Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 5 পৰিৱেশ প্ৰদূষণ Question Answer.
Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ Notes for All Subjects, You can practice these here.
২৭। পানী প্ৰদূষণৰ কাৰণ আৰু পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাবোৰ লিখা ।
উত্তৰঃ পানী প্ৰদূষিত কৰা বিভিন্ন কাৰকবোৰ হ’ল—
নগৰ অঞ্চলত খোৱা পানীৰ যোগান ধৰা হয় যদিও সেই পানী পৰিবাহী যিবিলাক নলা সেইসমূহত মামৰ ধৰা বাবেও খোৱা পানী প্রদূষিত হয় । জনসংখ্যা বৃদ্ধিৰ ফলত য’তে ত’তে পস্ৰাৱ , পায়খানা কৰা , গা ধোৱা আদিৰ ফলতো পানী প্ৰদূষণ হয় ৷ পানীৰ বিভিন্ন কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক দ্রব্য নঘৰ অঞ্চলত বেছি মিহলি হয় । ফলত পানী প্ৰদূষিত হয় । নগৰ অঞ্চলত ব্যাপক হাৰত হোৱা বায়ু প্ৰদূষণৰ বাবেও খোৱাপানী প্ৰদূষিত হোৱা দেখা যায় । কল – কাৰখানাৰ পৰা নিৰ্গত হোৱা উচ্ছিষ্টই পানী প্ৰদূষিত কৰে ৷
কৃষি পথাৰৰ পৰা নিগৰি যোৱা পানীত কাটনাশক দৰব সাৰ আৰু পশুপক্ষীৰ ময়লা মিহলি হৈ থাকে ৷ এই বিশাক্ত বস্তুবোৰ বৰষুণৰ পানীৰ লগত মাটিত প্ৰৱেশ কৰে আৰু নৈ বিল আদি জলাশয়ত প্ৰৱেশ কৰে । সাৰবোৰে পানীত হোৱা ঘাঁহবন আৰু শেলুৱৈ আদি বৃদ্ধিত সহায় কৰে ফলত সেইবোৰে গোটেই জলভাগ বেৰি ধৰে । জলজ প্রাণীৰ জীৱন ধাৰণ অসম্ভৱ হয় । কীটনাশক দ্ৰব্যবোৰ পানী প্ৰদূষিত কৰি মানুহ আৰু জীৱৰ ব্যৱহাৰৰ অনুপযুক্ত কৰি তোলে । পশুৰ মনমূত্ৰই পানীত দুর্গন্ধ কৰি প্ৰদূষিত কৰে ।
কল – কাৰখনাৰ যন্ত্ৰপাটিৰ অংশ বিশেষ ঠাণ্ডা কৰাৰ পাছত তলত পানী পুনৰাই জলাশয়ত এৰি দিলে জলাশয়ৰ পানী প্ৰদূষিত হয় । পানীৰ সামান্যতম উষ্ণতা বৃদ্ধিয়ে মাছ আৰু আন জলজ প্রাণীৰ ক্ষতি কৰিব পাৰে । বেছি গৰম পানীয়ে মাছ পুথিৰ সংখ্যা হ্ৰাস কৰি আনিছে । গৰম পানীয়ে শেলুৱৈ আৰু আন জলজ উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে ৷ খাৰুৱা তেলৰ বেহা-বেপাৰ কৰিবলৈ সাগৰীয় জাহাজেৰে তেল্ অনা নিয়া কৰিবলগীয়া হয় । তেল বাগী পৰি নাইবা দুৰ্ঘটনাৰ ফলত খাৰুৱা তেল সাগৰৰ পানীৰ ওপৰত পৰি সাগৰৰ পানী প্ৰদূষিত কৰে । ১৯৬৮ আৰু ১৯৮৩ চনৰ ভিতৰত ৫০০ তকৈ অধিক টেঙ্কাৰ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহুত নিযুত টন খাৰুৱা তেল সাগৰৰ পানীত মিহলি হয়। এইবোৰে সমুদ্র পৃষ্ঠৰ আৰু জলজ প্রাণীৰ বিপদ মাতি আনে । পাখীত তেল লাগি ধৰা বাবে উৰিব নোৱাৰি বহুত সাগৰীয় চৰাইৰ মৃত্যু হয় ।
