Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ

Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 4 প্রাকৃতিক সম্পদ Question Answer.

Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ Notes for All Subjects, You can practice these here.

১৩। প্রাকৃতিক সম্পদ আৰু উদাহৰণসহ এই বিলাকৰ প্ৰকাৰ । 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত আৰু অন্তর্ভাগত থকা প্রকৃতি প্রদত্ত সকলো বস্তুকে প্রাকৃতিক সম্পদ বোলা হয় । উপৰিভাগত থকা ভূমি , পানী , পৰ্বত – পাহাৰ , নৈ – জান – জুৰি , বায়ু আৰু অভ্যস্তৰত থকা জলৰাশি আৰু খনিজ সম্পদবোৰ প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভুক্তি । 

প্রাকৃতিক সম্পদসমূহক দুভাগত ভগোৱা হৈছে । এবিধ নবীকৰণ কৰিব পাৰি , আনবিধ নোৱাৰি । 

এই দুবিধ সম্পদৰ মাজত থকা দুটা পার্থক্য হ’ল : 

(ক) নবীকৰণ কৰিব পৰা সম্পদবোৰ উপর্যুপৰি ব্যৱহাৰ কৰিলেও শেষ নহয় । বনজ সম্পদ , জল সম্পদ , সৌৰ শক্তি মানুহৰ পৰ্যাপ্ত ব্যৱহাৰেও শেষ কৰিব নোৱাৰে । আনহাতে খনিজ সম্পদৰ দৰে নবীকৰণ কৰিব নোৱাৰা সম্পদবোৰ এদিন শেষ হৈ যাব । নবীকৰণ কৰিব পৰা শক্তি হ’ল জলশক্তি , সৌৰশক্তি । 

(খ) জনসংখ্যাৰ দ্ৰুত বৃদ্ধি নহ’লে নবীকৰণ কৰিব পৰা সম্পদৰ জনমূৰি ভিত্তিত পৰিমাণ একেই থাকে । আনহাতে , নবীকৰণ কৰিব নোৱাৰা সম্পদৰ পৰিমাণ কমি যায় । সেইবাবে জনমূৰি ভিত্তিত ইয়াৰ পৰিমাণো হ্রাস পায় । ভাৰতৰ নবীকৰণ কৰিব নোৱাৰা শক্তি হ’ল কয়লা , পেট্ৰ’লিয়াম । 

প্রাকৃতিক সম্পদসমূহক বনজ সম্পদ , জলজ সম্পদ , খনিজ সম্পদ , শক্তি সম্পদ আৰু ভূ সম্পদ এই পাঁচটা ভাগত ভাগ কৰিব পাৰি । 

বনজ সম্পদৰ :- বন্য জীৱ – জন্তু , কাঠ – বাঁহ , ঔষধি উদ্ভিদ , শোভাবর্দ্ধনকাৰী উদ্ভিদ , অৰ্কিড , সৰীসৃপ জাতীয় প্রাণী ইত্যাদি । 

জল সম্পদৰ :- নৈসর্গিক শোভাবর্দ্ধনকাৰী জলাধাৰ , বন্দৰ , পোতাশ্রয়, বিভিন্ন জলজ উদ্ভিদে আৰু প্ৰাণী , মৎস্য সম্পদ , জল বিদ্যুৎ , পৰিবহনযোগ্য জলাধাৰ , সাগৰৰ তলীৰ বিভিন্ন মণি – মুকুতা ইত্যাদি । 

খনিজ সম্পদৰ :- লেৰ আকৰ , কয়লা , সোণ , ৰূপ , গ্রেণাইট , বক্সাইট, মাইকা , চূণশীল ইত্যাদি । 

শক্তি সম্পদৰ :- তাপ শক্তি , বিদ্যুৎ শক্তি , বায়ু শক্তি , সৌৰ শক্তি , জৈৱ শক্তি , আণৱিক শক্তি ইত্যাদি ৷ 

ভূ – সম্পদৰ :- কৃষিযোগ্য ভূমিস বাসোপযোগী ভূমি ইত্যাদি । 

১৪। ভাৰতৰ প্ৰাকৃতিক সম্পদসমূহেৰ দেশখনৰ অৰ্থনৈতিক উন্নয়নত কেনেদৰে বৰঙণি যোগাইছে আলোচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাকৃতিক সম্পদ এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সেই দেশৰ প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত নিৰ্ভৰশীল । প্রাকৃতিক সম্পদ উদঘাটন আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এখন দেশৰ জাতীয় উৎপাদন বৃদ্ধি কৰিব পাৰি । অর্থনৈতিক উন্নয়ন নাইবা অনগ্ৰসৰতাৰ মাপকাঠি এখন দেশৰ জাতীয় আয় । আনহাতেদি জাতীয় উৎপাদন বৃদ্ধিৰ বাবে প্ৰাকৃতিক সম্পদ , মানৱ সম্পদ আৰু মূলধনৰ সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন ৷ 

প্রাকৃতিক সম্পদ বুলিলে এখন দেশৰ মাটি , পানী , খনিজ সম্পদ , বনজ সম্পদ , জলবায়ু , বৰষুণ আদি প্ৰকৃতিয়ে মুক্তভাৱে দিয়া সম্পদ বিলাককেই বুজায় । এই সম্পদবিলাকৰ ভিতৰত কিছুমান সম্পদৰ কথা মানুহে সম্পূর্ণভাৱে জানে , যেনে : মাটিৰ অৱস্থান , জনবায়ু , বনজ সম্পদ আৰু আৱিস্কৃত খনিজ সম্পদ । অন্যহাতেদি কিছুমান সম্পদ মানুহৰ কাৰিকৰী জ্ঞান বৃদ্ধিৰ দ্বাৰাইহে উদঘাটন কৰিব পাৰি । গতিকে সেইবিলাকত সম্পদৰ বিষয়ে সাধাৰণতে মানুহৰ জ্ঞান নাথাকে । উদঘাটন নোহোৱা আৰু উদঘাটন হোৱা সকলোবিলাক সম্পদ সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিলেহে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন আশা কৰিব পাৰি । 

