Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 4 প্রাকৃতিক সম্পদ Question Answer.
Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ Notes for All Subjects, You can practice these here.
১৯। প্রাকৃতিক সম্পদ আৰু উদাহৰণসহ এইবিলাকৰ প্ৰকাৰ সম্পৰ্কে লিখা ।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত আৰু অন্তৰ্ভাগত থকা প্ৰকৃতিপ্রদত্ত সকলো বস্তুকে প্রাকৃতিক সম্পদ বোলা হয় । উপৰিভাগত থকা ভূমি , পানী , পর্বত – পাহাৰ , নৈ – জান – জুৰি , বায়ু আৰু অভ্যস্তৰত থকা জলৰাশি আৰু খনিজ সম্পদবোৰ প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভুক্তি । প্রাকৃতিক সম্পদসমূহক দুভাগত ভগোৱা হৈছে । এবিধ নবীকৰণ কৰিব পাৰি , আনবিধ নোৱাৰি ।
এই দুবিধ সম্পদৰ মাজত থকা দুটা পার্থক্য হ’ল—
(ক) নবীকৰণ কৰিব পৰা সম্পদবোৰ উপর্যুপৰি ব্যৱহাৰ কৰিলেও শেষ নহয় । বনজ সম্পদ , জল সম্পদ , সৌৰ শক্তি মানুহৰ পর্যাপ্ত ব্যৱহাৰেও শেষ কৰিব নোৱাৰে । আনহাতে খনিজ সম্পদৰ দৰে নবীকৰণ কৰিব নোৱাৰা সম্পদবোৰ এদিন শেষ হৈ যাব । নবীকৰণ কৰিব পৰা শক্তি হ’ল জলশক্তি , সৌৰশক্তি ।
(খ) জনসংখ্যাৰ দ্রুত বৃদ্ধি নহলে নবীকৰণ কৰিব পৰা সম্পদৰ জনমূৰি ভিত্তিত পৰিমাণ একেই থাকে । আনহাতে , নবীকৰণ কৰিব নোৱাৰা সম্পদৰ পৰিমাণ কমি যায় । সেইবাবে জনমূৰি ভিত্তিত ইয়াৰ পৰিমাণো হ্রাস পায় । ভাৰতৰ নবীকৰণ কৰিব নোৱাৰা শক্তি হ’ল কয়লা , পেট্ৰ’লিয়াম ।
প্রাকৃতিক সম্পদসমূহক বনজ সম্পদ , জলজ সম্পদ , খনিজ সম্পদ , শক্তি সম্পদ আৰু ভূ সম্পদ এই পাঁচটা ভাগত ভাগ কৰিব পাৰি ।
বনজ সম্পদৰ :- বন্য জীৱ – জন্তু , কাঠ – বাঁহ , ঔষধি উদ্ভিদ , শোভাবর্দ্ধনকাৰী উদ্ভিদ , অৰ্কিড , সৰীসৃপ জাতীয় প্রাণী ইত্যাদি ।
জল সম্পদৰ :- নৈসর্গিক শোভাবৰ্দ্ধনকাৰী জলাধাৰ , বন্দৰ , পোতাশ্রয়, বিভিন্ন জলজ উদ্ভিদে আৰু প্ৰাণী , মৎস্য সম্পদ , জল বিদ্যুৎ , পৰিবহনযোগ্য জলাধাৰ , সাগৰৰ তলীৰ বিভিন্ন মণি – মুকুতা ইত্যাদি ।
খনিজ সম্পদৰ :- লোৰ আকৰ , কয়লা , সোণ , ৰূপ , গ্রেণাইট , বক্সাইট, মাইকা , চূণশীল ইত্যাদি ।
শক্তি সম্পদৰ :- তাপ শক্তি , বিদ্যুৎ শক্তি , বায়ু শক্তি , সৌৰ শক্তি , জৈৱ শক্তি , আণৱিক শক্তি ইত্যাদি ।
ভূ – সম্পদৰ :- কৃষিযোগ্য ভূমিস বাসোপযোগী ভূমি ইত্যাদি ।
২০। বনবিনাশৰ কাৰণসমূহ লিখা ।
উত্তৰঃ বনবিনাশৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) ঔদ্যোগিকৰণ সম্প্ৰসাৰণৰ বাবে মানুহে গছ – গছনি কটাৰ ফলত বনাঞ্চলসমূহ ধ্বংসপ্রাপ্ত হৈছে ।
(খ) বৰ্দ্ধিত জনসংখ্যাৰ ফলশ্ৰুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্ৰয়োজন হোৱাৰ ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বসবাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চলসমূহ ধ্বংসমূখত পৰিব লগীয়া হৈছে ।