আনবিক পৰীক্ষা কৰা সময়ত বায়ুমণ্ডলত স – ষ্টি হোৱা ৰেডিও একটিভ ধূলিকণাবোৰ বৰষুণৰ পানীৰ লগত মাটিত সৰি পৰে । ইয়াৰ কিছুমান বৰষুণৰ পানীত ভুগৰ্ভত প্ৰৱেশ কৰি ভূগর্ভস্থ পানী প্ৰদূষিত কৰে । কিছুমান এনে পানী নৈ , বিল পুখুৰী আদিত পৰি সেইবোৰ প্ৰদূষিত কৰে লগতে মানুহ আৰু প্ৰাণীজগতৰ যিসকলে তেনে প্রদূষিত পানী পান কৰে তেওঁলোকৰো ক্ষতি হয় লগত ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে ।
পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাবোৰ :-
(ক) কল – কাৰখানাৰ প্ৰদূষিত ময়ালা আদি পৰিশোধন নকৰাকৈ নদী , নলা নাইবা আন কোনো জলাশয়ত পেলাব দিব নালাগে । চৰকাৰে কঠোৰ আইন কৰি , ময়লা পিৰশোধন কৰাৰ ব্যৱস্থা নথকা কাৰখানাক বস্তু উৎপাদনৰ অনুমতি দিব নালাগে ।
(খ) গৃহস্থৰ ঘৰৰ বজ্য জাবৰ ময়লা আদি পৰিশোধন কৰাৰ পাচতহে পানীত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে ।
(গ) ৰাসায়নিক কীটনাশক দৰব আৰু সাৰৰ প্ৰয়োগ সীমিত কৰিব লাগে আৰু গছ গছনিৰ পৰা তৈয়াৰী কীটনাশক দৰব উৎপাদন কৰি সেইবোৰ ব্যৱহাৰ কৰিব লাগে ৷
(ঘ) কঢ়া আইন কৰি মানুহ আৰু জীৱৰ মৰাশ নদীত পেলোৱা বন্ধ কৰিব লাগে ৷ নদীৰ পাৰ পৰিস্কাৰ কৰি ৰাখিব লাগে ৷
(ঙ) পানীত হোৱা ঘাঁহবোৰ সঘনাই উভালি পেলাবৰ ব্যৱস্থা কৰিব লাগে ৷
(চ) পটাচিয়াম পাৰমাঙ্গানেট ব্যৱহাৰ কৰি পানী অনুজীৱমুক্ত কৰি ৰাখিব লাগে ।
(ছ) দেহত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সজাগ কৰিব লাগে । চৰকাৰী আৰু বেচৰকাৰী সস্থাসমূহে প্ৰদূষিত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সচেতন কৰিব লাগে ।
২৮। বায়ুপ্ৰদূষণৰ মূল উৎসসমূহ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায় ।
উত্তৰঃ বায়ুত প্ৰদূষক দ্রব্য এৰি দিলে বায়ুপ্ৰদূষিত হৈ পৰে ৷ বায়ু প্ৰদূষণে অকল হুহকে নহয় , গছ – বিৰিখ , শস্যৰ পথাৰ , ঘৰবাৰী আৰু মানুহে সজা আন বস্তুকো প্ৰভাৱাম্বিত কৰে । বায়ু প্ৰদূষণৰ মূল উৎসবোৰ হ’ল- মটৰ গাড়ী আদিৰ পৰা ওলোৱা ধোঁৱা , শিল্পৰ নির্গত ধোঁৱা , ময়লা , চলভেণ্ট নামৰ পদাৰ্থ আৰু ৰেডিও এক্টিভ বিকিৰণ । মটৰগাড়ী আৰু শিল্পীবোৰে এৰি দিয়া প্রধান বায়ু প্ৰদূষকবোৰ হ’ল । এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে ৷ এইবোৰৰ ভিতৰত সীহ , এচবেচটচ্ , বেৰিলিয়াম , কাডিমাস , পাড় আৰু কীটপতঙ্গনাশক দৰৱবোৰ প্ৰধান ।
