Class 11 Environment Chapter 6 সামাজিক বিষয় আৰু পৰিবেশ

Class 11 Environment Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Question Answer.

Class 11 Environment Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 6 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Notes for All Subjects, You can practice these here.

অতিৰিক্ত প্রশ্নোত্তৰ

১। পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৭৫ চনত বলবৎ কৰা আইনখন কেতিয়া সংশোধন কৰা হয় ? 

উত্তৰঃ ১৯৭৮ চনত । 

২। “ জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ শুল্ক আইন ১৯৭৭ ’ কেতিয়া বলবৎ কৰা হয় ? 

উত্তৰঃ ১৯৭৮ চনৰ ১ লা এপ্ৰিলৰপৰা । 

৩। ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সন্মিলনৰ মানৱ পৰিবেশ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ছুইডেনৰ ষ্টকহ’মত ।

৪। ভাৰতবৰ্ষৰ পৰিবেশ ( সংৰক্ষণ ) আইন কেতিয়া বলবৎ হয় ? 

উত্তৰঃ ১৯৮৬ চনত । 

৫। জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ সপ্তম অধ্যায়ত সন্নিৱিষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰাকেইটা উল্লেখ কৰা ৷ 

উত্তৰঃ ২৪ , ২৫ , ২৬ নং ধাৰা । 

৬। ভূ – পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ পৰিণামৰ বিষয়ে আলোচনা কৰা ৷ 

উত্তৰঃ সেউজ গৃহৰ পৰিঘটনাৰ বাবে ভূ – পৃষ্ঠৰ বৃদ্ধি পায় । মানুহে প্রায়ে সেউজ গৃহৰ ভিতৰত কৃত্রিমভাৱে পৰিৱেশৰ উষ্ণতা বৃদ্ধি কৰি গছ – গজাবৰ বাবে সেউজ গৃহ পৰিঘটনাৰ সহায় লয় । এই কৃত্রিম সেউজ গৃহৰ দৰেই পৃথিৱীৰ বায়ুমণ্ডল অতিক্রম কৰি পৃথিৱীৰ উপৰিভাগৰ পৰা সূৰ্যৰ অপশক্তি প্রথমে মাটি আৰু পানীয়ে শোষণ কৰি লয় । ইয়াৰ পিছত সিহঁতে অৱহেলিত ৰূপত তাপখিনি বিকিৰণ কৰে । এনে বিকিৰণৰ তাপ বায়ুমণ্ডলত থকা পানীৰ কণিকা , কার্বনডাই অক্সাইজ , নাট্ৰাছ অক্সাইড , মিথেন আদি গেছ শোষণ কৰি লয় । সেয়ে পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকি যায় । সেই সেউজ গৃহ গেছে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক এখন কম্বলৰ দৰে আৱৰি ৰাখে । যাৰ ফলত পৃথিৱীৰ উপবিভাগত উষ্ণতা গড়ে ৰপ্ত ডিগ্রী চেণ্টিগ্রেড হৈ থাকে । যিটো জীৱজগতৰ বাবে অনুকূল ।

মানুহৰ কাৰ্যকলাপৰ ফলত যেনে – মানৱ সৃষ্ট উদ্যোগীকৰণৰ ফলস্বৰূপে যান – বাহন , কল – কাৰখানা , শক্তি উৎপাদন প্রকল্প , বিভিন্ন জীৱশ্মৰ ওপৰত নিৰ্ভৰশীল । কয়লা , খনিজ তেল , প্রাকৃতিক গেছ আদিৰ পৰা মিথেন , কার্বনডাই অক্সাইড আদি গেছ বায়ুমণ্ডললৈ মুহূর্তে মুহূর্তে নিৰ্গত হৈ থাকে । ইয়াৰোপৰি দ্ৰুত গতিত হাবি – জংঘলবোৰ ধ্বংস কৰাৰ ফলত তাপ শোষণ কৰিব পৰা ক্ষমতা থকা সেউজ গৃহৰ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে । এই সেউজ গৃহ গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পোৱাৰ লগে লগে ইহঁতে অধিক তাপ শোষণ কৰি ৰাখিব পাৰে যাৰ ফলস্বৰূপে পৃথিৱীৰ ওপৰিভাগ অধিক উত্তাপিত হৈ পৰিব । 