প্রাকৃতি সম্পদৰ আন এটা বিবেচনা হ’ল প্রাকৃতিক সম্পদ নৱীকৰণ কৰিব পাৰি আৰু কিছুমান প্রাকৃতিক মস্পদ নৱীকৰণ কৰিব নোৱাৰি । মাটি , পানী , মীন আৰু বনজ সম্পবিলাক পুনৰ নতুনকৈ ব্যৱহাৰ কৰিব পাৰি । আনহাতেদি খনিজ সম্পদবিলাক কেৱল এবাাাৰহে ব্যৱহাৰ কৰিব পাৰি । যিবিলাক প্রাকৃতিক মস্পদ নৱীকৰণ কৰিব নোৱাৰি সেইবিলাক ব্যৱহাৰ কৰোঁতে বৰ সচেতন হ’ব লাগে আৰু পুনঃ পুনঃ ব্যৱহাৰ কৰিব পৰা সম্পদবিলাকো উপযুক্তভাৱে পৰিচালনা কৰিব লাগে ৷ উদাহৰণস্বৰূপে আমাৰ দেশত থকা খনিজ তেলবিলাক একেলগে উৎপাদন কৰি ব্যৱহাৰ কৰিলে এটা সময়ত যেতিয়া খনিজ তেল শেষ হ’ব তেতিয়া বিকল্প ব্যৱস্থা কি হ’ব , যদি বিকল্প কোনো সম্পদ পোৱা নাযায় তাৰ ফলাফল কি হ’ব সকলোৱে চিন্তা কৰাটো বৰ প্ৰয়োজনীয় বিষয় ৷ 

সম্পদৰ উন্নয়নৰ প্ৰধান উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা । গতিকে সকলোবিলাক সম্পদ উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগে । প্রাকৃতিক সম্পদবিলাক উদঘাটন বা ব্যৱহাৰ কৰোঁতে যতদূৰ সম্ভৱ অবাবত নষ্ট কৰিব নালাগে । উচ্চ কাৰিকৰী কৌশল প্রয়োগ কৰি সম্পদবিলাক আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে । যিবিলাক সম্পদ পুনঃ পুনঃ ব্যৱহাৰ কৰিব পাৰি সেইবিলাকৰ পুনৰ গঠনৰ বাবে ব্যৱস্থা কৰিব লাগে । 

যদি কোনোবা সম্পদ একেলগে কেইবাটাও কামত ব্যৱহাৰ কৰিব পাৰি তেনেবিলাক সম্পদ উপযুক্তভাৱে ব্যৱহাৰ কৰাটো অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ প্রয়োজনীয় বিষয় । আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল সম্পদবিলাকৰ ওচৰে পাজৰে সেই সম্পদ ব্যৱহাৰ কৰা উদ্যোগবিলাক প্রতিষ্ঠা কৰিব লাগে । উদাহৰণস্বৰূপে তেলৰ খনিৰ ওচৰত তেল শোধনাগাৰ স্থাপন কৰিলে উৎপাদন ব্যয় বহু পৰিমাণে কমি যায় । প্রাকৃতিক মস্পদৰ লগত প্রাকৃতিক ভাৰসাম্যৰ বিষয়টো জড়িত হৈ আছে।গতিকে প্রাকৃতিক সম্পদ আহৰণ কৰোতে প্রাকৃতিক ভাৰসাম্যতালৈ লক্ষ্য কৰিহে ব্যৱহাৰ কৰিব লাগে । নহ’লে প্ৰদূষণৰ সমস্যাই দেখা দিয়ে । সম্পদ ব্যৱহাৰ কৰোতে এই সকলোবিলাক কথা বিবেচনা কৰিব লাগে । 

ভাৰতবৰ্ষৰ মাটিকালিৰ পৰিমাণ ৩২৯ নিযুত হেক্টৰ । এই উপমহাদেশখন ৮৪ / ৰ পৰা ৩৭.৬ ′ উত্তৰ অক্ষাংশলৈ আৰু ৬৮.৭ / ৰ পৰা ৯৬.২৫ পূব দ্রাঘিমাংশলৈ বিয়পি আছে । উত্তৰ হিমালয় পর্বতৰ পৰা দক্ষিণৰ উপকূল অংশলৈ এই উপমহাদেশৰ দৈর্ঘ্য প্রায় ৩২১৪ কিলোমিটাৰ আৰু পূবৰ অৰুণাচলৰ সীমাৰ পৰা পশ্চিম কাশ্মীৰলৈ ২৯৩৩ কিলোমিটাৰ । 

প্রাকৃতিকভাৱে ভাৰতবৰ্ষখনক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰা হৈছে— 

(ক) পার্বত্য অঞ্চল ।

(খ) উপত্যকা অঞ্চল । আৰু 

(গ) দাক্ষিণাত্যৰ মালভূমি আৰু উপকূল অঞ্চল । 

ভাৰতবৰ্ষৰ উত্তৰৰ হিমালয় পর্বতমালাৰ প্ৰকৃতিৰ অপূৰ্ব অৱদান । উত্তৰ ভাৰতৰ সকলোবোৰ নদ – নদীৰ মূল উৎস হ’ল হিমালয় পর্বত । হিমালয়ৰ গভীৰ অৰণ্য মূল্যবান গছ – গছনি আৰু নানাধৰণৰ বনৰীয়া জীৱ – জন্তুৰ বাসভূমি । 