(ক) চালফাৰ অক্সাইড ।
(খ) নাইট্রজেন অক্সাইড ।
(গ) কার্বন মন অক্সাইড ।
(ঘ) পার্টিকুলেটচ ( ধূলিকণা সদৃশ পদাৰ্থৰ কনিকাবোৰ )
(ক) কয়লা আৰু খনিজ তেল আদি চালফাৰ যুক্ত বস্তুবোৰ পোৰাৰ ফলত চালফাৰ ডাই অক্সাইড্ উৎপন্ন হয় । চালফাৰ – ডাই – অক্সাইড উৎপন্ন কৰা প্রধান উৎসবোৰ হ’ল , বিজুলি শক্তি উৎপাদন কেন্দ্ৰবোৰ , তাপৰ সৃষ্টি কৰা চুলাবোৰ আৰু গোবৰ গেছ আদি তৈয়াৰ কৰা কেন্দ্ৰবোৰ । চালফাৰ – ডাই- অক্সাইডে প্ৰস্ৰাৱ প্ৰণালী আক্রমণ কৰি হাওঁফাওঁ ক্ষতিগ্ৰহস্ত কৰে । ই গছ-গছনিৰো প্ৰভূত ক্ষতি কৰে । পকীঘৰ আৰু আন বস্তুকো ই আক্রমণ কৰি প্ৰদূষিত কৰে ।
(খ) যানবাহন চলোৱা ইঞ্জিনৰ ভিতৰত , কল কাৰখানাত ব্যৱহাৰ কৰা বইলাৰ আৰু বিজুলী উৎপাদন কেন্দ্ৰবোৰত বৰ বেছি উত্তাপত ইন্ধন জ্বলালে নাইট্রজেন অক্সাইড সৃষ্টি হয় ।
(গ) মটৰগাড়ী আদি বিজুলি উৎপাদন কেন্দ্ৰ আৰু কল কাৰখানাত পোৰা ইন্ধন আৰু কৃষিকৰ্ম্মৰ উত্যক্ত আবর্জনা আদি জ্বলোৱাৰ ফলত হাইড্রোকার্বনৰ সৃষ্টি হয় । হাইড্রোকার্বন আৰু নাইট্রজেন অক্সাইড লগ হৈ স্মগৰ সৃষ্টি হয় । ১৯৫২ চনত লগুণ মহানগৰত হোৱা স্মগ দুৰ্ঘটনাত ৩৫০০ ৰ পৰা ৪০০০ লোকৰ মৃত্যু হৈছিল । ১৯০৯ , ১৯৬৩ চনত স্মগৰ বাবে গ্লাচগো চহৰত বহুত মানুহ মৰিছিল । ১৯৩০ চনত বেলজিয়ামত আৰু ১৯৪৫-৪৬ চনত জাপানত আৰু আন ভালেমান চহৰত একেধৰণৰ মৃত্যু হৈছিল । স্মগত থকা বস্তুবোৰ শ্বাস – প্রশ্বাস আৰু কলিজাৰ বেমাৰৰ সৃষ্টি কৰে । স্বাসনলী সম্পৰ্কীয় বেমাৰো স্মগৰ বাবে হয় । ই প্রাণী আৰু গছ উভয়কে আক্ৰমণ কৰে । স্মগৰ এক প্ৰকাৰৰ মৃত্যুদূত বুলিব পাৰি ।
(ঘ) কার্বন মনোক্সাইড :- ইন্ধনত থকা কাৰ্বন সম্পূর্ণ ৰূপে দহন নোহোৱাৰ ফলত মটৰ ইঞ্জিন আদিয়ে কার্বন মনোঅক্সাইড গেছ নির্গত কৰে । এই গেছ শ্বাস প্রশ্বাসত ভিতৰলৈ নিলে , তেজৰ অক্সিজেন আহৰণ কৰা ক্ষমতাত বাধাপ্রাপ্ত হয় । ই টোপনি ভাবৰ উদ্রেক কৰে । বেছি পৰিমাণত কার্ব মনো অক্সাইড গ্ৰহণ কৰিলে মৃত্যু হ’ব পাৰে আৰু কম পৰিমাণত গ্ৰহণ কৰিলে ই শ্বাস – প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে । সুসম পৰিমাণত থাকিলে ই উপকাৰী গেছ ।