(গ) ব্যাপক হাত পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া ।
(ঘ) মানুহৰ দৈনন্দিন অভাৱ পূৰ্ণ বাবেও বনাঞ্চল ধ্বংসৰ কাৰ্যও অব্যাহত আছে ।
(ঙ) চোৰাং ব্যৱসায়ী , অধিক লাভৰ আকাংখ্যাও মানুহে বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া ।
(চ) দৰিদ্ৰতা , আমদায়ক আচবাব আৰু বিলাসী সামগ্রী আদিৰ চাহিদা বৃদ্ধিৰ কাৰণেও বনাঞ্চল উচ্ছেদ হোৱা দেখা যায় ।
(ছ) পথ নিৰ্মাণৰ বাবে বাবে মানুহে গছ – গছনি কটাৰ ফলত বনাঞ্চলসমূহ উচ্ছেদ কৰা হয় ।
(জ) নদী বান্ধৰ বাবেও মানুহে বনাঞ্চল উচ্ছেদ কৰা দেখা যায় ।
(ঝ) চৰকাৰী নীতিৰ বিফলতা আদিও বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া।
(ঞ) উদ্যোগৰ কেঁচামালৰ চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ধ্বংসৰ কার্যও অব্যাহত আছে ।
২১। প্রাকৃতিক বিপৰ্যয়ৰ সংজ্ঞা আৰু অসমত বানপানীৰ দৰে প্ৰাকৃতিক বিপর্যয়ৰ ব্যৱস্থাপনা ।
উত্তৰঃ প্রাকৃতিক বিপৰ্যয়ৰ ব্যৱস্থাপনাসমূহ হ’ল—
(ক) মানুহে বর্তমান নদীবোৰত অধিক পৰিমানে পেলনীয়া বস্তুবোৰ পেলোৱাৰ ফলত নদীবিলাক বাম হৈ আহিবলৈ ধৰিছে যাৰ ফলত কম পানীতে নদীবোৰ উফন্দি পৰে আৰু বানপানীৰ সৃষ্টি কৰে ।
(খ) ব্যাপক পৰিমাণৰ নদী বান্ধবিলাক সময়ে সময়ে খুলি দিয়াৰ ফলতো আবতৰীয়া বানপানীয়ে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে ।
(গ) অতি বেছি পৰিমাণে ভূমি স্খলনৰ ফলত নদীবোৰ বাম হৈ পৰিছে । ফলত নদীৰ পানী ধাৰণৰ ক্ষমতা হ্রাস পাই আহিছে আৰু সেয়ে প্রতি বছৰেই নতুন নতুন অঞ্চল বানৰ কবলত পৰিছে ।
(ঘ) মানুহে নিজৰ সুবিধাৰ বাবে নদীৰ পৰিসীমা ঠেকাই অনাৰ ফলতো বানপানী সৃষ্টি হয় ।
(ঙ) বনাঞ্চলৰ উচ্ছেদ বৃদ্ধি পোৱাৰ ফলত বৰষুণত বালি , মাটি , গছৰ ডাল – পাত আদি উটি আহি নদীৰ পানীত মিহলি হোৱাৰ ফলত পানীৰ আকাৰ বৃদ্ধি পায় আৰু নদীৰ পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয় ।
বানপানী সমস্যা সমাধান কৰিবৰ বাবে তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে—
(ক) বানপানী সমস্যা সমাধান কৰিবৰ বাবে বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব লাগিব ।
(খ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে নদীসমূহক নিয়ন্ত্ৰণ কৰিব লাগবি ৷
( গ ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে গৰা খহনীয়া আৰু ভূমিস্খলন ৰোধ কৰিব লাগিব ।
(ঘ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে পাহাৰ পৰ্বত , হাবি – বন , গছ – গছনি আদি জধে – মধে ধ্বংস নকৰি তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব ।
(ঙ) বান নিয়ন্ত্ৰণৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী বাহিৰ কৰি আৱশ্যকীয় ঠাইত যোগান ধৰিব লাগিব ।
(চ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে বৃক্ষৰোপনত অধিক মনোনিৱেশ কৰিব লাগিব ।
