Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Question Answer.

Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Notes for All Subjects, You can practice these here.

অতিৰিক্ত প্রশ্নোত্তৰ

১। জৈৱ বৈচিত্ৰ্যৰ অৰ্থ হ’ল— 

( ক ) অজৈৱ কাৰক ।

( খ ) জৈৱ কাৰক ।

( গ ) জৈৱিক বিচিত্রতা ।

( ঘ ) জৈৱিক স্পন্দন 

উত্তৰঃ ( গ ) জৈৱিক বিচিত্রতা ।

২। জিনীয় ভিন্নতা মানে – 

( ক ) এটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা ।

( খ ) এটা জাতিৰ মাজত থকা জিনীয় ভিন্নতা ।

( গ ) এটা বসতি স্থানৰ মাজত থকা জিনীয় ভিন্নতা ।

( ঘ ) দুটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা ।

উত্তৰঃ ( ক ) এটা প্ৰজাতিৰ মাজত থকা জিনীয় ভিন্নতা ।

৩। উচচ প্ৰজাতিগত বৈচিত্র্য পোৱা যায় –

( ক ) নাতিশীতোষ্ণ অৰণ্যাঞ্চলত ।

( খ ) বিষুবীয় অৰণ্যত ।

( গ ) পৰ্বতৰ শৃংগত ।

( ঘ ) ৰাস্তাৰ দুয়োকাষে ।

উত্তৰঃ ( খ ) বিষুবীয় অৰণ্যত ।

৪। জীৱ বৈচিত্র্যৰ গুৰুত্বপূৰ্ণ স্থানৰ ধাৰণাটো আগবঢ়াইছিল – 

( ক ) ডাৰউইনে ।

( খ ) ফ্লেমিঙে ।

( গ ) মেয়াৰে ।

( ঘ ) ডেভ্রিজে ।

উত্তৰঃ ( গ ) মেয়াৰে ।

৫। উত্তৰ – পূৰ্বাঞ্চল জীৱবৈচিত্র্যৰ দুটা গুৰুত্বপূৰ্ণ স্থানৰ সংগমস্থলত অৱস্থিত । ই হ’ল— 

( ক ) হিমালয় আৰু আন্দামান ।

( খ ) হিমালয় আৰু ইণ্ডোবার্মা ।

( গ ) হিমালয় আৰু বাংলাদেশ ।

( ঘ ) হিমালয় আৰু বংগোপ সাগৰ ।

উত্তৰঃ ( খ ) হিমালয় আৰু ইণ্ডোবার্মা । 

৬। তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ নিৰ্ণয় কৰক – 

(ক) গড় নাগালেণ্ডত পোৱা যায় । 

উত্তৰঃ অশুদ্ধ । 

(খ) অসমৰ ৰাজ্যিক পক্ষী হ’ল বগাপাখি থকা হাঁহ । 

উত্তৰঃ শুদ্ধ । 

(গ) একুইলেৰিয়া এগালচা অসমৰ স্থানীয় উদ্ভিদ । 

উত্তৰঃ শুদ্ধ । 

( ঘ ) নল গাহৰি এটা প্ৰব্ৰজনকাৰী জন্তু । 

উত্তৰঃ অশুদ্ধ । 

(ঙ) চিৰিয়াখানা হ’ল বহিঃস্থান সংৰক্ষণৰ এটা উদাহৰণ । 

উত্তৰঃ শুদ্ধ । 

৭। ভাৰতৰ জৈৱ ভৌগলিক শ্রেণীবিভাজন কেনেকৈ কৰা হৈছে ? 

উত্তৰঃ ভাৰতত ভিন ভিন প্ৰকাৰৰ জলবায়ু আৰু গ্ৰীষ্ম প্ৰৱাহ দেশৰ বিভিন্ন অংশৰ বিৰাজমান আৰু এই ভিন্নতাৰ বাবেই ইয়াত অসংখ্য প্ৰকাৰৰ গছ গছনিৰ আবাসস্থল ৷ ভাৰত এখন পৰম্পৰাগত জৈৱ বৈচিত্ৰতাত ধনী দেশ আৰু বিশ্বৰ উদ্ভিদ জগতৰ ১০ ম স্থানত আমাৰ দেশ আছে । 

সময় আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি গছ আৰু প্ৰাণীৰ বিস্তৃতি , ক্রমবিকাশ , বিক্ষিপ্তকৰণ আৰু পৰিবেশৰ লগত ইহঁতৰ সম্পৰ্ক আদিৰ অধ্যয়নৰ খুবেই প্রয়োজন ৷ জৈৱ ভৌগোলিকক আকৌ দুটা ভাগত বিভক্ত কৰিব পাৰি phytogeography ( উদ্ভিদৰ লগত জড়িত ) আৰু Zoogeography ( প্রাণীৰ লগত জড়িত ) আমাৰ দেশৰ উদ্ভিদ প্ৰাণীৰ বিস্তৃতি আৰু পৰিবেশৰ লগত কি সম্পর্ক তাক বিবেচনা কৰি ১০ খন এনে জৈৱ ভৌগলিক অঞ্চলত ভাগ কৰা হৈছে । প্রত্যেক zone ত ইয়াৰ জলবায়ু , মাটি , গ্রীষ্মপ্ৰৱাহ আৰু জৈৱ বৈচিত্র্যতাৰ বেলেগ বেলেগ বৈশিষ্ট্য দেখা যায় । 

