Class 11 Environment Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Question Answer.
Class 11 Environment Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Notes for All Subjects, You can practice these here.
১২। বহনক্ষম উন্নয়ন কি ? অ – বহনক্ষম অৱস্থাৰ পৰা কেনেকৈ বহনক্ষম অৱস্থালৈ উত্তৰণ ঘটাব পাৰি ?
উত্তৰঃ পৰিবেশ অধোগমনে সম্প্রতি পৃথিৱীৰ অৰ্থনৈতিক উত্তৰণক অবহনক্ষম কৰি তুলিছে । বিশ্বৰ সকলোবোৰ দেশে মূলতঃ সৰ্বাথিক কৰাৰ আদৰ্শ অনুসৰণ কৰি অৰ্থনৈতিক উন্নতি সৰ্বাধিক কৰাৰ চেষ্টা চলাইছে । অন্য অৰ্থত পৃথিৱীৰ প্ৰতিখম দেশেখ অর্থনৈতিক প্রগতি সাধন কৰিবলৈ যাওঁতে প্রাকৃতিক সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰিছে যে , ভৱিষ্যৎ পুৰুষে ইয়াৰ সুবিধাৰ পৰা বঞ্ছিত হ’ব । বর্তমান সুখ ভোগ কৰা আদর্শব অনুকৰণে পৰিবেশৰ ওপৰত নেতিবাচক পৰিণামৰ সূচনা কৰিছে ৷ পৰিবেশৰ অৱনতিৰ বিনিময়ত যি অর্থনৈতিক উন্নতি সাধন হৈছে তাক অবহনক্ষম অর্থনৈতিক উন্নয়ন বোলা হয় ।
অবনক্ষমতাই বৰ্তমানৰ অৱস্থাত অক্ষতভাৱে ভৱিষ্যৎলৈ বৰ্তি নথকাটো সূচায় । গতিকে আজিৰ অৰ্থনৈতিক উন্নয়নক ভৱিষ্যতলৈকে অব্যাহত ৰাখিবলৈ এই বিশ্বক বিপদমুক্ত কৰি ৰাখিব লাগিব ৷ বিশ্বক বিপদমুক্ত কৰি ৰখাৰ প্ৰধান কৰণীয় হয় পৰিবেশ অধোগমন ৰোধ কৰাটো । ইয়াৰ বাবে প্রাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত মিতব্যয়িতা অৱলম্বন কৰিব লাগিব আৰু পৰিবেশ প্ৰদূষিত হোৱা কাৰকবোৰ চিনাক্ত কৰি সেইবোৰ ৰোধ কৰিব লাগিব ৷ এনেবোৰ ব্যৱস্থাৰ যোগেদি পৰিবেশক যদি ভবিষ্যৎ উন্নয়নৰ অনুকূল কৰি তুলিব পৰা যায় তেতিয়া বৰ্তমানৰ অবহনক্ষম উন্নয়নৰ পৰা বহনক্ষম উন্নয়নৰ পৰা বহনক্ষম উন্নয়নলৈ গতি কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল—
(ক) পৰিবেশীয় অধোগমন ৰোধ কৰিব লাগিব ।
(খ) প্রাকৃতিক সম্পদৰ ব্যৱহাৰ মিতব্যয়ী কৰি তুলিব লাগিব ।
(গ) আন্তঃপুৰুষ , আন্তঃআঞ্চলিক আৰু ব্যক্তিভিত্তিক অসমতা দূৰ কৰিব লাগিব ।
(ঘ) ভোগ , দৰিদ্ৰতাৰ পৰিৱৰ্তে বৌদ্ধিক উত্তৰণ ঘটিব লাগিব ।
(ঙ) এক মিতব্যয়ীত সৰল জীৱনৰ আদৰ্শ প্রতিষ্ঠা হ’ব লাগিব ।
(চ) উন্নত কৌশলৰ জৰিয়তে প্রাকৃতিক সম্পদৰ অপচয় কমাব লাগিব বা প্রাকৃতিক সম্পদৰ পৰা অধিক হোৱা লাভ কৰাৰ ব্যৱস্থা কৰিব লাগিব ।
(ছ) জনসংখ্যাৰ অনুপযুক্ত বৃদ্ধি ৰোধ কৰিব লাগিব ।
১৩। পৰিবেশ সুৰক্ষা সম্পৰ্কীয় আইন – কানুনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা ।