হিমালয় পৰ্বতৰ নামনি অঞ্চল বিশেষকৈ ব্ৰহ্মপুত্ৰ , গংগা আৰু সিন্ধু নদীৰ উপত্যকাৰ সমভূমি অঞ্চলতেই ভাৰতীয় মানুহৰ প্ৰধান বসবাস আৰু সভ্যতাৰ স্থান । এই অঞ্চলৰ পলসুৱা আৰু সাৰুৱা মাটিত প্ৰচুৰ শস্য উৎপাদন কৰা হয় । দাক্ষিণাত্যৰ মালভূমি অঞ্চলত বিভিন্ন শিল্প উদ্যোগ গঢ়ি উইঠছে । এই অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ সাগৰীয় পথেদি যোগাযোগ কৰিব পাৰি । ভাৰতবৰ্ষৰ এই তিনিওটা প্রাকৃতিক অঞ্চলৰে বেলেগ বেলেগ বৈশিষ্ট্য আছে আৰু দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন প্ৰকাৰে অৰিহণা যোগাইছে । 

১৫। বনজ সম্পদ অধিক ব্যৱহাৰৰ প্ৰভাৱসমূহ উল্লেখ কৰা ৷

উত্তৰঃ বনজ সম্পদ অধিক ব্যৱহাৰৰ প্ৰভাৱসমূহ হ’ল—  

(ক) বনজ সম্পদৰ অধিক ব্যৱহাৰৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্রাস পায় আৰু ভূমি স্খলনৰ পৰিমাণ বৃদ্ধি পায় ।

(খ) বনজ সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত মানুহ , জীৱ – জন্তু , পসু-পক্ষী আদিৰ খাদ্যৰ নাটনি হোৱা দেখা যায় । 

(গ) বনাঞ্চলত বসবাস কৰা প্ৰাণীসমূহৰ বসতিস্থান নাইকীয়া হয় । ফলত বহুত প্ৰাণীৰ প্ৰজাতি নিঃশেষ হৈ যোৱা দেখা যায় । ইয়াৰ লগতে বহুতো নাইকীয়া হৈ যায় ৷ 

(ঘ) বনজ সম্পদৰ অধিক ব্যৱহাৰে ধৰণীৰ সেউজী সৌন্দৰ্যৰ বিলুপ্তি ঘটোৱাৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্য নাশ কৰিব আৰু জলবায়ুত এক কু – প্ৰভাৱ পৰিব । 

(ঙ) বনাঞ্চলৰ ব্যাপক ব্যৱহাৰে ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰিব । ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হ’ব আৰু দেশৰ অৰ্থনৈতিক উন্নয়নতো বাধাৰ সৃষ্টি হ’ব । 

(চ) বনজ সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত উদ্যোগসমূহলৈ কেঁচা মালৰ যোগান ধৰাত অসুবিধাৰ সৃষ্টি হ’ব আৰু গাঁও অঞ্চলৰ লোকসকলৰ বিভন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব । 

বনজ সম্পদৰ অধিক প্ৰসাৰণেও যথেষ্ট সমস্যাৰ সৃষ্টি কৰা দেখা যায় । যেনে— 

(ক) অধিক পৰিমাণৰ বনাঞ্চলৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণ বৃদ্ধি পাব যিটো কৃষি উৎপাদনৰ কাৰণে প্ৰয়োজনতকৈ বেছি হ’ব । ফলত উৎপাদনৰ পৰিমাণ হ্রাস পাব যিটোৱে দেশৰ অৰ্থনৈতিক উন্নয়নতো প্ৰভাৱ পেলাব । 

(খ) বনজ সম্পদৰ অধিক প্ৰসাৰণৰ ফলস্বৰূপে হাবি বনত বসবাস কৰা বিষাক্ত কীট প্রত্যগ , পোক – পৰুৱা আদিৰ পৰিমাণ বৃদ্ধি পোৱাৰ পুৰামাত্ৰাই আশংকা থাকে যাৰ ফলত মানুহৰ সাধাৰণ জীৱন নির্বাহতো ব্যাঘাট জন্মিব । 

(গ) বহুলাংশে বনজ সম্পদ বৃদ্ধিৰ ফলত দেশৰ কৃষি উৎপাদনত ব্যৱহাৰ কৰা মাটিৰ উৰ্বৰতা শক্তি হ্রাস পাব । কাৰণ গছ গছনি আৰু অতিপাত ডাল পাত পৰি খেতি মাটিবোৰ চেঁচুকীয়া কৰি পেলাব । 

(ঘ) বনাঞ্চলৰ অধিক প্ৰসাৰণে মানুহৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰতো বহু সময়ত ব্যাঘাট জন্মাব । 

বনাঞ্চলৰ উচ্ছেদৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) ঔদ্যোগিকৰণ সম্প্ৰসাৰণ আৰু পথ নিৰ্মাণৰ বাবে বনাঞ্চল উচ্ছেদ কৰা হয় । 

(খ) বৰ্দ্ধিত জনসংখ্যাৰ ফলস্রুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্ৰয়োজন হ’ল । ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চল ধ্বংসমূখত পৰিব লগা হ’ল । 

(গ) ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া । 

(ঘ) মানুহৰ দৈনন্দিন অভাৱ পূৰ্ণ , উদ্যোগৰ কেঁচামালৰ চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ধ্বংসৰকার্যও অব্যাহত আছে । 

(ঙ) চোৰাং ব্যৱসায়ী , অধিক লাভৰ আকাঙ্খা , চৰকাৰী বন নীতিৰ বিফলতা আদিও বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া । 

(চ) দৰিদ্ৰতা , আৰামদায়ক আচবাব আৰু বিলাসী সামগ্ৰী আদিৰ চাহিদা বৃদ্ধি , নদী বান্ধ আদিৰ কাৰণেও বনাঞ্চল উচ্ছেদ হোৱা দেখা যায় । 