ভূ – পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম :- বিজ্ঞানীসকলে নানা পৰীক্ষা – নিৰীক্ষা আৰু অধ্যয়ন কৰি মত পোষণ কৰিছে যে ভূ – পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ ক্রান্তিয় অঞ্চলতকৈ মেৰু অঞ্চলত বেছি হ’ব আৰু ইয়াৰ ফলত গ্ৰীণ লেণ্ড , চুইডেন , আইচ লেণ্ড , ফিনলেণ্ড , চাইবেৰিয়া আদি অঞ্চলবোৰ বেছি ক্ষতিগ্রস্ত হ’ব । বিজ্ঞানীসকলে আকৌ মত পোষণ কৰে যে , আজিৰ পৰা ৩০ ৰ পৰা ৮০ বছৰৰ ভিতৰত এণ্টার্কটিকা মহাদেশৰ বৰফ গলি পানীত পৰিণত হ’ব আৰু মৰু অঞ্চলৰ বৰফবোৰ গলি সমুদ্র পৃষ্ঠৰ উচ্চতা বাঢ়ি পৃথিৱীৰ নিম্ন ভূমি অঞ্চল পানীৰে উপচি পৰি বানপানীৰ বিভীষিকাৰ সৃষ্টি কৰিব ৷ 

তদুপৰি আগৰ লুণীয়া পানী মহাদেশৰ জলৰাশিৰ সৈতে মিহলি হৈ সাগৰৰ উপকূলৰ লগতে তট ভূমিৰো পৰিৱৰ্তন ঘটাব । বিজ্ঞানীসকলে অনুমান কৰিছে যে আজিৰ পৰা ২৫ বছৰৰ ভিতৰত ১.৫ ৰ পৰা ৩.৫ মিটাৰ ওপৰলৈ উঠিব যাৰ ফলত সাগৰীয় উপকূলীয় অঞ্চলসমূহ বানপানীৰ দ্বাৰা ভয়াবহভাৱে ক্ষতিগ্রস্ত হ’ব । বাংলাদেশৰ প্ৰায় ১৫ নিযুত লোকে বৰ্তমানৰ বাসস্থান এৰিব লগাত পৰিব । লাক্ষাদ্বীপৰ বহু অংশ পানীত ডুব যাব । মালদ্বীপ সম্পূৰ্ণৰূপে পানীত ডুব যাব । গতিকে দেখা যায় যে উচ্চতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্ৰ বিনষ্ট কৰিব । ফলত জীৱৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব আৰু জীৱজগতৰ পৰা বহুতো জীৱ বিলুপ্ত ঘটিব ।

৭। পতিত ভূমিৰ উৎপত্তিৰ বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে লিখা । 

উত্তৰঃ পতিত ভূমি বুলি ক’লে আমি অর্থনৈতিক ভাৱে উৎপাদনহীন , পৰিস্থিতিক দেশৰ পৰা অনুপযুক্ত আৰু পাৰিপাশ্চিকভাৱে অধোগামী ভূমিকে বুজা যায় ৷ ভাৰতবৰ্ষত মুঠ মাটিকালিৰ আধাৰো বেছি ভূমি পতিত ভূমি । এই পতিত ভূমিবোৰৰ ভিতৰত একাংশ পাহাৰীয়া ভূমি , একাংশ মৰুভূমি আৰু একাংশ বৰফেৰে আবৃত্ত ভূমি । পতিত ভূমিৰ প্ৰসাৰণ দুটা কাৰকৰ ফলত ঘটে । যেনে – মানৱ সৃষ্ট আৰু প্ৰাকৃতিক কাৰক । প্রাকৃতিক কাৰকৰ দ্বাৰা গঠিত হোৱা পতিত ভূমিৰ ভিতৰত শিলাময় ভূমি , ওখোৰা মুখোৰা ভূমি , বৰফেৰে আবৃত্ত ভূমি , সাগৰীয় উপকূলৰ লৱণুযুক্ত ভূমি ইত্যাদিয়ে প্রধান । 