উত্তৰঃ পৰিবেশৰ বিভিন্ন দিশত হোৱা অৱনতিৰ বিষয়ে লক্ষ্য কৰি বিশ্বৰ বিভিন্ন দেশে পৰিবেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান আইন প্রণয়ন কৰিছে । পৰিবেশ সুৰক্ষাৰ আইন – কানুনসমূহৰ উৎপত্তি স্থল হৈছে ৰাষ্ট্ৰসংঘ । ১৯৬৮ চনৰ ৩০ জুলাইৰ দিনা ‘ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে ’ আমাৰ বাসভূমি পৃথিৱীৰ মানৱীয় পৰিবেশৰ সমস্যাৰাজি পর্যালোচনা কৰিবলৈ এখন আন্তর্জাতিক সভা পথাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল । এই ঐতিহাসিক প্রস্তাৱটো সেই বছৰৰে ৩ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰি অনুমোদন জনায় । সেই প্রস্তাৱটোৰ কিছু অংশ এনেধৰণৰ –
“ সাধাৰণ পৰিষদ প্রতীয়মান হৈছে যে , আনুমানিক বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ উন্নয়নৰ ফলত মানুহ আৰু পৰিবেশৰ সম্বন্ধত এক সর্বাত্মক পৰিৱৰ্তনে গা কৰি উঠিছে । ” “
“এইটোও জ্ঞাত হৈছে যে , এই উন্নত ব্যৱস্থাই মানৱীয় পৰিবেশৰ সৰ্বাত্মক পৰিৱৰ্তনৰ মাধ্যমেৰে মানুহৰ প্ৰয়োজনীয় সম্পদৰ চাহিদা আৰু আশা – আকাংক্ষা পূৰণ কৰিবলৈ এক আশাতীত সুযোগ দিছে । ”
ৰাষ্ট্ৰসংঘৰ উপৰি উক্ত মূল আধাৰস্বৰূপ প্ৰস্তাৱটোত সংযোজিত অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে—
পার্থিব পৰিবেশৰ পৰিৱৰ্তিত পৰিস্থিতিত মানৱীয় পৰিবেশৰ অধোগতি, মানৱ সমাজৰ অর্থনীতি আৰু সামাজিক অৱস্থা , আন্তর্জাতিক সমন্বয় , পৰিবৰ্তিত অৱস্থাৰ অধ্যয়ন আৰু গৱেষণা , ৰাষ্ট্ৰসংঘৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সুসংহত ব্যৱস্থাৱলী প্রকৃতি আৰু প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণ , ৰাষ্ট্ৰীয় , আঞ্চলিক আৰু আন্তর্জাতিক পর্যায়ত সুসমন্বয় , ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমন্বয়সূচক আঁচনি , বিশ্ববাসীৰ প্ৰকৃতি আৰু পৰিবেশ সম্বন্ধে ধাৰণা আৰু অনুভূতি ।
অৱশ্যে গোলকীয় ভিত্তিত পৰিবেশ সুৰক্ষাৰ সজাগতা সৃষ্টি হয় ১৯৭২ চনৰ চুইডেনৰ ষ্টকহমত হোৱা সংযুক্ত ৰাষ্ট্ৰৰ মানৱজাতি আৰু পৰিবেশৰ বিষয়ে হোৱা অভিৱৰ্তনৰ পাছৰ পৰা । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এই প্ৰস্তাৱমর্মে বিশ্বৰ ২৮ খন দেশ আৰু অভিজ্ঞ আৰু দক্ষতাপূর্ণ প্রতিনিধিৰ উপস্থিতিত ১৯৭২ চনৰ ৫ জুনৰ পৰা ১৬ জুন পর্যন্ত সুদীৰ্ঘ বাৰ দিন ধৰি এই পৰিবেশ মহাসভাখন ষ্টকহমত অনুষ্ঠিত হৈছিল । এই আন্তর্জাতিক সভাত বিশ্ববাসীৰ বাবে নিম্নোলিখিত সূচনাখন জাৰি কৰা হয়—
