Class 11 Environment Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা

Class 11 Environment Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা Question Answer.

Class 11 Environment Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা Notes for All Subjects, You can practice these here.

বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা

অধ্যায় – ২

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ইক’লজি বা বাস্তব্যবিদ্যাৰ সংজ্ঞা নিৰ্ণয় কৰা ৷ 

উত্তৰঃ ইক’লজি বা বাস্তব্যবিদ্যা ( Ecology ) , বিজ্ঞান শাস্ত্ৰৰেই এটা ভাগ । যদি বিজ্ঞান বুলিলে পদার্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আদিকেই মূলতঃ বুজা যায় , সাম্প্রতিক কালত পৰিস্থিতিক বিজ্ঞানৰ গুৰুত্ব বহুখিনি বাঢ়ি আহিছে আৰু বহুলভাৱে চৰ্চিত বিষয় হৈ পৰিছে । যিকোনো এটা পৰিবেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌপাশৰ পৰিবেশৰ বিষয়ে কৰা অধ্যয়নকে পৰিস্থিতি বিজ্ঞান বা ইক’লজি বা বাস্তব্যবিদ্যা বুলি কোৱা হয় । 

২। পৰিস্থিতিতন্ত্ৰ বুলিলে তুমি কি বুজা ? 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ হৈছে পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক , ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কর্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায় ৷ এই ধৰণৰ আন্তঃক্রিয়াই ব্যৱস্থাটোক বৰ্তাই ৰাখে আৰু পৰিবৰ্তনশীল অৱস্থালৈ সঁহাৰি জনোৱাত অনুমোদন কৰে । এইদৰে পৰিস্থিতিতন্ত্রই জৈৱিক উপাদানসমূহ , জড় উপাদান আৰু সিহঁতৰ আন্তঃক্ৰিয়াক সামৰি লয় । কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰই এইদৰে উদ্যানখনৰ বিভিন্ন ৰূপৰ প্ৰাণীৰ লগতে জড় উপাদান , যেনে মাটি , শিল , পানী আদি আনকি উদ্ভিদসমূহৰ দ্বাৰা শুহি লোৱা সৌৰ শক্তি আৰু আন্তঃক্রিয়াকো সামৰি লৈছে । পৰিস্থিতিতন্ত্ৰ হৈছে বাস্তব্য বিদ্যাৰ ঘাই সক্রিয় গোট । 

৩। পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ কৰা ৷ 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ হ’লঃ পৰিস্থিতিতন্ত্ৰ ঘাইকৈ দুই ধৰণৰ — 

(ক) প্রাকৃতিক পৰিস্থিতিতন্ত্ৰ । আৰু

(খ) কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰ ।

(ক) প্রাকৃতিক পৰিস্থিতিতন্ত্ৰ  :- এই তন্ত্র আকৌ দুভাগত বিভক্ত । 

(১) ভূস্থলীয় পৰিস্থিতিতন্ত্ৰ :- উদাহৰণ – বনাঞ্চল পৰিস্থিতিতন্ত্র , তৃণভূমি পৰিস্থিতিতন্ত্র , মৰুভূমি পৰিস্থিতিতন্ত্র । 

(২) জলজ পৰিস্থিতিতন্ত্ৰ :- এই পৰিস্থিতিতন্ত্ৰ নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ’ব পাৰে । নির্মল জল পৰিস্থিতিতন্ত্র প্রবাহমান অথবা আৱদ্ধ জলৰো হ’ব পাৰে । 

(খ) কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰ :- এইবোৰ পৰিস্থিতিতন্ত্ৰ কৃত্রিমভাবে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয় । উদাহৰণস্বৰূপে– শস্য ভূমি পৰিস্থিতিতন্ত্র , পুখুৰীৰ মীন পালন ব্যৱস্থা আদি । 

৪। প্ৰৱহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্র কি ? উদাহৰণ দিয়া ৷ 

উত্তৰঃ প্ৰৱহমান পৰিস্থিতিতন্ত্ৰ :- যি পৰিস্থিতিতন্ত্ৰত পানী প্ৰৱহমান বা বৈ যায় তেনে জলজ পৰিস্থিতিতন্ত্রকে প্রৱহমান বা মুক্ত প্ৰৱাহৰ পৰিস্থিতিতন্ত্ৰ বোলে । যেনেঃ নদী , নিজৰা । 

স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ :- যি পৰিস্থিতিতন্ত্ৰত পানী আৱদ্ধ বা স্থিৰ হৈ থাকে তেনে জলজ পৰিস্থিতিতন্ত্রকে আৱদ্ধজল বা স্থিৰ জলাশয় পৰিস্থিতিতন্ত্র বোলে । যেনেঃ পুখুৰী , হ্রদ । 

৫। উৎপাদক , উপভোক্তা আৰু পচনকাৰক কাক কয় ? 

উত্তৰঃ উৎপাদক :- সৌৰ শক্তিৰ সহায়ত যিবোৰ উদ্ভিদ তথা প্ৰাণীয়ে অজৈৱিক বস্তু আত্মীকৰণ কৰি প্ৰাকৃতিক খাদ্য প্রস্তুত কৰিব পাৰে সেই শ্ৰেণীৰ জীৱক উৎপাদক শ্রেণীত অন্তর্ভুক্ত কৰা হৈছে । সকলোবোৰ সেউজীয়া উদ্ভিদ আৰু কেইবিধমান নিম্ন শ্ৰেণীৰ প্রাণী এই ভাগৰ অন্তৰ্ভুক্ত। 

উপভোক্তা :- যিবোৰ উদ্ভিদ বা প্রাণীয়ে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নোৱাৰে উৎপাদক শ্ৰেণীৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে , সেই শ্ৰেণীৰ জীৱৰ সমষ্টিক উপভোক্তা বোলা হয় । উপভোক্তা বিভিন্ন শ্রেণীৰ হ’ব পাৰে । যেনে- প্রাথমিক উপভোক্তা , দ্বিতীয় স্তৰৰ উপভোক্তা আৰু তৃতীয় স্তৰৰ উপভোক্তা । 

পচনকাৰক :- বিয়োজকবোৰ ক্ষুদ্ৰ অণুজীৱ । বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰ জাতীয় জীৱ । এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহ পচন ঘটায় । 

৬। পৰিস্থিতিতন্ত্ৰৰ গাঁথনি আৰু ক্ৰিয়া সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ সংৰচন আৰু সগঠনেই পৰিস্থিতিতন্ত্ৰৰ গাঁথনি নিৰ্মাণ কৰে । 