মানৱ সৃষ্ট :- মানৱ সৃষ্ট পতিত ভূমিৰ ভিতৰত নৰ্দমা , মথাউৰি , পথ – ঘাট ইত্যাদি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ভূমি , পাহাৰীয়া ঝুম খেতিৰ বাবে ব্যৱহাৰ কৰি এৰি দিয়া ভূমি ইত্যাদি উল্লেখযোগ্য । মানৱ সৃষ্ট পতিত ভূমিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত মানুহে কৰা বনাঞ্চলৰ ধ্বংস , বনাঞ্চলৰ মাত্ৰাধিক ব্যৱহাৰ , অনুপযুক্ত জনসিঞ্চন ইত্যাদিয়ে প্রধান । 

পতিত ভূমি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আৰু দুটা কাৰকে অৰিহণা যোগায় ৷ সেই দুটা হৈছে ভূমিস্খলন আৰু মুক্ত খনন কার্য । 

৮। অত্যাধিক জনসংখ্যাই এখন দেশৰ উন্নয়নত কেনেদৰে প্ৰভাৱ পেলায় ? 

উত্তৰঃ অত্যাধিক জনসংখ্যা বা বৰ্দ্ধিত জনসংখ্যাই এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ লগতে অন্যান্য দিশত নেতিবাচক প্রভাৱ পেলায় ৷ 

ইয়াৰ প্ৰধান কাৰণবোৰ তলত উল্লেখ কৰা হ’ল— 

(ক) দেশত জনসংখ্যা বৃদ্ধিৰ তুলনাত মৃত্যুৰ হাৰ কমিছে আৰু ইয়াৰ লগে লগে উপযুক্ত কর্মক্ষম ব্যক্তিৰ সংখ্যাও কমিছে । ফলত মূলধন গঠনৰ পৰিমাণো কমিছে । কিয়নো আয়ৰ অধিকাংশ জীৱন ধাৰণত খৰচ কৰিব লগা হৈছে । 

(খ) বৰ্দ্ধিত জনসংখ্যাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আৰ্থ – সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত , বাসস্থানৰ ক্ষেত্ৰত প্রাপ্ত সম্পদ অধিকাংশ খৰচ কৰিবলগীয়া হোৱাত উৎপাদনমূলক কাৰ্যৰ বাঞ্চিত বৃদ্ধি হোৱা নাই । 

(গ) জনসংখ্যা বৃদ্ধিৰ ফলত শ্রমিকৰ পৰিমাণ বৃদ্ধি পালেও গুণগত শ্রমিকৰ অভাৱ আৰু উপযুক্ত উৎপাদন থলীৰ অভাৱত উৎপাদনশীলতা বৃদ্ধি পোৱাতকৈ নিম্নগামী হোৱাহে দেখা যায় । 

(ঘ) জনসংখ্যা বৃদ্ধিৰ ফলত পৰিৱেশ বিনষ্ট হৈছে আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো বহনক্ষমতা হ্রাস পাইছে । 

(ঙ) বৰ্দ্ধিত জনসংখ্যাৰ ফলত কৃষি ভূমিক ক্ষুদ্র ক্ষুদ্র গোটত বিভক্ত কৰিবলগীয়া হৈছে । যাৰ ফলত কৃষিকাৰ্যৰ উৎপাদন হ্রাস পাইছে । 

(চ) দিনক দিনে বৃদ্ধি পোৱা বৰ্দ্ধিত জনসংখ্যাৰ ফলত খাদ্য নাটনিৰ সমস্যাই দেখা দিছে । যাৰ ফলত দেশে এই বিষয়ত বিদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । ইয়াৰ ফলত বৈদেশিক লেন – দেন পৰিশোধৰ অশুভ পৰিণামৰ সন্মুখীন হ’বলগা হয় । তদুপৰি খাদ্য শস্যৰ নাটনিয়ে পুষ্টিহীনতা বৃদ্ধি কৰি মানুহৰ উৎপাদনক্ষমতাও কমায় ৷ 