(ঙ) পার্টি কুলেত বা বায়ুত ওপঙি থকা কনিকাবোৰ গোট নাইবা পনীয়া উভয় বিধ বস্তুৰে হ’ব পাৰে ৷ সেইবোৰৰ ভিতৰত ধূলিকণাবোৰ , কুৱলি , ধোঁৱা চাই আদি থাকে আৰু কল কাৰখানাৰ নলীৰে সেইবোৰ নিৰ্গত হৈ থকা দেখা যায় । এই ধূলিকণাবোৰে সূৰ্যৰ ৰশ্মি মাটিত পৰাত বাধা দিয়ে আৰু গছ – গছনিৰ ক্ষতি কৰে ৷ উসাহ – নিসাহৰ লগত দেহৰ প্ৰৱেশ কৰি ই শ্বাস প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে ।
দ্রুত শিল্পায়নে বায়ু অধিক পৰিমাণে প্ৰদূষিত কৰিছে । চিমেণ্ট , লো আৰু তীখা , ফাৰটিলাইজাৰ , পেট্ৰক্যাসিকেল আদি কাৰখানাবোৰৰ বাবে প্ৰদূষক নির্গত নোহোৱাৰকৈ ৰকাটো তেনেই কঠিন কাম । চিমেণ্ট কাৰখানাৰ ওচৰত বসবাস , কৰা লোকসকল শ্বাস প্রশ্বাসৰ ৰোগত ভূগিবলৈ বাধ্য । ইয়াৰ কাৰণ প্ৰদূষিত হয় । বায়ু প্ৰদূষণৰ আন দুটা উৎস হ’ল চলভেল্ট আৰু ৰেডিও এ কটিভিটি । তলভেণ্টৰ ব্যৱহাৰে দিনক দিনে ক্রমশঃ বাঢ়ি আহিছে । ৰং , স্প্রে , পলিচ কৰা আদিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় । এই বস্তুবোৰ বতাহত বহুকাললৈ ওপঙি থাকে আৰু এইবোৰ মানুহৰ বাবে ক্ষতিকৰ । কীটনাশক দ্ৰব্যবোৰে গ্রামাঞ্চলত বায়ু প্ৰদূষিত কৰে ৷
বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গোটেই বিশ্বতে প্রচেষ্টা চলাই থকা হৈছে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সন্তোষজনক উন্নতি লভিব পৰা নাই ।
এই ক্ষেত্ৰত ল’বলগীয়া কেইটামান ব্যৱস্থা হ’ল—
(ক) নির্গমনমৰ মাত্ৰা কমাই ৰাখিবলৈ মটৰগাড়ীৰ ইঞ্জিনবোৰ নতুন আৰ্হিত সাজিব লাগে ।
(খ) কাৰিকৰী দিশৰ উপৰিও ব্যক্তিগত দিশতো তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা উচিত ।
( i ) যান – বাহনবোৰৰ নিয়মীয়া পৰীক্ষণ আৰু চাফ চিকুণকৰণ ।
( ii ) ফিল্টাৰৰ ব্যৱহাৰ ।
( iii ) পুৰণি ইঞ্জিন আৰু ইঞ্জিনৰ অংশবোৰ সলাই নতুন লগোৱা ।
( iv ) ইঞ্জিনবোৰ ভালদৰে টিউনিং কৰা ।
(গ) শিল্পবোৰ মানুহৰ বসতিস্থলৰ পৰা নিৰাপদ দূৰত্বত স্থাপন কৰা ৷
(ঘ) খৰি , কয়লা আদি পৰম্পৰাগত ইন্ধনৰ সলনি কম ধোঁৱা ওলোৱা ইন্ধন ব্যৱহাৰ আৰু বনজুই নিয়ন্ত্ৰণ কৰা ।
(ঙ) প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা নকৰালৈকে শিল্প , কল – কাৰখানাক উৎপাদনৰ অনুমতি দিব নালাগে ৷
(চ) ধোঁৱা যোৱা চিমনিবোৰ ওখ কৰা আৰু ধূলিকণা আদি সৰকি যাব নোৱাৰাকৈ চেকনি লগাই দিয়া ৷
(ছ) হাবিৰ আবৰণ মাটিৰ মুঠ ৩৩ শতাংশ সংৰক্ষণ । ইয়াৰ উদ্দেশ্য হ’ল যে হাবিৰ আবৰণে প্ৰদূষণ ৰুধিব পাৰে । বৃক্ষৰোপন আৰু বনানীকৰণ সামাজিক আৰু চৰকাৰী ভাবে ল’ব লাগে । এনে কৰিলে পৰিৱেশৰ লসমতা ৰক্ষাতো সহায়ক হ’ব ।