পৰিস্থিতিতন্ত্ৰৰ গাঁথনিসমূহ তলত উল্লেখ কৰা হ’ল – 

(ক) অজৈৱিক উপাংশ ( Abiotic components ) :- অ’ডাম ( ১৯৭১) ৰ মতে পৰিবেশতন্ত্ৰৰ অজৈৱিক উপাংশ তিনি ধৰণৰ হ’ব পাৰে – 

(১) অজৈৱ দ্রব্য ( Inorganic materials ) – যেনে – পানী CO₂ , O₂, N , Ca , P আৰু ইয়াৰ বিভিন্ন যৌগসমূহ নাইট্রেট , কার্বনেট ইত্যাদি । 

(২) জৈৱ যৌগ ( Organic compounds ) – যেনে – প্র’টিন , কার্বহাইড্রেট , স্নেহ । 

(৩) জলবায়ৱিক উপাংশ ( Climatic factors ) – যেনে – বতাহ , বৰষুণ , বায়ুমণ্ডলৰ আর্দ্রতা , উত্তাপ , পোহৰ ইত্যাদি । 

(খ) জৈৱিক উপাংশ ( Biotic components ) :- 

(১) উৎপাদক ( Producers ) সেউজীয়া উদ্ভিদ । 

(২) উপভোক্তা ( Consumers ) 

প্রাথমিক উপভোক্তা ( Primary consumers ) – তৃণভোজী প্রাণী , যেনে গৰু , মহ , ছাগলি , ফৰিং , হৰিণা ইত্যাদি । 

গৌণ উপভোক্তা ( Secondary consumers ) মাংসভোজী প্রাণী , যেনে – বাঘ , সিংহ আদি ৷ 

তৃতীয় শ্রেণীৰ উপভোক্তা ( Consumers of the third order ) – শণ্ডন , বাঘ আদি ৷ 

(৩) বিয়োজক ( Decomposers ) – ভেঁকুৰ , বেক্টেৰিয়া আদি অণুজীৱবোৰ ৷ 

পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়া :- প্রাকৃতিক অৱস্থাসমূহৰ মাজত এক প্রণালীবদ্ধ উপায়েৰে পৰিস্থিতিতন্ত্ৰই ইয়াৰ সকলো ক্রিয়া কর্ম সম্পাদন কৰে ৷ এই ব্যৱস্থাই সূৰ্য্যৰ পৰা শক্তি সংগ্ৰহ কৰি বিভিন্ন পর্যায়ত বিভিন্ন উপাদানসমূহলৈ প্ৰেৰণ কৰে । পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়াক কেৱল সামগ্রিকভাবেহে বিবেচনা কৰিব পাৰি । কাৰণ পৰিস্থিতিতন্ত্ৰৰ প্ৰতিটো অংশৰ ইটোৰ সিটোৰ সৈতে ক্রিয়াগত প্ৰভাৱ আছে । কোনো পৰিস্থিতি তন্ত্ৰৰ ঘাই ঘাই বৈশিষ্ট্যসমূহ খাদ্য শৃংখল , খাদ্যজাল , পৌষ্টিক স্তৰ , শক্তিৰ প্ৰবাহ , পৌষ্টিক চক্ৰ আদিৰ জৰিয়তে বৰ্ণনা কৰিব পাৰি ।

৭। খাদ্য শৃংখল আৰু খাদ্য জাল কি ? 

উত্তৰঃ খাদ্য শৃংখল :- যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্রাপ্ত হোৱা অনুক্রমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয় ৷ 

খাদ্য শৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনে ধৰণৰ –

(ক) ঘাঁহ – পশু – বাঘ ( এই শৃংখল তিনিটা সংযোগক লৈ গঠিত ) 

(খ) ঘাঁহ – ফৰিং— পক্ষী – শেনচৰাই ( এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত ) 

(গ) উদ্ভিদ প্লাৱক – পানীৰ কীট বা পোক – ক্ষুদ্র মাছ – – টুনা মাছ ( এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত ) 

প্রাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই প্ৰকাৰৰ খাদ্য শৃংখল দেখা পোৱা যায় । এক প্ৰকাৰৰ খাদ্য শৃংখল আৰম্ভ হয় সেউজ উদ্ভিদৰ পৰা । এই খাদ্য শৃংখলক লৈ গঠিত হয় প্রথম পৌষ্টিক স্তৰ । তৃণভোজীবিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্রাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ । সিহঁতৰ চৰণীয়া খাদ্য শৃংখল বুলি গণ্য কৰা হয় । অন্য প্ৰকাৰ খাদ্য শৃংখলৰ আৰম্ভ হয় এই সেউজ বৃক্ষ তথা জাবৰ – জোথৰৰ গেলিপচি যোৱাৰ ফলত সৃষ্টি হোৱা মাটি , বালি আদিৰ পৰা । ইয়াক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্ট খাদ্য শৃংখল । খাদ্য শৃংখল সদায় এক দিশমুখী । 

খাদ্য জাল :- কিছু সংখ্যক খাদ্য শৃংখল ইটোৰ সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে । কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্য জাল বুলি কোৱা হয় । গতিকে খাদ্য জাল হৈছে খাদ্য শৃংখলৰ এনে এক কৰ্মজাল য’ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত । ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে । পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ক্রিয়া যেনে শক্তিৰ প্ৰবাহ আৰু পুষ্টি চক্ৰ , সিহঁতৰ জৰিয়তে সংঘটিত হয় ।

৮। পৌষ্টিক স্তৰ কি ?

উত্তৰঃ পৌষ্টিক স্তৰ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি । ইয়াকেই পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয় । একেই উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱন্ত জীৱসমূহ একেটা পৌষ্টিক স্তৰৰ বুলি গণ্য কৰা হয় । এইদৰে সেউজ উদ্ভিদ প্রথম পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত হ’ব । তৃণভোজী প্রাণীবোৰ দ্বিতীয় পৌষ্টিক স্তৰভূক্ত হ’ব । মাংসভোজী প্রাণীবোৰ অন্তৰ্ভুক্ত হ’ব তৃতীয় পৌষ্টিক স্তৰত এইদৰে বাকীবোৰ অন্যান্য শ্রেণীভুক্ত হ’ব । 

৯। পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা ? বিভিন্ন প্ৰকাৰৰ পৰিবেশীয় পিৰামিডৰ নাম উল্লেখ কৰা । 

উত্তৰঃ যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্র উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্ৰমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম লেখ চিত্ৰত প্ৰকাশ কৰা হয় তেতিয়া এই শীর্ষ বিন্দু পোৱা যায় । এই লেখচিত্ৰবোৰেই পিৰামিড । ইহঁতক তিনিটা ভাগত ভগাব পাৰি— 