১৬। ভাৰতৰ প্ৰাকৃতিক সম্পদবোৰ বিষয়ে লিখা ৷ 

উত্তৰঃ ( ক ) মাটি :- ভাৰতবৰ্ষৰ মুঠ ভৌগোলিক মাটিৰ পৰিমাণ ৩২৯ নিযুত হেক্টৰ । এই মাটিৰ ভিতৰত ৩০৫ নিযুত হেক্টৰ মাটিৰহে প্রকৃত বিৱৰণ পোৱা যায় । ইয়াৰে ৪১ নিযুত হেক্টৰ মাটি অর্থাৎ ১৩.৪ শতাংশ মাটিত –

( ক ) খেতিৰ অনুপযোগী মাটি , পৰ্বত , মৰুভূমি আদি অৱস্থিত । আৰু 

( খ ) ঘৰ – বাৰীত ব্যৱহাৰ কৰা মাটি , ৰাস্তা – ঘাট , ৰেললাইন , নদী আদিয়ে আগুৰি আছে । 

মুঠৰ ওপৰত ভাৰতবৰ্ষৰ মাটি ১৩.৪ শতাংশ শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা নহয় ৷ জনসংখ্যা বৃদ্ধি আৰু নগৰৰ সংখ্যা বৃদ্ধিৰ লাগে লগেই এই ১৩ শতাংশ মাটিৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ আহিছে । 

ভাৰতবৰ্ষৰ মুঠ মাটিৰ ৬৭ নিযুত হেক্টৰ অৰ্থাৎ ২২ শতাংশ মাটিৰ হাবি- জংঘল আছে । এই অংশক বনজ অঞ্চল বোলা হয় । ৪ শতাংশ মাটি ঘাঁহনি পথাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে । ৪৬ শতাংশ অর্থাৎ ১৪০ নিযুত হেক্টৰ মাটিহে কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয় । 

১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ পাছৰে পৰা খাদ্য শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’বৰ বাবে শস্য উৎপাদনৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ১৯৬০ চনলৈকে খেতি কৰা মাটিৰ পৰিমাণ বৃদ্ধি কৰি যথেষ্ট পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰা হৈছিল । এই শতিকাৰ শেষত ভাৰতবৰ্ষৰ জনংখ্যাৰ পৰিমাণ ১০০০ নিযুত হ’বগৈ আৰু খাদ্যশস্যৰ পৰিমাণ বছৰি ২৪০ ৰ পৰা ২৫০ নিযুত টন হ’লেহে সমস্যাৰ সমাধান কৰিব পৰা যাব । কৃষি বিজ্ঞানীসকলে উন্নত পদ্ধতিত সকলোবিলাক মাটিত শস্য উৎপাদন কৰিব পাৰিলে আমাৰ দেশৰ খাদ্য শস্যৰ নাটনি নাথাকিব বুলি মত পোষণ কৰিছে । একেডৰা মাটিত একে বছৰতে কেইবাটাও খেতি কৰিও খাদ্যশস্য উৎপাদন বৃদ্ধি কৰিব পাৰি । অৱশ্যে মাটিৰ অপব্যৱহাৰ কৰিলে উৎপাদনৰ পৰিমাণ হ্রাস হ’ব । 

আমাৰ ভাৰতবৰ্ষ এখন কৃষিপ্রধান দশ । এই দেশৰ শতকৰা ৭০ জন লোকেই পৰোক্ষ বা প্রত্যক্ষভাৱে কৃষি কাৰ্যত লিপ্ত । গতিকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত কৃষিখণ্ডত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে । কৃষিখণ্ডৰ উৎপাদিকা দ্রব্য উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি শিল্প উদ্যোগৰ উন্নয়ন কৰিব পাৰি । এই দুয়োটা খণ্ডৰ উন্নতি হ’লেহে ব্যৱসায় বাণিজ্যৰ পৰিসৰ বৃদ্ধি হৈ অর্থনৈতিক উন্নয়ন সম্ভৱ হ’ব পাৰে। মাটিৰ যোগান সীমিত গতিকে একেটুকুৰা মাটিতে একাধিক উৎপাদন কৰি অৰ্থনৈতিক উন্নয়ন সম্ভৱ কৰিবৰ বাবে নতুন কৌশল আৰু কাৰিকৰী জ্ঞানৰ প্ৰয়োজন ৷ জাপানৰ দৰে এখন সৰু দেশে কাৰিকৰী জ্ঞান আৰু কৌশলৰ বাবেই কম মাটিত অধিক শস্য উৎপাদন কৰি অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰিব পাৰিছে । আমাৰ ভাৰতবৰ্ষত পাঞ্জাৱ, হাৰিয়ানা , উত্তৰ প্ৰদেশ , তামিলনাডু আদি ৰাজৰত কৃষি উৎপাদন পদ্ধতিৰ উন্নতি কৰি উৎপাদন বৃদ্ধি কৰিব পাৰিছে । 

(খ) বনজ সম্পদ :- ভাৰতবৰ্ষৰ বনাঞ্চলত গুৰুত্বপূৰ্ণ প্রাকৃতিক সম্পদ আছে । বনাঞ্চলৰ প্রভাৱে বানপানী নিয়ন্ত্রণ কৰি খহনীয়াৰ প্ৰতিৰোধ কৰিব পাৰে । প্রাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি , আচবাব শিল্প , জুইশলা শিল্প , কাগজ উদ্যোগ নির্মাণ উদ্যোগ গঢ়ি উঠিব পাৰে । 

