্শ স্বৰূপ ‘সত্য’ শব্দৰ ব্যৱহাৰ আৰু তৰ্কবিজ্ঞানক আদর্শনিষ্ঠ বিজ্ঞান বুলিও ইংগিত এই সংজ্ঞাত পোৱা যায় । সাক্ষৰ বিচাৰ বা মূল্যায়নৰ জৰিয়তে আধাৰ বচন সমূহৰ বিচাৰৰ নিৰ্দেশও ইয়াত পোৱা যায় । আকাৰগত আৰু বস্তুগত সত্যতাৰ গুৰুত্ত্ব ইয়াত দেখা যায় । সাক্ষ্যবিচাৰৰ জৰিয়তে এই সংজ্ঞা অধিক সন্তোষজনক বুলি ক’ব পাৰি । 

(২০) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ বুজাই লিখা । 

উত্তৰঃ তৰ্কবিজ্ঞানৰ সংজ্ঞা হ’ল – তৰ্কবিজ্ঞানৰ ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান । 

বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষগুণ । বুদ্ধিবৃত্তি থকাৰ কাৰণে মানুহ আন জীৱবিলাকতকৈ পৃথক । মানুহ জীৱশ্ৰেষ্ঠ । বুদ্ধিবৃত্তিৰ বাবেই মানুহে চিন্তা কৰিব পাৰে । কিন্তু চিন্তা সকলো সময়তে শুদ্ধ নহ’বও পাৰে । আকৌ চিন্তা শুদ্ধ বা নিৰ্ভুল নহ’লে যথাৰ্থজ্ঞান লাভ কৰিব নোৱাৰি । নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয় । মানুহৰ জ্ঞান লাভৰ চৰম লক্ষই হ’ল সত্যোপলব্ধি ।

(২১) প্ৰশ্ন:- পৰম্পৰাগত তৰ্কবিজ্ঞান বুলিলে কি বুজা ? পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কোনো মৌলিক পাৰ্থক্য আছে নে ? আলোচনা কৰা । 

উত্তৰঃ এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলৰ তৰ্কবিজ্ঞানমূলক চিন্তা, পদ্ধতি আৰু নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত তৰ্কবিজ্ঞানকে প্ৰাচীন বা পৰম্পৰাগত তৰ্কবিজ্ঞান বোলে । প্ৰাচীন তৰ্কবিজ্ঞানৰ প্ৰতিষ্ঠাতা বিখ্যাত গ্রীক দাৰ্শনিক এৰিষ্টটল । তেওঁক তৰ্কবিজ্ঞানৰ জনক বুলিও কোৱা হয় । 

পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্রতীকাত্মক সম্পৰ্কে তুলনামূলক আলোচনাৰ পৰা দেখা যায় যে দুয়োৰে মাজত কেতবোৰ পাৰ্থক্য আছে সঁচা কিন্তু মৌলিক বা নীতিগত কোনো পাৰ্থক্য নাই । প্ৰতীকাত্মক তৰ্কবিজ্ঞানে পৰম্পৰাগত তৰ্কবিজ্ঞানক প্ৰত্যাখ্যান কৰা নাই, বৰং পৰিপুৰণহে কৰিছে । দুয়োৰে মাজত পাৰ্থক্য ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰহে । প্ৰতীকাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানত নিহিত হৈ থকা ভাব-ধাৰণা আৰু ৰীতি-নীতিৰেই পৰিবৰ্দ্ধিত, সম্প্ৰসাহিত আৰু পৰিণত ৰূপ । 

(২২) প্ৰশ্ন:- প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা । 

উত্তৰঃ প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞান পৰস্পৰ সম্পৰ্কহীন দুটা পৃথক তৰ্কবিজ্ঞান নহয় । কাৰণ দুয়োৰে মাজত কেতবোৰ সাদৃশ্য আছে । যেনে – 

(a) দুয়োৰে মতে তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তু যুক্তিৰ আকাৰ আৰু মূল্যনিৰ্ধাৰণ অৰ্থাৎ বৈধতা অবৈধতা নিৰ্ণয় । 

(b) পৰম্পৰাগত তৰ্কবিজ্ঞান বীজাকৰে নিহিত হৈ থকা ভাৱভঙ্গী বা ধাৰণা পদ্ধতি আদিৰ পৰিবৰ্দ্ধিত ৰূপ হ’ল প্ৰতীকাত্মক তৰ্কবিজ্ঞান । 