(ক) সাংখ্যিক পিৰামিড –ই স্বতন্ত্রভাৱে কোনো জীৱৰ পৌষ্টিক স্তৰত সংখ্যা দিয়ে । 

(খ) জৈৱ ভৰ –ই প্রত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱ ভৰৰ ওপৰত নিৰ্ভৰশীল । 

(গ) শক্তিৰ পিৰামিড – প্রত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয় ।

১০। খাদ্য শৃংখল আৰু খাদ্য জালৰ ঘাই ঘাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা । 

উত্তৰঃ খাদ্যশৃংখল আৰু খাদ্যজাল তন্ত্ৰ এটাত মুখ্য ভূমিকা লয় কিয়নো শক্তিৰ প্ৰৱাহ আৰু খনিজ লৱণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংগঠিত হয় । 

খাদ্যশৃংখলে ভিন ভিন জীৱৰ জনসংখ্যাও নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে, ফলত তন্ত্ৰটো এটা সাম্য অৱস্থাত থাকে । 

খাদ্যশৃংখলে দেখুওৱা একক ধৰ্মটো হ’ল কেতবোৰ ৰাসায়নিক পদাৰ্থৰ জৈৱিক পৰিবৰ্ধন । বহুতো কীটনাশক , গধুৰ ধাতু আৰু অন্য বাসায়নিক পদার্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয় । তেনেবোৰ ৰাসায়নিক পদার্থক অণুজীৱয়ে ভাঙিব নোৱাৰে আৰু সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্ৰবাহিত হৈ থাকে ফলত ইহঁতৰ গাঢ়তা বাঢ়ে । এইটোৱেই জৈৱিক পৰিবৰ্ধনকৰণ ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পৰিবেশ সম্বন্ধে বিশদভাৱে অধ্যয়ন কৰা বিষয়টোক কি বোলে ? 

উত্তৰঃ পৰিস্থিতি বিজ্ঞান । 

২। ইক’ল’জী শব্দৰ অৰ্থ কি ? 

উত্তৰঃ জীৱৰ ঘৰ বা বাসস্থান ।  

৩। পৃথিৱীৰ জীৱমণ্ডল কি কি ভাগত বিভক্ত ? 

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণী । 

৪। জীৱৰ বাসস্থানৰ ভিন্নতাৰ কাৰণ কি ? 

উত্তৰঃ পৰিবেশৰ ভিন্নতা । 

৫। পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য কি ? 

উত্তৰঃ পৰিস্থিতি সাপেক্ষে জীৱৰ জীৱন ধাৰণ প্রণালী , প্রকৃতি , বংশবৃদ্ধি , বাসস্থান আদিৰ অধ্যয়ন কৰা ।

৬। একে পৰিবেশত একেলগে জীৱনধাৰণ কৰা জীৱ সমষ্টিক কি বোলে ? 

উত্তৰঃ সম্প্রদায় । 

৭। পৰিস্থিতিতন্ত্ৰ নামটো কোনে দিয়ে ? 

উত্তৰঃ চাৰ এ.জি. টেন্‌শ্লি নামৰ পৰিবেশ বিজ্ঞানী গৰাকীয়ে । 

৮। সেউজীয়া উদ্ভিদক প্রাথমিক বোলাৰ কাৰণ কি ? 

উত্তৰঃ উদ্ভিদে খাদ্য উৎপাদন কৰে । 

৯। উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰণালীটোক কি বোলে ? 

উত্তৰঃ সালোক সংশ্লেষণ । 

১০। জীৱৰ পৰিপুষ্টিৰ সময়ত কিমান শক্তি শ্বাস – প্রশ্বাস আৰু দেহৰ উত্তাপত খৰচ হয় ?

উত্তৰঃ ৯০ শতাংশ । 

১১। উপভোক্তা কাক বোলে ? 

উত্তৰঃ সেউজীয়া উদ্ভিদৰ বাহিৰে অৰ্থাৎ উদ্ভিদ জগতক বাদ দি প্রায় সমগ্ৰ প্ৰাণীজগতৰ জীৱকে উপভোক্তা বা খাদক বুলি ক’ব পাৰি । কাৰণ, প্ৰায়বোৰ জীৱই উদ্ভিদ অথবা আন জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকে । আন জীৱৰ ওপৰত নিৰ্ভৰশীলতাৰ গুণগত পার্থক্যৰ পৰা উপভোক্তা শ্ৰেণীৰ জীৱসমূহক তিনিটা ভাগত ভগোৱা হৈছে । 

যেনে :- 

(ক) প্রাথমিক উপভোক্তা বা খাদক ( Primary Consumer ) 

(খ) মাধ্যমিক উপভোক্তা বা খাদক ( Secondary Consumer ) আৰু

(গ) সর্বোচ্চ উপভোক্তা বা খাদক ( Tertiary Consumer )

১২। পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ প্ৰবাহ কিদৰে হয় লিখা । 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ এটাত উৎপাদকক প্রাথমিক উপভোক্তাই খায় । প্রাথমিক উপভোক্তাবোৰ অৰ্থাৎ তৃণভোজী প্রাণীবোৰ দ্বিতীয় উপভোক্তাই খায় । কিছুমান ( গৌণ উপভোক্তা ) মাংসভোজী প্রাণীয়ে মাংসভোজী প্রাণীক খায় । আনহাতে মানুহে সকলো ধৰণৰ স্তৰৰ জীৱকে ভক্ষণ কৰে । এইবাবে মানুহক দুটা পৌষ্টিক স্তৰত ধৰা হয় ৷ জীৱৰ খাদ্য অনুসৰি বেলেগ বেলেগ পৌষ্টিক স্তৰত ধৰা হয় । বিয়োজকবোৰে মৃত প্রাণী বা উদ্ভিদৰ পৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে ৷ অজৈৱ পদার্থ মাটিৰ লগত মিহলি হয় । উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্ৰব্য আহৰণ কৰি খাদ্য প্রস্তুত কৰে । এনেদৰে পোষকদ্ৰব্যবোৰ পৰিস্থিতি তন্ত্ৰত চক্ৰীয়ভাৱে গতি কৰি খাদ্য প্রস্তুত কৰে । এনেদৰে পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ প্ৰবাহ অপৰিৱৰ্তনীয় হৈ থাকে । 