(ছ) বানপানীৰ সমস্যাৰ সমাধানৰ বাবে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে ।
২২। ভাৰতীয় অর্থনীতিত বনজ সম্পদৰ সংৰক্ষণ আৰু উন্নয়নৰ গুৰুত্ব বিচাৰ কৰা ।
উত্তৰঃ ভাৰতৰ নতুন বনাঞ্চল গঢ়ি তোলাৰ ওপৰত বিশেষ ব্যৱস্থা পৰিলক্ষিত হেৱা নাই যদিও আগৰে পৰা থকা বনাঞ্চলসমূহ সংৰক্ষণ কৰাত চৰকাৰে যত্নৰ ত্রুটি কৰা নাই । ভাৰতত বনাঞ্চলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্র ২০.২ শতাংশ । জনসংখ্যৰ মাত্ৰাধিক বৃদ্ধিৰ ফলত হাবিৰ গছ – গছনি অবাধে ধ্বংস কৰা হৈছে । ফলত অনেক ৰাজ্যত বনাঞ্চলৰ পৰিমাণ দ্রুত গতিত হ্রাস পাই আহিছে । এই অৱস্থা অব্যাহত থাকিলে দেশৰ অৰ্থনীতিত নিঃসংন্দেহে বিৰূপ প্রতিক্রিয়া পৰিব ।
দেশৰ বনাঞ্চলৰ সংৰক্ষণ আৰু উন্নয়ন অতীব প্রয়োজন হৈ পৰিছে । বনাঞ্চলে দেশৰ অর্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ অৰিহনা যোগাব পাৰে । ঔদ্যোগিক দিশত উন্নত পাশ্চাত্যৰ দেশবোৰতো এই দিশত চিচৰ্চা কৰা হৈছে আৰু অনেক দেশত বনাঞ্চলৰ উন্নয়নৰ বাবে নানান প্রচেষ্টা হাতত লোৱা হৈছে ।
বনাঞ্চলৰ সংৰক্ষণ :- পৰিৱেশজনিত কাৰণত বনাঞ্চলৰ সংৰক্ষণ কৰাটো অতি প্রয়োজন । কাৰণ , বনাঞ্চলে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ উন্নতি সাধন কৰে । গছ – গছনিয়ে তাপমাত্রা হ্রাস কৰে আৰু জলবায়ু সমভাবাপন্ন কৰি ৰাখে । ইয়াৰ ফলত বৰষুণৰ মাত্রা বৃদ্ধি পায়।
দ্বিতীয়তে , গছ – গছনিয়ে ভূমিৰো সংৰক্ষণ কৰে । গছে মাটিৰ পানীভাগ শুহি লৈ গড়াখহনীয়া ৰোধ কৰে । মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
তৃতীয়তে , বনাঞ্চল সংৰক্ষণ কৰাৰ আন এটা কাৰণ হ’ল ইয়াক গৰু – মহৰ চৰনীয়া পথাৰ হিচাবে ব্যৱহাৰ কৰা হয় । ই পশুখাদ্যৰ যোগান ধৰে ৷ সেইবাবে কৃষকৰ উপকাৰৰ বাবে কৃষি উন্নয়নৰ বাবে বনাঞ্চলৰ সংৰক্ষণ বিশেষভাৱে প্রয়োজন ৷
বনাঞ্চলৰ উন্নয়ন :- নিম্ন লিখিত কাৰণত বনাঞ্চলৰ উন্নয়ন হোৱাটো প্রয়োজন ।
প্ৰথমতে , ভাৰতৰ বুজনসংখ্যক লোক খাদ্য , খৰি আৰু ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ দৰে মৌলিক প্রয়োজনৰ বাবে হাবি – বননিৰ ওপৰত নিৰ্ভৰ কৰে । তদুপৰি ভাৰতৰ প্ৰায় ১০ লাখ মানুহ জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত ।
দ্বিতীয়তে , বনাঞ্চলৰ পৰা অসংখ্য প্রয়োজনীয় আৰু দুষ্প্রাপ্য দ্ৰব্য আহৰণ কৰা হয় । কাঠ – বাঁহৰ বাহিৰেও লা , ধূনা , খয়েৰ , আঠা , নানান সুগন্ধি দ্ৰব্য হাবিৰ পৰাই পাব পাৰি ৷ মূল্যৱান ঔষুধি গছৰ পৰা নানাবিধ ঔষধ প্রস্তুত কৰা হয় ।
তৃতীয়তে , বনাঞ্চলত উৎপাদিত কেতবোৰ দ্ৰব্য উদ্যোগত কেঁচা সামগ্ৰী হিচাবে ব্যৱহাৰ কৰা হয় । কাগজ , প্লাইউড , দিয়াচলাই আদি বনভিত্তিক উদ্যোগবোৰ পূৰামাত্ৰাই বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল ।
