Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 5 পৰিৱেশ প্ৰদূষণ Question Answer.

Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ Notes for All Subjects, You can practice these here.

৩১। বায়ু প্ৰদষণ কেনেকৈ হয় ? বায়ু প্ৰদূষণৰ উৎস কেইটামান উল্লেখ কৰা ৷ 

উত্তৰঃ বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্ৰ অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্ৰিয়া – কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণীজগত আৰু উদ্ভিদ জগতৰ ক্ষতি কৰা এক প্রক্রিয়া । বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক ( জীৱ আৰু উদ্ভিদৰ ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ । 

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল – 

(ক) ধূলিকণা আৰু জীৱাণু । 

(খ) কার্বন – ডাই – অক্সাইড । 

(গ) ছালফাৰ – ডাই – অক্সাইড । 

(ঘ) কাৰ্বন মন’ক্সাইড । 

(ঙ) হাইড্ৰজেন অক্সাইড । 

(চ) নাইট্ৰ’জেন অক্সাইড ।

(ছ) সীহ ইত্যাদি ।

৩২। বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে লিখা । 

উত্তৰঃ ( ক ) বায়ু প্ৰদূষণৰ প্ৰভাৱ :- গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কাৰ্বন – মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্র , হৃদপিণ্ড আৰু হাঁওফাওঁৰ জটিলতাৰ সৃষ্টি কৰে । তেজৰ হিম’গ্লবিনৰ সৈতে CO যুক্ত হৈ কাৰ্বক্সি – হিম’গ্লবিন উৎপন্ন কৰে । এই পদার্থবিধে লোহিত ৰক্তকণিকাৰ ( RBC) অক্সিজেন বহন কৰা ক্ষমতা কমাই দিয়ে । SO₂ গেছ পানীত দ্ৰৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে ; ডিঙিত খচখচনি তোলে আৰু চকু জলজলীয়া কৰে । নাইট্ৰ’জেনৰ অক্সাইডে চকু আৰু নাকৰ খচখচনি তোলে । কণিকা জাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আৱদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে । 

(খ) জীৱ – জন্তুৰ ওপৰত প্ৰভাৱ :- ঔদ্যোগিক অঞ্চলৰ কাষৰীয়া ঠাইবোৰত থকা ঘৰচীয়া জন্তু , হাঁহ , কুকুৰা আদি প্ৰদূষকৰ দ্বাৰা ক্ষতিগ্রস্ত হয় । বিশেষকৈ ফ্ল’ৰাইড যৌগৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষকে হাঁহ , কুকুৰাৰ হাড়বোৰ নষ্ট কৰি সিহঁতৰ ক্ষতিসাধন কৰে । 

(গ) পদাৰ্থ বস্তুৰ ওপৰত প্ৰভাৱ :- ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডৰ পৰা সৃষ্টি হোৱা এছিড বৰষুণে ধাতু আৰু অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে । H₂S গেছে ছিলভাৰ আৰু লেডৰ দ্বাৰা সৃষ্টি কৰা পেইণ্ট নষ্ট কৰে। অ’জনে ৰবৰৰ দ্বাৰা প্ৰস্তুত কৰা পদাৰ্থবোৰ জাৰিত কৰি নষ্ট কৰে । 

(ঘ) খাদ্য শস্যৰ ওপৰত প্ৰভাৱ :- বায়ু প্ৰদূষকবোৰে খাদ্য শস্যও নষ্ট কৰে । নাইট্ৰ’জেনৰ অক্সাইড আৰু ফ্ল’ৰাইড যৌগসমূহে শস্যৰ উৎপাদন হ্ৰাস কৰে । ফ্ল’ৰাইডে পাতৰ ক্ষতিসাধন কৰে ; মিথেনৰ দৰে হাইড্ৰ’কাৰ্বনে পাতবোৰ অকালতে সৰাই দিয়ে । ফুল আৰু কলিবোৰৰ ক্ষতি সাধন কৰে । 