(জ) চহৰ আৰু গাঁওবোৰৰ চাৰিওফালে সেউজীয়া অঞ্চলৰ সংৰক্ষণ । শিল্পবোৰৰ -চাৰিওফালেও একেধৰণৰ সেউজীয়া অঞ্চলৰ সৃষ্টি কৰা ।
(ঝ) কয়লা আৰু বাস্পচালিত ইঞ্জিনৰ সলনি ৰেলগাড়ীৰ বিজুলী শক্তি চালিত ইঞ্জিনৰ প্রয়োগ ।
(ঞ) মটৰ গাড়ী আৰু শিল্পৰ প্ৰদূষম নিয়ন্ত্ৰণ কৰিবলৈ কঢ়া আইনৰ প্ৰচলন আৰু প্ৰয়োগ ।
২৯। পানী বা বায়ু প্ৰদূষণৰ বাবে প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা কাৰণসমূহ ।
উত্তৰঃ গুণগত মানদণ্ড বিনষ্টহে খোৱাৰ অনুপযুক্ত হ’লে পানী প্ৰদূষিত হোৱা বুলি কোৱা হয় । পানী প্ৰদূষিত কৰা বস্তুবোৰ হ’ল কল কাৰখানাৰ আবৰ্জনা , গৃহস্থৰ পেলনীয়া বস্তুবোৰ , খনি নাইবা খেতি পথাৰৰ আবৰ্জনাবোৰ , বিজুলী উৎপাদন কেন্দ্ৰ গৰমপানী , তেল আদি।এই প্রদূষণকাৰী পদাৰ্থবোৰ পানীৰ মৌলিক , ৰাসায়নিক আৰু জৈৱিক মৌলিবোৰৰ পৰিৱৰ্তন ঘটায় । Suspended , Colloidal আৰু Dissolved অৱস্থাত পানী প্ৰদূষণ হ’ব পাৰে ৷
Suspended অর্থাৎ ওপঙি থকা দ্ৰব্যবোৰ এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে । এইবোৰৰ ভিতৰত সীহ, এচবেচটচ , বেৰিলিয়াম , ক্যাজিমান , পাৰজ আৰু কীটপতঙ্গনাশক দৰববোৰ প্রধান । যেনে ধূলিকণা , ধাতৱ কণিকাবোৰ , ফেন , কাপোৰ, কাগজ , গচৰ পাত আদি বস্তুবোৰে পানী প্ৰদূষিত কৰে ।
Colloidal বিধৰ প্ৰদূষকবোৰ পানীত মিহলি হৈ থাকে আৰু সেইবোৰ সহজে পৃথক কৰিব নোৱাৰি ৷ বিভিন্ন ধাতুৰ অক্সাইডবোৰ আৰু ক্ষুদ্রতম বেক্টেৰীয়াবোৰ এই শ্ৰেণীৰ প্ৰদূষক ।
তৃতীয় বিধৰ প্ৰদূষকবোৰ পানীত দ্রবীভূত হৈ মিহলি হৈ যায় । চালফাৰ ডাই অক্সাইড , কার্বন ডাই অক্সাইড , মিছেন আদি গেছবোৰ আৰু চদিয়াম , পটাচিয়াম , লৌহ আদি ধাতুবোৰ এই শ্ৰেণীৰ পানী প্ৰদূষক । পানীৰ প্ৰদূষণ প্রাকৃতিক উৎস নাইবা মানুহে কৰা কামৰ ফলত হ’ব পাৰে ।
প্রাকৃতিক উৎসবোৰ :- পানী দূষিত কৰা প্ৰাকৃতিক উৎসবোৰ হ’ল মাটি, ধাতৱ পদাৰ্থবোৰ , হিউমাচ , প্রাণীবোৰৰ মলমূত্রাক পানীত থকা অনুজীৱীবোৰ । বৰষুণৰ সময়ত মুগা ৰঙৰ লেতেৰা পানী নদী আৰু আন জলাশয়বোৰত দেখা যায় ৷ এইবোৰ হ’ল পানীৰ লগত বোকাৰ মিশ্ৰণ ৷ একেদৰে ওপঙি থকা আৰু দ্রবীভূত হোৱা নানান বিধৰ প্ৰদূষক আছে । মানুহে সহিব পৰাতকৈ বেছি পৰিমাণৰ খনিজ পদার্থ মিহলি হৈ থকা পানী স্বাস্থ্যৰ বাবে ক্ষতিকৰ ৷ কিছুমান পশু পক্ষাৰ ময়লাও বিষাক্ত হ’ব পাৰে লগতে পানীত থকা কিছুমান জলজ উদ্ভিদেও পানী প্ৰদূষিত কৰে ।