শেষত , বনজ সম্পদে দেশৰ ৰাজহ বৃদ্ধি কৰাৰ লগতে বৈদেশিক মুদ্ৰাৰ আহৰণতো অৰিহনা যোগাইছে । কাঠ , বাঁহ – বেতৰ সামগ্ৰী , কাগজ , অগৰু আদি সামগ্ৰীৰ বাবে এখন নিৰ্ভৰশীল বিদেশী বজাৰ গঢ়ি উঠিছে ।
২৩। নদী বান্ধৰ অপকাৰিতা সম্পর্কে লিখা ।
উত্তৰঃ নদী বান্ধৰ অপকাৰিতা :- নদী বান্ধৰ পৰা হোৱা অপকাৰিতা সমূহ তলত উল্লেখ কৰা হ’ল—
(ক) নদী বান্ধবিলাক নিৰ্মাণ কৰোতে চৰকাৰৰ এক বৃহৎ অংশৰ পুঁজি ব্যয় হয় । কিন্তু পুঁজি ব্যয়ৰ তুলনাত এই বান্ধবোৰে সম্পদ সূচনাৰ পৰিৱৰ্তে পৰিৱেশীয় অৱনতিৰহে সূচনা কৰে ।
(খ) নদী বান্ধ নিৰ্মাণৰ বাবে বৃহৎ অঞ্চলৰ প্রাকৃতিক সম্পদ উচ্ছেদ কৰাৰ লগতে সেই সেই অঞ্চলত বসবাস কৰা জনজাতীয় লোকৰ বাসস্থানৰো উচ্ছেদ ঘটোৱা হয় । ফলত প্রাকৃতিক সম্পদৰ লগতে জনজাতীয় লোকসকলৰো বিস্তৰ ক্ষতি সাধন হয় ।
(গ) নদীবান্ধ বিলাকে পৰিৱেশ সুৰক্ষা কৰাৰ পৰিৱৰ্তে বহু সময়ত পৰিৱেশৰ অৱনতি ঘটায় ।
(ঘ) সাম্প্রতিক নদীবান্ধবিলাক খৰাং বতৰৰ বিকল্পও হোৱা নাই আৰু এইবোৰে আশানুৰূপভাৱে বানপানী নিয়ন্ত্রণো কৰিব পৰা নাই ।
(ঙ) নদীবান্ধ বিলাকৰ ফলত নদীৰ পানী ওপৰলৈ উঠে আৰু জনমগ্নতাৰ সূচনা হয় ।
(চ) নদীবান্ধবিলাকৰ বাবে বান্ধৰ ওচৰে পাজৰে খন্দা নলা নর্দমা বিলাক পানীৰে উপচি পৰি ওচৰৰ জনসাধাৰণৰ লগতে বন্য প্রাণী , উদ্ভিদ আদিৰো বিস্তৰ ক্ষতি সাধন হয় ।
(ছ) নদীবান্ধবিলাকৰ ফলত ভূ – গৰ্ভৰ পানীভাগ ওপৰলৈ উঠি আহে আৰু পানীৰ লগতে ভূ – গৰ্ভত থকা খনিজ লৱণো ভূ – পৃষ্ঠৰ জৈৱ আভৰণৰ বিস্তৰ ক্ষতি সাধন কৰে ।
(জ) নদীবান্ধবিলাকে কৃষিকাৰ্য সুকলমে সম্পাদন কৰাটো বাধাৰ সৃষ্টি কৰে ।
২৪। ভূমি সম্পদৰ বিষয়ে বহলাই লিখা ।
উত্তৰঃ পৃথিৱীৰ ওপৰৰ স্তৰটোকে মাটি বা ভূমি বোলে । ই জীৱৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলো সামগ্ৰীৰ উৎস । ক্ষয় যোৱা শিল , বৰষুণ , বায়ু , উষ্ণতা আদি ভৌতিক পদাৰ্থৰ লগত উদ্ভিদ , প্রাণী আৰু অণুজীৱ আদি জৈৱিক পদাৰ্থৰ মাজত পাৰস্পৰিক বিক্রিয়া ঘটি মাটিৰ গঠন হয় । চাৰি প্ৰকাৰৰ উপাদানৰ দ্বাৰা মাটিৰ গঠন হয় । সেয়া হ’ল–
(ক) মণিক পদার্থ – ৫০% – ৬০%
(খ) জৈৱিক পদার্থ – ১০%
(গ) পানী – ২৫% – ৩৫%
(ঘ) বায়ু – ১৫% – ২৫%
মাটিৰ ক্ষয়ন , লৱণযুক্ত হোৱা , বিষাক্ত পদার্থ মিহলি হোৱা আদিৰ দৰে বিভিন্ন কাৰণৰ বাবে ভাৰতবৰ্ষত বছৰি প্ৰায় ৬০০ নিযুত হেক্টৰ কৃষিভূমি নষ্ট হয় ।
মাটিৰ ওপৰৰ স্তৰটো এঠাইৰ পৰা আন এঠাইলৈ ক্রমশঃ সলনি হোৱা পদ্ধতিকে মাটিৰ ক্ষয়ন হোৱা বোলে ৷ পৃথিৱীৰ মাটিৰ এক ইঞ্চি ডাঠ তৰপ এটা গঠন হ’বলৈ ৫০০-১০০০ বছৰ লাগে । সেয়েহে মাটিৰ ক্ষয়নৰ পৰিমাণো দিনে দিনে বৃদ্ধি পোৱাত ই সমগ্র বিশ্বতে ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে ।
মাটিৰ ক্ষয়নৰ কাৰকসমূহ :- প্রধানতঃ পানী আৰু বতাহৰ দ্বাৰা মাটিৰ ক্ষয়নকাৰ্য সংঘটিত হয় ।
পানীয়ে চাৰি ধৰণে মাটিৰ ক্ষয়ন কৰে । সেয়া হ’ল –
(ক) আচ্ছাদনৰ ক্ষয়ন :- প্ৰৱল বৰষুণৰ ফলত ভূ – পৃষ্ঠৰ ওপৰৰ তৰপটো সম্পূৰ্ণকৈ পানীৰ দ্বাৰা উটুৱাই নিলে আচ্ছানৰ ক্ষয়ন হোৱা বোলে ৷