“ মানুহ হৈছে তেওঁৰ নিজৰ পৰিবেশৰ স্ৰষ্টা আৰু ৰূপান্তকাৰী আৰু এনেকৈয়ে তেওঁ নিজৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু আহিলা আহৰণ কৰি আহিছে আৰু সেই পৰিবেশতেই তেওঁ বৌদ্ধিক , চাৰিত্রিক , সামাজিক আৰু আধ্যাত্মিকভাৱে আগুৱাই যাবলৈ সুযোগ পাইছে । মানুহে সুদীৰ্ঘ কালৰ জটিল বিৱৰ্তনৰ পথেৰে গতি কৰোঁতে বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ বৰ্তমানৰ এক গতিশীল উল্লেখনীয় ধাদৰাত উপনীত হৈছেহি আৰু মানুহেই প্রকৃতি আৰু পৰিবেশক বিচাৰবিহীন আৰু অস্বাভাৱিকভাৱে ৰূপান্তৰিত কৰিবলৈ এক শক্তি পাইছে । প্রকৃতিপ্রদত্ত আৰু মানুহৰ বাবে সৃষ্ট এই দুয়োটা অৱস্থাই মানৱ সমাজৰ কল্যাণ আৰু ভোগ – বিলাসৰ বাবে আৱশ্যক ।
বিশ্ববাসীৰ কল্যাণ আৰু অৰ্থনৈীতক উন্নয়নৰ বাবে মানৱীয় পৰিবেশৰ সুৰক্ষা আৰু উন্নতি সাধন অতি গুৰুত্বপূৰ্ণ দিশ । এইক্ষেত্ৰত সকলো চৰকাৰৰে দায়িত্ব থকাটো উচিত ।
এই নীতি নিৰ্ধাৰক সুদীৰ্ঘ প্ৰস্তাৱনাটোত সন্নিৱিষ্ট হোৱা আন কেতবোৰ দিশ হৈছে—
প্ৰতিখন সদস্য ৰাষ্ট্ৰই পৰিবেশ সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ , পৰিবেশৰ সমস্যাৱলীৰ অনুধাৱন আৰু প্ৰতিবেদন যুগুত কৰা , আন্তর্জাতিক সমন্বয় , পৰিবেশ সংৰক্ষণধর্মী উন্নয়নৰ নীতি আৰু আইন – কানুন ৰচনা কৰি সেইবোৰ বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰি পৰিবেশ সুৰক্ষাৰ মাধ্যমেৰে ঔদ্যোগিক প্ৰগতি তথা উন্নয়ন প্রক্রিয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত সুস্পষ্ট নীতি নিৰ্ধাৰণ কৰা ।
প্ৰকৃতাৰ্থত ৰাষ্ট্ৰসংঘৰ উপৰি উক্ত প্ৰস্তাৱনাসমূহ আৰু ১৯৭২ চনৰ ষ্টকহম মহাসভাৰ গৃহীত হোৱা সূচনাৱলীয়েই হৈছে আধুনিকযুগৰ আন্তর্জাতিক পৰিবেশ সংৰক্ষণৰ নীতিৰ ভেটি । এই আন্তর্জাতিক প্ৰস্তাৱসমূহ তথা সূচনাৱলীৰ ভিত্তিতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহত পৰ্যায়ক্রমে পৰিবেশ সুৰক্ষা নীতি আৰু আইনসমূহ ৰচনা কৰা হৈছে ।
১৪। ভাৰতত পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত কি কি আইন – কানুন আছে আলোচনা কৰা ।
উত্তৰঃ ভাৰতত পৰিবেশ ৰক্ষাৰ আইন – কানুনসমূহ ষ্টকহম আন্তর্জাতিক মহাসভাৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে । অৱশ্যে ব্ৰিটিছৰ শাসন কালতো ভাৰতৰ কেন্দ্ৰত বা বিভিন্ন প্ৰদেশত পৰিবেশ সুৰক্ষাৰ বাবে ভালেমান আইন প্রণয়ন হৈ আহিছে । এইবিলাকৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল ভাৰতীয় মীন আইন , ভাৰতীয় বন্দৰ আইন , ১৯০৭ , যান – বাহন আইন ইত্যাদি প্রধান ।
মুখ্যত ষ্টকহম অভিৱৰ্তনৰ পিছৰ পৰাহে আচলতে এই আইনবিলাক কাৰ্যকৰী কৰা হয় বা গুৰুত্ব লাভ কৰে । পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা আইনবোৰ হ’ল জল প্ৰদূষণ আৰু নিয়ন্ত্রণ আইন , ১৯৭৪ , বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন , ১৯৮১ , পৰিবেশ ৰক্ষা আইন , ১৯৮৬ আৰু যান – বাহন আইন ১৯৮৮ ইত্যাদি।