ভাৰতবৰ্ষৰ ১৯৮৩-৮৪ চনৰ এটা সমীক্ষা অনুযায়ী ৬৭ নিযুত হেক্টৰ মাটিত অর্থাৎ মুঠ মাটি-কালিৰ শতকৰা ২২ ভাগ বনাঞ্চল । বনাঞ্চলৰ মুঠ মাটিকালিৰ ৫৩ শতাংশ সংৰক্ষিত , ৩০ শতাংশ নিয়ন্ত্রিত বাঞ্চল আৰু বাকী ১৭ শতাংশ শ্রেণীভুক্ত নকৰা বনাঞ্চল । ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ – পূৰ্বাঞ্চল , মধ্যপ্রদেশ , উৰিষ্যা আদিত যথেষ্ট পৰিমাণে বনাঞ্চল আছে । অন্যাহতেদি উত্তৰ ভাৰতৰ কোনো কোনো অঞ্চলত যিমান পৰিমাণৰ বনাঞ্চল থকাটো দৰকাৰ সিমান পৰিমাণৰ বনাঞ্চল নাই । সেইবিলাক ঠাইত প্রকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে । বিশেষজ্ঞসকলে মত অনুযায়ী নিৰক্ষীয় অঞ্চলত মুঠ মাটিৰ এক তৃতীয়াংশত বনাঞ্চল থকাটো দৰকাৰ । এই ফালৰ পৰা চাবলৈ গ’লে ভাৰতৰ বনাঞ্চলৰ পৰিমাণ কম । 

বনজ সম্পদৰ গুৰুত্ব তিনিটা দিশৰ পৰা বিচাৰ কৰিব পাৰি । প্ৰথমতে , বনাঞ্চলৰ পৰা মূল্যবান কাঠ , খৰি , জীৱ – জন্তু , খাদ্যদ্রব্য , বনৰীয়া জীৱ – জন্তুৰ বাসভূমি আৰু আন বহুত সামগ্ৰী পোৱা যায় । দ্বিতীয়তে , বনাঞ্চলে বানপানী নিয়ন্ত্রণ কৰি মাটি সংৰক্ষণ কৰাত সহায় কৰে । তৃতীয়তে , বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ শিল্প উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে । বনজ সম্পদৰ পৰা এখন দেশে তলত উল্লেখ কৰা কিছুমান পৰোক্ষ সুবিধা লাভ কৰিব পাৰে । 

১। বনাঞ্চলৰ প্ৰভাৱে এখন দেশৰ জনবায়ুৰ ভাৰসাম্যতা ৰক্ষা কৰে । 

২। বাৰিষা কালত হোৱা বানপানী নিয়ন্ত্ৰণ কৰাত হাবি – জংঘলে সহায় কৰে । মাটিত গৰাখহনীয়াৰ প্ৰতিৰোধ কৰে । 

৩। বনাঞ্চলে নানা জীৱ – জন্তু আৰু চৰাই – চিৰিকটিৰ আশ্রয়স্থান দিয়ে। 

৪। বনাঞ্চলে বায়ু শোধন কৰি মানুহৰ বাবে উপযুক্ত বায়ুৰ যোগান ধৰে। 

৫। এখন ঠাইৰ সৌন্দর্য বৃদ্ধি কৰা বনাঞ্চলৰ প্ৰভাৱ বৰ বেছি । এইবিলাক পৰোক্ষ উপকাৰৰ উপৰিও বনজ অঞ্চলৰ পৰা অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান প্রত্যক্ষ সুবিধা লাভ কৰিব পাৰি । 

সেইবিলাক তলত উল্লেখ কৰা হ’লঃ  

১। বনাঞ্চলৰ পৰা মূল্যবান পূৰঠ কাঠ কাটি আনি দেশৰ কাঠ শিল্পৰ উন্নতিসাধন কৰিব পাৰি ৷ সাধাৰণতে গৃহ নির্মাণ , ৰেল লাইন নির্মাণ , আচবাব প্রস্তুত , কৃষিৰ সা – সঁজুলি তৈয়াৰ কৰিবলৈ কাঠৰ চাহিদা আছে । ভাৰতবৰ্ষৰ উত্তৰ – পূৰ্বাঞ্চলৰ কাঠৰ পৰা প্লাইউড শিল্পৰ উন্নতি হৈছে । এৰিশিল্প উৎপাদিত বস্তুৰ গোটেই পৃথিৱীতে চাহিদা আছে । ১৯৮৫ চনৰ পৰা প্লাইউড শিল্পৰ বাবে আৱশ্যকীয় কেঁচামালৰ নাটনি হোৱাত মালায়েচীয়াৰ পৰা কাঠৰ যোগান ধৰি এই শিল্প চলাই থকা হৈছে ।

২। ভাৰতবৰ্ষত ৰন্ধন কার্যত ব্যৱহাৰ কৰা ৰন্ধন গেছ সকলো লোকেই ব্যৱহাৰ কৰা নাই । গতিকে ৰন্ধন কাৰ্যৰ বাবে যথেষ্ট পৰিমাণৰ খৰি বনাঞ্চলৰ পৰাই যোগান ধৰিব লাগে । 

৩। হাবি – জংঘলৰ পৰা বাঁহ , বেত , কাঠ আদি কেঁচা সামগ্ৰীৰ যোগান ধৰি , কাগজ উদ্যোগ , বাঁহ – বেতৰ উদ্যোগ প্রতিষ্ঠা কৰি এখন দেশৰ সম্পদ বৃদ্ধি কৰিব পাৰে । গতিকে বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি বহুতো শিল্প স্থাপন হ’ব পাৰে । 

৪। হাবি বননিৰ পৰা মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি কৰিব পাৰি । উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চল ঝুম খেতি কৰিবৰ বাবে তিনি চাৰি বছৰ হাবি জংঘল কাটি মাটি সাৰুৱা হ’বৰ কাৰণে এৰি দিয়া হয় ৷ 