৯। ভূ – পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম সম্পর্কে চমুটোকা লিখা । 

উত্তৰঃ সেউজ গৃহৰ পৰিঘটনাৰ বাবে ভূ – পৃষ্ঠৰ উত্তাপ বৃদ্ধি পায় । মানুহে প্রায়ে সেউজ গৃহৰ ভিতৰত কৃত্ৰিমভাৱে পৰিৱেশৰ উষ্ণতা বৃদ্ধি কৰি গছ – গজাবৰ বাবে সেউজ গৃহ পৰিঘটনাৰ সহায় লয় । এই কৃত্রিম সেউজ গৃহৰ দৰেই পৃথিৱীৰ বায়ুমণ্ডল অতিক্রম কৰি পৃথিৱীৰ উপৰিভাগৰ পৰা সূৰ্যৰ অপশক্তি প্রথমে মাটি আৰু পানীয়ে শোষণ কৰি লয় । ইয়াৰ পিছত সিহঁতে অৱহেলিত ৰূপত তাপখিনি বিকিৰণ কৰে । এনে বিকিৰণৰ তাপ বায়ুমণ্ডলত থকা পানীৰ কণিকা , কার্বনডাই অক্সাইজ , নাট্ৰাছ অক্সাইড , মিথেন আদি গেছ শোষণ কৰি লয় । সেয়ে পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকি যায় । সেই সেউজ গৃহ গেছে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক এখন কম্বলৰ দৰে আৱৰি ৰাখে । যাৰ ফলত পৃথিৱীৰ উপৰিভাগত উষ্ণতা গড়ে ৰপ্ত ডিগ্ৰী চেণ্টিগ্রেড হৈ থাকে । যিটো জীৱজগতৰ বাবে অনুকূল । 

মানুহৰ কাৰ্যকলাপৰ ফলত যেনে – মানৱ সৃষ্ট উদ্যোগীকৰণৰ ফলস্বৰূপে যান – বাহন , কল – কাৰখানা , শক্তি উৎপাদন প্রকল্প , বিভিন্ন জীৱশ্মৰ ওপৰত নিৰ্ভৰশীল ৷ কয়লা , খনিজ তেল , প্রাকৃতিক গেছ আদিৰ পৰা মিথেন , কার্বনডাই অক্সাইড আদি গেছ বায়ুমণ্ডললৈ মুহূর্তে মুহূর্তে নিৰ্গত হৈ থাকে । ইয়াৰোপৰি দ্ৰুত গতিত হাবি – জংঘলবোৰ ধ্বংস কৰাৰ ফলত তাপ শোষণ কৰিব পৰা ক্ষমতা থকা সেউজ গৃহৰ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে । এই সেউজ গৃহ গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পোৱাৰ লগে লগে ইহঁতে অধিক তাপ শোষণ কৰি ৰাখিব পাৰে যাৰ ফলস্বৰূপে পৃথিৱীৰ ওপৰিভাগ অধিক উত্তাপিত হৈ পৰিব । 

ভূ – পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম :- বিজ্ঞানীসকলে নানা পৰীক্ষা – নিৰীক্ষা আৰু অধ্যয়ন কৰি মত পোষণ কৰিছে যে ভূ – পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ ক্রান্তিয় অঞ্চলতকৈ মেৰু অঞ্চলত বেছি হ’ব আৰু ইয়াৰ ফলত গ্ৰীণ লেণ্ড , চুইডেন , আইচ লেণ্ড , ফিনলেণ্ড , চাইবেৰিয়া আদি অঞ্চলবোৰ বেছি ক্ষতিগ্রস্ত হ’ব । বিজ্ঞানীসকলে আকৌ মত পোষণ কৰে যে , আজিৰ পৰা ৩০ ৰ পৰা ৮০ বছৰৰ ভিতৰত এণ্টার্কটিকা মহাদেশৰ বৰফ গলি পানীত পৰিণত হ’ব আৰু মৰু অঞ্চলৰ বৰফবোৰ গলি সমুদ্র পৃষ্ঠৰ উচ্চতা বাঢ়ি পৃথিৱীৰ নিম্ন ভূমি অঞ্চল পানীৰে উপচি পৰি বানপানীৰ বিভীষিকাৰ সৃষ্টি কৰিব ৷ 