৮। জৈৱবৈচিত্ৰ সংথলীতে আৰু বাসভূমিৰ পৰা নিলগত কৰা জৈবৈচিত্ৰৰ সংৰক্ষণ । 

উত্তৰঃ যেতিয়া জীৱ – জন্তুবোৰ প্রাকৃতিকভাৱে বিৰাজ কৰা পৰিৱেশতে জন্ম হৈ ডাঙৰ দীঘল আৰু বিকাশ হ’বলৈ দিয়া হয় তেতিয়া সেই পদ্ধতিটোকে বাসভূমিতে কৰা সংৰক্ষণ বোলা হয় । বন্যাপ্রাণী সংৰক্ষণৰ অভয়াৰণ্য , সংৰক্ষিত বনাঞ্চলসমূহ , আৱাসস্থল ইত্যাদি হ’ল এনে সংৰক্ষণৰ উদাহৰণ । 

আনহাতে যেতিয়া জীৱ – জন্তুবোৰক বসতি স্থলৰ পৰা আঁতৰাই বেলেগ স্থানত কৃত্রিমভাৱে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰি সংৰক্ষণ কৰা হয় তেতিয়া তেনে ব্যৱস্থাক বাসভূমিৰ পৰা নিলগত কৰা সংৰক্ষণ বুলি বুজা যায় । এই ব্যৱস্থাৰ জৰিয়তে লুপ্তপ্রায় আৰু বিপদজনক অৱস্থাত থকা প্ৰাণীৰ সংৰক্ষণ কৰা হয় । এনে সংৰক্ষণৰ উদাহৰণ হ’ল চিৰিখানাবোৰ ।

৯। গ্রীণ হাউচ এফেক্ট মানে কি লিখা । 

উত্তৰঃ গছ – গছনি বঢ়াবলৈ গ্ৰীণ হাউচৰ প্ৰয়োগ কৰা হয় । শীত প্রধান দেশবোৰত শীত কালত পোহৰ আৰু তাপ গছ – গছনিৰ বৃদ্ধিৰ বাবে যথেষ্ট নহয় । কাচেৰে সজা গ্রীণ হাউচে ঘৰৰ ভিতৰত বেলিৰ পোহৰ সোমাব দিয়ে যদিও ইনফ্রাডে ৰশ্মি ওলাই যোৱাত বাধা দিয়ে । ফলত ঘৰৰ ভিতৰভাগত ক্রমশঃ তাপমাত্রা বৃদ্ধি হয় । গ্রীণ হাউচ এফেক্টৰ অৰ্থ হ’ল যে মানুহে সৃষ্টি কৰা কাৰ্বন – ডাই – অক্সাইডে সৃষ্টি কৰা ঢাকনিৰ তলৰ পৰা তাপ ওলাই যাব নোৱাৰি পৃথিৱীৰ উপৰি ভাগত সৃষ্টি কৰা ক্ৰমবৰ্দ্ধমান উত্তাপ । 

কাৰ্বন – ডাই – অক্সাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা বাবে বৈজ্ঞানিকসকলৰ মতে পৃথিৱীৰ তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি হ’ব ধৰিছে । তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি হলে হিমবাহবোৰ গলিব আৰু সাগৰ মহাসাগৰৰ জলপৃষ্ঠৰৰ উচ্চতা বাঢ়িব । বহুত দ ঠাইৰ পানীৰ তলত ডুবি যাব সমুদ্র পৃষ্টৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন হ’ব । এতেকে CO₂ ৰ মাত্রা বৃদ্ধি , দ্রুত শিল্পায়ন , অৰণ্য ধ্বংস আৰু জীৱাস্মা যুক্ত ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ তাপ মাত্রা বৃদ্ধিৰ প্ৰধান কাৰণ । CO₂ ৰ নিৰ্গমন ৰোধ কৰিবলৈ ব্যৱস্থা ল’ব লাগিব । 

১০। অম্লবৃষ্টি কি আৰু কেনেকৈ হয় ? অম্লবৃষ্টিক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? 

উত্তৰঃ বৰষুণৰ পানীত এচিড সাফিলে তাক এচিড বৰষুণ বুলি কোৱা হয় । অক্সাইড , চালফাৰ , নাইট্রোজেন আৰু কাৰ্বন আদি বতাহত থকা গেছবোৰ বৰষুণৰ পানীৰ লগত মিলি তললৈ সৰি পৰিলে এচিড বৰষুণ হোৱা বুলি কোৱা হয় । প্ৰদূষণকাৰী গেছৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি এচিড বৰষুণৰ ঘনত্ব নির্ণয় কৰা হয় । গেছবোৰ বিস্তির্ণ অঞ্চল জুৰি বিয়পি থাকোতে বতাহ – বৰষুণে সিহঁতক বহু দূৰ কঢ়িয়াই নিয়ে । এতেকে যি ঠাইত গেছবোৰ থাকে অকল সেই ঠাইতে এচিড বৰষুণ নহয়। এচিড বৰষুণ প্ৰায়ে ‘ The lake Killers ‘ বুলি কোৱা হয় কাৰণ ইয়াৰ ফলত হ্রদবোৰৰ মৃত্যু হয় । এচিড বৰষুণে জলজ প্রাণী আৰু উদ্ভিদৰ মৃত্যু সংঘটিত কৰে । 