৩৩। বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ কি কি আৰু ইহঁতৰ উৎপত্তি স্থলসমূহ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) কাৰ্বন মন’ক্সাইড ( CO ) :- মটৰ – গাড়ী , পেট্ৰ’লজাত আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কল – কাৰখানা । 

(খ) ছালফাৰ – ডাই – অক্সাইড ( SO2 ) :- তাপ বিদ্যুৎ কাৰখানা আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কাৰখানা । 

(গ) নাইট্রিক অক্সাইড ( NO ) :- মটৰগাড়ী , কাৰখানা আৰু তাপ বিদ্যুৎ কাৰখানা । 

(ঘ) হাইড্ৰ’কাৰ্বন :- মটৰগাড়ী , তেল শোধনাগাৰ , পেট্ৰ’ল ব্যৱহাৰ কৰা কাৰখানা । 

৩৪। স্থল প্ৰদূষণ কিয় হয় ? কাৰণসমূহ লিখা । 

উত্তৰঃ প্রাকৃতিক কাৰক , মানুহৰ কু – কাৰ্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্রব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় , তাকে স্থল প্রদূষণ বুলি কোৱা হয় ৷ 

স্থল প্ৰদূষণৰ কাৰণবোৰ এনেধৰণৰ –

(ক) প্রাকৃতিক কাৰণ :- আগ্নেয়গিৰি , ভূমিস্খলন , বানপানী , ধুমুহা , শিলাবৃষ্টি আদি প্রাকৃতিক দুর্ঘটনাই মাটি প্ৰদূষণত ইন্ধন যোগায় । বিভিন্ন জাবৰ জোঁথৰ , আৱৰ্জনা আদি জমা কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হয় । সেই ঠাইত অসংখ্য ৰোগৰ বীজাণৱে মাটি বিষাক্ত কৰি তোলে আৰু শাক – পাচলিৰ খেতি নষ্ট কৰে । 

প্রাকৃতিক কাৰণতকৈ মাটি প্রদূষণৰ বাবে মানুহেই মূলত দায়ী । সভ্যতাৰ ৰণুৱা ঘোঁৰাই বায়ু , পানীকেই যে অকল প্ৰদূষিত কৰিছে সেইটো নহয় , জীৱন্ত সম্পদ মাটিকে প্ৰদূষিত কৰিছে । 

এডোখৰ মাটিত বছৰ বছৰ ধৰি কৃষিকাৰ্য চলাই অহাৰ ফলত অথবা শস্যাৱৰ্তন ব্যৱস্থাৰ অভাৱত মাটিৰ উৰ্বৰা শক্তি কমি যায় । অধিক উৎপাদনক্ষম উৰ্বৰ মাটিৰ সৃষ্টিৰ বাবে বিজ্ঞানৰ আৱিষ্কৃত নানাবিধ ৰাসায়নিক সাৰ মাটিত সিঁচি দিয়া হয় । কৃত্রিমভাৱে মাটি কিছু উর্বৰ হয় যদিও এই সাৰসমূহে মাটিৰ প্ৰাকৃতিক গুণ ব্যাহত কৰে । কাৰণ , সেইবোৰ ৰাসায়নিক সাৱে মাটিত থকা অণুজীৱবোৰ ধ্বংস কৰে । অণুজীৱ হ’ল , মাটিৰ জীৱন্তৰূপৰ স্ৰষ্টা । অণুজীৱৰ ধ্বংসই মাটিৰ উৰ্বৰতা ব্যাহত কৰি প্ৰদূষক পদাৰ্থসমূহৰ গুণ অব্যাহত ৰাখে । 

বিচাৰ বিবেচনাহীনভাৱে- নিৰ্বননিকৰণ , জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা অপ্রাকৃতিক অবস্থা , বতৰৰ পৰিৱৰ্তন আদি মাটি প্ৰদূষণৰ কাৰণ।