কিন্তু দুয়োবিধ তৰ্কবিজ্ঞানৰ মাজত কিছুমান পাৰ্থক্যও আছে । যেনে – 

(a) পৰম্পৰাগত তৰ্কবিজ্ঞান অতি প্ৰাচীন । ইয়াৰ আঢ়ৈ হাজাৰ বছৰৰ দীঘলীয়া ইতিহাস আছে । তাৰে তুলনাত প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ ইতিহাস বয়সত নবীন । ইয়াৰ বয়স মাত্ৰ এশ পঞ্চাচ বছৰ । 

(b) এৰিষ্টটলে কেৱল ন্যায়িক যুক্তিৰ ক্ষেত্ৰতহে প্ৰতীক ব্যৱহাৰ কৰিছিল । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানীসকলে বিস্তীৰ্ণ ক্ষেত্ৰত ব্যাপক হাৰত উন্নত পদ্ধতিৰ প্ৰতীকৰ ব্যৱহাৰ কৰে । 

(c) পৰম্পৰাগত তৰ্কবিজ্ঞানত নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ সীমিত ক্ষেত্ৰত হৈছিল । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানত অধিক পাৰপাৰ্শ্বিকতাৰে আৰু ব্যাপকভাৱে নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ কৰা হয় । 

(d) পৰম্পৰাগত তৰ্কবিজ্ঞানীসকলে নিৰপেক্ষ, বচনকে বচনৰ উপযুক্ত আৰ্হি বুলি ভাবিছিল আৰু আন সকলো বচনকে নিৰপেক্ষ বচনলৈ ৰূপান্তৰিত কৰাৰ নিয়মাৱলী উলিয়াইছিল । তেওঁলোক নিৰপেক্ষ বচনকেই দুটা পদৰ মাজত থকা সম্বন্ধৰ যুক্তি বুলি ধৰি লৈছিল । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানীসকলে বচনৰ এনে সংকীৰ্ণ বিভাজনক প্ৰত্যাখ্যান কৰে । 

(e) পৰম্পৰাগত তৰ্কবিজ্ঞানীসকলে বচনক দুটা শ্ৰেণীত বিভক্ত কৰে । যেনে – (ক) নিৰপেক্ষ আৰু (খ) সাপেক্ষ বচন । নিৰপেক্ষ বচন আকৌ চাৰি প্ৰকাৰৰ । যেনে – সামান্য, সদৰ্থক, সামান্য নঞৰ্থক বিশেষ সদৰ্থক আৰু বিশে নঞৰ্থক বচন । সাপেক্ষ বচন আকৌ দুই প্ৰকাৰৰ  – সকল্পক আৰু বিকল্পক বচন । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানীসকলে বচনক প্ৰধানতঃ তিনি প্ৰকাৰৰ বুলি কয় । যেনে – সৰল, যৌগিক আৰু সাধাৰণ । সৰল বচন সম্বন্ধক বচন আকৌ চাৰিপ্ৰকাৰৰ । যেনে – উদ্দেশ্যবিহীন বচন, উদ্দেশ্যবিধেয় বচন সম্বন্ধক বচন আৰু শ্ৰেণীসদস্যতা বচন । যৌগিক বচন আকৌ চাৰি প্ৰকাৰৰ – সংযৌগিক বচন, প্ৰকল্পিক বচন, বৈকল্পিক বচন আৰু বিয়োজক বচন, সাধাৰণ বচন আকৌ তিনি প্ৰকাৰৰ । যেনে – অস্তিত্বমূলক বচন, এক বিধেয়যুক্ত সাধাৰণ বচন আৰু শ্ৰেণীসম্বন্ধসূচক সাধাৰণ বচন । গতিকে, প্ৰতীকাত্মক তৰ্কবিজ্ঞানত বহুপ্ৰকাৰৰ বচনক  সামৰি লয় বাবে পৰম্পৰাগত বিভাজনতকৈ অধিক বিস্তৃত বুলি ক’ব পাৰি । 

(f) পৰম্পৰাগত তৰ্কবিজ্ঞানীসকলে সংযোজকেই সকলো প্ৰকাৰৰ সম্বন্ধ প্ৰকাশ কৰিব পাৰে । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানীসকলৰ মতে সম্বন্ধ বিভিন্ন প্ৰকাৰৰ । যেনে – সঞ্চাৰী, অসঞ্চাৰী, সমমিত আৰু অসমমিত সম্বন্ধ আদি, এনে বিভিন্ন প্ৰকাৰৰ সম্বন্ধৰ প্ৰকাশ সংযোজকে কৰিব নোৱাৰে । 