১৩। সূৰ্য – ঘাঁহ – গৰু – বাঘ খাদ্য শৃংখলটোৰ কথা লিখা । 

উত্তৰঃ সূর্য – ঘাঁহ – গৰু – বাঘ – এইটো এটা চাৰিটা খাদ্য শিকলিৰে গঠিত শৃংখল । এই শৃংখলত সূৰ্য হ’ল শক্তিৰ উৎস । সূৰ্যৰ পৰা ঘাঁহ – বনে শক্তি লাভ কৰি পৰিপুষ্টি সাধন কৰে । গৰুৱে ঘাঁহ খাই শক্তি আহৰণ কৰে । বাঘে গৰু খাই শক্তি লাভ কৰে ৷ ইয়াত ঘাঁহ – বন হৈছে উৎপাদক আৰু গৰু তৃণভোজী অর্থাৎ প্রাথমিক উপভোক্তা । বাঘ মাংসভোজী জীৱ অথবা গৌণ উপভোক্তা । সূৰ্যৰ পৰা সালোক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে সৌশক্তি লাভ কৰে । উদ্ভিদৰ পৰা গৰুলৈ শক্তিৰ পৰিবহণ হয় । গৰুৰ মাংস খোৱা বাবে বাঘৰ দেহলৈ শক্তিৰ এটা অংশ পৰিবহণ হয় । এনেদৰে খাদ্য শৃংখলটো সম্পূৰ্ণ হৈছে । তেনেদৰে আন এটা খাদ্য শৃংখল হ’ল সূৰ্য – ধান – এন্দুৰ – সাপ – ঈগল চৰাই । 

১৪। পৰিস্থিতিতন্ত্ৰৰ পিৰামিড বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্র উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্ৰমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম লেখ চিত্ৰত প্ৰকাশ কৰা হয় তেতিয়া এই শীর্ষ বিন্দু পোৱা যায় ৷ এই লেখচিত্ৰবোৰেই পিৰামিড । ইহঁতক তিনিটা ভাগত ভগাব পাৰি –

(ক) সাংখ্যিক পিৰামিড – ই স্বতন্ত্রভাৱে কোনো জীৱৰ পৌষ্টিক স্তৰত সংখ্যা দিয়ে ৷ 

(খ) জৈৱ ভৰ – ই প্রত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱ ভৰৰ ওপৰত নিৰ্ভৰশীল । 

(গ) শক্তিৰ পিৰামিড – প্রত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয় । 

১৫। ভূ – ৰাসায়নিক চক্র কি ? 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰত পদাৰ্থৰ পৰিবহণৰ জৰিয়তে শক্তিৰ আদান – প্রদান হয় । এই প্রক্রিয়া এক স্বাভাৱিক প্ৰক্ৰিয়া । প্রাথমিক উৎপাদক উদ্ভিদে কার্বন – ডাই – অক্সাইড গ্ৰহণ কৰি কাৰ্বহাইড্ৰেট , শ্বেতসাৰ আৰু প্ৰ’টিন উৎপাদন কৰে । তৃণভোজী জীৱই উদ্ভিদ ভক্ষণ কৰি জৈৱিক পদার্থসমূহ নিজৰ দেহলৈ নি অজৈৱিক পদাৰ্থসমূহ পৰিৱেশলৈ এৰি দিয়ে৷ বিয়োজকে মৃত উদ্ভিদ আৰু জীৱ – জন্তুৰপৰা লাগতিয়াল দ্রব্য উৎপাদন কৰি মাটিৰ লগত মিহলাই দিয়ে । মাটিৰ পৰা উদ্ভিদে আকৌ তাক গ্ৰহণ কৰি খাদ্য উৎপাদন কৰে ৷ এনেদৰে পৰিস্থিতিতন্ত্ৰত উৎপাদক , উপভোক্তা আৰু বিয়োজকৰ মাজত শক্তিৰ পাৰস্পৰিক আদান – প্রদান চলি থাকে । শক্তিৰ পৰিবহণ আৰু খনিজ পোষক দ্ৰব্যৰ আদান – প্রদান কোনো পোষক স্তৰত বন্ধ নহয় , বৰং চক্ৰীয় গতিত চলি থাকে । এই চক্রকে জৈৱ ভূ – ৰাসায়নিক চক্ৰ বুলি কোৱা হয় । 

১৬। পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন উপাদান আৰু ইয়াৰ কাৰ্যৰ বিষয়ে লিখা । 

উত্তৰঃ পৰিস্থিতি তন্ত্ৰ বুলি ক’লে যিটো পদ্ধতিত কোনো বসতি অঞ্চলৰ জীৱবোৰে এটাই আনটোৰ লগত আৰু সেই অঞ্চলৰ অজৈৱিক পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে সেই পদ্ধতিটোকে বুজা যায়। 

পৰিস্থিতি তন্ত্ৰৰ উপাদানবোৰক বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছে— 

(ক) জৈৱিক উপাদান । আৰু 

(খ) অজৈৱিক উপাদান । 

(ক) জৈৱিক উপাদান :- পৰিস্থিতিতন্ত্ৰৰ জীৱিত উপাদানবোৰকে জৈৱিক উপাদান বোলা হয় । এই জৈৱিক উপাদানক পুষ্টিজনিত সম্বন্ধৰ ভিত্তিত দুটা ভাগত ভাগ কৰা হৈছে । যেনে –

(১) স্বপোষী উপাদান । আৰু 

(২) পৰপোষী উপাদান ৷ 

(১) স্বপোষী উপাদান :- যিবোৰ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে তেনে জীৱকে স্বপোষী উপাদান বোলা হয় । যেনে – সেউজীয়া উদ্ভিদ , বেক্টেৰীয়া ইত্যাদি । 

(২) পৰপোষী উপাদান :- যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে আৰু অন্য জীৱক ভক্ষণ কৰি জীয়াই থাকে তেনে জীৱকে পৰপোষী উপাদান বোলা হয় । 

এই পৰপোষী উপাদানবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি যেনে– 

( ক ) স্থূল উপভোক্তা । আৰু 

( খ ) ক্ষুদ্ৰ উপভোক্তা । 

(২) অজৈৱিক উপাদান :- অজৈৱিক উপাদানবোৰ পৰিৱেশৰ জড় পদাৰ্থ আৰু সিহঁতৰ বিভিন্ন প্ৰকাৰৰ যৌগলৈ গঠিত । এই যৌগবোৰ জৈৱ ৰাসায়নিক উপাদান যেনে প্রটিন , শৰ্কৰা , লিপিড , এমিন ’ , এচিড ইত্যাদি আৰু অজৈৱ ৰসায়নিক উপাদান যেনে পানী কার্বনড্রাই অক্সাইড, নাইট্রজেন , ফছফেট , কেলছিয়াম ইত্যাদি লৈ গঠিত । ইয়াৰ উপৰি পৰিৱেশৰ উষ্ণতা , আর্দ্রতা , পানীত দ্রবীভূত হৈ থকা নানা প্ৰকাৰৰ ধাতু , বায়ুমণ্ডলত থকা কার্বন চক্র , নাইট্রজেন চক্র , অক্সিজেন চক্র আদি অজৈৱিক উপাদানৰ অন্তৰ্ভুক্ত ।