মাটিৰ লগত মানুহৰ সম্পর্ক অকল কৃষিকাৰ্য , গছ – গছনিতে সীমাৱদ্ধ নহয় ; বন্যপ্রাণী , বাসস্থান , স্থাপত্য , নগৰ – গাঁও উন্নয়নৰ লগতো মাটি প্ৰদূষিত হোৱা নোহোৱাৰ বহু সম্পর্কে জড়িত হৈ আছে । স্থলপ্ৰদূষণৰ ফলত মানুহ আৰু উদ্ভিদ সকলোৰে সমস্যা হয় ৷ উদ্ভিদৰ প্ৰজাতি বিনষ্ট হয় , মানুহৰ বসতি স্থানৰ সমস্যা হয় । জনসংখ্যা বৃদ্ধিৰ লগে লগে গাঁও অঞ্চল দ্রুত গতিত নগৰলৈ ৰূপান্তৰিত হৈ আহিব ধৰিছে । শিল্পোদ্যোগ , কল – কাৰখানা আদি বৃদ্ধি হৈ আহিছে , কৃষিৰ বাবে পতিত মাটি আৰু পাতল বননি ভাঙি খেতিৰ উপযোগী মাটি উলিওৱা হৈছে , লগতে বিনষ্ট হৈছে স্থলভাগৰ প্ৰাকৃতিক পৰিবেশ । চহৰ আৰু শিল্পোদ্যোগৰ বাবে বর্জিত পদাৰ্থৰ পৰিমাণ বাঢ়ি গৈছে , ফলত পার্শ্ববর্তী মাটি প্ৰদূষিত হৈছে । কলকাৰাখানাৰ বিষাক্ত বৰ্জিত পদার্থইও মাটিৰ উপৰিভাগ বিষাক্ত কৰিছে ৷ গছ – গছনিৰ বিলুপ্তিত প্রাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে । 

কীটনাশক , অপতৃণনাশক আদিৰ বহুল প্রয়োগে মাটি মাৰাত্মকভাৱে প্ৰদূষিত কৰিছে । 

পাৰমাণৱিক আৰু আণৱিক বিস্ফোৰণৰ ফলত মাটিৰ তেজষ্ক্রিয় প্রদূষণ হয় । তেজষ্ক্রিয় আইছ’টপসমূহ বছৰৰ পিছত বছৰ ধৰি ধ্বংস নোহোৱাকৈ মাটিত থাকি যায় আৰু তাৰপৰা হোৱা বিকিৰণে মানুহ আৰু জীৱজন্তুৰ বিপদ ঘটায় । ৰাছিয়াৰ ইউক্রেনত থকা চেন বিল পাৰমাণৱিক ৰিয়েক্টৰত দুর্ঘটনাবশতঃ ঘটা এটা বিস্ফোৰণত ৩১ জন লোকৰ মৃত্যু হৈছিল আৰু বহুতো ক্ষতি হৈছিল । ধাতৱ প্ৰদূষকবোৰ মাটিৰ লগত মিহলি হৈ থাকে আৰু এইবোৰে উদ্ভিদ আৰু প্ৰাণীৰ বিপদ ঘটায় । 

৩৫। শব্দ প্ৰদূষণৰ বিষয়ে লিখা ৷ কেইবিধমান শব্দ প্ৰদূষণৰ নাম লিখা। 

উত্তৰঃ বিভিন্ন মাধ্যমৰ পৰা উদ্ভৱ হোৱা শব্দ তৰঙ্গৰ প্ৰাৱল্য অধিক হ’লে মানুহৰ শ্ৰৱণেন্দ্ৰিয়ত আঘাত কৰে , তেতিয়াই শব্দ প্ৰদূষণ হোৱা বুলি কোৱা হয় । শব্দ প্ৰদূষণ সৃষ্টি কৰা বিভিন্ন উৎসক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে । 