১৭। প্রাকৃতিক বিপর্যয় হিচাপে বানপানী , ইয়াৰ কাৰণ আৰু ব্যৱস্থাপনা। 

উত্তৰঃ প্রাকৃতিক বিপর্যয় হিচাপে বানপানীৰ প্ৰধান কাৰণবোৰ হ’ল :

(ক) মানুহে বৰ্তমান নদীবোৰত অধিক পৰিমানে পেলনীয়া বস্তুবোৰ পেলোৱাৰ ফলত নদীবিলাক বাম হৈ আহিবলৈ ধৰিছে যাৰ ফলত কম পানীতে নদীবোৰ উফন্দি পৰে আৰু বানপানীৰ সৃষ্টি কৰে । 

(খ) ব্যাপক পৰিমাণৰ নদীবান্ধবিলাক সময়ে সময়ে খুলি দিয়াৰ ফলতো আবতৰীয়া বানপানীয়ে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে । 

(গ) অতি বেছি পৰিমাণে ভূমি স্খলনৰ ফলত নদীবোৰ বাম হৈ পৰিছে ৷ ফলত নদীৰ পানী ধাৰণৰ ক্ষমতা হ্রাস পাই আহিছে আৰু সেয়ে প্ৰতি বছৰেই নতুন নতুন অঞ্চল বানৰ কবলত পৰিছে । 

(ঘ) মানুহে নিজৰ সুবিধাৰ বাবে নদীৰ পৰিসীমা ঠেকাই অনাৰ ফলতো বানপানী সৃষ্টি হয় । 

(ঙ) বনাঞ্চলৰ উচ্ছেদ বৃদ্ধি পোৱাৰ ফলত বৰষুণত বালি , মাটি , গছৰ ডাল – পাত আদি .. উটি আহি নদীৰ পানীত মিহলি হোৱাৰ ফলত পানীৰ আকাৰ বৃদ্ধি পায় আৰু নদীৰ পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয় ৷ 

বানপানী সমস্যা সমাধান কৰিবৰ বাবে তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে— 

(ক) বানপানী সমস্যা সমাধান কৰিবৰ বাবে বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব লাগিব । 

(খ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে নদীসমূহক নিয়ন্ত্ৰণ কৰিব লাগিব । 

(গ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে গৰা খহনীয়া আৰু ভূমিস্খলন ৰোধ কৰিব লাগিব । 

(ঘ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে পাহাৰ পৰ্বত , হাবি – বন , গছ – গছনি আদি জধে – মধে ধ্বংস নকৰি তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব ৷ 

(ঙ) বান নিয়ন্ত্ৰণৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী বাহিৰ কৰি আৱশ্যকীয় ঠাইত যোগান ধৰিব লাগিব ।

(চ) বানপানী সমস্যা সমাধান কৰিবৰ বাবে বৃক্ষৰোপনত অধিক মনোনিৱেশ কৰিব লাগিব । 

(ছ) বানপানীৰ সমস্যাৰ সমাধানৰ বাবে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে । 

১৮। ভাৰতৰ অৰ্থনৈতিক উন্নয়নত বনজ সম্পদৰ বৰঙণি বিচাৰ কৰা৷ভাৰত চৰকাৰৰ বন নীতিৰ ওপৰত এটি চমুটোকা লিখা । 

উত্তৰঃ বনজ সম্পদ মানুহৰ জীৱনধাৰণ আৰু জীৱন নিৰ্বাহত অৰণ্যই গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে । আনকথাত অৰণ্যৰ অবিহনে মানুহে জীৱন ধাৰণ কৰিব নোৱাৰিলেহেঁতেন । সেই কাৰণে মুঠ ভূভাগৰ ১/৩ ভাগ বনাঞ্চল হিচাপে থাকিব লাগে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে । ইয়াৰ অবিহনে পৰিৱেশৰ ভাৰসাম্যতা নষ্ট হ’ব আৰু ভূমি ক্ষয় হ’ব । 

ভাৰতবৰ্ষৰ মুঠ ৬৭ হেজাৰ হেক্টৰ মাটি বনাঞ্চলৰ ভিতৰুৱা । অর্থাৎ মুঠ মাটিকালিৰ দুইভাগ বনাঞ্চল । এই বনাঞ্চলসমূহক সংৰক্ষিত , নিয়ন্ত্ৰিত আৰু অশ্রেণীভূক্ত হিচাপে ভাগ কৰা হৈছে । মুঠ বনাঞ্চলৰ ৫৩ শতাংশ সংৰক্ষিত , ৩০ শতাংশ নিয়ন্ত্ৰিত আৰু ১৭ শতাংশ অশ্রেণীভুক্ত বনাঞ্চল ঘাইকৈ হিমালয় পৰ্বতৰ নামনি অঞ্চল , বিন্ধ্যপর্বত , দাক্ষিণাত্যৰ অঞ্চলতে আছে । উত্তৰ ভাৰত অঞ্চলৰ বনাঞ্চল কম । তদুপৰি সমগ্ৰ দেশতে বনাঞ্চলৰ পৰিমাণ কমি গৈছে । ১৯৭২-৭৩ চনৰ হিচাপ মতে ভাৰতত মুঠ বনাঞ্চলৰ পৰিমাণ আছিল ৫.৫ কোটি হেক্টৰ । 