(খ) সুঁতিৰ ক্ষয়ন :- বৰষুণৰ পানী তীব্র বেগত বৈ যাওঁতে সৰু সৰু সুতিৰ আকাৰত মাটি খান্দি লৈ যায় ৷ এনেদৰে মাটিৰ ক্ষয়ন হোৱা কাৰ্যক সুঁতিৰ ক্ষয়ন হোৱা বোলে ৷
(গ) নলাৰ ক্ষয়ন :- পানীয়ে স্বচ্ছল অৱস্থাত বৈ যাওঁতে মাটি তললৈ খান্দি লৈ খাদৰ সৃষ্টি কৰে আৰু পাৰৰ পৰাও কিছুমান মাটি খহাই লৈ যায় ইয়াক নলাৰ ক্ষয়ন বোলে ।
(ঘ) নৈ পৰীয়া ক্ষয়ন :- কোবাল সোঁতৰ নদীৰ দাঁতি কাষৰীয়া অঞ্চলত নদীৰ সোঁতে তলে তলে পাৰৰ মাটি কাটি নিয়ে বাবে ওপৰৰ মাটিৰ তৰপ খহাই দিয়ে । এইদৰে নদীৰ দুয়োপাৰে খহনীয়া হোৱা দেখা যায় ।
(ঙ) বতাহৰ দ্বাৰা ক্ষয়ন :- উদ্ভিদৰ বিস্তৃতি নথকা অঞ্চলত বতাহৰ দ্বাৰা মাটিৰ ক্ষয়ন হয় । সাধাৰণতে , মৰুভূমি আৰু শুকান মৰুসদৃশ অঞ্চলত এনে ক্ষয়ন হোৱা দেখা যায় । ভূমি ক্ষয় হোৱা আৰু উৰ্বৰতা হ্রাস পোৱালৈ লক্ষ্য ৰাখি ভূমি সংৰক্ষণ কৰা জৰুৰী হৈ পৰিছে ।
ভূমি সংৰক্ষণৰ কেইটামান ব্যৱস্থা হ’ল –
(ক) বৃক্ষ ৰোপনৰ দ্বাৰা ভূমি ক্ষয় কাৰ্য ৰোধ কৰিব পাৰি । বনানীকৰণে পানীৰ দ্বাৰা হোৱা ক্ষয়ন আৰু বতাহৰ দ্বাৰা হোৱা ক্ষয়ন ৰোধ কৰাৰ লগতে ভূমিস্খলন ৰোধ কৰাটো সহায় কৰে ।
(খ) ধান , ঘেঁহু আদিৰ দৰে শস্য আৰু মাহ জাতীয় শস্যৰ সাল – সলনি কৰি খেতি কৰিলে ভূমি সংৰক্ষণত সহায়ক হয় ।
(গ) অনুৰ্বৰ মাটি বতাহ আৰু পানীয়ে সহজে ক্ষয়ন কৰে । সেইবাবে উৰ্বৰতা ৰক্ষা কৰাটো প্রয়োজনীয় । জৈৱিক সাৰ আৰু মাহ জাতীয় শস্যৰ ৰোপণেৰে মাটিৰ উৰ্বৰতা ৰক্ষা কৰা দৰকাৰ ।
বনানী ধ্বংসৰ ফলতে ভূমিৰ গুণাগুণ নষ্ট হয় , ভূমিস্খলন হয় আৰু কোনো কোনো অঞ্চল মৰুময় হয় । ইয়াৰ ফলত উৎপাদন ক্ষমতা কৰে , ভুগৰ্ভৰ পানী হ্রাস হয় , মাটি লৱণযুক্ত হয় আৰু মাটিৰ ক্ষয়নৰ মাত্রা বৃদ্ধি হয় । বিভিন্ন খনিজ পদার্থ , মণিক আদি উলিয়াবলৈ খনন কাৰ্যয়ো মৰুকৰণত প্ৰভাৱ পেলায় ।
২৫। দৈনন্দিন জীৱনত সৌশক্তিৰ ব্যৱহাৰৰ বিষয়ে লিখা ।
উত্তৰঃ সূৰ্যৰ তাপ আৰু পোহৰ পৃথিৱীত শক্তিৰ মুখ্য উৎস হিচাপে মানুহে ব্যৱহাৰ কৰে কিয়নো সূৰ্য হৈছে শক্তিৰ অক্ষয় ভাণ্ডাৰ । সূৰ্যৰ বিকিৰণ শক্তি পৃথিৱীৰ সকলো দেশে এবছৰত ক্ষয় কৰা মুঠ শক্তিৰ পোন্ধৰ বেছি।কিন্তু পৃথিৱীৰ সকলো ঠাইতে সকলো সময়তে সূৰ্যৰ পোহৰ সমভাৱে নপৰে । তদুপৰি ডাৱৰীয়া বৃতৰ আৰু ৰাতি সূৰ্যৰ পোহৰ পোৱা নাযায় বাবে সূৰ্যৰ পৰা পোৱা শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নাযায় । তথাপিও খাদ্য শস্য শুকুওৱা , খাদ্যবস্তু সংৰক্ষণ কৰা , কাপোৰ কানি শুকুওৱা , সাগৰৰ পানীৰ পৰা লৱন তৈয়াৰ কৰা ইত্যাদি কামত সৌৰশক্তি ব্যৱহাৰ কৰা হয় । তদুপৰি সৌৰ শক্তিৰ সহায়ত খাদ্য বস্তু ৰন্ধা , পানী গৰম কৰা আদি কামো কৰা হয় । তাপ সংগ্ৰাহকৰ সহায়ত সৌৰ তাপ আহৰণ কৰি ভিন ভিন কামত ব্যৱহাৰৰ বাবে সংগ্ৰহ কৰি ৰাখিব পাৰি । সূৰ্যৰ তাপৰ দ্বাৰা ঘৰৰ ভিতৰখন গৰম কৰি ৰাখিবলৈ বা শীতল কৰিবলৈ এক বিশেষ ব্যৱস্থাৰে ৰটো নিৰ্মাণ কৰা হয় । এনেদৰে নিৰ্মাণ কৰা ঘৰকে সৌৰ ঘৰ বোলা হয় ।