(ক) কল – কাৰখানাৰ যন্ত্ৰ – পাতি । 

(খ) বিভিন্ন মাধ্যমত চলা যান – বাহনৰ ইঞ্জিন । 

(গ) কৃত্রিম কোলাহল । 

কল – কাৰখানাসমূহত ব্যৱহৃত যন্ত্রপাতিবোৰৰ পৰা উচ্চ স্তৰৰ শব্দ কোলাহল উৎপন্ন হয় ৷ সেয়েহে যন্ত্রপাতিৰ শব্দ প্ৰাৱল্য কম কৰাৰ বাবে চাইলেন্সাৰ জাতীয় সঁজুলি লগাব লাগে । মানুহৰ কাণে ১৮০ ডেচিবেললৈকে সহ্য কৰিব পাৰে । শব্দ প্ৰদূষণে মানুহৰ শ্ৰৱন শক্তি নষ্ট কৰাৰ উপৰিও উচ্চ ৰক্তচাপ , স্নায়ৱিক দুর্বলতা , নিদ্রাহীনতা , হৃদৰোগ, মূৰ – ঘূৰণি আদি ৰোগৰ সৃষ্টি কৰে ৷

মেল – মিটিং , সভা আদিত লাউডস্পীকাৰ , টেপৰেকৰ্ডাৰ আদি বজাই মানুহে কোলাহল সৃষ্টি কৰে ৷ হিলৈ , ফটকা আদি ফুটাই মানুহে উৎসৱ – পাৰ্বন আদিত শব্দ প্ৰদূষণ ঘটায় । 

তদুপৰি বিভিন্ন যান – বাহন , পাৰমাণৱিক অস্ত্র – শস্ত্ৰৰ ব্যৱহাৰে পৰিবেশৰ মূল উপাদান বায়ু , মাটি , পানী সমানে প্ৰদূষিত কৰিছে । 

কেইবিধমান শব্দ প্ৰদূষকৰ নাম তলত দিয়া হ’ল— 

(ক) ছাইৰেন ।

(খ) উৰাজাহাজ , ৰকেট , জেটবিমান ।

(গ) বিজুলী ঢেকেণি ।

(ঘ) কল কাৰখানা ।

(ঙ) গাড়ীৰ হৰ্ণ ।

(চ) মটৰগাড়ী , ৰে’লগাড়ী আদি । 

আধুনিক অস্ত্র – শস্ত্র , বোমা – বাৰুদ আৰু পাৰমাণৱিক বিস্ফোৰক সম্পৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলে পৃথিৱীৰ পৰিবেশ , প্রাণী আৰু উদ্ভিদৰ বাবে বাসোপযোগী কৰি ৰখাটো অত্যন্ত কঠিন হ’ব ।

গ্রীণ হাউছ এফেক্টত CO₂ গেছে উষ্ণতাৰ তাৰতম্যৰ ক্ষেত্ৰত শতকৰা ৫৫ ভাগ , ক্ল’ৰফ্ল’ৰ ’ কাৰ্বনে শতকৰা ২৫ ভাগ , মিথেনে শতকৰা ১৫ ভাগ আৰু নাইট্ৰাছ অক্সাইডে শতকৰা ৫ ভাগ প্ৰভাৱ পেলায় । অ’জন গেছৰ প্ৰভাৱ কিমান এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই ৷ সূৰ্যৰ পৰা বিকিৰিত হোৱা সৌৰশক্তি বায়ুমণ্ডলত প্ৰৱেশ কৰোতে শতকৰা ২৬ ভাগ মেঘ আৰু অন্যান্য পদার্থ কণিকাৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায় । বায়ুমণ্ডলত থকা মেঘ , জলীয়ভাপ আৰু ক্ষুদ্ৰ পদার্থ কণিকাই শতকৰা ১৯ ভাগ শক্তি শুহিলয় , শতকৰা চাৰি ভাগ ভূপৃষ্ঠৰ পৰা প্রতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায় । বাকী প্রায় শতকৰা ৫১ ভাগ পৃথিৱী উষ্ম কৰাত , কুমেৰু মহাদেশৰ বৰফ গলোৱাত, সাগৰ – মহাসাগৰৰ পানী বাষ্পীভৱনত আৰু উদ্ভিদৰ সালোক সংশ্লেষণ প্রক্রিয়াত খৰচ হয় । 

সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনী ৰশ্মি সেউজগৃহত থকা গেছসমূহে শুহিলৈ পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি আছে । কিন্তু বর্তমান যুগত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আৰু কৃষিক্ষেত্ৰত প্রয়োগ কৰা ৰাসায়নিক সাৰ আদিৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন- ডাই – অক্সাইড গেছৰ পৰিমাণ প্রায় শতকৰা ২৫ ভাগ বৃদ্ধি হৈছে । তেনেদৰে ক্ল’ৰফ্ল’ৰ ’ কাৰ্বন , মিথেন , নাইট্ৰাছ অক্সাইড আদি গেছৰ পৰিমাণো বৃদ্ধি হৈছে । ফলস্বৰূপে সেউজ গৃহ প্রভাৱত বিসঙ্গতিয়ে দেখা দিছে । সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । ইতিমধ্যে বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈছে আৰু এনেদৰে উষ্ণতা বৃদ্ধি হৈ থাকিলে অহা পঞ্চাশ বছৰৰ ভিতৰত বায়ুমণ্ডলৰ গড় উষ্ণতা একৰ পৰা চাৰি ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । 

বায়ুমণ্ডলৰ এনে উষ্ণতা বৃদ্ধিক ভূ – উষ্মীকৰণ ( Global Warming ) বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় ৷ গোলকীয় উষ্ণতাই পৰিস্থিতি তন্ত্র অসন্তুলিত কৰি তুলিব । সেউজগৃহ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলত কুমেৰু মহাদেশৰ বৰফ গলি পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটাব । কার্বন – ডাই – অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতি তন্ত্ৰত সুদূৰপ্ৰসাৰী প্রভাৱ পেলাব । স্থল প্ৰদূষণৰ কাৰণসমূহ লিখা । 

৩৬। স্থল প্ৰদূষণৰ কাৰণসমূ লিখা ।

উত্তৰঃ স্থল প্ৰদূনৰ কাৰণঃ 

(ক) বিভিন্ন জাবৰ – জোঁথৰ , আবৰ্জনা আদি দম কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হৈ পৰে । এনে আবৰ্জনাবোৰত থকা অসংখ্যা ৰোগজনকসমূহে মাটি বিষাক্ত কৰি তোলে আৰু শাক – পাচলিৰ খেতি নষ্ট কৰে । 

(খ) বিভিন্ন উদ্যোগে স্থল প্রদূষণ ঘটায় । কয়লা খনিৰ আবৰ্জনাই মাটি , পানী উভয়কে আম্লিক কৰি তোলে । অম্লযুক্ত মাটিত উদ্ভিদ , শস্য আদিৰ বৃদ্ধি নহয় । খাৰাৱা তেল আহঁৰণ কৰা অঞ্চলত তৈল জাতীয় পদার্থই মাটি আৰু লগতে পানী প্ৰদূষিত কৰে । 

(গ) কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিকক সাৰ কীটনাশক , বননাশক আদিয়ে মাটিৰ প্ৰদূষণ ঘটায় । 

(ঘ) ছিমেণ্ট উদ্যোগৰ পৰা ওলোৱা ধূলিকণা মাটিত জমা হৈ মাটিৰ স্বাভাৱিক গুণ নষ্ট কৰে ৷ ছিমেণ্টৰ ধূলিবোৰ উৎসতে আঁতৰাই নি প্ৰদূষণ ৰোধ কৰিব পাৰি ।

৩৭। স্থল প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয় লিখা ৷ 

উত্তৰঃ স্থল প্ৰদূষণৰ নিয়ন্ত্ৰণ :-  

(ক) আবর্জনাসমূহ পেলাই দিয়াৰ আগতে উপযুক্তভাৱে তাক উপচাৰিত কৰিব লগে যাতে সি প্ৰদূষণৰ সৃষ্টি কৰিব নোৱাৰে ৷ 

(খ) কীটনাশক দ্রব্যসমূহ যধে – মধে ব্যৱহাৰ কৰাৰো বন্ধ কৰিব লাগে৷ এইবোৰৰ সলনি জৈৱিক প্ৰক্ৰিয়াৰে কীটনাশক কাৰ্য সংঘটিত কৰিবলৈ উৎসাহিত কৰিব লাগে ৷ 

(গ) উদ্যোগসমূহত আবর্জনা আৰু পেলনীয়া বস্তুৰ উপচাৰণ প্ৰক্ৰিয়া সদায় ব্যৱহাৰ কৰিব লাগে । ইয়াৰ দ্বাৰা প্ৰদূষণৰ পৰিমাণ বহু কমি যাব । 

৩৮। সামুদ্রিক প্ৰদূষণ কি ? ইয়াৰ ফলত কি ৰোগ হয় ? 