১৯৮০-৮১ চনত ইয়াৰ পৰিমাণ ৪ . ৬ কোটি হেক্টৰ হয়হি । 

অর্থাৎ বছৰি ৫ লাখ হেক্টৰ বন ধ্বংস কৰা হৈছে । এই সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰী ব্যৱস্থা আৰু ব্যক্তিগত তথা সামাজিকভাৱে আন্দোলন গঢ়ি উঠিছে ৷ কিছুমান সমাজবাদী অনুষ্ঠানে বনঞ্চল ধ্বংস পৰা ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে । এনে গতিত বনাঞ্চল ধ্বংস হোৱাটো আগন্তুক বিপদৰ লক্ষণ । বনাঞ্চলৰ উপকাৰিতা বনাঞ্চলে মানুহৰ যথেষ্ট উপকাৰ সাধন কৰিছে । বিশেষকৈ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰি মানৱ সমাজক উপকৃত কৰিছে । বনাঞ্চলৰ পৰিমাণে জলবায়ুক প্রভাৱিক কৰি উত্তাপ নিয়ন্ত্ৰণ কৰে । বনাঞ্চলে ভূমিক্ষয় ৰোধ কৰে । তদুপৰি বনঞ্চল উভৈনদী হলে বৰষুণ বেছি হয় । বৰষুণৰ পানীৰে নদী , বিল , হ্রদ আদি পানীৰে পূৰ্ণ কৰি শস্যাক খোৱা পানীৰ যোগান ধৰে । দ্বিতীয়তে , আজিকালি স্থাপন কৰা বনভিত্তিক উদ্যোগবোৰৰ কেঁচামাল বনাঞ্চলে যোগান ধৰে । 

এই উদ্যোগবোৰে বহু মানহৰ জীৱিকা নির্বাহৰ বাট মুকলি কৰিছে ৷ বনাঞ্চলে যোগান ধৰা খেৰ – কাঠ , ঘৰুৱা বা উদ্যোগৰ বাবে অপৰিহাৰ্য গৃহ নির্মাণ সামগ্ৰী হিচাপে কাঠ , বাঁহ , খেৰ আদি ভাৰতৰ অধিকাংশ লোকৰ প্ৰয়োজনীয় সমল ৷ তদুপৰি জুই বা ইন্ধন হিচাপে কাঠৰ তুলনা নাই । কিয়নো বর্তমান সময়ত শক্তি সংঘাটৰ সময়ত ই প্রায় দেশৰ প্রয়োজনীয় শক্তিৰ ৬০ ভাগ যোগান ধৰে । মৌ , লা , ধূনা বিভিন্ন ধৰণৰ ৰং কেঁচামাল আদি বনাঞ্চলে যোগান ধৰে । চতুর্থতে সাম্প্রতিক কালত গঢ়ি উঠা পর্যটন উদ্যোগ বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিছে । বিচিত্ৰ আৰু বিৰল পশু – পক্ষীৰ সংৰক্ষণ কৰা বনাঞ্চলৰ শোভা চাবলৈ দেশ – বিদেশৰ বহু পৰ্যটনকাৰী আহে । পৰ্যটনৰ লগত আনুসংগিক বহুতো সৰু বৰ উদ্যোগ গঢ়ি উঠি নিয়োগৰ বাট মুকলি কৰিছে । বিদেশৰ ভ্ৰমণকাৰী আৰু বিদেশলৈ কিছুমান উৎকৃষ্ট বনজ সম্পদ ৰপ্তানি কৰি বৈদেশিক মুদ্রা অর্জন কৰে । 

চৰকাৰী বননীতি :- ভাৰতবৰ্ষৰ বনাঞ্চল ক্রমান্বয়ে কমি যোৱাৰ লগে লগে ইয়াৰ গুৰুত্ব বাঢ়িছে । ইংৰাজসকল ভাৰতলৈ আহি পথ – পৰিবহন , ৰেল পৰিবহন , খনজ সম্পদ আহৰণ আদি কাম কৰোঁতে বহুতো বনাঞ্চল ধ্বংস হ’ল । সেয়ে ১৯২৮ চনৰ কৃষি আয়োগে বনাঞ্চল সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে সুপৰিসৰ কৰে । 

স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে ১৯৫২ চনত বননীতি ঘোষণা কৰে। ইয়াৰ আগতে ১৯৫০ চনৰ পৰা বন মহোৎসৱ পালন কৰি বনাঞ্চলৰ ৰক্ষাৰ সন্দৰ্ভত জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰে । 

১৯৫২ চনত চৰকাৰে ঘোষণা কৰা বননীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে— 

(ক) ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ শতকৰা ৩৩.৩ ভাগ বনভূমিত পৰিণত কৰা । তদুপৰি এই ক্ষেত্ৰত পাৰ্বতব্য অঞ্চলৰ পৰা শতকৰা ৬০ ভাগ আৰু সমতলৰ পৰা শতকৰা ২০ ভাগ বনভূমি কৰিব লাগে ৷ 

(খ) জধে – মধে বনাঞ্চল ধ্বংস নকৰি সৰক্ষা কৰা ।

(গ) পৰিকল্পিত বনানীকৰণৰ সহায়ত বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰি পাহাৰৰ মাটি আৰু নদীৰ পাৰৰ মাটিৰ অৱক্ষয় ৰোধ কৰা । 

(ঘ) কৃষিকৰ্মত সহায় কৰিবৰ বাবে গাঁৱৰ ওচৰত থকা পতিত ভূমিত বনানীকৰণ কৰা । 

(ঙ) বন – ভিত্তিক উদ্যাগৰ উন্নয়ন । বনাঞ্চলৰ উন্নতিৰ জৰিয়তে বনজভিত্তিক উদ্যোগসমূহৰ সম্বন্ধ স্থাপন কৰা- যাতে বনজাত সামগ্ৰীৰ যোগান বৃদ্ধি পায় । 

(চ) ভাৰতবৰ্ষৰ বনাঞ্চলৰ উৎপাদিকা শক্তি বৃদ্ধি কৰা ৷ পঞ্চবার্ষিক পৰিকল্পনাৰ কালত বনজ সম্পদ উন্নয়ন চৰকাৰৰ বননীতি পঞ্চবার্ষিক পৰিকল্পনাৰ যোগেদি কাৰ্যকৰী কৰাৰ ব্যৱস্থা লোৱা হয় । 