১৭। পৰিস্থিতি অনুক্ৰমণৰ কাৰকসমূহ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ । 

উত্তৰঃ কোনো এক পৰিৱেশ তন্ত্ৰত নিহিত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সময় সাপেক্ষিক পৰিৱৰ্তনক পৰিস্থিতিক অনুক্ৰমণ বুলি কোৱা হয় ৷ পৰিস্থিতিক অনুক্ৰমণক প্রাথমিক অনুক্ৰমণ আৰু গৌণ অনুক্ৰমণ এই দুটা ভাগত বিভক্ত কৰা হৈছে । 

এই দুয়োটাৰ বিষয়ে তলত চমুকৈ লিখা হ’ল— 

প্রাথমিক অনুক্রমণ :- অজৈৱিক উপাদানৰ ক্ষেত্ৰত কোনো নিৰ্জিৱ অৱস্থাৰ পৰা হোৱা পৰিৱৰ্তনক প্রাথমিক অনুক্রমণ বোলা হয় । আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভ , সুখুৰীৰ তলৰ মাটি প্ৰথম অৱস্থাত প্রাণী বা গছ – গছনিৰ বাবে বাসোপযোগী নাছিল যদিও সময়ত এই মাটিত হোৱা পৰিৱৰ্তনে ইয়াক গছ – গছনি বা জীৱ – জন্তুৰ বাসোপযোগী কৰি তোলে । 

গৌণ অনুক্রমণ :- বিভিন্ন প্রাকৃতিক দুর্যোগ যেনে – জুই , বানপানী , জলবায়ুৰ পৰিৱৰ্তন ইত্যাদিৰ বাবে কোনো এটা অঞ্চলত উদ্ভিদ বা প্ৰাণীৰ প্ৰজাতি সম্পূর্ণ বিলুপ্তি হৈ সময়ৰ সোঁতত সেই অঞ্চলটোত লুপ্তপ্রায় প্রজাতিটোৰ পুনৰ বিস্তাৰ আৰম্ভ হোৱাকে গৌণ অনুক্রমণ বোলা হয় । 

বনজুই , ভূমিস্খলন , বতাহ আদি প্রাকৃতিক দুর্যোগ , জৈৱিক উপাদানবিলাকৰ মাজত সম্পাদন হোৱা আস্তঃক্রিয়া , জলবায়ুৰ পৰিৱৰ্তন আদিৰ ফলতপৰিস্থিতি অনুক্ৰমণৰ সৃষ্টি হয় । 

১৮। অৰণ্য পৰিস্থিতিতন্ত্র সম্পর্কে লিখা । 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৪০ শতাংশ অৰণ্যৰে আৱৰি আছে । এই অৰণ্যসমূহৰ মাটিৰ উষ্ণতা , পানীধাৰণৰ ক্ষমতা আৰু বৰষুণ আদি গছ – গছনি বৃদ্ধিৰ বাবে অতি প্রয়োজন । অৰণ্য ভূমিৰ গছ – গছনিবিলাকৰ স্থায়িত্ব আৰু পাতৰ আকৃতিৰ ভিত্তিত কেইটামান বিশেষ ভাগত ভাগ কৰা হৈছে । সেই কেইটা হৈছে— 

(ক) উত্তৰৰ সৰল বৰ্গীয় অৰণ্য ।

(খ) পৰ্ণপাতি অৰণ্য ।

(গ) ক্রান্তীয় বৃষ্টি অৰণ্য । আৰু 

(ঘ) গ্রীষ্ম প্রধান চিৰ সেউজ অৰণ্য ।

এইকেইটাৰ সম্পৰ্কে তলত অতি চমুকৈ উল্লেখ কৰা হ’ল— 

(ক) উত্তৰ সৰল বৰ্গীয় অৰণ্য :- এনে সৰল বৰ্গীকৰণ অৰণ্যত বৰষুণ অধিক হয় আৰু উষ্ণতা কম হয় । এনে অৰণ্যভূমি অঞ্চলৰ জলবায়ুৰ শীতকাল দীঘলীয়া আৰু গ্ৰীষ্ম কাল ছুটি হয় । হিমালয় পার্বত্যমালা আৰু চাইবেৰিয়া অঞ্চলত এনে অৰণ্য দেখা যায় । 

(খ) পাৰ্ণপাতি অৰণ্য :- এনে অৰণ্য জলবায়ু নাতিশীতোষ্ণ আৰু ইয়াত বহল পাতৰ পর্ণপাতি উদ্ভিদ দেখিবলৈ পোৱা যায় । এনে উদ্ভিদৰ পাতবোৰ শীতকালত সৰি যায় আৰু বসন্ত কালত পুনৰ কুঁহিপাত মেলি সেউজীয়া হৈ উঠে । উত্তৰ আমেৰিকা , উত্তৰ আৰু মধ্য ইউৰোপ , পূৱ এছিয়া , অষ্ট্রেলিয়া , জাপান , কোৰিয়া ইত্যাদি দেশত এনে পর্ণপাতি উদ্ভিদ দেখিবলৈ পোৱা যায় ৷ 

(গ) ক্রান্তীয় বৃষ্টি অৰণ্য :- এনে অৰণ্যত বৃষ্টিপাত অৰণ্য অঞ্চলৰ উষ্ণতা , আদ্রতা আদি যথেষ্ট বেছি আৰু স্থিৰ । এনে অৰণ্য অঞ্চল আমাজান আৰু অৰিণ’ক নদী , আফ্ৰিকাৰ কংগো অৱবাহিকা , আমেৰিকা , দক্ষিণ আমেৰিকা , ভাৰতবৰ্ষ আৰু পূব ভাৰতীয় দ্বীপপুঞ্জক লৈ গঠিত । 

(ঘ) গ্রীষ্ম প্রধান চিৰসেউজ অৰণ্য :- এনে অঞ্চলত গ্ৰীষ্ম কালত বৰষুণ কম হয় আৰু শীত কালত বেছি বৰষুণ হয় । উত্তৰ আমেৰিকাৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চল , ভূমধ্যসাগৰীয় উপকূল অঞ্চল , দক্ষিণ আফ্রিকা ইত্যাদিত এনে গ্রীষ্ম প্রধান চিৰসেউজ অবণ্য পোৱা যায় । 