উত্তৰঃ সামুদ্রিক প্ৰদূষণ :- সাগৰৰ পানী বিভিন্ন প্ৰক্ৰিয়াৰে যেনে— সাগৰীয়া লৈতবাহী জাহাজৰ পৰা তেল পৰি সাগৰৰ পানীৰ প্ৰদূষণ হোৱাকে সামুদ্রিক প্ৰদূষণ বোলে । সাগৰৰ পানীত পাৰা , জিংক , লেড , কেডমিয়াম , আর্ছেনেকি আদি ধাতৰ পদার্থ থাকিলে সাগৰৰ পানী প্ৰদূষিত হয় । পাৰাৰ দ্বাৰা প্ৰদূষিত পানীয়ে মানৱ দেঙত মিনামাটা ( Minamata ) নামৰ ৰোগৰ সৃষ্টি হয় । সেইদৰে কেডমিয়ামৰ দ্বাৰা মানুহৰ ইটাই – ইটাই ( Itai – itai ) নামৰ ৰোগ হয় ৷ 

৩৯। শব্দ প্ৰদূষণ কি ? শব্দ প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে ? 

উত্তৰঃ শব্দ প্ৰদূষণ :- ঘৰত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্রপাতি ( যেনে— ৰেডিঅ ‘ , টিভি , ষ্টেৰিঅ ’ , কাপোৰ ধোৱা মেচিন আদি ) কল – কাৰখানাত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্রপাতি আদি শব্দ প্ৰদূষণৰ উৎস । জীৱৰ স্বাভাবিক জীৱন – যাত্ৰাত চিঞৰ – বাখৰ এটা অবিচ্ছেদ্য অংগ । এই চিঞৰ – বাখৰ এটা নির্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে ই মানুহৰ পৰিবেশ বিনষ্ট হয় , ইয়াকে শব্দ প্ৰদূশণ বোলে ।

শব্দ প্ৰদূষণৰ ফলত হ’ব পৰা ৰোগ :- শব্দৰ প্রাবল্য 85.dB ( decible) তকৈ বেছি হ’লে শ্ৰৱণেন্দ্ৰীয়ই বেয়াকৈ প্রভাবিত কৰে । শব্দৰ প্রাবল্য বেছি হলে মানুহ কলা হ’ব পাৰে ৷ তদুপৰি মূৰৰ বিষ , টোপনিত ব্যাঘাট জন্মায় । স্নায়ৱিক উত্তেজনা আদি হ’ব পাৰে ৷ ইয়াৰ উপৰি শব্দ প্ৰদূষণৰ ফলত মানুহৰ হৃদৰোগ , শ্বাসজনিত ৰোগ , ৰক্তচাপ বৃদ্ধি পায়৷ 

৪০। পেলনীয়া পদার্থসমূহ কেনেদৰে শ্রেণীবিভাগ কৰা হৈছে লিখা ৷ 

উত্তৰঃ পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমাণ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাক কৰা হৈছে । 