এচিড বৰষুণে মাটিৰ সাৰুৱা বা গুণ বিনষ্ট কৰে । কানাডা , জার্মানী আৰু আমেৰিকাৰ কিছুমান হাবি বন এচিড বৰষুণে ধ্বংস কৰিছে । কানাডাত প্রায় ৫০০০০ হ্রদ এচিড বৰষুণে বিনষ্ট কৰিছে আৰু তাৰ ভিতৰত প্ৰায় ১৪০ টা হ্রদ মৃত বুলি ঘোষণা কৰা হৈছে ।

এচিড বৰষুণে মানুহৰ জীৱনতো প্ৰভাৱ পেলাই যদিও কি পৰিমাণৰ বা কেনে বিধৰ ক্ষতি কৰে সেইটো এতিয়ালৈ ঠাৱৰ কৰিব পৰা হোৱা নাই । গোটেই পৃথিৱীতে জৈৱ ইন্ধন জ্বলোৱাৰ ফলত সৃষ্টি হোৱা এচিডিক চালফেটৰ বিষক্ৰিয়াৰ ফলত প্রায় ৭,৫০০ ১২,০০০ প্রতি বছৰে মৃত্যু হয়। 

মাৰ্বলেৰে নির্মিত জগত বিখ্যাত তাজমহল , মথুৱা তেল শোধনাগাৰৰ পৰা ওলোৱা চালফাৰ ডাই অক্সাইডৰ ফলত ক্ষতিগ্রস্ত হৈছে আৰু ইয়াৰ পূৰ্বৰ উজ্জ্বলতা হেৰাইছে । Bhaba Atomic Research Centre আৰু Word Meterological Organigation এ কৰা অধ্যয়ন অনুসৰি ভাৰতবৰ্ষৰ চহৰ নহৰৰ ওপৰত এতিয়ালৈকে এচিড বৰষুণৰ প্ৰভাৱ ভয়লগা বিধৰ হোৱা নাই । 

নাইট্রজেন অক্সাইডে বায়ুমণ্ডলৰ অক্সিজেন , অ’জন , হাইড্ৰজেন , পেৰেক্সাইড আদি অণুৰ লগত বিক্ৰিয়া কৰি বিষাক্ত নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন কৰে । নাইট্রজেন ডাই অক্সাইডে বায়ুত থকা জলীয় ভাপৰ লগলাগি নাইট্রিক এচিড সৃষ্টি কৰে । এই ছালফিউৰিক এচিড , নাইট্রিক এচিড বৰষুণৰ পানীৰ লগত পৃথিৱীলৈ নামি অহাকে অম্লবৃষ্টি বোলা হয় । 

অম্লবৃষ্টিৰ কু – প্ৰভাৱৰ পৰা মুক্তি পাবলৈ ল’বলগীয়া ব্যৱস্থাকেইটা হ’ল— 

(ক) অম্লবৃষ্টি সৃষ্টিকাৰী গেছসমূহৰ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিব লাগিব । 

(খ) বিভিন্ন উদ্যোগ , কল – কাৰখানা , যান – বাহনসমূহ উপযুক্ত প্রযুক্তিৰে বিকাশ ঘটাব লাগিব । 

(গ) বিশ্বৰ সকলোৱেই সচেতন হৈ সতর্কতা অৱলম্বন কৰিব লাগিব । 

১১। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ আৱশ্যকতা । 

উত্তৰঃ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ আৱশ্যকতা সম্পর্কে তলত আলোচনা কৰা হ’ল— 

(ক) জৈৱ বৈচিত্ৰৰ পৰাই মানুহ বা জীৱ – জন্তুৱে নিজৰ খাদ্য আহৰণ কৰিবলৈ সক্ষম হৈছে । গতিকে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ আৱশ্যক । 

(খ) জৈৱ বৈচিত্ৰৰ পৰাই মানুহে প্রায়বিলাক ঔষধেই যেনে – প্রাকৃতিক পৰিৱেশৰ গছ গছনি আৰু প্ৰাণীসমূহৰ পৰাই বৰ্তমান যুগান্তকাৰী ঔষধ, পেনিচিলিন , কুইনাইন আদি সংগ্ৰহ কৰিবলৈ আৰু তৈয়াৰ কৰিবলৈ সক্ষম হৈছে । 

(গ) জৈৱ বৈচিত্ৰৰ পৰাই বিভিন্ন দ্রব্য যেনে বিভিন্ন সাজ – পোছাক , চামৰাৰ জোতা , বেগ , ঘৰ সজাৰ সামগ্ৰী , কাঠ – বাঁহ , খেৰ , কাগজ, অন্যান্য সা – সামগ্ৰী আদি আহৰণ কৰিব পাৰে । 