শক্তি উৎপাদন প্রকল্পবোৰতো ডাঙৰ ডাঙৰ লেন্স বিশেষ ধৰণেৰে ব্যৱহাৰ কৰা হয় যাতে সৌৰ শক্তিক কেন্দ্রীভূত কৰি শক্তি উৎপাদন কৰিব পাৰে । অতি মাত্ৰাত পোৱা এই তাপশক্তিক পানী উতলোৱাত ব্যৱহাৰ কৰা হয় আৰু উতলা পানীৰ পৰা পোৱা ভাপৰ সহায়ত টাৰবান চলাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয় । ঠিক সেইদৰে বহুতো লেন্সৰ সহায়ত সৌৰ শক্তিক কেন্দ্ৰীভূত কৰি পোৱা তাপশক্তিক সৌৰ অগ্নিকুণ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ সহায়ত উচ্চ উষ্ণতাত ধাতু গলোৱাৰ দৰে কাৰ্য সম্পাদন কৰিব পাৰি । সৌৰশক্তিক বিশেষকৈ বিদ্যুৎ উৎপাদন কৰি বিজুলী চাকি জ্বলোৱা , বৈদুত্যিক যন্ত্রপাতি চলোৱা আদি কামত ব্যৱহাৰ কৰা হয় ।
২৬। প্রাকৃতিক সম্পদ খনিজ উদঘাটনৰ লাভজনক আৰু অনিষ্টকৰ পৰিণাম সম্পর্কে লিখা ।
উত্তৰঃ খনিজ সম্পদ উদঘাটনৰ লাভজনক পৰিণামবোৰ হ’ল—
(ক) খনিজ সম্পদে ঔদ্যোগিক দিশৰ বিকাশত সহায় কৰাৰ লগতে দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগায় ।
(খ) খনিজ সম্পদে ব্যক্তিগত আয় বৃদ্ধিত অৰিহণা যোগায় ।
(গ) খনিজ সম্পদে শক্তি আহৰণত সহায় কৰে ।
(ঘ) খনিজ সম্পদ ৰপ্তানি কৰি বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰে ।
(ঙ) খনিজ সম্পদৰ জৰিয়তে দেশে অর্থনৈতিক উন্নতি লাভ কৰিব পাৰে।
(চ) খনিজ সম্পদে পৰিৱেশক সুন্দৰ কৰি ৰাখে ।
(ছ) খনিজ সম্পদে উদ্যোগ গঢ়ি উঠাত সহায় কৰিছে ।
(জ) খনিজ সম্পদে জীৱন ধাৰণৰ মান উন্নত কৰি তোলাৰ বাবে যাৱতীয় আৰামদায়ক সামগ্রী উৎপাদনত সহায় কৰিছে ।
খনিজ সম্পদৰ অনিষ্টকৰ পৰিণামবোৰ হ’ল—
(ক) খনিজ সম্পদৰ আহৰণে ভৱিষ্যতৰ অৰ্থনৈতিক উন্নতি ব্যাহত কৰাৰ আশংকা কৰা হৈছে । কাৰণ এনে খনিজ সম্পদ প্রাকৃতিভাৱে উৎপাদন হ’বলৈ বহু বছৰৰ প্ৰয়োজন হয় ।
(খ) খনিজ সম্পদৰ মুক্ত খননে ভূ – পৃষ্ঠৰ সেউজ আভৰণ সংকুচিত কৰিছে ।
(গ) খনিজ সম্পদৰ আহৰণৰ পৰিণামস্বৰূপে ভূ – ক্ষয় আৰু ভূ – স্খলৰ মাত্রা বৃদ্ধি পাইছে ।
(ঘ) খনিজ সম্পদৰ আহৰণে সমীপৰ জলাধাৰ প্ৰদূষণ হোৱাত অৰিহণা যোগাইছে ।
(ঙ) খনিজ সম্পদ আহৰণে পৰিৱেশ প্ৰদূষণত অৰিহণা যোগায় ৷
(চ) খনিজ সম্পদৰ আহৰণৰ ফলত বৃহৎ পৰিমাণে ভূমিস্খলন হৈ পৰিৱেশৰ অৱনতি ঘটায় ।
২৭। অসমৰ খনিজ সম্পদসমূহ আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে লিখা ৷
উত্তৰঃ অসমে খনিজ সম্পদৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতে আগস্থান পাবলৈ সক্ষম হৈছে । অসমৰ লিডু , জয়পুৰ , মাকুম , মাৰ্ঘেৰিটা , নাজিৰা , লংকাদমন ইত্যাদি ঠাইত কয়লা খনি আছে । তদুপৰি অসমৰ মৰাণ , গ্রীজান , ৰুদ্ৰসাগৰ , গেলেকী , নাহৰকটীয়া , বৰহোলা , লাকুৱা ইত্যাদিত তেলৰ পুং আছে । গুৱাহাটী , নুমলীগড় , বঙাইগাঁও , ডিগবৈত তেল শোধনাগাৰ আছে । অসমত আলতীয়া মাটি , মুলতানী মাটি , চীনা মাটি ইত্যাদিও পোৱা যায় যাৰ পৰা ইটা , কাচ, লো আদি তৈয়াৰ কৰিব পাৰি । ইয়াৰোপৰি কাৰ্বি আংলং জিলাত চিলিমেনাইট , জিপচাম , গ্রেনাইট ইত্যাদি পাথৰো পোৱা যায় ৷