তাৰ থূলমূল আভাস এটি দিয়া হ’ল—
(ক) পানী প্ৰদূষণ আৰু নিয়ন্ত্রণ আইন :- ভাৰতৰ সংসদে ১৯৭৪ চনৰ ২৩ মাৰ্চৰ পৰা প্রযোজ্য হোৱাকৈ এই আইন প্রণয়ন কৰে । এই আই ৰূপায়ণ কৰিবলৈ ১৯৭৪ চনৰ চেপ্তেম্বৰ মাহত জল প্ৰদূষণ প্ৰতিৰোধ পৰিষদ গঠন কৰা হয় । এই আইন সংশোধন হয় ১৯৮৮ চনত । কেন্দ্ৰীয় ৰাজ্যিক প্ৰদূষণ প্ৰতিৰোধ পৰিষদে এই বিষয়টো চোৱা চিতা কৰে ৷
(খ) বায়ু প্ৰদূষণ আইন এই আইনখন ১৯৮১ চনৰ ১৬ মে ’ তাৰিখৰ পৰা বলৱৎ কৰা হৈছে । ১৯৮৭ চনত এই আইনখন সংশোধন কৰা হয় আৰু এই আইনৰ বিভিন্ন দিশসমূহ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হয় । এই সংশোধিক আইনৰ অৱধিৰ ভিতৰত শব্দকো ( প্ৰদূষণ ) সামৰা হৈছে ৷
(গ) পৰিবেশ ( ৰক্ষা ) আইন , ১৯৮৬ :- পৰিবেশ আৰু ইয়াৰ লগত জড়িত বস্তুবিলাকৰ সুৰক্ষ তথা উন্নতিৰ বাবে এই আইন জাৰি কৰা হৈছে । এই আইনৰ যোগে কেন্দ্ৰীয় চৰকাৰক পৰিবেশৰ উন্নতি আৰু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰা হৈছে । এই আইনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ উন্নয়ন আৰু প্ৰদূষণ ৰোধৰ বাবে পৰিকল্পনা কৰা আৰু ইয়াক কামত খঁটুওৱাৰ ক্ষমতা থাকিব ।
(ঘ) যান – বাহন আইন :- এই আইনখন ১৯৮৮ চনত চৰকাৰে কাৰ্যকৰী কৰে ।
(ঙ) বন্যপ্রাণী সুৰক্ষা আইন , ১৯৭২ :- ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বন্যপ্রাণী সংস্থাৰ পৰামৰ্শ অনুযায়ী ১৯৭২ চনত ব্যৱপ্ৰাণী ( সুৰক্ষা ) আইন প্রণয়ন কৰে । এই আইনমতে , বনৰীয়া জন্তুক বন্দী কৰা , গুলীওৱা বা ৰখা , সিহঁতৰ মাংস পৰিবেশন কৰা , বন্যপ্ৰাণীৰ পৰিবহন কৰা বা ৰপ্তানি কৰা ইত্যাদি নিয়ন্ত্ৰণ তথা বন্ধ কৰা হৈছে । এই আইন মতে বিপদাপন্ন আৰু বিলুপ্তপ্রায় প্রাণীসমূহক সম্পূর্ণ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে ।
(চ) অৰণ্য ( সংৰক্ষণ ) আইন , ১৯৮০ :- ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাটো ৰোধ কৰিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অৰণ্য ( সুৰক্ষা ) আইন , ১৯৮০ প্রণয়ন কৰে । এই আইন মতে অৰণ্য ভূমিক আন কাম ব্যৱহাৰ কৰিবলৈ হ’লে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন । এই আইনখন ১৯৮৮ চনত সংশোধন কৰা হয় । এই আইন মতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অবিহনে গছ – গছনি কটা নিষিদ্ধ কৰা হৈছে আৰু আইন ভংগকাৰীলৈ কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা ৰখা হৈছে ।
১৫। পৰিবেশীয় আইন বলৱ কৰিবলৈ যাওঁতে কেনেবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ?