(ক) নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ । 

(খ) শিল্প উদ্যোগৰ পেলনীয়া পদার্থ । 

(গ) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ । 

(ঘ) জৈৱ ( অণুজীৱ ) , সম্বন্ধীয় প্ৰদূষণ । 

(ঙ) তেজষ্ক্রিয় পদাৰ্থৰ পেলনীয়া অংশ ।

(ক) নিগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদাৰ্থ :- নগৰ অঞ্চলত জসংখ্যা দিনকদিনে বাঢ়ি গৈছে আৰু মানুহবিলাকে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে । বৰষুণৰ পানী যোৱাৰ বাবে নলা – নর্দমা নাই , নাই মুকলি ঠাই যাৰ ফলত মানুহবিলাকে নিত্য ব্যৱহৃত সামগ্ৰী য’তে – ত’তে পেলাই দিয়ে যাৰ ফলত বৰষুণ এজাক দিলে সেইবিলাক য’তে ত’তে সিচৰিত হৈ মুখ কৰিব নোৱাৰা অৱস্থা হয় । পৌৰ নিগমৰ , জাবৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই ৷ বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ । এই পলিথিনৰ পচনক্ৰিয়া নাই । নলা , নৰ্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নালা নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে । 

(খ) শিল্প উদ্যোগৰ পেলনীয়া পদাৰ্থ :- শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানী আৰু অন্য পদাৰ্থবোৰেই মাটি প্ৰদূষিত কৰে । এই কল কাৰখানা সমূহৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদার্থবিলাকে মাটি আৰু পানী প্ৰদূষণ ঘটাই জনজীৱন দুৰ্বহ কৰি তুলিছে । 

(গ) কৃষি কাৰ্যৰ পেলনীয়া পদার্থ :- ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে । ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কার্যত বিভিন্ন পৰিকাৰৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিব লাগে । এই ৰাসায়নিক দ্রব্যৰ ভিতৰত ৰাসায়নিক সাৰ , কীট পতঙ্গ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক ৰোগ নিবাৰণৰ বাবে ৰোগনাশিক আদি প্রধান । এই ৰাসায়নিক দ্রব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰে । জধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰৰ লগতে থকা মৌল আৰু মাটিত মৌলৰ লগত বিক্রিয়া ঘটি লৱণযুক্ত হয় আৰু অম্লতা বাঢ়ে । নাইট্ৰ’জেন যুক্ত সাৰৰ পৰা নাইট্রেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰে বৰষুণে উটুৱাই নি বিল , পুখুৰী আদিত পেলায় । ফলত ই পানীৰ লগত মিহলি হৈ মাত্মক বোমাৰৰ সৃষ্টি কৰে ৷ 

(ঘ) জৈৱ সম্বন্ধীয় প্ৰদূষণ :- বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে ৷ পেলু আদি পৰজীৱীবোৰে মানুহ , অন্যান্য পৌহনীয়া বা বনৰীয়া পশু – পক্ষীৰ মাটিৰ যোগেদি শৰীৰত প্রবেশ কৰে । ৰোগাক্রান্তই ত্যাগ মল মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত হোৱা শস্য বা ঘাঁহ , বন আদিত সংক্রমিত হয় । শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাহনি , পথাৰ আদিত মল – মূত্র ত্যাগ কৰে ৷ বৰষুণৰ পানীয়ে সেই মল উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে । পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটি ৰৈ যায় । 

৪১। প্রাকৃতিক দুর্যোগ বুলিলে কি বুজা ? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় ? 

উত্তৰঃ প্রাকৃতিক দুর্যোগ :- প্রাকৃতিক দুর্যোগ বুলি ক’লে বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে যেনে— প্রাকৃতিক বা মানৱসৃষ্ট দুর্যোগ । ভূমিকম্প , চাকনৈয়া ( cyclone ) আদিত সম্পূর্ণ প্রাকৃতিকভাৱে সৃষ্ট আৰু হঠাৎ সংঘটিত হোৱা দুর্যোগ । ইয়াক ৰোধ কৰাটো সহজ নহয় ৷ আনহাতে শুষ্কতা ( draught ) মানৱ সৃষ্ট বা প্রকৃতিগত দীর্ঘ দিনিয়া কাৰকৰ প্ৰভাৱত হোৱা দুৰ্যোগ । ইয়াক কিছু পৰিমাণে ৰোধ কৰিব পৰা যায় । সাধাৰণতে সংঘটিত হৈ থকা দুৰ্যোগসমূহ হ’ল –