১৯। পৰিস্থিতিতন্ত্ৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ উপাদানসমূহৰ নাম লিখা৷ 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ বুলি ক’লে যিটো পদ্ধতিত কোনো বসতি অঞ্চলৰ জীৱবোৰে এটাই আনটোৰ লগত আৰু সেই অঞ্চলৰ অজৈৱিক পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে সেই পদ্ধতিটোকে বুজা যায় ৷ 

পৰিস্থিতি তন্ত্ৰৰ উপাদানবোৰক বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছে— 

( i ) জৈৱিক উপাদান । আৰু 

( ii ) অজৈৱিক উপাদান ।

(i) জৈৱিক উপাদান :- পৰিস্থিতিতন্ত্ৰৰ জীৱিত উপাদানবোৰকে জৈৱিক উপাদান বোলা হয় । এই জৈৱিক উপাদানক পুষ্টিজনিত সম্বন্ধৰ ভিত্তিত দুটা ভাগত ভাগ কৰা হৈছে— 

( ক ) স্বপোষী উপাদান । আৰু 

( খ ) পৰপোষী উপাদান । 

(ক) স্বপোষী উপাদানযিবোৰ :- জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে তেনে জীৱকে স্বপোষী উপাদান বোলা হয় । যেনে – সেউজীয়া উদ্ভিদ , বেক্টেৰীয়া ইত্যাদি । 

(খ) পৰপোষী উপাদান :- যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে আৰু অন্য জীৱক ভক্ষণ কৰি জীয়াই থাকে তেনে জীৱকে পৰপোষী উপাদান বোলা হয় । এই পৰপোষী উপাদানবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি যেনে— 

( i ) স্থূল উপভোক্তা । আৰু 

( ii ) ক্ষুদ্র উপভোক্তা । 

(ii) অজৈৱিক উপাদানঅজৈৱিক উপাদানবোৰ পৰিৱেশৰ জড় পদাৰ্থ আৰু সিহঁতৰ বিভিন্ন প্ৰকাৰৰ যৌগলৈ গঠিত । এই যৌগবোৰ জৈৱ ৰাসায়নিক উপাদান যেনে প্ৰটিন , শৰ্কৰা , লিপিড , এমিন ’ , এচিড ইত্যাদি আৰু অজৈৱ ৰসায়নিক উপাদান যেনে পানী কার্বনড্রাই অক্সাইড, নাইট্রজেন , ফছফেট , কেলছিয়াম ইত্যাদি লৈ গঠিত । ইয়াৰ উপৰি পৰিৱেশৰ উষ্ণতা , আর্দ্রতা , পানীত দ্রবীভূত হৈ থকা নানা প্রকাৰৰ ধাতু , বায়ুমণ্ডলত থকা কার্বন চক্র , নাইট্রজেন চক্র , অক্সিজেন চক্ৰ আদি অজৈৱিক উপাদানৰ অন্তর্ভুক্ত । 

২০। পৰিস্থিতি তন্ত্র কি ? খাদ্য শৃংখলৰ বিষয়ে লিখা । 

উত্তৰঃ পৰিবেশতন্ত্ৰ ( ecosystem ) শব্দটো প্রথমে Tansley য়ে ১৯৫৩ চনত ব্যৱহাৰ কৰে । পৰিবেশতন্ত্ৰক জীৱ আৰু জড়ৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকা বাস্তব্য বিদ্যাৰ কাৰ্যক্ষম একক হিচাপে ধৰা হয়।বিভিন্ন পৰিবেশত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ বাস কৰে ৷ পৰিবেশৰ লগত জীৱৰ এৰাব নোৱৰা সম্বন্ধ স্থাপন হয় । একোটা পৰিবেশত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজত পাৰস্পৰিক ক্রিয়া প্ৰক্ৰিয়াৰ ফলত সেই পৰিবেশত জীৱসমূহ জীয়াই থকাৰ বাবে এক অনুকূল পৰিবেশ গঢ়ি উঠে । এই পৰিবেশৰ কোনো নির্দিষ্ট সীমা নাথাকে ৷ প্ৰাণীবোৰে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল । উদ্ভিদবোৰে নিজে খাদ্য প্রস্তুত কৰে যদিও ইয়াৰ বাবে প্রয়োজন হোৱা আৱশ্যকীয় উপাদানসমূহ যেনে – পানী , খনিজ লৱণ , কার্বন – ডাই অক্সাইড পোহৰ আদি পৰিবেশৰ পৰা আহৰণ কৰে । উদ্ভিদে পৰিবেশত থকা অজৈৱিক দ্ৰব্যৰ পৰা প্ৰস্তুত কৰা খাদ্য ( জৈৱ দ্রব্য ) প্রাণীয়ে গ্ৰহণ কৰে । প্ৰাণীয়ে ত্যাগ কৰা মল – মূত্ৰ আৰু মৃত্যুৰ পাছত উদ্ভিদ আৰু প্ৰাণীৰ দেহাৱশেষ বিভিন্ন অণুজীৱৰ ( বেক্টেৰিয়া , ভেঁকুৰ আদি ) ক্ৰিয়াৰ ফলত গেলি – পচি জৈৱ দ্রব্যৰ পৰা আকৌ অজৈৱ দ্রব্য হিচাপে মাটিলৈ অৰ্থাৎ পৰিবেশলৈ ঘূৰি আহে । 