এই প্রাকৃতিক সম্পদসমূহ সংৰক্ষণৰ কাৰণে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি ।
(ক) অনবীকৰণযোগ্য প্রাকৃতিক সম্পদ থকা অঞ্চলটোত সমপদৰ মজুতৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰি সেইসমূহৰ আহৰণ আৰু ব্যৱহাৰৰ মিতব্যয়ী কৰি তুলিব লাগে ।
(খ) অনবীকৰণযোগ্য সম্পদ আহৰণ আৰু ব্যৱহাৰৰ বাবে একো একোটা উপযুক্ত পৰিচালনা গোট আৰু নিয়ন্ত্ৰণ গোট গঠন কৰি উপযুক্ত কৌশলী, দক্ষ ব্যক্তিক নিযুক্তি দিব লাগে ।
(গ) অনবীকৰণযোগ্য প্রাকৃতিক সম্পদসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে এক মিতব্যয়ী জীৱন নিৰ্বাহৰ বাতাবৰণ গঢ়ি তোলাৰ ব্যৱস্থা কৰিব লাগে ইত্যাদি ।
২৮। বিভিন্ন শক্তিসমূহৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ কৰ্ম কৰাৰ সক্ষমতাক শক্তি বোলা হয় । এখন দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ জনমূৰি শক্তি ব্যৱহাৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰশীল । শক্তিৰ উৎস প্রধানতঃ দুই প্ৰকাৰৰ – নবীকৰণক্ষম উৎস আৰু অনবীকৰণক্ষম বা নবীকৰণ অক্ষম উৎস ।
এই উৎসসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল –
(ক) সৌৰ শক্তি :- সূৰ্যৰ পৰা বিকীৰণ হোৱা পোহৰ তাপকেই সৌৰ শক্তি বোলে । নবীকৰণক্ষম শক্তিৰ উৎসসমূহৰ ভিতৰত সৌৰ শক্তিৰ পৰিমাণ বৃহৎ । সৌৰ শক্তিৰ সহায়ত কুকাৰ , উত্তাপক , বেটাৰী আদি ব্যৱহাৰ কৰিব পৰা হৈছে ।
(খ) বায়ু শক্তি :- বায়ু শক্তিক যান্ত্ৰিক আৰু বিজুলী শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি । শক্তিৰ উৎপাদন আৰু পানী সিঁচা আদি ক্ষেত্ৰত বায়ু শক্তিৰ ব্যৱহাৰ হয় । উপকূল অঞ্চলত বায়ুৰ গতি প্ৰৱল হোৱা বাবে গুজৰাটৰ কচ্ছ , ওখা ; পুৰী টুটিকৰিণ , আদি অঞ্চলত বায়ু চালিত টাৰবাইন স্থাপন কৰি বিদ্যুৎ উৎপাদনত বায়ু শক্তিক ব্যৱহাৰ কৰা হৈছে ।
(গ) জোৱাৰ শক্তি :- ফ্রান্সত বিশ্বৰ ভিতৰতে শক্তিশালী জোৱাৰ শক্তি উৎপাদন কেন্দ্র অৱস্থিত । আমাৰ দেশৰ গুজৰাটৰ কচ্ছ আৰু পশ্চিমবঙ্গৰ সুন্দৰবনত জোৱাৰৰ শক্তিৰ কাৰ্যকৰিতাৰ ওপৰত পৰীক্ষা চলাই থকা হৈছে ।
(ঘ) জলশক্তি :- বোৱতী নদীত বান্ধ নিৰ্মাণৰ দ্বাৰা জলশক্তি উৎপাদন কৰা হয় । বান্ধ নিৰ্মাণ কৰি নদীৰ পানী সংগ্ৰহ কৰা হয় । আৱদ্ধ কৰি ৰখা এই পানী নলীৰে বান্ধৰ ওপৰৰ পৰা তললৈ পৰিবলৈ দিয়া হয় । ইয়াৰ দ্বাৰা পানীখিনিৰ স্থিতি শক্তিক গতিশক্তিলৈ ৰূপান্তৰিত কৰা হয় । এই পানীয়ে টাবাইনসমূহ ঘূৰাবলৈ ধৰে আৰু ইয়াৰ লগত সংলগ্ন জেনেৰেটৰ ঘূর্ণীমান হৈ বিদ্যুৎ উৎপাদন হয় । ভাৰতত জলবিদ্যুৎ উৎপাদনৰ পৰিমাণ প্রায় ২৩৮০০ মেগাৱাট ।