তদুপৰি আগৰ লুণীয়া পানী মহাদেশৰ জলৰাশিৰ সৈতে মিহলি হৈ সাগৰৰ উপকূলৰ লগতে তট ভূমিৰো পৰিৱৰ্তন ঘটাব । বিজ্ঞানীসকলে অনুমান কৰিছে যে আজিৰ পৰা ২৫ বছৰৰ ভিতৰত ৰ.প্ত ৰ পৰাপ্ত মিটাৰ ওপৰলৈ উঠিব যাৰ ফলত সাগৰীয় উপকূলীয় অঞ্চলসমূহ বানপানীৰ দ্বাৰা ভয়াবহভাৱে ক্ষতিগ্রস্ত হ’ব । বাংলাদেশৰ প্ৰায় ১৫ নিযুত লোকে বৰ্তমানৰ বাসস্থান এৰিব লগাত পৰিব । লাক্ষাদ্বীপৰ বহু অংশ পানীত ডুব যাব । মালদ্বীপ সম্পূর্ণৰূপে পানীত ডুব যাব । গতিকে দেখা যায় যে উচ্চতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্ৰ বিনষ্ট কৰিব । ফলত জীৱৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব আৰু জীৱজগতৰ পৰা বহুতো জীৱ বিলুপ্ত ঘটিব ।

১০। প্ৰদূষিত বায়ুৱে কেনেকৈ মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ? 

উত্তৰঃ নগৰ অঞ্চলত দিনক দিনে বৃদ্ধি পোৱা যান – বাহন , ঔদ্যোগিক ব্যৱস্থা , কল – কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱাৰ লগতে অন্যান্য প্ৰদূষণ সমূহে বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত কৰে ৷ উদ্যোগ , কল – কাৰখানা , যান – বাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু অন্যান্য প্ৰদূষকবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে আৰু মানুহৰ জীৱন যাত্ৰাত প্রতিকূল প্রভাৱ পেলায় । 

নগৰ অঞ্চলত বায়ু প্ৰদূষণৰ পৰিণামসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) বায়ু প্ৰদূষণে উদ্ভিদৰ বীজ অংকুৰণৰ সময়ত বায়ুৰ পৰা প্ৰদূষিত উপাদান ধাৰণ কৰিব পাৰে । ফলত খাদ্য শৃংকল প্ৰদূষিত হয় আৰু এনে খাদ্য ভক্ষণকাৰী জীৱ জন্তুবিলাকো প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈ নানা ৰোগত ভূগি মৃত্যুমুখত পৰিব পাৰে । 

(খ) বায়ু প্ৰদূষণৰ ফলস্বৰূপে আৱৰীয়া বৰষুণ , ধুমুহা , অতিমাত্ৰা ৰ’দ বৃদ্ধি পাই জীৱ জগতৰ জীৱন ধাৰণত সমস্যাৰ সৃষ্টি কৰিছে । 

(গ) বায়ু প্ৰদূষণৰ ফলত বিশেষ কাৰুকাৰ্যখচিত শিল্প কৰ্ম , কাচৰ আঁচবাব , ফাইবাৰ সামগ্ৰী আদি প্ৰদূষিত হৈ নষ্ট হেৱাৰ উপক্ৰম হৈছে । তদুপৰি বহুতো মূল্যবান ভাস্কর্য , ঐতিহাসিক ভৱন , দুৰ্গ আদিৰ সৌন্দৰ্যও ম্লান হৈ পৰাৰ উপক্ৰম হৈছে । 