(ঘ) জৈৱ বৈচিত্ৰৰ পৰাই মানুহে বিভিন্ন ধর্মীয় নীতি – নিয়ম , উৎসৱ পাৰ্বন , বিয়া সবাহ , বিহু আদিত বিভিন্ন প্রাণী আৰু বিভিন্ন উদ্ভিদ আদি ব্যৱহাৰ কৰিব পাৰে । 

(ঙ) জৈৱ বৈচিত্ৰই মানুহৰ নৈসর্গিক অর্থাৎ মানসিক তৃপ্তি প্রদান কৰে আৰু প্ৰকৃতিৰ মোহনীয়া ৰূপ উপভোগ কৰি মানুহে অনাবিদ আনন্দ উপভোগ কৰিব পাৰে ৷ 

(চ) জৈৱ বৈচিত্ৰৰ পৰাই জীৱই খাদ্য , পোছাক , ঔষধ , ইন্ধন , উদ্যোগ সামগ্ৰী আদি সংগ্রহ কৰে । এই জৈৱ বৈচিত্ৰক নিম্ন লিখিত ধৰণে ব্যৱহাৰ কৰিহ পাৰে ৷ গতিকে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে । 

১২। জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকিবোৰৰ সম্পৰ্কে লিখা । 

উত্তৰঃ বাসস্থানৰ অভাৱ , বন্য প্রাণীৰ চোৰাং চিকাৰ কাৰ্য বৃদ্ধি , মানুহ আৰু বনৰীয়া জীৱ জন্তুৰ মাজত সৃষ্টি হোৱা সংঘাট ইত্যাদিকেই প্ৰধানকৈ জৈৱ বৈচিত্র্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিসমূহৰ অন্তৰ্ভুক্ত কৰিব পাৰি । 

জৈৱ বৈচিত্র্যতাৰ প্ৰতি কেনেকৈ ভাবুকিৰ সৃষ্টি হৈছে তাক তলত চমুকৈ উল্লেখ কৰা হ’ল— 

(ক) ৭ দিনৰ দিনে অৰণ্যৰ সংকোচন ঘটাৰ ফলত অৰণ্যত বাস কৰা ডাঙৰ ডাঙৰ জন্তু যেনে- বাঘ , হাতী আদিয়ে নগৰ মহানগৰত প্ৰৱেশ কৰি মানুহক ভীতিগ্রস্ত কৰি ত্ৰাসৰ সৃষ্টি কৰিছে । ইয়াৰ লগতে ঘৰ , খেতি – বাতি নষ্ট কৰাও পৰিলক্ষিত হয় । 

(খ) পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলে ঝুমখেতিৰ বাবে বছৰি নতুন নতুন ঠাই মুকলি কৰাৰ ফলত বনাঞ্চল ধ্বংস হৈছে আৰু জৈৱ বৈচিত্ৰাৰ বাসভূমি ধ্বংস হৈ জৈৱ বৈচিত্র্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

(গ) চোৰাং চিকাৰীৰ দ্বাৰা জীৱ – জন্তু নিধন , অধিক লাভৰ বাৱে জীৱ জন্তুৰ লগতে উদ্ভিদ কাটি বিক্ৰী কৰা আদি কাৰ্যৰ লগতে বহু জীৱ জন্তুৰ প্রজাতি বিলুপ্তি প্রায় অৱস্থা পোৱাৰ উপক্ৰম হৈছে । এনে কাৰ্যই সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্র্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে । 

(ঘ) বিশ্বত দিনক দিনে বৃদ্ধি পোৱা জনসংখ্যাৰ ফলত মানুহৰ বাসস্থানৰ অভাৱ হৈছে আৰু তাৰ ফলতেই মানুহে জৈৱ বৈচিত্র্য ধ্বংস কৰি বাসস্থানৰ ব্যৱস্থা কৰিছে । ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হ’বলৈ ধৰিছে আৰু জৈৱ বৈচিত্র্যতাৰ প্ৰতি ব্যাপক ভাবুকিৰ সৃষ্টি হৈছে । 

(ঙ) সাম্প্ৰতিক সময়ত দ্রুত ঔদ্যোগিকৰণ আৰু বাণিজ্যিক প্ৰসাৰৰ ফলত বন্যাপ্ৰাণীৰ বাসভূমিৰ মাজেৰেই ৰাস্তা নির্মাণ , ৰেলপথ নির্মাণ , বিদ্যুৎ পৰিবাহী তাঁৰৰ ব্যৱস্থা ইত্যাদিৰ বাবে প্রাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ লগতে এইসমূহে বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় জৈৱ বৈচিত্র্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । 

(চ) ইয়াৰ উপৰিও যান – বাহনৰ শব্দ , ধোঁৱা , উদ্যোগ ক্ষেত্ৰত ব্যৱহৃত ৰসায়নিক দ্ৰব্যৰ অৱশিষ্ট পেলনীয়া অংশ , কীট নাশক দ্ৰব্যৰ ব্যৱহাৰ আদিৰ ফলতো জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটিছে আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ব্যাপক ভাবুকিৰ সৃষ্টি কৰিছে ।

১৩। বনাঞ্চল উচ্ছেদৰ কাৰণসমূহ উল্লেখ কৰি ইবিলাকৰ ৰোধ কৰাৰ বাবে উপযুক্ত পৰামৰ্শ আগবঢ়োৱা । 