মানুহৰ দ্বাৰা সৃষ্টি উৎসবোৰ মানুহে কৰা পানীৰ প্ৰদূষকবোৰ হ’ল —
(ক) কল – কাৰখানাৰ আৱৰ্জনাবোৰ ।
(খ) গৃহস্থৰ ঘৰৰ আৱৰ্জনাবোৰ ।
(গ) খনিজ আৰু পথাৰৰ পৰা বৈ যোৱা আবৰ্জনাবোৰ ।
(ঘ) বিজুলী শক্তি উৎপাদন কেন্দ্ৰৰ পৰা এৰি দিয়া তপত পানী ।
(ঙ) খনিজ তেল ৷
(চ) খনিজ একটিভ আৱৰ্জনাবোৰ ।
কল – কাৰখানাৰ পৰা অৰি দিয়া নানান ধৰণৰ বিষাক্ত পেলনীয়া বস্তুৱে খোৱা পানীৰ অভাৱ সৃষ্টি কৰাৰ লগতে জলজ প্রাণীবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত প্ৰধান প্ৰদূষকবোৰ হ’ল তেল শোধনাগাৰবোৰ , প্রেট্রকেমিকেল গোটবোৰ , কাগজ কল , কাপোৰ কল, খাদ্য উৎপাদন কাৰী শিল্পবোৰ , চাবন আদি বস্তুবোৰ আৰু ধাতু গঢ়া কাৰখানাবোৰ ।
ভাৰতবৰ্ষৰ প্ৰায়বোৰ নদীৰ পানী এইদৰে প্ৰদূষিত কৰা হৈছে । পবিত্র গঙ্গা , যমুনা , দামোদৰ আদি নদী ইয়াৰ উদাহৰণ । গঙ্গাৰ পাৰত হৃষিকেশ , হৰিদ্বাৰ , এলাহাবাদ , বাৰানসী আদি পবিত্ৰ চহৰ নগৰবোৰ অৱস্থিত । এই চাৰিখন চহৰ আৰু বিহাৰ আৰু কলকাতাই গঙ্গাৰ পানী ইমান প্ৰদূষিত কৰিছে যে ‘ The Ganga Action Plan এ গঙ্গাৰ পানীৰ প্ৰদূষণ ৰুধিব পৰা নাই । যমুনা নদীৰ ক্ষেত্ৰতো কথা একেটাই । একমাত্র দিল্লীৰ শিল্প উদ্যোগ থকা অঞ্চলেই বহু লক্ষ টন আবর্জনা যমুনা নদীত পেলায় ।
দামোদৰ নদীয়ে বোকাৰো তীখা কাৰখানা , ভাৰতীয় লোহা আৰু তীখা কোম্পানী , বেঙ্গল পেপাৰমিল , সিন্দ্ৰি সাৰ কাৰখানাৰ আবৰ্জনা বহন কৰি প্ৰদূষিত হৈ পৰিছে । এইবোৰ বৰ ডাঙৰ কল – কাৰখানা আৰু এইবোৰে দেশৰ অৰ্থনীতিত প্ৰভূত বৰঙণি যোগাইছে যদিও এইবাৰে পৰিৱেশ পদূষণ কৰাতো অৰিহণা যোগাইছে আৰু নদীৰ জলধাৰা প্ৰদূষিত কৰিছে ।
আমাৰ দেশৰ প্ৰদূষিত পানীৰ সৰুবৰ নদীৰ উদাহৰণ বিশেষ কৰিব নোৱাৰি । গৃহস্তৰ পেলনীয়া আৱৰ্জনাবোৰ পানী লগতে প্লাষ্টিকৰ মোনা , চাবন , চৌদা , কাপোৰ , কাগজ আদি সমুদায় বস্তু মিলি গৃহস্থৰ বহ্য ময়লাৰ সৃষ্টি হয় আৰু ই পানী প্ৰদূষণৰ এক প্ৰধান কাৰক ।
প্রাকৃতিকভাৱে পানী প্ৰদূষিত হোৱাৰ কাৰণবোৰ হ’ল—
(ক) আগ্নেয়গিৰিৰ উদ্গীৰণৰ জৰিয়তে ভূ – গৰ্ভৰ ৰাসায়নিক দ্রব্যই পানী প্ৰদূষিত কৰে ।
(খ) সূৰ্যৰ পোহৰ যথেষ্ট নাহোৱা অঞ্চলত শেলাইজাতীয় উদ্ভিদৰ সংখ্যা বৃদ্ধি হৈ কালক্ৰমত সূচনা কৰা ৰাসায়নিক বিক্রিয়ায়ো পানী প্রদূষিত কৰে ।