উদ্ভিদ , প্রাণী , জীৱাণু আদি জৈৱ আৰু মাটি , বায়ু , পানী , পোহৰ আদি অজৈৱ কাৰকসমূহৰ সমূহীয়া পাৰস্পৰিক ক্ৰিয়াৰ ফলত এক উমৈহতীয়া পৰিবেশ সৃষ্টি হয় । ইয়াত উৎপাদক ( সেউজীয়া উদ্ভিদ ) আৰু উপভোক্তা ( প্রাণী ) ৰ মাজত পৰস্পৰ নিৰ্ভৰতা ৰক্ষা হয় আৰু প্রত্যেকেই শক্তি প্ৰৱাহৰ এনাজৰিৰে বান্ধ খাই থাকে । এনে পৰিবেশত অজৈৱিক আৰু জৈৱিক কাৰকসমূহে এনেভাৱে পৰস্পৰে ক্ৰিয়া কৰে যে অজৈৱিক উপাদানসমূহক জৈৱ উপাদানলৈ ৰূপান্তৰিত হৈও পাছত আকেঁ।অজৈৱ উপাদানলৈ পৰিৱৰ্তিত হয় । সেউজীয়া উদ্ভিদে সূৰ্যৰ পৰা আহৰণ কৰা সৌশক্তি উৎপন্ন কৰা খাদ্য দ্রব্যত নিহিত থাকে আৰু এই শক্তি খাদ্য দ্রব্যৰ জৰিয়তে স্তৰে স্তৰে প্ৰৱাহিত হয় কিন্তু ই নিঃশেষ হৈ নাযায় । শক্তিপ্ৰৱাহৰ ক্ষেত্ৰত পৰিবেশত থকা উৎপাদক আৰু উপভোক্তাৰ মাজত সমন্বয় গঢ়ি উঠে । একোটা পৰিবেশত অজৈৱিক জৈৱিক আৰু শক্তি ( সৌৰ শক্তি ) এই তিনিওটাই এনেভাৱে ক্ৰিয়া কৰে যে এটাই আনটোক নিয়ন্ত্রিত কৰি ৰাখে যাতে কোনো এটাইও শক্তিৰ অপব্যৱহাৰ নকৰে । 

এনে ধৰণৰ আত্মনিৰ্ভৰশীল আৰু স্বতন্ত্র পৰিবেশ একোটাক পৰিবেশতন্ত্র ( ecosystem ) বোলা হয় । অর্থাৎ পৰিবেশতন্ত্র বুলিলে পৰিবেশত থকা জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক ক্রিয়া – প্ৰক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা আত্মনিৰ্ভৰশীল , স্বতন্ত্ৰ আৰু প্ৰয়োজন অনুসবি অভিযোজন ক্ষমতা থকা একোটা পৰিবেশক বুজায় । এয়াই পৰিস্থিতিতন্ত্র । আকৌ সকলো জীৱই খাদ্যৰ পৰা শক্তি আহৰণ কৰে । খাদ্যৰ বাবে জীৱবোৰে বিভিন্ন সংগ্রাম কৰিব লগা হয় । একোটা পৰিবেশতন্ত্রত বাস কৰা বিভিন্ন জীৱবোৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ৷ সকলো প্ৰাণীয়ে খাদ্যৰ বাবে প্রত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াৰ ফলত একোটা পৰিবেশতন্ত্রত বাস কৰা বিভিন্ন জীৱৰ মাজত খাদ্যৰ জৰিয়তে শক্তি প্ৰৱাহ ( energy flow ) চলি থাকে । 

গতিকে শক্তি প্ৰৱাহে পৰিবেশ তন্ত্রত বাস কৰা জীৱৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন কৰে অৰ্থাৎ পৰিবেশতন্ত্ৰত থকা সকলো জীৱ শক্তি প্ৰৱাহৰ ধাৰা বান্ধ খাই পৰে । কোনো এটা পৰিবেশতন্ত্রত বাস কৰা বিভিন্ন জীৱৰ মাজত স্তৰে স্তৰে বা এটা জীৱৰ পৰা আন এটা জীৱলৈ খাদ্যৰ জৰিয়তে চলি থকা শক্তি প্ৰৱাহক খাদ্যৰ অনুক্ৰম বা খাদ্য শৃংখল ( food chain ) বোলা হয় । ইয়াৰ সূত্ৰ এনেদৰেও দিব পাৰি ‘ as a group of organisms in which there is a transfer of food energy through a series of repeated eating and being eaten . ’ উদাহৰণস্বৰূপে বাঘে শিয়াল খায় । শিয়ালে শহা পহু আৰু শহা পহুৱে ঘাঁহ খায় গতিকে খাদ্যৰ জৰিয়তে বাঘে শিয়ালৰ পৰা , শিয়ালে শহা পৰ পৰা আৰু শহা পহুৱে ঘাঁহৰ পৰা শক্তি আহৰণ কৰে । বাঘ মৰি গেলি – পচি যোৱাৰ পাছত শক্তিখিনি পুনৰ পৰিবেশলৈ ঘূৰি আহে । পৰিবেশ তন্ত্রত বাস কৰা এই জীৱবোৰক মাজতে স্থাপন হোৱা খাদ্য শৃংখলৰ জৰিয়তে শক্তি প্ৰৱাহ চলি থাকে আৰু সিহঁতৰ মাজত পাৰস্পৰিক সম্বন্ধ গঢ়ি তোলে । বিভিন্ন পৰিবেশতন্ত্রত যেনে— ঘাঁহনি পৰিবেশতন্ত্র , পুখুৰী পৰিৱেশতন্ত্র , সাগৰীয় পৰিবেশতন্ত্র আদিত খাদ্য শৃংখলো বিভিন্ন ধৰণৰ । 

জীৱজগতে আহৰণ কৰা শক্তিৰ প্ৰাথমিক উৎস হ’ল সূর্য । সেউজীয়া উদ্ভিদে প্রত্যক্ষভাৱে সূৰ্যৰ পৰা আহৰণ কৰা সৌৰ শক্তিৰ সহায়ত খাদ্য ( কাৰ্বহাইড্রেট , প্র’টিন , স্নেহ ) প্রস্তুত কৰে । সেইকাৰণে সেউজীয়া উদ্ভিদবোৰ উৎপাদক । তৃণভোজী প্রাণীবোৰ ( গৰু , ম’হ , ছাগলী , শহা পহু , হৰিণা আদি ) প্রাথমিক উপভোক্তা । কিয়নো ইহঁতে ঘাঁহ – বনৰ পৰা শক্তি আহৰণ কৰে । বাঘ , সিংহ , ভেকুলী , সাপ আদিয়ে তৃণভোজী প্ৰাণীবোৰ খাই জীয়াই থাকে ৷ 

২১। পৰিস্থিতিতন্ত্রত খাদ্যজালৰ কাম কি ? 