উত্তৰঃ বনাঞ্চল উচ্ছেদৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) ঔদ্যোগিকৰণ সম্প্ৰসাৰণৰ বাবে মানুহে গছ – গছনি কটাৰ ফলত বনাঞ্চলসমূহ ধ্বংসপ্রাপ্ত হৈছে । 

(খ) বৰ্দ্ধিত জনসংখ্যাৰ ফলশ্ৰুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্ৰয়োজন হোৱাৰ ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বসবাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চলসমূহ ধ্বংসমুখত পৰিব লগীয়া হৈছে । 

(গ) ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া ৷ 

(ঘ) মানুহৰ দৈনন্দিন অভাৱ পূৰণ বাবেও বনাঞ্চল ধ্বংসৰ কাৰ্যও অব্যাহত আছে । 

(ঙ) চোৰাং ব্যৱসায়ী , অধিক লাভৰ আকাংখ্যাও মানুহে বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া ।

(চ) দৰিদ্ৰতা , আমদায়ক আচবাব আৰু বিলাসী সামগ্ৰী আদিৰ চাহিদা বৃদ্ধিৰ কাৰণেও বনাঞ্চল উচ্ছেদ হোৱা দেখা যায় । 

(ছ) পথ নিৰ্মাণৰ বাবে বাবে মানুহে গছ – গছনি কটাৰ ফলত বনাঞ্চলসমূহ উচ্ছেদ কৰা হয় ।

(জ) নদী বান্ধৰ বাবেও মানুহে বনাঞ্চল উচ্ছেদ কৰা দেখা যায় । 

(ঝ) চৰকাৰী নীতিৰ বিফলতা আদিও বনাঞ্চল উচ্ছেদৰ বাবে জগৰীয়া। 

(ঞ) উদ্যোগৰ কেঁচামালৰ চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ধ্বংসৰ কাৰ্যও অব্যাহত আছে । 

বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে তলৰ পৰামৰ্শসমূহ আগবঢ়োৱা হ’ল— 

(ক) বনাঞ্চলৰ গছ – গছনি কটাটো নিষিদ্ধ কৰিবলৈ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 

(খ) জনসাধাৰণৰ মাজত বনাঞ্চল সংৰক্ষণৰ গুৰুত্ব সম্পর্কে সজাগতা বৃদ্ধি কৰিব লাগিব । 

(গ) বনজ সম্পদ সংৰক্ষণ সম্পৰ্কীয় বিধি – ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব । 

(ঘ) বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে কোনো এটা অঞ্চলৰ স্থানীয় স্বেচ্ছাসেৱা সংস্থাসমূহক দায়িত্ব আৰোপ কৰাৰ লগতে প্রয়োজনীয় সাহার্য্য আগবঢ়াব লাগিব । 

(ঙ) বিভিন্ন তর্ক সভা , আলোচনা চক্র , জনপ্রিয় পুস্তিকা বিতৰণ , পাঠ্যপুথি ৰচনা ইত্যাদিৰ ব্যৱস্থা কৰিব লাগে । 

(চ) বনাঞ্চল উচ্ছেদ ৰোধ কৰাৰ বাবে বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল দৰিদ্ৰ লোকসকলক জীৱিকাৰ বিকল্প পথৰ সন্ধান দিব লাগিব । 

(ছ) বনজ সম্পদৰ ওপৰত আৰোপ কৰা চৰকাৰী ৰাজহ সংগ্ৰহৰ গুৰুত্ব কমাব লাগিব । 

১৪। জীৱ বৈচিত্র্য মানে কি ? জীৱ বৈচিত্র্যৰ বিলুপ্তিৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ জীৱ বৈচিত্র্য বুলিলে নির্দ্দিষ্ট এটুকুৰা ঠাইত বা অঞ্চলত স্বাভাৱিক অৱস্থাত বাস কৰা ভিন্ন প্ৰকাৰৰ জীৱৰ সমষ্টিক বুজায় । UNESCO য়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি , জীৱবৈচিত্র্যৰ হ’ল স্থল । সমুদ্ৰ আৰু আন বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ থকা জীৱৰ সমষ্টিৰ ভিন্নতা , যিবোৰ জটিল জৈৱ পৰিস্থিতি একো একোটা অংশ । 

জীৱবৈচিত্র্য বিলুপ্তিৰ কাৰণ :- জীৱবৈচিত্ৰ্যৰ বিলুপ্তিৰ বাবে মানুহেই প্ৰধানকৈ দায়ী । প্রাকৃতিক সম্পদসমূহ লুণ্ঠন কৰি , বনানিসমূহ ধ্বংসৰ মুখলৈ ঠেলি নিজৰ প্ৰয়োজন পূৰণ কৰিছে । ইয়াৰ ফলত বহুতো মূল্যৱান প্রজাতি আৰু সেইবোৰৰ বাসস্থানো নিঃশেষ হৈ গৈছে । জনসংখ্যা বিস্ফোৰণৰ লগে লগে মানুহৰ বিভিন্ন প্রয়োজন যেনে -আহাৰ, কাপোৰ , বাসস্থান , ইন্ধন আদিৰ প্ৰয়োজনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে । যাৰ ফলস্বৰূপে , প্রাকৃতিক সম্পদৰ ওপৰত বেছিকৈ চাপ পৰিছে । প্রাকৃতিক সম্পদৰ অত্যাধিক আহৰণ , বাসস্থান ক্ষতি আৰু প্ৰদূষণে দ্রুত গতিত পৰিবেশ ধ্বংস কৰাৰ লগতে জীৱবৈচিত্র্য ধ্বংসত প্ৰভাৱ পেলাইছে । 