উত্তৰঃ পৰিবেশ সুৰক্ষাৰ দিশত প্ৰায়বোৰ দেশতে কেতবোৰ আইন প্রণয়ন কৰা হৈছে । এই আইনসমূহ বলৱৎ কৰিবলৈ সংশ্লিষ্ট বিভাগে কেতবোৰ মান ( standard ) নিৰ্ধাৰণ কৰে ৷ অর্থনৈতিক উন্নতিৰ স্বাৰ্থত কিছু পৰিমাণে পৰিবেশীয় অৱনতি স্বীকাৰ কৰা হয় । ইয়াকে পৰিবেশীয় মানদণ্ড বোলা হয় ।
পৰিবেশ সম্পৰ্কীয় আইনসমূহ বলৱৎ কৰিবলৈ যাওঁতে উদ্ভৱ হোৱা সমস্যাবোৰ হল –
(ক) আইনসমূহ বলৱৎ কৰিবলৈ যাওঁতে পৰিবেশীয় অৱনতি সঠিক ৰূপত নিৰূপণ কৰাটো সম্বৱ নহয় ৷ উদাহৰণস্বৰূপে কোনো এটা অঞ্চলৰ নিম্ন আকাশমাৰ্গত কিমান ধূলিকণা থাকে সেইটো সদায় নির্দিষ্ট নহয় ৷
(খ) পৰিবেশীয় সমস্যাবোৰ সকলো ঠাইতে একে ধৰণৰ নহয় ৷ ৰাজ্য বা অঞ্চলভেদে ইয়াৰ প্ৰকাৰ আৰু তীব্রতা ভিন ভিন হয় । তদুপৰি এক নিৰ্দিষ্ট মাত্ৰাৰ প্ৰদূষণে সকলো অঞ্চলত সমানে জনসাধাৰণক আক্ৰান্তনকৰে । এনে অৱস্থাত পৰিবেশীয় আইনসমূহ জনসাধাৰণৰ বাবে বলৱৎ কৰিব নোৱাৰি । এখন দেশৰ অঞ্চলভেদে আইনৰ ধাৰা সুকীয়া হোৱাটো প্রয়োজন হয় ।
(গ) পৰিবেশীয় আইন বলৱত্ত থকা ভিন্নতাই অনুন্নত অঞ্চলবোৰক প্ৰদূষণ স্বৰ্গৰ ( Pollution heaven ) অৱস্থা প্ৰদান কৰিছে । উদাহৰণস্বৰূপে মুম্বাই , মাদ্রাজ , দিল্লী , ইত্যাদিত প্ৰদূষণৰ দিশৰ পৰা ধাৰণা কৰা মানবোৰ উত্তৰ পূৰ্বাঞ্চললৈ চালান কৰা হয় , ইয়াৰ পৰিণামস্বৰূপে প্ৰদূষণ সূচনা কৰা যান – বাহন , কল – কাৰখানা এই অঞ্চললৈ সঞ্চালন হৈ নতুন সমস্যাৰ সুচনা কৰে ।
(ঘ) পৰিবেশ সম্পৰ্কীয় আইন বলৱৎ কৰিবলৈ যাওঁতে উদ্যোগ, কল – কাৰখানা ইত্যাদিব পৰা সঠিক তথ্য পাব লাগিব । কিন্তু সাধাৰণতে এনে তথ্য যোগান ধৰোঁতে প্ৰদূষণকাৰ মিথ্যাৰ আশ্ৰয় লয় ।
(ঙ) পৰিবেশ সম্পৰ্কীয় আইন বলৱৎ কৰাৰ বাবে এটা দক্ষ , নিকা প্রশাসনিক বিভাগৰ প্রয়োজন ৷ ভাৰতৰ দৰে উন্নয়নশীল দেশত এনে বিভাগ পোৱাটো দুৰুহ । ফলত এই আইনসমূহ কাৰ্যকৰী হোৱাত বাধাগ্রস্থ হয় ৷
(চ) পৰিবেশ সম্পৰ্কীয় আইনসমূহ বলৱ কৰোঁতে সাধাৰণতে কিছুমান লোক আক্রান্ত হয় । উদাহৰণস্বৰূপে গছকটা নিষিদ্ধ কৰাৰ ফলত এই বৃত্তিত নিয়োজিত লোকসকল ক্ষতিগ্রস্ত হয় ।