(g) পৰম্পৰাগত তৰ্কবিজ্ঞান সম্বন্ধীয় আলোচনা প্ৰধানতঃ ন্যায়িক যুক্তিৰ ক্ষেত্ৰতেই সীমাবদ্ধ । কিন্তু প্ৰতীকাত্মক তৰ্কবিজ্ঞানত বিভিন্ন ধৰণৰ আকাৰ বিশিষ্ট যুক্তিৰ আলোচনা কৰে । যেনে – ৰচনাত্মক যুক্তি । বিধেয়াত্মক যুক্তি আদি । 

গতিকে পৰম্পৰাগত আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কেতবোৰ পাৰ্থক্য থাকিলেও প্ৰকৃত কোন বিৰোধ সম্বন্ধ নাই । দুয়ো দুয়োকে পৰিপূৰণ কৰিছে কিন্তু প্ৰত্যাখ্যান কৰা নাই । পৰম্পৰাগত আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত নীতিগত কোনো পাৰ্থক্য নাই । পাৰ্থক্য মাথোঁন ক্ৰমোন্নতি বিভিন্ন পৰ্যায়ৰহে । 

(২৩) প্ৰশ্ন:- আধুনিক তৰ্কবিজ্ঞান কাক বোলে ? আধুনিক তৰ্কবিজ্ঞানৰ সৃষ্টি কেনেকৈ হৈছিল ? 

উত্তৰঃ সোতৰ শতিকাত এগৰাকী দাৰ্শনিক গণিতজ্ঞই তৰ্কবিজ্ঞানক পৰম্পৰাগতৰূপৰ পৰা আধুনিক ৰূপলৈ বিকশিত কৰাৰ পৰিকল্পনা কৰিছিল । আধুনিক তৰ্কবিজ্ঞানক প্ৰতীকাত্মক তৰ্কবিজ্ঞান বুলিও জনা যায় । তৰ্কবিজ্ঞানৰ এই বিভাগে প্ৰতীকৰ ব্যৱহাৰৰ দ্ধাৰা যুক্তিৰ প্ৰকাশ বা মূল্য নিৰ্ধাৰণ সৰলতৰ কৰাৰ উদ্দেশ্য । বিশেষ প্ৰকাৰৰ প্ৰতীকৰ ব্যাপক ব্যৱহাৰৰ প্ৰচলন কৰে, সেইবাবে ইয়াক আধুনিক বা প্ৰতীকাত্মক তৰ্কবিজ্ঞান বোলে । 

আধুনিক তৰ্কবিজ্ঞানত গণিতশাস্ত্ৰৰ পদ্ধতি আৰু ৰীতি অনুসৰি পৰিৱৰ্তিত আৰু পৰিবৰ্ধিত তৰ্কবিজ্ঞানৰ শাখাটোৰ নামেই প্ৰতীকাত্মক তৰ্কবিজ্ঞান বা আধুনিক তৰ্কবিজ্ঞান । আধুনিক তৰ্কবিজ্ঞানীসকল গণিতজ্ঞ আছিল । সোতৰ শতিকাত দাৰ্শনিক গণিতজ্ঞ লাইবনিজে পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰা আধুনিক ৰূপত পৰিবৰ্ধিত কৰিব বিচাৰি পৰিকল্পনা কৰিছিল যদিও পৰিকল্পনা বাস্তবায়িক কৰিব পৰা সম্ভৱ নহ’ল । ঊনৈশ শতিকাৰ শেষভাগত আহি আধুনিক বা প্ৰতীকাত্মক তৰ্কবিজ্ঞান বিকাশ লাভ কৰিছিল । জৰ্জ বুল, আগাষ্টাচ ডে মৰ্গান, জেডনছ, পিয়াৰ্ছ, ৰাছেল, হোৱাইট হেড আদি তৰ্কবিজ্ঞানীসকলৰ সমবেত প্ৰচেষ্টাত প্ৰতীকাত্মক বা আধুনিক তৰ্কবিজ্ঞানে প্ৰসাৰ লাভ কৰিছিল ।

9 thoughts on “Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান”

  1. Bro I need some answers about political science but I can’t find political science answers and ques in Assamese plz fix this as soon as possible thank you

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top