জৈৱ বৈচিত্র্য ধ্বংসৰ প্ৰধান কাৰণসমূহ তলত আলোচনা কৰা হ’ল – 

(ক) বাসস্থান ক্ষতি :- বাসস্থান ধ্বংস জীৱবৈচিত্র্যৰ ধ্বংসৰ প্ৰধান কাৰণ । বাসস্থান নাই মানে জীৱও নাই । জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ বিভিন্ন কার্যকলাপেই ইয়াৰ বাবে প্ৰধানকৈ দায়ী ৷ ইয়াৰ পৰিণতি স্বৰূপে কিছু প্রজাতিয়ে বাসস্থান সলনি কৰিছে । কিছু সংখ্যক পৰভক্ষণৰ বশৱৰ্তী হৈছে আৰু কিছু সংখ্যক ক্ষুধাৰ তাড়নাত থাকি শেষত মৃত্যুক সাৱতি ল’ব লগা হৈছে । উদাহৰণস্বৰূপে , বনানি ধ্বংসৰ ফলত অসমত ফ্ল’ৰিকান আৰু নল গাহৰিৰ প্ৰজাতি বিলুপ্তিৰ ফলত । 

(খ) বন্য জীৱৰ চোৰাং চিকাৰী :- মাংস , নোম , শিং , চৰ্ম , শুৰ , খড়গ , চর্বী , দাঁত , হাড় আদি শৰীৰৰ অংগসমূহৰ বাবে বন প্রাণীবোৰ চিকাৰৰ বলি হয় । মাংস , ঔষধ , সুগন্ধি দ্রব্য , গহনা আদিৰ ব্যৱসায়ৰ বাবে চোৰাং চিকাৰীয়ে বন্য প্রাণীৰ চিকাৰ কৰি জীৱবৈচিত্র্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ 

(গ) জৈৱ স্বত্বহৰণ :- জৈৱস্বত্ব হ’ল কোনো এখন দেশৰ বা ঠাইৰ জৈৱ সম্পদৰ সংগ্ৰহকাৰ্য আৰু পৰৱৰ্তী পৰ্যায়ত এই সামগ্ৰীসমূহৰ বিজ্ঞাপন প্রচাৰ । পৃথিৱীৰ উন্নত দেশসমূহৰ বিজ্ঞানী আৰু ঔদ্যোগিক ব্যক্তিসকলে অনীতিগতভাৱে জীৱবৈচিত্র্যত চহকী দেশৰ স্থানীয় বাসিন্দাসকলৰ পৰা জৈৱ বস্তুবোৰ আৰু তাৰ বিষয়ে থকা জ্ঞান আহৰণ কৰে আৰু শেষত সেই সামগ্ৰী আৰু তথ্যৰ তেওঁলোকে বিজ্ঞাপন প্রচাৰ কৰি নিজৰ আৱিষ্কাৰ বুলি দাবী উত্থাপন কৰে । এইদৰে মিছা বিজ্ঞাপনেৰে সামগ্ৰীসমূহৰ ব্যৱসায় বাণিজ্য কৰাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে । 

(ঘ) মানুহ আৰু বন্য জন্তুৰ সংঘাত :- মানুহৰ অৱস্থিতিৰ বাবেই মানুহ আৰু বন্য প্রাণীৰ মাজত সংঘাত সৃষ্টি হৈছে । মানুহে কৰা জীৱ – জন্তুবোৰৰ বাসস্থান ধ্বংস আৰু বন্যভূমিৰ সংকোচনৰ ফলত এই সংঘাতে দেখা দিছে । যাৰ ফলত অন্যান্য জীৱ – জন্তুৰ লগতে মানুহৰো বহুতো ক্ষতি হৈছে । জনসংখ্যাৰ বিস্ফোৰণ , মানুহৰ বাসস্থানৰ সম্প্ৰসাৰণ , কৃষিভূমিৰ সম্প্ৰসাৰণ , অৰণ্যৰ পৰা খৰি , ইন্ধন তথা অন্যান্য সম্পদ লুণ্ঠনে এই সংঘাতত অৰিহণা যোগাইছে । 

১৫। জীৱ বৈচিত্র্যৰ উপভোগমূলক আৰু আন উপভোগমূলক মূল্যায়ন কি ? 