দেশৰ প্ৰতিখন পৰিকল্পনাতে বনাঞ্চলৰ উন্নয়নৰ বাবে লোৱা ব্যৱস্থাৰ উদ্দেশ্য হৈছে–

(ক) বনাঞ্চলৰ উৎপাদন বৃদ্ধি কৰা ৷ 

(খ) বনভিত্তিক উদ্যোগৰ লগত সংগতি ৰাখি বন উন্নয়ন । 

(গ) বনাঞ্চলক গ্রাম্য অর্থনীতিৰ সহযোগী হিচাপে স্থাপন কৰা । 

দেশৰ ক্ৰমান্বয়ে বাঢ়ি যোৱা বনজ সম্পদৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তিনিখন আঁচনি হাতত লোৱা হয় । সেইবোৰ হৈছে –

(ক) সোনকালে বাঢ়ি যোৱা বৃক্ষৰোপণ । 

(খ) অর্থনৈতিকভাৱে লাভজনক বৃক্ষৰোপণ ।

(গ) বৃক্ষৰোপণৰ পৰিমাণ বৃদ্ধি কৰা । 

উল্লেখযোগ্য যে , আগত বনাঞ্চল প্রকৃতিয়েই সৃষ্টি কৰিছিল । এতিয়া মানুহৰ দ্বাৰা বৃক্ষৰোপণৰ দ্বাৰা বনাঞ্চলৰ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হ’ব। 

বনজসম্পদ আহৰণ কৰিবৰ বাবে উন্নত কৌশলৰ প্ৰয়োগ । উন্নত দেশসমূহত আধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰি বনজসম্পদ আহৰণ কৰা হয় । বিশেষকৈ পার্বত্য অঞ্চল দুর্গম হোৱা বাবে তাৰপৰা সম্পদ আহৰণ কৰিব নোৱাৰি । সেইবাবে চৰকাৰে আধুনিক কৌশল প্রয়োগ কৰাত গুৰুত্ব আৰোপ কৰে । 

দেশৰ ব্যৱহাৰৰ বাবে প্রয়োজন হোৱা খৰি কাঠৰ পৰিমাণ কমি যোৱলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ১৯৮০-৮১ চনত সামাজিৰ বনানীকৰণ আঁচনি হাতত লয় । সেই আঁচনিৰ দ্বাৰা মানুহৰ বসতি প্রধান অঞ্চলৰ আশে – পাশে থকা চৰকাৰী পতিত মাটিত গছ – গছনি ৰোৱাৰ আঁচনি লোৱা হয় । তদুপৰি জনসাধাৰণৰ মাজত বনাঞ্চল বৃদ্ধিৰ কাৰ্যসূচী জনপ্রিয় কৰিবৰ বাবে বিনামূল্যে গছ পুলিও বিতৰণ কৰা হয় । সেইদৰে শিশুসকলক সজাগ কৰিবৰ উদ্দেশ্যেৰেও প্রতিজন শিশুৰ বাবে গছ ৰোপণ কাৰ্যসূচীও হাতত লোৱা হয় । 

বন উন্নয়ন নিগম :- নতুন বনাঞ্চল গঢ়ি তোলা , বনজ সম্পদ আহৰণ কৰিবৰ বাবে নতুন কৌশল প্রয়োগ কৰা , বনজ সম্পদ বিক্ৰী কৰা আদি উদ্দেশ্য ৰাখি কেন্দ্ৰীয় ৰাজ্যসমূহত বহুতো বন উন্নয়ন নিগম স্থাপন । 

বন সম্পদ জৰীপ :- ভাৰত চৰকাৰে ১৯৮১ চনত বন জৰীপ নামৰ এটা প্রতিষ্ঠান গঢ়ি তোলে । ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বনাঞ্চল জৰীপ কৰি ইয়াৰ উন্নতিৰ বাবে পৰামৰ্শ দিয়া । 

ৰাষ্ট্ৰীয় পতিত মাটি উন্নয়ন বোর্ড :- কেন্দ্ৰীয় চৰকাৰে ১৯৮৫ চনত এই বোর্ড গঠন কৰি ৫ নিযুত হেক্টৰ পতিত মাটি প্ৰতি বছৰে উন্নত কৰি গছ – গছনি ৰোৱাৰ ব্যৱস্থা কৰে । 

পৰিকল্পনাত বনাঞ্চলৰ বাবে কৰা ব্যয় :- কেন্দ্ৰীয় চৰকাৰে প্রথম পঞ্চবার্ষিক পৰিকল্পনাত ১০ কোটি টকা বন উন্নয়নৰ বাবে ব্যয় কৰে আৰু দ্বিতীয় পৰিকল্পনাত ইয়াৰ পৰিমাণ ১৯ কোটিলৈ বৃদ্ধি কৰে । তৃতীয় আৰু চতুৰ্থ পৰিকল্পনাত ইয়াৰ পৰিমাণ হয় ক্রমে ৪৬ কোটি আৰু ৬৯৩ কোটি টকা । পঞ্চম পৰিকল্পনাত মুঠ ব্যয় ৭৫ কোটি টকা আৰু ষষ্ঠ আৰু সপ্তম পৰিকল্পনাত ক্রমে ৬৯৩ কোটি টকা আৰু ১.৮৫৯ কোটি টকা । 

পৰিকল্পনাৰ আঁচনি সমূহত ধন বিনিয়োগ কৰি দেশৰ বনঞ্চল ৰ পৰিমাণ এই শতিকাৰ ভিতৰত ১/২ অংশলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হ’বৰ বাবে চেষ্টা কৰা হৈছে যাতে ইয়াৰ পৰা উৎপাদন বাঢ়ে আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা পৰে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top