(গ) জলজ উদ্ভিদ সংখ্যাধিক বিস্তাৰণে নিম্নভাগলৈ পোহৰ প্ৰৱেশ কৰাত বাধা জন্মায় আৰু ইয়াৰ পৰিণামস্বৰূপে ব্যাপক হাৰত জলজ উদ্ভিদ গেলি – পচি পানী প্রদূষিত কৰি তোলে ।
৩০। পানী বা বায়ু প্ৰদূষণৰ বাবে প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা কাৰণসমূহ ।
উত্তৰঃ গুণগত মানদণ্ড বিনষ্টহে খোৱাৰ অনুপযুক্ত হ’লে পানী প্ৰদূষিত হোৱা বুলি কোৱা হয় ৷ পানী প্ৰদূষিত কৰা বস্তুবোৰ হ’ল কল কাৰখানাৰ আবৰ্জনা , গৃহস্থৰ পেলনীয়া বস্তুবোৰ , খনি নাইবা খেতি পথাৰৰ আবৰ্জনাবোৰ , বিজুলী উৎপাদন কেন্দ্ৰ গৰমপানী , তেল আদি।এই প্ৰদূষণকাৰী পদাৰ্থবোৰ পানীৰ মৌলিক , ৰাসায়নিক আৰু জৈৱিক মৌলিবোৰৰ পৰিৱৰ্তন ঘটায় । Suspended , Colloidal আৰু Dissolved অৱস্থাত পানী প্ৰদূষণ হ’ব পাৰে ৷
Suspended অর্থাৎ ওপঙি থকা দ্রব্যবোৰ এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে । এইবোৰৰ ভিতৰত সীহ, এচবেচটচ , বেৰিলিয়াম , ক্যাজিমান , পাৰজ আৰু কীটপতঙ্গনাশক দৰববোৰ প্রধান । যেনে ধূলিকণা , ধাতৱ কণিকাবোৰ , ফেন , কাপোৰ, কাগজ , গচৰ পাত আদি বস্তুবোৰে পানী প্ৰদূষিত কৰে ।
Colloidal বিধৰ পদূষকবোৰ পানীত মিহলি হৈ থাকে আৰু সেইবোৰ সহজে পৃথক কৰিব নোৱাৰি ৷ বিভিন্ন ধাতুৰ অক্সাইডবোৰ আৰু ক্ষুদ্রতম বেক্টেৰীয়াবোৰ এই শ্রেণীৰ প্ৰদূষক ।
তৃতীয় বিধৰ প্ৰদূষকবোৰ পানীত দ্রবীভূত হৈ মিহলি হৈ যায় । চালফাৰ ডাই অক্সাইড , কার্বন ডাই অক্সাইড , মিছেন আদি গেছবোৰ আৰু চদিয়াম , পটাচিয়াম , লৌহ আদি ধাতুবোৰ এই শ্ৰেণীৰ পানী প্ৰদূষক । পানীৰ প্ৰদূষণ প্রাকৃতিক উৎস নাইবা মানুহে কৰা কামৰ ফলত হ’ব পাৰে ।
প্রাকৃতিক উৎসবোৰ :- পানী দূষিত কৰা প্রাকৃতিক উৎসবোৰ হ’ল মাটি, ধাতৱ পদাৰ্থবোৰ , হিউমাচ , প্ৰাণীবোৰৰ মলমূত্ৰাক পানীত থকা অনুজীৱীবোৰ । বৰষুণৰ সময়ত মুগা ৰঙৰ লেতেৰা পানী নদী আৰু আন জলাশয়বোৰত দেখা যায় । এইবোৰ হ’ল পানীৰ লগত বোকাৰ মিশ্রণ । একেদৰে ওপঙি থকা আৰু দ্রবীভূত হোৱা নানান বিধৰ প্ৰদূষক আছে । মানুহে সহিব পৰাতকৈ বেছি পৰিমাণৰ খনিজ পদার্থ মিহলিহৈ থকা পানী স্বাস্থ্যৰ বাবে ক্ষতিকৰ । কিছুমান পশু পক্ষাৰ ময়লাও বিষাক্ত হ’ব পাৰে লগতে পানীত থকা কিছুমান জলজ উদ্ভিদেও পানী প্রদূষিত কৰে ।
মানুহৰ দ্বাৰা সৃষ্টি উৎসবোৰ মানুহে কৰা পানীৰ প্ৰদূষকবোৰ হ’ল—
(ক) কল – কাৰখানাৰ আৱৰ্জনাবোৰ ।
(খ) গৃহস্থৰ ঘৰৰ আৱৰ্জনাবোৰ ৷