উত্তৰঃ মানুহে পোনপটীয়াকৈ জীৱবৈচিত্র্যৰ পৰা যিবোৰ খাদ্য , ইন্ধন , ঔষধ আৰু নানা ধৰণৰ সুবিধা লাভ কৰে সেইবোৰক জীৱবৈচিত্র্যৰ উপভোগমূলক মূল্য শ্রেণীত অন্তর্ভুক্ত কৰা হয় ৷ সকলোবোৰ প্ৰাকৃতিক সম্পদৰে উপভোগমূলক মূল্য থাকে আৰু এইবোৰ কোনো বাণিজ্য বা বজাৰৰ লগত সম্পর্ক নথকা আঞ্চলিক বাসিন্দাসকলে পোনপটীয়াভাৱে ব্যৱহাৰ কৰে । অৰণ্য বাসিন্দা আৰু মাছুৱৈসকলে জীৱন নিৰ্বাহৰ বাবে সম্পূৰ্ণভাৱে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল হয় ৷ 

উপভোক্তা মূল্যৰ বিপৰীতে সামাজিক মূল্য , নীতিগত মূল্য , সৌন্দর্যমূলক মূল্য , অস্তিত্বৰ মূল্য আদিক অনা উপভোগমূলক মূল্যায়নৰ অন্তৰ্গত কৰিব পাৰি । 

নীতিগত মূল্য :- প্রাচীন পৰম্পৰাগত সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ ফলত নন্দনকাননক বহুলোকে এতিয়াও প্রাচীন সংস্কৃতি তথা ঐতিহ্যৰ অংশ বুলি গণ্য কৰে । এইবোৰৰ প্ৰায়েই অক্ষত বন্য জাতি । তেওঁলোকে কোনো এটা অঞ্চলৰ স্থানীয় আৰু দুষ্প্রাপ্য শ্ৰেণীৰ বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু প্রাণীক আশ্রয় প্রদান কৰে । এইদৰে স্থানীয়ভাৱে সুৰক্ষা দিয়া বন্যভূমিয়ে আর্থিক মূল্য থকা বহু সংখ্যক ঔষধ আৰু উদ্ভিদৰ সংৰক্ষণ কৰে । 

সৌন্দৰ্যবোধৰ মূল্য :- জীৱবৈচিত্র্য হ’ল প্ৰকৃতিৰ সৌন্দৰ্যৰ এটি দিশ । সাম্প্রতিক সময়ত জীৱবৈচিত্র্যৰে সমৃদ্ধ অঞ্চলসমূহত আৰম্ভ হোৱা পৰিবেশানুকূল পৰ্যটনে মানুহক যথেষ্ট আকৰ্ষিত কৰিছে । 

অস্তিত্বৰ মূল্য :- কোনো এটা এলেকাত জীৱবৈচিত্ৰক সুৰক্ষা দিয়াৰ বাবেই অস্তিত্বৰ মূল্যৰ কথা বিবেচনা কৰা হয় । কিছুমান আপুৰুগীয়া জন্তু , যেনে – গড় , সোণালী বান্দৰ আৰু পৰিশ্ৰমী চৰাই আদিক সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যক্তি , সংগঠন আৰু চৰকাৰে আৰ্থিক অৱদান আগবঢ়ায় । 

১৬। জীৱবৈচিত্র্যৰ প্রতি বিভিন্ন ভাবুকি আৰু ইয়াৰ সংৰক্ষণ সম্পর্কে ব্যাখ্যা কৰা ৷

উত্তৰঃ জীৱবৈচিত্র্যৰ প্ৰতি বিভিন্ন ভাবুকি সম্পর্কে তলত আলোচনা কৰা হ’ল –

(ক) বাসস্থান ক্ষতি :- বাসস্থানৰ ক্ষতিয়ে জীৱবৈচিত্র্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । বাসস্থান নাই মানে জীৱও নাই । জনসংখ্যা বিস্ফোৰণ আৰু মানুহৰ বিভিন্ন কার্যকলাপেই বন্য প্ৰাণীৰ বাসস্থানৰ ক্ষতিৰ বাবে দায়ী । ইয়াৰ পৰিণতি স্বৰূপে , কিছু প্রজাতিৰ প্ৰাণীয়ে বাসস্থান সলনি কৰে , কিছু প্রজাতি পৰভক্ষণৰ বশৱর্তী হৈছে আৰু কিছু প্রজাতিয়ে ক্ষুধাৰ তাড়নাত পৰি মৃত্যুক সাৱতি ল’ব লগা হৈছে । 

(খ) বন্য জীৱৰ চোৰাং চিকাৰ :- মাংস , ছাল , শিং , নোম , চর্বি , খড়গ , হাড় , দাঁত আদি শৰীৰৰ বিভিন্ন অংগৰ বাবে বন্য প্রাণীসমূহ মানুহৰ চিকাৰ হয় । ঔষধ , সুগন্ধি দ্রব্য , মাংস , গহনা আৰু বস্ত্ৰ আদিৰ দৰে নিজৰ প্ৰয়োজন পূৰাবলৈ বন্য প্রাণীৰ চোৰাং চিকাৰ কৰিবলৈ লৈছে । যাৰ ফলত বহুতো জীৱ প্রজাতিৰ সংখ্যা উদ্বেগজনকভাবে হ্রাস পাবলৈ ধৰিছে । 