(ছ) এই আইনসমূহ বলৱ কৰোঁতে আর্থ – সামাজিক অৱস্থাৰ কথা সাধাৰণতে বিবেচনা কৰা নহয় । দৰিদ্ৰতা নিবাৰণৰ অবিহনে পৰিবেশ সুৰক্ষাৰ উদ্দেশ্য সফল নোহোৱাই স্বাভাৱিক । পৰিবেশ বিনষ্ট হ’লে মানুহৰ অপকাৰ হোৱাটো এক দীঘলীয়া ঘটনা ৷
(জ) পৰিবেশীয় মান নিৰ্ধাৰণত থকা বৈষম্যইও এনে আইন বলৱ কৰাত সমস্যাৰ সৃষ্টি কৰে ৷ উদাহৰণস্বৰূপে চৰকাৰী বননীতি অনুসৰি পাহাৰীয়া অঞ্চলত মুঠ মাটিকালিৰ ৬৬ শতাংশ আৰু ভৈয়ামত মুঠ মাটিকালিৰ ৩৩ শতাংশত বনাঞ্চল থাকিব লাগে ৷ কিন্তু পাহাৰীয়া জনজাতিবিলাকে বিশেষকৈ উত্তৰ – পূৰ্বাঞ্চলত এই সিদ্ধান্তত সন্তুষ্ট নহয়৷ এনে মনোভাৱে পৰিবেশীয় আইনসমূহ বলৱৎ কৰাত জনসাধাৰণৰ সহযোগ আদায় কৰাত বাধা জন্মায় ।
(ঝ) ৰাজনৈতিক স্বার্থইও পবিশেীয় আইন বলৱৎ কৰাত বাধা জন্মায় । উদাহৰণস্বৰূপে অসমৰ প্ৰায়বোৰ সংৰক্ষিত বনাঞ্চল মানুহৰ বসতিৰ কবলত । বনাঞ্চল ধ্বংস কৰি মানুহে বসতি কৰাৰ আঁৰত আছে বন বিভাগৰ অকর্মণ্যতা , অদূৰদৰ্শিতা আৰু দক্ষতাহীনতা ।
১৬। পানী সংৰক্ষণৰ গুৰুত্ব আৰু উপায়সমূহ ব্যাখ্যা কৰা ৷
উত্তৰঃ গৱেষণামূলক অনুসন্ধানৰ পৰা দেখা গৈছে যে , অনাগত দিনবোৰত পৃথিৱীৰ বহু অঞ্চলৰ পানীৰ নাটনি হ’ল ।
পানীৰ অভাৱৰ এটা প্ৰধান দিশ হ’ল ভূ – গৰ্ভৰ পানীৰ স্তৰ তললৈ নামি যোৱাটো । পানীৰ অভাৱত এনেদৰে উদ্ভৱ হোৱা সমস্যা কিছু পৰিমাণে লাঘৱ কৰিব পাৰি পানীৰ সংৰক্ষণৰ জৰিয়তে । পানীৰ সংৰক্ষণে ইয়াৰ অপচয় ৰোধ আৰু সঠিক ব্যৱহাৰত বুজায় । কিন্তু জনসংখ্যা বৃদ্ধিৰ বিপৰীতে পানীৰ চাহিদা ক্রমশঃ বৃদ্ধি পাইছে । উদাহৰণস্বৰূপে ভাৰতৰ কথাকে ক’ব পাৰি ।
পানীৰ উল্লেখিত নাটনি দূৰ কৰিবলৈ পানীৰ সংৰক্ষণ কৰিব লাগিব । পানী সংৰক্ষণৰ বিভিন্ন উপায়বোৰ হ’ল —
(ক) ৰাজস্থানত পানীৰ সংৰক্ষণৰ বাবে অৱলম্বন কৰা এটা পৰম্পৰাগত পদ্ধতি হ’ল ঘৰৰ ছালৰ পানী এটা পাইপেৰে কাষত সাজি থোৱা চৌবাচ্চাত পেলোৱা হয় আৰু সেই জমা হোৱা পানী ঘৰুৱা কামত ব্যৱহাৰ কৰা হয় ।