(গ) খনিজ আৰু পথাৰৰ পৰা বৈ যোৱা আবৰ্জনাবোৰ ।
(ঘ) বিজুলী শক্তি উৎপাদন কেন্দ্ৰৰ পৰা এৰি দিয়া তপত পানী ।
(ঙ) খনিজ তেল ।
(চ) খনিজ একটিভ আৱৰ্জনাবোৰ ৷
কল – কাৰখানাৰ পৰা অৰি দিয়া নানান ধৰণৰ বিষাক্ত পেলনীয়া বস্তুৱে খোৱা পানীৰ অভাৱ সৃষ্টি কৰাৰ লগতে জলজ প্রাণীবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত প্ৰধান প্ৰদূষকবোৰ হ’ল তেল শোধনাগাৰবোৰ , প্রেট্রকেমিকেল গোটবোৰ , কাগজ কল , কাপোৰ কল, খাদ্য উৎপাদন কাৰী শিল্পবোৰ , চাবন আদি বস্তুবোৰ আৰু ধাতু গঢ়া কাৰখানাবোৰ ।
ভাৰতবৰ্ষৰ প্ৰায়বোৰ নদীৰ পানী এইদৰে প্ৰদূষিত কৰা হৈছে । পবিত্র গঙ্গা , যমুনা , দামোদৰ আদি নদী ইয়াৰ উদাহৰণ । গঙ্গাৰ পাৰত হৃহৃষিকেশ , হৰিদ্বাৰ , এলাহাবাদ , বাৰানসী আদি পবিত্ৰ চহৰ নগৰবোৰ অৱস্থিত । এই চাৰিখন চহৰ আৰু বিহাৰ আৰু কলকাতাই গঙ্গাৰ পানী ইমান প্ৰদূষিত কৰিছে যে ‘ The Ganga Action Plan এ গঙ্গাৰ পানীৰ প্ৰদূষণ ৰুধিব পৰা নাই । যমুনা নদীৰ ক্ষেত্ৰতো কথা একেটাই । একমাত্র দিল্লীৰ শিল্প উদ্যোগ থকা অঞ্চলেই বহু লক্ষ টন আবর্জনা যমুনা নদীত পেলায় ।
দামোদৰ নদীয়ে বোকাৰো তীখা কাৰখানা , ভাৰতীয় লোহা আৰু তীখা কোম্পানী , বেঙ্গল পেপাৰমিল , সিন্দ্ৰি সাৰ কাৰখানাৰ আবৰ্জনা বহন কৰি প্ৰদূষিত হৈ পৰিছে । এইবোৰ বৰ ডাঙৰ কল – কাৰখানা আৰু এইবোৰে দেশৰ অৰ্থনীতিত প্রভূত বৰঙণি যোগাইছে যদিও এইবাৰে পৰিৱেশ পদূষণ কৰাতো অৰিহণা যোগাইছে আৰু নদীৰ জলধাৰা প্ৰদূষিত কৰিছে ।
আমাৰ দেশৰ প্ৰদূষিত পানীৰ সৰুবৰ নদীৰ উদাহৰণ বিশেষ কৰিব নোৱাৰি । গৃহস্তৰ পেলনীয়া আৱৰ্জনাবোৰ পানী আৰু লগতে প্লাষ্টিকৰ মোনা , চাবন , চৌদা , কাপোৰ , কাগজ আদি সমুদায় বস্তু মিলি গৃহস্থৰ বহ্য ময়লাৰ সৃষ্টি হয় আৰু ই পানী প্ৰদূষণৰ এক প্ৰধান কাৰক ।
প্রাকৃতিকভাৱে পানী প্ৰদূষিত হোৱাৰ কাৰণবোৰ হ’ল—
(ক) আগ্নেয়গিৰিৰ উদ্গীৰণৰ জৰিয়তে ভূ – গৰ্ভৰ ৰাসায়নিক দ্রব্যই পানী প্ৰদূষিত কৰে ।
(খ) সূৰ্যৰ পোহৰ যথেষ্ট নাহোৱা অঞ্চলত শেলাইজাতীয় উদ্ভিদৰ সংখ্যা বৃদ্ধি হৈ কালক্ৰমত সূচনা কৰা ৰাসায়নিক বিক্রিয়ায়ো পানী প্ৰদূষিত কৰে ।
(গ) জলজ উদ্ভিদৰ সংখ্যাধিক বিস্তাৰণে নিম্নভাগলৈ পোহৰ প্ৰৱেশ কৰাত বাধা জন্মায় আৰু ইয়াৰ পৰিণামস্বৰূপে ব্যাপক হাৰত জলজ উদ্ভিদ গেলি – পচি পানী প্রদূষিত কৰি তোলে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.