(গ) জৈৱস্বত্ব হৰণ :- জৈৱস্বত্বহৰণ হ’ল যিকোনো এখন দেশৰ বা ঠাইৰ সম্পদৰ সংগ্ৰহ কাৰ্য আৰু পৰৱৰ্তী পৰ্যায়ত এই সামগ্ৰীসমূহৰ বিজ্ঞাপন প্রচাৰ পৃথিৱীৰ উন্নত দেশসমূহৰ বিজ্ঞানী আৰু ঔদ্যোগিক ব্যক্তিসকলে অনীতিগতভাৱে জীৱবৈচিত্র্যত চহকী দেশৰ স্থানীয় বাসিন্দাসকলৰ পৰা জৈৱ বস্তুবোৰ আৰু তাৰ বিষয়ে থকা জ্ঞান আহৰণ কৰে আৰু শেষত এই সামগ্ৰী আৰু তথ্যৰ তেওঁলোকে বিজ্ঞাপন প্রচাৰ কৰি নিজৰ আৱিষ্কাৰ বুলি দাবী উত্থাপন কৰে । এইদৰে মিছা বিজ্ঞাপনেৰে তেওঁলোকে সামগ্ৰীবিধৰ ব্যৱসায় বাণিজ্য কৰাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে । 

(ঘ) মানুহ আৰু বন্য জন্তুৰ সংঘাত :- জনসংখ্যা বিস্ফোৰণ , মানুহৰ বাসস্থানৰ সম্প্ৰসাৰণস কৃষি ভূমিৰ সম্প্ৰসাৰণ , অৰণ্যৰ পৰা কাঠ , ইন্ধন লুণ্ঠন আদি কাৰ্যসমূহে মানুহ আৰু বন্য প্রাণীৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে । এই সংঘাতৰ ফলত বন্য প্রাণীৰ লগতে মানুহৰো ক্ষতি হৈছে । অসমত এনে হাতী আৰু মানুহৰ সংঘাতৰ ফলত যোৱা দশকত কেৱল শোণিতপুৰ জিলাতে ১০০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৯০ টাতকৈ অধিক হাতীৰ মৃত্যু হৈছে । 

জীৱবৈচিত্র্যৰ সংৰক্ষণজীৱবৈচিত্র্যৰ সংৰক্ষণ দুই প্রকাৰৰ – অন্তঃস্থান সংৰক্ষণ আৰু বহিঃস্থান সংৰক্ষণ । 

অন্তঃস্থান সংৰক্ষণ :- জীৱবৈচিত্র্যৰ লগতে তাৰ বাসস্থান আৰু পৰিস্থিতি তন্ত্ৰৰ সংৰক্ষণ পদ্ধতিক অন্তঃস্থান সংৰক্ষণ বোলা হয় । একোটা ভৌগোলিক অঞ্চলৰ জীৱবৈচিত্র্য সংৰক্ষণ কৰিবলৈ এইটো আটাইতকৈ সুবিধাজনক আৰু মুক্তিগত পদ্ধতি ৷ বিপদাগ্রস্থ উদ্ভিদ আৰু জন্তুৰ প্ৰজাতিৰ অন্তঃস্থান সংৰক্ষণৰ বাবে সংৰক্ষিত অঞ্চলৰ ধাৰণা সৃষ্টি হৈছিল । IUCN এ বিভিন্ন ধৰণৰ পৰিচালনা নীতিৰ আধাৰত সংৰক্ষিত অঞ্চলক ৮ টা শ্ৰেণীত বিভক্ত কৰিছে । সেইবোৰ হ’ল – 

১। বৈজ্ঞানিক সংৰক্ষিতাঞ্চল ।

২। ৰাষ্ট্ৰীয় উদ্যান ।

৩। ৰাষ্ট্ৰীয় প্ৰতিমূৰ্তি ।

৪। বন্যজীৱ অভয়াৰণ্য ।

৫। সংৰক্ষিত প্রাকৃতিক অঞ্চল ।

৬। সংৰক্ষিত জীৱমণ্ডল ।

৭। প্রাকৃতিক জৈৱাঞ্চল । আৰু 

৮। বহু উপযোগী পৰিচালনাৰ অঞ্চল । 

বহিঃস্থান সংৰক্ষণ :- বহিঃস্থান সংৰক্ষণ হ’ল স্বাভাৱিক প্রাকৃতিক পৰিবেশৰ পৰা আঁতৰত আন কোনো অঞ্চলত জৈৱিক সম্পদৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰি কিছুমান উদ্ভিদৰ সংৰক্ষণৰ বাবে উদ্ভিদ বাগিচা বা জীৱ – জন্তুৰ বাবে বন্যপ্রাণী উদ্যান গঠন কৰা কাৰ্য ৷ প্ৰজাতিৰ বংশ বৃদ্ধিৰ বাবে এই বাগিচা আৰু উদ্যানবোৰক কৃত্রিমভাৱে পৰিচালনা কৰা হয় । পর্যবেক্ষণ অৱস্থাত কোনো প্রজাতিয় জীৱৰ জিন সংৰক্ষণৰ এয়া হ’ল পৰীক্ষামূলক অনুসিদ্ধান্ত । এই ব্যৱস্থা ব্যয় বহুল যদিও ভৱিষ্যত প্রজনন কাৰ্যসূচীত ব্যৱহাৰ কৰিব পৰাকৈ কোনো প্রজাতিৰ জিনীয় ভিন্নতাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ই সুন্দৰ সুযোগ আগবঢ়ায় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top