উত্তৰঃ পৰিবেশতন্ত্ৰত জীৱবোৰে একাধিক খাদ্য শৃংখলৰ পৰা শক্তি আহৰণ কৰে । উদাহৰণস্বৰূপে আমি মানুহবোৰে তৃণভোজী আৰু মাংসভোজীও । কিয়নো আমি উদ্ভিদ আৰু প্ৰাণী উভয়কে খাদ্য হিচাপে গ্ৰহণ কৰো অৰ্থাৎ উভয়ৰে পৰা শক্তি আহৰণ কৰো ৷ তেনেদৰেই ঘাঁহ খায় ফৰিঙে , ফৰিঙক ভেঁকুলীয়ে , ভেঁকুলীক সাপ , সাপক চিলনীয়ে খায় । আন প্রাণীয়েও এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে । যেনে – ফৰিঙৰ উপৰি গৰু , মহ , ছাগলী , হৰিণা , গান্ধী পোক , কেৰ্কেটুৱা , শামুক আদিয়েও উদ্ভিদ খায় । চিলনীয়ে সাপৰ উপৰি এন্দুৰ – নিগনী আদিও খায় । শগুণে আকৌ সকলো ধৰণৰ প্রাণীকে খায় । গতিকে দেখা যায় একোটা প্রাণীয়ে যেনেদৰে বিভিন্ন উদ্ভিদ খায় তেনেদৰে কিছুমান প্ৰাণীয়ে একোটা প্রাণী বা একোটা উদ্ভিদ খায় । অর্থাৎ পৰিবেশতন্ত্রত জীৱবোৰে বিভিন্ন খাদ্য শৃংখলৰ পৰা শক্তি আহৰণ কৰে । একোটা জীৱে খাদ্যৰ জৰিয়তে লাভ কৰা শক্তি পৰিবেশতন্ত্ৰৰ বিভিন্ন খাদ্য শৃংখলত আৱদ্ধ থাকে । 

বিভিন্ন খাদ্য শৃংখলৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে । প্রকৃততে একোটা পৰিবেশ তন্ত্রত বাস কৰা প্ৰত্যেকটো জীৱে পৰস্পৰ সংযোগী বিভিন্ন খাদ্য শৃংখলাৰ পৰাহে শক্তি ( খাদ্য ) আহৰণ কৰে । পৰিবেশতন্ত্ৰত থকা এনেধৰণৰ পৰস্পৰ সংযোগী ( interlocking ) খাদ্য – শৃংখলবোৰক একেলগে খাদ্য – জাল ( food web ) বোলে । 

২২। পৌষ্টিক স্তৰৰ বিষয়ে কি জানা লিখা ৷ 

উত্তৰঃ খাদ্যৰ অভ্যাস অনুযায়ী প্রাণী আৰু উদ্ভিদক কিছুমান পৌষ্টিক স্তৰত ভাগ কৰা হৈছে । খাদ্য শৃংখলৰ জৰিয়তে প্ৰাণীয়ে পৰিপুষ্টি লাভ কৰে ৷ পৰিপুষ্টি সাধন কৰোঁতে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ শক্তিৰ পৰিবহণ হয় । 

উদ্ভিদে নিজৰ খাদ্য নিজে উৎপাদন কৰে , সেয়েহে উদ্ভিদক উৎপাদক বুলি কোৱা হয় । উদ্ভিদ প্রাথমিক পৌষ্টিক স্তৰৰ উৎপাদক । তৃণভোজী প্রাণীয়ে উদ্ভিদ খাই পৰিপুষ্টি লাভ কৰা বাবে ইহঁতক দ্বিতীয় পৌষ্টিক স্তৰত স্থান দিয়া হৈছে । তৃণভোজী প্ৰাণীয়ে উদ্ভিদ ভক্ষণ কৰি পৰিপুষ্টি সাধন কৰা বাবে সিঁহত প্রাথমিক উপভোক্তা হিচাপে পৰিচিত ৷ আকৌ মাংসভোজী জীৱ – জন্তুৱে তৃণভোজী জীৱক খাই পৰিপুষ্টি লাভ কৰে ৷ গতিকে মাংসভোজী জীৱ – জন্তুক তৃতীয় পৌষ্টিক স্তৰত ধৰা হয় । এইবোৰ গৌণ উপভোক্তা । কিছুমান মাংসভোজী জীৱই কেৱল মাংসভোজী জীৱকহে খায় । সিহঁতক চতুর্থ বা পঞ্চম স্তৰত ধৰা হয় ৷ পৰিস্থিতিতন্ত্রত কিছুমান প্রজাতিৰ জীৱে এটাতকৈ অধিক পৌষ্টিকস্তৰ অধিকাৰ কৰিব পাৰে । যেনে- মানুহ । মানুহে পৰিপুষ্টি

সাধনৰ বাবে মাছ , মাংস , ফলমূল , শাক – পাঁচলি , ভাত খায় । গতিকে মানুহে মাংসভোজী হোৱাৰ উপৰিও তৃণভোজী প্রাণী তথা উদ্ভিদ খাই জীয়াই থাকে । এনেদৰে জীৱৰ খাদ্য অনুসৰি বেলেগে বেলেগ পৌষ্টিক স্তৰত ধৰা হয় । বেক্টেৰিয়া , কাঠফুলা , ভেঁকুৰ আদিক বিয়োজক জীৱ হিচাপে গণ্য কৰা হয় । ইহঁতে মৃত প্রাণী বা উদ্ভিদৰপৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে । মাটিৰ লগত অজৈৱ পদার্থ মিহলি হোৱাৰ পিছত উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্ৰব্য আহৰণ কৰি খাদ্য প্রস্তুত কৰে । 

এনেদৰে পোষকদ্রব্যবোৰ পৰিস্থিতি তন্ত্ৰত চক্রীয়ভাৱে গতি কৰি থাকে আৰু এই গতি অপৰিৱৰ্তনীয় হৈ থাকে । এনেদৰে বিভিন্ন প্ৰজাতিৰ জীৱ আৰু উদ্ভিদে পৰিস্থিতিতন্ত্ৰত পৰিপুষ্টি লাভ কৰি পৰিবেশ সন্তুলিত কৰি ৰাখে । সকলো জীৱ – জন্তুৱে শ্বাস – প্রশ্বাসৰ জৰিয়তে শক্তিৰ সঞ্চালন কৰে আৰু অক্সিজেনৰ সহায়ত জৈৱিক আহাৰ হজম কৰি শক্তি সঞ্চয় কৰে । এই প্ৰক্ৰিয়াত কার্বন – ডাই অক্সাইড , পানী আৰু খনিজ অপচয় বাহিৰ ওলাই আহে । জীৱ – জন্তুৰ নিঃশ্বাসত ওলোৱা এঙাৰগেছ উদ্ভিদে বায়ুমণ্ডলৰপৰা গ্ৰহণ কৰে । পানী আৰু খনিজ অপচয় মাটিৰ লগত মিহলি হয় । উদ্ভিদে মাটিৰ পৰা পানী গ্ৰহণ কৰি খাদ্য প্রস্তুত কৰে আৰু পৰিপুষ্টি সাধন কৰে । এনেদৰে পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিৱৰ্তন আৰু সঞ্চালন প্রক্রিয়া নিৰন্তৰভাৱে চলি আছে ।

1 thought on “Class 11 Environment Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top