(খ) গুজৰাটৰ কুচ্ছ জিলাত বসবাস কৰা লোকে কিছুমান বাম নাদ খান্দি সেই নাদবোৰত বৰষুণৰ পানী জমা কৰি থয় । এইদৰে জমা হোৱা পানী মাটিয়ে শুহি লোৱাৰ পাছত ই ভূ – গৰ্ভৰ লৱণযুক্ত পানীৰ ওপৰত অৱস্থান লাভ কৰে । এই পানী ঘৰৱা ব্যৱহাৰৰ উপযোগী হৈ পৰে ৷
(গ) আমাৰ দেশৰ বিভিন্ন অঞ্চলত জলসিঞ্চনৰ বাবে বিভিন্ন ধৰণে পানী সংগ্ৰহ আৰু সংৰক্ষণ কৰা হয় । উদাহৰণস্বৰূপে লাডাখত আবেলি যেতিয়া বৰফবিলাক গলি পানী হৈ যায় তাক নলাত সংৰক্ষণ কৰি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয় ৷
(ঘ) উত্তৰ – পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলবোৰত বাঁহেৰে সজা নলীৰে শিলৰ পৰা নিজৰ ওলোৱা পানী সংগ্ৰহ কৰি মজুত কৰা হয় । এনে পানী খেতিপথাৰত আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয় ৷
(ঙ) বাংলাদেশ আদিৰ দৰে দেশত পানী সংৰক্ষণৰ বাবে এতিয়াও বৃহৎ আকাৰত পুখুৰী খণ্ডা হয় ৷ বাৰিষা সেই পুখুৰীবোৰ পানীৰে পূৰ কৰি পিছত ব্যৱহাৰ কৰা হয় ৷
(চ) পাহাৰৰ পাদদেশ অঞ্চলত বিশেষকৈ খৰালি পাহাৰী নিজৰাবোৰত বান্ধ দি পানী শস্য পথাৰলৈ বোৱাই দিয়া হয় ।
(ছ) অসমত পানী সংৰক্ষণৰ আন এটা পৰম্পৰাত ব্যৱস্থা হল বাৰীত চাৰিওফালে গড় খাৱৈ খন্দা । এই খাৱৈবোৰত বাৰিষা পানী জমা হৈ খৰাং দিনত এই পানী গৰু – ম’হ , হাঁহ , কুকুৰাৰ বাবে প্ৰয়োডন হয় । তাৰ উপৰি এই পানীৰ পৰা খেতিপথাৰবিলাক জীপাল কৰি জলসিঞ্চনৰ সুবিধা প্ৰদান কৰে ।
(জ) পুৰণি কালত কিছুমান ঠাইত বাৰিষা ডাঙৰ ডাঙৰ পুখুৰী বা কুৱা খান্তি তাত পানী জমা কৰি ৰাখিছিল । পিছত পানীৰ নাটনিৰ সময়ত সেই বানী ব্যৱহাৰ কৰিছিল ৷
পানীৰ সংৰক্ষণ বোলোতে কেৱল বৰষুণৰ পানীৰ সংৰক্ষণ আৰু নৈ , নিজৰাৰ পানী কামত লগোৱাটোকে নুবুজায় , একে সময়তে ই ভূ – গৰ্ভৰ পানীৰ অপচয় ৰোধ কৰাটোকো বুজায় । কোনো কামত নলগোৱাকৈ বৰষুণৰ পানী বৈ যাবলৈ দিয়াটো যেনেকৈ অপচয় ঠিক সেইদৰে ভূ – গৰ্ভৰ পানী ব্যয়বহুলভাৱে খৰছ কৰাটোও অপচয়মূলক ৷ সেয়েহে ঘৰুৱা কামত বা খেতি – বাতিৰ কামত পানী ব্যৱহাৰ কৰোঁতে মিতব্যয়ী হোৱাটো প্ৰয়োজন আৰু অবাবত পানী নষ্ট কৰাৰ পৰা বিৰত থকা উচিত ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.