(ঘ) নগৰ অঞ্চলত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ ফলতেই মানুহৰ হৃদ ৰোগ , শ্বাসৰোগ , ৰক্তচাপ আদি বিভিন্ন ৰোগৰ বলি হ’বলগীয়া হৈছে । বায়ু প্ৰদূষণৰ ফলতে বায়ুত নাট্ৰজেনৰ পৰিমাণ বৃদ্ধি হৈ নাট্ৰজেন অক্সাইড গেছ নির্গত হয় আৰু যাৰ ফলত মানুহ কাপ , পানীলগা , মূৰৰ কামুৰণি আদি ৰোগবিলাকৰ দ্বাৰা আক্ৰান্ত হয় । ইয়াৰোপৰি চিগাৰেটৰ ধোঁৱাই কেন্সাৰ , হৃদৰোগ , শ্বাস – প্রশ্বাসৰ ৰোগ বৃদ্ধি কৰিছে । প্লাষ্টিকৰ বস্তুৰ পৰা নিৰ্গত হোৱা গেছৰ ফলত কিডনি আৰু লিভাৰত ভুগিবলগা হৈছে । 

(ঙ) নগৰ অঞ্চলৰ কল – কাৰখানাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ু বিষাক্ত হৈ দুর্গন্ধময় অৱস্থাৰ সৃষ্টি কৰিছে । এনে দুৰ্গন্ধ বায়ুৰ জৰিয়তে মানুহ আৰু জীৱ – জন্তুৰ দেহত প্ৰৱেশ কৰাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটাও পৰিলক্ষিত হয় ।গতিকে বায়ু প্ৰদূষণৰ ফলত মানুহৰ , উদ্ভিদ , জন্তু , পশু – পক্ষী সকলোৱে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগা হৈছে । যাৰ ফলসত জৈৱ বৈচিত্র্যৰ অৱনতি ঘটিছে। 

১১। ভাৰতৰ উত্তৰ – পূব অঞ্চলটোক কিয় জৈৱ বৈচিত্র্যৰ উষ্ণ অঞ্চল হিচাপে গণ্য কৰা হয় ? 

উত্তৰঃ ভাৰতবৰ্ষ জৈৱ – বৈচিত্র্যৰ অধিকাৰৰ বাবেই জৈৱ বৈচিত্র্যৰ অন্যতম দেশ হিচাপে গণ্য কৰা হয় ৷ ভাৰতবৰ্ষত অতি বছি বৰষুণ হোৱা ঠাইৰ পৰা আৰম্ভ কৰি মৰুভূমি , সুউচ্চ পর্বতমালা হিমালয় আৰু মহাসাগৰো আছে । পৃথিৱীত থকা বিভিন্ন ভৌগোলিক পৰিৱেশ যেনে – গ্রীষ্ম প্রধান জলবায়ুৰ পৰা তুষাবৃত্ত অঞ্চললৈকে ভাৰতত আছে । ভাৰতত কিছুমান এনে প্ৰজাতিৰ অতি কম সংখ্যক প্রাণী আছে যিবোৰ পৃথিৱীৰ অতি কম সংখ্যক প্রাণী আছে যিবোৰ পৃথিৱীৰ কতো পোৱা নাযায় । 

এনে কাৰণতেই জীৱ বিজ্ঞানীসকলে ভাৰতক জৈৱ বৈচিত্ৰ্যৰ উষ্ণ অঞ্চল হিচাপে অভিহিত কৰিছে । ভাৰতক এই গৌৰৱৰ অধিকাৰী কৰি তোলাত বিশেষভাৱে অৰিহণা যোগাইছে হিমালয় পৰ্বতমালা আৰু ইয়াৰ ঠাল ঠেঙুলি সিঁচৰতি হৈ থকা সুন্দৰ আৰু ব্যাপক জৈৱ বৈচিত্র্যই । ভাৰতবৰ্ষত ক্ৰান্তিয় বনাঞ্চলকে খৰি চিৰ সেউজ , অৰ্দ্ধ চিৰসেউজ , পর্ণপাতি উদ্ভিদ আৰু তৃণভূমি পৰ্যাপ্ত পৰিমাণে পোৱা যায় । ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত উক্ত দিশসমূহৰ গুৰুত্ব আটাইতকৈ বেছি বাবেই ভাৰতৰ উত্তৰ পূব অঞ্চলটোক জৈৱ বৈচিত্র্যৰ উষ্ণ অঞ্চল হিচাপে গণ্য কৰা হয় ৷ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top