(ঙ) সামুদ্রিক তাপশক্তি :- সমুদ্ৰৰ পৃষ্ঠভাগত উষ্ণতা আৰু গভীৰতাৰ উষ্ণতা তাৰতম্যৰ ফলত যি শক্তি উৎপাদন হয় তাকে সামুদ্রিক তাপ শক্তি বোলা হয় । এই শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰা হয় ।
(চ) ভূ – তাপশক্তি :- পৃথিৱীৰ অন্তৰ্ভাগত থকা উষ্ণ শিলাখণ্ডসমূহৰ তাপক ভূ – তাপ শক্তি বোলা হয় । ভাৰতবৰ্ষৰ মণিকৰণ , কুলু , চোহানা আদি ঠাইত মাটিৰ পৰা গৰম পানীৰ সোঁত ওলায় । উচ্চ চাপত ওলোৱা গৰম পানীক বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি ।
(ছ) জৈৱিক শক্তি :- কাঠ , গোৱৰ , আৱৰ্জনা আদিৰ দৰে জৈৱিক পদার্থসমূহ জৈৱিক শক্তিৰ উৎস ।
(জ) জৈৱিক গেছ :- প্রাণী আৰু উদ্ভিদৰ পেলনীয়া দ্রব্যসমূহত অবাত অনুজীৱৰ দ্বাৰা পানীৰ উপস্থিতিত সহজে পচন ঘটে । এই প্ৰক্ৰিয়াৰ দ্বাৰা মিথেন , কার্বন – ডাই – অক্সাইড , হাইড্ৰ’জেন , হাইড্ৰজেন ছালফাইড আদি গেছসমূহ উৎপন্ন হয় । এই গেছসমূহৰ সংমিশ্ৰণক জৈৱিক গেছ বোলে । ভাৰতত জৈৱিক গেছ উৎপাদনকাৰী গোটৰ মুঠ সংখ্যা ৩০,০০,০০০ ।
(ঝ) জৈৱিক ইন্ধন :- ইথানল আৰু মিথালন জাতীয় এলকহল জৈৱ অনুজীৱৰ পচনৰ দ্বাৰা উৎপন্ন কৰিব পাৰি । কুঁহিয়াৰৰ পৰা ইথানল উৎপাদন কৰিব পাৰি আৰু যিকোনো কাঠ জাতীয় উদ্ভিদৰ পৰা মিথানল উৎপন্ন কৰিব পাৰি ।
(ঞ) হাইড্ৰ’জেন :- বায়ুমণ্ডলত হাইড্ৰ’জেন দহন হৈ যথেষ্ট শক্তি উৎপন্ন কৰে । হাইড্ৰ’জেন দুই ধৰণে তৈয়াৰ কৰিব পাৰি — তাপৰ দ্বাৰা পৃথকীকৰণ কৰি আৰু পানীৰ তড়িৎ বিশ্লেষণ বা আলোক বিশ্লেষণৰ দ্বাৰা । ইন্ধন হিচাপে হাইড্ৰ’জেনৰ ব্যৱহাৰ সুবিধাজনক । ই প্ৰদূষক নহয় । অতি সহজে প্রস্তুত কৰিব পাৰি আৰু উচ্চমানবিশিষ্ট কেলৰিযুক্ত কাৰণে উৎকৃষ্ট ইন্ধন হিচাপে ব্যৱহাৰৰ উপযোগী ।
(ট) কয়লা :- কয়লা দহনৰ দ্বাৰা শক্তি উৎপাদন কৰা হয় । ভূ – গৰ্ভত প্রায় ৬০০০ নিযুত টন কয়লা সঞ্চিত হৈ আছে । এতিয়ালৈকে প্রায় ২০০ নিযুত টন কয়লা বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হৈছে ।
(ঠ) খনিজ তেল :- খনিজ তেলৰ উৎস আৰু মাত্র ৪০ বছৰলৈকেহে থাকিব বুলি ঠাৱৰ কৰা হৈছে । ‘ অপেক ’ ( OPEC ) ৰ অন্তৰ্গত ১৩ খন দেশত ৬৭% খনিজ তেলৰ ভাণ্ডাৰ আছে । চৌদি আৰৱত ২৫% তেলৰ ভাণ্ডাৰ আছে । খনিজ তেলৰ আংশিক পাতন পদ্ধতিৰে বিশুদ্ধকৰণ কৰি পেট্’ল , ডিজেল , প্লাষ্টিক , গেছলিন , কেৰাচিন আদি বিভিন্ন ইন্ধন সামগ্ৰী উৎসাপন কৰা হয় ।
(ড) পাৰমাণৱিক শক্তি :- অতি কম পৰিমাণৰ তেজস্ক্রিয় পদার্থই বৃহৎ পৰিমাণৰ শক্তিৰ সৃষ্টি কৰিব পাৰে । পৰমাণু বিকিৰণৰ সহায়ত আণৱিক শক্তি উৎপন্ন কৰা হয় । পাৰমাণৱিক বিখণ্ডন আৰু পাৰমাণবিক সংযোজনেৰে এই শক্তিক উৎপাদন কৰা হয় । বিদ্যুৎ উৎপাদনৰ বাবে সাগৰীয় জাহাজৰ ইন্ধনৰূপে , ৰাসায়নিক বিক্রিয়া প্রকল্পত তাপ উৎপাদক হিচাপে আৰু মহাকাশ যান উৰুৱাবলৈ পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.