(ক) ভূমিকম্প ।

(খ) সাগৰীয় ঢৌ ।

(গ) বানপানী ।

(ঘ) ধুমুহা ।

(ঙ) চাকনৈয়া ।

(চ) মানৱ সৃষ্টসমূহৰ ভিতৰত ভূমিস্খলন ( Landslide ) ।

(ছ) আগ্নেয়গিৰি ।

(জ) উদ্‌গীৰণ ।

(ঝ) মহামাৰী । আৰু

(ঞ) শুষ্কতা আদি ৷ 

দুর্যোগ ব্যৱস্থাপনৰ ( Disaster management ) দ্বাৰা শৃঙ্খলাবদ্ধভাৱে অধ্যয়ন আৰু বিশ্লেষণৰ দ্বাৰা এই দুৰ্যোগসমূহৰ পৰা কিছু পৰিমাণে ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায় ৷ 

৪২। ভূমিকম্প কি ? ইয়াৰ কাৰণসমূহ চমুকৈ লিখা । ভূমিকম্পৰ ফলাফলসমূহ চমুকৈ লিখা ৷ 

উত্তৰঃ ভূমিকম্প হ’ল পৃথিৱীৰ ভিতৰত এবিধ ডাঙৰ প্রাকৃতিক দুর্যোগ। পৃথিৱীৰ কোনো অংশ কোনো কাৰণত কপি উঠাকে ভূমিকম্প বুলি কোৱা হয় । ভূমিকম্পৰ প্রাবল্য ৰিখটাৰ ( Richter ) নামৰ স্কেলৰ সহায়ত জোখা হয় । 

ভূমিকম্পৰ সময়ত বৃহৎ পৰিমাণৰ শক্তি ঢৌৰ আকাৰত পৃথিৱী পৃষ্ঠত মুক্ত হয় বাবেই কম্পনৰ সৃষ্টি হয় । 

ভূমিকম্প হোৱাৰ কাৰণ বহুতো আছে । আধুনিক ভূবিজ্ঞানে ভূ – পৃষ্ঠৰ‘ ফলক বিৱৰ্তন ’ ( Plate Tectonics ) পৰিঘটনাকে ভূমিকম্পৰ মুখ্য কাৰণ হিচাপে চিনাক্ত কৰিছে । পৃথিৱীৰ বিভিন্ন ভূখণ্ড আৰু জলখণ্ড কিছুমান বৃহৎ ফলকৰ ( Plate ) ওপৰত অৱস্থিত এই ফলকসমূহ ইয়াৰ তলতে থকা গলিত আৰু উচ্চ স্থিতিস্থাপকতা বিশিষ্ট স্তৰটোৰ ওপৰত ( asthenosphere ) ওপঙি থাকে আৰু গতিশীল অৱস্থাত থাকে । দুখন ফলকৰ মাজত হোৱা ঘৰ্ষণ আৰু সংঘৰ্ষৰ ফলত ভূমিকম্পৰ সৃষ্টি হয় । ভূমিকম্পৰ অন্যান্য কিছুমান কাৰণো আছে । সেইবিলাক হ’ল – 

(ক) আগ্নেয়গিৰি উদ্‌গীৰণ ।

(খ) সাগৰীয়া ঢৌৱে উপকূল অঞ্চলত খুনিদওৱাৰ ফলত ।

(গ) ভূ – খণ্ড তললৈ খহি পৰাৰ ফলত ।

(ঘ) দুর্বল ভূ – তাত্ত্বিক অঞ্চলত বৃহৎ নিৰ্মাণ কায্য কৰাৰ কাৰণে । 

ভূমিকম্পৰ ফলাফলসমূহ :- ভূমিকম্পৰ ফলত পৃথিৱীত বহুতো অনিষ্ট হয় । সহস্ৰজনৰ মৃত্যু হোৱাৰ লগতে বহুতো সা – সম্পত্তি ধ্বংস হয় । একোটা ভূমিকম্পই এটা অঞ্চলত অর্থনৈতিক আন্তঃগাঠনি ধ্বংস কৰি অর্থনৈতিক অস্থিৰতাৰ সৃষ্টি হয় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top